অসমীয়া   বাংলা   बोड़ो   डोगरी   ગુજરાતી   ಕನ್ನಡ   كأشُر   कोंकणी   संथाली   মনিপুরি   नेपाली   ଓରିୟା   ਪੰਜਾਬੀ   संस्कृत   தமிழ்  తెలుగు   ردو

মহিলাৰ বিনিয়োগৰ বিষয়ে যৎসামান্য

মহিলাৰ বিনিয়োগৰ বিষয়ে যৎসামান্য

ভাৰতবৰ্ষৰ এটা অতি পুৰণি মিউচুৱেল ফাণ্ড হাউছ ‘ডি. এছ. পি. ব্লেকৰক’ মিউচুৱেল ফাণ্ড (DSP BLACKROCK MUTUAL FUND) ৰ হৈ পৃথিৱী বিখ্যাত ছাৰ্ভে এজেঞ্চি নেইলচন ইণ্ডিয়া (NIELSEN INDIA) ই ভাৰতৰ বিভিন্ন ক্ষেত্ৰত কৰ্মৰত মহিলাসকলৰ বিনিয়োগৰ বিষয়ে চলোৱা এটা সমীক্ষাত দেখা গ’ল যে এইসকল মহিলাৰ ৭৭% ই বিনিয়োগৰ ক্ষেত্ৰত নিজৰ স্বামী বা পিতৃ-মাতৃৰ ওপৰত নিৰ্ভৰ কৰে। অৰ্থাত্‌ নিজে উপাৰ্জন কৰা ধন বিনিয়োগ কৰাৰ ক্ষেত্ৰত (খৰচ কৰাৰ ক্ষেত্ৰত কিন্তু নহয়) নিজাকৈ সিদ্ধান্ত লয় মাত্ৰ ২৩% মহিলাইহে। এই ২৩% মহিলাৰ ভিতৰৰে মাত্ৰ ১৩% বিবাহিত মহিলাইহে নিজাববীয়াকৈ বিনিয়োগৰ সিদ্ধান্ত লয়। বিনিয়োগৰ ক্ষেত্ৰত সম্পূৰ্ণ নিজাববীয়াকৈ সিদ্ধান্ত লোৱা মহিলাৰ ভিতৰত বিধৱা আৰু বিবাহ বিচ্ছেদ হোৱা মহিলাৰ সংখ্যা তুলনামূলকভাৱে বেছি। তাৰমানে কি এইটো বুজায় নেকি যে বিনিয়োগৰ ক্ষেত্ৰত মহিলাসকলৰ যোগ্যতা নাই? নে এইক্ষেত্ৰত তেওঁলোকৰ প্ৰয়োজনীয় জ্ঞানৰ অভাৱ যে তেওঁলোকে নিজকে এই বিষয়ৰ পৰা আঁতৰাই ৰাখে? এগৰাকী মহিলা হিচাপে আপুনি এই প্ৰশ্নৰ কি উত্তৰ দিব, যদিহে আপুনি এই ৭৭% মহিলাৰ ভিতৰৰে এগৰাকী হয়? আপোনাৰ উত্তৰ যিয়েই নহওঁক কিয়, আমি ভাবোঁ, মহিলাসকলেও বিনিয়োগৰ ক্ষেত্ৰত নিজাকৈ সিদ্ধান্ত ল’ব পাৰে। নিজা সিদ্ধান্ত মানে এইটো নুবুজায় যে তেওঁ তেওঁৰ স্বামী বা পিতৃ-মাতৃৰ লগত পৰামৰ্শ কৰিব নালাগে। এইখিনিতে আপোনাক জনাই থওঁ, বহু পৰিয়ালত বিনিয়োগৰ ক্ষেত্ৰত লোৱা সিদ্ধান্তৰ বিষয়ে মহিলাগৰাকীক জনোৱা নহয় বা জনালেও সিদ্ধান্ত লোৱাৰ পিছতহে জনোৱা হয়। শতকৰা ৫২ গৰাকী মহিলাৰ ক্ষেত্ৰতে এইটো হোৱা দেখা যায়। ‘টকা-পইছাৰ মামলা’ বুলি বহু মহিলাই এইক্ষেত্ৰত আগবাঢ়ি আহিবলৈ দ্বিধাবোধ কৰে। কিন্তু আজিৰ একক পৰিয়াল ব্যৱস্থাত, য’ত স্বামী-স্ত্ৰী আৰু এটা বা দুটা সন্তানৰ পৰিয়ালত স্বামীৰ লগতে পত্নীয়েও ঘৰখনৰ বিনিয়োগ, বীমা, সঞ্চয় আদিৰ বিষয়ে জ্ঞাত থকা বাঞ্ছনীয়। কাৰণ স্বামীৰ অবৰ্তমানত (মৃত্যু, বিচ্ছেদ বা অন্য কাৰণত) মহিলাগৰাকীয়ে অৰ্থনৈতিকভাৱে যথেষ্ট কষ্টৰ সন্মুখীন হ’ব লগাত পৰে। বাস্তৱত দেখা যায় যে বহু মহিলাই স্বামীৰ মৃত্যুৰ পিছত এইটোও নাজানে যে তেওঁৰ স্বামীৰ জীৱন বীমা পলিচী আছিল নে নাই, বা তেওঁৰ কিবা বেংক ফিক্সড ডিপ’জিট আছে নে নাই বা মিউচুৱেল ফাণ্ড বা শ্বেয়াৰ বজাৰত কিবা বিনিয়োগ আছে নেকি। বহু ক্ষেত্ৰত আকৌ দেখা যায়, স্বামীৰ বীমা পলিচী বেংক ডিপ’জিট বা অন্য বিনিয়োগত ‘নমিনি’ বা মনোনীত ব্যক্তি হিচাপে পত্নীৰ নাম ৰেজিষ্ট্ৰেচন কৰা নাই। বা স্বামীয়ে পত্নীৰ নামত কোনো উইল কৰি যোৱা নাই। গতিকে স্বামীৰ অবৰ্তমানত পত্নীয়ে যথেষ্ট কঠোৰ পৰিস্থিতিৰ সন্মুখীন হ’ব লগাত পৰে। এনেবোৰ কাৰণতে পত্নীয়েও স্বামীৰ লগত ঘৰুৱা অৰ্থনৈতিক বিষয়বোৰত সহযোগ কৰা উচিত। এইক্ষেত্ৰত পত্নীয়ে আগভাগ লোৱা উচিত এইবাবেই ,যাতে ভৱিষ্যতে তেওঁ কোনো জটিল পৰিস্থিতিৰ সন্মুখীন হ’ব লগা নহয়। যিসকল মহিলাৰ বিনিয়োগৰ প্ৰতি আগ্ৰহ আছে, তেওঁলোক বিনিয়োগৰ প্ৰতি আগবাঢ়ি আহিব পাৰে। কেৱল তেওঁলোকে কেইটামান দিশলৈ চকু দিব লাগিব। সাধাৰণতে মহিলাসকলে নিজৰ কষ্টোপাৰ্জিত ধন আন স্থানত বিনিয়োগ কৰিব বিচাৰে, য’ত নিজৰ ধন সুৰক্ষিত হৈ থাকে। অৰ্থাত্‌ তেওঁলোকে অতিৰিক্ত ৰিস্ক ল’ব নিবিচাৰে। সমীক্ষাত দেখা গৈছে যে বিনিয়োগৰ কথা বাদেই, সাধাৰণ ছেভিং বেংক একাউণ্ট এটা খোলাৰ ক্ষেত্ৰতো ৮৮% মহিলাই ৰাষ্ট্ৰীয়কৃত বেংককহে প্ৰাধান্য দিয়ে। ৪৩% মহিলাই প্ৰাইভেট আৰু মাত্ৰ ২৪% মহিলাইহে বিদেশী বেংক পচন্দ কৰে। কিন্তু এইটো স্বীকাৰ কৰিবই লাগিব যে বিনিয়োগত অলপ হ’লেও ৰিস্ক বা ক্ষতিৰ আশংকা থাকিবই। অৰ্থাত্‌ লাভ আৰু ক্ষতি হ’ল বিনিয়োগ নামৰ মুদ্ৰাৰ দুটা বিপৰীত পিঠি। কেৱল ক্ষতিৰ আশংকা কৰিয়েই বিনিয়োগ বা টকা-পইছাৰ মেনেজমেণ্টৰ পৰা নিজক আঁতৰাই ৰখাটো অনুচিত। বিনিয়োগৰ প্ৰথম চৰ্তটোৱেই হ’ল নিজক পৰিৱৰ্তন কৰা আৰু ভয়-শংকাৰ পৰা নিজক মুক্ত কৰা। বিনিয়োগ আৰম্ভ কৰাৰ আগতে লক্ষ্য বা উদ্দেশ্য ঠিৰাং কৰা উচিত। অৰ্থাত্‌ আপুনি প্ৰথমেই ঠিৰাং কৰি লওক, কি উদ্দেশ্যৰে আপুনি বিনিয়োগ কৰিব বিচাৰিছে। যেনে – সন্তানৰ শিক্ষা, বিবাহ, আপোনাৰ অৱসৰকালীন পুঁজি, চিকিৎসা ব্যয়, ঘৰ সজা বা ফ্লেট ক্ৰয়, মন পছন্দৰ গাড়ী ক্ৰয়, বিদেশ ভ্ৰমণ, ব্যৱসায় ইত্যাদি অনেক কাৰণত মানুহে ধন সঞ্চয় বা বিনিয়োগ কৰিব বিচাৰে; কাৰণ আপোনাৰ এই লক্ষ্যৰ ওপৰত নিৰ্ভৰ কৰিব বৰ্তমানৰ বিনিয়োগৰ পৰিমাণ, বিনিয়োগৰ দীৰ্ঘতা, তথা বিনিয়োগ ক’ত আৰু কেনেকৈ কৰিব ইত্যাদি। প্ৰথমে বিনিয়োগ বা সঞ্চয় কৰক এনোবোৰ স্থানত যি আপুনি সহজে বুজিব পাৰে। বুজিবলৈ অসুবিধা থকা বা য’ত ক্ষতিৰ আশংকা বেছি, তেনেবোৰত প্ৰথমে বিনিয়োগ নকৰাই ভাল। বিশেষকৈ শ্বেয়াৰ বজাৰৰ লগত সম্পৰ্ক থকা বিনিয়োগ, যেনে- ইউনিট লিংক ইঞ্চুৰেঞ্চ পলিচী (ULIP), ইকুইটি মিউচুৱেল ফাণ্ড (EMF) বা শ্বেয়াৰ বজাৰত প্ৰথমে বিনিয়োগ নকৰাই ভাল। তাৰ পৰিৱৰ্তে বেংক ফিক্সড ডিপ’জিট বা কৰ্প’ৰেট ফিক্সড ডিপ’জিট, পাব্লিক প্ৰভিডেণ্ড ফাণ্ড আদিত বিনিয়োগ কৰক, য’ত বছৰৰ মূৰত চক্ৰবৃদ্ধি হাৰত সুত দিয়া হয়। তদুপৰি ডাকঘৰৰ ৰাষ্ট্ৰীয় সঞ্চয় পত্ৰ, ৰেকাৰিং ডিপ’জিট, বন্দ আদিতো বিনিয়োগ কৰিব পাৰে। বিনিয়োগৰ বাবে আগ্ৰহ থাকিলে বিনিয়োগকাৰীয়ে বিনিয়োগৰ বাবে ন ন ক্ষেত্ৰ দেখিবলৈ পাব। আজিকালি বাতৰি-কাকত, আলোচনী, টিভি বা বিভিন্ন ৱেবছাইটত বিনিয়োগৰ বিভিন্ন আঁচনিৰ বিষয়ে বিতং আলোচনা কৰা হয়। এইবোৰৰ পৰা আপুনিও বিনিয়োগৰ বাবে প্ৰয়োজনীয় তথ্য আহৰণ কৰিব পাৰে। ইয়াৰ উপৰি অভিজ্ঞ তথা পেছাগত পৰামৰ্শদাতাৰ পৰাও পৰামৰ্শ ল’ব পাৰে। বহুক্ষেত্ৰত বন্ধু-বান্ধৱ, সহকৰ্মী বা আত্মীয়ৰ পৰামৰ্শও আপোনাৰ বাবে গ্ৰহণযোগ্য হ’ব পাৰে। এজন ব্যক্তিৰ বিনিয়োগৰ ক্ষেত্ৰখন তেতিয়াহে সম্পূৰ্ণ হ’ব, যেতিয়া তেওঁ বিভিন্ন ক্ষেত্ৰত বিনিয়োগ কৰে। যদি তেওঁ তেওঁৰ সম্পূৰ্ণ সঞ্চিত ধন কেৱল বেংক ফিক্সড ডিপ’জিট বা ডাকঘৰৰ ৰাষ্ট্ৰীয় সঞ্চয় পত্ৰত ৰাখে তেন্তে সেয়া নিশ্চয় আদৰ্শ বিনিয়োগ হ’ব নোৱাৰে। কাৰণ ইয়াত তেওঁৰ ধন নিৰাপদ যদিও ঈপসিত ফল নাপাবও পাৰে। কিন্তু তেওঁ যদি তেওঁৰ বিনিয়োগৰ লক্ষ্য অনুযায়ী তথা সময়ত হ’ব পৰা প্ৰয়োজনীয়তালৈ লক্ষ্য ৰাখি ফিক্সড ডিপ’জিট, বণ্ড, সোণ, শ্বেয়াৰ বা মিউচুৱেল ফাণ্ডত বিনিয়োগ কৰে তেন্তে তেওঁৰ বিনিয়োগ অধিক ফলপ্ৰসূ হ’ব। বিনিয়োগৰ ক্ষেত্ৰত মুদ্ৰাসফীতিয়ে এক ডাঙৰ ভূমিকা পালন কৰে। উদাহৰণস্বৰূপে, এজন ব্যক্তিয়ে যদি বেংকৰ ছেভিং একাউণ্টত এবছৰৰ বাবে একলাখ টকা জমা ৰাখে তেন্তে তেওঁ এবছৰত ৪.৫% হাৰত ৪,৫০০ টকা লাভ কৰিব। অৰ্থাত্‌ এবছৰৰ মূৰত তেওঁৰ মুঠ টকা হ’ব ১,০৪,৫০০ টকা। কিন্তু এবছৰত যদি মুদ্ৰাসফীতিৰ হাৰ ৭% ধৰা হয়, তেন্তে তেওঁৰ জমা ধনৰ ওপৰত পোৱা সুদ মুদ্ৰাসফীতিৰ তুলনাত কম হ’ব। অৰ্থাত্‌ যি বস্তু যোৱা বছৰ এক লাখ টকাত ক্ৰয় কৰিব পৰা গৈছিল, সেই বস্তুৰ মূল্য এই বছৰ হ’ব ১০৭০০ টকা। গতিকে ব্যক্তিজনৰ লোকচান হ’ব ২৫০০/- টকা। সেয়ে বিনিয়োগ কৰিবলৈ যাওঁতে লক্ষ্য কৰিব লাগিব, যাতে তেওঁৰ বিনিয়োগ অন্তত মুদ্ৰাসফীতিৰ দেওনা পাৰ হ’ব পাৰে। বিনিয়োগ যিমান পাৰি, সিমান সোনকালে আৰম্ভ কৰা উচিত, কাৰণ যিসকলে কম বয়সৰ পৰা বিনিয়োগ কৰিবলৈ আৰম্ভ কৰে তেওঁলোকে পিছত বিনিয়োগ আৰম্ভ কৰা সকলতকৈ বেছি ফল লাভ কৰে। সোনকালে আৰম্ভ কৰাৰ ফলত তেওঁলোকৰ সঞ্চয় এনেদৰে বৃদ্ধি পায় যে পিছৰ ফালে মাত্ৰ কেইটামান বছৰতে এই বিনিয়োগৰ পৰিমান অধিক হৈ পৰে। উদাহৰণস্বৰূপে, তিনিগৰাকী বান্ধবীৰ কথাই ধৰা যাওক। তিনিওগৰাকী সমবয়সীয়া সম উপাৰ্জনশীল। প্ৰথমগৰাকীয়ে ২৫ বছৰ বয়সত মাহে এহাজাৰকৈ ৬০ বছৰলৈ মুঠ ৪,২০,০০০/-টকা বিনিয়োগ কৰি ৬০ বছৰত পালে প্ৰায় ৭০,০০,০০০ টকা। দ্বিতীয় গৰাকীয়ে ৩৫ বছৰ বয়সৰপৰা মাহে এহাজাৰকৈ প্ৰথমগৰাকীয়ে কৰা স্কিমত ৬০ বছৰলৈ মুঠ ৩ লাখ টকা বিনিয়োগ কৰি ৬০ বছৰ বয়সত পালে প্ৰায় ২০ লাখ টকা। তৃতীয়গৰাকীয়ে ৪০ বছৰত মাহে এহাজাৰকৈ বাকী দুগৰাকীৰ দৰে বিনিয়োগ কৰি মুঠ ২,৪০,০০০/- টকা আৰু ৬০ বছৰ বয়সত পালে প্ৰায় ১০ লাখ টকা। গতিকে আপুনিও বিনিয়োগ কৰক। কৰক সোনকালে। পাৰিলে আজিৰ পৰাই; কাৰণ বিনিয়োগৰ বাবে কোনো নিৰ্দ্দিষ্ট ভাল সময় নাই। অৰ্থাৎ বৰ্তমানটোৱেই হ’ল বিনিয়োগৰ উপযুক্ত সময়।

লেখক: উৎপল শৰ্মা, প্ৰিয় সখী

শেহতীয়া উন্নীতকৰণ: : 6/21/2020



© C–DAC.All content appearing on the vikaspedia portal is through collaborative effort of vikaspedia and its partners.We encourage you to use and share the content in a respectful and fair manner. Please leave all source links intact and adhere to applicable copyright and intellectual property guidelines and laws.
English to Hindi Transliterate