অসমীয়া   বাংলা   बोड़ो   डोगरी   ગુજરાતી   ಕನ್ನಡ   كأشُر   कोंकणी   संथाली   মনিপুরি   नेपाली   ଓରିୟା   ਪੰਜਾਬੀ   संस्कृत   தமிழ்  తెలుగు   ردو

প্ৰদীপৰ দ্বীপ

৬০ৰ দশকৰ দহ বছৰীয়া এজন যুৱক। দহ বছৰ বয়সতে আয়ৰ সন্ধানত নামিছিল যুৱকজন। অৰ্থৰ অভাৱত নহয়, আত্মনিৰ্ভৰশীল হোৱাৰ একান্ত ইচ্ছা, অদম্য সাহস আৰু দহজনক আত্মনিৰ্ভৰশীল কৰাৰ দুৰ্বাৰ বাসনাৰ বাবে পঢ়াৰ সমান্তৰালকৈ আত্মনিৰ্ভৰশীলতাৰ অধ্যৱসায়ত নামিছিল যুৱকজন। সেই যে দহ বছ বয়সতে আত্মনিৰ্ভৰশীলতাৰ সন্ধানত নামিছিল, পাছলৈ তেওঁ আৰু ঘূৰি চাব লগা নহ’ল। পশু চিকিৎসকৰ চাকৰি স্বেচ্ছাই এৰি জন্ম দিছিল এটা বেচৰকাৰী সংস্থাৰ। দাৰিদ্ৰ সীমাৰেখাৰ তলত বসবাস কৰা সৰ্বসাধাৰণ ভাড়াতীয়া ৰিক্সাচালকসকলক আত্মিনৰ্ভৰশীল কৰাৰ সপোন দেখি আজি তেওঁ সমগ্ৰ দেশতে সমাদৃত। সন্মানিত হ’ল আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত। বাংলাদেশৰ গ্ৰামীণ বেংকৰ স্ৰষ্টা মহম্মদ ইউনুছে সৰ্বসাধাৰণ দৰিদ্ৰ শ্ৰেণীৰ লোকসকলৰ স্বাৰ্থত গঢ়ি তোলা গ্ৰামীণ বেংকৰ দৰে একালৰ দহ বছৰীয়া যুৱকজনেও অসমত ‘ৰিক্সা বেংক’ প্ৰতিষ্ঠা কৰি দৰিদ্ৰ শ্ৰেণীৰ লোকক নিগাজী হ’ব পৰা এটা উৎসৰ সৃষ্টি কৰিলে। ভাৰতৰ ৰাষ্ট্ৰপতি প্ৰণৱ মুখাৰ্জী, বাংলাদেশৰ গ্ৰামীণ বেৎকৰ স্ৰষ্টা মহম্মদ ইউনুছকে ধৰি বিশ্বৰ কেইবাখনো বিশ্ববিদ্যালয়, অন্যান্য শিক্ষানুষ্ঠান, চৰকাৰী-বেচৰকাৰী সংস্থাৰ মাজত সমাদৃত হৈ পৰা ৬০ৰ দশকৰ সেই দহ বছৰীয়া যুৱকজনেই হ’ল – অশোকা ফেল’ ডাঃ প্ৰদীপ কুমাৰ শৰ্মা।

 

ৰিক্সা বেংক আৰু ডাঃ প্ৰদীপ কুমাৰ শৰ্মা

২০০২ চনৰ কথা। এদিন এটা কামৰ বাবে ৰিক্সাত উঠি কাৰ্যালয়ৰ বাহিৰলৈ গৈছিল ডাঃ প্ৰদীপ কুমাৰ শৰ্মা। গন্তব্য স্থান নোপোৱা পৰ্যন্ত তেওঁ স্বভাৱসুলভ ভাষাৰে ৰিক্সাচালকজনৰ লগত কথা পাতি গৈছিল। সুধিছিল ৰিক্সাখনৰ গৰাকী কোন? দৈনিক ভাড়া কিমান? ৰিক্সা চলোৱা কিমান দিন হ’ল? ইত্যাদি ইত্যাদি প্ৰশ্ন। উত্তৰত ৰিক্সাচালকে কৈছিল – ১৬ বছৰ ধৰি তেওঁ গুৱাহাটীত ৰিক্সাৱালা হিচাপে কাম কৰি আছে। ৰিক্সা চলোৱাৰ বাবদ প্ৰতি দিনে ৰিক্সাৰ গৰাকীক আদায় দিয়ে ২৫ টকাকৈ। ৰিক্সা চলাই অৰ্জন কৰা ধনেৰে কোনো মতে দুবেলা-দুমুঠি খাই সংসাৰ চলাইছে। উন্নতিৰ নামত একো নাই।ৰিক্সা চলাইছে আৰু দুসাঁজ খাই জীয়াই আছে। ৰিক্সা চালকজনৰ লগত পাতি যোৱা সেই কথাকেইটাই ডাঃ শৰ্মাৰ মনত খু-দুৱনিৰ সৃষ্টি কৰিলে। তেওঁৰ ভাৱ হ’ল – এজন ৰিক্সাৱালাই ১৬ বছৰ ধৰি ৰিক্সা চলালে। নিয়মীয়াভাৱে ৰিক্সাৰ গৰাকীক ভাড়া আদায় দিলে। অথচ ৰিক্সাৱালাৰ ভৱিষ্যৎ শূন্য। কাৰ্যতঃ ১৬ বছৰ ৰিক্সা চলাই এজন ৰিক্সাৱালা ১৬ খন ৰিক্সাৰ গৰাকী হ’ব লাগিছিল। কিন্তু হ’ল কি? ৰিক্সাৱালা ৰিক্সাৱালা হৈয়ে থাকিল। কিয় এজন ৰিক্সাৱালা বা ৰিক্সাচালক ৰিক্সাৰ গৰাকী হ’ব নোৱাৰে? ইয়াৰ উৎসৰ সন্ধানত নামিল ডাঃ শৰ্মা। আৰম্ভ হ’ল ৰিক্সাৱালাৰ ওপৰত জৰীপ। জৰীপ আৰম্ভ কৰিলে ডাঃ শৰ্মাৰ বে-চৰকাৰী প্ৰতিষ্ঠান ‘চেণ্টাৰ ফৰ ৰুৰেল ডেভলপমেণ্ট’ চমুকৈ ‘চি আৰ ডি’য়ে। কেনেকৈ এজন ৰিক্সাৱালা বা ৰিক্সাচালক ৰিক্সাৰ গৰাকী হ’ব পাৰে, ৰিক্সাৰ গৰাকী হ’বলৈ কিমান ধনৰ প্ৰয়োজন আদি তথ্যৰ একেদিনাই হাতত কেলকুলেটৰ লৈ ডাঃ শৰ্মাই হিচাপ উলিয়ালে। উদ্দেশ্য হ’ল – তেওঁ এনে এখন ৰিক্সা উলিয়াব, যিখন ৰিক্সাৰ চালক এদিন ৰিক্সাখনৰ গৰাকী হ’ব পাৰে। কথা মতেই কাম। নতুন মডেলৰ ৰিক্সা উলিওৱাৰ চিন্তাত তেওঁ নিমগ্ন হ’ল। এনেকৈ কেইটামান দিন অতিবাহিত হোৱাৰ পাছত এদিন গুৱাহাটীৰ আই আই ইত লগ পালে আই আই টি, গুৱাহাটীৰ কৰ্মৰত ড° অমৰেন্দ্ৰ দাসক। দাসক লগ পাই ডাঃ প্ৰদীপ কুমাৰ শৰ্মাই তেওঁৰ মিছন সফল কৰাৰ বাবে ড° দাসক ৰিক্সাৰ এটা নতুন মডেল প্ৰস্তুত কৰি দিবলৈ আহ্বান জনালে। ডাঃ শৰ্মাৰ ক্ৰমে ড° দাসে আই আই টি, গুৱাহাটীৰ তৰফৰ পৰা ৰিক্সাৰ এটা নতুন মডেল আগবঢ়ালে। ৰিক্সাৰ মডেল আহিল, কিন্তু ৰিক্সা সাজিবলৈ ধন পাব ক’ত? বিভিন্ন বিত্তীয় প্ৰতিষ্ঠানৰ লগত যোগাযোগ কৰিলে। যোগাযোগ কৰিলে ভাৰত চৰকাৰৰ বিভিন্ন প্ৰতিষ্ঠানৰ লগতো। চেণ্টাৰ ফৰ ৰুৰেল ডেভলপমেণ্ট চমুকৈ চি আৰ ডিৰ তৰফৰ পৰা চলোৱা এই যোগাযোগত সঁহাৰি জনালে তেল আৰু প্ৰাকৃতিক গেছ আয়োগ, ভাৰতীয় তেল নিগম আৰু হিন্দুস্তান ইউনিলিভাৰ লিমিটেডে। তিনিওটা প্ৰতিষ্ঠানে ৭ লাখকৈ ২১ লাখ টকা আগবঢ়ালে।বিনিময়ত তিনিওটা প্ৰতিষ্ঠানৰ বিজ্ঞাপন ৰিক্সাৰ ব’ডীৰ পিছফালে প্ৰচাৰৰ চুক্তি কৰিলে। এনেকৈ হাতত পৰা ২১ লাখ টকাৰে ডাঃ শৰ্মাই আৰম্ভ কৰিলে ‘ৰিক্সা বেংক’। নিৰ্মিত হ’ল নতুন ৰিক্সা। নামকৰণ হ’ল ‘দ্বীপ-বাহন’। ২০০৪ চনৰ নৱেম্বৰত আৰম্ভ হ’ল ‘দ্বীপ-বাহন’ৰ বিতৰণ। ৰিক্সাচালকৰ বাবে আগবঢ়োৱা হ’ল ঋণৰ সুবিধা। ঋণৰ জৰিয়তে চালকৰ হাতত পৰিলে দ্বীপ-বাহন। প্ৰায় ১৮ মাহ ৰিক্সা চালকজনে নিয়মীয়া গতিত ধাৰ পৰিশোধ কৰি দ্বীপ-বাহনৰ মালিকীস্বত্ব হোৱাৰ সুযোগ পালে। উল্লেখ কৰা উচিত হ’ব যে আমাৰ ৰাজ্যখনত ৰিক্সাচালকৰ পৰিচয়পত্ৰ নাথাকে। কিন্তু দ্বীপ-বাহনৰ চালকৰ বাবে চি আৰ ডিয়ে সকলো ব্যৱস্থা কৰি দিয়ে। আনকি পঞ্জাৱ নেশ্যনেল বেংক, আই চি আই চি আই, এইচ ডি এফ চি আদি বেংকৰ ঋণৰ ব্যৱস্থা কৰি দিয়ে চি আৰ ডিয়ে। দ্বীপ-বাহন বিতৰণৰ সময়ত চি আৰ ডিয়ে চালকজনক দিয়ে এযোৰ পোচাক, চেণ্ডেল, পৰিচয় পত্ৰ, লাইচেঞ্চ, সৌৰশক্তিযুক্ত লাইট, এফ এম ৰেডিঅ’ আৰু ম’বাইল চাৰ্জাৰ। ইয়াৰ উপৰি চি আৰ ডিৰ পৰা আৰু কেতবোৰ সুবিধা লাভ কৰে। চি আৰ ডিয়ে প্ৰতিখন দ্বীপ-বাহনৰ বাবদ ৯ হাজাৰ টকাৰ বীমা কৰি দিয়াৰ লগতে ৰিক্সাচালকৰ দুৰ্ঘটনা বা দুৰ্ঘটনাৰ ফলত হোৱা মৃত্যুৰ বাবদ ৫০ হাজাৰ টকা, যাত্ৰীৰ বাবে ১০ হাজাৰ টকাৰ বীমাৰ সুবিধা আগবঢ়াই আহিছে। চাৰিটা প্ৰতিষ্ঠিত বীমা কোম্পানী ক্ৰমে অৰিয়েণ্টেল ইঞ্চুৰেঞ্চ, নিউ ইণ্ডিয়া এছ ইঞ্চুৰেঞ্চ, ইউনাইটেড ইঞ্চুৰেঞ্চ আৰু ৰয়েল সুন্দৰম ইঞ্চুৰেঞ্চ কোম্পানীৰ জৰিয়তে চি আৰ ডিয়ে ৰিক্সা, ৰিক্সা চালক আৰু যাত্ৰীৰ বাবে বীমাৰ সুবিধা আগবঢ়াই আহিছে। দ্বীপ বাহনৰ সপক্ষে চি আৰ ডিয়ে আগবঢ়োৱা এইখিনিতে সীমাবদ্ধ নাৰাখি ৰন্ধন গেছৰ সংযোগ, স্বাস্থ্য পৰীক্ষা আদিৰো সুবিধা আগবঢ়াইছে। ভাৰতীয় তেল নিগমৰ জৰিয়তে দিয়া হয় ৰন্ধন গেছৰ সংযোগ। ইয়াৰ উপৰি চি আৰ ডিয়ে আৰু কেতবোৰ সুবিধা আগবঢ়ায়। দ্বীপ বাহনৰ চালকসকলৰ ল’ৰা-ছোৱালীৰ শিক্ষা, স্বাস্থ্যৰ বাবে ১.৫ শতাংশ সুতৰ বিপৰীতে ১৫ হাজাৰ টকা পৰ্যন্ত ঋণৰ সুবিধা আগবঢ়াইছে। চালক আৰু চালকৰ পৰিয়ালক কম ব্যয়ত চিকিৎসাৰ সুবিধা দিয়াৰ লগতে গুৱাহাটীৰ শংকৰদেৱ নেত্ৰালয়ত চকুৰ বিনামূলীয়া সেৱা আগবঢ়োৱাৰ ব্যৱস্থা কৰা আছে।

 

চি আৰ ডি আৰু ডাঃ প্ৰদীপ কুমাৰ শৰ্মা

চেণ্টাৰ ফৰ ৰুৰেল ডেভলপমেণ্ট চমুকৈ ‘চি আৰ ডি’ এটা বে-চৰকাৰী স্বেচ্ছাসেৱী সংগঠন। ১৯৯৪ চনত বে-চৰকাৰী সংগঠনটোৰ জন্ম দিছিল পশু চিকিৎসক ডাঃ প্ৰদীপ কুমাৰ শৰ্মাই। পশু চিকিৎসকৰ চাকৰি এৰি আত্মিনয়োগ কৰিছিল চি আৰ ডিত। কেৱল অসমতে নহয়, সমগ্ৰ উত্তৰ-পূৰ্বাঞ্চলত উন্নয়নমূলক কাম-কাজৰ জৰিয়তে দৰিদ্ৰ শ্ৰেণীৰ লোকক চি আৰ ডিৰ জৰিয়তে সকাহ দিয়াৰ ব্যৱস্থা গ্ৰহণ কৰা হৈছিল। পশু ধন উন্নয়নৰ প্ৰতি লক্ষ্য ৰাখি ১৯৯৯ চনত আৰ জি ভি এনৰ দুই লাখ টকাৰ অনুদানেৰে চি আৰ ডিয়ে আৰম্ভ কৰিছিল ‘ভেট এইড চেণ্টাৰ’। ভেট এইড চেণ্টাৰৰ জৰিয়তে গৰু, ম’হৰ কৃত্ৰিম প্ৰজননৰ কাম আৰম্ভ কৰা হৈছিল। সমান্তৰালভাৱে ৰতন টাটা ট্ৰাষ্টে আগবঢ়োৱা অনুদানেৰে গুৱাহাটী, মিৰ্জা, আৰু জাগীৰোডত ‘পেৰাভেট’ৰ প্ৰশিক্ষণ আৰম্ভ কৰা হৈছিল। ২০০০ চনৰ পৰা বিশ্ববেংকৰ পুঁজিৰে অসম গ্ৰাম্য আন্তঃগাঁথনি আৰু কৃষি সেৱা প্ৰকল্পৰ ৰূপায়ণত চি আৰ ডিয়ে ন’ডেল এন জি অ’ হিচাপে কাম কৰিছিল। ২০০২-০৩ বৰ্ষত কাৰ্বি আংলং আৰু উত্তৰ কাছাৰ পাৰ্বত্য জিলাত আন্তঃৰাষ্ট্ৰীয় পুঁজিৰে কৃষি ক্ষেত্ৰৰ আন্তঃগাঁথনিৰ উন্নয়নত চি আৰ ডিয়ে আত্মনিয়োগ কৰিছিল। একেটা বৰ্ষতে নাবাৰ্ডৰ হৈ আত্মসহায়ক গোটসমূহৰ কাম কৰে। ৰাজ্যৰ কৃষকসকলৰ স্বাৰ্থৰ প্ৰতি লক্ষ্য ৰাখি চি আৰ ডিয়ে মেক্স লাইভ ইঞ্চুৰেঞ্চ কোম্পানী লিমিটেডৰ ক’ৰ্পৰেট এজেন্সিৰ দায়িত্ব লৈ ন্যূনতম ৫০ টকাৰ পৰা অধিকতম ৫০০ টকা পৰ্যন্ত কিস্তি হিচাপত কৃষকক বীমাৰ সুবিধা আগবঢ়াইছিল। ২০০৪-০৫ চনত চি আৰ ডিয়ে প্ৰায়সমূহ বে-চৰকাৰী প্ৰতিষ্ঠানৰ লগত এক নে’টৱৰ্ক গঢ়ি তুলিছিল আৰু বে-চৰকাৰী প্ৰতিষ্ঠানসমূহৰ বাবে এটা ৰেষ্ট হাউছ আৰম্ভ কৰিছিল। চি আৰ ডিৰ অতিকৈ গুৰুত্বপূৰ্ণ আৰু উল্লেখনীয় অৱদান ৰিক্সা-বেংক আৰম্ভ হৈছিল ২০০৪ চনত। মহিলা আত্মসহায়ক গোটসমূহৰ বাবে ২০০৪-০৫ চনত পশু ধনৰ প্ৰশিক্ষণ আৰু একেটা বৰ্ষতে ভাৰত চৰকাৰৰ সমাজ কল্যাণ ব’ৰ্ডৰ সহযোগত চি আৰ ডিয়ে খাদ্য প্ৰস্তুতকৰণৰ প্ৰশিক্ষণ আৰম্ভ কৰিছিল। প্ৰশিক্ষণৰ নাম দিয়া হৈছিল স্বাৱলম্বন। ২০০৬-০৭ বৰ্ষত কৃষি বিভাগৰ এ চি চি পি আঁচনি নডেল এন জি অ’ হিচাপে কামৰূপ জিলাত কাম আৰম্ভ কৰিছিল। ডাঃ প্ৰদীপ কুমাৰ শৰ্মা আৰু চি আৰ ডিৰ কৰণীয় কেৱল এইখিনিতে সীমাবদ্ধ নহয়। ডাঃ শৰ্মাৰ উদ্যোগত গুৱাহাটীত স্থাপন কৰা পশু চিকিৎসা সম্বন্ধীয় ক্লিনিক ‘পেট-ভেট’ আজি সমগ্ৰ উত্তৰ-পূৰ্বাঞ্চলতে বিখ্যাত। আজিৰ দিনত ‘পেট-ভেট’ নামৰ ক্লিনিকটোৱে ৩০ টা ঔষধ কোম্পানীৰ বিতৰক হিচাপে গুৱাহাটীত প্ৰতিষ্ঠিত। প্ৰথম অৱস্থাত পেট-ভেট আছিল একমাত্ৰ গ্লেক্স’ কোম্পানীৰ বিতৰক প্ৰতষ্ঠান।

ব্যৱসায়ৰ পৰা চিকিৎসাস্বেচ্ছাসেৱী সংগঠনলৈ

এটা মধ্যবিত্ত পৰিয়ালৰ সন্তান আছিল ডাঃ প্ৰদীপ কুমাৰ শৰ্মা। গুৱাহাটীৰ খানাপাৰা নিৱাসী ডাঃ শৰ্মা ছাত্ৰ অৱস্থাৰ পৰা অত্যুৎসাহী আছিল। কোনো কামৰ প্ৰতিয়ে নাছিল তিলমানো অৱহেলা। দহ বছৰ বয়সতে তেওঁ বাতৰি কাকত বিক্ৰী কৰি আয়ৰ সন্ধানত আত্মনিয়োগ কৰিছিল। মাতৃৰ নামত মুকলি কৰিছিল বাতৰি কাকত বিতৰক প্ৰতিষ্ঠান। প্ৰথমে নিজে বাতৰি কাকত বিক্ৰী কৰিছিল যদিও পৰৱৰ্তী সময়ত কৰ্মী নিয়োগ কৰি বাতৰি কাকত বিক্ৰী কৰিছিল। লিপ্ত হৈছিল বিস্কুটৰ ব্যৱসায়তো। ব্যৱসায়ৰ লগত সমানে চলিছিল অধ্যয়ন। অসম আন্দোলনৰ সময়ত পৰ্যাপ্ত সময় ব্যয় কৰা ডাঃ শৰ্মাই খানাপাৰা পশু চিকিৎসা মহাবিদ্যালয়ৰ পৰা স্নাতক ডিগ্ৰী লাভ কৰি পশু চিকিৎসক হিচাপে চৰকাৰী চাকৰিত যোগ দিছিল। কিন্তু মাত্ৰ দুবছৰ সেৱা আগবঢ়াই মোহ এৰিছিল চৰকাৰী চাকৰিৰ। পশু চিকিৎসক হিচাপে চৰকাৰী চাকৰিত যোগদান কৰিছিল কামৰূপ জিলাৰ হাহিমত। চাকৰিত যোগদান কৰাৰ প্ৰথম দিনটোতে তেওঁ সন্মুখীন হৈছিল এক কঠিন প্ৰত্যাহ্বানৰ। কাৰণ তেওঁৰ চাকৰি জীৱনৰ প্ৰথম দিনটোৰ প্ৰথম ৰোগীটো গৰু বা ছাগলী নাছিল। তেওঁৰ প্ৰথম ৰোগীটোৱে আছিল এটা প্ৰকাণ্ড হাতী। হাতীটোৰ শৰীৰত এটুকুৰা ঘাঁ লাগিছিল আৰু চিকিৎসাৰ বাবে মাউটে হাতীটো চিকিৎসালয়খনলৈ নিছিল। পশু চিকিৎসক হ’লেও এজন নতুন চিকিৎসকৰ বাবে এয়া আছিল এক দুৰূহ কাম। কিন্তু পিছ পৰি নৰ’ল ডাঃ শৰ্মা। অদম্য সাহস বুকুত লৈ তেওঁৰ চিকিৎসা জীৱনৰ প্ৰথমটো ৰোগী হাতীক চিকিৎসা কৰিবলৈ সক্ষম হৈছে। এনেকৈ কিছুদিন হাহিমত চিকিৎসা কৰ্মত ব্যস্ত হোৱাৰ পাছত অস্থায়ী চিকিৎসা সেৱাৰ বাবে তেওঁ যাব লগা হ’ল অসম-মেঘালয় সীমান্তৱৰ্তী পাহাৰীয়া অঞ্চল লাম্পিলৈ। ১৯৯০ চনৰ এটা ৰাতিপুৱা। চাৰিজন সহকৰ্মীক লগত লৈ যাত্ৰা আৰম্ভ কৰিলে লাম্পিলৈ। কোনো যাতায়াত ব্যৱস্থা নথকা ৭ কিল’মিটাৰ দৈৰ্ঘৰ পথছোৱা ঘন জংঘলৰ মাজৰ লুংলুঙীয়া পথেৰে খোজ কাঢ়ি গৈ চাৰিজন সতীৰ্থক লৈ লাম্পিত উপস্থিত হৈছিল ডাঃ শৰ্মা। এটা গাধই তেওঁলোকৰ সামগ্ৰী কঢ়িয়াই নিছিল আৰু লুংলুঙীয়া, ওখোৰা-মোখোৰা পথেৰে গৈ সন্ধিয়া উপস্থিত হৈছিল লাম্পিত। ৭ দিনৰ বাবে অস্থায়ী চিকিৎসা সেৱা কৰিবলৈ যোৱা ডাঃ শৰ্মাই আছিল লাম্পিত উপস্থিত হোৱা প্ৰথমজন অসামৰিক বিষয়া। প্ৰথমবাৰৰ বাবে এজন অসামৰিক বিষয়াক লগ পাই উৎফুল্ল হৈছিল লাম্পিবাসী। কাৰণ কোনো কালে লাম্পিলৈ পশুধনৰ চিকিৎসা কৰিবলৈ কোনো চিকিৎসকেই যোৱা নাছিল। ৭ দিনৰ প্ৰতিদিনে একোটা নতুন নতুন চুবুৰীলৈ গৈ চিকিৎসা কৰিছিল ডাঃ শৰ্মাই। কোনো ধৰণৰ উন্নয়নমূলক আঁচনিয়ে ঢুকি নোপোৱা লাম্পিলৈ গৈ এক আশ্বৰ্যকৰ প্ৰতিচ্ছবিৰ সন্মুখীন হৈছিল। কাৰণ অঞ্চলটোত গা ধুবলৈ যাবলৈ পানীৰ অভাৱ আছিল, বিপৰীতে উভৈনদী আছিল গাখীৰ। প্ৰসংগত এজন চুবুৰীয়াই ডাঃ শৰ্মাক কৈছিল – ‘আমাৰ ইয়াত ৰাতিপুৱা মুখ ধুবলৈ পানীৰ অভাৱ। পানীৰ বিপৰীতে আমাৰ ইয়াত কেতিয়াবা মানুহে গাখীৰেৰেও মুখ ধোৱে।’ চুবুৰীয়া এই বক্তব্যৰ আখৰে আখৰে প্ৰমাণ পাইছিল ডাঃ শৰ্মাই। কাৰণ তাত সকোল লোকৰে গৰু, ম’হ আছিল, কিন্তু গাখীৰ বিক্ৰী কৰিবলৈ ক’তো বজাৰ নাছিল। সঁচাকৈ পানীৰ অভাৱৰ পৰিপ্ৰেক্ষিতত ডাঃ শৰ্মাৰ লগতে যোৱা পশু পালন বিভাগৰ এজন জ্যেষ্ঠ ক্ষেত্ৰ সহায়ক আমান উল্লাই এদিন পুৱা গাখীৰেৰে মুখ ধুবলৈ বাধ্য হৈছিল। লাম্পিত ৭ দিন চিকিৎসা কৰি ডাঃ শৰ্মা হাহিমলৈ উভতি আহি চিকিৎসালয়ত ব্যস্ত হয় যদিও ২ বছৰ চাকৰি কৰাৰ পাছত ১৯৯১ চনত তেওঁ স্বেচ্ছা অৱসৰ লয়। পশুপালন বিভাগৰ প্ৰকাশ কৰিব নোৱাৰা কেতবোৰ কাৰণৰ বাবে তেওঁ চৰকাৰী চাকৰি ত্যাগ কৰে। পশু চিকিৎসকৰ চাকৰি এৰিলেও তেওঁ চাকৰিৰ প্ৰতি অনীহা ব্যক্ত কৰা নাছিল। ৰাষ্ট্ৰীয় গ্ৰামীণ বিকাশ নিধিত ৫ বছৰ ধৰি কাৰ্যনিৰ্বাহ কৰিছিল। গ্ৰামীণ বিকাশ নিধিৰ গুৱাহাটীত তেওঁ প্ৰতিষ্ঠা কালৰ কৰ্মচাৰী আছিল। তেওঁৰ প্ৰত্যক্ষতাতে ৰাষ্ট্ৰীয় গ্ৰামীণ বিকাশ নিধিৰ মেঘালয়ৰ গাৰো পাহাৰ জিলাৰ ‘টিক্ৰিকিল্লা’ আৰু গোৱালপাৰা জিলাৰ ‘মাটিয়া’ত দুটা শাখা কাৰ্যালয় মুকলি হৈছিল। গ্ৰামীণ বিকাশ নিধিত কৰ্মৰত হৈ থাকোঁতে ডাঃ শৰ্মাই মুম্বাই টাটা ইনষ্টিটিউট অৱ ছ’চিয়েল ছাইন্সত ‘ছ’চিয়েল ৱেলফেয়াৰ এডমিনিষ্ট্ৰেশ্যন’ৰ স্নাতকোত্তৰ পাঠ্যক্ৰম সম্পন্ন কৰে আৰু সেই একে সময়তে তেওঁ চি আৰ ডি পঞ্জীয়ন কৰি স্বেচ্ছাসেৱী কাম-কাজত আত্মনিয়োগ কৰে। চি আৰ ডিৰ জৰিয়তে আগবঢ়োৱা অৱদানৰ বাবে তেওঁ আজি বিশ্বৰ কেইবাখনো দেশৰ মাজত সমাদৃত হৈ পৰে। লণ্ডন স্কুল অৱ ইক’নমিকছৰ ছাত্ৰই ইতিমধ্যে ডাঃ শৰ্মাৰ চি আৰ ডিৰ কাৰ্যালয়লৈ আহি ৰিক্সা বেংকৰ আৰ্হি পৰ্যবেক্ষণ কৰিছে। সেইদৰে এম আই টি, ব’ষ্টন, কেলিফৰ্নিয়াৰ ছাণ্টাক্লাৰা ইউনিভাৰ্ছিটি, অ’লিন স্কুল অৱ ইউনিভাৰ্ছিটি আদিয়ে ডাঃ শৰ্মাৰ ধাৰণা গ্ৰহণ কৰিছে আৰু কোনো কোনোৱে গৱেষণা আৰম্ভ কৰিছে। নিজা ৰাজ্যখনত চলি থকা দ্বীপবাহন এতিয়া ভাৰতৰ ভিতৰত লক্ষ্ণৌ, বানাৰস, পাটনা আদিতো চলি আছে আৰু চলোৱাৰ এক যোগাযোগ অব্যাহত আছে। চুবুৰীয়া ৰাষ্ট্ৰ বাংলাদেশৰ লগতো যোগাযোগ অব্যাহত আছে। সামাজিক, অৰ্থনৈতিক দিশৰ সম্প্ৰসাৰণ তথা উত্তৰণৰ ক্ষেত্ৰত বিশেষ অৱদান আগবঢ়াই অহা এইগৰাকী প্ৰখ্যাত ব্যক্তিৰ কৰ্মৰাজিৰ ওপৰত আমেৰিকা আৰু লণ্ডনৰ প্ৰতিষ্ঠানে তথ্যচিত্ৰ নিৰ্মাণ কৰিবলৈ আগবাঢ়িছে। পিতৃৰ জন্মসূত্ৰে নলবাৰীৰ গামাৰিমূৰী গাঁৱৰ ওজাপাৰা চুবুৰীৰ আৰু বৰ্তমান গুৱাহাটীৰ খানাপাৰা নিৱাসী ডাঃ প্ৰদীপ কুমাৰ শৰ্মাৰ বৰ্তমান চি আৰ ডিৰ ঠিকনা হ’ল – গৃহ নং ১৫, সৰুমটৰীয়া, দিছপুৰ, গুৱাহাটী – ৭৮১০০৬, টেলিফোন নং ০৩৬১-২২২৮২৮১, ই-মেইল crd4ev@yahoo.com, ৱেব ছাইট – www.crdev.org

বিভিন্ন সংস্থাৰ পৰা ৰিক্সা বেংকৰ অনুদান লাভ

 

২০০৪-০৫

হিন্দুস্তান লিভাৰ লিমিটেড

ভাৰতীয় তেল নিগম

তেল আৰু প্ৰাকৃতিক গেছ আয়োগ

৭,০০,০০০.০০

৭,০০,০০০.০০

৭,০০,০০০.০০

 

২০০৫-০৬

আমেৰিকান ইণ্ডিয়া ফাউণ্ডেশ্যন

আমেৰিকান ইণ্ডিয়া ফাউণ্ডেশ্যন

কেয়াৰ ইণ্ডিয়া

গ্লোৱেল গিভিংছ

১০,৬৭,৩০২.০০

৩,১৬,৫৮৭.০০

৯,০৬,০০০.০০

৪৩,১০৭.০০

 

২০০৬-০৭

কেয়াৰ ইণ্ডিয়া

গ্লোৱেল গিভিংছ

কে চি এফ

তেল আৰু প্ৰাকৃতিক গেছ আয়োগ

আমেৰিকা ইণ্ডিয়া ফাউণ্ডেশ্যন

৯,০৬,০০০.০০

১২,৩০৩.০০

৯,০২,৮০০.০০

৩,৯২,২৫০.০০

৩,১৬,৫৮৭.০০

২০০৭-০৮

আমেৰিকান ইণ্ডিয়া ফাউণ্ডেশ্যন

আছাম ফাউণ্ডেশ্যন অৱ নৰ্থ আমেৰিকা

গ্লোৱেল গিভিংছ

১১,৬৮,৩১৪.০০

৫৫,৩১০.০০

৪৩,৮২২.০০

২০০৮-০৯

আমেৰিকান ইণ্ডিয়া ফাউণ্ডেশ্যন

আছাম ফাউণ্ডেশ্যন অৱ নৰ্থ আমেৰিকা

গ্লোৱেল গিভিংছ

২,৪৬,৭৬৪.০০

৮৫,৪৯৫.০০

১২,৩০০.০০

 

২০০৬-০৭ বৰ্ষৰ পৰা ২০০৯-১০ বৰ্ষলৈ ৰাজ্যৰ বাহিৰত দ্বীপবাহন বিতৰণৰ সংখ্যা

 

২০০৬-০৭

২০০৭-০৭

২০০৮-০৯

২০০৯-১০

চেন্নাই

আগৰতলা

 

চুৰাট

এলাহাবাদ

বাৰানসী

লক্ষ্ণৌ

১০০

৩০০

 

১০০

-

১০০

-

১০০

১৫০

 

১০০

-

১০০

-

-

-

 

৩৭

৩০০

৪০০

৪০০

-

-

 

 

৪০০

৫০০

৬০০

 

বিভিন্ন সংস্থাৰ পৰা ৰিক্সা বেংকৰ ঋণ লাভ

২০০৬-০৭

আই চি আই চি আই বেংক

ভাৰতীয় ষ্টেট বেংক

কে চি এফ

৪০,০০,০০০.০০

২২,৪০,৭৭০.০০

৪৪,৮২,০০০.০০

২০০৭-০৮

এইচ ডি এফ চি

ভাৰতীয় ষ্টেট বেংক

১৫,০০,০০০.০০

৭,৫৯,২৩০.০০

২০০৮-০৯

কে চি এফ

এইচ ডি এফ চি

২১,১১,৯৭৫.০০

১০,০০,০০০.০০

লিখকঃ উৎপল কুমাৰ ভাগৱতী, বসুন্ধৰা(দৈনিক জনমভূমি)

শেহতীয়া উন্নীতকৰণ: : 6/5/2020



© C–DAC.All content appearing on the vikaspedia portal is through collaborative effort of vikaspedia and its partners.We encourage you to use and share the content in a respectful and fair manner. Please leave all source links intact and adhere to applicable copyright and intellectual property guidelines and laws.
English to Hindi Transliterate