অসমীয়া   বাংলা   बोड़ो   डोगरी   ગુજરાતી   ಕನ್ನಡ   كأشُر   कोंकणी   संथाली   মনিপুরি   नेपाली   ଓରିୟା   ਪੰਜਾਬੀ   संस्कृत   தமிழ்  తెలుగు   ردو

আই পি ও বিনিয়োগ

আই পি ও বিনিয়োগ

আই পি ও

আই পি ও কি ?

যেতিয়া এটা কোম্পানীয়ে যিকোনো ষ্টক এক্সেইঞ্জত তালিকাভূক্ত নোহোৱা শ্বেয়াৰৰ নতুন ইচু বা ইয়াত ইতিমধ্যে থকা শ্বেয়াৰ বিক্রি কৰাৰ বাবে জনসাধাৰণৰ কাৰণে প্রথমবাৰৰ বাবে আগবঢ়ায় তেতিয়া সেই শ্বেয়াৰক আই পি ও বোলে  প্ৰাৰম্ভিক ৰাজহুৱা অফাৰৰ যোগেদি এয়া জাৰী কৰোঁতাই তেওঁলোকৰ শ্বোয়াৰ হোল্ডিং পৰিয়াললৈ নতুন বিনিয়োগকাৰীক প্ৰৱেশ কৰাৰ সুবিধা প্ৰদান কৰে।

কোম্পানীৰ বিকাশকসকলে কোম্পানীত বিনিয়োগ কৰা বেংকৰ লগত পৰামৰ্শ কৰি নির্দ্ধাৰণ কৰা দৰত বিনিয়োগকাৰীৰ বাবে শ্বেয়াৰ উপলব্ধ কৰি তোলে।

আই পি ও-ৰ সফল পৰিসমাপ্তিৰ পাছত কৰ্তৃত্বপ্ৰাপ্ত ষ্টক এক্সেইঞ্জত কোম্পানীটোৰ শ্বেয়াৰ তালিকাভূক্ত কৰা হয় আৰু সেয়া ট্ৰেডিঙৰ বাবে উপযুক্ত কৰি তোলা হয়।

২০০৩-০৪ৰ পৰা ২০০৭-০৮লৈ আই পি ও-ৰ কাৰণে এখন সজীৱ বজাৰ দেখা গৈছে  যদিও আই পি ও-ৰ সংখ্যা কম তথাপি এই পৰিমাণ বাঢ়ি গৈ আছে  দ্বিতীয় শ্ৰেণীৰ বজাৰ আৰু অৰ্থনীতি যথেষ্ট অৱনমিত হোৱাৰ বাবে ২০০৮-০৯বর্ষত চলিত ধনৰ পৰিমাণ কেৱল ২১টা সৰু আই পি ও-ৰ যোগেদি হর্ঠাত্ কমি ২০৩৪কোটি টকা লোকচান হয়গৈ  ২০০৯-১০ বৰ্ষত আই পি ও-ৰ বজাৰ পুনউজ্জীৱিত হবলৈ ধৰিছে-

বছৰ

আই পি ও-ৰ
সংখ্যা

ধনৰ পৰিমাণ
(কোটি হিচাপত)

2003-04

19

3191.10

2004-05

23

14662.32

2005-06

76

10797.88

2006-07

76

23706.16

2007-08

84

41323.45

2008-09

21

2033.99

2009-10

39

24948.31

2010-11
(৩১ অক্টোবৰ ২০১০ লৈকে)

35

28957.96

 

কোম্পানীয়ে আই পি ও কিয় আগবঢ়ায়?

কোম্পানীক প্রকল্প এটা গঠন কৰিবলৈ মজুত থকা ধনৰ পৰিমাণ বঢ়াবলৈ বা আন ফাললৈ ঢাল খুৱাবলৈ/প্রসাৰণ ঘটাবলৈ বা কেতিয়াবা মূলধনক কামত লগাবলৈ বা ধাৰ মাৰিবলৈ বা সঠিকভাৱে কামত লগাবলৈ সক্ষম হবলৈ আই পি ও আগবঢ়াৱা হয়  এইটোক কোৱা হয় মূলধনৰ নতুন ইচু যত বিক্রীৰ লাভ্যাংশ কোম্পানীলৈ যায় 

ৰিক্সত লোৱা মূলধনৰ সৈতে, ইতিমধ্যে থকা শ্বেয়াৰ গ্রহণকাৰীক কোম্পানীৰ শ্বেয়াৰ গ্রহণত সম্পূর্ণ ভাৱে বা আংশিক ভাৱে বর্তি থাকিবলৈ বা পৃষ্ঠপোষকতা কৰোঁতাৰ বাবে তেওঁলোকে ইতিমধ্যে গ্রহণ কৰি থকাখিনি আংশিকভাৱে লঘু কৰিবলৈ পথ দেখুৱাবৰ বাবে কোম্পানী জনসাধাৰণৰ ওচৰলৈ যাব 

নতুন মূলধনৰ যোগেদি টকাৰ বৃদ্ধি আৰু আই পি ও-ৰ যোগেদি বিক্রীৰ সুযোগৰ তালিকা তলত দিয়া হৈছে-

বছৰ

নতুন মূলধন

বিক্রীৰ বাবে সুযোগ

মুঠ

আই পি ও-ৰ সংখ্যা

পৰিমাণ
(কোটিৰ হিচাপত)

আই পি ও-ৰ
সংখ্যা

পৰিমাণ
(কোটিৰ হিচাপত)

আই পি ও-ৰ
সংখ্যা

পৰিমাণ
(কোটিৰ হিচাপত)

2003-04

16

1813.42

5

1377.68

19

3191.10

2004-05

21

8099.59

9

6562.73

23

14662.32

2005-06

76

9130.21

11

1667.67

76

10797.88

2006-07

74

22745.44

12

960.72

76

23706.16

2007-08

82

38634.65

9

2688.81

84

41323.45

2008-09

21

1985.08

3

48.92

21

2033.99

2009-10

39

21832.45

11

3115.86

39

24948.31

2010-11 (৩১ অক্টোবৰ ২০১০লৈকে)

33

10523.26

10

18434.7

35

28957.96

আই পি ও-ৰ বাবে আইন

জনসাধাৰণৰ অংশ গ্রহণৰ বাবে, বিশেষকৈ সংখ্যা লঘু শ্বেয়াৰ গ্রহণকাৰীৰ প্রসংগৰ সৈতে যুক্তিসংগত আৰু নম্রভাৱে এচ ই বি আয়ে কোম্পানী আইনৰ তত্তৱধান লয়। তেনে কোম্পানীৰ সচিব ব’ড থাকিব লাগে যত অতি কমেও কোম্পানীৰ/পৃষ্ঠপোষকৰ আধা সংখ্যক সদস্য স্বাধীন। তাৰোপৰি কোম্পানীৰ লিপিবদ্ধ বুজা-বুজি চুক্তি মতে চলিব লাগে, যিটো বিশেষ সাঁচত আৰু বাৰংবাতাত অনবৰত প্রকাশ কৰি থকা হব।

আই পি ও/এফ পি ও-এচ বি আই-ভূমিকা

যিকোনো কোম্পানীয়ে আই পি ও/এফ পি ও বনাওঁতে নথি-পত্র সহকাৰে ড্রাফ বনাই এচ ই বি আই-লৈ পর্যবেক্ষনৰ বাবে পথাব লাগে। ১০০ কোটিলৈকে জাৰী আকাৰৰ ক্ষেত্ৰতজাৰীকৰ্তা কোম্পানীৰ পঞ্জীভুক্ত কাৰ্য্যালয় য’ত অৱস্থিত সেই স্থানৰ সংশ্লিষ্ট অধিকৃত বোৰ্ডৰ আঞ্চলিক কাৰ্য্যালয়ত খচৰা অফাৰ নথি-পত্ৰ দাখিল কৰিব লাগিব  ২০০৯ এচ ই বি আই আই চি ডি আৰ আইন মতে বিভিন্ন পর্যায়ৰ এচ ই বি আই বিষয়াসকলে অভিযোগ সমূহৰ পৰীক্ষা কৰিব আৰু নথি-পত্র সমূহত সকলো ধৰণৰ তথ্য লিপিবদ্ধ থকাটো নিশ্চিত কৰিব লাগে।  

চেবিৰ পৰ্য্যৱেক্ষণ পত্ৰৰ বৈধতা কেৱল তিনি মাহৰ বাবে থাকিব অৰ্থাৎ কোম্পানীটোৱে তিনিমাহ সময়ৰ ভিতৰত ইছ্যুটো খুলিব লাগিব

ইচু গ্রহণযোগ্য কৰাটো বুজায়নে ?

এচ ই বি আই-য়ে যিকোনো ইচু গ্রহণযোগ্য বুলি মত নিদিয়ে নাইবা কোনো আঁচনীৰ বিত্তীয় মন্দাৱস্থাৰ বা প্রকল্পটোৰ যাৰ বাবে ইচুটো উত্থাপিত হৈছে বা বিস্তৃতিৰ শুদ্ধতাৰ কাৰণে বা তথ্যপাতিত প্রকাশিত মতৰ দায়িত্ব গ্রহণ নকৰে   

আগবঢ়োৱা তথ্য পাতিত থকা অংশ এচ বি আই-য়ে অনুমোদন কৰেনে ?

এচ ই বি আই-ত দাখিল কৰা তথ্যপাতি এচ ই বি আই-ৰ দ্বাৰা অনুমোদন কৰা,সম্পূর্ণ কৰা, গঠন কৰা, বা সঠিক কৰা বুলি ভৱা উচিত নহয়   লীড মেনেজাৰজনে প্রমান পত্র দিয়ে যে আগবঢ়োৱা তথ্য পাতি সাধাৰণভাৱে সঠিক, এচ ই বি আই-ৰ নিৰ্দেশনাৱলীৰ মতে প্রকাশ কৰিব পৰা আৰু বিনিয়োগকাৰীৰ সুৰক্ষা সেই সময়ত শক্তিশালী   বিনিয়োগকাৰীক সুযোগ দিবলৈ আৰু জানি-বুজি চলিত ইচুত বিনিয়োগ কৰাৰ সিদ্ধান্ত লবৰ বাবে ইয়াৰ প্রয়োজন আছে  

এচ বি আই-য়ে প্রদান কৰা অনুমতিয়ে আই পি ও/এফ পি ও-ক বিনিয়োগকাৰীৰ বাবে সুৰক্ষিত কৰেনে ?

আগবঢ়োৱা তথ্য-পাতিৰ ভিত্তিত সম্পূর্ণ জানি-বুজিহে বিনিয়োগকাৰীয়ে সিদ্ধান্ত লব লাগে এচ ই বি আই যিকোনো ইচু/ইচু গ্রহণকাৰীৰ লগত জড়িত নহয় আৰু ই বিনিয়োগকাৰীয়ে ইচুৰ যোগেদি বিনিয়োগ কৰিব বিচৰা ধনৰ বাবে নিশ্চিতি দিয়াৰ কথা বুজোৱাৰ পথতো নাথাকিব   তাৰোপৰি বিনিয়োগকাৰীয়ে কোনো বিনিয়োগ কৰাৰ আগতে ৰিক্স থকা অংশকে সামৰি ইচুটোৰ অন্তৰালত থকা সকলো প্রকৃত তথ্য-পাতি অধ্যয়ন কৰি লবলৈ পৰামর্শ দিয়া হয়। তেওঁলোকক যিকোনো বিশেষ ‘টিপচ’ বা কার্য়ালয়ৰ বাহিৰৰ অসংগত বাতৰিৰ বিপক্ষে বিশেষ ভাৱে সর্তক কৰি দিয়া হয়।

আই পি ও প্ৰস্তুতিৰ যোগ্যতা নিৰ্দ্ধাৰক গুণ

কোম্পানীয়ে এটা আই পি ও-ৰ পৰিকল্পনা কৰিবলৈ এচ ই বি আই-য়ে তলত দিয়া গুণ সমূহ থাকিব লগাটো চৰ্ত্ত হিচাপে আৰোপ কৰিছে-

১)পূৰ্বৱৰ্তী তিনিটা সম্পূর্ণ বছৰৰ প্ৰত্যেক বছৰত অতি কমেও তিনি কোটি টকাৰ মুঠ স্থাৱৰ সম্পত্তি

২) তিনি বছৰ অতি কমেও নির্দিষ্ট মূল্যত কিনিব-বেছিব পৰা এক কোটি টকাৰ লাভ

৩) ইচুৰ আকাৰ নির্দিষ্ট মুল্যত কিনিব পৰা ডাক-ইচুৰ পাঁচ বাৰতকৈ বেছি হব নোৱাৰিব

৪) প্ৰডাক্টৰ পৰিমাণ প্ৰডাক্টৰ পূৰ্ব অৱস্থাৰ ৫ গুণৰ অধিক হ’ব নালাগিব

৫) যদি কোম্পানীৰ নাম সলনি কৰা হয়, নতুন নামেৰে কৰা কার্যৰ পৰা অতি কমেও ৫০% ৰেভিনিউ এবছৰ চলাবলৈ দিব লাগিব

বিকল্প পথ

বহুটো ভাল কোম্পানী আছে যিবোৰ হয়তো এটা আৰু অন্য কাৰণে সকলো যোগ্যতা আর্জন কৰিবলৈ সক্ষম নহব পাৰে, তেনে কেম্পানীৰ বাবে অন্য দুটা বিকল্প পথ আছে-

বিকল্প -১

ক)৫০% বাধ্যতা মূলক ভাৱে যোগ্য আনুষ্ঠানিক কিনোতাক দিয়াৰ সৈতে, ইচুবোৰ আদ্যোপান্ত আগতীয়া বন্দোৱস্তৰে কৰিব পাৰি  খ) ডাক-ইচুৰ উপৰুৱা মূলধন অতি কমেও ১০ কোটি টকা হব পাৰে বা বাধ্যতামূলক ভাৱে দুবছৰ বজাৰ চলোৱা হব পাৰে

বা
বিকল্প-২

ক)প্রকল্পটো আনুষ্ঠানিকভাৱে জনোৱা হব আৰু এফ আই/তালিকাভূক্ত বাণিজ্যিক বেংকৰ দ্বাৰা বৃদ্ধি কৰা অংশগ্রহণকাৰী ১৫%লৈকে হব যাৰ অতি কমেও ১০% আনুমানিক মুল্য নিৰ্দ্ধাৰকৰ পৰা আহিব

খ)প্রাক-ইচুৰ উপৰুৱা মূলধন অতি কমেও ১০ কোটি হব পাৰে বা বাধ্যতামূলক ভাৱে দুবছৰ বজাৰ চলোৱা হব পাৰে   অতিৰিক্তভাৱে ওপৰত উল্লেখ কৰা যোগ্যতা নিৰ্দ্ধাৰক গুণ পূৰা কৰিবলৈ কোম্পানীটোত ইয়াৰ ইচুত অতি কমেও ১০০০ প্রত্যাহিত নিয়োজিত ব্যক্তি থাকিব পাৰে

নির্দিষ্ট ক্ষেত্রত যোগ্যতা নিৰ্দ্ধাৰক গুণৰ ৰেহাই-
তলত দিয়া নামৰ শাখাসমূহ যোগ্যতা নির্ধাৰক গুণৰ ক্ষেত্রত ৰেহাই-

  • ১৯৪৯ চনৰ বেংক আইন মতে স্থানীয় অঞ্চলৰ বেংক ব্যৱস্থাপনাকে ধৰি এটা বেংকৰ কোম্পানী
  • ১৯৭০ চনৰ বেংক আইনৰ অধীনত খাপ খোৱা এটা নতুন বেংক ব্যৱস্থাপনা এটা জীৱন-বীমা কোম্পানী
আন্ত:গাঠনি কোম্পানী
  • যিটো প্রকল্প আনুষ্ঠানিকভাৱে পাব্লিক ফাইনেঞ্চ ইনচটিটিউট পি এফ আই) ৰদ্বাৰা জ্ঞাত
  • যিকোনো পি এফ আইৰ দ্বাৰা প্রকল্পটোৰ খৰচৰ ৫% তকৈ কম অর্থযোগান কৰা নহয়

তালিকাভূক্ত কোম্পানীৰদ্বাৰা ৰাইটচ ইচু

ন্যূনতম জনসাধাৰণৰ শ্বেয়াৰ গ্রহণৰ প্রয়োজনীয়তা-
বি এচ ই তালিকাভূক্ত চুক্তিৰ ৪০এ দফাই বিচাৰে যে অতি কমেও ২৫%ডাকত আদায় দিয়া মূলধন ‘জনসাধাৰণ’(অর্থাত্ পৃষ্ঠপোষক বা পৃষ্ঠপোষণ কৰা দলৰ বাহিৰৰ)ৰ লগত হব লাগিব 

১৯(২) বি সুৰক্ষা যোগাযোগ নিয়ম মতে প্রতিটো শ্রেণীৰ সুৰক্ষাৰ অতি কমেও ২৫% বৰঙণি হিচাপে জনসাধাৰণলৈ দিব লাগিব তাৰোপৰি তলত দিয়া চৰ্ত্ত তিনিটা পূৰণ কৰিব পাৰিলে অতি কমেও ১০%আগবঢ়াব পাৰি –

জনসাধাৰণলৈ অতি কমেও দু়টা এম এম সুৰক্ষা(সংৰক্ষণ, ফার্ম অনুদান আৰু পৃষ্ঠপোষকৰ বৰঙণি বাদ দি)দিব লাগিব

  • ন্যূনতম অফাৰৰ আকাৰ ১০০ কোটি
  • আদ্যোপান্ত আগতীয়া বন্দোৱস্তৰে ৬০%জি বি আই আৱন্টন কৰা

তালিকাভূক্ত চুক্তিৰ ৪০ এ দফা অনুযায়ী তালিকাভূক্ত কৰাৰ পৰা অবিৰত ভাৱে ৰাজহুৱা শ্বেয়াৰগ্রহণ চোৱা-চিতা কৰা প্রয়োজন  

অবিৰতভাৱে জনসাধাৰণৰ শ্বেয়াৰগ্রহণৰ ন্যূনতম স্তৰ বর্তাই ৰাখিবলৈ ওপৰত উল্লেখ কৰা প্রয়োজনীয়তা সমূহ চৰকাৰী কোম্পানী (কোম্পানী আইন ১৯৫৬,৬১৭শাখাত উল্লেখ কৰাৰ দৰে)আন্তঃগাঠনি কোম্পানী(এচ ই বি আই আই চি ডি আৰ-আইন ২০০৯ দ্বিতীয় অধ্যায় দফা ১৪(৪)ত সংজ্ঞাবদ্ধ কৰাৰ দৰে) ঔদ্যোগিক আৰু বিত্তীয় পুনৰ নির্মাণ বর্ডৰ লগত জড়িত কোম্পানী বাবে প্রযোজ্য নহব  

টোকা : কোম্পানী আইন ১৯৫৬,৬১৭ শাখাত চৰকাৰী কোম্পানীক এনেদৰে সংজ্ঞাবদ্ধ কৰিছে- চৰকাৰী কোম্পানী মানে যিকোনো কোম্পানী যাৰ আদায় দিয়া শ্বেয়াৰৰ মূলধনৰ ৫১% কেন্দ্রীয় চৰকাৰে বা যিকোনো ৰাজ্য চৰকাৰে বা কেন্দ্রীয় চৰকাৰৰ দলে বা এক বা ততোধিক ৰাজ্য চৰকাৰৰ দলে আৰু তাত উল্লেখ থকা চৰকাৰী কোম্পানীৰ সহযোগী কোম্পানীয়ে দিয়ে

প্রকাশপ্রাপ্ত আগবঢ়োৱা তথ্যপাতি

১৯৯২ৰ পৰা সমগ্র আই পি ও/এফ পি ও আইন যিমানদূৰ সম্ভৱ বিনিয়োগকাৰীৰ বাবে জ্ঞাত-প্রকাশপ্রাপ্ত কৰি চলোৱা হৈছে আৰু ই বিনিয়োগকাৰীয়ে জানি-বুজি বিনিয়োগৰ সিদ্ধান্ত লোৱাৰ ক্ষেত্রত প্রাসংগিক  চেকিউৰিটী জাৰী কৰা সম্পৰ্কীয় প্ৰয়োজনীয় ডিস্কোজাৰসমূহক চেবীৰ আই আই চি ডি আৰ আইন ২০০৯ত বিস্তৃত ভাৱে সামৰি লোৱা হৈছে 

আগবঢ়োৱা তথ্য-পাতিৰ প্রকাৰ

ড্রাফ অ’ফাৰ ডক্যুমেন্টৰ- অৰ্থ হৈছে এচ ই বি (চেবি) আৰু ষ্টক এক্সেইঞ্জত অনুমোদনৰ বাবে কোম্পানীসমূহে দাখিল কৰা প্ৰথম খচৰা নথি-পত্ৰ আৰু এইবোৰক পুনৰীক্ষণ কৰাৰ পাছত তাৰ ফলাফলসমূহৰ বিষয়ে কোম্পানীক অৱগত কৰোৱা হয় আৰু তাৰ পাছত কোম্পানীয়ে অফাৰ ডক্যুমেন্ট প্ৰস্তুত কৰে  ড্রাফ অ’ফাৰ ডক্যুমেন্ট পর্যালোচনা কৰিবলৈ চেবীক আদর্শগত ভাৱে ৩০দিনৰ সময়ৰ প্রয়োজন  ড্রাফ অ’ফাৰ ডক্যুমেন্টটো এচ ই বি আই-ৰ দ্বাৰা ইয়াৰ ৱেভচাইটত ২১দিনৰ বাবে জনসাধাৰণৰ মতামতৰ বাবে ৰখা হয়  ইয়াক ৰাজহুৱা মতামতৰ বাবে কমেও 21 দিনৰ বাবে  য’ত নিৰ্দিষ্ট চিকিউৰিটিবোৰ তালিকাভুক্ত কৰাৰ বাবে প্ৰস্তাৱ কৰা হৈছে তেনে স্বীকৃত ষ্টক এক্সচেঞ্জৰ আৰু ইছ্যুটোৰ সৈতে জৰিত মাৰ্চেণ্টবেঙ্কৰ ৱেবছাইটত ৰখা হয়  ইয়াৰ উপৰিও, চেবিৰ ওচৰত খচৰা অফাৰ ডকুমেণ্ট দাখিল কৰা তাৰিখত বা ইয়াৰ পিছদিনা জাৰীকৰ্তাই এখন ইংৰাজী ৰাষ্ট্ৰীয় বাতৰি কাকত, এখন হিন্দী ৰাষ্ট্ৰীয় বাতৰি কাকত আৰু ইয়াৰ পঞ্জীভুক্ত কাৰ্য্যালয় য’ত অৱস্থিত সেই স্থানৰ এক আঞ্চলিক ভাষাৰ বাতৰি কাকত এখনত এক ৰাজহুৱা ঘোষণা কৰিব লাগিব, য’ত ৰাইজক খচৰা অফাৰ ডকুমেণ্ট দাখিল কৰাৰ কথা জনোৱা হব আৰু ৰাইজক তেওঁলোকৰ মন্তব্য চেবিৰওচৰত দিবলৈ নিমন্ত্ৰণ কৰা হব

নেতৃত্বৰ মাৰ্চেণ্ট বেঙ্কাৰ বোৰে, ওপৰোক্ত সময় (কমেও ২১ দিন) উকলি যোৱাৰ পিছত, সেই সময়ৰ ভিতৰত তেওঁলোকে বা খচৰা অফাৰ ডকুমেণ্ট জাৰীকৰ্তাই লাভ কৰা মন্তব্যবোৰৰ, আৰু ইয়াৰ ওপৰত ভিত্তি কৰি খচৰা অফাৰডকুমেণ্টত কৰা যিকোনো পৰিৱৰ্তনৰ, যদিহে কৰা হয়, বিষয়ে চেবিৰ ওচৰত এক প্ৰতিবেদন দাখিল কৰিব

ৰেড হেৰিং পচপেক্টাচ- এটা ৰেড হেৰিং পচপেক্টাচ (আৰ.এইচ.পি) হৈছে প্রাথমিকভাৱে পঞ্জীয়ন কৰা তথ্যপাতি, চেবীৰ ওচৰত বুল্ডিং ইচুৰ ক্ষেত্রত দাখিল কৰা হয় যেতিয়া মূল্যৰ বিষয়ে সম্পূর্ণ তথ্য নাথাকে বা ইচুৰ মুঠধনৰ শ্বেয়াৰৰ সংখ্যা উল্লেখ নাথাকে  ই বুজায় যে হাতে হাতে পোৱা ধন প্রকাশ পোৱা নাই, শ্বেয়াৰ সংখ্যা আৰু উচ্চ-নিম্ন মূল্য বান্ধনী প্রকাশ হৈছে  অন্যহাতে ইচু গ্রহণকাৰীয়ে ইচুৰ আকাৰ ঘোষণা কৰিব পাৰে আৰু শ্বেয়াৰৰ সংখ্যাৰ ক্ষেত্ৰত পিছত সংকল্প লব পাৰে  বুক-বিল্ট ইচুৰ ক্ষেত্রত, এইটো মূল্য যোগানৰ এক প্রক্ৰিয়া, যিহেতু মুল্য নিমন্ত্রণ জনোৱা(bidding)প্রক্রিয়াটো শেষ নোহোৱা পর্যন্ত শ্বেয়াৰৰ সংখ্যাৰ ক্ষেত্ৰত সংকল্প লব নোৱাৰি  তেনে ক্ষেত্রত এনে সম্পূর্ণ ৰূপ আৰ ও চি-ৰ সৈতে জমাবদ্ধ কৰি কোম্পানী আইন ভৱিষ্যতৰ কাৰণে কার্যব্যৱস্থাত ৰেড হেৰিং পচপেক্টাচত দেখুওৱা নহয়  কেৱল নিমন্ত্রণ জনোৱা প্রক্রিয়া শেষ হোৱাৰ পাছতহে চূড়ান্ত মূল্যৰ সবিশেষ অফাৰ ডক্যুমেন্টত অন্তৰ্ভূক্ত কৰা হব  আৰ ও চি-ৰ সৈতে তাৰ পাছত অফাৰ ডক্যুমেন্টত জমা কৰাটোক পচপেক্টাচ বোলা হয়।

অফাৰ ডক্যুমেন্ট- অফাৰ ডক্যুমেন্ট মানে ৰাজহুৱা ইচু/বিক্রিৰ ক্ষেত্রত চূড়ান্ত পচপেক্টাচ, যিটো ষ্টক একচেঞ্জত জমাবদ্ধ কৰি ৰখা হব আৰু কোম্পানী ৰেজিষ্টাৰত পঞ্জীয়ন কৰি ৰখা হব  এটা অফাৰ ডক্যুমেন্টত বিভিন্ন আইনত প্রকাশ হবলগীয়া সকলো প্রাসংগিক দিশ সামৰি লয় আৰু কোম্পানী পঞ্জীয়ন আৰু এচ ই বি আই-ৰ পর্যবেক্ষণ একত্রিত কৰে।

এব্ৰীড্জ পচপেক্টাচ- ১৯৫৬ৰ কোম্পানী আইনৰ ৫৬শাখাৰ ৩নং উপশাখাত দিয়া 2Aফর্মৰ সাৰমর্ম  ইয়াত পচপেক্টাচ খনৰ সকলো মূখ্য বৈশিষ্ট্য থাকে  ইয়াক ৰাজহুৱা ইচু ফর্মৰ লগত দিয়া হয়।

আই পি ও/এফ পি ও-চেবীৰদ্বাৰা অনুমোদিত কৰাৰ পাছতো ইয়াৰ পূৰ্বে ড্রাফ অফাৰ ডক্যুমেন্ট লোৱা হয়
অফাৰ ডক্যুমেন্টত প্রচাৰ কৰা লক্ষ্যত জনসাধাৰণৰ মতামত বিচাৰিব লাগে  চেবীৰ ওচৰত এই ড্ৰাফ্ট অফাৰ ডক্যুমেন্ট/পত্ৰ দাখিল কৰাৰ পাছত ২১ দিনৰ বাবে চেবীৰ ৱেবচাইটত এয়া উপলভ্য কৰাব লাগে যাক ৱেবচাইটৰ পৰা ডাউনলোড কৰিব পৰা যায়।

অফাৰ ডক্যুমেন্টৰ সম্পূর্ণ কপি লাভ

কোম্পানীৰ পৰা, ইয়াৰ লীড মেনেজাৰৰ পৰা আৰু সংস্থাৰ সদস্যৰ পৰা অফাৰ ডক্যুমেন্টৰ সম্পূর্ণ কপি লাভ কৰিব পৰা হব  এইবোৰ এচ ই বি আই-ৰ ৱেভচাইট,ষ্টক একচে়্ঞ্জ আৰু কোম্পানীটো উপলব্ধ হবI

অফাৰ তথ্যৰ সম্পূৰ্ণ প্ৰতিলিপি পাবলৈ

কোম্পানীৰ ওচৰত অ’ফাৰ সম্পৰ্কীয় সম্পূৰ্ণ তথ্য উপলভ্য হব এইটো পৰিচালক আৰু সদস্যৰ হাতত থাকে  এইবোৰ এচ ই বি আইৰ ৱেবচাইটত, লীড মেনেজাৰ, ষ্টক এক্সেইঞ্জ আৰু কোম্পানীৰ ওচৰত উপলভ্য।

মূল্য নির্দ্ধাৰণ

মূল্য নির্দ্ধাৰণত কোম্পানীৰ কিবা সীমাবদ্ধতা আছেনে ?

১৯৯২ চনৰ পৰা কোম্পানীক মুক্তভাৱে মূল্য নির্দ্ধাৰণ কৰিবলৈ সুবিধা দি থকা হৈছে  ইচুৰ মূল্য নির্দ্ধাৰণত এচ ই বি আই-ৰ কোনো ভূমিকা নাই  তেনে ক্ষেত্রত এটা একদাম মূল্যৰ ইচুৰ ক্ষেত্ৰত, লগতে বুক বিল্ডিং ইচুৰ মূল্য বান্ধনীৰ ক্ষেত্রত কোম্পানীয়ে সিদ্ধান্ত লয়  তথাপি কোম্পানীবোৰে অফাৰ ডক্যুমেন্ট মূল্যৰ সম্পূর্ণ নায্যতা দিয়াৰ প্রয়োজন  ইচু মূল্যৰ ভিত্তি অফাৰ ডক্যুমেন্টত প্রকাশ কৰা হয়  ইচু বিতৰকে ইচু মূল্যৰ নায্যতা দেখুৱাই ইয়াৰ মানদণ্ড আৰু সংখ্যাগত দিশৰ বিতং ভাৱে প্রকাশ কৰা প্রয়োজন।

মূল্যৰ ভিন্নতা

ইচু মূল্য যত এটা শ্রেণীক আন এটা শ্রেণীৰ পৰা পৃথক ভাৱে শ্বেয়াৰ আগবঢ়োৱা হয় তাক মূল্যৰ ভিন্নতা বোলা হয়  তলত দিয়া বিষয়বোৰৰ ক্ষেত্রত মূল্যৰ ভিন্নতাক অনুমতি প্রদান কৰা হয়-

১)খুচৰা ব্যক্তিগত বিনিয়োগকাৰী বা খুচৰা ব্যক্তিগত শ্বেয়াৰ গ্রহণকাৰীক [বা ৪২ নিয়মৰ অধিনত সংৰক্ষণৰ বাবে যোগ্য কৰ্মচাৰীয়ে নিৰ্দিষ্ট আমানতৰ বাবে কৰা আৱেদন যাৰ মূল্য দুই লাখ টকাৰ অধিক নহয়] অন্য শ্রেণীৰ সুনির্দিষ্ট আমানত নেট অফাৰতকৈ কম মূল্যত আগবঢ়োৱা হব পাৰে  এই পার্থক্য ১০%তকৈ বেছি হব নোৱাৰে

২)বুক বুইল্ট ইচুৰ ক্ষেত্রত এংকৰ বিনিয়োগকাৰীলৈ আগবঢ়োৱা বিশেষ আমানত অন্যান্য আৱেদনকাৰীতকৈ কম হব নোৱাৰিব

৩)মিশ্রিত ইচুৰ ক্ষেত্রত জনসাধাৰণ ইচুত আগবঢ়োৱা বিশেষ আমানত মূল্য সঠিক ইচুতকৈ পৃথক হব পাৰে আৰু এনে মূল্য ভিন্নতা অফাৰ ডক্যুমেন্টত দিয়াৰ প্রয়োজন

৪)যদি ইচু বিতৰকে এচ ই বি আই আই চি ডি আৰ আইনৰ ১১শাখাৰ ডি-অংশৰ বুক বুইল্ট বাচি লয়, ইচু বিতৰকে তেওঁলোকৰ কর্মীক ফ্লৰ মূল্যতকৈ বিশেষ আমানত আগবঢ়াব পাৰে আৰু ফ্লৰ মূল্য আৰু কর্মীক আগবঢ়োৱা বিশেষ আমানত মূল্যৰ পার্থক্য ১০%তকৈ কম হব নোৱাৰে

এটা পাব্লিক ইচ্যুবোৰত, বৈশিষ্ট্যসূচক মূল্য নিৰূপণৰ যদি কোনো প্ৰভাৱ থাকে, তেন্তে উপযুক্ত বিনিয়োগকাৰীক নিৰ্দিষ্ট চিকিউৰিটিজটো আবণ্টন কৰা পৰ্যায়তহে সুবিধাটো প্ৰদান কৰা হয়, কিন্তু এই আবণ্টনৰ বাবে আবেদন দাখিল কৰাৰ সময়ত প্ৰদান কৰা নহয়। এইটোৱে বিনিয়োগকাৰীক কিছুমান সুবিধা যেনে, ৰেহাই মূল্যৰ পাছত কম নগদ প্ৰবাহ পোৱা আৰু একেই ধনেৰে বেছি শ্বেয়াৰ আবেদন কৰাৰ সুবিধা ইত্যাদিৰ পৰা বঞ্চিত কৰে।

15 জুন 2011 তাৰিখৰ পৰা কাৰ্যকৰী হোৱাকৈ, পাব্লিক ইচ্যুবোৰত বৈশিষ্ট্যসূচক মূল্যৰ সুযোগ লাভৰ বাবে উপযুক্ত বিনিয়োগকাৰীসকলক আবেদন কৰা সময়তেই, ৰেহাই মূল্যত আদায় দিয়াৰ বাবে অনুমতি দিয়াৰ সিদ্ধান্ত গ্ৰহণ কৰা হৈছে।

ইচুৰ প্রকাৰ-নির্দিষ্ট মূল্য আৰু বুকবিল্ডিং

দুই ধৰণৰ ইচু আছে

নির্দিষ্ট মূল্যৰ ইচু

ইচু বিতৰক কোম্পানীক মুক্তভাৱে মূল্য নিৰ্দ্ধাৰণ কৰিবলৈ অনুমতি দিয়া হয়  ইচুৰ মূল্যৰ ভিত্তি অফাৰ ডক্যুমেন্টত ইচু মূল্যৰ নার্যতাৰ ক্ষেত্রত ইয়াৰ সংখ্যাগত আৰু গুণগত মানৰ বিতংভাৱে প্রকাশ কৰা হয়  ইচু বিতৰণ কোম্পানীয়ে মূল্য বন্ধনীৰ ২০%(মূল বন্ধনীৰ উৰ্দ্ধসীমা ফ্লৰ মূল্যৰ ২০%তকৈ বেছি হব নোৱাৰে) ড্রাফৰ ডক্যুমেন্ট এচ ই বি আই-ৰ জমাবদ্ধ কৰিব পাৰে আৰু প্রকৃত মুল্যৰ এচ ই বি আই আৰ ও চি-ৰ সৈতে চূড়ান্তভাৱে লিপিবদ্ধ কৰাৰ আগতে পিছৰ এটা দিনত কৰিব পাৰে

বুক বিল্ডিং পক্রিয়াৰে মূল্যৰ আৱিষ্কাৰ

বুক বিল্ডিং গ্রহণ কৰা এটি প্রক্রিয়া যিটোত আমানত ধনৰ কাৰণে ইচুলৈ ঔদ্যোগিক দলৰ দ্বাৰা অংকণ কৰা আৰু বনোৱা আৰু আমানতৰ কাৰণে ইচু বিতাৰকে বৰঙণি হিচাপে দিয়া লাভৰ ভিত্তিত মূল্যৰ মান নির্ণয় কৰা হয়  এই পদ্ধতিটোৱে বজাৰত আমানত মূল্য আৱিষ্কাৰ কৰাৰ সুযোগ দিয়ে।

প্রক্রিয়াটো এনে নামেৰে জনা যায় কাৰণ ই বিনিয়োগকাৰীৰ পৰা কিবা আদায় দি লাভ কৰিব বিচৰাটো(বিড) বুজায় ,যিটো মূল্য সীমাৰ ভিতৰত আধাৰিত  বিড দিয়াৰ শেষ দিনা ইচু মূল্য নির্দিষ্ট কৰা হয়।

আই পি ও/এফ পি ও-ৰ পৰিকল্পনা কৰা কোম্পানী এটাই বাণিজ্যিক বেংকক বুক চলাওতা হিচাপে নিয়োগ কৰে  এটা নির্দিষ্ট সময়সীমা বিডিং সময় হিচাপে ঠিক কৰা হয়  বুক চলাওতাজনে তেতিয়া এখন অর্ডাৰ বুক বনায় যিখনত বিভিন্ন বিনিয়োগকাৰীৰ পৰা বিড সংগ্রহ কৰা হয়  সম্ভাৱনাপূর্ণ বিনিয়োগকাৰীক বিডিং সময়চোৱাত তেওঁলোকৰ বিড বৃদ্ধি কৰিবলৈ অনুমোদন জনোৱা হয়  বিডিং সময়চোৱাৰ শোষত অর্ডাৰ বুকখন সামৰা হয় আৰু আৰু প্রয়োজনীয় শ্বেয়াৰৰ অর্ডাৰ দিয়া হয় আৰু তাৰ লগত সংগতি থকা মূল্য জনা যায়  চুড়ান্ত মূল্যৰ সিদ্ধান্ত বিভিন্ন মূল্যৰ দাবীৰ ওপৰত ভিত্তি কৰি কৰা হয়।

বুকবিল্ডিঙে মূলধন বৃদ্ধিত অগ্রাধিকাৰ পায় আহিছে  তলৰ তালিকাখনত তাৰ উমান পাব পাৰি  যদিও নির্দিষ্ট মূল্যৰ ইচু আছে মূলধনৰ দ্বাৰা আই পি ও/এফ পি ও প্রভাৱী হৈ আছে-

বছৰ

বুকবিল্ডিং

নির্দিষ্ট মূল্য

মুঠ

আই পি ও-ৰ
সংখ্যা

পৰিমাণ
কোটি হিচাপত

%

আই পি ও-ৰ
সংখ্যা

পৰিমাণ
কোটি হিচাপত

%

আই পি ও-ৰ
সংখ্যা

পৰিমাণ
কোটি হিচাপত

2003-04

9

2641.04

82.8

10

550.07

17.2

19

3191.10

2004-05

15

14507.04

98.9

8

155.28

1.1

23

14662.32

2005-06

53

10225.43

94.7

23

572.45

5.3

76

10797.88

2006-07

65

23469.07

99.0

11

237.10

1.0

76

23706.16

2007-08

74

41068.98

99.4

10

254.47

0.6

84

41323.45

2008-09

17

1959.92

96.4

4

74.07

3.6

21

2033.99

2009-10

39

24948.13

100.0

0

0.00

0.0

39

24948.13

2010-11
(৩১ অক্টোবৰ ২০১০ লৈকে)

34

28878.78

99.9

1

33.50

0.1

35

28912.28


মুক্ত বুক বিল্ডিং

বুক বিল্ডিং ইচুৰ দাবীবোৰ আৰু বিডবোৰ বিডিং সময়চোৱাত অনলাইনত দিয়াটো বাধ্যতামূলক  ইয়াক খোলা কিতাপ প্রথা বোলা হয় (বদ্ধ বুক বুইল্ডিং প্রথাত বুকখন ৰাজহুৱা কৰা নহয় ,বুকৰ বিষয়ে জানিবলৈ বিচৰাসকলে যিটোত তেওঁলোকে বিড বনাব খোজে তাৰ তথ্য বিচাৰি ফোন কৰিব লাগিব ) এচ ই বি আই ৰ মতে কেৱল বিদু্তৰ সুবিধাহে বুক বিল্ডিঙৰ ক্ষেত্রত দিয়া হয়।

মূল্য বান্ধনি

অফাৰ ডক্যুমেন্ট(প্রস্তাৱিত তথ্য-পাতি)ৰ আমানতৰ বাবে ফ্লৰ মুল্য থাকিব পাৰে বা মূল্য বন্ধনি যাৰ ভিতৰত বিনিয়োগকাৰীৰ বিড থাকিব পাৰে  ফ্লৰ আৰু মুল্য বন্ধনিৰ শীর্ষ সীমাৰ মাজৰ পার্থক্য ২০%তকৈ বেছি হব নোৱাৰে  অন্য কথাত ই বুজায় যে এই শীর্ষ সীমা ফ্লৰ মুল্যৰ ১২০%তকৈ বেছি হব নোৱাৰে  কোম্পানীয়ে বিনিয়োগকাৰী বেংকৰ লগত আলোচনা কৰি মূল্য বন্ধনী থিক কৰে আৰু কিছু আগৰণুৱা কিউ আই বি-ৰ লগত আদর্শ ভাৱে প্রাক বজাৰৰ কছৰত্ কৰে 

মূল্য বন্ধনীৰ সংশোধন হব পাৰে  এচ ই বি আই-য়ে মুল্য বন্ধনীৰ ষ্টক এক্সচেঞ্জইত যিকোনো পৰিৱর্তন বাতৰি কাকতত বিজ্ঞপ্তি দি ,সংগতি থকা ৱেভচাইটত জনাই আৰু বিভিন্ন বিভাগৰ সদস্য সকল জনাই বহলভাৱে বিয়পোৱাটো বিচাৰিব  যেতিয়া মূল্য বন্ধনি সংশোধন কৰা বিডিং সময়সীমা অন্য তিনি দিনলৈ বৃদ্ধি কৰা হয়  নির্দিষ্ট বিষয়ত মুঠ বিডিং সময়সীমা ১৩ দিনতকৈ বেছি হব নোৱাৰে

ফ্লৰ প্রাইজ

ফ্লৰ প্রাইজ হৈছে বিড বনাব পৰা ন্যূনতম মুল্য

কাট অফ মুল্য

বুক বিডিং ইচুত ইচু বিতাৰকে হয় মূল্য বন্ধনীলৈ নহয় ৰে়ড হেৰিং পচপেক্টাচলৈ ইঙ্গিত কৰিব লাগে  প্রকৃত আৱিস্কৃত ইচু মূল্য, মূল্য বেণ্ড(pr ze band)ত যি কোনো মূল্য বা ফ্লৰ মূল্য(floor pr ze)ৰ যিকোনো মূল্য হব পাৰে  এই ইচু মূল্যক ‘কাট অফ প্রাইজ’ বোলা হয়  ইচু বিতাৰকে আৰু লীড বেংক মেনেজাৰে বুকটো আৰু বিনিয়োগকাৰীৰ ষ্টকৰ বাবে আগ্রহ বিবেচনা কৰি ইয়াক নির্ণয় কৰে  এচ ই বি আই আই চি ডি আৰ আইন ২০০৯এ কেৱল খুচৰা ব্যক্তিগত বিনিয়োগকাৰীকহে এই কাট অফ প্রাইজৰ সুযোগ প্রদান কৰিছে ।

চূড়ান্ত ইচু মূল্য

মূল্য বান্ধনিৰ ভিতৰত বিভিন্ন পর্যায়ত মূল্য স্তৰৰ চাহিদা, সমগ্র ইচুটো চলি থকা সময়ত সভ্রান্ত ষ্টক একচেঞ্জত উপলব্ধ হব আৰু এবাৰ ইচুটো বন্ধ হোৱাৰ পাছত চূড়ান্ত ইচু মূল্য ইচু বিতাৰকে স্থিৰ কৰে আৰু বিনিয়োগকাৰীক জনায়

আই পি ও /এফ পি সংলগ্ন তালিকা খোলা হৈ থকাৰ ন্যূনতম দিনৰ সংখ্যা

চেবি আই চি ডি আৰ নিয়মাৱলী ২০০৯ত অন্যভাৱে উল্লেখ নাথাকিলে, ৰাজহুৱা জাৰী কমেও তিনি কৰ্মদিনৰ বাবে খোলা থাকিব কিন্তু দহ কৰ্মদিনৰ অধিক নহয়, মূল্য বেণ্ডৰ সংশোধনৰ ক্ষেত্ৰত জাৰীটো খোলা ৰখা দিনকেইটা অন্তৰ্ভুক্তকৰি

’লে, ৰেড হেৰিং প্ৰস্পেক্টাচত উল্লেখিত বিডিং (জাৰী) ম্যাদ নিম্নতম  তিনি কৰ্মদিনৰ বাবে বৃদ্ধি কৰিব লাগিব, এই চৰ্তত যে মুঠ বিডিং ম্যাদ দহ কৰ্মদিনৰ অধিক নহয়।

ৰাজহুৱা জাৰী এটাত বুক বিল্ডিং প্ৰক্ৰিয়াৰে কৰা মূল্যৰ বেণ্ড সংশোধন কৰা হ আন্ত:গাঠনি কোম্পানীয়ে বনোৱা ৰাজহুৱা ইচুৱে ২য় অধ্যায়ৰ ২.৪১দফাৰ প্রয়োজনীয়তা পূৰণ কৰিব আৰু সর্বোচ্ছ ২১টা কর্মদিনলৈ খোলা থাকিব।

অতিৰিক্ত বুকবিল্ডিং ব্যৱস্থা হিচাপে শুদ্ধ নিলাম

এচ ই বি আই-য়ে বুক বিল্ডিঙৰ কাৰণে এটা অতিৰিক্ত প্রথা আৰম্ভ কৰাৰ সিদ্ধান্ত লৈছে  এফ পি ও-ৰ কাৰণে আৰম্ভ কৰিবলৈ ইচু বিতাৰকে এটা ফ্লৰ মূল্যত সিদ্ধান্ত লব আৰু ফ্লৰ মূল্যটো হেৰিং পচপেক্টাচট উল্লেখ কৰা নহয়, ই বিতাৰকে বিডটো আৰম্ভ কৰাৰ অতি কমেও এদিনৰ আগত প্রাক-ইচু বিজ্ঞাপন দিয়াৰ কথা বাতৰি কাকত বোৰত ঘোষণা কৰিব।

উর্ত্তীণ আনুষ্ঠানিক কিনোটাই ফ্লৰ মুল্যৰ ওপৰত যিকোনো মূল্যত বিড কৰিব  যিজনে আটাইতকৈ বেছি দামত বিড কৰিব তেওঁক আমানতৰ সংখ্যা দিয়া হব, যাতে তেওঁ বিড কৰিব পাৰে আৰু তাৰ পিছত দ্বিতীয় সর্ব্বোচ্চ বিড কৰোতাক অফাৰটোত থকা নির্দিষ্ট আমানত থকা পর্যন্ত বিড কৰিবলৈ দিয়া হব   উত্তীর্ণ আনুষ্ঠানিক কিনোতাসকলক অগ্রাধিকাৰৰ ভিত্তিত মূল্যৰ অনুমোদন জনোৱা হয়। চেবি আই চি ডি আৰ নিয়মাৱলী ২০০৯ৰ অনুসূচী ১১ত উল্লেখ কৰা মতে খুচৰা ব্যক্তিগত বিনিয়োগকাৰীৰ বাবে, অনানুষ্ঠানিক বিনিয়োগকাৰীৰ বাবে আৰু ইচুটোৰ কৰ্মচাৰীসকলৰ বাবে আবণ্টন সমানুপাতিক ভাৱে কৰা হব। যত বিড কৰা বিশেষ আমানতৰ মুল্য উপলব্ধ সংখ্যাতকৈ বেছি আৱন্টন সমানুপাতিক ভাৱে দিব পাৰি। খুচৰা ব্যক্তিগত বিনিয়োগকাৰী,আনুষ্ঠানিক বিনিয়োগকাৰী আৰু কর্মীসকলক ফ্লৰ মুল্যৰ ভিত্তিত নির্দিষ্ট আমানত দিব পাৰি , এচ ই বি আই আই চি ডি আৰ আইন২০০৯ৰ দ্বিতীয় দফাত ইয়াৰ উল্লেষ আছে। ইচুবোৰ হব পাৰে-

ক) নির্দিষ্ট আমানতৰ সংখ্যাৰ ক্ষেত্রত কেপ লগোৱা বা ইচু বিতাৰকৰ ইচু কৰা মূলধনৰ শতকৰা হাৰ একক বি়ডকাৰীক দিব পাৰি।

খ) বিডাৰসকলক বিড উর্দ্ধগামী কৰিবলৈ অনুমোদন কৰা হব নে অৱদমন কৰিবলৈ কৰা হব, মূল্য আৰু /বা সংখ্যাৰ ক্ষেত্রত কৰা হব তাৰ সিধান্ত লোৱা।

গ) বিডাৰসকলক এটা নে ততোধিক বিড দিয়া হব সিদ্ধান্ত লোৱা।

ফাষ্ট ফেক ইচু

ভালভাৱে প্রতিষ্ঠা কৰিবলৈ আৰু আভিযোগ দাখিল হোৱা কোম্পানীক ৰাজহুৱা ইচু আৰু শুদ্ধ ইচুৰ অনুকৰণৰ যোগেদি এটা কার্যকৰী সময় আচৰণেৰে ভাৰতীয় বজাৰত প্রৱেশৰ আনুমতি দিবলৈ এচ ই বি আই-য়ে নৱেম্বৰ ২০০৭ত ফাষ্ট ট্রেক ইচু (এফ টি আই)ৰ ধাৰণাটো গ্রহণ কৰে   এফ টি আই-য়ে নির্দিষ্ট প্রয়োজনীয়তা হ্রাস কৰিব, যেনে- কোম্পানীৰ, যাৰ ৰাজহুৱা শ্বেয়াৰ গ্রহণ ইচু কৰা মূলধনতকৈ ১৫%তকৈ কম তেনে কোম্পানীক বার্ষিক বাণিজ্য ঐক্যবদ্ধ কৰি সুষম গতি প্রদান কৰিবৰ বাবে শ্বেয়াৰ গ্রহণকাৰীৰ ৰাজহুৱা ইচুৰ গড় বজাৰ মুলধন ১০০০০কোটিৰ পৰা ৫০০০কোটিলৈ হ্রাস কৰিব   সচিবৰ বর্ড জড়িত শ্রেণীৰ ক্ষেত্রত এক বা ততোধিক ‘কোৱাটাচ’ সম্পাদন কৰা নহয়, ইয়াক অনুৰোধৰ প্রতি দায়বদ্ধহীন বুলি ভাবি উচিত নহয়, ষ্টক একচেঞ্জ/আৰ ও চি ৰ সৈতে অফাৰ ডক্যুমেন্ট জমা কৰা সময়ৰ ক্ষেত্রত কোম্পানীটো দায়বদ্ধ আৰু এই ক্ষেত্রত অফাৰ ডক্যুমেন্টত বিস্তৃত বিৱৰণ দিয়া হয়।

আই পি অ’ত বিতৰণ

স্থিৰ মূল্যৰ ক্ষেত্ৰত

স্থিৰ মূল্য আই পি অ’/এফ পি অ’ ত দুটা শিতান থাকে  ২,০০,০০০ বা তাতোকৈ অধিক টকাৰ বাবে আবেদন কৰা বিনিয়োগকাৰী আৰু ২,০০,০০০ টকা পৰ্যন্ত আবেদন কৰা বিনিয়োগকাৰী।

বুকবিল্ডিং বিষয়সমূহ

এক বুক বিল্ড শিতানত খুচুৰা ব্যক্তিগত বিনিয়োগকাৰী, অনানুষ্ঠানিক বিনিয়োগকাৰী আৰু উপযুক্ত আনুষ্ঠানিক ক্ৰেতাৰ (উ আ ক্ৰে) ক্ষেত্ৰত ৩৫:১৫:৫০ অনুপাতত অংশ আবন্টিত কৰা হয়।

খুচুৰা ব্যক্তিগত বিনিয়োগকাৰীৰ সংজ্ঞা

ব্যক্তিগত খুচুৰা বিনিয়োগকাৰীৰ অৰ্থ হৈছে যিজন বিনিয়োগকাৰীয়ে আমানতৰ ধনৰ বাবে আবেদন জনায় আৰু ইয়াৰ পৰিমাণ ২,০০,০০০ তকৈ বেছি নহয়।

অনানুষ্ঠানিক বিনিয়োগকাৰীৰ সংজ্ঞা

এক লাখতকৈ কম টকাৰ বাবে আবেন জনোৱা ব্যক্তিগত বিনিয়োগকাৰী তথা কিউ.আইবি. সকলৰ বাহিৰে অন্য সকলোবোৰ বিনিয়োগকাৰীকে অনানুষ্ঠানিক বিনিয়োগকাৰী বোলা হয়  লক্ষনীয়ভাবে এই ভাগত প্ৰকৃত উচ্চ পৰিমাণৰ ব্যক্তিগত বিনিয়োগকাৰৰী আৰু বিধিসন্মত পৰিষদ যুক্ত হৈ থাকে।

উপযুক্ত আনুষ্ঠানিক ক্ৰেতাৰ সংজ্ঞা

আনুষ্ঠানিক ক্ৰেতাৰ ভিতৰত যিসকলে পুঁজি বিনিয়োগৰ ক্ষেত্ৰত সক্ষম হৈ থাকে তেওঁ লোকক ধৰা হয়  উপযুক্ত আনুষ্ঠানিক ক্ৰেতা এজনৰ সংজ্ঞা এনেদৰে দিয়া হয়-

ক)১৯৫৬ চনৰ কোম্পানী আইনৰ ৪ (ক) দফাত উল্লেখ কৰা ৰাজহুৱা খণ্ডৰ বিত্তীয় প্ৰতিষ্ঠান;

খ)তালিকাভূক্ত বানিজ্যিক বেংক;

গ)সংযুক্ত পুঁজি;

ঘ)চেবিত পঞ্জীয়নভূক্ত হোৱা বিদেশী বিনিয়োগকাৰী প্ৰতিষ্ঠান আৰু উপ-একাউণ্ট (বিদেশী প্ৰতিষ্ঠান বা বিদেশী ব্যক্তিৰ চাব-একাউণ্টৰ বাহিৰে);

ঙ)বহুমূখী আৰু দ্বিমূখী বিত্তীয় উন্নয়ন প্ৰতিষ্ঠান;

চ)চেবিত পঞ্জীয়নভূক্ত বেচৰকাৰী প্ৰতিষ্ঠান .

ছ)চেবিত পঞ্জীয়ভূক্ত বিদেশী বেচৰকাৰী বিনিয়োগকাৰী

জ)ৰাজ্যিক ঔদ্যোগিক উন্নয়ন নিগম

ঝ)চুক্তি নিয়ন্ত্ৰণাধীন আৰু উন্নয়ন কৰ্তৃপক্ষত পঞ্জীয়ভূক্ত বীমা বোম্পানীবোৰ

ঞ)ন্যূনতম ২৫ কোটি টকাৰ পুঁজি থকা প্ৰতিষ্ঠান

ট)ন্যূনতম ২৫ কোটি টকাৰ পেঞ্চন পুঁজি থকা প্ৰতিষ্ঠান

ঠ)গেজেট অফ ইণ্ডিয়াত প্ৰকাশিত ভাৰত চৰকাৰৰ জাননী নং  F. No. 2/3/2005-DDII তাৰিখ 23 নৱেম্বৰ 2995 অনুসৰি স্থাপিত ৰাষ্ট্ৰীয় বিনিয়োগ পুঁজি

ড)ভাৰতবৰ্ষৰ সেনাবাহিনী, নৌসেনা আৰু বায়ূসেনাৰ দ্বাৰা স্থাপিত আৰু নিয়ন্ত্ৰিত বীমা পুঁজি

ঢ)ভাৰতীয় ডাক বিভাগৰ দ্বাৰা স্থাপিত বীমা পুঁজি যেনে ডাক জীৱন বীমা পুঁজি (পি এল আই এফ) আৰু গ্ৰামীণ ডাক জীৱন বীমা পুঁজি (আৰ পি এল আই এফ) উপৰুক্ত সকলে চেবি আৰু কিউ বি আইত পঞ্জীয়ন কৰাৰ প্ৰয়োজন নাই  ওপৰৰ সকলোকে কিউ বি আইৰ ভিতৰত ধৰাৰ উদ্দেশ্য হ’ল প্ৰাথমিক জাৰীকৰণ প্ৰক্ৰিয়াত চামিল কৰা 

সকলো প্ৰকাৰ বিনিয়োগকাৰীৰ পৰা আবেদনৰ বাবে ১০০% ধন আদায় বিচৰা হয় আৰু এই ধন ৰাজহুৱা কামত আমানত ধন হিচাপে ব্যৱহাৰ কৰা হয়  ৰাজহুৱা কামত অপ্ৰয়োজনীয় চাহিদা এৰাই চলিবৰ বাবে এয়া কৰা হয় আৰু সকলো বিনিয়োগকাৰীৰ বাবে সমান পৰিমাণৰ চিকিউৰিটী সুবিধা দিয়া হয়

প্রস্তাৱিত দলিলৰ বুজাবুজি

এই অংশ মূলতঃ প্রস্তাৱিত দলিল সম্পর্কীয় তথ্য-পাতিৰ লগত জড়িত

বেটুপাত

প্রস্তাৱিত দলিলৰ বেটুপাতে অনুমোদন জনোৱা কোম্পানী, লীড পৰিচালক আৰু পঞ্জীয়ক, প্রকৃতি,সংখ্যা,মূল্য, প্রস্তাৱিত সঁজুলিৰ পৰিমাণ, আনুমোদনৰ আকাৰ আৰু তালিকা সম্পর্কীয় সকলো তথ্যৰ সম্পূর্ণ বিৱৰণ সামৰি লয়  অন্যান্য বিস্তৃত বিৱৰণ যেনে ক্রেডিট ৰেটিং, প্রথম ইচুৰ লগত জড়িত শংকা ইত্যাদিও বিবেচনা যোগ্য হলে প্রকাশ কৰা হব 

শংকাৰ কাৰকসমূহ(ৰিক্স ফেক্টৰ)

ইয়াত ইচুবিতাৰক পৰিচালনা কমিটিয়ে কোম্পানীয়ে সম্নুখীন হোৱা আভ্যান্তৰীণ আৰু বাহ্যিক শংকা সম্পর্কে নিজৰ দৃষ্টিভংগী দাঙি ধৰে  ইয়াত কোম্পানীয়ে অগ্রীম বিবৃতিৰ প্রতিও গুৰুত্ব দিয়ে  এই তথ্য আৰম্ভণি পৃষ্ঠাত স্পষ্টভাৱে দিয়া হয় আৰু ইয়াক স্পষ্ট ভাৱে সাৰাংশ পুস্তিকাত দিয়া হয়  

আৰম্ভণি

আৰম্ভণি অংশই উদ্যোগ আৰু ব্যৱসায়ৰ অনুদিত কোম্পানীৰ চমু প্রস্তাৱিত সবিশেষ, সংযুক্ত বিত্তীয় সাৰাংশ, কার্যকৰী তথা অন্য তথ্যৰ চমু আভাসক সামৰি লয়।

কোম্পানী সম্পর্কে বিস্তৃত তথ্য,বণিক বেংক গ্রাহক আৰু তেওঁলোকৰ দায়িত্ব, অনুমোদন(ইচু)ৰ বাবে ব্রোকাৰ/চিণ্ডিকেট সদস্যৰ সম্পূর্ণ তথ্য, ক্রেডিট ৰেটিং(ধাৰ লোৱা ইচুৰ ক্ষেত্রত),ঋণপত্র ন্যাসৰক্ষক(ধাৰ লোৱা ইচুৰ ক্ষেত্রত),নিৰীক্ষক সংস্থা, সংক্ষিপ্ত আৰু বিতং তথ্য সহ দায়বদ্ধ চুক্তিৰ বুক বুইল্ডিং প্রক্রিয়া আদি ইয়াত দিয়া থাকে  মূলধন গাঠনিৰ প্রয়োজনীয় বিস্তৃত তথ্য,আগবঢ়াৱা বস্তু, পুঁজিৰ পৰিকল্পনা, কার্যকৰীকৰণৰ তালিকা,নিয়োজিত পুঁজি, পুঁজিৰ উত্সৰ পৰা ইতিমধ্যে নিয়োজিত পুঁজি, ঘাটি পুঁজি বিনিয়োজনৰ বাবে পুঁজিৰ উত্স, অন্তৱর্তী পুঁজিৰ ব্যৱহাৰ, অনুমোদনৰ মূল চর্ত, মূল্য অনুমোদনৰ ভিত্তি, কৰ লাভা-লাভ সর্ম্পকীয় সম্পূর্ণ দৰকাৰী তথ্য ই সামৰি লয়।

আমাৰ সম্পর্কে

ইয়াত কোম্পানীৰ ব্যৱসায় সম্পর্কে এক সমীক্ষা দিয়া হৈছে যত,ব্যৱসায় কৌশল, প্রতিযোগিতামূলক ক্ষমতা, বীমা,ঔদ্যোগিক বিধি(যদি প্রযোজ্য), ইতিহাস আৰু যৌথ গাঁঠনি,মূল উদ্দেশ্য,পৰিপূৰক বিৱৰণ, পৰিচালনা আৰু সঞ্চালনা সমিটি,ক্ষতিপূৰণ, যৌথ পৰিচালনা, সম্পর্কীত দলৰ লেন-দেন,বিনিময় মূল্য, পলিচী বিৰাজিত লাভ্যাংশ ধন আৰু পৰিচালনা সমিটীৰ বিত্তীয় অৱস্থা সম্পর্কীয় বিশ্লেষণ,আলোচনা তথা কার্যকাৰীতাৰ ফলাফল ইয়াত দিয়া হয়।

অর্থনৈতিক বিবৃতি

বিত্তীয় বিবৃতি, শেষৰ তিনিটা বছৰৰ একাউন্টিং নীতিৰ সালসলনি আৰু একাউন্টিং নীতি আৰু ভাৰতৰ একাউন্টিং নীতিৰ পার্থক্য(যদি কোম্পানীয়ে ইয়াৰ বিত্তীয় নীতি ইউ এচ জি এ এ পি-ৰ মতে দাখিল কৰিছে) আদি সামৰি লোৱা হয় 

আইনগত আৰু অনন্যা তথ্য

অসামান্য মোকৰ্দ্দমা আৰু বস্তুগত পৰিস্থিতি, কোম্পানী আৰু ইয়াৰ সহায়ক জড়িত মোকৰ্দ্দমা উন্নীত কৰোতা আৰু দলীয় কোম্পানী আদি ইয়াৰ জড়িয়তে সদৰী কৰা হয়  তদুপৰি শেষৰ হিচাব-নিকাচ, প্রতিবেদনৰ পৰা বস্তুগত পৰিস্থিতি, চৰকাৰী অনুমোদন /লাইচেঞ্চ চুক্তি,বিনিয়োগ অনুমোদন(এফ আই পি বি/আৰ বি আই আদি),সকলো চৰকাৰী আৰু অন্য অনুমোদন,কাৰিকৰী অনুমোদন, ঋণহীনতা আদি সকলো তথ্য ইয়াত প্রকাশ কৰা হয়  

অন্যান্য নিয়ন্ত্রণকাৰী আৰু বিধিগত প্রকাশক

এই শিৰোনামাত তলত দিয়া তথ্যসমূহ সামৰি লোৱা হৈছে-অনুমোদনৰ কৰ্তৃত্ব,এচ ই বি আই-ৰ দ্বাৰা নিষিদ্ধ, মূলধনৰ বজাৰত প্রৱেশৰ সামর্থতা, অস্বীকাৰকৰণ দফা, ক্ষেত্রাধিকাৰ কৰ্তৃত্ব সম্পর্কত অস্বীকাৰকৰণ,বিনিয়োগকাৰীলৈ তথ্য বিতৰণ,ষ্টক একচেঞ্জৰ অস্বীকাৰকৰণ দফা, তালিকাকৰণ, নৈব্যক্তিকতা, ন্যূনতম বৰঙণি,আৱন্টনৰ চিঠি বা পৰিশোধ নিৰ্দেশ,সন্মতি,বিশেষজ্ঞৰ মত, শেষৰ তিনি বছৰৰ হিচাপ নিৰীক্ষকৰ সালসলনি, অনুমোদন খৰচ,লিড পৰিচালকক দিব লগা মাচুল, পঞ্জীয়কৰ মাচুল, অনুমোদন পৰিচালনা দলক দিব লগা মাচুল,পঞ্জী,কৰ মাচুল, দায়বদ্ধ কমিচন, ব্রকাৰেজ আৰু বিক্রী আয়োগ, পূর্বৰ অধিকাৰ আৰু চৰকাৰী অনুমোদন, নগদ ধনৰ পূর্বানোমোদন, ‘নগদ’ৰ বাবে অন্য চৰ্ত সাপেক্ষে অনুমোদন,বাকী ৰোৱা ঋণপত্র বা চুক্তি, বাকীৰোৱা মনোনীত বৰঙণিৰ ভাগ/শ্রেণী, ষ্টক বজাৰৰ নায্যতাৰ তথ্য, কোম্পানীৰ অংশ, পুৰণি অনুমোদনৰ সম্পাদন তথা আশ্বাস, বিনিয়োগকাৰীৰ আভাৱ-অভিযোগ উপশমৰ প্রণালী  

আগবঢ়োৱা তথ্য

এই শিৰোনামাত তলত দিয়া সমূহ সামৰি লোৱা হৈছে- অনুমোদনৰ চৰ্ত্ত, ন্যার্য অংশৰ শ্রেণী, লভ্যাংশ পৰিশোধৰ ধৰণ, আবৃত মূল্য আৰু অনুদিত দৰ, শ্বেয়াৰ গ্রহণকাৰীৰ ন্যার্য অধিকাৰ,মাৰ্কেট লট বিনিয়োগকাৰীলৈ মনোনীত সুবিধা, অনুমোদনৰ প্রক্রিয়া,যদি প্রযোজ্য অগ্রিম গাঁঠনি প্রক্রিয়া, প্রস্তাৱ প্র-পত্র,প্রস্তাৱ দিওঁতা, প্রস্তাৱৰ সর্বোচ্ছ আৰু সর্বনিম্ন আকাৰ,প্রস্তাৱ প্রক্রিয়া, প্রস্তাৱিত প্রস্তাৱ মূল্যৰ পার্থক্যৰ মাত্রা, এক্স’ প্রণালী, পৰিশোধৰ চৰ্তাৱলী আৰু এক্স কালেকচন একাউন্টলৈ পৰিশোধ, বৈদ্যুতিক পঞ্জীয়নৰ প্রস্তাৱ, অগ্রিম আৰু সংশোধিত গাঁঠনি প্রস্তাৱ,মুল্য আৱিস্কাৰ আৰু আৱন্টন, দায়বদ্ধ চুক্তিত চহীকৰণ, আৰু এচ ই বি আই/আৰ ও চি-ৰ সৈতে প্র-পত্র ভর্ত্তিকৰণ,বিধিগত বিজ্ঞাপন ঘোষনা,আৱন্টন নিশ্চিতকৰণৰ অনুমোদন আৰু নির্দিষ্ট আংশৰ অনুমোদন, নিযুক্তি তাৰিখ, সাধাৰণ নির্দেশ, প্রস্তাৱ প্র-পত্র সম্পর্ণ কৰাৰ নির্দেশ, দৰ্খাস্তৰ ব্যৱস্থা গ্রহণ আৰু দৰ্খাস্তৰ ধন, পুন:পৰিশোধ কৰিব লগা অত্যাধিক প্রস্তাৱিত দৰৰ সুদ, আৱন্টনৰ ভিত্তি, সমানুপাতিক আৱন্টন পদ্ধতি, পুন:পৰিশোধৰ নির্দেশ প্রেৰণ, যোগাযোগ, কোম্পানীৰ হাতত লোৱা কাম, অনুমোদনৰ সদব্যৱহাৰ আৰু ভাৰতীয় আমানতত বিদেশী মালিকলৈ বাধা

অন্যান্য তথ্য

ই ন্যার্য অংশৰ বর্ণনাৰ লগতে সংস্থাৰ সম্পদ লিপিবদ্ধকৰণৰ বাবে বস্তুগত চুক্তি আৰু তথ্য,ঘোষণা, সংজ্ঞা আৰু সংক্ষিপ্ত হাৰ ইত্যাদি সামৰি লয়।

পুৰণি অপৰিশোধিত ঋণৰ বিভাগীয় নথি অর্থনৈতিক অপৰাধ

বিনিয়োগকাৰীয়ে www.watchoutinvestors.com, চোৱা উচিত যিটো ৱেবচাইচত কোম্পানী সম্পর্কৰক্ষী মন্ত্রালয়ে ইয়াৰ শিক্ষা আৰু সুৰক্ষা পুঁজিৰ অধীনত গঠন আৰু পৃষ্ঠপোষকতা কৰে  এই ৱেবচাইটত বিভিন্ন ৰাষ্ট্র নিয়ন্ত্রীত সংস্থা তথা ব্যক্তিক(যেনে এম চি এ,আৰ বি আই, এচ ই বি আই, বি এচ ই, এন এচ ই ইত্যাদি)অর্থনৈতিক অপৰাধ বা সন্মতিবিহীন আইন বা নীতিগত নিৰ্দেশনাৱলী বা যি উল্লেখিত কার্যাৱলীত নাই সেইবোৰ সামৰি লয়।

আই পি ও আৱেদন

পূর্বাৱশ্যকতা

১)ডিমেট একাউন্ট

বিনিয়োগকাৰীয়ে বস্তুগত ভাৱে শ্বেয়াৰ গ্রহণ কৰিবলৈ পচন্দ অনুসৰি আৱেদন কৰাৰ বিকল্প সুবিধা থাকে  উল্লেখযোগ্য যে ডিমেট আৱন্টন পাবলৈ শ্বেয়াৰ মাত্র ডিমেটৰ জৰিয়তেহে ব্যৱসায় কৰিব পাৰি যিহেতু ইয়াৰ অনুমোদন কেৱল আই পি ও/এফ পি ও-ৰ যোগেদিহে হয় যিকোনো কাৰণত সকলো আই পি ও/এফ পি ও-ৰ অনুমোদিত জমা ৰাশিৰ আকাৰ দহ কোটি বা ততোধিক অনুমোদন বাধ্যতামুলক ভাৱে অবস্তুগত ৰূপত হয় কিউ বি আই আৰু বৃহত্ বিনিয়োগকর্তাই (১,০০,০০০ টকাত কৈ বেছি আৱেদন) কেৱল ডিমেট ৰূপত আৱেদন কৰিব পাৰে

আমাৰ দেশত দুটা সঞ্চয়াগাৰ আছে- নেশ্যনেল চিকিউৰিটিচ ডিপজিটৰী লিমিটেড(এন এচ ডি এল)আৰু চেন্টেল ডিপজিটৰী চাৰ্ভিচেচ(ইণ্ডিয়া)লিমিটেড (চি ডি এচ এল) দুয়োটাৰে ডিপডিটৰী পার্টিচিপেন্ট(ডি পিজ)ৰ বৃহত্তৰ নেটৱক আছে বিনিয়োগকর্তাই ইয়াৰ যি কোনো ডি পিজ-ৰ লগত ডিমেট একাউন্ট খুলিব পাৰে
বিনিয়োগ কাৰীয়ে শুদ্ধকৈ ডি পি আই ডি আৰু ক্লায়েন্ট আই ডি আৱেদন পত্র পূৰাব লাগে

২)স্থায়ী একাউন্ট নম্বৰ
য’ত প্রস্তাৱ ৫০,০০০ বা ততোধিক, প্রস্তাৱ কৰোতাই যদি যৌথ সদস্য, প্রতিজন আইকৰ আইনৰ অধিনত নিজৰ পি এ এন(পান) উল্লেখ কৰা দৰকাৰ  পি এ এন বা পি এ এন-ৰ অনুমোদিত চিঠিৰ এখন নকল আৱেদন পত্রৰ লগত জমা দিব লাগে  এই তথ্য নথকা আৱেদন পত্র অসম্পূর্ণ আৰু সেয়ে নাকচ কৰাৰ যোগ্য হব  অধিক জানিবৰ বাবে আৱেদন পত্র পঢ়ক

৩)বেংক একাউন্ট ডি/ ডি
আই পি ও/এফ পি ও-বোৰৰ আবেদনৰ মাচুল চেক বা ডিমান ড্রাফটৰ যোগেদি দিলেহে বৈধ হব  আৱেদনৰ মাচুল নগদ দিব নোৱাৰি

আই পি ও/এফ পি ও-ৰ আৱেদন প্রক্রিয়া

বিনিয়োগকাৰীয়ে প্রথমে আই পি ও/এফ পি ও আৱেদন পত্র সংগ্রহ কৰিব লাগিব  আৱেদন সমূহ সাধাৰণতে শ্বেয়াৰ ব্রকাৰ, লীড মেনেজাৰ, চিণ্ডিকেট সদস্য আৰু সংগ্রহ কৰা বেংক সমুহত পোৱা যায় তদুপৰি বহু নগৰ বাণিজ্যিক এলেকাৰ পৰাও আৱেদন সংগ্রহ কৰিব পাৰি (যেনে বম্বে ষ্টক এক্সেজৰ বাহিৰত)

স্থায়ী মূল্য অনুমোদনৰ ক্ষেত্রত আৱেদন পত্রৰ সৈতে প্রয়োজনীয় ধন চেক ডিমান ড্রাফটত নির্দিষ্ট সংগ্রাহক বেংক গ্রাহকৰ ওচৰত অনুমোদনৰ বাবে জমা দিব পাৰি, যাৰ নাম ঠিকনা আৱেদনত চপা হৈ থাকে।

আৱেদন পত্র সাৱধানতাৰে পূৰ কৰা উচিত যিহেতু অসম্পূর্ণ/অশুদ্ধ পত্র, অসম্পূর্ণ তথ্যৰ বাবে নাকচ হব পাৰে।

এ এচ বি এ

বিদ্যমান পাব্লিক ইচ্যু প্ৰক্ৰিয়াটো অধিক কাৰ্যকৰী কৰি তোলাৰ প্ৰচেষ্টা হিচাপে, ছেবিয়ে পাব্লিক ইচ্যু আবেদন কৰাৰ এটা সম্পূৰক পদ্ধতি আৰম্ভ কৰিছে, সেইটো হ’ল “বন্ধ ৰখা ধনেৰে সমৰ্থন কৰা আবেদন”(ASBA) পদ্ধতি। এএছবিএ পদ্ধতিটো বুক বিল্ডিং প্ৰক্ৰিয়াৰে কৰা সকলোবোৰ পাব্লিক ইচ্যু আৰু ৰাইট ইচ্যুৰ বাবে উপলব্ধ হয়। চলিত পদ্ধতিৰ সৈতে এএছবিএ পদ্ধতিটো চলি আছে আৰু পৰিশোধৰ পদ্ধতি হিচাপে চেক ইচ্যু কৰা হয়।

এ এচ বি এ-ৰ প্রধান বৈশিষ্ট্যসমূহ তলত দিয়া ধৰণৰ-

ক) এ এচ বি এ-ৰ অর্থ: এ এচ বি এ এটা আৱন্টনত অৰিহনা যোগোৱা এখন আৱেদন, য’ত বেংক একাউন্টৰ ধন ধৰি ৰখা বা বাধা দিয়াৰ কতৃত্ব থাকে

খ) এ এচ বি এ বিদ-সহ আৱেদন প্ৰপত্ৰ: বি
নিয়োগকাৰীসকলে এ এচ বি এ বিদ-সহ আৱেদন প্ৰপত্ৰবোৰ স্ব-প্ৰমাণিত চিণ্ডিকেট বেঙ্কৰ (এচ চি এচ বি) পৰা প্ৰাপ্ত কৰিব পাৰে  এই প্ৰপত্ৰবোৰ বি এচ ই অথবা এন এচ ই ৱেবছাইটৰ পৰাও বিনিয়োগকাৰীসকলৰ বাবে সহজে উপলব্ধ

১) নিজস্ব প্রত্যায়িত চিণ্ডিকেট বেংক এচ চি এচ বি): এচ চি এচ বি এটা বেংক যিয়ে এ এচ বি এ প্রক্রিয়াৰে আৱেদনৰ সুবিধা আগবঢ়ায়  এটা বেংক যি এ এচ বি এ সুবিধা আগবঢ়াব বিচাৰে আৰু ইয়াৰ নাম তালিকা এচ এ বি আই- ৰ এচ চি এচ বি-ত অন্তৰ্ভূক্তিৰ বাবে প্রমাণ পত্র দিয়ে  উল্লেখিত তালিকাখন এচ ই বি আই ৰ ৱেবচাইটত প্রকাশ কৰা হয়  এ ই বি এ মাত্র এচ চি এচ বি-সমূহৰ জড়িয়তেহে গ্রহণযোগ্য যাৰ নাম এচ চি এচ বি-ৰ তালিকা এচ ই বি আই-ৰ ৱেবচাইটত দেখুওৱা হয়  এচ চি এচ বি-ৰ তালিকাত অন্তৰ্ভূক্তিৰ বাবে এটা বেংকে ইয়াৰ কার্যাৱলী এচ চি এচ বি হিচাপে আৰম্ভ কৰিব পাৰে, কোনো এটা মাহৰ ১ বা ১৫ তাৰিখে যিটোৱেই অন্তৰ্ভুক্তিৰ তাৰিখ সোনকালে হয়  তেতিয়া ইয়াক এখন চুক্তিত অন্তৰ্ভূক্ত বুলি ধৰা হয় আৰু এ এচ বি এ-ৰ প্রক্রিয়াৰ ভিতৰত সকলো একাউন্টৰ গৰাকীক এ এচ বি এ-ৰ সুবিধা প্রদানৰ প্রয়োজন হয়

তলত কিছুমান বেংকৰ তালিকা দিয়া হৈছে যাক ১৫ নৱেম্বৰ ২০১০ত সকলো বিষয়ত এ এচ বি এ গ্রহণৰ কৰ্তৃত্ব দিয়া হৈছে-

ক্রমিক নং

বেংকৰ নাম

1.

এলাহবাদ বেংক

2.

অন্ধ্ৰ বেংক

3.

এক্সিচ বেংক লিমিটেড

4. বেংক অফ আমেৰিকা, এন.এ.
5.

বেংক অফ বৰোডা

6.

বেংক অফ ইণ্ডিয়া

7.

বেংক অফ মহাৰাষ্ট্ৰ

8. বিএনপি পৰিবাস
9.

কানাৰা বেংক

10.

চেন্ট্ৰেল বেংক অফ ইণ্ডিয়া

11.

চিটিবেংক এন এ

12. চিটি ইউনিয়ন বেংক লিমিটেড
13.

কৰ্পোৰেচন বেংক

14.

ডাট্ছ বেংক

15.

ফেডাৰেল বেংক লিমিটেড

16.

এইচ ডি এফ চি বেংক লিমিটেড

17.

হংকং এণ্ড চাংহাই বেংকিং কৰ্পোৰেচন লিমিটেড

18.

আই চি আই চি আই বেংক লিমিটেড

19.

আই ডি বি আই বেংক লিমিটে়ড

20.

ইণ্ডিয়ান বেংক

21. ইণ্ডিয়ান অ’ভাৰচীজ বেংক
22.

ইণ্ডাচ ইণ্ড বেংক

23.

জে পি মৰ্গান চেজ বেংক, এন এ

24. কালুপুৰ কমাৰ্ছিয়েল কো-অপাৰেটিভ বেংক লিমিটেড
25.

কাৰুৰ ভ্যাচা বেংক লিমিটেড

26.

কটক মহিন্দ্ৰা বেংক

27.

নুতন নাগৰিক সহকাৰী বেংক লিমিটেড

28.

অৰিয়েণ্টেল বেংক অফ কৰ্মাচ

29.

পাঞ্জৱ নেচনেল বেংক

30.

চাউথ ইণ্ডিয়ান বেংক লিমিটেড

31.

ষ্টেণ্ডাৰ্ড চাৰ্টাৰ্ড বেংক লিমিটেড

32.

ষ্টেট বেংক অৱ বিকানেৰ এণ্ড জয়পুৰ

33.

ষ্টেট বেংক অফ হায়দৰাবাদ

34.

ষ্টেট বেংক অফ ইণ্ডিয়া

35.

ষ্টেট বেংক অফ ট্ৰাভানকোৰ

36.

চিণ্ডিকেট বেংক

37. দ্য তামিলনাডু মাৰ্কেণ্টাইল বেংক লিমিটেড
38.

ইউকো বেংক

39.

ইউনিয়ন বেংক অফ ইণ্ডিয়া

40.

ইউনাইটেড বেংক অফ ইণ্ডিয়া

41.

বিজয়া বেংক

42.

য়েচ বেংক লিমিটেড


এটা এচ চি এ37চ বি-য়ে ইয়াৰ ডেজিগনেটেড ব্রাঞ্চত(ডি বিজ)চিনাক্ত কৰিব যত এ এচ বি এ বিনিয়োগকাৰীয়ে এ এচ বি এ জমা দিব আৰু নিয়ন্ত্রণ শাখা চিনাক্ত কৰিব যিয়ে ঘটক এক্সেঞ্জ আৰু বণিক বেংক গ্রাহকক লৈ পঞ্জীয়নৰ সহযোগী হিচাপে কাম কৰিব এচ চি এচ বি ইয়াৰ ডি বিজ আৰু চি ডি.জ বোৰে এ এচ বি এ প্রক্রিয়াৰ সকলো বিষয়ত কার্য কৰিব  এচ চি এচ বি-য়ে নতুন কিছুমান ডি বি ক এ এচ বি এ-ৰ উদ্দেশ্যে চিনাক্ত কৰিব পাৰে আৰু এচ ই বি আই-লৈ তথ্য-পাতি গোটাব পাৰে  পাছত যাক এচ ই বি আই-য়ে এচ ই বি আই-য়ে এচ চি এচ বি তালিকাত নতুনকৈ সংযোজন কৰিব পাৰে  এচ চি এচ বি-য়ে তলৰ তথ্য সমূহ ষ্টক এক্সেজত তেওঁলোকৰ ৱেবচাইটত দিবৰ বাবে যোগান ধৰিব আৰু ইয়াক এচ চি এচ বি-ৰ ৱেবচাইটতো প্রকাশ কৰা হব

ক)এচ ই বি আই-ৰ নাম আৰু ঠিকনা

খ)ডি বি আৰু চি বি বোৰৰ ঠিকনাৰ লগতে ফোন নম্বৰ, ফেক্স নম্বৰ,আৰু ই-মেইল ঠিকনা

গ)চি বি-ৰ জ্যেষ্ঠ নভেল বিষয়াৰ নাম আৰু যোগাযোগ তথ্য

২. বি এচ ই/এন এচ ই ৱেবছাইট: বিনিয়োগ কাৰীসকলে ষ্টক এক্সচেঞ্জ অৰ্থৎ বম্বে ষ্টক এক্সচেঞ্জ (বি এচ ই)বা নেচনেল ষ্টক এক্সচেঞ্জ (এন এচ ই)ৰ ৱেবছাইট, যি এ এচ ই বি সুবিধাৰ বাবে এক ইণ্টাৰফেচ হিচাপে কাম কৰে তাৰ পৰা এ এচ বি এ ডাউনলোড আৰু প্ৰিণ্ট কৰি লব পাৰে এনেদৰে ডাউনলোড কৰা প্ৰতিখন এ এচ ই বি প্ৰ-পত্ৰৰ এক একক আৱেদন নম্বৰ থাকিব আৰু ইয়াক ৰাজহুৱা জাৰীত এ এচ ই বি আৱেদনৰ বাবে ব্যৱহাৰ কৰিব পাৰি কোনো এক নিৰ্দিষ্ট ৰাজহুৱা জাৰীৰ বাবে এ এচ ই বি প্ৰপত্ৰ এক ৰাজহুৱা জাৰী খোলাৰ কমেও এদিন আগত ষ্টক এক্সচেঞ্জবোৰৰ ৱেবছাইটত উপলব্ধ কৰা হয়  বিনিয়োগকাৰীসকলৰ বাবে ৰাজহুৱা জাৰীটোৰ এব্ৰিজ্ড প্ৰস্পেক্টাছ/ প্ৰস্পেক্টাছৰছফ্ট প্ৰতিলিপিও অনলাইন উপলব্ধ হব  বিদৰ সংশোধনৰ বাবে, বিনিয়োগকাৰীসকলে সংশোধন প্ৰ-পত্ৰ প্ৰিণ্ট কৰিব পাৰে

নিয়ন্ত্ৰণ আৰু প্ৰক্ৰিয়াকৰণৰ ফালৰ পৰা প্ৰপত্ৰত থকা একক আৱেদন নংটো গুৰুত্বপূৰ্ণ  সেয়েহে ডাউনলোড কৰা প্ৰপত্ৰ ফটোকপি ব্যৱহাৰ কৰি কৰা আৱেদন গ্ৰহণযোগ্য নহ’ব

মাৰ্চেণ্ট বেঙ্কাৰ আৰু এচ চি এচ বি-ৰ ৱেবছাইটত এই সুবিধাৰ বাবে বি এচ ই বা এন এচ ই-ৰ ৱেবছাইটলৈ হাইপাৰলিংক দিয়া হৈছে

গ)এ এচ বি এ চমুকৈ এ এচ বি এ প্রক্রিয়া: এক এ এচ বি এ বিনিয়োগকাৰীয়ে বস্তুগত বা ইন্টাৰনেট বেংকিঙৰ জৰিয়তে এচ চি এচ বি-ক এ এচ বি এ জমা দিব পাৰে যাৰ বেংক একাউন্ট বন্ধ কৰি ৰাখিব লাগে  চিণ্ডিকেট/উপ-চিণ্ডিকেট সদস্যসকলেও বিনিয়োগকাৰীৰ পৰা এ এচ বি এ প্ৰপত্ৰ সংগ্ৰহ কৰিব পাৰে আৰু এচ চি এচ বি-ত জমা কৰিব পাৰে (চিণ্ডিকেট/উপ-চিণ্ডিকেট সদস্যসকলে বিদ আৰু এ এচ বি এ-ৰ অন্যান্য সংশ্লিষ্ট বিৱৰণবোৰ ষ্টক এক্সচেঞ্জৰ দ্বাৰা প্ৰদান কৰা নিলামী সুবিধাত আপলোড কৰিব লাগিব আৰু ইয়াক সংশ্লিষ্ট এচ চি এচ বি-লৈ আগবঢ়াব লাগিব   এচ চি এচ বি-বোৰে এনে এ এচ বি এ প্ৰপত্ৰৰ ওপৰত পিছৰ কামবোৰ যেনে স্বাক্ষৰ প্ৰমাণীকৰণ, পুঁজি আৱদ্ধ কৰা আদি কৰিব লাগিব আৰু এই প্ৰপত্ৰবোৰ ইছ্যুটোৰ পঞ্জীয়কৰ ওচৰলৈ প্ৰেৰণ কৰিব লাগিব

আৱেদনকৃত ধন বন্ধ কৰি ৰখা হব –ইচুত ইচু আৱন্টন কৰা ধনৰ সম্পূর্ণ কৰি উলিওৱালৈকে বা ইচুৰ উইড্রু/ব্যর্থ হোৱা লৈকে বা আৱেদন উইড্রু /নাকচ হোৱা লৈকে আৱেদন তথ্য তাৰ পাছত, ষ্টক এক্সেইঞ্জত আগবঢ়োৱা ৱেব সামর্থ যোগাযোগ ব্যৱস্থাৰ দ্বাৰা এচ চি এচ বি-ৰ দ্বাৰা ইলেকট্রনিক বুকিং ব্যৱস্থালৈ পৰিৱর্তন কৰা হব  এবাৰ আৱন্টন ভিত্তি সম্পূর্ণ কৰাৰ পাছত ইচুটোৰ প়্ঞ্জীয়কে এ চি এ বি- সম্পর্কীত বেংক একাউন্ট খোলা ৰাখিবলৈ অনুৰোধ কৰি আৱেদন কৰে আৱেদনকৃত ধন ইচুৱাৰ একাউন্টলৈ হস্তান্তৰ কৰিব পাৰি  ইচু উঠাই লোৱা বা ব্যর্থটাৰ ক্ষেত্রত, মূলধনৰ পৰিমাণ প্রাক-ইচু বণিক বেংকগ্রাহকৰ তথ্যৰ ৰিচিপ্তত এচ চ্ বি আই-ৰ দ্বাৰা মুকলি কৰা হব 

ৰাইট ইচুত এ এচ বি এ সুবিধাই কোম্পানীটোৰ শ্বেয়াৰগ্রহণকাৰীৰ দক্ষতা বঢ়াই যত এ চি বি এ মুদৰ যোগেদি আৱেদন কৰিবলৈ ৰের্কড তথ্যত এ চি বি এ-ৰ বিকল্প নির্বাচন কৰাৰ সুবিধা আছে –  ১) আৱেদনৰ এ খণ্ডৰ ৰাইট ইচুত বা ২) তেওঁলোকে এ এচ বি এ বিকল্প গ্রহন কৰিবলৈ ইচ্চুক হয়নে, স্ব-প্রত্যায়িত চিণ্ডিকেট বেংকত যাৰ বেংক একাউন্ট ব্লক হব পাৰে উল্লেখ কৰি কাগজত আৱেদন কৰিব পাৰে 

ঘ) জাৰীকৰ্তাৰ দায়িত্ব: জাৰীকৰ্তাই নিশ্চিত কৰিব লাগিব যে পঞ্জীয়কৰ দ্বাৰা সকলো এ এচ বি এ-ৰ বিষয়ে তথ্য প্ৰস্তুত কৰা হয় আৰু নিৰ্দেশনাৱলীত উল্লেখিত প্ৰক্ৰিয়া অনুসৰি আবণ্টনৰ বাবে ভিত্তি নিৰ্ধাৰণ কৰা সময়ত এইবোৰক অ-এ এচ বি এ আৱেদনৰ দৰে একেধৰণে গণ্য কৰা হয়

ঙ) এএছবিএ পদ্ধতিৰ ই-এপ্লিকেবিলিটি: এএছবিএ পদ্ধতিটো এটাতকৈ অধিক পৰিশোধৰ বিকল্প প্ৰদান নকৰা সকলোবোৰ পাব্লিক ইচ্যু আৰু ৰাইট ইচ্যুৰ বাবে প্ৰযোজ্য হ’ব। খুচুৰা বিনিয়োগকাৰী নহয়, (যোগ্য প্ৰতিষ্ঠানিক ক্ৰেতা আৰু অ-প্ৰতিষ্ঠানিক বিনিয়োগকাৰী) এনে সকলোবোৰ পাব্লিক ইচ্যু/ৰাইট ইচ্যুৰ বাবে আবেদন কৰা সকলো বিনিয়োগকাৰীৰ বাবেই এএছবিএ পদ্ধতিটো 1 মে 2011-ৰ পৰা বাধ্যতামূলক কৰা হৈছে। 

ইন্টাৰনেটত আই পি ও/এফ পি ও-ৰ কাৰণে আৱেদন

বিভিন্ন ব্রকাৰ ফাৰ্মৰ ৱেবচাইতত অনলাইন আৱেদনৰ সুবিধা দিয়া হয় 

আই পি ও/এফ পি ও সামৰণি পৰাৰ পাছত আৱেদন তুলি লোৱা

ভাৰতীয় আইনে অনুমোদন তাৰিখৰ আগতে আৱেদন ঘূৰাই লোৱাত সন্মতি দিয়ে 

প্রস্তাৱ অংশগ্রহণৰ বাবে ব্যৱসায়ী সদস্যৰ পৰা প্রস্তাৱ কৰোতাৰ প্রমাণ

চিণ্ডিকেট সদস্যই, চিণ্ডিকেট সদস্যৰ চহী, তাৰিখ আৰু ষ্টাম্প সহ কাউন্টাৰ ফাইল ঘূৰাই দিয়ে প্রস্তাৱসমূহলৈ মন কৰি বিনিয়োগ কাৰীয়ে ইয়াক পর্যাপ্ত প্রমাণ হিচাপে নিজৰ লগত ৰাখিব পাৰেI

প্রস্তাৱ পুনৰীক্ষণ/সামৰণি

বিনিয়োগকাৰীয়ে আৱেদনত দিয়া প্রস্তাৱ সমূহৰ পৰা তেওঁৰ প্রস্তাৱ সলনি বা পৰিমাণ পুণৰীক্ষণ বা আৱেদনত থকা মূল্যৰ সালসলনি ঘটাব পাৰে।

আই পি ও/এফ পি ও খোলা বা বজাৰত প্রৱেশ কৰা সম্পর্কে

প্রতি সপ্তাহত এচ ই বি আই-য়ে জনসাধাৰণৰ জ্ঞাতার্থে প্রেছ বিবৃতি, প্রস্তাৱিত সম্পূর্ণ তথ্য তথা এচ ই বি আই-ৰ অৱলোকন প্রকাশ কৰে 

কি মূল্যত খুচুৰা বিনিয়োগকাৰীয়ে আৱেদন কৰা উচিত ?

এজন খুচুৰা বিনিয়োগকাৰীয়ে এক নির্দিষ্ট মূল্যত প্রস্তাৱ দিয়াৰ প্রয়োজন নাই  যিহেতু তেওঁ উচিত মূল্যত ডাক দিব নোৱাৰে সেয়ে তেওঁ কাট-অফ উপায় গ্রহণ কৰা উচিত  ই তেওঁৰ আৱেদন সকলো মূল্যত বিবেচনা হোৱাতো নিশ্চিত কৰিব  কাট অফ মূল্যত প্রস্তাৱ দিবৰ বাবে মূল্য শাখাৰ সর্বোচ্চ মূল্যত চূড়ান্ত হোৱাৰ ক্ষেত্রত বা অকৃতকার্য আৱন্টন লওঁতাৰ ক্ষেত্রত বা কম অংশ অনুমোদন আৱেদনৰ ক্ষেত্রত তেওঁ প্রয়োজনীয় ৰাশি ঘুৰাই লাভ কৰিব 

আই পি ও/এফ পি ও আৱন্টন পৰির্বতন কেনেকৈ উন্নীত কৰিব পাৰি?

যিহেতু বেছিভাগ আই পি ও/এফ পি ও-ৰে অত্যাধিক আৱেদন আহে, সেয়ে খুচুৰা বিনিয়োগকাৰী কোনো আৱন্টন নাপাব বুলি হতাশ হয় বা কম মানৰ আৱন্টন পায়, যদি কোনো বিনিয়োগকাৰীয়ে নির্দিষ্ট আই পি ও/এফ পি ও-ৰ গুণৰ ওপৰত ভিত্তি কৰি বিনিয়োগৰ সিদ্ধান্ত লয়,তেওঁ যিমান পাৰে ,সিমান সম্পদ সেই আই পি ও-ক ন্যাস্ত কৰা উচিত  তেওঁ ১,০০,০০০ মূল্যৰ ভিতৰত যিমান সম্ভৱ সিমান অংশৰ আৱেদন কৰা উচিত  তদুপৰি তেওঁ পৰিয়ালৰ সকলো সদস্যৰ নামত,তেওঁলোকৰ নিজস্ব একাউন্টৰ জৰিয়তে আৱেদনৰ প্রচেষ্টা কৰিব পাৰে আৰু যিয়ে সকলোকে বৈধ ডিমেন্ট একাউন্টৰ গৰাকী কৰিব।

আই পি অ’ ৰ আবন্টন

ফাৰ্মৰ আবন্টন

ৰাজহুৱা কামৰ বাবে ব্যৱস্থা গ্ৰহণ কৰা ২০০৯ৰ এচ ই বি আই আই চি ডি আৰ ৰ দ্বাৰা নিয়ন্ত্ৰীত কোম্পানীয়ে কিছুমান শ্বেয়াৰ, ফাৰ্মৰ অনুমোদনৰ ভিত্তিত কেতবোৰ বিশেষ শাখাৰ বাবে সংৰক্ষণ কৰে  এই অনুমোদনে বিনিয়োগকাৰীসকলক ফাৰ্মভিত্তিক হিচাপে ধৰে  ২০০৯ৰ এচ ই বি আই আই চি ডি আৰ নিয়ন্ত্ৰণৰ নীতি অনুসৰি ফাৰ্মৰ ভিত্তিত সাধ্যানুসাৰে সৰ্বোচ্চ অংশ প্ৰদান কৰে  ফাৰ্ম অনুমোদন শাখাৰ ভিত্তিত হোৱা শ্বেয়াৰ অনুমোদনৰ অন্তত মূল্য নিৰূপণ কৰিব পাৰি   এইটো সাধাৰণ লোকৰ ক্ষেত্ৰত আৰোপিত মূল্যতকৈ পৃথক আৰু সাধাৰণ লোকলৈ আগবঢ়োৱা চেকিউৰিটী ধনতকৈ ফাৰ্ম অনুমোদন শাখাৰ আবেদকসকলৰ চেকিউৰিটী ধনতকৈ অধিক।

প্ৰতিযোগিতাৰ ভিত্তিত সংৰক্ষণ

প্ৰতিযোগিতামূলক ভিত্তিত সংৰক্ষণৰ অৰ্থ হৈছে কোনো এক নিৰ্দিষ্ট সংৰক্ষিত শ্ৰেণীৰ বাবে সেই শ্ৰেণীৰ বাবে সংৰক্ষিত নিৰ্দিষ্ট চিকিউৰিটিছৰ সংখ্যাৰ অনুপাতত আৱেদন কৰা কৰা নিৰ্দিষ্ট সংখ্যক চিকিউৰিটিছৰ সমানুপাতত নিৰ্দিষ্টচিকিউৰিটিছ আৱণ্টন কৰা হয়।

ইছ্যু এটা বুক বিল্ডিং প্ৰক্ৰিয়াৰ দ্বাৰা গঠিত হ’লে, নিম্নলিখিত ব্যক্তিসকলৰ শ্ৰেণীৰ বাবে জাৰীকৰ্তাই স্বত্বাধিকাৰীৰ অৱদান বাদ দি আৰু ৰাইজলৈ আগবঢ়োৱা মুঠ ইছ্যু আকাৰৰ প্ৰতিযোগিতামূলক ভাৱে সংৰক্ষণ কৰিব পাৰে।

(ক)কৰ্মচাৰীসকল; আৰু নতুন জাৰীকৰ্তাৰ ক্ষেত্ৰত, মালিকানাধিন কোম্পানীৰ স্বত্বাধিকাৰী আৰু তেওঁলোকৰ নিকট আত্মীয়ৰ বাহিৰে স্থায়ী আৰু পূৰ্ণসময়ৰ বাবে নিযুক্ত কৰ্মচাৰীসকল

(খ)নিম্নলিখিত বোৰৰ শ্বেয়াৰ ধাৰক (স্বত্বাধিকাৰীৰ বাহিৰে)

(১)তালিকাভুক্ত মালিকানাধিন কোম্পানী, নতুন জাৰীকৰ্তাৰ ক্ষেত্ৰত; আৰু

(২)তালিকাভুক্ত গোট কোম্পানী, পুৰণি জাৰীকৰ্তাৰ ক্ষেত্ৰত:

যদি মালিকানাধিন কোম্পানীবোৰ স্বীকৃত বিত্তীয় প্ৰতিষ্ঠান হয় বা ৰাজ্যিক বা কেন্দ্ৰীয় বিত্তীয় প্ৰতিষ্ঠান হয়, এনে মালিকানাধিন কোম্পানীৰ শ্বেয়াৰ ধাৰক সকল প্ৰতিযোগিতা মূলক ভিত্তিত সংৰক্ষণৰ বাবে যোগ্য নহ’ব

(গ)বোৰ্ডৰ ওচৰত খচৰা অফাৰ ডকুমেণ্ট দাখিল কৰাৰ সময়ত, যিসকল ব্যক্তি প্ৰাৰম্ভিক ৰাজহুৱা অফাৰ জাৰীকৰ্তাৰ জমাকৰ্তা, বণ্ড ধাৰক বা সেৱাৰ গ্ৰাহক হিচাপে জাৰীকৰ্তাৰ সৈতে সম্পৰ্কিত:

এই চৰ্তত যে জাৰীকৰ্তাই ইছ্যু ব্যৱস্থাপনা দল, চিণ্ডিকেট সদস্য, সেইবোৰৰ স্বত্বাধিকাৰী, ডাইৰেক্টৰ আৰু কৰ্মচাৰীসকলৰ বাবে আৰু ইছ্যু ব্যৱস্থাপনা দল আৰু চিণ্ডিকেট সদস্য আৰু সেইবোৰৰ স্বত্বাধিকাৰী, ডাইৰেক্টৰ আৰু কৰ্মচাৰীসকলৰ গ্ৰুপ বা সহযোগী কোম্পানীৰ বাবে সংৰক্ষণ নকৰিব

ইছ্যু এটা বুক বিল্ডিং প্ৰক্ৰিয়াৰ বাহিৰে আন প্ৰক্ৰিয়াৰ দ্বাৰা গঠিত হ’লে, নিম্নলিখিত ব্যক্তিসকলৰ শ্ৰেণীৰ বাবে জাৰীকৰ্তাই স্বত্বাধিকাৰীৰ অৱদান বাদ দি আৰু ৰাইজলৈ আগবঢ়োৱা মুঠ ইছ্যু আকাৰৰ প্ৰতিযোগিতামূলক ভাৱে সংৰক্ষণ কৰিব পাৰে:

(১)তালিকাভুক্ত মালিকানাধিন কোম্পানী, নতুন জাৰীকৰ্তাৰ ক্ষেত্ৰত; আৰু

(২)তালিকাভুক্ত গোট কোম্পানী, পুৰণি জাৰীকৰ্তাৰ ক্ষেত্ৰত; আৰু

যদি মালিকানাধিন কোম্পানীবোৰ স্বীকৃত বিত্তীয় প্ৰতিষ্ঠান হয় বা ৰাজ্যিক বা কেন্দ্ৰীয় বিত্তীয় প্ৰতিষ্ঠান হয়, এনে মালিকানাধিন কোম্পানীৰ শ্বেয়াৰ ধাৰক সকল প্ৰতিযোগিতা মূলক ভিত্তিত সংৰক্ষণৰ বাবে যোগ্য নহ’ব

পুনৰ ৰাজহুৱা অফাৰৰ ক্ষেত্ৰত (কম্পজিট ইছ্যু নহ’লে), জাৰীকৰ্তাৰ খুচুৰা ব্যক্তিগত শ্বেয়াৰ ধাৰকৰ বাবে জাৰীকৰ্তাই স্বত্বাধিকাৰীৰ অৱদান আৰু ৰাইজলৈ মুঠ অফাৰ বাদ দি প্ৰতিযোগিতামূলক ভাৱে সংৰক্ষণ কৰিব পাৰে

ৰাইট ইছ্যুৰ ক্ষেত্ৰত, জাৰীকৰ্তাই কৰ্মচাৰীৰ বাবে এই চৰ্তত সংৰক্ষণ কৰিব পাৰিব যে  কোনো কৰ্মচাৰীলৈ কৰা আবণ্টনৰ মূল্য দুই লাখ টকাৰ অধিক নহ’ব

প্ৰতিযোগীতামূলক ভাৱে সংৰক্ষণ নিম্নলিখিত চৰ্তসমূহৰ সাপেক্ষে হব:

(ক)কৰ্মচাৰীৰ বাবে মুঠ সংৰক্ষণৰ পৰিমাণ জাৰীৰ পিছত জাৰীকৰ্তাৰ পুঁজিৰ ৫%ৰ অধিক হব নোৱাৰিব

(খ)শ্বেয়াৰ ধাৰকৰ বাবে সংৰক্ষণ জাৰী আকাৰৰ ১০%ৰ অধিক হব নোৱাৰিব

গ) বোৰ্ডৰ ওচৰত খচৰা অফাৰ ডকুমেণ্ট দাখিল কৰাৰ সময়ত, যিসকল ব্যক্তিৰ প্ৰাৰম্ভিক ৰাজহুৱা অফাৰ জাৰীকৰ্তাৰ জমাকৰ্তা, বণ্ড ধাৰক বা সেৱাৰ গ্ৰাহক হিচাপে জাৰীকৰ্তাৰ সৈতে ব্যৱসায়িক সম্পৰ্ক আছে সেইসকল ব্যক্তিৰ বাবে সংৰক্ষণ ৫%ৰ অধিক হব নোৱাৰিব

(ঘ)প্ৰতিযোগিতামূলক ভাৱ যাৰ বাবে সংৰক্ষণ কৰা হৈছে সেইসকল লোকৰ পৰা (কৰ্মচাৰী আৰু খুচুৰা ব্যক্তিগত শ্বেয়াৰ ধাৰকৰ বাহিৰে) ৰাজহুৱা শ্ৰেণীত কৰা জাৰীৰ ক্ৰয়ৰ বাবে আৰু অধিক আৱেদন গ্ৰহণ কৰা নহ’ব

(ঙ)যিকোনো সংৰক্ষিত শ্ৰেণীৰ কোনো ক্ৰয় নোহোৱা অংশক আন কোনো সংৰক্ষিত অংশত বা অসংৰক্ষিত অংশত যোগ দিব পাৰি, আৰু সংৰক্ষিত শ্ৰেণীবোৰৰ মাজত এনে আন্তঃ আদান-প্ৰদান ৰাজহুৱা শ্ৰেণীত মুঠ অফাৰৰ সৈতে যোগ দিয়া হব

(চ)ৰাজহুৱা শ্ৰেণীত মুঠ জাৰীৰ সম্পূৰ্ণ ক্ৰয় নহ’লে, যিমান পৰিমাণে কম হয় সিমান পৰিমাণত সংৰক্ষিত শ্ৰেণীৰ পৰা ৰাজহুৱা শ্ৰেণীলৈ স্থানান্তৰৰ অনুমতি দিয়া হব

(ছ)উপ-নিয়ম (১) বা (২) অনুসৰি কোনো কৰ্মচাৰীৰ বাবে কৰা আবণ্টনৰ মূল্য, দুই লাখ টকাৰ অধিক হব নোৱাৰিব

সংৰক্ষিত শ্ৰেণীৰ ক্ষেত্ৰত, সংৰক্ষিত শ্ৰেণীত এজন আৱেদকে সংৰক্ষণৰ উপৰিও এক নিৰ্দিষ্ট সংখ্যক চিকিৰিটিৰ বাবে আৱেদন কৰিব পাৰিব

আবন্টনৰ ক্ষেত্ৰত বিশেষ সুবিধা প্ৰদান কৰা হয় নেকি ? নাই নহয়, আবন্টন প্ৰক্ৰিয়াত তেনে কোনো মূল্যায়নৰ ব্যৱস্থা নাই  ২০০৫ চনৰ ১৯ চেপ্তেম্বৰৰ প্ৰকৃত মূল্যায়ণৰ ভিত্তিত এচ ই বি আই ৰ অনুমোদন হৈছিল  যিয়েই নহওক, ইয়াক পিছত সংশোধন কৰা হ’ল

অনুমোদনৰ ভিত্তি

স্থিৰ মূল্যৰ অতিৰিক্ত গ্ৰাহকৰ ক্ষেত্ৰত সমানুপাতিক হাৰত অনুমোদন জনোৱা হয়

বুকবিল্ডি বিষয়সমূহৰ ক্ষেত্ৰত, ইয়াক বন্ধ কৰাৰ পাছত বিভিন্ন শাখাৰ অধীনৰ দাবীসমূহ মানি লোৱা হয়  যেনে- সংৰক্ষিত অনুমোদন, উপযুক্ত ক্ৰেতা-প্ৰতিষ্ঠান, অনানুষ্ঠানিক ক্ৰেতা আৰু খুচুৰা ব্যক্তিগত বিনিয়োগকাৰীৰ কথা কব পাৰি  অতিৰিক্ত গ্ৰাহকৰ অনুপাত প্ৰত্যেক শাখাৰ বাবে দিব পৰা শ্বেয়াৰ আৰু আবন্টন দিয়া শ্বেয়াৰৰ ওপৰত নিৰ্ভৰ কৰি হিচাপ কৰা হয়  তেতিয়া প্ৰকৃত আবন্টনকাৰীৰ সংখ্যাটো ওলাই পৰে

নিৰ্দ্ধাৰিত মূল্য বন্ধ কৰাৰ পাছত আবেদনপত্ৰসমূহ দুটা শাখাত বিভক্ত কৰি গ্ৰহণ কৰা হয়  দুই লাখৰ তলৰ আবেদন আৰু তাতকৈ বেছি মূল্যৰ আবেদনৰ হিচাপটো প্ৰত্যেক শাখাৰ বিপৰীতে অতিৰিক্ত গ্ৰাহকৰ অনুপাতক প্ৰত্যেক শাখাৰ বাবে দিবপৰা শ্বেয়াৰ আৰু অনুমোদন জনোৱা শ্বেয়াৰৰ ওপৰত ভিত্তি কৰি বিচাৰ কৰা হয়

এজন বিনিয়োগকাৰীয়ে ৰিফাণ্ড নিৰ্দেশ/আবন্টন পত্ৰ লাভ কৰাৰ দিন

আবন্টন প্ৰদানৰ ব্যৱস্থা গ্ৰহণৰ পৰা ৩০ দিনৰ ভিতৰত কোম্পানীবিলাকে অনুদান প্ৰদানৰ ভিত্তি সম্পূৰ্ণ কৰিব লাগে  স্থিৰ মূল্যৰ ক্ষেত্ৰত এই ব্যৱস্থা ১৫ দিনৰ ভিতৰত সম্পূৰ্ণ কৰিব লাগে বুকবিল্ডিং আৰু অন্যান্য ব্যৱস্থাৰ কাৰণে বছৰি ১৫% হাৰত সুদৰ ব্যৱস্থা কৰিব লাগে  অনুদান প্ৰদানৰ ব্যৱস্থা সম্পূৰ্ণ কৰাৰ দুদিনৰ ভিতৰত এই জাননী প্ৰেৰণ কৰিব লাগে

নিৰাপদ বিনিয়োগকাৰী

যোগ্যতাসম্পন্ন আনুষ্ঠানিক ক্ৰেতাৰ বাবে অতিৰিক্ত অংশ নিৰুপণৰ ব্যৱস্থা আছে  তলৰ বিষয়সমূহৰ ভিত্তিত বিনিয়োগকাৰীসকলৰ বাবে কমেও ৩০ শতাংশ নিৰূপণ কৰা হয়  :

  • নিৰাপদ বিনিয়োগকাৰীসকল এনে যোগ্যতাসম্পন্ন আনুষ্ঠানিক ক্ৰেতা হ’ব লাগিব  যি  SEBI ICDR নিৰ্দেশনাৱলী ২০০৯ অনুসৰি বুক বিল্ডিং প্ৰক্ৰিয়াৰে কৰা ৰাজহুৱা জাৰী এটাত দহ কোটি টকা বা অধিক মূল্যৰ বাবে এক আৱেদন কৰে  নিৰাপদ বিনিয়োগকাৰীসকলৰ ১/৩ অংশ ব্যক্তিগত মুক্ত পুঁজিৰ বাবে সংৰক্ষিত হ’ব
  • ইছ্যুবোৰ মুকলি হোৱাৰ এদিন আগতে নিৰাপদ বিনিয়োগকাৰীসকলৰ বাবে নিলামী মুকলি কৰা হব আৰু একেদিনাই সম্পূৰ্ণ হ’ব
  • নিৰাপদ বিনিয়োগকাৰীসকলৰ স্ব-নিৰ্বাচিত বিষয় অনুসৰি ন্যূনতম ২ জন বিনিয়োগকাৰীয়ে ২৫০ কোটি টকাৰ অনুমোদন পাব আৰু পাঁচজন বিনিয়োগকাৰীয়ে তাতোকৈ অধিক ধনৰ অনুমোদন পাব .
  • নিৰাপদ বিনিয়োগকাৰীসকলৰ বাবে কিছুসংখ্যক শ্বেয়াৰ অনুমোদন কৰা হব আৰু সেই অনুমোদনৰ ভিত্তিত মূল্য নিৰ্ধাৰণ ৰা হব  ইছ্যু এটা মুকলি কৰাৰ আগতে ব্যৱসায়ী বেংকাৰসকলৰ দ্বাৰা ৰাজহুৱা খণ্ডত এটা সুবিধা প্ৰদান কৰা হব
  • বুক বিল্ডিং প্ৰক্ৰিয়াৰ জৰিয়তে যদি ৰাজহৱা ক্ষেত্ৰত মূল্য স্থিৰ হয়, তেতিয়া সেয়া নিৰাপদ বিনিয়োগকাৰীসকলৰ প্ৰতি অনুমোদন জনোৱা পৰিমাণতকৈ অধিক হব আৰু অতিৰিক্ত মূল্য বহন কৰিবপৰা নিৰাপদ বিনিয়োগকাৰীসকলে যিয়েই নহওক যদিহে ৰাজহুৱা খণ্ডত মূল্য স্থিৰ হয়, আৰু যদি সি নিৰাপদ বিনিয়োগকাৰীসকলৰ প্ৰতি অনুমোদনৰ মূল্যতকৈ কম হয়, তেন্তে নিৰাপদ বিনিয়োগকাৰীসকলৰ বাবে এই পাৰ্থক্যভিত্তিক মূল্য বহন কৰাতো সম্ভৱ নহব .
  • ৰাজহুৱা খণ্ডত অনুমোদন হোৱা দিনৰ পৰা নিৰাপদ বিনিয়োগকাৰীসকলৰ প্ৰতি শ্বেয়াৰৰ অনুমোদনৰ বাবে ৩০ দিনৰ সময় থাকিব
  • নিৰাপদ বিনিয়োগকাৰীসকলে সঠিকভাবে চিনাকি কৰি দিয়া সকলোকে নিৰাপদ বিনিয়োগকাৰী হিচাপে নিৰ্বাচিত কৰা হ’ব
  • এচ ই বি আইৰ পৰিদৰ্শনত ব্যৱসায়ী বেংকৰ সম্পূৰ্ণ অংশ স্পষ্ট হৈ থাকিব  নিৰাপদ বিনিয়োগকাৰীৰ শাখা আৰু তাৰ অধীনত থকা যোগ্যতাসম্পন্ন ক্ৰেতা
  • নিৰাপদ বিনিয়োগকাৰীসকল শাখা আৰু অ-নিৰাপদ বিনিয়োগকাৰীসকলৰ শাখাৰ অধীনৰ আবেদনসমূহ বহুমাত্ৰিক আবেদন হিচাপে বিবেচনা কৰা নহয়

তালিকাকৰণ আৰু বাণিজ্যকৰণ

কোম্পানীয়ে ইয়াৰ আমানত ইচুৰ তালিকাভূক্ত হোৱাৰ পাছত পোৱা দিনৰ সংখ্যা
আমানত তালিকাভূক্ত কৰা সকলো ষ্টক এক্সচেইঞ্জত সকলো প্রয়োজনীয় আনুষ্ঠানিকতা সম্পূর্ণ কৰা আৰু বাণিজ্য আৰম্ভ কৰাটো ডাক-ইচু লীড মেনেজাৰে সাতটা কর্মদিনৰ ভিতৰতে আৱন্টনৰ ভিত্তিত সম্পূর্ণ কৰাৰ নিশ্চয়তা প্ৰদান কৰেI

ৰাজহুৱা ইচুৰ সামৰণি পৰা আৰু তালিকাভূক্ত হোৱাতো পূর্বৰ ২২ দিনৰ পৰা ১২ দিনলৈ হ্রাস কৰাটো ১মে ২০১০ৰ পৰা কার্যকৰী হৈছেI

মুখ্য মধ্যস্থতাকাৰীসকল

বণিক বেংকগ্রাহক

এজন বণিক বেংকগ্রাহকে এটা বাহাল থকা এচ ই বি আই-ৰ পঞ্জীয়ন এচ ই বি আই(বণিক বেংকগ্রাহক)আইন ১৯৯২ৰ মতে কৰে। ই বুক ৰাণিং লীড মেনেজাৰক ইচুলৈ কাম কৰোৱাৰ বাবে যোগ্য।

প্রাক-ইচু প্রক্রিয়াত,লীড মেনেজাৰে(এল এম)কোম্পানীৰ নির্দ্ধাৰিত অভিযান, পৰিচালনা,আইন আদি দিশৰ নিৰৱচ্ছিন্ন প্রচেষ্টা চলায়। লীড মেনেজাৰজনৰ অন্যান্য কাম-কাজত ড্রাফ বনোৱা, অফিচৰ তথ্যপাতিৰ ডিজাইন কৰা, পচপেক্টাচ, মর্যদাসম্পন্ন বিজ্ঞাপন, পচপেক্টাচত গোপনে থকা বৈশিষ্ট্যসমূহৰ সাৰাংশ উলিওৱা ইত্যাদি সামৰি লোৱা হয়। বি এল এল এম- এ অভিযোগত থকা অতি গুৰুত্বপূর্ণ প্রয়োজনীয়তাসমুহ নিশ্চিত কৰে, আৰু পচপেক্টাচ সম্পূর্ণ কৰা আৰু আৰ ও চি জমা কৰাকে ধৰি ষ্টক একচেঞ্জ, আৰ ও চি আৰু এচ ই বি আই-ৰ লগত প্রস্তাৱিত আনুষ্ঠানিকতা সম্পূর্ণ কৰে। অন্যান্য মধ্যস্থতাকাৰী যেনে প়ঞ্জীয়ক(সকল) প্রিন্ট উলিয়াওতা, বিজ্ঞাপন এজেঞ্চী আৰু কার্যালয়ৰ বেংক গ্রাহক আদিও প্রাক-ইচু প্রক্রিয়াত অন্তর্ভূক্ত। লীড মেনেজাৰজনে বিভিন্ন বজাৰ কৌশল অংকন কৰি উলিয়ায়।

চক্র একাউন্টৰ পৰিচালনাকে ধৰি প্রাক-ইচু কাম-কাজ, অনানুষ্ঠানিক প্রতিষ্ঠান আৱন্টন, আৱন্টনৰ ঘনিষ্ঠতা আৰু বিডাৰসকললৈ প্রৰিশোধ কৰিব লগীয়া ধন ডেচপাচ কৰা ইত্যাদি কার্য এল এম-এ কৰে। প্রস্তাৱ(অফাৰ)ত প্রস্তাৱ আৰু বেংক গ্রাহকসকলৰ পঞ্জীয়ন,ধন পৰিশোধ কৰাৰ ব্যৱসায় কৰা বেংকৰ সৈতে কাম কৰা বিভিন্ন এজেঞ্চীৰ সৈতে প্রস্তাৱটোৰ বাবে প্রাক- প্রস্তাৱ কাম-কাজ, প্রয়োজনীয় অনুকৰণত জড়িত হব যি বাণিজ্যৰ সম্পূর্ণতা, আহিলাৰ যোগান আৰু প্রমান পত্র বিতৰণ, শ্বেয়াৰৰ যোগান ধৰাৰ ডিমেট সামৰি লয়। এজেঞ্চীসমূহে তেওঁলোকৰ কাম-কাজ সম্পূর্ণ কৰা আৰু এই দায়বদ্ধতা সম্পূর্ণ কৰাৰ ক্ষেত্রত কোম্পানীৰ সৈতে উপযুক্ত চুক্তি কৰাত বণিক বেংক দায়বদ্ধ হব।

সংঘৰ সদস্যসকল

বুক চলাওঁতাসকলে সেইসকল মধ্যস্থতাকাৰীক, যিসকল ব’ডত পঞ্জীয়নভূক্ত আৰু যিসকল ‘আনডাৰৰাইটাৰ’(underwriter)হিচাপে কোনো এটা কাম চলাই নিবলৈ অনুজ্ঞাপ্রাপ্ত তেওঁলোকক সংঘৰ সদস্য হিচাপে নিযুক্তি দিব পাৰেI

পঞ্জীয়ক

পঞ্জীয়কে অবৈধ্য আৱেদন পত্রবোৰ নোহোৱা কৰি যোগ্য কাম দিব লগা সকলৰ তালিকা সম্পূর্ণ কৰি আৱেদনকাৰীসকলৰ দ্বাৰা কৰা ডিমেট একাউন্টৰ শ্বেয়াৰৰ ক্রেডিট কৰি ঔদ্যোগিক কার্য নিশ্চিত কৰে আৰু ডেচপাচ অর্ডাৰটো আৱেদনকাৰীলৈ পথিয়ায়। লীড মেনেজাৰজনে পঞ্জীয়কজনক বেংকৰ শাখাসমুহৰ পৰা আৱেদন সংগ্রহ, আৱেদনৰ প্রক্রিয়া আৰু অন্যান্য বিষয় যেনে আৱন্টন সম্পূর্ণ কৰা,আমানত প্রমান পত্র চাই-চিতি পাৰ কৰি পথিওৱা আৰু ৰিফাণ্ড অর্ডাৰ শেষ হোৱা আৰু আমানত তালিকাবদ্ধ হোৱালৈকে প্রক্রিয়াবোৰৰ চোৱা-চিতা কৰাত সহায় কৰে।

ইচুটোৰ বেংক গ্রাহক

ইচুটোৰ বেংক গ্রাহক, নামটোত প্রকাশ পোৱাৰ দৰে সেই পুঁজি সংগ্রহ কৰা আৰু এচকউ(escow)একাউন্টলৈ স্থানান্তৰিত কৰাৰ নিশ্চিতি প্রদানৰ সকলো কাম চলায়। লীড বণিক মেনেজাৰজনে ২০০৯ এচ ই বি আই আই চি ডি আৰ আইনত উল্লেখ থকাৰ দৰে সকলো বাধ্যতামূলক সংগ্রহ কেন্দ্রত সেই বেংক গ্রাহকসকলক ইচু নিযুক্তিৰ নিশ্চয়তা দিয়ে। লীড মেনেজাৰজনে বেংকগ্রাহক সকলক সেই ইচু খৰতকীয়াকৈ সংগ্রহ কৰিবলৈ আৰু শুদ্ধ তথ্যৰ ভিত্তিত ইচু গ্রহণকাৰীক পৰিসমাপ্তিৰ বিষয়ে পৰামর্শ দিয়ে।

কিছুসংখ্যক বেংক কর্মীয়ে নতুন এ এচ বি এ প্রক্রিয়াৰ সৈতে যোগাযোগ কৰে।

ইচু আচবাব মুদ্রক

ইচু ষ্টেচনাৰী অফাৰ ডক’মেন্ট, সংক্ষিপ্ত পচপেক্টাচ, আৱেদন ফর্ম আদি মুদ্রণত বিশেষজ্ঞ ফার্ম থাকে আৰু তেওঁলোকে এইবোৰ মুদ্রণৰ অন্তত নির্দিষ্ট স্থানলৈ পঠিয়ায় I

আই পি ও-ৰ মানদণ্ড নিৰূপক সংস্থা

আই পি ও-ৰ মানদণ্ড নিৰূপণ, কঠোৰ চেষ্টা কৰোঁতা ৰূপে বিনিয়োগকাৰীৰ বাবে অতিৰিক্ত তথ্যপাতি উপলব্ধ কৰিবলৈ এচ ই বি আই-এ বাধ্যতামুলক কৰিছে। আই পি ও-ৰ মানদণ্ডৰ কার্য এচ ই বি আই-ত পঞ্জীকৃত ক্রেডিট ৰেটিং এজেঞ্চীক দিয়া হৈছে।

বিনিয়োগকাৰীৰ অভিযোগ নথিভুক্তকৰণ

অধিকাংশ অভিযোগেই হ’ল বিনিয়োগ কৰা ধনৰাশি উভতাই নোপোৱা, বা বিনিয়োগ কৰা ধনৰাশি পোৱাৰ ক্ষেত্রত অতিৰিক্ত সময় লাগি যোৱা বা পলম হোৱা লগতে তাৰ ওপৰত লগা সুদৰ ধনৰাশিও নোপোৱা। এই ধৰনৰ অভিযোগবিলাক সাধাৰণতে পোষ্ট ইচ্যু লীড মেনেজাৰৰ ওচৰলৈ জনাব লাগে, যিজনে আকৌ উক্ত অভিযোগসমূহ ৰেজিষ্ট্রাৰৰ ওচৰলৈ আনি অভিযোগ বিলাকক চালিজাৰি চাব। যদিহে বিনিয়োগকাৰীজনে এটা নিদির্ষ্ট সময়ৰ ভিতৰত কোনো ধৰনৰ উত্তৰ নেপায়, তেতিয়া হ’লে উক্ত বিনিয়োগাকাৰীজনে SEBI, ইনভেষ্টৰ্চ এচিছটেন্ট বা বিনিয়োগকাৰীৰ সহায়কৰ ওচৰলৈ গৈ গোচৰ দাখিল কৰিব পাৰিব।

বিনিয়োগকাৰীয়ে তেওঁলোকৰ গোচৰ এই ৱেবচাইটত দাখিল কৰিব পাৰিব www.investorhelpline.in, এইটো এনেকুৱা এটা ৱেবচাইট যিটোক সূচাৰুৰূপে চলাবলৈ বিনিয়োগকাৰী শিক্ষা আৰু ধনৰাশি নিৰাপত্তা বিষয়ৰ অধীনত থকা কোম্পানী পৰিক্ৰমা মন্ত্ৰালয়ে সহায় কৰে।

অন্যান্য বিষয়

লক-ইন

‘লক-ইন’এ শ্বেয়াৰৰ এটা নির্দিষ্ট মাত্রাত দাম নির্ধাৰণ কৰা বুজায়  এচ ই বি আই আই চি ডি আৰ আইন ২০০৯এ শ্বেয়াৰত পৃষ্ঠপোষকতাৰ লক ইন প্রয়োজনীয়তাত বিশেষ জোৰ দিছে,বিশেষকৈ পৃষ্ঠপোষক বা মূল ব্যক্তিজন যিজনে কোম্পানীটো নিয়ন্ত্রণ কৰি ৰাখে তেওঁ ৰাজহুৱা ইচুটোৰ পাছত কোম্পানীটোৰ ন্যূনতম অংশ ধৰি ৰখাতো নিশ্চিত কৰাৰ ক্ষেত্রত প্রয়োজনীয়তা সমূহক এচ ই বি আই আই চি ডি আৰ আইন ২০০৯ৰ তৃতীয় অধ্যায়ৰ চতুর্থ অংশত বিতংভাৱে বর্ণনা কৰা হৈছে  .

পৃষ্ঠপোষক

পৃষ্ঠপোষকজন এনে এজন ব্যক্তি বা ব্যক্তিসমষ্টি বুলি ধৰা হয় যিজনে সামগ্রিকভাৱে কোম্পানীটো নিয়ন্ত্রণ কৰে, যিজন আঁচনি প্রস্তুতকৰণৰ আহিলা বা কার্যসুচীৰ পৰিচালক,যিটোত জনসাধাৰণলৈ আমানত আগবঢ়োৱা হয় আৰু সেই নামবোৰ পচপেকটাচত ইয়াৰ প্রস্ত্তত কর্তা হিচাপে লিপিবদ্ধ কৰা হয়  উল্লেখ কৰিব পাৰি যে এজন সচিব/ইচু গ্রহণ কৰা কোম্পানীৰ বা ব্যক্তিৰ কার্যালয় মূৰব্বী যদি তেওঁলোকৰ পেছাদাৰী গুণ অনুযায়ী কাম কৰে তেওঁলোকক ‘পৃষ্ঠপোষক’ সজ্ঞাত সামৰি লোৱা নহব   ‘পৃষ্ঠপোষক দল’ পৃষ্ঠপোষকজনকে সামৰি,পৃষ্ঠপোষক জনৰ আত্মীয় (অর্থাত্ ব্যক্তিজনৰ কোনো অভিভাৱক, ককায়েক, ভনীয়েক বা লৰা-ছোৱালী, ব্যক্তিজনৰ গৰাকী)যদি পৃষ্ঠপোষক এটা কোম্পানী হয়, এটা সহযোগী বা সেই কোম্পানী নিয়ন্ত্রণ কৰা কোম্পানী, যিকোনো কোম্পানী যাৰ ১০%ত বা ইকুইটি মুলধনতকৈ ততোধিক নিয়ন্ত্রণ আছে বা যাৰ ১০%ত নিয়ন্ত্রণ আছে বা পৃষ্ঠপোষকৰ ইকুইটি মুলধনতকৈ বেছি আছে, যিকোনো কোম্পানী যত এদল ব্যক্তি বা ইচু দিয়া কোম্পানীৰ ইকুইটি মুলধনতকৈ অধিক অংশত নিয়ন্ত্রণ আছে  যদি পৃষ্ঠপোষকজন ব্যক্তিগত হয়,যিকোনো কোম্পানী যাৰ ১০% বা পৃষ্ঠপোষকজনে নিয়ন্ত্রণ কৰা শ্বেয়াৰ মূলধনতকৈ অধিক বা পৃষ্ঠপোষকজনৰ এজন আত্মীয় বা এখন ফার্ম বা হাফ যাৰ পৃষ্ঠপোষকজন বা তেখেতৰ কোনো আত্মীয় তাৰ সদস্য,যিজনক কোম্পানীয়ে সুনির্দিষ্ট কৰি দিয়ে,১০%বা শ্বেয়াৰ কেপিটেলৰ ততোধিক নিয়ন্ত্রণ কৰাজন, কোনো হাফ(HUF)বা ফার্ম যিখনত পৃষ্ঠপোষক আৰু তেওঁৰ আত্মীয়ৰ সমানুপাতিক শ্বেয়াৰৰ মুঠ মূলধন সমান বা মুঠ ধনৰ ১০%তকৈ অধিক আৰু সকলো ব্যক্তি যাৰ পচপেক্টাচত প্রকাশ কৰা ‘পৃষ্ঠপোষক দলৰ শ্বেয়াৰ গ্রহণকাৰীৰ কাৰণে শ্বেয়াৰ গ্রহণ সমানুপাতিক সকলোৱেই পৃষ্ঠপোষক

পৃষ্ঠপোষকৰ অৱদান আৰু লক-ইন

এটা আই পি ও/এফ পি ও-ৰ ক্ষেত্রত পৃষ্ঠপোষকে প্রয়োজনীয় ডাক ইচু অতি কমেও ২০%আগবঢ়ায়  তালিকাভূক্ত কোম্পানীৰ দ্বাৰা ৰাজহুৱা ইচুৰ ক্ষেত্রত, পৃষ্ঠপোষকজনে প্রস্তাৱিত ইচুৰ ২০%ত অংশ গ্রহন কৰে বা ডাক-ইচুৰ শ্বেয়াৰ নিয়ন্ত্রণক ২০%প্রাক-ইচু মুলধনলৈ বৃদ্ধিৰ নিশ্চয়তা দিয়ে।

জনসাধাৰণলৈ আগবঢ়োৱা মূলধন ইচুৰ ক্ষেত্রত পৃষ্ঠপোষক ন্যূনতম অৰিহনা তিনিবছৰৰ কাৰণে আই পি ও/এফ পি ও আৰু কোম্পানীয়ে তালিকাভূক্ত কৰা ৰাজহুৱা ইচু দুয়োতাৰ কাৰণে লক-ইন কৰি ৰাখিব পাৰি  আই পি ও/এফ পি ও এটাৰ ক্ষেত্রত যদি পৃষ্ঠাপোষকৰ প্রস্তাৱিত ইচুত অৱদান প্রয়োজনীয় ন্যূনতম প্রয়োজনীয়তা অতিক্রম কৰে, তেনে অতিৰিক্ত অৱদানৰ এবছৰৰ কাৰণে লক-ইন কৰি থব পাৰি  অতিৰিক্ত ভাৱে সমগ্র প্রাক ইচু শ্বেয়াৰ মূলধন বা আই পি ও/এফ পি ও ক অগ্রাধিকাৰ দি ধন আদায় দিয়া শ্বেয়াৰ দিয়া মূলধন আৰু ইচুৰ সৈতে ফার্ম আৱন্টন ভিত্তিত ইচুকৰা শ্বেয়াৰ ৰাজহুৱা ইচু আৱন্টন হোৱাৰ দিনটোৰ দিনটোৰ পৰা এবছৰৰ কাৰণে লক-ইন কৰিব পাৰি।

গ্রীন চ’ বিকল্প

এটা গ্রীন চ’ সুবিধা মানে ৰাজহুৱা ইচু শ্বেয়াৰকে ধৰি অধিক শ্বেয়াৰ আৱন্টন দিয়াৰ সুযোগ দিয়া আৰু ডাক-তালিকাভূক্ত মূল্য ৩০ দিনৰ কাৰণে স্থায়ী কৰি দিয়াৰ ব্যৱস্থা  ২০০৯ এচ ই বি আই আই চি ডি আই আইনৰ মতে যিটো কোম্পানী এটালৈ ষ্টেবলিজিং এজেন্টৰ দ্বাৰা অনুশীলনৰ বাবে প্রেৰণ কৰা হব  এইটো এনে এটা আয়োজন য’ত ইচু অতিৰিক্ত ভাৱে সর্বোচ্চ ১৫%লৈ ইচুৰ আৱন্টন কৰা হয়  বিনিয়োগকাৰী এজনৰ দৃষ্টিকোনৰ পৰা গ্রীন চ’ সুযোগে এটা ইচুত অধিক শ্বেয়াৰ লাভৰ সুযোগ দিয়ে আৰু প্রাক তালিকাভূক্ত মূল্য বজাৰৰ তুলনাত অধিক স্থিৰ হোৱাৰ সুযোগ দিয়ে।

গ্রীন চ’ কোম্পানীৰ পৰা প্রস্তাৱিত নামে এই সুযোগত ইচু প্রথমে লাভ কৰিব।

সুৰক্ষিত ধন

যিকোনো সুৰক্ষিত ধন আঁচনি বা ৰাজহুৱা ইচুত প্রস্তাৱ কৰা শ্বেয়াৰৰ পিছত কিনা আয়োজন ইচু দিওঁতা কোম্পানী এটাই লীড বাণিজ্য বেংকৰ পৰামর্শ মতে সম্পূর্ণ কৰিব পাৰি আৰু এইয়া পচপেক্টাচত প্রকাশিত হব  এনেদৰে কিনা বা সুৰক্ষিত কৰা ধন আয়োজন কেৱল প্রকৃত ঘৰ থকা ব্যক্তিগত আৱন্টন দিওঁতাৰ প্রতিষ্ঠানতহে উপলব্ধ হব আৰু প্রতিজন আৱন্টন দিওঁতালৈ সর্বোচ্চ ১০০০শ্বেয়াৰ আৱন্টন দিব পাৰি আৰু এই সুযোগ আমানত ডেচপাচ হোৱাৰ দিনৰ পৰা ৬মাহ খোলা থাকিব।

আন্দাৰ ৰাইটিং

দুই ধৰণৰ আন্দাৰ ৰাইটিং আছে

হাড আন্দাৰ ৰাইটিং

হাড আন্দাৰ ৰাইটিং হৈছে যেতিয়া আন্দাৰ ৰাইটাৰজনে তেওঁৰ প্রতিশ্রুতিবদ্ধতা প্রথম স্তৰতে কিনে  আন্দাৰ ৰাইটাৰ জনে ইচুৰ এটা নির্দিষ্ট পৰিমাণৰ দায়িত্ব লয়  তেনেদৰে শ্বেয়াৰ বিনিয়োগকাৰীক যোগান নধৰাৰ পৰিপ্ৰেক্ষিতত ইচুটো আন্দাৰ ৰাইটাৰজনে উন্নত কৰিব আৰু তেওঁলোকে শ্বেয়াৰ যোগানেৰে মূলধনটো বহন কৰিব লাগিব  আন্দাৰ ৰাইটাৰজনে চ’ফ্ট আন্দাৰ ৰাইটাৰজনতকৈ অধিক দায়িত্ব লব লগা হয়।

চ’ফ্ট আন্দাৰ ৰাইটিং

চ’ফ্ট আন্দাৰ ৰাইটাৰ হৈছে সেইজন যি মূল্য প্রক্রিয়া শেষ হোৱাৰ পাছত শ্বেয়াৰ কিনিবলৈ মান্তি হয়  তেওঁ তেতিয়া তত্ক্ষনাত এই শ্বেয়াৰ সমূহ আনুষ্ঠানিক ট্ৰেডাৰৰ আগত দাখিল কৰে  এনে ক্ষেত্রত কিছু সময়ৰ কৰণে আন্দাৰ ৰাইটাৰজনে মুখামুখি হোৱা ৰিক্স হ্রাস পায়  লগতে চ’ফ্ট আন্দাৰ ৰাইটাৰজনে এক শক্তিশালী মার্জিয়ৰ শ্রেণীক নিমন্ত্রণ জনোৱাৰ সুযোগ থাকে যদিহে নিয়ন্ত্রণ কৰিব নোৱাৰা বিভিন্ন পৰিস্থিতিৰ উদ্ভৱ হয় আৰু আন্দাৰ ৰাইটাৰ জনৰ শ্বেয়াৰ কিনোতাক দাখিল কৰা যোগ্যতাত বেয়া প্রভাৱ পেলাব পৰা কাৰক থাকে।

আই পি অ’ ৰ দামৰ শ্রেনীবিন্যাস সম্পর্কে সঘনাই উত্থাপিত প্ৰশ্নসমূহ

আই পি অ দামৰ শ্রেণীবিন্যাসৰ ক্ষেত্রত সকলো ধৰণৰ কার্যকাৰীতাৰ বিষয়ে যেনেঃ শ্রেনী বিন্যাসৰ প্রক্রিয়া, সময়সীমাৰ কার্যকাল, শ্রেণী বিন্যাসৰ সুযোগ সুবিধা ইত্যাদি, তলত দিয়া ধৰনে এই সুবিধাবিলাকৰ বাবে সংগৃহীত তথ্যবিলাক ক্রেডিট ৰেটীং এজেঞ্চী (CRAs) (লগতে তেওঁলোকৰ সঘনাই সোধা প্রশ্নবিলাক) বিষয়খিনি আই পি অ দামৰ শ্রেণীবিন্যাস পদ্ধতিৰ অর্ন্তগতত মাথোন সাধাৰণ তথ্যৰ ওপৰত নির্ভৰ কৰিহে তৈয়াৰ কৰা হৈছে।

আই পি অ শ্রেণীবিন্যাসৰ বাবে বিশেষ বিৱৰণ খিনি পোনে পোনে আপুনি নির্দিষ্ট ক্রেডিট ৰেটিং এজেঞ্চীৰ পৰাহে জানিব পাৰিব।

‘আই পি অ’ শ্রেণীবিন্যাস’ টো কি ?

আই পি অ শ্রেণীবিন্যাসটো হ’ল SEBI ত নথিভূক্ত ক্রেডিট ৰেটিং এজেঞ্চীৰ দ্বাৰা নির্দ্ধাৰিত এটা পদমর্যদা বা মুল্যায়ণ, যিটোয়ে প্রাথমিক ভাবে ৰাইজলৈ বিভিন্ন ধৰনৰ আর্থিক সেৱা আগবঢ়ায়/ইক্যুয়েটী ছেয়াৰৰ পৰিষেবা (আই পি অ) ৰাইজলৈ আগবঢ়ায় বা পৰৱর্তী পর্যায়ত আন যিকোনো নিৰাপত্তা যিবিলাক ইক্যুয়িটি ছেয়াৰলৈ ৰূ্পান্তৰিত হব পাৰে বা সাল সলনিও ঘটাব পাৰে। এই শ্রেনীটো এটা আত্নীক মূল্যায়ন সম্পর্কযুক্ত মৌলিক বিষয়ৰ লগত সম্বন্ধযুক্ত আন আন ভাৰতীয় নিৰাপত্তাক সলাগে। এই ধৰনৰ শ্রেণী বিন্যাসটো সাধাৰণতে এটা উচ্চ ক্ষমতা সম্পন্ন মৌলিক পঞ্চম দিশাৰ নির্দিষ্ট নীতিৰ লগত সম্পর্ক যুক্ত হয়।

আই পি অ শ্রেণী ১: দুখীয়া প্রাথমিক স্তৰ
আই পি অ শ্রেণী ২: সাধাৰণ গঢ়ৰ তলত থকা প্রাথমিক স্তৰ
আই পি অ শ্রেণী ৩: সাধাৰণ গঢ়ৰ প্রাথমিক স্তৰ
আই পি অ শ্রেণী ৪: সাধাৰণ গঢ়ৰ প্রাথমিক স্তৰ ওপৰত
আই পি অ শ্রেণী ৫: মজবুত প্রাথমিক স্তৰ

আই পি অ দামৰ শ্রেণীবিন্যাসটো প্রচলন কৰা হৈছিল যাতে এটা আই পি অ ৰ যোগেদি অতিৰিক্ত তথ্য সংগ্রহৰ প্রচেষ্টা কৰি বিনিয়োগকাৰী সকলৰ ইক্যুয়িটি ইচ্যু বিলাক সহজ কৰি দিব পৰা যায়।

কেতিয়া এজন বিনিয়োগকাৰীয়ে আই পি অ ৰ বাবে দামৰ শ্রেনীবিন্যাসৰ প্রয়োজ়ন হয়?

যিনহওক, আই পি অ ৰ এই ধৰনৰ শ্রেনী বিন্যাসৰ বাবে সকলো বিলাক কোম্পানীয়ে আটাইকেইটা CRA ৰ হতুৱাই জোৰ দি আই পি অ ক খাটনি ধৰে যাতে কেচৰ কায়দা অনুযায়ী পুস্তক বিৱৰণিটো/ৰঙা ৰংৰ নক্সাযুক্ত পুস্তক বিৱৰণিটো শ্রেনীবিন্যাসত অৱশ্যেই থাকে। শ্রেনীবিন্যাস পদ্ধতিৰ অতিৰিক্ত বিৱৰণি ক্রেডিট ৰেটিং এজেঞ্চীৰ পৰা পোৱা যাব পাৰে।

আই পি অ ৰ দামৰ শ্রেণী বিন্যাস পদ্ধতিৰ খৰচটো কোনে বহন কৰে?

যিবিলাক কোম্পানীয়ে আই পি অ বনাবলৈ বিচাৰে সেই সকলে এই ধৰনৰ শ্রেনীবিন্যাস বনাবলৈ তাৰ ব্যায় ভাৰ বহন কৰে।

এই শ্রেনী বিন্যাসটো এৰাধৰা কৰিব পৰা যায় নে?

নহয়, আই পি অ শ্রেণী বিন্যাসটো এৰাধৰা কৰিব পৰা নেযায়। যদি কোনো কোম্পানীয়ে আই পি অ ৰ বাবে SEBI ৰ এটা নক্সা ডকুমেন্ট জমা দিয়ে ১ মে, ২০০৭ তাৰিখত বা তাৰ পিছত, তেতিয়া হলে সেই কোম্পানীক অন্ততঃপক্ষে এটা CRA ৰ বাবে আই পি অ দামৰ শ্রেনীবিন্যাসৰ প্রয়োজন হয়।

জাৰী কৰিব বিচৰা কোম্পানীয়ে আই পি অ দামৰ শ্রেনী বিন্যাস বাতিল কৰিব পাৰে নে ?

আই পি অ ৰ শ্রেনী বিন্যাস বাতিল কৰিব পৰা নেযায়। ৰেটিং এজেঞ্চী বিলাকে দিয়া এই শ্রেণী বিন্যাসটো গ্রহন যোগ্য হওক বা নহওক কিয়। এই বিন্যাসটো SEBI ICDR ৰ ৰেগুলেচন ২০০৯ ৰ অর্ন্তগতত কোম্পানীয়ে জনাবলৈ বাধ্য থাকিব। যিনহওক, কোম্পানীৰ অন্য এটা বেলেগ এজেঞ্চীৰ দ্বাৰা এই ৰেটিং কৰাবৰ অৱশ্যে অধিকাৰ থাকে। এই বিশেষ ক্ষেত্রত উক্ত কোম্পানীয়ে আই পি অ ৰ কাৰনে লোৱা আটাইকেইটা শ্রেনী বিন্যাস অফাৰ ডকুমেন্টখনত, বিজ্ঞাপনৰ ইত্যাদিৰ জৰিয়তে মুকলিমুৰীয়াকৈ জনাবলৈ বাধ্য থাকিব।

জাৰীকৰাৰ প্রক্রিয়াটোক আই পি অ শ্রেণী বিন্যাসটোয়ে পলম কৰাব পাৰে নে?

আই পি অ শ্রেণী বিন্যাসটো সমান্তৰাল ভাবে SEBI ৰ লগত দিয়া এটা অফাৰৰ সৈতে দাখিল কৰি তাৰ ফলাফলৰ ওপৰত বিশেষ ভাবে লক্ষ্য ৰখা হয়। যিহেতু SEBI ৰ দ্বাৰা কৰা নজৰদাৰী আৰু শ্রেনী বিন্যাসটো, স্বাধীন ভাবে কার্যকৰে, ফলত আই পি অ শ্রেণী বিন্যাসটো এই ক্ষেত্রত বিশেষ একো পলম নহয়।

আই পি অ শ্রেণীবিন্যাসৰ কাৰনে মৌলিক বিষয় বিলাকৰ মূল্যায়ন নিৰূপন কৰিবৰ বাবে কি কি পৰিস্থিতি উদ্ভৱ হয় ?

আই পি অ শ্রেণীবিন্যাসৰ পদ্ধতিটো ধৰা হয়, শিল্পৰ অগ্রগতিৰ ক্ষেত্রত যিটো দিশাত কোম্পানীয়ে কাম চলায়, একেটা শ্রেণীভূক্ত পাৰস্পৰিক ব্যৱসায়ীক প্রতিযোগিতাৰ শক্তি লগতে কোম্পানীৰ আর্থিক অৱস্থান ইত্যাদি বিলাক বিষয় বস্তুক হিচাব ৰাখিহে।

হয়তো এই শ্রেণীবিন্যাসৰ আচল শক্তিটো ধৰিব পৰা নেযায় বা তলত বর্নিত ভাবে সীমিত নহয়। আই পি অ ৰ শ্রেণী বিন্যাসৰ ক্ষেত্রত তলত দিয়া তালিকাৰ সীমাখিনি সাধাৰণতে ৰেটিং এজেঞ্চী বিলাকৰ দ্বাৰাহে লক্ষ ৰখা হয়।

  • ভবিষ্যতত ব্যৱসায়ীক অগ্রগতি আৰু প্রতিযোগিতাৰ অৱস্থান।
    ক) শিল্পৰ সম্ভাৱনা
    খ) কোম্পানীৰ সম্ভাৱনা
  • আর্থিক অৱস্থান
  • প্রশাসকৰ গুনাগুন
  • নিগমবদ্ধ শাসন পদ্ধতিৰ অভ্যাস
  • সন্মতি আৰু বেমেজালিৰ ইতিবৃত্ত
  • নতুন প্রজেক্টবিলাক - ভয় আৰু সম্ভাৱনাসমূহ

আই পি অ ৰ দামৰ শ্রেণী বিন্যাসৰ ক্ষেত্রত ওপৰত উল্লেখিত বিষয় বিলাক মাথোন এটা ইঙ্গিত হে এই বিলাকৰ সময়ে সময়ে আৰু ক্ষেত্র বিশেষে সাল সলনিও হব পাৰে।

আই পি অ ৰ শ্রেণী বিন্যাসটো ভেটিব ধৰা ছেয়াৰৰ মূল্যৰ ওপৰত কিবা প্রভাব পেলায় নে?

নহয়, আই পি অ ৰ দামৰ এই শ্রেনী বিন্যাসটো নিৰাপত্তাজনিত ক্ষেত্রত ভেটিব ধৰা আর্থিক মূল্যায়নৰ বিষয়টোক বিশেষ গুৰুত্ব দিয়া নাই। যিহেতু আই পি অ ৰ শ্রেণী বিন্যাসটো জাৰী কৰিব ধৰা অর্থক গুৰুত্ব নিদিয়ে সেই বাবে বিনিয়োগকাৰীক এটা স্বাধীন ভাবে মতামত দিব লাগে যে আই পি অ ৰ মাধ্যমে কিমান দামত/গ্রাহকক ছেয়াৰ দিব পৰা যায়।

কোনোবা এজনে দামৰ বিষয়ে সম্পূৰ্ণ পদ্ধতি আৰু আই পি অ ৰ বাবে ধৰা দামটো জানিব পাৰেনে?

আই পি অ ৰ বাবে লোৱা সকলো দাম আৰু লগতে দামৰ বিৱৰণি বিলাক জাননী বিষয়ক কিতাপ খনত পাব পাৰে। সংক্ষিপ্ত কিতাপ, বিজ্ঞাপন বা আন কোনো ঠাই য’ত জাৰী কৰিব ধৰা কোম্পানীয়ে বিজ্ঞাপনটোক তেওঁলোকৰ ইচ্যুৰ বাবে ব্যৱহাৰ কৰিছে। আনহাতে ক্রেডিট ৰেটিং এজেঞ্চীৰ দ্বাৰা দামৰ জাননী খিনিত য’ত এটা বিশেষ দামৰ বাবে বহলকৈ বর্ননা দিয়া হয় তাক চালিজাৰী চাবৰ বাবে লাগতিয়াল উপলব্ধ হয় আৰু বিষয় বস্তু খিনি ইয়াত সামৰা থাকে।

আই পি অ ৰ দামৰ ক্ষেত্রত বাৰু ‘সাধাৰণ গঢ় দামতকৈ বা অধিক মৌলিক’ ক্ষেত্রত সাধাৰণ মানুহে নিৰাপদ ভাবে কোনো ইচ্যুত বিনিয়োগ কৰিব পাৰিব নে ?

আই পি অ ৰ দামটো কোনো এটা পৰামর্শ নহয় বা মতাদর্শ নহয় যাতে এনে মনত হোৱাৰ কোনো কাৰন নাই যে আই পি অ বিনিয়োগ কৰিব পৰা যাব নে নাই। জাননী কিপাত খনত থকা তথ্য বিলাক ভালকৈ পঢ়িহে বিশেষকৈ ভয় ভীতিৰ কাৰণ বিলাক আৰু যিটো দামত ছেয়াৰ বিলাক দিয়া হৈছে এই আটাইবিলাক বিষয় ভালকৈ বুজিলৈহে ইয়াত বিনিয়োগ কৰিব লাগে।

আই পি অ ৰ দামটো এজনে কি দৰে বাখ্যা কৰিব পাৰে?

এই দাম বা শ্রেণী বিন্যাস বিলাকক ৫ টা পয়েন্টত ভাগ কৰা হৈছে, একেবাৰে তলত থকাটো হ’ল শ্রেনী - ১ আৰু একেবাৰে ওপৰত থকাটো হ’ল শ্রেণী - ৫ । এই ভাগ বা শ্রেণী বিলাকক বহলকৈ আলোচনা কৰা হৈছে সঘনাই শোধা প্রশ্নৰ তালিকাৰ অর্ন্তগতত ১ ৰ পৰা।

আই পি অ ৰ শ্রেণী বিন্যাসটো আই পি অ ত ধন নিবেশ ক ৰিবলৈ সাহায্য কৰেনে?

আই পি অ ৰ শ্রেণী বিন্যাসটো সাধাৰণতে বিনিয়োগকাৰীক ব্যৱসায়ীক ৰেটীং এজেঞ্চীৰ দ্বাৰা তৈয়াৰী এটা বাস্তৱ দৃষ্টীভঙ্গিযুক্ত আৰু সঠিক চিন্তা ধাৰা যুক্ত মতবাদ লগতে ব্যৱসায়ীক বিশ্লেষণ, প্রশাসনৰ গুনাগুন, নিগমবদ্ধ প্রশাষণ ব্যবস্থা ইত্যাদি বিষয় বিলাক আৰু আর্থিক সদগতি আগত আগত ৰাখি পূঁজি নিবেশ কৰিবলৈ সহায় কৰে। যিনহওক, জাৰীকৰা সংস্থা বা প্রতিষ্ঠান বিলাকৰ দাম বা শ্রেনীবিন্যাসৰ বাহিৰেও বিনিয়োগকাৰী সকলক নিজৰ নিজৰ বিচাৰ বিবেচনা আৰু দৃষ্টীভঙ্গি থকা প্রয়োজ়ন যাতে তেওঁলোকে ছেয়াৰত পূঁজি নিবেশ কৰাৰ আগতে উক্ত ছেয়াৰ সম্বন্ধে লগতে তাৰ ভয় ভীতি ইত্যাদি বিলাক ভালকৈ জানি বুজিহে তাত নিবেশ কৰে।

আই পি অ ৰ শ্রেণী বিন্যাসৰ ক্ষেত্রত SEBI ৰ ভূমিকা কি?

গ্রেডিং এজেঞ্চি বিলাকৰ দ্বাৰা মূল্যায়ন কৰাৰ ক্ষেত্রত SEBI এ কোনো ভূমিকা লব নোৱাৰে। গ্রেডিংটো হ’ল এই এজেঞ্চীবিলাকৰ এটা স্বাধীনচেতা আৰু নিৰপেক্ষ মতাদর্শ।

CRA ৰ দ্বাৰা আই পি অ ৰ শ্রেণী বিন্যাসৰ ক্ষেত্রত বান্ধি দিয়া নীতি-নিয়ম বিলাক SEBI ৰ মূল্যাঙ্কণৰ বাবে বিচাৰৰ মাপকাঠি হব পাৰেনে ?

এই দামৰ শ্রেণীবিন্যাসটো গঠন কৰা হৈছে যাতে ৰেটিং এজেঞ্চী বিলাকে এটা স্বাধীন আৰু নিৰপেক্ষ দৃষ্টীভঙ্গি গ্রহণ কৰিব পাৰে। SEBI এ ইচ্যু জাৰী কৰিব বিচৰা কোম্পানী বিলাকৰ গুনাগুণৰ বিষয়ে কোনো ধৰনৰ মতামত প্রকাশ নকৰে। আই পি অ ৰ শ্রেনীবিন্যাসৰ ক্ষেত্রত ডকুমেন্টৰ বাবে SEBI ৰ মূল্যায়ন খিনি সম্পূর্ণৰূপে তাৰ নিজস্ব স্বাধীন মতামত, সেইয়া IPO ৰ শ্রেনীবিন্যাসৰ ক্ষেত্রতেই হওক বা কোম্পানীয়ে পোৱা মূল্যৰ ক্ষেত্রতেই হওক।

উৎস: বিনিয়োগকাৰীৰ শিক্ষা আৰু সুৰক্ষা নিধি, ভাৰত চৰকাৰ।

শেহতীয়া উন্নীতকৰণ: : 6/21/2020



© C–DAC.All content appearing on the vikaspedia portal is through collaborative effort of vikaspedia and its partners.We encourage you to use and share the content in a respectful and fair manner. Please leave all source links intact and adhere to applicable copyright and intellectual property guidelines and laws.
English to Hindi Transliterate