মূল পৃষ্ঠা / সমাজ কল্যাণ / বিত্তীয় অন্তৰ্ভূক্তি / বিত্তীয় পৰিকল্পনা কৰি দিয়ক
অংশিদাৰী
Views
  • স্থিতি: সম্পাদনাৰ বাবে মুকলি

বিত্তীয় পৰিকল্পনা কৰি দিয়ক

বিত্তীয় পৰিকল্পনা কৰি দিয়ক

এগৰাকী মহিলা আৰু এজন পুৰুষ হঠাৎ মোক দেখা কৰিবলৈ আহিল মোক কোনোধৰণৰ ফোন নকৰাকৈয়ে। মই গুৱাহাটীৰ আমবাৰীৰ আমবাৰীৰ ঘৰত আছিলো। তথাপি ভদ্ৰতাৰ খাতিৰত ভিতৰলৈ মাতি সুধিলো-কাক বিচাৰি আহিছে বা? তেওঁলোকে মোৰ নামটো ক’লে। মই ক’লো এতিয়া মই ‘News Time Tv’ লৈ যাবলৈ ওলাইছো। সৌৱা চাওক জীপখন ৰৈ আছে। এনেকৈ আগত নোসোধাকৈ আহিলে মোক লগ পোৱা অসুবিধা। কাৰণ কি? আপোনালোকক মই ঠিক ধৰিব পৰা নাইচোন?

মোৰ নাম অমৰজ্যোতি শইকীয়া। এওঁ মোৰ গৃহিণী অপৰাজিতা বৰুৱা। আমি আপোনাৰ পাঠক। যোৱা দুদিনৰ আগতে আপোনাক অনুৰণৰ অনুষ্ঠানত দেখি বৰ ভাল লাগিল। বুজিলো আপুনি গুৱাহাটীতে আছে-সেয়েহে দেখা কৰিবলৈ আহিলো।

: ধন্যবাদ। কিন্তু কিয় দেখা কৰিবলৈ আহিলে?

: প্ৰশ্ন কেইটামান আছিল….। সঞ্চয় বিনিয়োগৰ বিষয়ে….

: এতিয়াতো নহ’ব। বেয়া নাপালে অহা কাইলৈ নিশা সাত বজাত আহিব, কথা পাতিম। এতিয়া বহিবলৈকো ক’ব নোৱাৰিম। দুয়ো গ’লগৈ। ময়ো জীপখনত উঠিলো। পিচদিনা তেখেত দুয়ো আহিল। মই ভিতৰলৈ মাতি বহুৱালো আৰু সুধিলো-কওক কি সুধিব খুজিছিল কালি?

মই কথাষাৰ কোৱাৰ লগে লগে শইকীয়াই উত্তৰ দিলে-

মই চাকৰিয়াল-‘ছাৰ আমাক এটা বিত্তীয় পৰিকল্পনা কৰি দিয়কনা’।

: বিত্তীয় পৰিকল্পনা আপোনাৰ বিষয়ে একো নজনাকৈ কেনেকৈ কৰিম?

বয়স কিমান?

ক’ত কাম কৰে, কিমান দৰমহা পায়, কিমান খৰচ কৰে, পৰিয়ালত কোন কোন আছে, ভৱিষ্যতে আপোনাৰ পৰিকল্পনা কি?

গাড়ী কিনিবনে?

ঘৰ সাজিবনে?

ল’ৰা-ছোৱালীক পঢ়াব?

পেন্সন আছে নে নাই?

ধাৰ আছে নে নাই?

এই সকলো খবৰ পোৱাৰ পাচতহে কথা পাতিন পাৰিম। পৰামৰ্শ দিব পাৰিম। আপোনাৰ নিজৰ জীৱন। নিজৰ ভাল-বেয়া আছে। বিত্তীয় পৰিকল্পনা আপুনি নিজে কৰিব লাগিব-মই পৰামৰ্শহে দিব পাৰিম। বুজিলে।

: হয়, বুজিলো ছাৰ। এই সকলো কথা আমি ক’ব খুজিছো। কি কৰিলে আমাৰ জীৱনটো ঠন ধৰি উঠিব-সেইটো আমাৰ কওক।

ইয়াৰ পিচত অমৰজ্যোতি আৰু অপৰাজিতাই তেওঁলোকৰ বিষয়ে কিছু কৈ গ’ল। মই শুনি গ’লো। তেওঁ কোৱাৰ পৰা বুজি পালো। এনেধৰণে-অমৰজ্যোতি কেন্দ্ৰীয় সংস্থা এটাৰ কৰ্মচাৰী। প্ৰায়ে কামৰ বাবে বাহিৰত থাকে। লক্ষ্য সন্তানৰ উচ্চ শিক্ষাৰ বাবে সঞ্চয়। সপোন দেখে সুৰক্ষিত ভৱিষ্যতৰ, সেয়েহে ফ্লেট কিনিব খোজে। দৰমহা ৮৮,০০০ পায়। হাত পায় ৪৫ হেজাৰ। বৰ্তমান মাহিলী ব্যয় ১২,০০০ টকা। গাড়ীৰ বাবে ধাৰ ৫,০০০ টকা। সঞ্চয় কৰে পেন্সন ফাণ্ডত ৩,২০০ টকা। ই. পি. এফত ৭,৮০০ টকা, পি.পি. এফত ৯,০০০ টকা। প্ৰতিবছৰে

: ছাৰ, আপুনি বিচৰা খৰচখিনি দিব পাৰিলোনে?

: প্ৰায়বোৰ খবৰেই দিলে। কিন্তু মোক্ষম খবৰটো দিবলৈ দেখোন পাহৰি গ’ল।

: ছাৰ কোনটো পাহৰিলো?

: তুমি আমাৰ বয়সটো ক’বলৈ পাহৰিলা। গৃহিণী অপৰাজিতাই ক’লে।

: সেয়া আপোনাৰ গৃহিণীৰে মনত আছে দেখোন। বয়স নহ’লে বিত্তীয় পৰিকল্পনা কৰিব কেনেকৈ? একেবাৰে ২৩ বছৰত সঞ্চয় এক প্ৰকাৰৰ, ৪০ ৰ পিছত আন প্ৰকাৰৰ আৰু ৫৫ ৰ পাছত আকৌ বেলেগ। প্ৰবীণ নাগৰিকৰ একেবাৰে বেলেগ হ’ব।

: এৰা মোৰেই ভুল হ’ল। মোৰ বয়স ৪২ বছৰ, এওঁৰ ৩৫ বছৰ।

: ল’ৰা-ছোৱালী?

: এজনীয়ে সন্তান। ছোৱালী।

: কিবা সেই বিষয়ে পৰিকল্পনা।

: ইতি, বুলিয়ে ধৰিছো।

: ভাল।

আপুনি কিন্তু মোটামুটি ভালেই সঞ্চয় কৰিছে। কিন্তু আচৰিত কথা ৪২ বছৰীয়া হৈয়ো-ইকুইটিত বা মিউচুৱেল ফাণ্ডত বিনিয়োগ নাই। আপোনাৰ কোনো জীৱন বীমা নাই। পিপিএফৰ সঞ্চয় তেনেই কম। জীৱন বীমা কৰক। এতিয়া স্বাস্থ্য বীমা কৰাৰ প্ৰয়োজন নাই কাৰণ অসুস্থ হ’লে কোম্পানীয়ে দিব। কিন্তু বয়স ৫৫ বছৰ হ’লেই স্বাস্থ্য বীমা কৰি পেলাব। যাতে বীমা কোম্পানীয়ে দিগদাৰি দিব নোৱাৰে। বিত্তীয় পৰিকল্পনা মানে গোটেই জীৱনৰ পৰিকল্পনা। অকল আপোনাৰেই নহয়-গৃহিণী, দুহিতা আৰু আই-বোপাইক সামৰি কৰা পৰিকল্পনা।

: জীৱন বীমা কৰা উচিত হ’ব নেকি?

: নিশ্চয়। এতিয়া আপোনাৰ বয়স ৪২ বছৰ। এতিয়াই জীৱন বীমা আপুনি কৰা উচিত। টাৰ্ম পলিচি কৰিব- প্ৰিমিয়াম কম লাগিব। জীৱন বীমা হ’ল সুৰক্ষা কবচ। আপোনাৰ অবৰ্তমানত যাতে আপোনাৰ ছোৱালী আৰু গৃহিণী ভালেৰে থাকিব পাৰে।

: কিমান টকাৰ কৰা উচিত?

: সেইটো আপোনাৰ ওপৰত নিৰ্ভৰশীল। আপুনি কেনেকৈ সুৰক্ষা দিব খোজে আপোনাৰ জীয়ৰী আৰু গৃহিণীক। আজিৰ দৰে থাকিবলৈ হ’লে অন্তত: ষাঠি লাখ টকাৰ বীমা কৰা উচিত। টাৰ্ম বীমা কৰিলে প্ৰিমিয়াম কম হ’ব।

: ইকুইটিত কিমান লগোৱা ভাল হ’ব?

: যিমান পাৰে। আপোনাৰ বয়স ৪২ বছৰ। গতিকে আপুনি ৫৮ শতাংশ ভাগ ইকুইটিত লগাব পাৰে। বাকীখিনি ৪২ শতাংশ ভাগ বেংক, পিপিএফত লগাব পাৰে। ফ্লেট কিনিবলৈ ৰেকাৰিং ডিপজিট কৰক চাৰি বছৰৰ বাবে। তাৰ পিচত ফ্লেট কিনক-বেংকৰ পৰা ঋণ লৈ।

অৱসৰৰ বাবে ভাবিব পাৰে। যদিও আপোনালোকে পেন্সন পাই থাকে সেইখিনি যথেষ্ট নহয়। গতিকে এন পি এছৰ পেন্সনত যোগদান কৰা উচিত হ’ব। এতিয়া মিউচুৱেল ফাণ্ডত টকা থৈ যাওক ছোৱালীৰ শিক্ষাৰ বাবে।

৬০ বছৰ হ’লে ইকুইটি ফাণ্ডবোৰ বন্ধ কৰি বেংকত টকা থৈ যাব পাৰে। নহ’লে আয়কৰবিহীন বণ্ড ফাণ্ডত আঁচনি কিনিব পাৰে।

ছোৱালীৰ উচ্চ শিক্ষাৰ বাবে ‘ছিপ’ পদ্ধতিৰে মিউচুৱেল ফাণ্ডত টকা থৈ যাওক। ১২ শতাংশ ৰিটাৰ্ন হ’লেও তেৰ বছৰত প্ৰায় ১৮.৬২ লাখ পাব, যদিহে মাহে পাঁচ হেজাৰতকৈ থৈ যাব পাৰে। আজিকালি উচ্চ শিক্ষাৰ বাবে ছাত্ৰ-ছাত্ৰীক কম সুদত ধাৰ দিয়া হয়। আজিৰ বাবে এইখিনিয়ে ক’লো যাতে আপুনি আনন্দত থাকিব পাৰে।

উৎস: অসমীয়া প্ৰতিদিন।

3.0
Sumi Bora Nov 04, 2014 03:32 PM

পঢ়ি বহু কথা জানিব পাৰিছোঁ।

আপোনাৰ পৰামৰ্শ প্ৰদান কৰক

(এই লিখনি সম্পৰ্কে যদি আপোনাৰ কোনো মতামত নাইবা পৰামৰ্শ আছে তেন্তে ইয়াত প্ৰদান কৰক।)

Enter the word
দিক্‌ নিৰ্ণায়ক
Back to top