মূল পৃষ্ঠা / সমাজ কল্যাণ / বিত্তীয় অন্তৰ্ভূক্তি / সামগ্ৰী আৰু সেৱা কৰ আইনৰ এটি পৰ্যালোচনা
অংশিদাৰী
Views
  • স্থিতি: সম্পাদনাৰ বাবে মুকলি

সামগ্ৰী আৰু সেৱা কৰ আইনৰ এটি পৰ্যালোচনা

সামগ্ৰী আৰু সেৱা কৰ আইনৰ এটি পৰ্যালোচনা বিষয়ে লিখা হৈছে

 

সামগ্ৰী আৰু সেৱা কৰ আইনে (Goods and Services Tax)সমগ্ৰ ভাৰতবৰ্ষত একেধৰণৰ কৰ ব্যৱস্থাৰ সৃষ্টি কৰিব আৰু ই ‘এক দেশ এক কৰ’ব্যৱস্থাৰ সুচনা কৰিব অৰ্থাৎ এক অৰ্থত ‘এক দেশ এক কৰ’ব্যৱস্থাই দেশৰ জনসাধাৰণক কম মুল্যত সামগ্ৰী ক্ৰয় কৰাত সহায়ক হ’ব।এই কৰ ব্যৱস্থা ১-৭-২০১৭ চনৰ পৰা কাৰ্যকৰী হোৱাৰ কথা।

ভাৰতবৰ্ষৰ ইতিহাসত কেন্দ্ৰীয় আৰু ৰাজ্যিক স্তৰত বেলেগ বেলেগ কৰ ব্যৱস্থাৰ প্ৰচলন হৈ আহিছে।স্বৰাজোত্তৰ কালতো আমাৰ দেশত বহুকেইখন কৰ সম্বন্ধীয় আইন বলৱৎ হৈ আহিছে।এনে ধৰণে কেইবাখনো কৰ আইন হোৱাৰ ফলত জনসাধাৰণে প্ৰায়ে নানা অসুবিধাৰ সন্মুখীন হ’বলগীয়াত পৰে।ইয়াৰ পৰিপ্ৰেক্ষিতত ভাৰতৰ কেন্দ্ৰীয় চৰকাৰে ৰাজ্যসমুহৰ লগত আলোচনা মৰ্মে বহুদিনীয়া সমস্যাৰ অন্ত পেলাই এই নতুন ব্যৱস্থা প্ৰৱৰ্তনৰ বাবে সাজু হৈছে।এই ব্যৱস্থা প্ৰৱৰ্তনৰ ক্ষেত্ৰত কেন্দ্ৰীয় চৰকাৰৰ বহু সমস্যাৰ উদ্ভৱ হৈছিল,কিয়নো এই ব্যৱস্থা প্ৰয়োগৰ ক্ষেত্ৰত দেশৰ প্ৰায়সংখ্যক ৰাজ্যই আপত্তি দৰ্শাইছিল।Governent of India Act,1935 আৰু স্বাধীনতাৰ পিছত সংবিধান প্ৰদত্ত আন আন বিষয়ৰ কৰ আইন প্ৰণয়ন কৰি ৰাজ্যসমুহৰ অৰ্থনৈতিক উন্নয়নৰ ক্ষমতা প্ৰদান কৰিছিল।ফলত ৰাজ্যসমুহে অৰ্থনৈতিক ভাৱে বহু পৰিমাণে স্বাৱলম্বী হ’ব পাৰিছিল।বহুদিনীয়া ক্ৰয়-বিক্ৰীৰ ওপৰত থকা কৰ ব্যৱস্থাৰ ফলত ৰাজ্যসমুহৰ বৃহৎ পৰিমাণৰ ৰাজহ সংগ্ৰহ হৈছিল আৰু এনে ব্যৱস্থা নাইকিয়া কৰিলে ৰাজ্যসমুহত অৰ্থনৈতিকভাৱে সমস্যাৰ সৃষ্টি হ’ব আৰু সেয়েহে ৰাজ্যসমুহে অনুদানৰ আশাত সদায় কেন্দ্ৰৰ ওচৰত ৰৈ থাকিব লাগিব।ইয়াৰ ফলত ৰাজ্যসমুহত উন্নয়নমুলক কাম-কাজত যতি পৰিব।শেষত কেন্দ্ৰীয় চৰকাৰ আৰু ৰাজ্য চৰকাৰ উভয়ে এক সিদ্ধান্তত উপনীত হৈ ২০১৫ আৰু ২০১৬ চনত লোকসভাত আৰু ৰাজ্যসভাই সংশোধিত সংবিধান বিল পাছ কৰিলে।এই বিলত ৫০ চতাংশৰো অধিক ৰাজ্যই অনুমোদন জনালে।ইয়াত ৰাষ্ট্ৰপতিৰ স্বাক্ষৰ হোৱাৰ পিছত সংবিধান সংশোধন ব্যৱস্থা কাৰ্যকৰী হ’ল।

বৰ্তমান কেন্দ্ৰীয় চৰকাৰে এখন আদৰ্শ জি এছ টি আইন প্ৰকাশ কৰি উলিয়াইছে।সেইমতে এই আইনক তিনি ভাগত বিভক্ত কৰা হৈছে।সেই ভাগসমুহ হৈছে-

(ক)কেন্দ্ৰীয় জি এছ টি আইন (C.GS.T Act)

(খ) ৰাজ্যিক জি এছ টি আইন (S.GS.T Act)

(গ)সংহত জি এছ টি আইন (Intigated G.S.T Act)

প্ৰথম আইনখন কেন্দ্ৰীয় কৰ প্ৰশাসনৰ দ্বাৰা নিয়ন্ত্ৰণত থাকিব আৰু দ্বিতীয়খন ৰাজ্যিক কৰ প্ৰশাসনৰ নিয়ন্ত্ৰণত থাকিব।তৃতীয় আইনখন আংশিকভাৱে কেন্দ্ৰীয় আৰু ৰাজ্যিক প্ৰশাসনৰ নিয়ন্ত্ৰণত থাকিব।

কেন্দ্ৰীয় আইনত অন্তৰ্ভুক্ত হ’ব-

(ক)আবকাৰী আইন

(খ)অতিৰিক্ত আবকাৰী আইন

(গ)সেৱা কৰ আইন

(ঘ)দৰব আৰু প্ৰসাধন প্ৰস্তুতিৰ ক্ষেত্ৰত আবকাৰী শুল্ক আইন

(ঙ)অতিৰিক্ত আমদানি শুল্ক আইন

(চ)বিশেষ অতিৰিক্ত শুল্ক আইন

(ছ)অতিৰিক্ত কৰ আইন আৰু

(জ)ছেছ

ৰাজ্যিক কৰ আইনত অন্তৰ্ভুক্ত হ’ব-

(ক)মুল স্ংযোজিত কৰ আইন (ভেট)

(খ)বিক্ৰীকৰ আইন

(গ)আমোদ কৰ আইন

(ঘ)বিলাস কৰ আইন

(ঙ)লটাৰী,জুৱা আৰু বাজি আইন

(চ)ৰাজ্যিক ছেছ আৰু অতিৰিক্ত কৰ আইন

(ছ)প্ৰৱেশ কৰ আইন (ওকট্ৰোয় আইন বাদে)

প্ৰস্তাৱিত জি এছ টি আইনৰ পৰা খাৰুৱা তেল ,পেট্ৰ’ল ডিজেল আদিৰ কৰ ব্যৱস্থা বাদ দিয়া হৈছে।ধঁপাতজাতীয় সামগ্ৰীৰ কৰ এই ব্যৱস্থাৰ পৰা বাদ দিয়া হৈছে।যদি পেট্ৰ’ল,ডিজেল আদি জি এছ টি ব্যৱস্থাৰ পৰা আঁতৰত ৰখা হয়,কেন্দ্ৰীয় বিক্ৰীকৰ আইনৰ কাৰ্য্যব্যৱস্থা আৰু আন্ত:ৰাজ্যিক স্তৰত বিক্ৰী,স্থানান্তৰণৰ প্ৰয়োগ হ’ব।এনে অৱস্থাত সামগ্ৰী স্থানান্তৰণৰ নামত কৰ ফাঁকি পুৰ্বৰ দৰে বাহাল থাকিব।ৰাজহ সংগ্ৰহত বাধা আহিব।জি এছ টি আইন কাৰ্যকৰীকৰণৰ ক্ষেত্ৰত সকলো দিশ বিবেচনা কৰি সফলভাৱে ৰুপায়ণ হ’ব বুলি সমগ্ৰ দেশবাসী বৰ্তমান আশাবাদী।

লেখক:মুখলিছা ফাৰহানা ৰহমান (ৰাইজৰ বাতৰি)

2.86363636364
আপোনাৰ পৰামৰ্শ প্ৰদান কৰক

(এই লিখনি সম্পৰ্কে যদি আপোনাৰ কোনো মতামত নাইবা পৰামৰ্শ আছে তেন্তে ইয়াত প্ৰদান কৰক।)

Enter the word
দিক্‌ নিৰ্ণায়ক
Back to top