অসমীয়া   বাংলা   बोड़ो   डोगरी   ગુજરાતી   ಕನ್ನಡ   كأشُر   कोंकणी   संथाली   মনিপুরি   नेपाली   ଓରିୟା   ਪੰਜਾਬੀ   संस्कृत   தமிழ்  తెలుగు   ردو

আপোনাৰ মন জাহাজৰ লংগৰ

আপোনাৰ মন জাহাজৰ লংগৰ

ঘৰৰ পৰ্দা কেই খন পুৰণি হ’ল বুলি পত্নীয়ে আপোনাক বহু দিনৰ পৰাই কাণ চুৱাই আছে। আপুনিও অনুভৱ কৰিছে এৰা, প্ৰায় ৮-১০ বছৰ মানেই হ’ল দেখোন, আনহে নালাগে ড্ৰ্যিং ৰুমৰ পৰ্দা কেই খনো সলনি হোৱা নাই। পুৱাৰ চাহৰ টেবুলতে ককৰ্থনাৰ সুৰত কথাটো আকৌ শুনিব লগা হোৱাত আপুনি ঠিক কৰিলে আজিয়েই দিকানলৈ যোৱা হওক। দোকনত ৰ্ং-বিৰঙৰ নানা তৰহৰ পৰ্দাৰ কাপোৰ ওলমি আছে। আপোনালোকে দুয়োৰে পছন্দ হোৱা কাপোৰৰ ঠাক এটালৈ আঙুলিয়াই দোকানীক সুধিলে- মিটাৰত কিমান? দোকানীয়ে দাম এটা ক’লে। আপুনি বহু দিন পৰ্দাৰ কাপোৰ কিনা নাই বা দোকন খনত সোমোৱাৰ আগতে বেলেগত সোধা-পোছা কৰি দামৰ ধাৰণা এটাও কৰি অহা নহ’ল। এক অথাত আপুনিও নাজানে প্ৰকৃততে তেনেকোৱা ধৰণৰ পৰ্দাৰ কাপোৰৰ দাম কিমান হোৱা উচিত। কিন্ত দোকানীৰ কথা-বাৰ্তাৰ পৰা এটা কথা ঠিক বুজিছে যে এইখন ‘ফিক্সড দাম’ৰ দোকান নহয়। কিমান দাম কমাব আপুনি? ১০ শতাংশ? ২০- শতাংশ? এতিয়া আন এটা প্ৰশ্নৰ উত্তৰ দিয়কচোন। ধৰক, দোকানীজনে আপোনাক এই অলপ আগতে কোৱা দামতকৈ ২০ শতাংশ কমকৈ যদি ক’লেহেতঁন, আপুনি বাৰু সেই দামত সন্ত্তষ্ট হ’ব পাৰিলেহেতেঁন নে? হয়তো আন সকলৰ দৰে আপুনিও সন্ত্তষ্ট হ’ব নোৱাৰিলে হয়। তেতিয়াও আপুনি দিব খোজা দামটো দোকানীয়ে বিচৰা দামতকৈ এতিয়াৰ দৰে ১০ শতাংশ, ২০ শতাংশশ্বা আপুনি ভবা ধৰণে কম নহ’লহেতেঁন নে? আচলতে আপুনি কমাব বিচৰা দামটো নিৰ্ভৰ কৰিছে দোকানীয়ে কোৱা দামটোৰ ওপৰত। ইয়াকে আচৰণ সম্বন্ধীয় মনোবিজ্ঞানত কোৱা হয় এংকৰিং এণ্ড এডজাষ্টমেণ্ট। অসমীয়াত কিজানি হ’ব পেলোৱা আৰু ঠিক ঠাক কৰা। আপোনাৰ মন জাহাজৰ লংগৰ পৰিল দোকানীয়ে কোৱা দামটোতে আৰু তাৰ পিছত আপুনি সেই দামকে ভিত্তি হিচাপে লৈ এটা সিদ্ধান্তলৈ আহিবলৈ চেষ্টাহে কৰিছে মাত্ৰ। দাম-দৰ চলা বহু দোকানত দোকানীয়ে উদ্ভট দাম এটা মতাৰ উদ্দেশ্য এটাই- যাতে আপোনাৰ লংগৰ সেই দামটোতে পৰে আৰু আপুনি কমাব বিচৰা দামটো পিছলি বৰ তললৈ নাহে। যি কথা নিশ্চয় আপুনিও নুবুজা নহয়। আন এটা উদাহৰণ লওক। আপুনি বাৰু বিভিন্ন গাড়ী কোম্পানীৰ টেষ্ট ড্ৰাইভৰ বাবে ৰখা নতুন গাড়ী কেই খনলৈ মন কৰিছেনে? চাব, সেই বিলাক সদায়ে উচ্চতম মডেলটোৰ গাড়ী। কোম্পানীয়ে বিচাৰে আপুনি যেতিয়া চলাব তেতিয়া লংগৰটো যেন সেই মডেলটোতে পৰে।সেই খন চলোৱাৰ পিচত বা তাত থকা সা-সুবিধা খিনি প্ৰত্যক্ষ কৰাৰ পিচত সৰ্বাধিক সম্ভাৱনা আছে, আপুনি সেই মডেলটোৱেই নিৰ্বাচন কৰিব। আপোনাৰ লংগৰটো যদি এবাৰ পৰি যায় দামৰ কথা চিন্তা কৰিলেও খুব বেছি তাৰ মডেলতকৈ তললৈ আপুনি নামিব নোৱাৰিব কিজানি। এয়া এক কৌশল উচ্চতম মডেলৰ গাড়ীৰ প্ৰতি আপোনাক আকৰ্ষিত কৰাৰ। ১৯৭৮ চনত এম’ছ টিভাৰ্স্কি আৰু ডেনিয়েল কাহনেমেনে প্ৰথম এই লংগৰ পেলোৱা আৰু তাৰ পিচত ঠিক-ঠাক কৰাৰ মানুহৰ প্ৰৱনতাটো সম্বন্ধে ব্যাখ্যা আগবঢ়ায়। তেওঁলোকৰ এই সম্পৰ্কীয় অধ্যয়নটো কৰিছিল ‘ইউনিভাৰছিটি অব্‌ অৰেগান’ৰ ছাত্ৰ এখিনিক লৈ। তেওঁলোকে কেছিন’ত ব্যৱহাৰ হোৱা ভাগ্য চকৰি (ৰোলেট) এটা এনেদৰে নিয়ন্ত্ৰণ কৰিলে, যাতে চকৰিৰ যতিচিহ্ন ৰৈ গৈ মাত্ৰ ১০ আৰু ৬৫ সংখ্যা দুটাৰ যিকোনো এটাতহে। অধ্যয়নটোত ভাগ লোৱা ছাত্ৰ সকলক কোৱা হ’ল সেই চকৰিটো ঘূৰাবলৈআৰু উত্তৰটো লিপিবদ্ধ কৰিবলৈ। নিশ্চিতভাৱে ছাত্ৰ সকলে টুকি লোৱা নম্বৰটো হয় ১০ নহয় ৬৫। ইয়াৰ পিছত দুটা প্ৰশ্ন তেওঁলোকলৈ আগবঢ়োৱা হ’ল-

(১) ৰাষ্ট্ৰসংঘৰ সমূহ সদস্য দেশৰ ভিতৰত আফ্ৰিকীয় দেশৰ সংখ্যা শতাংশৰ হিচাপত এই লিপিবদ্ধ হোৱা সদংখ্যাটোতকৈ বেছি নে কম?

(২) তোমাৰ সৰ্বশ্ৰেষ্ঠ অনুমান অনুসৰি সেই শতাংশৰ সংকগ্যাতো কিমান? যিসকল ছাত্ৰৰ চকৰি ১০ ত ৰৈছিল, তেওঁলোকৰ গড় উত্তৰ আছিল ২৫ শতাংশ, অৰ্থাৎ তেওঁলোকৰ মতে ৰাষ্ট্ৰসংঘৰ ২৫ শতাংশ দেশ আফ্ৰিকাৰ মহাদেশৰ। আনহাতে যিসকলৰ চকৰিৰৈছিল ৬৫ ত, সেই সকলৰ গড় উত্তৰ আছিল ৪৫ শতাংশ। চকৰি ঘূৰাবলৈ দি উত্তৰ লিপিবদ্ধ কৰোৱাৰ জৰিয়তে ছাত্ৰ সকলৰ মন জাহাজৰ লংগৰ পেলাবলৈ যত্ন কৰা হৈছিল সেই বিশেষ সংখ্যা দুটাত। ঠিক একেই সুৰতে মই যদি আপোনাক সোধো চীনৰ বেইজিং আৰু স্বামেন(Xiamen) চহৰৰ মাজৰ দূৰত্ব ৩০০ কিলোমট্টাৰৰ বেছি নে মক, যদিহে আপোনাৰ ধাৰণা নাই, আপুনি অনুমানৰ ভিত্তিত উত্তৰ এটা দিব যেনিবা। কিন্ত একে সময়তে এই ৩০০ সংখ্যাটোৱে অপোনাৰ মনত প্ৰথম তথ্য হিচাপে প্ৰয়োজনতকৈত্বেছি গভীৰ ভাৱে ৰেখাপাত কৰিব। পৰৱৰ্তী প্ৰশ্নটো যদি সেই দূৰত্ব কিমান বুলি মই সোধো, আপোনাৰ অনুমান আৰম্ভ হ’ব এই ৩০০ সংখ্যাৰ পৰাহে। আনহাতে মোৰ প্ৰশ্নৰ সংখ্যাটো ৩০০ ৰ পৰিৱৰ্তে ১৩০০ হোৱা হ’লে অপোনাৰ উত্তৰো পৃথক হোৱাতো প্ৰায় নিশ্চিত। গুগ্‌ল মেপৰ মতে ভূপথেৰে হ্ৰস্বতম দূৰত্ব ২,১০৬ কিলোমিটাৰ। ফলাফলৰ অনিশ্চয়তা থকা বিনিয়োগতো এই লংগৰ প্ৰভাৱ অতি সুলভ। ধৰক আপুনি এটা ইকুইটি মিউচুৱেল ফাণ্ডত এক লাখ টকা বিনিয়োগ কৰিছিল। সৌভাগ্য ক্ৰমে কিছুদিনৰ ভিতৰতেই ইকিটি বজাৰলৈ অহা উত্থানৰ প্ৰভাৱত সেই ফাণ্ডত আপোনাৰ জমা টকাৰ মূল্য হ’ল্য হ’লগৈ ১ লাখ ৫০ হেজাৰ টকা। তাৰ পিচত ফাণ্ডটোৰ বিপক্ষে কিছুমান ঋণাত্মক খবৰ বিনিয়োগৰ বজাৰত বিয়পিবলৈ ধৰিলে। নিৰ্দিষ্ট সুচাংকৰ তুলনাত ফাণ্ডটোৰ প্ৰদৰ্শন চকুত পৰাকৈ নিম্নগামী হ’বলৈ ধৰিলে আৰু সেয়া অব্যাহত থাকিল সুদীৰ্ঘ দিন ধৰি। ফাণ্ডটোত আপোনাৰ টকাৰ মূল্য কমি ১ লাখ ২৫ হাজাৰ হ’লগৈ। আপোনাৰ বিত্তীয় উপদেষ্টাই আপোনাক কৈ আছে এই ফাণ্ডটোৰ পৰা টকা উলিয়াই অন্য এটা ভাল ফাণ্ডত বিনিয়োগ কৰিবলৈ। আপুনি কৈছে- এতিয়া নহয়। ফাণ্ডটোৱে আকৌ অন্ততঃ ডেৰ লাখ মূল্য পোৱাৰ পিচতহে আপুনি ফাণ্ডটোৰ পৰা ওলাই আহিবলৈ ইচ্ছুক। কিন্ত্ত অতীতৰ ডেৰ লাখ টকাৰ সংখ্যাটো বৰ্তমান বা ভৱিষ্যৎ বিনিয়োগৰ সিন্ধান্তত মূল্যহীন। আপুনিহে লংগৰটো সেই সংখ্যাটোতে পেলাই বহি আছে। কাৰোবাৰ আকৌ লংগৰটো হ’ব পাৰে এক লাখ টকা। অৰ্থাৎ তেওঁ বিনিয়োগ কৰা সংখ্যাটো। তাতকৈ মূল্য কমলৈ গ’লে ফাণ্ডৰ মূল্য পুনৰ এক লাখ হ’বলৈ অপেক্ষা কৰাৰ মানসিকতা সততেই বহু বিনিয়োগকাৰীৰ মাজত দেখা যায়।

লেখক: ভাস্কৰ জ্যোতি বৰুৱা।

শেহতীয়া উন্নীতকৰণ: : 6/21/2020



© C–DAC.All content appearing on the vikaspedia portal is through collaborative effort of vikaspedia and its partners.We encourage you to use and share the content in a respectful and fair manner. Please leave all source links intact and adhere to applicable copyright and intellectual property guidelines and laws.
English to Hindi Transliterate