অসমীয়া   বাংলা   बोड़ो   डोगरी   ગુજરાતી   ಕನ್ನಡ   كأشُر   कोंकणी   संथाली   মনিপুরি   नेपाली   ଓରିୟା   ਪੰਜਾਬੀ   संस्कृत   தமிழ்  తెలుగు   ردو

পুঁজি বজাৰ ব্যৱস্থাৰ ভূমিকা

পুঁজি বজাৰ ব্যৱস্থাৰ ভূমিকা

মূলধনী বজাৰৰ নিয়ম

কোনো অর্থনীতিৰ উত্কর্ষ বর্তাই ৰখা আৰু পৃষ্ঠপোষকতা কৰাত মূলধনী বজাৰে এটা অতি গুৰুত্বপূর্ণ ভূমিকা বহণ কৰেI ই এটা অতি গুৰুত্বপূর্ণ আৰু যোগ্য ধাৰক যি পুঁজিৰ প্রসাৰণ ঘটাত উদ্যাগী ভূমিকা লয়,আৰু অর্থনীতিত বিনিয়োগৰ কার্যকৰী উত্স আগবঢ়ায় , উত্পাদনশীল দিশত বিনিয়োগৰ কাৰণে সঞ্চয়ৰ প্রসাৰৰ ক্ষেত্রত তাত্পর্যপূর্ণ ভূমিকা বহণ কৰেI ই দেশৰ দীর্ঘকালীন উত্কর্ষৰ দৃষ্টিৰে অর্থনীতিক অধিক কার্যক্ষমলৈ ৰূপান্তৰ কৰাৰ ক্ষেত্রত এটা মুখ্য অনুঘটকৰ দৰে কাম কৰে আৰু এনেদৰে বিশ্বায়নৰ যুগত প্রতিযোগিতামূলক বজাৰ স্থানত নিজকে খাপ খুৱাই লয়I

সম্পত্তি আবন্টনত ৰিক্স অর্থনীতিক চলাই থাকিবলৈ সুবিধা দি মূলধনী বজাৰে ৰিক্স পৰিচালনাৰ মাধ্যমও আগবঢ়ায় I এখন ভাল ভাবে কাম কৰি থকা মূলধনী বজাৰে তথ্যৰ মানদণ্ড উন্নত কৰিবও বিচাৰে কিয়নো ই চৰকাৰী শক্তিশালী ঔদ্যোগীক নিয়ম-নীতি গ্রহণ কৰাত প্রধান ভূমিকা গ্রহণ কৰে,এনেদৰে বানিজ্যৰ পৰিবেশ গঢ়াত সমর্থন কৰে যিটো ইয়াৰ যোগ্যতাত পোৱা যায় I

প্রযুক্তিগত উন্নতি সমর্থন কৰাৰ সময়ত আৰু গোটেই অতীত সময়চোৱাত অর্থনীতিৰ উন্নতিত বজাৰ মুলধনে এটা গুৰুত্বপূর্ণ ভূমিকা পালন কৰে I অন্যান্য বস্তুবোৰৰ ভিতৰত জলীয় দ্ৰব্যৰ বজাৰে দীর্ঘ আনুমানিক সময়ৰ বাবে মূলধন অধিক খটাব পৰা প্রকল্পৰ বাবে মূলধন পাবলৈ ইয়াক সম্ভৱপৰ কৰি তোলে I ১৮শ শতিকাৰ ঔদ্যোগিক বিপ্লৱৰ সময়ত এইয়া নিশ্চিতভাৱে ঘটিছিল আৰু বর্তমান আনকি আমি তথাকথিত নব্য-অর্থনীতিলৈ আগুৱাই যোৱাৰ সময়তো ইয়াৰ ব্যৱহাৰ ঘটি আছে I

গভীৰ আৰু বিস্তৃত মূলধনী বজাৰৰ অস্তিত্ব নিশ্চিতভাৱে গুৰুত্বপূর্ণ আৰু আমাৰ দেশৰ উন্নতি নিশ্চিত কৰিবলৈ অতি প্রয়োজনীয় I ভাৰতৰ কাৰণে কোম্পানীবোৰক ধনৰ যোগান ধৰিবলৈ বিকল্প উত্সৰ সন্ধান পাবলৈ মূলধনী বজাৰৰ উন্নতি ঘটোৱা আৰু তেনে কৰি বিনিয়োগকাৰী সঞ্চয়ৰ কার্যকৰী প্রসাৰ লাভ কৰা এটা অতি প্রয়োজনীয় পদক্ষেপ I মূলধনী বজাৰেও বাহ্যিক ধনলৈ মূল্যৱান উত্স আগবঢ়ায় I

দীর্ঘ সময় ধৰি ভাৰতীয় বজাৰখনে অধিক আর্কষণ পাবলৈ অতি ক্ষুদ্র বুলি বিবেচনা কৰা হৈছিল I বৰ্ত্তমান এই দৃষ্টিকোণৰ দ্রুত পৰিৱর্তন ঘটিছে সেয়ে বৃহত্ পৰিমাণৰ আন্তর্জাতিক বিনিয়োগ যোৱা দশকত ঘটিছে I ভাৰতীয় বজাৰখন আগলৈ এক স্থৱিৰ বিশ্ব বুলি চোৱা নহব,গ্লৱেল বিনিয়োগকাৰী সম্প্রদায়ক আর্কষণীয় সুবিধা প্রদানেৰে অনবৰত উত্কর্ষ লাভ কৰি থকা বজাৰ বুলি বিবেচিত হবI

উৎস: বিনিয়োগকাৰীৰ শিক্ষা আৰু সুৰক্ষা নিধি, ভাৰত চৰকাৰ।

শেহতীয়া উন্নীতকৰণ: : 6/21/2020



© C–DAC.All content appearing on the vikaspedia portal is through collaborative effort of vikaspedia and its partners.We encourage you to use and share the content in a respectful and fair manner. Please leave all source links intact and adhere to applicable copyright and intellectual property guidelines and laws.
English to Hindi Transliterate