মূল পৃষ্ঠা / সমাজ কল্যাণ / বিত্তীয় অন্তৰ্ভূক্তি / জি এছ টি দ্ৰব্য আৰু সেৱা কৰ ব্যৱস্থা:
অংশিদাৰী
Views
  • স্থিতি: সম্পাদনাৰ বাবে মুকলি

জি এছ টি দ্ৰব্য আৰু সেৱা কৰ ব্যৱস্থা:

জি এছ টি দ্ৰব্য আৰু সেৱা কৰ ব্যৱস্থাৰ বিষয়ে লিখা হৈছে

জি এছ টি দ্ৰব্য আৰু সেৱা কৰ-

 

ভাৰতৰ স্বাধীনোত্তৰ কালৰ কৰ ব্যৱস্থাৰ এটা উল্লেখযোগ্য সংযোজন হ’ল দ্ৰব্য আৰু সেৱা কৰ(Goods and Services) বা GST ব্যৱস্থাৰ প্ৰৱৰ্তন। অহা জুলাই মাহৰ ১ তাৰিখৰ পৰা সমগ্ৰ দেশতে এই নতুন কৰ ব্যৱস্থা প্ৰৱৰ্তন কৰিবলৈ লোৱাৰ সময়তে জি এছ টিৰ সপক্ষে আৰু বিপক্ষে বিভিন্নজনে মতামত আগবঢ়াইছে। অৰ্থনীতিৰ সাধাৰণৰ জ্ঞান থকা আমি সকলোৱে জানো যে কৰ হ’ল এটা বাধ্যতামূলক বৰঙণি যাৰ কোনো প্ৰতিদান কৰদাতাসকলে প্ৰত্যক্ষভাৱে লাভ নকৰে। অৱশ্যে কৰৰ সংজ্ঞা সম্পৰ্কে বিভিন্নজনে ভিন ভিন সংজ্ঞা আগবঢ়াইছে। লেটিন শব্দ Taxareৰ পৰাই Tax শব্দটোৰ উৎপত্তি হোৱা বুলি কোৱা হয়।

খ্ৰীষ্টপূৰ্ব প্ৰায় তিনিহাজাৰ বছৰ পুৰণি পূৰ্বেই ইজিপ্টত কৰ ব্যৱস্থাৰ প্ৰচলন থকাৰ কথা পোৱা যায়। যি কি নহওক কিয় সাম্প্ৰতিক বিশ্ব অৰ্থনীতিত প্ৰতিখন ৰাষ্ট্ৰৰ কাৰণেই কৰ ব্যৱস্থা এক অপৰিহাৰ্য বিষয়। ভাৰতবৰ্ষৰ কৰ ব্যৱস্থাত শেহতীয়া মূল্য সংযোজিত কৰ(VAT) ব্যৱস্থা সংযোজন কৰাৰ পাছত দ্ৰব্য আৰু সেৱা কৰ হ’ল ভাৰতীয় কৰ ব্যৱস্থাৰ সংশোধনৰ আন এক দৃঢ় পদক্ষেপ।

জি এছ টি কি?

 

জি এছ টিৰ সম্পূৰ্ণ অৰ্থ হ’ল Goods and Services Tax বা দ্ৰব্য আৰু সেৱা কৰ। দ্ৰব্য আৰু সেৱা কৰ হ’ল এবিধ পৰোক্ষ কৰ। ভাৰতৰ সকলোধৰণৰ পৰোক্ষ কৰৰ বিলুপ্তি ঘটাই সমগ্ৰ দেশত কেৱল এবিধ কৰ ব্যৱস্থা কৰিব বিচৰা হৈছে। ইয়াৰ পূৰ্বে কেন্দ্ৰীয় চৰকাৰ আৰু ৰাজ্য চৰকাৰসমূহে অসংখ্য পৰোক্ষ কৰ আৰোপ কৰি আহিছিল। কেন্দ্ৰীয় চৰকাৰে কেন্দ্ৰীয় বিক্ৰী কৰ, উৎপাদনী শুল্ক, সেৱা কৰ, আমদানী ৰপ্তানী শুল্ক, আদিৰ লগতে ৰাজ্য চৰকাৰসমূহেও ভেট, প্ৰৱেশ কৰ, আমোদ কৰ, বিলাসী কৰকে আদি কৰি অসংখ্য পৰোক্ষ কৰ আৰোপ কৰি আহিছিল। এতিয়া জি এছ টিৰ অধীনত সকলোধৰণৰ পৰোক্ষ কৰৰ বিলুপ্তি ঘটাই সমগ্ৰ দেশতে কেৱল এবিধ কৰ প্ৰচলন কৰিব বিছাৰিছে আৰু সেইবিধ কৰেই হ’ল দ্ৰব্য আৰু সেৱা কৰ বা জি এছ টি। মনকৰিবলগীয়া যে পূৰ্বে অসংখ্য পৰোক্ষ কৰ প্ৰচলন থকাৰ কাৰণে একেটা দ্ৰব্যৰ ওপৰত একাধিকবাৰ কৰ আৰোপ কৰা আৰু ইয়াৰ কাৰণে কৰদাতাসকলৰ কৰৰ বোজা বৃদ্ধি পাইছিল।

বিত্তমন্ত্ৰী আৰুণ জেটলি অথবা প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীৰ কাৰ্যকালতে জি এছ টি বলবৎ হ’ব যদিও বাস্তবিকতে জি এছ টি প্ৰৱৰ্তনৰ পটভূমি তৈয়াৰ হৈছিল ২০০৩ চনতে। পৰোক্ষ কৰ সম্পৰ্কে গঠিত কেলকাৰ সমিতিৰ প্ৰতিবেদনত উল্লেখ থকা মূল্য সংযোজিত কৰ ব্যৱস্থাই প্ৰকৃততে সমগ্ৰ দেশব্যাপী, একেধৰণৰ এবিধ জি এছ টি প্ৰৱৰ্তনে ভাৰতবৰ্ষৰ কৰ ব্যৱস্থাত আমূল পৰিৱৰ্তন হ’ব বুলি ভবা হৈছে।

অহা ১ জুলাইৰ পৰা বলবৎ হ’ব লগা দ্ৰব্য আৰু সেৱা কৰ ব্যৱস্থা বা জি এছ টি ব্যৱস্থাক লক্ষ্য ভিত্তিক কৰা বা Destination based tax আখ্যা দিয়া হয়। কিয়নো এনে কৰ উৎপাদনৰ সময়ত আৰোপ কৰাৰ সলনি উপভোগৰ সময়ত আৰোপ কৰা হয়। অহা ১ জুলাইৰ পৰা আৰোপ কৰিব লগা জি এছ টি ব্যৱস্থা তিনি প্ৰকাৰৰ হ’ব। চি জি এছ টি CGST বা কেন্দ্ৰীয় দ্ৰব্য আৰু সেৱা কৰ। কেন্দ্ৰীয় চৰকাৰে আৰোপ কৰি অহা সকলোধৰণৰ কেন্দ্ৰীয় উৎপাদনী শুল্ক, সেৱা কৰ আৰু সকলোধৰণৰ উপকৰ ইয়াত অন্তৰ্ভুক্ত হ’ব। আনহাতে এছ জি এছ টি SGST বা ৰাজ্যিক দ্ৰব্য আৰু সেৱা কৰৰ অন্তৰ্ভুক্ত হ’বলগীয়া ৰাজ্য চৰকাৰৰ কৰসমূহ হ’ল মুল্য সংযোজিত কৰ, বিক্ৰী কৰ, আমোদ কৰ বিলাসী কৰ, প্ৰৱেশ কৰ, ষ্টাম্প শুল্ক, গাড়ীৰ ওপৰত আৰোপিত কৰ, বিদ্যুৎ, বেংক আদিৰ ওপৰত আৰোপিত কৰ। ইয়াৰ উপৰি কেন্দ্ৰীয় আৰু ৰাজ্যিক চৰকাৰসমূহৰ উভয়ৰে ক্ষেত্ৰত প্ৰযোজ্য হোৱাকৈ সংহত দ্ৰব্য আৰু সেৱা কৰ(Integrated GST)ৰ ব্যৱস্থাও ৰখা হৈছে।

আমি পূৰ্বতেই উল্লেখ কৰি আহিছো যে জি এছ টি হ’ল Destination based Tax অৰ্থাৎ কেন্দ্ৰীয় আৰু ৰাজ্যিক চৰকাৰে বিক্ৰীৰ সময়তহে এই কৰ সংগ্ৰহ কৰিব। এই কৰ উৎপাদন ব্যয়ৰ ওপৰত নিৰ্ভৰ কৰি আৰোপ কৰিব কাৰণে দ্ৰব্য সামগ্ৰীৰ দাম কিছু পৰিমাণে হ্ৰাস পাব বুলি অনুমান কৰা হৈছে। আনহাতে IGST হ’ব আন্ত:ৰাজ্যিক লেনদেনৰ ক্ষেত্ৰত আই জি এছ টি হ’ব চি জি এছ টি আৰু এছ জি এছ টিৰ যোগফল। অৰ্থাৎ কেন্দ্ৰীয় আৰু ৰাজ্যিক চৰকাৰে আৰোপ কৰা কৰৰ মুঠ পৰিমাণ।

প্ৰস্তাৱিত ব্যৱস্থাত প্ৰ্তিগৰাকী কৰদাতাকে তেওঁলোকৰ ‘পেন’ নম্বৰৰ লগত সংযুক্ত কৰি কৰদাতাৰ পৰিচয়সূচক ১৩/১৫ অংকৰ এক নম্বৰ প্ৰদান কৰা হ’ব আৰু নিৰ্দিষ্ট সময়ৰ অন্তৰে অন্তৰে কৰদাতাসকলে তেওঁলোকৰ লেনদেনৰ ‘ৰিটাৰ্ণ’ কেন্দ্ৰ আৰু ৰাজ্যিক জি এছ টি কতৃপক্ষক প্ৰদান কৰিব লাগিব।

ভাৰতৰ পৰোক্ষ কৰ সংস্কাৰৰ ক্ষেত্ৰত দ্ৰব্য আৰু সেৱা কৰ আৰোপ এটা উল্লেখনীয় পদক্ষেপ। অত্যাধিক পৰিমাণৰ কেন্দ্ৰীয় আৰু ৰাজ্যিক কৰৰ উপস্থিতি তথা ৰাজ্যভেদে থকা পৃথক পৃথক কৰ ব্যৱস্থাক অৱসান ঘটাই জি এছ টি ব্যৱস্থাই সমগ্ৰ দেশতে ‘এক’ ধৰণৰ কৰ ব্যৱস্থা প্ৰৱৰ্তন কৰিব। তদুপৰি দেশীয়ভাৱে উৎপাদিত দ্ৰব্যসমূহ জি এছ টি ব্যৱস্থাৰ অধীনত দেশীয় আৰু আন্ত:ৰাষ্ট্ৰীয় পৰ্যায়ত অধিক প্ৰতিযোগী হৈ পৰিব। একেবাৰে দ্ৰব্য সামগ্ৰীৰ দাম হ্ৰাস পোৱাৰ বিপৰীতে কৰ সংগ্ৰহ বৃদ্ধি পাব বুলি ভবা হৈছে।

ইতিমধ্যে কেন্দ্ৰীয় বিত্তমন্ত্ৰীক অধ্যক্ষ হিচাপে লৈ জি এছ টি কাউন্সিল গঠন কৰা হৈছে। আৰু এই কাউন্সিলে বিভিন্ন দ্ৰব্য সামগ্ৰীৰ ওপৰত আৰোপ কৰিবলগীয়া কৰৰ হাৰ নিৰ্ধাৰণ কৰিছে। সুৰা আৰু পেট্ৰলজাত সামগ্ৰীৰ প্ৰস্তাৱিত জি এছ টি ব্যৱস্থাৰ পৰিধিৰ পৰা আঁতৰত ৰখা হৈছে। চালুকীয়া অৱস্থাত থকা প্ৰস্তাৱিত দ্ৰব্য আৰু সেৱা কৰ ব্যৱস্থাই ভাৰতৰ কৰ ব্যৱস্থালৈ আমূল পৰিৱৰ্তন কঢ়িয়াই আনিব যদিও কৰদাতাসকলৰ লগতে কৰ বিষয়সকলৰ সততাৰ ওপৰতো এই কৰ ব্যৱস্থাৰ বাস্তৱিক ৰূপায়ণ বহু পৰিমাণে নিৰ্ভৰ কৰিছে।

উৎস:কেৰিয়াৰ গাইড

3.125
আপোনাৰ পৰামৰ্শ প্ৰদান কৰক

(এই লিখনি সম্পৰ্কে যদি আপোনাৰ কোনো মতামত নাইবা পৰামৰ্শ আছে তেন্তে ইয়াত প্ৰদান কৰক।)

Enter the word
দিক্‌ নিৰ্ণায়ক
Back to top