অসমীয়া   বাংলা   बोड़ो   डोगरी   ગુજરાતી   ಕನ್ನಡ   كأشُر   कोंकणी   संथाली   মনিপুরি   नेपाली   ଓରିୟା   ਪੰਜਾਬੀ   संस्कृत   தமிழ்  తెలుగు   ردو

বিনিয়োগত ল’ব লগা সাৱধানতা

বিনিয়োগত ল’ব লগা সাৱধানতা

নিজৰ উপাৰ্জিত ধন বিভিন্ন খণ্ডত খটুৱাই তাৰ পৰা ভৱিষ্যতে লাভাংশ পাব বুলি আশা কৰা ব্যৱস্থাকে সাধাৰণ অৰ্থত বিনিয়োগ বুলি কোৱা হয়। বিনিয়োগৰ ধাৰা দুই ধৰণে হ’ব পাৰে, বংশানুক্ৰমিক বিনিয়োগ আৰু সময় উপযোগী বিনিয়োগ। এই প্ৰতিবেদনত সময়োপযোগী বিনিয়োগৰ বিষয়েহে লিখাৰ প্ৰচেষ্টা কৰা হৈছে। হাৰ্ভাৰ্ড বিজনেছ স্কুলে যুগুতাই উলিওৱা এক সমীক্ষামতে নিজৰ উপাৰ্জনৰ অতি কমেও ১০ শতাংশ আৰু অধিক ৩০ শতাংশতকৈ বেছি বিনিয়োগ কৰিব নালাগে। বিনিয়োগৰ আগতে অন্তত ছমাহৰ বাবে তাৎক্ষণিক কাৰণত প্ৰয়োজন হ’ব পৰা ধন আছুতীয়াকৈ ৰাখি বিনিয়োগ কৰিব লাগে। বিনিয়োগকাৰী বেঞ্জামিন কলিনৰ মতে বিনিয়োগ কৰাৰ আগতে য’ত বিনিয়োগ কৰিব বুলি ভাবিছে সেই ব্যৱস্থা আৰু বিষয়ৰ ওপৰত বিভিন্ন উৎসৰ পৰা জ্ঞান আহৰণ কৰি নিজৰ জ্ঞানৰ পৰিপক্কতা বৃদ্ধি কৰা দৰকাৰ। বিখ্যাত বিনিয়োগকাৰী ৱাৰেন বাফেটে নিজৰ সঞ্চিত পুঁজিৰ ২০ শতাংশ বিনিয়োগ কৰাৰ আগতে উক্ত বিষয়ৰ ওপৰত কমেও ১০০ খন গ্ৰন্থ অধ্যয়ন কৰে। গতিকে বিষয়বস্তুৰ জ্ঞান বিনিয়োগ কৰাৰ আগতে জনাটোৱেই হৈছে বিনিয়োগৰ মূলমন্ত্ৰ। বিষয়বস্তুৰ জ্ঞান আহৰণ কৰি বিনিয়োগ কৰিবলৈ আগবঢ়াৰ সময়ত প্ৰতিজ্ঞা ল’ব লাগে যাতে সৰ্বমুঠ বিনিয়োগ কৰিব খোজা ধনৰ দুই শতাংশতকৈ বেছি প্ৰচেছিং ফিজ নিদিয়ে। যদি এনে বিনিয়োগ সংস্থা নাপায় য’ত দুই শতাংশতকৈ কম প্ৰচেছিং ফিজ লয় তেনেহ’লে নিজৰ কষ্টোপাৰ্জিত ধন বেংকৰ ছেভিং একাউণ্টত জমা ৰখাই সমুচিত। যিকোনো উৎসতে বিনিয়োগ কৰাৰ পিছত বিনিয়োগকাৰীয়ে বিনিয়োগৰ চাৰ্টিফিকেট ল’ব লাগে। বিনিয়োগকাৰীক যদি বিনিয়োগৰ সেৱা আগবঢ়োৱা প্ৰতিষ্ঠানসমূহে বিনিয়োগৰ চাৰ্টিফিকেট নিদিয়ে বা বিনিয়োগকাৰীক আগবঢ়োৱা প্ৰতিশ্ৰুতি ৰক্ষা নকৰে তেনেহ’লে আইনৰ সহায় ল’ব পাৰে।

প্ৰত্যেক বিনিয়োগ খণ্ডকে পৰিচালনা কৰিবৰ বাবে চৰকাৰে বিভিন্ন মন্ত্ৰালয়ৰ অধীনত কিছুমান বিভাগ বা স্বতন্ত্ৰ পৰিচালনা সংস্থাৰ সৃষ্টি কৰিছে। যেনে শ্বেয়াৰৰ বাবে ছিকিউৰিটি এক্সচেঞ্জ ব’ৰ্ড অব্‌ ইণ্ডিয়া (ছেবি), কমোডিটি মাৰ্কেটৰ বাবে ফৰৱাৰ্ড মাৰ্কেট কমিছন (এফ এম চি), ইঞ্চুৰেন্সৰ বাবে ইঞ্চুৰেন্স ৰেগুলেটৰী ডেভেলপমেন্ট অথ’ৰিটি (আই আৰ ডি এ) আছে। উক্ত পৰিচালন সংস্থাসমূহে গ্ৰাহকৰ সুৰক্ষাৰ বাবে শুল্কবিহীন (টল ফ্ৰী) টেলিফোন সেৱা আগবঢ়ায়। গতিকে বিনিয়োগকাৰীয়ে নিজে অলপ সচেতন হৈ যিকোনো ওজৰ আপত্তি উক্ত নম্বৰৰ জৰিয়তে সংস্থাসমূহক অৱগত কৰিব পাৰে। ইয়াৰ উপৰি বিনিয়োগকাৰীয়ে যিকোনো ধৰণৰ ওজৰ-আপত্তি চৰকাৰী তদন্তকাৰী বিভাগ ব্যুৰো অব্‌ ইনভেষ্টিগেচন অন ইক’নমিক অফেন্স চমুকৈ বি আই ই অ’ত লিখিতভাৱে জনাব পাৰে। বিনিয়োগকাৰীয়ে মনত ৰাখিব লাগে যাতে কোনো কাৰণতে নগদ ধনেৰে বিনিয়োগ নকৰে। নগদ ধনেৰে বিনিয়োগ কৰিবলৈ উৎসাহিত কৰা মানে কৰ ফাঁকি দিয়াৰ চেষ্টা কৰা আৰু কৰ ফাঁকি ভাৰতীয় আইনমতে দণ্ডনীয়। ভাৰতৰ অগ্ৰণী শিক্ষানুষ্ঠান ইণ্ডিয়ান ইনষ্টিটিউট অব্‌ মেনেজমেন্ট, আহমেদাবাদে যুগুতাই উলিওৱা এক প্ৰতিবেদনমতে ভাৰতৰ ৮০ শতাংশ বিনিয়োগকাৰীৰ বয়স ৩০ ৰ পৰা ৫০ বছৰৰ ভিতৰত। অৰ্থাৎ চাকৰিৰ আৰম্ভণিৰ পৰা চাকৰিৰ পৰা অৱসৰ কিছু বছৰ আগলৈকে বিনিয়োগ কৰে। ইয়াৰ বিপৰীতে উন্নত দেশসমূহত স্কুল শিক্ষাতে পাঠ্যক্ৰমৰ অন্তৰ্ভুক্ত কৰা হৈছে বিনিয়োগ শিক্ষাক।

চৰকাৰে বা চৰকাৰী বিনিয়োগৰ সংস্থাসমূহে যিকোনো বিনিয়োগ ব্যৱস্থাৰ লগত জড়িত নিয়ম কানুন বিনিয়োগকাৰীৰ জ্ঞাতাৰ্থে জনাবৰ বাবে বিভিন্ন মাধ্যমত যেনে-বাতৰি কাতক, দূৰদৰ্শন আদিত বিজ্ঞাপন বা স্পষ্টীকৰণ দিব লাগে। চৰকাৰৰ বিভিন্ন বিভাগীয় কৰ্তৃপক্ষই বিনিয়োগৰ ওপৰত নগৰ-চহৰ আৰু গাঁৱৰ স্কুল-কলেজ আদিত কৰ্মশালাৰ জৰিয়তেও সচেতনতা বৃদ্ধি কৰিব পাৰে। ইয়াৰ উপৰি বুক ফেয়াৰৰ দৰে একেই আৰ্হিত বিভিন্ন চৰকাৰী আৰু বেচৰকাৰী বিনিয়োগ সংস্থাসমূহে প্ৰত্যেক ৰাজ্যৰ প্ৰত্যেক জিলাতে বাধ্যতামূলকভাৱে মানি ফেয়াৰ বা ইনভেষ্টমেন্ট ফেয়াৰ আয়োজন কৰে তেনেহ’লে বিনিয়োগকাৰীয়ে বিনিয়োগ কৰাৰ আগতে বিভিন্ন দিশৰ ওপৰত তুলনামূলক অধ্যয়ন কৰিব পাৰিব। শেষত ৰবাৰ্ট কিয়োছাকিয়ে কোৱা এষাৰ কথাৰে এই লেখাৰ সামৰণি মাৰিব খুজিছো। সেইষাৰ হৈছে-‘এইটো জৰুৰী নহয়, আপুনি কিমান টকা বিনিয়োগেৰে পাইছে’ জৰুৰী হৈছে কিমান টকা আপুনি বিনিয়োগ কৰিব পাৰিছে আৰু সেই ধনে আপোনাৰ বাবে কেনেকৈ কাম কৰে তাৰ ওপৰত অধ্যয়ন কৰা হয়তো এদিন সময় আহিব সেই বিনিয়োগৰ ধন আৰু লাভাংশৰে আপুনি আপোনাৰ বহু বংশক বা জেনেৰেচনক সহায় কৰিব পাৰিব’।

লিখক: ড দেবজিৎ মহন্ত, অসমীয়া প্ৰতিদিন।

শেহতীয়া উন্নীতকৰণ: : 6/5/2020



© C–DAC.All content appearing on the vikaspedia portal is through collaborative effort of vikaspedia and its partners.We encourage you to use and share the content in a respectful and fair manner. Please leave all source links intact and adhere to applicable copyright and intellectual property guidelines and laws.
English to Hindi Transliterate