অংশিদাৰী
Views
  • স্থিতি: সম্পাদনাৰ বাবে মুকলি

আয়-ব্যয় আৰু কৰ

আয়-ব্যয় আৰু কৰ

আজিকালি দৰমহা যথেষ্ট পায় চাকৰিয়াল মানুহে। মোৰ বন্ধু সমীৰণ বৰুৱাই মোক টেলিফোন কৰি ক’লে-আমি বৰ কম টকাতে চাকৰি কৰি আহিলো। কি কয় বৰুৱা আজিকালি দৰমহা যথেষ্ট পায় চাকৰিয়াল মানুহে। মোৰ বন্ধু সমীৰণ বৰুৱাই মোক টেলিফোন কৰি ক’লে-আমি বৰ কম টকাতে চাকৰি?


:মই উত্তৰ দিলো- আপুনি মোৰ সম বয়সৰ।

নিশ্চয় আপোনাৰ চাকৰিও ১৯৬৫-৬৬ চনত?

: হয়।

: তেতিয়া মুদ্ৰাস্প্ৰীতি আছিল কম। বস্তুৰ দাম আছিল কম। আপোনাৰ মনত আছেনে কিমান টকাত মাগুৰ মাছ কিনিছিল? মাংস কিমান টকাত কিনিছিল? দাইল কিনিছিল কিমান টকাত ১৯৬৬ চনত? আপোনালোকৰ দৰমহা কিমান আছিল? আপুনি এ চি এছ আছিল। গৃহিণী আছিল অধ্যাপিকা। নহয় জানো।

: মোৰ বস্তুৰ দামবোৰ ১৯৬৬ চনত মনত ঠিক পৰা নাই। তথাপি মাগুৰ মাছৰ দাম-কিলোত আঠ টকা আছিল। মাংসৰ দাম ১১ টকা কিলোত আৰু মচুৰ দাইল তিনি টকা কিলোত বোধহয়।

: এতিয়া মাগুৰৰ দাম ৩০০ টকা, দাইলৰ ১০০ টকা আৰু মাংসৰ ৪৮০ টকা। ভাবক দৰমহা নাবাঢ়িলে এতিয়াৰ সংসাৰ কেনেকৈ চলিব? আপোনাৰ দৰমহা আছিল ২৫০ টকা আৰু আপোনাৰ গৃহিণীৰ ২০০ টকা। মদনহঁত আই এ এছ হোৱা বাবে দৰমহা আছিল ৪০০ টকা মাহে। দৰমহা নাবাঢ়িলে এতিয়া কেনেকৈ চলিলেহেঁতেন মানুহে।

আজিকালি সকলোৰে দৰমহা প্ৰায় আধা লাখ বা তাৰে বেছি যদিহে তেওঁলোক চৰকাৰী বিষয়া, অধ্যাপক বা ডাক্তৰ-ইঞ্জিনীয়াৰ ইত্যাদি হয়। দেখাত দৰমহা বেছি। খৰছ কৰিবলৈ গৈ হাত ধৰিবলগীয়াত পৰে। একমাত্ৰ এতিয়া ভুক্তভোগী হ’ল অৱসৰ লোৱা মানুহখিনিৰ। ২০০০ চনত বা তাৰ আগতে যিখিনি বেচৰকাৰী অফিচৰ মানুহে অৱসৰ ল’লে তেওঁলোকৰ কি অৱস্থা হ’ল ভাবকচোন। চৰকাৰী অফিচাৰক নধৰিব। তেওঁলোকৰ অৱস্থা তথাপি তুলনামূলকভাৱে ভাল। এজন ভাৰতীয় কেন্দ্ৰীয় বিষয়াই অৱসৰৰ সময়ত পেন্সন পাইছিল ২০,০০০ টকা মাহে ২০০০ চনত। এতিয়া পায় ৬৫ হেজাৰ টকা। কিন্তু ভাবকচোন বেচৰকাৰী বিষয়াসকলৰ অৱস্থা, যাৰ কোনো পেন্সন নাই। আছে মাথোন প্ৰভিডেন্ট ফাণ্ডৰ টকা, গেচুইটিৰ জমা টকা। ধৰক তেওঁলোক অৱসৰ লওঁতে হাতত আছিল ৬০ লাখ টকা। ভাবিছিল সেই টকা বহুত, বেংকত থ’ব আৰু আৰামত ভালকৈ চলি যাব। ২০০০ চনত বেংকৰ জমা টকাৰ ওপৰত সুদ দিছিল বেংকে ১২ শতাংশ। আজি দিয়ে ৯ শতাংশ ৰ পৰা ৯.৫০ শতাংশ। তাৰ মানে বছৰে সুদ ২০০০ চনত আছিল ৭ লাখ ২০ হেজাৰ। আজি একেখিনি টকাৰ পৰা সুদ পায় ৫ লাখ ৪০ হেজাৰৰ পৰা ৬ লাখৰ ভিতৰত। তাৰ মানে বস্তুৰ দাম বাঢ়ি গ’ল। প্ৰবীণ নাগৰিকৰ আয় কমি গ’ল। তেওঁলোকৰ লাইফ ষ্টাইল কমি গ’ল। তথাপি চলি আছে- কাৰণ বয়সৰ ফলত খোৱা-বোৱা, ফুৰা-চকা, বাহিৰলৈ যোৱা খৰচ কমি যায়। কেৱল দৰবৰ খৰচহে বাঢ়ে। এতিয়া সেয়েহে বেচৰকাৰী অফিচাৰৰ অৱস্থা, যাৰ পেন্সন নাই- অতিকে বেয়া।

: সেয়েহে আপুনি কিয় পৰামৰ্শ দিয়ে-

: সদায় কৈ আহিছো, পেন্সন আঁচনি গ্ৰহণ কৰক, সঞ্চয় কৰক, জীৱন বীমা আৰু স্বাস্থ্য বীমা কৰক।

: স্বাস্থ্য বীমাৰ কথা কয় কিন্তু জানেনে বীমাৰ খৰচ কিমান বেছি? মই এখন স্বাস্থ্য বীমা কৰিলো, বছৰে ৪০ হেজাৰ টকা দিব লাগে, ৫ লাখ স্বাস্থ্য বীমাৰ বাবে।–সমীৰণে ক’লে।

: শুনি আচৰিত হ’লো, আপুনিটো চৰকাৰী বিষয়া। সকলো স্বাস্থ্যৰ খৰচতো চৰকাৰে নিদিয়ে জানো? আপুনি স্বাস্থ্য বীমা কৰিলে কিয়?

: চৰকাৰে দিয়ে। কিন্তু বহুতো বাধ্যবাধকতা আছে। নিজৰ পছন্দৰ ডাক্তৰক দেখুৱাবলৈ বহুতো ‘ফৰমেলিটি’ আছে- সেয়েহে লৈছো।

আজিকালি দৰমহা পাতি বহুত বাঢ়িলেও খৰচো বেছি। দৰমহা এজন বিষয়াই মাহে এক লাখ বা ডেৰ লাখ পালেও ক’ব দিব লাগিব ৩০ শতাংশ। বেংকত জমোৱা টকাৰ সুদ ক’বলৈহে ৯ শতাংশ কিন্তু প্ৰকৃততে হাতত পোৱা যায় ৬.৩০ শতাংশ আয়কৰ বেংকে কাটি লোৱাৰ পিছত। অৰ্থাৎ বহুত দৰমহা পায়ো কৰৰ ভৰত আপুনি ধনৱান হ’ব নোৱাৰিলে। ইয়াৰ বাবে দোষী আপুনি। আপুনি লাইফ ষ্টাইল বঢ়ালে। গাড়ী কিনিলে, ৰেস্তোৰাত খালে, গৰমৰ দিনত ছুটী ল’লে বিদেশ ভ্ৰমণৰ বাবে। পাহৰি গ’ল সঞ্চয় কৰিব লাগে। বেছিভাগ মানুহে কয়, ‘সঞ্চয়? কি যে ‘আমনি’ লগা কথা। আগেয়ে জীৱন উপভোগ কৰো ভাবিম।

কিন্তু যিজন মানুহে বুদ্ধিমান আৰু বিচক্ষণ তেওঁ সঞ্চয় কৰিলে ডেকাকালৰ পৰা। তেওঁলোকে কৰবিহীন বণ্ডত সঞ্চয় কৰিলে, পি পি এফত সঞ্চয় কৰিলে, ই এল এছ এছত সঞ্চয় কৰিলে, বেংকৰ পাঁচ বছৰীয়া আঁচনিত কৰিলে আৰু কৰ কমাই আনিলে প্ৰায় এক লাখ টকা। অৰ্থাৎ এক লাখ টকা ৮০ চি ধাৰামতে যেতিয়া কৰ দিয়াৰ বাবে ৰেহাই পালে, তেতিয়া তেওঁলোকৰ আয়কৰ বহুতোখিনি কমি গ’ল। অৰ্থাৎ প্ৰকৃত আয় বাঢ়ি গ’ল।

আয়কৰ কমাবৰ কি উপায় আছে?

নিজৰ প্ৰভিডেন্ট ফাণ্ডত শতকৰা ২০ শতাংশ দৰমহাৰ পৰা কটাই জমাব পাৰি। এই উপৰুৱা টকাৰ ওপৰতো আয়কৰ ৰেহাই পায়। ইতিমধ্যে পি পি এফৰ কথা ক’লোৱেই। কৰমুক্ত বণ্ডত বিনিয়োগ কৰক, যাৰ আয়কৰ ৩০ শতাংশ। দহ-পোন্ধৰ আৰু বিশ বছৰৰ আঁচনি আছে। ৰিটাৰ্ন পোৱা যায় ৮.৭৫ শতাংশ ৰ পৰা ৯ শতাংশ ওচৰা-উচৰি। আয়কৰবিহীন।

ইয়াৰ উপৰি মিউচুৱেল ফাণ্ডত বিনিয়োগ কৰক-ইকুইটিৰ ৰিটাৰ্নৰ ওপৰত আয়কৰ নালাগে।

জীৱন বীমা আৰু স্বাস্থ্য বীমাৰ ওপৰতো আয়কৰ ৰেহাই পোৱা যায়। স্বাস্থ্য বীমাত ২০ হেজাৰ পৰ্য্যন্ত আয়কৰ ৰেহাই পোৱা যায়।

: আপুনি কি পৰামৰ্শ দিব আয়কৰ কমাবৰ বাবে?

: মোৰ পৰামৰ্শ এটাই। ডেকা মানুহে ইকুইটিত বিনিয়োগ কৰক। বয়স্ক মানুহে কৰমুক্ত বণ্ড কিনক যদি ৩০ শতাংশ কৰৰ ভিতৰত আছে। ডেকাকালৰে পৰা পি পি এফ আৰম্ভ কৰক, বুঢ়াকালটো চলাই যাওক। পি পি এফৰ সময় সীমা বঢ়াব পাৰি। ইকুইটিত ৭৫ বছৰৰ পিছত টকা নখটুৱাব।

লিখক: গৌতম প্ৰসাদ বৰুৱা।

3.08196721311
আপোনাৰ পৰামৰ্শ প্ৰদান কৰক

(এই লিখনি সম্পৰ্কে যদি আপোনাৰ কোনো মতামত নাইবা পৰামৰ্শ আছে তেন্তে ইয়াত প্ৰদান কৰক।)

Enter the word
দিক্‌ নিৰ্ণায়ক
Back to top