অসমীয়া   বাংলা   बोड़ो   डोगरी   ગુજરાતી   ಕನ್ನಡ   كأشُر   कोंकणी   संथाली   মনিপুরি   नेपाली   ଓରିୟା   ਪੰਜਾਬੀ   संस्कृत   தமிழ்  తెలుగు   ردو

‘এন পি এছ’ ৰ আঁচনিৰে অৱসৰৰ পৰিকল্পনা কৰিবলৈ যাওঁতে

‘এন পি এছ’ ৰ আঁচনিৰে অৱসৰৰ পৰিকল্পনা কৰিবলৈ যাওঁতে

যিসকল চৰকাৰী চাকৰিয়াল ‘এন পি এছ’ বলবৎ হোৱাৰ আগতে নিযুক্তি পাইছিল তেখেতসকলৰ পেন্সন ব্যৱস্থা যথেষ্ট সৰল। মোটামুটি হিচাপ শেষ দৰমহাৰ প্ৰায় ৫০ শতাংশ মাহেকীয়াকৈ পেন্সন হিচাপে তেখেতসকলে পায়। এই পেন্সনৰ মৰগীয়া বানচৰ অংশটো প্ৰতি বছৰে চৰকাৰী কৰ্মচাৰীৰ লেখীয়াকৈ বাঢ়ি যায়। মই লক্ষ্য কৰা অনুসৰি এজন অসম চৰকাৰৰ অৱসৰ প্ৰাপ্ত চাকৰিয়ালৰ মুঠ পেন্সন যোৱা ১৫-১৬ বছৰত প্ৰতিবছৰে গড়ে ৯ শতাংশতকৈ বেছি বৃদ্ধি হৈ গৈ আছে। অৰ্থাৎ যোৱা বছৰ যদি মুঠ পেন্সন ২০ হেজাৰ আছিল এই বছৰ মৰগীয়া বানচ আৰু আন শিতানত বৃদ্ধি হোৱাৰ ফলত মুঠ পেন্সন হৈছেগৈ প্ৰায় ২১,৮০০ টকা।

এতিয়া আহো ‘এন পি এছ’ আঁচনিৰ জৰিয়তে কৰিব খোজা অৱসৰৰ পৰিকল্পনাৰ কথালৈ। য’ত মাহেকীয়া পেন্সনৰ বাবে অৱসৰৰ সময়ত অন্তত: ৪০ শতাংশ অৱসৰ পুঁজিৰে এনুইটি দ্ৰব্য কিনাটো বাধ্যতামূলক। কিন্তু মন কৰিবলগীয়া দিশটো এয়ে যে বৰ্তমানলৈকে ভাৰতত প্ৰকৃত মুদ্ৰাস্প্ৰীতিৰ হাৰত বৃদ্ধি হৈ গৈ থকা কোনো এনুইটি দ্ৰব্য নাই। সেয়ে ৪০ শতাংশ অৱসৰ পুঁজিৰে প্ৰতিমাহৰ পেন্সনৰ ব্যৱস্থা কৰিলেও সেয়া আপোনাৰ অৱসৰৰ পাচৰ মাহেকীয়া খৰচৰ বাবে যথাযথ হ’ব নে নহয় তাক বিচাৰ কৰি চোৱাৰ প্ৰয়োজন। মুদ্ৰাস্ফ্ৰীতিক উচিতভাৱে গণ্য নকৰিলে বহু সময়ত ভৱিষ্যতৰ টকা যথেষ্ট যেন এতিয়া লাগিব পাৰে। কিন্তু সেয়া ভুল হিচাপ। সেয়ে বাকী ৬০ শতাংশ টকা মুঠকৈ উঠাবলৈ অনুমতি থাকিলেও সেই টকা নিজৰ অৱসৰৰ পৰিকল্পনাৰ অংশ নকৰি অন্য বেলেগ কাৰণত খৰচ কৰিবলৈ চিন্তা কৰাৰ আগতে প্ৰয়োজনীয় হিচাপ-নিকাচত বহাটো আৱশ্যক। গণনা কৰি চাওক ভৱিষ্যতৰ প্ৰয়োজনীয় মাহেকীয়া খৰচক মুদ্ৰাস্ফ্ৰীতিৰ অনুপাতত বঢ়াই নি থাকিবলৈ আৰু অৱসৰৰ পাচত মুঠকৈ হোৱা টকাৰ প্ৰয়োজনবোৰৰ বাবে বাকী থকা পেন্সন পুঁজিৰ কিমান টকা ক’ত কেনেকৈ বিনিয়োগ হোৱা উচিত। বৰঙণি যোগাই থকা সময়ছোৱাত ‘এন পি এছ’ ৰ জৰিয়তে অৱসৰ পৰিকল্পনা কৰা ব্যক্তি এজনে তলৰ কথাকেইটা লক্ষ্য কৰাটো গুৰুত্বপূৰ্ণ-

১) নিজৰ নামত প্ৰতিমাহে জমা হোৱা মুঠ বৰঙণি,

২) বৰ্তমানলৈকে ‘এন পি এছ’ আঁচনিত জমা হোৱা মুঠ পুঁজি,

৩) অৱসৰলৈ হাতত আৰু কিমান বছৰ আছে

৪) বছৰি গড়ে কি হাৰত বৰঙণি বৃদ্ধি হোৱাৰ সম্ভাৱনা,

৫) ‘এন পি এছ’ত নিজৰ বাবে প্ৰযোজ্য হোৱা আঁচনিখনে গ্ৰহণ কৰা সম্পদ আবন্টনৰ অনুপাতলৈ লক্ষ্য কৰি অনাগত সময়বোৰত সম্ভাব্য বাৰ্ষিক ফলৰ গড় কি হ’ব?

উদাহৰণস্বৰূপে আমাৰ ফলৰ প্ৰত্যাশা ইকুইটিৰ পৰা যদি ১৪ শতাংশ বছৰি হয় আৰু সামগ্ৰিকভাৱে ঋণ সম্পদৰ পৰা বছৰি ৮.৫ শতাংশ হয় তেন্তে চৰকাৰী চাকৰিয়ালৰ বাবে থকা ‘এন পি এছ’ৰ আঁচনিখনত ইকুইটি আৰু ঋণ সম্পদৰ অনুপাত ১৫:৮৫ হোৱাৰ হেতুকে প’ট’ফলিঅ’টোৰ পৰা দীৰ্ঘদিনৰ প্ৰত্যাশিত ফল গড় হিচাপত বছৰি হ’ব প্ৰায় ৯.৩২ শতাংশ। ঠিক তেনেদৰে কৰ্প’ৰেট চাকৰিয়ালৰ বাবে থকা সক্ৰিয়ভাৱে বাছনি কৰিব পৰা আঁচনিখনৰ জৰিয়তে ইকুইটি আৰু ঋণ সম্পদক যদি ৫০:৫০ অনুপাতত আবন্টন কৰা হয়, তেন্তে প্ৰত্যাশিত ফল হ’ব ১১.২৫ শতাংশ। এইখিনিতে এটা কথাত স্পষ্ট হৈ লোৱা ভাল যে বজাৰৰ লগত সম্পৰ্ক থকা যিকোনো বিনিয়োগৰ প্ৰত্যাশিত ফল আৰু বিনিয়োগৰ শেষত ফলৰ প্ৰাপ্তি একে নহ’বও পাৰে। ধৰক যান-জটৰ বাবে গাড়ীৰে ‘ক’ ঠাইখনৰ পৰা ‘খ’ ঠাইখনলৈ যাওঁতে সময় এক ঘন্টা লাগিব পাৰে বুলি পূৰ্বৰ অভিজ্ঞতাৰ ভিত্তিত যাত্ৰাৰ আৰম্ভণিতে কোৱা হ’ল। কিন্তু কাৰ্য্যক্ষেত্ৰত দেখা গ’ল যে ভবাতকৈ আজি যান-জট কম বা বেছি হোৱাৰ বাবে সেই দূৰত্ব অতিক্ৰম কৰিবলৈ প্ৰকৃত সময় প্ৰত্যাশিত সময়তকৈ কম বা বেছি লাগিল। সেই ব্যৱধান আহিল বুলিয়েই প্ৰত্যাশাৰ প্ৰয়োজন কমি নাযায়। যেতিয়াই পৰিকল্পনাৰ কথা আহিব তেতিয়াই আহিব যুক্তিসংগত প্ৰত্যাশাৰ গুৰুত্ব। দীঘলীয়া সময়ৰ বিনিয়োগত কি যুক্তিসংগত প্ৰত্যাশিত ফল আৰু শেষ ফলৰ পাৰ্থক্য কম হোৱাই স্বাভাৱিক।

এতিয়া উপৰোক্ত ৫ টা তথ্যৰ ভিত্তিত আপোনাৰ অৱসৰৰ সময়ত ‘এন পি এছ’ পুঁজিৰ এটা আনুমানিক সংখ্যা গণনা কৰি উলিয়াব পাৰো। ইয়াৰ পাছৰ স্তৰটো হ’ল আপোনাৰ সামগ্ৰিক অৱসৰ পৰিকল্পনাৰ বাবে ‘এন পি এছ’ৰ পুঁজিয়েই যথেষ্ট হয় নে নহয়। যদি নহয়, সেই ব্যৱধান কিমান আৰু তাৰ বাবে কেনেকৈ সাজু হ’ব? এনেধৰণৰ পৰ্য্যালোচনা সংজ্ঞা নিৰূপিত বৰঙণি যুগত কোনেও এৰাই চলিব নোৱাৰে বা চলা অনুচিত। চৰকাৰী চাকৰিয়ালৰ ক্ষেত্ৰত ‘এন পি এছ’ ত ইকুইটি বিনিয়োগ ১৫ শতাংশতকৈ বেছি হ’ব নোৱাৰাটো এটা ডাঙৰ সীমাবদ্ধতা। কৰ্প’ৰেট চাকৰিয়াল এনে সীমাবদ্ধতাৰ পৰা বহুখিনি মুক্ত। সক্ৰিয় আঁচনিখনত ৫০ শতাংশ পৰ্য্যন্ত ইকুইটিত বিনিয়োগ কৰিব পাৰে। দীৰ্ঘম্যাদী আঁচনিত আক্ৰমণাত্মক দৃষ্টিভংগীৰ আৱশ্যক আছে। কিন্তু এইটোও সঁচা যে বিনিয়োগৰ সময়ছোৱাত কৰ্প’ৰেট কৰ্মচাৰীয়ে চৰকাৰী কৰ্মচাৰীৰ তুলনাত অধিক উত্থান-পতনৰ সন্মুখীন হ’ব। মানসিকভাৱে যিটো এজন বিনিয়োগকাৰীৰ বাবে পীড়াদায়ক। কিন্তু এইটো কথা পাহৰিলে ভুল হ’ব যে অৱসৰৰ দিনটো অহাৰ আগেয়ে প্ৰয়োজনীয় পুঁজিটো নিৰ্মাণ কৰাহে মূল লক্ষ্য।

লিখক: ভাস্কৰজ্যোতি বৰুৱা।

 

শেহতীয়া উন্নীতকৰণ: : 6/21/2020



© C–DAC.All content appearing on the vikaspedia portal is through collaborative effort of vikaspedia and its partners.We encourage you to use and share the content in a respectful and fair manner. Please leave all source links intact and adhere to applicable copyright and intellectual property guidelines and laws.
English to Hindi Transliterate