অসমীয়া   বাংলা   बोड़ो   डोगरी   ગુજરાતી   ಕನ್ನಡ   كأشُر   कोंकणी   संथाली   মনিপুরি   नेपाली   ଓରିୟା   ਪੰਜਾਬੀ   संस्कृत   தமிழ்  తెలుగు   ردو

বিনিয়োগৰ কৰিবলগীয়া আৰু নকৰিবলগীয়া সমূহ

আই পি ও/এফ পি ও/ৰাইট ইচু

কৰক

  • পচপেক্টাচখন/সংক্ষিপ্ত পচপেক্টাচখন পঢ়ক আৰু বিশেষ গুৰুত্ব দিয়ক-
  1. আশংকাৰ কাৰকসমূহ
  2. যদি থাকে, অসমাপ্ত ইটিগেচন আৰু ডিফল্ট
  3. ইচু গ্রহণকাৰীৰ বিত্তীয় বিষয়
  4. ইচুৰ আপত্তি
  5. কোম্পানীৰ ইতিহাস
  6. পৃষ্ঠপোষকৰ অভিজ্ঞতা
  7. আৱেদন প্রস্তুতৰ বাবে নীতি-নিৰ্দ্দেশনা
  • কিবা সন্দেশ থাকিলে অফাৰ ডক্যুমেন্টত থকা অভিযোগ বিষয়াৰ লগত যোগাযোগ কৰকI
  • যদি আপুনি নিৰ্দ্ধাৰিত সময়ৰ ভিতৰত প্রমাণ পত্র/ডিমেট একাউন্টৰ ক্রেডিট বা আৱেদন ধনৰ ঘুৰাই পাব লগা ধন পোৱা নাই, ইচু দিয়া কোম্পানীৰ অভিযোগ বিষয়াক বা অফাৰ ডক্যুমেন্টত থকা লীড মেনেজাৰক অভিযোগ কৰক।

নকৰিব

  • বজাৰ সম্পৰ্কীয় উৰাবাতৰি বিশ্বাস নকৰিব।
  • ইচু দিওঁতা বা অন্য কাৰোবাৰ প্রশ্নাতীত/স্পষ্ট প্রতিশ্রুতিৰ মতে নকৰিব I
  • বজাৰ ইনডেক্সত চলি থকা অশ্ব দৌৰ বা একেটা উদ্যোগৰ অন্য কোম্পানীৰ/ দলীয় কোম্পানীৰ অংশীদ্বাৰত্বৰ প্রমাণ পত্র মতে বিনিয়োগ নকৰিবI
  • প্রয়োজনীয়ভাৱে উৰ্দ্ধলৈ যাবলৈ ইচু দিয়া কোম্পানীৰ শ্বেয়াৰৰ মূল্যৰ ভিত্তিত বেংকত টকা জমা নকৰিব I

উপ-বজাৰ

কৰক

  • কেৱল এচ ই বি আই-ৰ অনুমোদিত ষ্টক একচেঞ্জৰ যোগেদি ব্যৱসায়িক লেন-দেন কৰিব I
  • কেৱল এচ ই বি আই অনুমোদিত মধ্যস্থতাকাৰীৰ যোগেদিহে ব্যৱসায়িক লেন-দেন কৰিব I
  • ব্রকাৰৰ লগত একাউন্ট এটা খুলিবলৈ প্রয়োজনীয় সকলো আনুষ্ঠানিকতা (উপভোক্তা পঞ্জীয়ন, উপভোক্তা চুক্তি ফর্ম ইত্যাদি) সম্পূর্ণ কৰক I
  • ’আপোনাৰ চুক্তিখন জানক’ চুক্তিখন বিচাৰক আৰু স্বাক্ষৰ কৰক I
  • কোনো ব্যৱসায়িক লেন-দেন কৰাৰ আগতে আমানতত বিনিয়োগৰ লগত জড়িত সকলো বিপদসংকূল বিষয়ৰ সম্পৰ্কে পঢ়ক আৰু ভালকৈ বুজি লওক I
  • ব্যৱসায়িক লেন-দেন কৰাৰ আগতে আমানত বিনিয়োগ কৰাৰ লগত জড়িত সকলো বিপদসংকূল বিষয়ৰ সম্পৰ্কে ভালদৰে পঢ়ক আৰু বুজি লওক I
  • আপোনাৰ ব্রকাৰৰ লগত ব্যৱসায়িক লেন-দেন কৰাৰ আগতে প্রাসংগিক সকলো প্রশ্ন সোধক I
  • ৰাজহুৱাকৈ পোৱা সকলো তথ্যৰ হিচাব-নিকাচ কৰাৰ পাছত, অত্যাৱশকীয় আৰু যুক্তিসংগত বিচাৰৰ ভিত্তিতহে বিনিয়োগ কৰক I
  • আপোনাৰ ব্রকাৰ/উপ-ব্রকাৰ/জমাকর্ত্তা অংশগ্রহণকাৰীক স্পষ্ট আৰু অদ্ব্যর্থক নির্দেশনা দিয়ক I
  • আপোনাৰ ব্যৱসায়িক লেন-দেন চুক্তিখন লাভ কৰাৰ লগে-লগে পুংখানুপুংখকৈ পৰীক্ষা কৰক I
  • জমাকর্তা অংশগ্রহণকাৰীৰ পৰা পোৱা হল্ডিং ষ্টেটমেন্ট আৰু লেন-দেন সূক্ষ্মভাৱে পর্যালোচনা কৰক I
  • বিনিয়োগৰ সকলো কপি লগত ৰাখক I
  • ডি পি এচ-সমূহে ইচু কৰা ডেলিভাৰী নির্দেশনা শ্লিপ সাৱধানে ৰাখক I ডি আই এচ নম্বৰ আগতে মূদ্রিত হোৱাটো আৰু আপোনাৰ একাউন্ট নম্বৰ(উপভোক্তা আই ডি) পূর্বতে ষ্টাম্প মৰাটো গুৰুত্ব সহকাৰে নিশ্চিত কৰক।
  • যদি আপুনি সঘনাই লেন-দেন নকৰে, তেন্তে আপোনাৰ ডিমেট একাউন্টৰ ফ্রিজিং সুবিধা ব্যৱহাৰ কৰক I
  • নির্দিষ্ট সময়ৰ ভিতৰত প্রয়োজনীয় ধনৰ অংশ আদায় দিয়ক I
  • বিক্রিৰ ক্ষেত্ৰত শ্বেয়াৰ/ডেপজিটৰী শ্লীপ ডেলিভাৰ কৰক আৰু নির্দিষ্ট সময়ত ক্রয়ৰ ক্ষেত্রত মূল্য দিয়ক I
  • নিজে বা আনৰ দ্বাৰা সাধাৰণ সভাত উপস্থিত থাকক আৰু ভোটদান কৰক I

নকৰিব

  • আমানতত বন্ধ বজাৰ লেন-দেন নকৰিব I
  • পঞ্জীয়ন নকৰা মধ্যস্থতাকাৰীৰ লগত ব্যৱসায় নকৰিব I
  • অবাস্তৱ ঘুৰাই পাব দিয়া প্রতিশ্রুতিৰ চিকাৰ নহব I
  • কাণ বাগৰা কথা আৰু উৰাবাতৰিত ভিত্তি কৰি বিনিয়োগ নকৰিব I
  • বিনিয়োগত জড়িত সম্ভাৱনাপূর্ণ বিপদসঙ্কুলতা গণনা কৰিবলৈ নাপাহৰিব I
  • বিনিয়োগৰ আকাৰত হর্ঠাত্ হৰহৰাই ওলোৱা বা মূল্য বা গণমাধ্যমৰ পক্ষপাতিত্বমুলক প্রৱন্ধ/ কাহিনী আদিত ভিত্তি কৰা অবিশ্বাসযোগ্য কোম্পানীৰ পৰা কিনাৰ বাবে প্রভাৱিত নহব I
  • সফলতা লাভৰ বাবে জাক বা খেলৰ অনুকৰণ নকৰিব I
  • হট-টিপচ-ৰ দ্বাৰা বিপথে পৰিচালিত নহব I
  • বজাৰৰ সময় নির্দিষ্ট কৰিবলৈ চেষ্টা নকৰিব I
  • আপোনাৰ মন্তব্য/অভিযোগৰ নিৰাময়ৰ বাবে যথোচিত কৰ্তৃপক্ষক জনাবলৈ ইতস্তোত নকৰিব I
  • কতো আপোনাৰ স্বাক্ষৰ কৰা ডিমেট একাউন্টৰ শূণ্য ডেলিভাৰি নির্দেশ শ্লিপ নেৰিব I
  • শূণ্য ডেলিভাৰী নির্দেশ শ্লিপত স্বাক্ষৰ নকৰিব আৰু এইবোৰ সুৰক্ষিতভাৱে ৰাখিবলৈ আৰু প্রয়োজনত পাবলৈ ডেপজিত অংশগ্রহণকাৰী বা ব্রকাৰৰ ওচৰত ৰাখক I

আনৰ পৰা ধাৰ লোৱা

কৰক

  • সকলো নিয়ম, আইন, ক্রয় নিয়ম, একচেঞ্জৰ দ্বাৰা প্রকাশিত সকলো তথ্যৰ যোগেদি যাওক
  • এচ ই বি আই-ত পঞ্জীকৃত ব্যৱসায়িক সদস্য(টি এম)ৰ যোগেদিহে বা টি এম জনৰ অনুমোদিত একচেঞ্জত পঞ্জীকৃত ব্যক্তিৰ দ্বাৰাহে ব্যৱসায় কৰক
  • অনুমোদিত ব্যক্তিজনৰ লগত লেন-দেন কৰোঁতে টি এম জনৰদ্বাৰা ইচু কৰাটো নিশ্চিত হওক
  • অনুমোদিত ব্যক্তিজনৰ লগত লেন-দেন কৰোঁতে কেৱল টি এম জনৰ যোগেদিহে ব্রকাৰেজ/দিব লগা ধন/মাৰজিন আদি দিয়ক
  • প্রত্যেক সম্পন্ন হোৱা ব্যৱসায়ৰ ক্ষেত্রত ব্যৱসায়ৰ সবিশেষ জনাই নিজস্ব উপভোক্তা আই ডি সহ টি এমজনে সঠিক ভাৱে স্বাক্ষৰ কৰা চুক্তি পত্র লাভ কৰাতো নিশ্চিত কৰক
  • লাভৰ লোনৰ গেৰান্টি দিয়া জমাকৃত ধনৰ ৰিচিভ টি এমৰ পৰা লাভ কৰাটো নিশ্চিত কৰক
  • উপভোক্তা ব্যৱসায়িক সদস্য চুক্তিৰ সমগ্র দিশ বিবেচনা কৰি আগবাঢ়ক
  • আপোনাৰ অধিকাৰ আৰু দায়িত্ব টি এম /ক্নিয়াৰিং সদস্যৰ মুখামুখিকৈ জানক
  • বজাৰত আপোনাৰ স্থানৰ আৰু লাভৰ সৈতে জড়িত বিপদসমূহ জানক আৰু আৱেদন কৰক
  • আপোনাৰ টি এমলৈ/পৰা দৈনিক ভাৱে বজাৰ লাভৰ ভৱিষ্যতত আপোনাৰ স্থান সংগ্রহ কৰক/মূল্য সূচাংক লাভ কৰক

নকৰিব লগা সমূহ

  • আপুনি ৰিক্স প্রকাশিত ডক্যুমেন্ট বুজি নাপোৱাকৈ ধাৰ লোৱাৰ কাম আৰম্ভ নকৰিব
  • কোনো উত্পাদনৰ ব্যৱসায় নকৰিব যদিহে আপুনি ইয়াৰ লগত জড়িত বিপদ আৰু ভালফল জনা নাই

ব্রকাৰ/উপ-ব্রকাৰৰ লগত লেন-দেন

কৰক

  • কেৱল এচ ই বি আই পঞ্জীকৃত ব্রকাৰ/উপ-ব্রকাৰৰ লগত লেন-দেন কৰক
  • ব্রকাৰ/উপ-ব্রকাৰৰ বৈধ এচ ই বি আই প্রমাণ পত্র থকাটো নিশ্চিত কৰক
  • ব্রকাৰ/উপ-ব্রকাৰক বজাৰত ব্যৱসায় কৰিবলৈ অনুমোদন প্রাপ্ত হোৱাতো নিশ্চিত কৰক
  • আপোনাৰ হকে অর্ডাৰ লোৱাৰ সম্পৰ্কে ব্রকাৰ/উপ-ব্রকাৰক স্পষ্টভাৱে জনাওক
  • কার্যক্ষেত্রত নমাৰ আগতে ব্রকাৰ/উপ-ব্রকাৰৰ স্বাক্ষৰ থকা উপভোক্তা পঞ্জীয়ন ফর্ম সজোৰে দাবী কৰক
  • আপোনাৰ ব্রকাৰ/উপ-ব্রকাৰৰ লগত সকলো নির্দেশনা আৰু স্বত্বাৱলী সন্নিবিষ্ট কৰি চুক্তিত আৱদ্ধ হওক
  • প্রত্যেক দিনা কৰা ব্যৱসায়ৰ চুক্তি/ নিশ্চয়তা পত্র বিচাৰক আৰু সকলো বুজা-বুজি/ পৰিসমাপ্তিৰ বিল আদায় কৰক
  • প্রত্যেকখন বিজ্ঞপ্তিৰ বিল বিচাৰক
  • চুক্তিখনত ব্রকাৰৰ নাম,ব্যৱসায়ৰ সময় আৰু সংখ্যা , ব্যৱসায়িক লেন-দেনৰ মূল্য আৰু ব্রকাৰেজ থকাটো নিশ্চিত কৰক
  • একাউন্টৰ সময় ভিত্তিক বিজ্ঞপ্তি বিচাৰক
  • ব্রকাৰৰ ব্যৱসায়িক নামতহে চেক/ড্রাফ ইচু কৰক
  • ধন আদায় দিয়াৰ ৪৮ ঘন্টাৰ ভিতৰতে আদায় দিয়া/ যোগান ধৰাৰ ৰিচিপ্ত লাভ কৰাটো নিশ্চিত কৰক
  • বিবাদৰ ক্ষেত্রত যুক্তিসন্মত সময়ৰ ভিতৰতে এচ ই বি আই বা ষ্টক একচেঞ্জ যিখনত তেওঁ নিজেও এজন সদস্য তাৰ ব্রকাৰ/উপ-ব্রকাৰক অভিযোগৰ ফাইল দাখিল কৰক
  • উপ-ব্রকাৰৰ বিবাদৰ ক্ষেত্রত মূল ব্রকাৰক সর্বোচ্চ ছমাহৰ ভিতৰত জনাওক
  • কোনো ব্যৱসায়িক লেন-দেন চলোৱাৰ আগতে ষ্টক এক্সচেইঞ্জ /এচ ই বি আই-য়ে দিয়া চাৰকুলাৰ,আইন, নিয়ম আদিৰ লগত নিজকে পৰিচিত কৰক

নকৰিব

  • অপঞ্জীকৃত ব্রকাৰ, উপ-ব্রকাৰৰ লগত ব্যৱসায়িক লেন-দেন নকৰিব
  • মধ্যস্থতাকাৰীক অনুমোদিত ব্রকাৰেজতকৈ অধিক ধন আদায় নিদিব
  • আনৰ হৈ ব্যৱসায়িক লেন-দেন নকৰিব
  • ফোনত আগতে দিয়া অধিক মূল্যৰ অর্ডাৰৰ লিখিত টোকা ৰাখিবলৈ অৱহেলা নকৰিব
  • দায়বদ্ধতাৰ বাবে আমানতৰ ধন লাভ কৰোতে ব্লেংক ডেলিভাৰী নির্দেশ শ্লিপত স্বাক্ষৰ নকৰিব
  • স্বাক্ষৰ নথকা/নকল চুক্তি /নিশ্চয়তা পত্র গ্রহণ নকৰিব
  • কোনো কৰ্তৃত্ব নথকা ব্যক্তিৰ স্বাক্ষৰ থকা চুক্তি/নিশ্চয়তা পত্র গ্রহণ নকৰিব
  • ব্রকাৰ/উপ-ব্রকাৰক আমানতৰ ধন আদায় দিয়া/কিনাত বিলম্ব নকৰিব
  • প্রলোভিত বিজ্ঞাপনৰ মতে আগ নাবাঢ়িব
  • বজাৰৰ উৰাবাতৰিৰ দ্বাৰা চালিত নহব আৰু ছায়াময় ব্যৱসায়িক লেন-দেন নকৰিব

অংশীদাৰী পুঁজি

কৰক

  • বিনিয়োগ কৰাৰ আগতে অফাৰ ডক্যুমেন্ট ভালকৈ পঢ়ক
  • মনত ৰাখিব যে অংশীদাৰী পুঁজিত বিনিয়োগ বিপদজনক আৰু আশানুৰুপ ফলাফল নাপাবও পাৰে
  • আপোনাৰ আৱেদন পত্রত বেংক একাউন্ট নম্বৰ উল্লেখ কৰক
  • আপোনাৰ বিনিয়োগ বিষয় আৰু ৰিক্স গ্রহণ কৰিব পৰা সামর্থৰ ভিত্তিতহে কোনো এখন আচঁনিত বিনিয়োগ কৰক
  • মন কৰিব যে কোনো এখন আঁচনিৰ নেট এচেট ভেলু(এন এ ভি)বজাৰৰ অৱস্থা অনুযায়ী সলনি হব পাৰে
  • এখন ওফাৰ ডক্যুমেন্ট/মূল তথ্য স্মাৰক বিনিয়োগ কৰাৰ আগতেই লওক আৰু সাৱধানে পঢ়ক
  • মন কৰিব যে আঁচনি এখনৰ বা পুঁজিৰ আগৰ ফলাফলে আচঁনিখনৰ ভৱিষ্যত ফলাফলৰ ইঙ্গিত বঢ়ন নকৰে আৰু অতীতৰ ফলাফল ভৱিষ্যতে থাকিবও পাৰে নাথাকিবও পাৰে
  • আপুনি বিনিয়োগ কৰা আঁচনিৰ এন এ ভি-টো সদাই ট্রেকত ৰাখক
  • আপুনি বিনিয়োগ কৰা ধনৰ বাবে এখন একাউন্ট বিবৃতি লাভ কৰাটো নিশ্চিত কৰক


নকৰিব

  • কেৱল আপোনাক কোনোবাই ইনচেনটিভ,কমিচন বা উপহাৰ দিয়াৰ বাবেই আঁচনি এখনত আপুনি বিনিয়োগ নকৰিব
  • আঁচনিখনৰ/অংশীদাৰী পুঁজিৰ নামটোৰ বাবেই আপুনি সেইখন নচলাব
  • অবাস্তৱ ঘূৰাই পোৱা প্রতিশ্রুতিৰ চিকাৰ নহব
  • বিনিয়োগ লগত জড়িত ৰিক্সৰ টোকা লবলৈ নাপাহৰিব
  • আপোনাৰ সন্দেহ/অভিযোগৰ সমাধানৰ বাবে প্রকৃত কৰ্তৃপক্ষক জনাবলৈ শংকাবোধ নকৰিব
  • কোনো এজেন্ট/ব্রকাৰ ডিলাৰ যাৰ ভাৰতৰ অংশীদাৰী পুঁজি প্রতিষ্ঠানৰ লগত পঞ্জয়ন হোৱা নাই তেনে লোকৰ লগত ব্যৱসায়িক লেন-দেন নকৰিব

আমানতৰ বাইবেক

কৰক

  • প্রস্তাৱিত বাইবেকৰ বিশেষ প্রস্তাৱ বিষদভাৱে পঢ়ক আৰু ইয়াৰ বাবে ভোট দিয়ক
  • যোৱা কিছু মাহত বজাৰ মূল্যৰ লগত বাইবেকত আগবঢ়োৱা মূল্যৰ আৰু লগতে কোম্পানীটোৰ প্রতিটো শ্বেয়াৰৰ বাবে লাভ,বুক ভেলুৰ তুলনা কৰক আৰু তাৰ ভিত্তিত আগবঢ়োৱা মুল্য যুক্তি সংগত হয় নে বিবেচনা কৰক
  • শ্বেয়াৰৰ টেণ্ডাৰ মৰাৰ বাবে কৰিব লগা আৱেদন প্রস্তুতিৰ নির্দেশনাৱলী ভালকৈ পঢ়ক
  • আপোনাৰ আৱেদন সংগ্রহ কেন্দ্রত যথা সময়ত পৰিছেহি নাই সেই বিষয়ে নিশ্চিত হওক
  • যদি আপুনি সঠিক সময়ত অফাৰ পত্র পোৱা নাই তেন্তে সেই বিষয়ৰ লগত জড়িত ব্যৱসায়িক বেংককর্মীৰ লগত যোগাযোগ কৰক
  • অফাৰ পত্রখনত প্রয়োজনীয় সকলো তথ্য-পাতি আইনমতে পূৰণ কৰক
  • অফাৰ পত্রখনত বিচৰা সকলো তথ্য-পাতিৰ যোগান ধৰক
  • পত্রখনত নির্দেশ কৰাৰ দৰে মুডত(ডাকত দিয়া, কুৰিয়াৰ, হাতে হাতে দিয়া,সাধাৰণ ডাকত দিয়া ইত্যাদি)আৱেদন পত্র প্রেৰণ কৰক
  • যথা সময়ত টেণ্ডাৰৰ বাবে কৰা আৱেদনৰ বাবে কোনো সহাৰি নাপালে ব্যৱসায়িক বেংকটোৰ সেই বিষয়ৰ লগত জড়িত কর্মীৰ লগত যোগাযোগ কৰক
  • কোম্পানীটোৰ বিষয়ে কিবা অভিযোগ থাকিলে পত্রখনত থকা অভিযোগ কেন্দ্রত অভিযোগ দিয়ক
  • যদি আপুনি ভাৱে যে কোম্পানী আইনৰ ব্যৱস্থাসমূহ উলঙ্ঘা কৰা হৈছে তেন্তে আপুনি পঞ্জীয়কৰ লগত যোগাযোগ কৰক
  • বাইবেকটোৰ প্রযোজকৰ বিৰুদ্ধে কিবা অভিযোগ থাকিলে ব্যৱসায়িক বেংকটোৰ লগত যোগাযোগ কৰক


নকৰিব লগা সমূহ

  • কেইবাখনো আৱেদন দাখিল নকৰিব
  • আৱেদন পত্রখন আইন মতে পূৰণ কৰিবলৈ নাপাহৰিব
  • আৱেদন পত্র কেইবাখনো নকৰিব
  • আৱেদন পত্রখনত কটা-কূটি নকৰিব
  • ভুল ঠিকনা দি আৱেদন পত্র প্রেৰণ নকৰিব
  • অফাৰটো শেষ হোৱাৰ পাছত আৱেদন পত্র নপঠাব
  • আৱেদন পত্রত সম্পূর্ণ তথ্য দিবলৈ নাপাহৰিব
  • আৱেদন পত্রত স্বাক্ষৰ কৰিবলৈ নাপাহৰিব
  • আৱেদন পত্রত ভুল আৰু পৰস্পৰ বিৰুধী তথ্য নিদিব

অফাৰ খোলা

কৰিব লগাসমূহ

  • অফাৰটো বিবেচনা আৰু গ্রহণ কৰাৰ আগতে আপুনি নিশ্চিত হওক যে আপুনি সকলো প্রতিযোগিতামূলক অফাৰৰ বিষয়ে সচেতন আৰু পর্যালোচনা কৰিছে
  • প্রতিযোগিতামুলক অফাৰ আৰু ইচুৰ পর্যালোচনাৰ বাবে ৰাষ্ট্রীয় দৈনিক/ৱেভচাইট চাওক
  • মন কৰিব যে যদি অফাৰ পত্রখনত উল্লেখ আছে তেন্তে অফাৰটো গুৰুত্বৰ মাত্রা নিৰ্দ্ধাৰক বিষয়ক
  • অফাৰটো কোম্পানীটোৰ ডিলিচটিঙৰ ফল নেকি এই বিষয়ে পৰীক্ষা কৰিব
  • ডেমাটিয়েলাইজ ইকুইটি শ্বেয়াৰৰ ক্ষেত্রত অফাৰটো শেষ হোৱাৰ আগতেই বিশেষ ডিপোজিটৰী একাউন্ট পোৱাটো নিশ্চিত হওক
  • অফাৰ পত্রত উল্লেখ কৰাৰ দৰে সাৱধানতাৰে হাতে হাতে দিয়া ডক্যুমেন্টৰ দিন/সময় লক্ষ্য কৰক
  • আপুনি গ্রহণ কৰাটোত টেণ্ডাৰ মৰাৰ আগতে অফাৰ পর্যালোচনা শেষ দিনটো(যেনে-অফাৰ শেষ হোৱাৰ আগৰ সাতটা কর্মদিন)অপক্ষা কৰক
  • যদি আপুনি শ্বেয়াৰ টেণ্ডাৰিং উঠাই লব খুজিছে তেন্তে অফাৰটো শেষ হোৱাৰ তিনিটা কর্ম দিনৰ আগতে নির্দিষ্ট সংগ্রহ কেন্দ্রত টেণ্ডাৰ উঠাই লোৱাৰ ফর্ম দাখিল কৰক
  • গ্রহণকৰা ফর্ম, স্থানসলনি কৰা,জমাকৰা নীতি-নির্দেশনা আৰু উঠাই লোৱা ফর্মত স্বাক্ষৰ কৰাতো নিশ্চিত কৰক আৰু এই ফর্মসমূহ একেই ক্রমতে কোম্পানীত দাখিল কৰা হব
  • অফাৰ ডক্যুমেন্ট নোপোৱাৰ ক্ষেত্রত খালী কাগজত প্রয়োজনীয় তথ্য-পাতি সহ আৱেদন কৰি অফাৰৰ পৰা টেণ্ডাৰ লাভ কৰিব বা উঠাই লব পাৰিব

নকৰিব লগা সমূহ

  • আপুনি গ্রহণ কৰাটোৰ টেণ্ডাৰ মৰাৰ ক্ষেত্রত অফাৰটোৰ বন্ধ কৰাৰ শেষ দিনটোলৈ অপক্ষা নকৰিব
  • পঠাব লগা টেঞ্চফাৰ ডিডিৰ কিনোতাৰ টেঞ্চফাৰ সবিশেষ পূৰণ লকৰিব
  • বৈধতা নথকা তথ্য-পাতিৰদ্বাৰা অসম্পূর্ণ আৱেদন পূৰণ নকৰিব

কালেক্টটিফ বিনিয়োগ আঁচনি

কৰিব লগাসমূহ

  • উপলব্ধ আঁচনিখন এচ ই বি আই-ত পঞ্জীকৃত হোৱাটো নিশ্চিত কৰক
  • আঁচনিখনৰ অফাৰ ডক্যুমেন্টটো সাৱধানে পঢ়ক
  • প্রকল্পটোৰ ম্যাদ পৰীক্ষা কৰক
  • পৃষ্ঠপোষকৰ অভিজ্ঞতা আৰু দক্ষতা পৰীক্ষা কৰক
  • উপলব্ধ আচনিৰ ধন /সম্পত্তিৰ স্পষ্ট আৰু বজাৰযোগ্য নাম থকাটো নিশ্চিত কৰক
  • আচনি খনৰ কাম-কাজবোৰ চলাই নিবৰ কাৰণে কালেকটিফ বিনিয়োগ
  • মেনেজমেন্ট কোম্পানীৰ উপযুক্ত আন্তঃগাঠনি আছে নে নাই নিশ্চিত কৰক
  • আঁচনিখনৰ ক্রেডিটৰ হাৰৰ মান নিশ্চয় পৰীক্ষা কৰক
  • আঁচনিখন এপ্রাইজেলৰ বাবে পঠাওক আৰু ইয়াৰ প্ৰতিবেদন চাওক
  • আঁচনি খনৰ বিষয়বোৰ ভালদৰে চাওক
  • যদি আছে আঁচনিখনৰ প্রতিশ্রুতি ফলাফল তুলনা কৰি চাওক
  • প্রতিটো বিত্তীয় বছৰ শেষ হোৱাৰ দুমাহৰ আগত বর্ষিক প্রতিবেদন চি আই এম চি –ৰ সৈতে লাভ কৰাতো নিশ্চিত কৰক। মন কৰিব যে এচ ই বি আই-য়ে বিনিয়োগ হোৱা ধনৰ পুনঃ প্রাপ্তিৰ গ্যাৰেন্টি আৰু দায়িত্ব লব নোৱাৰে

নকৰিব লগা সমূহ

  • এচ ই বি আই পঞ্জীয়ন নোহোৱা চি আই এচ-ত বিনিয়োগ নকৰিব
  • নির্দেশনাত্মক ৰিটাৰ্ণৰ দ্বাৰা নচলাব
  • বজাৰৰ উৰাবাতৰি বা বিজ্ঞাপনৰ ওপৰত ভিত্তি কৰি বিনিয়োগ নকৰিব

উৎস: বিনিয়োগকাৰীৰ শিক্ষা আৰু সুৰক্ষা নিধি, ভাৰত চৰকাৰ।

শেহতীয়া উন্নীতকৰণ: : 6/21/2020



© C–DAC.All content appearing on the vikaspedia portal is through collaborative effort of vikaspedia and its partners.We encourage you to use and share the content in a respectful and fair manner. Please leave all source links intact and adhere to applicable copyright and intellectual property guidelines and laws.
English to Hindi Transliterate