অসমীয়া   বাংলা   बोड़ो   डोगरी   ગુજરાતી   ಕನ್ನಡ   كأشُر   कोंकणी   संथाली   মনিপুরি   नेपाली   ଓରିୟା   ਪੰਜਾਬੀ   संस्कृत   தமிழ்  తెలుగు   ردو

বিনিয়োগৰ পূৰ্বে যি কথা আপুনি জনা উচিত

বিনিয়োগৰ পূৰ্বে যি কথা আপুনি জনা উচিত

এছ বি আইৰ স্কীম এটাত ইনভেষ্ট কৰিছো। আপোনাৰ মতামত জানিব বিচাৰো। মানুহজনে ফোনতে ফোনতে মোৰ উত্তৰলৈ বাট চালে।

বেংক ফিক্সড ডিপ’জিট? মোৰ প্ৰশ্ন।

নাই নাই বেংক ফিক্সড ডিপ’জিট নহয়। সেই যে আঁচনিবোৰ থাকে। তেওঁৰ ব্যাখ্যা।

এটা অসম্পূৰ্ণ তথ্য। যাক ভিত্তি কৰি কোনো মন্তব্য দিব নোৱাৰি। এছ বি আই অৰ্থাৎ ষ্টেট বেংক অব ইণ্ডিয়াক ভাৰতীয় মানুহৰ ওচৰত নতুনকৈ পৰিচয় কৰি দিব লগা একো নাই। কিন্তু এছ বি আই এ অকল বেংকিঙতেই নিজক সীমাবদ্ধ কৰি ৰখা নাই। মিউচুৱেল ফাণ্ড, ইঞ্চুৰেন্স আদি ব্যৱসায়তো তেওঁলোকৰ স্থিতি প্ৰসাৰিত কৰিছে। আমুন্দি নামৰ ফৰাচী বিত্তীয় প্ৰতিষ্ঠানটোৰ সৈতে এছ বি আই এ যুটি বান্ধি এছ বি আই মিউচুৱেল ফাণ্ডৰ সম্পদ ব্যৱস্থাপনা ব্যৱসায় কৰে। এই বিত্তীয় ব্যৱসায়ত নিয়ন্ত্ৰকৰ ভূমিকা পালন কৰে ছেবিয়ে (ছিকিউৰিটি এণ্ড এক্সচেঞ্জ ব’ৰ্ড অব ইণ্ডিয়া)। ছেবিয়ে বান্ধই দিয়া নীতি-নিৰ্দেশনাৰ মাজত অন্য ফাণ্ড হাউছৰ দৰে ইয়াত এছ বি আই এ মিউচুৱেল ফাণ্ডৰ ব্যৱসায় কৰিবলৈ বাধ্য। আনহাতে, ষ্টেট বেংক অব ইণ্ডিয়াই বি এন পি পৰিপাচ কাৰডিফ নামৰ আন এটা ফৰাচী প্ৰতিষ্ঠানৰ সৈতে যৌথ উদ্যোগত এছ বি আই লাইফ নামৰ কোম্পানী এটা প্ৰতিষ্ঠা কৰি ভাৰতত জীৱন বীমাৰ ব্যৱসায় কৰে। এইক্ষেত্ৰত নিয়ন্ত্ৰক হিচাপে আছে আই আৰ ডি এ (ইঞ্চুৰেন্স ৰেগুলেটৰী এণ্ড ডেভেলপমেন্ট অথৰিটি) এতিয়া কথা হ’ল ব্যক্তিজনে ক’ত বিনিয়োগ কৰিছে? অৰ্থাৎ সাধাৰণভাৱে ক’বলৈ গ’লে তেওঁ এছ বি আই মিউচুৱেল ফাণ্ডত নে এছ বি আই লাইফত বিনিয়োগ কৰিছে তাক নিজে জনাটো তেওঁৰ বাবে প্ৰাথমিক প্ৰয়োজনীয়তাৰ ভিতৰত পৰে। এই কথা ৰিলায়েন্স, এইচ ডি এফ চি, বিৰলা, আই চি আই চি আই আদি সকলো কোম্পানীৰ ক্ষেত্ৰত একেধৰণে প্ৰযোজ্য।

কোনটো সম্পদ শ্ৰেণীত বিনিয়োগ কৰিছে? মই আকৌ সুধিলো।

নাই নাজানো। ৰ’ব ৰ’ব আঁচনিখনৰ নামটো কি আছিল, কি আছিল…। অহ্‌ মই পাহৰিছো, আপোনাক চাইহে ক’ব পাৰিম। সিফালৰ পৰা মানুহজনে উত্তৰ দিলে।

অন্য এটা অতি দৰকাৰী কথাকে তেওঁ যথোচিত গুৰুত্ব দিয়া নাই। কল্পনা কৰক-আপুনি এটা ভোজনগৃহলৈ সোমাই গৈছে। আহাৰসমূহ একো একোটা পেকেট কৰি এলুমিনিয়াম ধাতুৰ পাতেৰে মেৰিয়াই থোৱা হৈছে। বাহিৰৰ পৰা গম পোৱা নাযায় পেকেটৰ ভিতৰত কি আছে। খাদ্য বিতৰণ কৰোতালৈ আপোনাৰ প্ৰথম প্ৰশ্ন কি হ’ব? নিশ্চয় আপোনাৰ প্ৰথম প্ৰশ্নটো হ’ব-খাদ্য আমিষ নে নিৰামিষ? নহয়নে? আপুনি উত্তৰ পালে আমিষ আৰু নিৰামিষ দুয়োটাই আছে। যদিহে আপুনি আমিষপ্ৰিয় ব্যক্তি হয়, তেন্তে আপোনাৰ দ্বিতীয় প্ৰশ্নটো হ’ব-কি আছে মাছ, মাংস নে কণী? এইবাৰ আপোনাৰ প্ৰথম পছন্দ যদি মাংস হয়, তেন্তে ইয়াৰ পিচৰ স্বাভাৱিক প্ৰশ্নটো হব-কিহৰ মাংস, কুকুৰাৰ নে ছাগলীৰ? এনেদৰে খাদ্যৰ শ্ৰেণী বিভাজনৰ জৰিয়তে আপুনি এটা সিদ্ধান্তলৈ আহিবলৈ চেষ্টা চলাব, প্ৰকৃততে কেনে খাদ্য আপুনি গ্ৰহণ কৰিব বা কোনবিধ খাদ্য আপোনাৰ বাবে কিমান উপযোগী? কিন্তু যেতিয়া বিনিয়োগৰ সময়তো একেধৰণে বিভাজন কৰি বিশ্লেষণৰ প্ৰয়োজন হয়। বহু বিনিয়োগকাৰীয়ে তাক গুৰুত্বপূৰ্ণ বুলি নাভাবে বা যথোচিত গুৰুত্ব প্ৰদান নকৰে। বহু সময়ত দ্ৰব্যবিধৰ নামটোৱেই যথেষ্ট নহয় তাত থকা উপাদানসমূহক জানিবলৈ। উপাদানক নাজানিলে কেনেকৈ বুজিব সেই বিনিয়োগ সামগ্ৰীৰ চৰিত্ৰ কেনেকুৱা। নাম আৱৰণ ফালি সেইখিনি বিনিয়োগৰ জগতৰ আমিষ নে নিৰামিষ তাক জানিবলৈ চেষ্টা কৰাটো অত্যন্ত দৰকাৰী কথা।

বিনিয়োগযোগ্য সম্পদক আমি সাধাৰণতে পাঁচ ভাগত ভগাব পাৰো।

(১) ইকুইটি বা শ্বেয়াৰ,

(২) ঋণজাতীয় সম্পদ, যেনে-ফিক্সড ডিপ’জিট, বণ্ড ইত্যাদি,

(৩) ভূ-সম্পত্তি,

(৪) নগদ ধনৰ সমতুল্য  আৰু

(৫) বিকল্প বিনিয়োগ।

ইঞ্চুৰেন্স আৰু মিউচুৱেল ফাণ্ডৰ আঁচনিবোৰ ঘাইকৈ ইকুইটি আৰু ঋণ সম্পদৰেই গঠন কৰা হয়। কিছুমানত সম্পূৰ্ণ ইকুইটি, কিছুমানত সম্পূৰ্ণ ঋণ সম্পদ আৰু আন কিছুমান ইকুইটি আৰু ঋণ সম্পদৰ বিভিন্ন অনুপাতত মিশ্ৰণ। মিউচুৱেল ফাণ্ডৰ জৰিয়তে সোণতো বিনিয়োগ কৰিব পাৰি। কোৱা বাহুল্য যে প্ৰত্যেক সম্পদ শ্ৰেণীৰে ক্ষতি ভয় (ৰিস্ক) আৰু ফল (ৰিটাৰ্ন) একে নহয়। হাতত হাত ধৰি ক্ষতি ভয় আৰু ফল আগবাঢ়ে। অৰ্থাৎ সাধাৰণ অৱস্থাত বেছি ক্ষতি ভয় থাকিলে বেছি ফল আশা কৰা যায় আৰু কম ক্ষতি ভয়ৰ বিপৰীতে কম ফল। বজাৰৰ উত্থান-পতনৰ দৃষ্টিকোণৰ পৰা ইকুইটিত ঋণ সম্পদতকৈও ক্ষতি ভয় বেছি, সেয়ে ফলৰ প্ৰত্যাশাও বেছি।

বিনিয়োগৰ বাবে উপযুক্ত আঁচনি একোখন নিৰ্বাচন কৰাটো এটা গুৰুত্বপূৰ্ণ প্ৰক্ৰিয়া। প্ৰথমেই প্ৰয়োজন বিনিয়োগকাৰীজনৰ ক্ষতি ভয় সহিষ্ণুতা, বিনিয়োগ সামৰ্থ্য, বিনিয়োগৰ উদ্দেশ্যে, বিনিয়োগৰ লক্ষ্যলৈ সময়ৰ মাপেৰে দূৰত্ব আদিৰ সূক্ষ্ম পৰ্য্যালোচনাৰ শেষত বাছনিত উঠা আঁচনি একোখনত বিনিয়োগ কাৰ্যকৰী কৰাৰ পিচতো নিৰ্দিষ্ট দিনৰ মূৰে মূৰে পৰ্য্যবেক্ষণ কৰি থকাটো বিনিয়োগ যাত্ৰাৰ এটা গুৰুত্বপূৰ্ণ অংগ। যাতে আৱশ্যক অনুযায়ী উচিত পদক্ষেপ ল’ব পৰা যায়।

লিখক: ভাস্কৰ জ্যোতি বৰুৱা, অসমীয়া প্ৰতিদিন।

শেহতীয়া উন্নীতকৰণ: : 6/27/2020



© C–DAC.All content appearing on the vikaspedia portal is through collaborative effort of vikaspedia and its partners.We encourage you to use and share the content in a respectful and fair manner. Please leave all source links intact and adhere to applicable copyright and intellectual property guidelines and laws.
English to Hindi Transliterate