অসমীয়া   বাংলা   बोड़ो   डोगरी   ગુજરાતી   ಕನ್ನಡ   كأشُر   कोंकणी   संथाली   মনিপুরি   नेपाली   ଓରିୟା   ਪੰਜਾਬੀ   संस्कृत   தமிழ்  తెలుగు   ردو

’৭২ ৰ নিয়ম আপুনি জানেনে?

’৭২ ৰ নিয়ম আপুনি জানেনে?

: প্ৰথমবাৰৰ জমা কৰি টকা সময়মতে ঠিকেই ঘূৰাই পালো। সেই টকাৰে নতুন চাইকেল এখন ল’লো। বিশ্বাস বাঢ়ি গ’ল। সেয়ে পিছৰবাৰ ধান বেচা টকাকেইটা আকৌ জমা থ’লো কোম্পানীটোৰে আঁচনি এখনত। এতিয়া যিবোৰ কথা শুনি আছো সেইবোৰ যদি সঁচা হ’বলৈ হয় মানে কিবা কাৰণত কোম্পানীটো যদি বন্ধ হৈ যায়, মোৰ টকাকেইটাৰ কি হ’ব? আমি দুখীয়া মানুহ, খেতি কৰি ঘৰ চলাওঁ। বৰ কষ্টৰ টকা বুজিছেনে? মানুহজনৰ অসহায় মাতটোৰ অস্থিৰতাখিনি ফোনটোৰ এইফালে মোৰ বুজাত অসুবিধা নহ’ল। প্ৰথমবাৰৰ মানুহজনে বিনিয়োগ কৰোতে কোম্পানীটো নহয় এজেন্টজন তেওঁৰ চিনাকি আছিল। প্ৰথমবাৰৰ বিশ্বাসো তেওঁ কোম্পানীটো নহয় এজেন্টজন তেওঁৰ চিনাকি আছিল। প্ৰথমবাৰৰ বিশ্বাসো তেওঁ কোম্পানীক নহয় এজেন্টজনকহে কৰিছিল। কিন্তু এবাৰ টকাকেইটা সঠিকভাৱে ঘূৰাই পোৱাৰ পিছতেই যেন কোম্পানীটো তেওঁৰ বাবে বিশ্বাসযোগ্য হৈ উঠিছিল। শেহতীয়াভাৱে প্ৰকাশিত বা-বাতৰিবোৰৰ ভিত্তিতহে তেওঁ বিষয়টো চিন্তা কৰিবলৈ লৈছে। লক্ষ্য কৰক, কিমান পৰিকল্পিতভাৱে অচিনাকি প্ৰতিষ্ঠান এটাই স্থানীয় চিনাকি মুখাবোৰ ব্যৱহাৰ কৰি গ্ৰাহকৰ পৰা টকা সংগ্ৰহ কৰে। ইয়াৰ বিপৰীতে অনভিজ্ঞ এজেন্টসকলে সম্ভাব্য বিপদ উলাই কৰি গ্ৰাহকক ‘মই আছো নহয়’ জাতীয় আশ্বাস দিবলৈও কুন্ঠাবোধ নকৰে। প্ৰথমে ভাল অভিজ্ঞতা পিছত লুট। বহু প্ৰতিষ্ঠানৰ আকৌ ইয়েই মূল ঠগন সূত্ৰ। সেয়ে একমাত্ৰ ব্যক্তিগত অভিজ্ঞতাকে পৰ্য্যালোচনাৰ একমাত্ৰ মাপকাঠী হিচাপে গ্ৰহণ কৰাটো বহু সময়ত অতি বিপদজনক হ’ব পাৰে।

: আপুনি থকা অঞ্চলটোত কোনো বেংক নাই নেকি? বেংকত ফিক্সড ডিপ’জিট কৰোহেঁতেন এই অনিশ্চয়তাৰ অশান্তি ভোগ কৰিব লগা নহ’ল হয়। মই ক’লো।

: এহ্‌ বেংকত থ’লে ৮ বছৰতহে দুগুণ হ’ব। কিন্তু ইয়াত যে ৫ বছৰতে দুগুণ হ’ব, সেইবাবে থ’লো আক’। মানুহজনৰ সৰল উত্তৰ।

মানুহজনক প্ৰত্যাশিত ফল আৰু ক্ষতিভয়ৰ মাজত থকা সম্পৰ্কৰ বিষয়ে ক’বলৈ গৈ ৰৈ গ’লো। অচিনাকি মানুহ এজনক ফোনত দিয়া উপদেশৰ সীমাবদ্ধতা বহুত। কেনেকৈ বা লয় তেওঁ কথাবোৰ। সংকোচ এটা মনত অনবৰতে লাগি থাকে। তদুপৰি তেওঁ মই ক’ব বিচৰা কথাবোৰ তেওঁ মই ক’ব বিচৰা কথাবোৰ সঠিকভাৱে বুজিছে নে নাই তাক বুজাতো অসুবিধা হয় কেতিয়াবা যদিহে তেওঁ নুবুজাকৈ মোৰ কথাবোৰ শলাগি যায়। মানুহ এজনক ভালদৰে নজনাকৈ দিয়া উপদেশ তেওঁৰ বাবে অনুপযোগীও হ’ব পাৰে। কিন্তু তেওঁৰ বাবে অনুপযোগীও হ’ব পাৰে। কিন্তু তেওঁড় ‘গুণ’ৰ হিচাপে মোক মনত পেলাই দিলে-মোৰ মায়েও দেখোন শতাংশৰ হিচাপতকৈ কেইবছৰত দুগুণ হ’ব তাৰ ভিত্তিত বিত্তীয় দ্ৰব্য একোটাৰ ফল কেনেকুৱা তাক ধাৰণা কৰিবলৈ সুবিধা পায়। মায়ে মাজে মাজে এতিয়াও কৈ থাকে-‘আগতেই ভাল আছিল, এন এছ চিবোৰ পাঁচ বছৰতে দুগুণ হৈছিল’। কিন্তু কিমান শতাংশ ফল আছিল বুলি সুধিলে মায়ে ক’ব নোৱাৰে। এতিয়া যদি আমি বিনিয়োগ দুগুণ হোৱা বছৰৰ সংখ্যাৰ পৰা ফলৰ হাৰ উলিয়াব পাৰো, তেন্তে বহু প্ৰশ্নৰ উত্তৰ আমি লগে লগেই পাব পৰা অৱস্থা এটা পাওঁ।

হয়, ’৭২ ৰ নিয়ম এনে এটা অতি সৰল তথা শক্তিশালী নিয়ম, যাৰ সহায়ত আমি বিনিয়োগ হোৱা ধন দুগুণ হোৱা বছৰৰ সংখ্যাৰ পৰা বাৰ্ষিক চক্ৰবৃদ্ধি সুতৰ হাৰ মোটামুটিভাৱে নিৰ্ণয় কৰিব পাৰো বা ওলোটাকৈ সুতৰ চক্ৰবৃদ্ধি হাৰৰ পৰা কেইবছৰত জমা ধন দুগুণ হ’ব তাক গণনা কৰিব পাৰো। উদাহৰণস্বৰূপে মোৰ মায়ে কোৱাৰ দৰে আগতে এন এছ চি ৫ বছৰত দুগুণ হৈছিল। কিমান শতাংশ চক্ৰবৃদ্ধি হাৰত সুত আছিল, তাক জানিবলৈ ৭২ ক ৫ ৰে হৰণ কৰক। উত্তৰ ওলাল ১৪.৪ শতাংশ। অৰ্থাৎ মোৰ মাৰ বাবে তাহানিৰ এন এছ চি আৰু আমাৰ কৃষক বিনিয়োগকাৰীজনৰ বাবে বৰ্তমানৰ আকৰ্ষণীয় ফল হৈছে ১৪.৪ শতাংশ। বৰ্তমান বেংকত টকা থ’লে ৮ বছৰতহে জমা ধন দুগুণ হয় বুলি যিটো কথা কৃষকজনৰ বাবে তেনেই অনাকৰ্ষণীয় হৈ পৰিছে শতাংশৰ হিচাপত এই হাৰ হ’ব ৭২÷৮=৯। অৰ্থাৎ ৯ শতাংশ ফলে আমাৰ কৃষকজনক মুঠেই আকৰ্ষণ কৰিব পৰা নাই। ইয়াৰ বিপৰীতে শতাংশৰ পৰা দুগুণৰ বাবে প্ৰয়োজনীয় বছৰ পাবলৈ আপুনি এইবাৰ ৭২ ক সুতৰ শতাংশৰ হাৰেৰে হৰণ কৰিলেই হ’ল। কোনোবাই যদি কৈছে বিশেষ বিত্তীয় দ্ৰব্য এটাই ১২ শতাংশ ফল দিব, তেন্তে কেইবছৰত দুগুণ হ’ব তাক জানিবলৈ ৭২ ক ১২ ৰে হৰণ কৰক। উত্তৰ ৭২÷১২=৬। অৰ্থাৎ ৬ বছৰত আপোনাৰ জমাৰাশি এই আঁচনিখনত দুগুণ হ’ব।

এতিয়া আপুনি দ্বিতীয় পৰ্য্যায়ৰ বিশ্লেষণ আৰম্ভ কৰিব পাৰে। ভাৰত চৰকাৰৰ দৰে টকা ছপা কৰাৰ অধিকাৰ থকা ব্যৱস্থা এটাই ‘এন এছ চি’ত এসময়ত ১৪.৪ শতাংশ সুত দিও বৰ্তমান প্ৰয় ৮.৭ শতাংশলৈ কমাইছে। তেনেদৰে বেংকৰো মূল ব্যৱসায় হৈছে সুত দি টকা জমা লোৱা আৰু সুতলৈ টকা ধাৰে দিয়া। বৰ্তমান বেংকত ফিক্সড ডিপ’জিট কৰিলেও ৮-৯ শতাংশৰ আশে-পাশেহে সুত পোৱাৰ সম্ভাৱনা আছে। তাতকৈ বেছি সুত দিবলৈ বেংকো অপাৰগ। এতিয়া প্ৰশ্ন হ’ল কোনোবা এটা প্ৰতিষ্ঠানে আহি আপোনাক কিয় ১৪.৪ শতাংশ ফল দিব বিচাৰিছে। তেওঁলোক এই অংগীকাৰ ৰক্ষা কৰিব পৰাকৈ সক্ষমনে? লগতে নাপাহৰিব যিসকল এজেন্টে আপোনাক ‘মই আছো নহয়’ বুলি ক’বলৈ কুন্ঠাবোধ নকৰে তেওঁলোকৰ কমিছনো কিন্তু উলাই কৰিব পৰাবিধৰ নহয়। এই সকলোবিলাক খৰচ বহন কৰিও আপোনাৰ টকা প্ৰতিষ্ঠানটোক লাগে। কিন্তু এটা কথা ঠিক বুজিব ভাৰত চৰকাৰৰ বিত্তীয় দ্ৰব্য বা সৰ্বসাধাৰণ বেংকে দিয়া প্ৰচলিত সুতৰ হাৰতকৈ আপোনাক আকৰ্ষিত কৰিব বিচৰা প্ৰতিষ্ঠানটোৰ সুতৰ হাৰ যিমানে বাঢ়ি যাব। এই দিশটো মন নকৰিলে আপুনি প্ৰতাৰণাৰ জালত ভৰি দিয়াটো একেবাৰে স্বাভাৱিক কথা আৰু বহুতৰে ক্ষেত্ৰত সেইটোৱেই হৈ আহিছে। বেছিভাগ সময়তে উচ্চ হাৰৰ ফলৰ বিপৰীতে থকা গণ্য কৰা নহয়। ক্ষতিভয় আশংকাবোৰ একেবাৰে গণ্য কৰা নহয়। ক্ষতিভয় পানীৰ তলৰ কাঁইট। ওপৰৰ পানীখিনি চাই অনুমান কৰিব নোৱাৰি বা পানীত নামিলেও ভৰিত নুফুটালৈকে কাঁইট নাই বুলিয়েও বহুতৰে বিশ্বাস জন্মে। কিন্তু যেতিয়া ফুটে, তেতিয়াহে উপলব্ধি হয় সেই বিষয়ে কোন পৰ্য্যায়ৰ।

লিখক: ভাস্কৰ জ্যোতি বৰুৱা।

শেহতীয়া উন্নীতকৰণ: : 6/21/2020



© C–DAC.All content appearing on the vikaspedia portal is through collaborative effort of vikaspedia and its partners.We encourage you to use and share the content in a respectful and fair manner. Please leave all source links intact and adhere to applicable copyright and intellectual property guidelines and laws.
English to Hindi Transliterate