অসমীয়া   বাংলা   बोड़ो   डोगरी   ગુજરાતી   ಕನ್ನಡ   كأشُر   कोंकणी   संथाली   মনিপুরি   नेपाली   ଓରିୟା   ਪੰਜਾਬੀ   संस्कृत   தமிழ்  తెలుగు   ردو

আয়কৰৰ আগতীয়া পৰিকল্পনা

আয়কৰৰ আগতীয়া পৰিকল্পনা

প্ৰতিটো বিত্তীয় বৰ্ষৰ শেষৰ তিনিটা মাহত, ঠিক জানুৱাৰী মাহৰপৰা মাৰ্চ মাহলৈ আয়কৰ দাতাসকলৰ মাজত আয়কৰ বচোৱাৰ বাবে খদম্‌দম লাগি যায়। আয়কৰ দাতাসকলৰ এই খদম্‌দম প্ৰতি বছৰে অৱশ্যে পালনীয় এক বছৰেকীয়া উৎসৱৰ নিচিনা।অৱশ্যে এই উৎসৱ পালন কৰিবলৈ নাপালেই বহু আয়কৰ দাতা সুখী হ’লহেঁতেন। আৰু এই বাবেই প্ৰায়ভাগ আয়কৰ দাতাই এটা বিত্তীয় বছৰৰ বাকী কেইটামাহ আয়কৰৰ কথা পাহৰি থাকিবলৈ বিচাৰে, আওকাণ কৰে বা এই বিষয়ে মূৰ ঘমাবলৈ নিবিচাৰে।কিন্তু আয়কৰ এনে এটা ‘বস্তু’, যাক আপুনি আওকাণ কৰিব পাৰে, পাহৰিবলৈ চেষ্টা কৰিব পাৰে,আয়কৰে হ’লে আপোনাক আওকাণ নকৰে বা আপোনাক পাহৰিও নাযায়।বছৰত এবাৰলৈ হ’লেও আয়কৰে কৰদাতাৰ দুৱাৰত দেনা-পাওনা উচল কৰিবলৈ টোকৰ মাৰিবই। দুৱাৰমুখত অবাঞ্চিত অতিথিক দেখি তেৰাক সন্তুষ্ট কৰিবলৈ কৰদাতা গৃহস্থই খৰখেদাকৈ হাতৰ কাষতে পোৱা ‘কিবা এটা’ কিনি আনে আৰু আয়কৰৰূপী অতিথিক বিদায় দিয়ে।আয়কৰৰূপী অতিথি সন্তুষ্ট হৈ গুচি যায় ঠিকেই, পিছে পিছত দেখা গ’ল খৰখেদাকৈ ‘কিবা এটা’কিনাৰ সেই সিদ্ধান্তটো আচলতে মুঠেই উপযুক্ত নাছিল।গতিকে বিত্তীয় বৰ্ষৰ শেষলৈ অপেক্ষা নকৰি বৰং বিত্তীয় বৰ্ষৰ আৰম্ভণিৰে পৰা আয়কৰৰ লগত হেস্ত-নেস্ত কৰিবলৈ কঁকালত টঙালি বন্ধা উচিত।ইয়াৰদ্বাৰা আয়কৰ দাতাসকলৰ কেইবাটাও দিশৰপৰা লাভ হয়। প্ৰথমে আগতীয়া আয়কৰৰ পৰিকল্পনাই সঠিক সিদ্ধান্ত লোৱাত সহায় কৰে। কাৰণ এখন উপযুক্ত আঁচনি চালিজাৰি চাবলৈ কৰদাতাই হাতত যথেষ্ট সময় পায়। কৰ ৰাহিৰ বাবে যি আঁচনি লোৱা হয়,সেই আঁচনি কেৱল কৰ ৰাহিৰ বাবেই নহয়,সেই আঁচনি প্ৰকৃততে ভৱিষ্যতৰ বাবে বিনিয়োগ হ’ব পাৰে।দ্বিতীয়তে, বছৰৰ শেষত কৰ ৰাহিৰ বাবে একেলগে বহু ধন বিনিয়োগ কৰাৰ ফলত বহুতৰে মাহেকীয়া বাজেটত খেলি-মেলি লাগিব পাৰে।তৃতীয়তে,বিত্তীয় বছৰৰ আৰম্ভণিতে কৰা বিনিয়োগ বিত্তীয় বৰ্ষৰ শেষত কৰা বিনিয়োগতকৈ আগতেই ফল প্ৰদান কৰে। গতিকে প্ৰতি মাহত আয়কৰ ৰাহিৰ বাবে এটা নিৰ্দ্দিষ্ট পৰিমাণৰ ধন বিনিয়োগ কৰি যোৱা উচিত। ইয়াৰ বাবে মিউচুৱেল ফাণ্ডৰ ‘টেক্স ছেভিং ফাণ্ড’ত ‘চিপ’ (Systematic Investment Plan)আৰম্ভ কৰিব পাৰে অথবা পি পি এফ (Public Provident Fund)বা এন পি এছ (National Pension System)ত প্ৰতিমাহে ধন সঞ্চয় কৰি যাব পাৰে।বহুতে পাঁচ বছৰীয়া বেংক ফিক্সড ডিপোজিত বা ‘এন এছ চি’ (National Saving Certificate)ত ধন বিনিয়োগ কৰে; কিন্তু এই ধনৰ ওপৰত পোৱা সুদৰ ওপৰত আয়কৰ দিবলগা হয়।পাঁচ বছৰীয়া ফিক্সড ডিপোজিতৰ ওপৰত পোৱা সুদৰ হাৰ তুলনামূলকভাৱে সাধাৰণ ফিক্সড ডিপোজিতৰ সুদতকৈ কম। আটাইতকৈ ডাঙৰ কথা হ’ল,ইয়াৰ পৰা পোৱা সুদৰ হাৰ সাধাৰণতে মুদ্ৰাসফীতিৰ হাৰতকৈ কম হয়। গতিকে বিনিয়োগকাৰীয়ে উপযুক্ত ফল লাভ নকৰে। আয়কৰ ৰেহাইৰ বাবে কৰদাতাসকলৰ এক বৃহৎ অংশই জীৱন বীমাৰ পলিচি ক্ৰয় কৰে। বিশেষকৈ এণ্ড্ৰুৱেমেণ্ট পলিচী (Endrowement policies)কৰ ৰেহাইৰ বাবে উপযুক্ত বুলি ক’ব পাৰি যদিও বিনিয়োগৰ দৃষ্টিৰে চাবলৈ গ’লে এনে পলিচীয়ে ৫-৬% ৰ বেছি ফল প্ৰদান নকৰে। সাধাৰণতে এণ্ড্ৰুৱেমেণ্ট পলিচীবোৰ দীৰ্ঘম্যাদৰ বাবে লোৱা হয়।অৰ্থাৎ দহ বছৰৰপৰা ২০/২৫ বছৰলৈ সময়মতে প্ৰিমিয়াম প্ৰদান কৰিলেহে বীমা কোম্পানীবোৰে ম্যাদৰ শেষত বীমাৰাশি বোনাচসহ পলিচীধাৰকক ঘূৰাই দিয়ে।বীমা পলিচী ম্যাদ পূৰ্ণ হোৱাৰ আগতে চাৰেণ্ডাৰ কৰিলে পলিচীধাৰক বহুখিনি ক্ষতিৰ সন্মুখীন হ’ব লগাত পৰে। গতিকে জীৱন বীমাৰ বাবে ম্যাদী পলিচী(Term Plan)লোৱা উচিত।কাৰণ ম্যাদী পলিচীয়ে কম প্ৰিমিয়ামত বেছি সুৰক্ষা প্ৰদান কৰে।তদুপৰি বীমা পলিচীধাৰকে প্ৰিমিয়ামৰ ওপৰত কৰ ৰেহাইৰ সুবিধাও লাভ কৰে। আজিকালি স্বাস্থ্য বীমাৰ পলিচী লোৱাটো অতি প্ৰয়োজনীয়। কাৰণ বৰ্ধিত চিকিৎসা ব্যয়ৰ বাবে হোৱা ঘাটি বাজেটৰ জোৰা মাৰিবলৈ স্বাস্থ্য বীমাৰ বিকল্প নাই।স্বাস্থ্য বীমাৰ বাবে প্ৰদান কৰা প্ৰিমিয়ামত ব্যয়ৰ সুবিধা লোৱাৰ লগতে আয়কৰ ৰেহাইৰো সুবিধা ল’ব পাৰি। মুঠতে এজন ব্যক্তিয়ে বিনিয়োগ কৰোঁতে কৰ ব্যৱস্থাৰ ওপৰত চকু দিয়াটো অত্যন্ত জৰুৰী।তেওঁ য’তেই বিনিয়োগ নকৰক কিয়, তেওঁৰ বিনিয়োগৰ টোপোলাটোত যদি কৰ ৰেহাইৰ আঁচনি নাথাকে, তেন্তে তেওঁৰ বিনিয়োগ সঠিক আৰু সম্পূৰ্ণ বুলি ক’ব নোৱাৰি।

লেখক: উৎপল শৰ্মা, প্ৰিয় সখী

শেহতীয়া উন্নীতকৰণ: : 6/21/2020



© C–DAC.All content appearing on the vikaspedia portal is through collaborative effort of vikaspedia and its partners.We encourage you to use and share the content in a respectful and fair manner. Please leave all source links intact and adhere to applicable copyright and intellectual property guidelines and laws.
English to Hindi Transliterate