অসমীয়া   বাংলা   बोड़ो   डोगरी   ગુજરાતી   ಕನ್ನಡ   كأشُر   कोंकणी   संथाली   মনিপুরি   नेपाली   ଓରିୟା   ਪੰਜਾਬੀ   संस्कृत   தமிழ்  తెలుగు   ردو

আয়কৰ কেতিয়া দিব নালাগে?

আয়কৰ কেতিয়া দিব নালাগে?

বিদেশৰ বেছিভাগ দেশতে সকলোৱে আয়কৰ দিব লাগে। আৰ্জন কৰিলেই এটা অংশ চৰকাৰে পায়। আমেৰিকাত বছৰে ২০ হেজাৰ ডলাৰ পালেও আয়কৰ দিব লাগে আৰু ২০ কোটি ডলাৰ পালেও আয়কৰ দিব লাগে।

: আমাৰ দেশত?

: আমাৰ দেশত বছৰে ২ লাখ টকা অৰ্জন কৰিলে তেওঁলোকে আয়কৰ দিব নালাগে। কিন্তু বেংকত টকা থৈ দিলে যদি সুদ ১০ হেজাৰ টকাৰ বেছি হয় তেতিয়া আয়কৰ কাটি লয় ১০ শতাংশ।

: তেনেহ’লে কি কৰিব লাগিব?

: ডেকা মানুহে ’১৫ জি ফৰ্ম’ দিলে আৰু প্ৰধান নাগৰিকে ’১৫ এইচ ফৰ্ম’ দিলে আয়কৰ নাকাটে।

: কিমান টকালৈকে আয়কৰ নাকাটে?

: যেতিয়ালৈকে মানুহজনৰ আৰ্জন ২ লাখ নহয় আৰু প্ৰধান নাগৰিকৰ ক্ষেত্ৰত ২ লাখ ৫০ হেজাৰ নহয়।

: তাতকৈ আয় বেছি হ’লে?

: আয়কৰ কাটি ল’ব।

বহুত মানুহে ভাবে যে তেওঁৰ আয় ২ লাখ ৫০ হেজাৰ বেছি হ’লেও যিহেতু ৮০ চি অনুসৰি আৰু এক লাখ টকাৰ ওপৰত আয়কৰ ৰেহাই পায়- গতিকে ১৫ জি বা ১৫ এইচ দিব পাৰি। কিন্তু প্ৰকৃততে যাৰ আয়কৰ সীমা ২ লাখ ৫০ হেজাৰৰ তলত তেওঁলোকেহে ’১৫ ডি’ আৰু ’১৫ এইচ’ দি সেই সুবিধা পাব পাৰে। নহ’লে ৰিটাৰ্ন দিয়াৰ সময়ত ৰিফাণ্ডৰ বাবে ব্যৱস্থা বিচাৰিব লাগিব। চৰকাৰৰ ঘৰৰ পৰা তেতিয়াহে হিচাপ কৰি টকা ফিৰৎ দিব।

সম্পূৰ্ণ আয়কৰ দিব লাগে প্ৰতি বছৰে মাৰ্চৰ ভিতৰত। বছৰত চাৰিবাৰ আগতীয়া আয়কৰ জমা দিব লাগে। সেইটোৱে নিয়ম। বছৰৰ শেষত ৰিটাৰ্ন দিব লাগে আৰু সেই ৰিটাৰ্ন অনুসৰি যদি বেছি আয়কৰ দিয়া হয়- চৰকাৰে ফিৰাই দিয়ে। কম আয়কৰ জমা দিয়া হ’লে-সুদসহ দিবলগীয়া আয়কৰ চৰকাৰে বিচাৰে। সদায় নিয়মমতে আয়কৰ মাৰ্চৰ ভিতৰত দিয়া উচিত।

আয়কৰ ৰেহাই নানাক্ষেত্ৰত পায়। পি এফ, পি পি এফ, ই এন এছ এ এছ, জীৱন বীমা, বেংকত ফিক্সড ডিপ’জিট, প্ৰবীণ নাগৰিকৰ বাবে জমা ৰাখিলে ৮০ চি চি ধাৰামতে ৰেহাই পায়।

ইয়াৰ উপৰি কিছু কিছু ক্ষেত্ৰত বিশেষ আয়কৰ ৰেহাই দিয়া হয়- যদি মাক-দেউতাকৰ শুশ্ৰূষাৰ বাবে টকা খৰচ কৰে, নিজৰ বাবে স্বাস্থ্য বীমা লয়। গতিকে মানুহে স্বাস্থ্য বীমা লোৱা উচিত। ৮০ চি চি ৰ অধীনত এক লাখ টকা পৰ্য্যন্ত আয়কৰ ৰেহাই পায়। ইয়াৰ উপৰি স্বাস্থ্য বীমা ল’লে ১০ হেজাৰ টকাপৰ্য্যন্ত উপৰুৱাকৈ আয়কৰ ৰেহাই পোৱা যায়। (৮০ ডি ধাৰামতে) মাক-দেউতাকৰ শুশ্ৰূষাৰ বাবে এক লাখ পৰ্য্যন্ত পোৱা যায় আয়কৰ ৰেহাই (৮০ ডি ডি ধাৰাৰ অধীনত)। দান দিলে (৮০ জি ৰ অধীনত) ৫০ শতাংশ আয়কৰ ৰেহাই পায়।

বৰ্তমান সময়ত যিবোৰ মানুহে মাহে ১৭,৫০০ টকা অৰ্জন কৰে তেওঁলোকে আয়কৰ দিব নালাগে। প্ৰবীণ নাগৰিকসকলে মাহে ২০,১৬০ টকা অৰ্জন কৰিলে আয়কৰ দিব নালাগে। প্ৰবীণ নাগৰিকসকলে মাহে ২০,১৬০ টকা অৰ্জন কৰিলে আয়কৰ দিব নালাগে। এই আৰ্জিত টকাৰ পৰা পি পি এফ, বীমা আদিত ১ লাখ টকা জমা থ’লে- ৮০ চি চি ধাৰামতে এক লাখ পৰ্য্যন্ত আয়কৰ ৰেহাই পাব পাৰে। গতিকে যদি এজন প্ৰবীণ নাগৰিকে প্ৰায় মাহে ৩০ হেজাৰ টকাও অৰ্জন কৰে তেনেহ’ল আয়কৰ দিব নালাগে। গতিকে হিচাপ কৰি খৰচ কৰিলে আৰু আৰু জমা কৰি গ’লে- এজন প্ৰবীণ নাগৰিকে বেছ ভালকৈ থাকিব পাৰে।

এটা কথা মনত ৰাখিব লাগে-যিবোৰ মানুহে ৮০ বছৰ বয়সলৈকে জীয়াই থাকে তেওঁলোকে ৫ লাখ টকাকৈ বছৰে অৰ্জন কৰিলে আয়কৰ দিব নালাগে। এই আয়ৰ পৰা যদি এক লাখ টকা সঞ্চয় কৰে। পি পি এফ বা বেংকত পাঁচ বছৰৰ বাবে বা প্ৰবীণ নাগৰিকৰ সঞ্চয় প্ৰকল্পত ৬ লাখ টকা সঞ্চয় কৰিলেও আয়কৰ দিব নালাগে। গতিকে এজন প্ৰবীণ নাগৰিকে মাহে ৫০ হেজাৰ টকা অৰ্জন কৰিলেও আয়কৰ দিব নালাগে- যদি তেওঁ ৮০ বছৰীয়া হয়।

গতিকে মনত ৰাখিব লাগিব সদায় কৰ দিয়া যুগুত। কৰ দিয়াতকৈও দৰকাৰী কথা হ’ল ৰিটাৰ্ন দিয়াটো। কিন্তু ৮০ বছৰীয়া হোৱাৰ পিচৰ বছৰ ৰিটাৰ্নো দিব নালাগে, কৰো দিব নালাগে যদিহে আয় পাঁচ লাখ অন্তত: হয়।

এনে বয়সত প্ৰবীণ নাগৰিকসকলে আয়কৰবিহীন বণ্ড কিনা উচিত। এই বণ্ড কিনিলে ৮ শতাংশ সুদ পাব বছৰত। কিন্তু কোনো আয়কৰ দিব নালাগে। যিখিনি মানুহৰ আয় পাঁচ লাখৰ বেছি তেওঁলোকে আয়কৰবিহীন বণ্ড কিনিব পাৰে।

লিখক: গৌতম প্ৰসাদ বৰুৱা, অসমীয়া প্ৰতিদিন।

শেহতীয়া উন্নীতকৰণ: : 6/21/2020



© C–DAC.All content appearing on the vikaspedia portal is through collaborative effort of vikaspedia and its partners.We encourage you to use and share the content in a respectful and fair manner. Please leave all source links intact and adhere to applicable copyright and intellectual property guidelines and laws.
English to Hindi Transliterate