অসমীয়া   বাংলা   बोड़ो   डोगरी   ગુજરાતી   ಕನ್ನಡ   كأشُر   कोंकणी   संथाली   মনিপুরি   नेपाली   ଓରିୟା   ਪੰਜਾਬੀ   संस्कृत   தமிழ்  తెలుగు   ردو

মূলধনী লাভৰ ওপৰত কৰ

মূলধনী লাভৰ ওপৰত কৰ

মিনতি তালুকদাৰে এদিন ছইফুল ইছলামক টেলিফোন কৰিলে- ‘ইছলাম চাহাব, মই পাণবজাৰ ৰাণীবাৰীৰ মিনতি-পৰীক্ষিত ডেকাৰ ছোৱালী। চিনি পাইছেনে বাৰু?’ বহুদিনৰ মূৰত টেলিফোন কৰিছোতো’।

: মিনতি মানে মিনু নেকি? সেই যে খুব সুন্দৰকৈ গান গাইছিলা তুমি? ইছলাম চাহাবে সুধিলে।

: হয় মই মিনু….।

: তোমাৰ বাবাৰ এতিয়া কেনে আছে? তেখেতৰ দৰে স্মাৰ্ট অসমীয়া মানুহ মই বৰ কম পাইছো। চাৰ্টাৰ্ড একাউনটেন্ট ইছলাম চাহাবে ক’লে।

: আপুনি চাগে’ গম নাপায়-দেউতা কেতিয়াবাই ঢুকালে। মা আছে, বয়স এতিয়া ৮৬ বছৰ। এতিয়ালৈকে সক্ষম।

: মই তোমাৰ বাবাৰ কথাটো নাজানো। অতি দুখিত। বাৰু কোৱাচোন কিয় টেলিফোন কৰিছিলা? ইছলাম চাহাবে সুধিলে।

: মাৰ কিছু সম্পত্তি আছে গুৱাহাটীৰ পাণবজাৰত। এতিয়া বয়স হ’ল। ঘৰত মোৰ বাদে আন কোনো নাই। সম্পত্তিখিনি কিনিবলৈ মানুহ ওলাইছে। প্ৰায় তিনি কোটি টকা পাব লাগে। কিন্তু, সুধিব খুজিছো- কিমান আয়কৰ দিব লাগিব মাই?

আয়কৰ বচোৱাৰ কিবা উপায় আছে নেকি?

: আয়কৰ দিব নালাগে-‘কেপিটেল গেইন টেক্স’ (মূলধনী লাভ কৰা) দিব লাগিব। কিমান দিব লাগিব সেইটো হিচাপ কৰিহে ক’ব পৰা যাব। সম্পত্তিটো কোন চনত নিৰ্মাণ কৰা হৈছিল তাৰ ওপৰত নিৰ্ভৰ কৰিব। ৰেহাই পোৱা যাব। কিন্তু গোটেইখিনি টকাৰ ওপৰত নিৰ্ভৰ কৰিব। ৰেহাই পোৱা যাব। কিন্তু গোটেইখিনি টকাৰ ওপৰত পোৱা নাযাব।

: কৰ মকুবৰ কিবা ব্যৱস্থা আছে জানো?

: আছে। সম্পত্তি বিক্ৰী কৰিলে- তাৰ পৰা তিনিবিধ খৰচ বাদ দিব পাৰি।

১) সম্পদ কিনাৰ খৰচ,

২) সেইটো ব্যৱহাৰযোগ্য কৰি তোলাৰ খৰচ,

৩) হস্তান্তৰ বা বিক্ৰীৰ আনুষংগিক খৰচ।

মূলধনী লাভৰ ওপৰত কৰ দিয়াৰ আগতে ‘কষ্ট ইনফ্ৰেচন ইনডেক্স বা মূল্যবৃদ্ধিসূচক প্ৰয়োগ কৰা হয়। এই সূচকৰ ভিত্তি বছৰ ধৰা হয় ১৯৮১-৮২ অৰ্থবৰ্ষক। সেই বছৰৰ বাবে নিৰ্দিষ্ট হ’ল ১০০ পইন্ট। সেই ভিত্তি বছৰ ধৰি পিচৰ বছৰবোৰৰ সূচক ধাৰ্য হয় মূল্যবৃদ্ধি হাৰ অনুযায়ী।

: দাদা, মূৰ ঘূৰি গৈছে। একো বুজা নাই।

: বুজিবা শুনা, ২০১২-১৩ ৰ সূচক বাঢ়ি হৈছিল ৮৫২ পইন্ট। ২০১৩-১৪ হ’ব ৯৩৯ পইন্ট। এই পইন্টক ভিত্তি কৰি বিক্ৰী মূল্য উলিয়াব লাগিব-তাৰ পিচত দিব লাগিব কৰ। আইনৰ ৫৪ আৰু ৫৪ এফ ধাৰামতে কৰ বচাব পৰা যায়। নতুন ঘৰ কিনিলে-কৰ ৰেহাই পাব। যদিও ঘৰৰ প্ৰয়োজন নাই তেনেহ’লে ৫৪ চি ধাৰামতে ৬ মাহৰ ভিতৰত বণ্ড কিনিলে তাৰ ওপৰত কৰ দিব নালাগে। কিন্তু এটা বৰ্ষৰ ভিতৰত ৫০ লক্ষ টকাৰ বেছি বণ্ড কিনা নাযায়। গতিকে ৰেহাই পাব ৫০ লাখৰ ওপৰতহে, তিনি কোটিৰ ওপৰত নাপায়। নথিবদ্ধ ইকুইটি শ্বেয়াৰ আৰু মিউচুৱেল ফাণ্ড বিক্ৰী কৰি মূলধনী লাভ হ’লেও দীৰ্ঘ ম্যাদত কৰ আৰু মূলধনী কৰ দিব নালাগে। শ্বেয়াৰ বা মিউচুৱেল ফাণ্ডৰ ইউনিট কিনাৰ ১২ মাহৰ পিচত বিক্ৰী কৰিলে কোনো মূলধনী কৰ দিব নালাগে। কিনাৰ পিচত ১২ মাহ বিক্ৰী নকৰিলে মূলধনী আয় দিব নালাগে। তাৰ আগতে বিক্ৰী কৰিলে মূলধনী কৰ দিব লাগিব। মনত ৰাখিব লাগিব-মূলধনী সম্পদ, উপহাৰ হিচাপে দিলে-মূলধনী কৰ নালাগে। ‘কৃষিজাত মাটি’ বিক্ৰী কৰিলে-মূলধনী আয় নালাগে। হিন্দু অবিভক্ত বিলালে বা ভাগ কৰিলে কৰ দিব নালাগে। নিজৰ আত্মীয়ক- যেনে ল’ৰা-ছোৱালীক ঘৰ উপহাৰ দিলে কৰ নালাগে। আত্মীয়ক ঘৰ উপহাৰ দিলে-যাক ঘৰ দিছে তেওঁ কৰ দিব লাগিব। এতিয়া মনত ৰাখক আপোনাৰ মায়ে যদি নতুন এটা ঘৰ কিনে ২ কোটি টকাত আৰু ৬০ লাখ টকাৰ বণ্ড কিনে তেনেহ’লে ৪০ লাখ টকাৰ ওপৰতহে দীৰ্ঘ ম্যাদী মূলধন আয়ৰ কৰ দিব লাগিব।

কিন্তু যদি নতুন ঘৰ নিকিনে, কেৱল ৬০ লাখৰ বণ্ডহে কিনে, তেনেহ’লে ১ কোটি ৪০ লাখ টকাৰ ওপৰত মূলধনী কৰ দিব লাগিব- ইনডেক্সচাইজেচনৰ পিচত। কৰ নিদিয়াকৈ নোৱাৰি নেকি? মিনুৱে সুধিলে। ইছলাম ডাঙৰীয়াই উত্তৰ দিলে-‘কৰ দিয়ক আৰু শান্তিত থাকক।’ বহুতো মানুহ আহিছে-কেঁচা টকা দি ঘৰ কিনিব খুজিছে। কি কৰো? কেঁচা টকাৰে ঘৰ নিকিনিব। ইমানবোৰ টকা থ’ব ক’ত? বেংকতো কেঁচা টকা জমা নলয়। বৰং পকা টকা লওক আৰু কৰ দিয়ক।

লিখক: গৌতম প্ৰসাদ বৰুৱা।

শেহতীয়া উন্নীতকৰণ: : 6/21/2020



© C–DAC.All content appearing on the vikaspedia portal is through collaborative effort of vikaspedia and its partners.We encourage you to use and share the content in a respectful and fair manner. Please leave all source links intact and adhere to applicable copyright and intellectual property guidelines and laws.
English to Hindi Transliterate