অসমীয়া   বাংলা   बोड़ो   डोगरी   ગુજરાતી   ಕನ್ನಡ   كأشُر   कोंकणी   संथाली   মনিপুরি   नेपाली   ଓରିୟା   ਪੰਜਾਬੀ   संस्कृत   தமிழ்  తెలుగు   ردو

স্বাস্থ্যবীমা- এটি অৱলোকন

স্বাস্থ্যবীমা- এটি অৱলোকন

আমাৰ দৈনন্দিন জীৱন যাপনত সুস্বাস্থ্যৰ ভূমিকা যে অপৰিসীম এই চিৰসত্য কথাষাৰ হয়তু কোনেও নুই কৰিব নোৱাৰিব। বিজ্ঞলোকেও কয় বোলে স্বাস্থ্যই পৰম ধন। পৰিয়ালৰ সকলো সদস্যৰ লগতে সমাজৰ সকলোৰে সুস্বাস্থ্য আমাৰ সকলোৰে কাম্য। সদায় সুস্বাস্থ্যৰে জীয়াই থকাটো কাম্য হলেও পিছে বেমাৰ আজাৰ বা দুৰ্ঘটনাজনিত কাৰণত মাজে সময়ে আমাৰ সকলোৰে স্বাস্থ্যৰ অৱনতি হয়। যি কাৰণতে নহওক পিছে কাৰোবাৰ স্বাস্থ্যৰ অৱনতি হোৱাৰ লগে লগে ইয়াৰ প্ৰভাৱ পৰিয়ালটোৰ আৰ্থিক স্বাস্থ্যৰ ওপৰতো পোনপটীয়াকৈ পৰে। চিকিৎসা বিজ্ঞানৰ ন ন উদ্ভাৱনে বৰ্তমান প্ৰায়বোৰ ৰোগৰে নিৰাময়ৰ উপায় সম্ভৱ কৰি তুলিছে যদিও এই চিকিৎসাসমুহ যথেষ্ট ব্যয়বহুল হোৱা বাবে সৰ্বসাধাৰণৰ বাবে ডাক্তৰৰ ওচৰলৈ যোৱাৰ আগতে দহবাৰ ভাবিবলগীয়া হয়। পৰিয়ালৰ কোনো এজন সদস্য ৰোগত ভূগী থকাটো অতিকৈ অসহণীয়, গাঁঠিৰ ধন ভাঙি হলেও চিকিৎসা কৰাবই লাগিব। অন্য অৰ্থত বৰ্তমান সময়ত চিকিৎসা ব্যয় এক এৰাব নোৱাৰা আপদ বুলিলেও বেছি কোৱা নহয়। যিসকল চাকৰিয়ালে চিকিৎসা বানচ বা Mediclaim আচঁনিৰ ৰ সুবিধা লাভ কৰে তেওলোকে অলপ সকাহ পায় কিন্তু বেছিভাগ লোকৰ বাবে চিকিৎসা ব্যয় বহন কৰাটো অত্যন্ত দুৰূহ হৈ পৰে। এইখিনিতে প্ৰশ্ন হয় যে এই চিকিৎসা ব্যয়ৰ ৰূপত হোৱা আৰ্থিক ক্ষতিৰ পৰা ৰক্ষা পোৱাৰ কিবা উপায় আছেনে? নিশ্চয় আছে। অৱশ্যে এয়া নিৰ্ভৰ কৰিব পৰিয়ালৰ আৰ্থিক পৰিকল্পনাৰ ওপৰত। সাধাৰণতে আৰ্থিক পৰিকল্পনা বুলি কলেই বেংকত কৰা সঞ্চয়, ফিক্সড ডিপজিত, পি পি এফ, মিউচুৱেল ফাণ্ড-শ্বেয়াৰ বজাৰত কৰা বিনিয়োগ,জীৱন বীমা আদিৰ কথা প্ৰথমতেই আমাৰ মনলৈ আহে। এইবিলাক দৰকাৰী আহিলাৰ লগতে চিকিৎসা ব্যয়ৰ শিতানটোও আমাৰ আৰ্থিক পৰিকল্পনাৰ অন্তৰ্ভূক্ত কৰি লোৱা উচিত। এতিয়া প্ৰশ্ন হয় চিকিৎসা ব্যয়ৰ বাবে কেনেধৰণৰ আৰ্থিক পৰিকল্পনা সম্ভৱ? অনাকাঙ্খিত চিকিৎসা ব্যয়ৰ বাবে কেনেদৰে আমি সাজু হৈ থাকিব পাৰোঁ?

পৰিয়ালৰ কোনো এজন সদস্য বেমাৰত পৰিলে প্ৰথমতেই চিকিৎসকৰ ওচৰলৈ লৈ যোৱাটো হ'ল প্ৰথম কৰ্তব্য। প্ৰাথমিক চিকিৎসাৰ বাবে যেনেতেনে খৰচৰ যোগাৰ হৈ যায় আৰু ইয়াৰ বাবে কৰা খৰচো খুওব এটা বেছি নহয়। কিন্তু প্ৰাথমিক চিকিৎসাৰ ফলত আৰোগ্য লাভ নকৰিলে বা কোনো জটিল ৰোগ ধৰা পৰিলে উন্নত চিকিৎসাৰ বাবে অনিচ্ছা স্বত্বেও গাঁঠিৰ ধন ভাঙিবলগীয়া হয়। এই গাঁঠিৰ ধন হব পাৰে বেংকৰ জমা টকা,অন্য কোনো উদ্দেশ্যত ৰখা ফিক্স ডিপজিত বা কোনো সম্পত্তি বন্ধকীত ৰাখি বা বিক্ৰী কৰি যোগাৰ কৰা কষ্টোপাৰ্জিত ধন। বহুক্ষেত্ৰত ধাৰ ঋণ লৈও উন্নত চিকিৎসাৰ বাবে ধন যোগাৰ কৰিবলগীয়া হয়। এই ধন চিকিৎসাৰ বাবে ব্যয় কৰাৰ পাছত ক্ষতিপূৰণৰ কোনো উপায নাথাকে আৰু ফলত পৰিয়ালটো কিছুদিনৰ বাবে হলেও আৰ্থিক অনাটনৰ সন্মুখীন হবলগীয়া হয়। চিকিৎসা ব্যয়ৰ ৰূপত হোৱা আৰ্থিক ক্ষতিৰ পৰা সকাহ পোৱাৰ একমাত্ৰ উপায় হৈছে মেডিক্লেইম বা স্বাস্থ্যবীমা। স্বাস্থ্যবীমা আমাৰ দেশৰ বীমা উদ্যোগত বহুদিনৰ পৰাই আছে যদিও তুলনামূলকভাবে জীৱন বীমাতকৈও কম জনপ্ৰিয় আৰু সেয়ে বৰ্তমানো সমাজৰ বেছিভাগ লোকেই এইবিধ আৰ্থিক সঁজুলিৰ সা-সুবিধাসমুহৰ বিষয়ে অজ্ঞ। সহজ অৰ্থত স্বাস্থ্যবীমা বুলি কলে স্বাস্থ্যৰক্ষাৰ বাবে কৰা আৰ্থিক ব্যয়ৰ ক্ষতিপূৰণক বুজিব লাগিব। এই ক্ষতিপূৰণ দুই প্ৰকাৰৰ হব পাৰে-প্ৰকৃত চিকিৎসাৰ খৰচ বহন আৰু পূৰ্বনিৰ্ধাৰিত হাৰত ক্ষতিপূৰণ।

চাকৰিয়ালসকলে লাভ কৰা স্বাস্থ্যবীমা আঁচনিৰ অধীনত সাধাৰণতে প্ৰকৃত চিকিৎসাৰ খৰচৰ ক্ষতিপূৰণ প্ৰদান কৰাৰ ব্যৱস্থা কৰা হয় যদিও চিকিৎসাৰ লগত জড়িত কিছুমান আনুসংগিক খৰচ এই আঁচনিৰ অন্তৰ্ভূক্ত নহয়। অন্যহাতে বৰ্তমান বীমা বজাৰখনত জনপ্ৰিয় হবলৈ ধৰা স্বাস্থ্যবীমা আঁচনিসমুহৰৰ ক্ষেত্ৰত ক্ষতিপূৰণৰ পৰিমাণ পূৰ্বনিৰ্ধাৰিত হৈ থাকে আৰু সেয়ে এনে আঁচনিৰ ক্ষেত্ৰত ক্ষতিপূৰণৰ পৰিমাণ আঁচনিখনৰ ওপৰত নিৰ্ভৰ কৰে, চিকিৎসাৰ খৰচৰ ওপৰত নিৰ্ভৰ নকৰে। এই আলোচনাত কেৱল স্বাস্থ্যবীমাৰ পৰা পাব পৰা সুবিধা সমুহৰ বিষয়ে সংক্ষেপে বিবৰণ দিবলৈ প্ৰয়াস কৰা হৈছে।

এতিয়া প্ৰশ্ন হয় স্বাস্থ্যবীমা আঁচনিৰ দ্বাৰা আমি কেনেদৰে আৰ্থিক সুৰক্ষাৰ ব্যৱস্থা কৰিব পাৰো? স্বাস্থ্যবীমা আঁচনিয়ে আমাক কেনেধৰণৰ আৰ্থিক সুবিধা প্ৰদান কৰে?

সাধাৰণতে স্বাস্থ্যবীমা আঁচনিসমুহে প্ৰদান কৰা সুবিধাসমুহ কোম্পানী আৰু যোজনা অনুসৰি বেলেগ বেলেগ হয় যদিও সাধাৰণীকৰণ কৰি এই সুবিধাসমুহক প্ৰধানকৈ তলত দিয়াৰ দৰে ভাগ কৰিব পাৰি।

১. Hospital Cash Benefit (HCB):- বীমাধাৰকে (Policyholder)চিকিৎসালয়ত এক নিৰ্দিষ্ট সময়তকৈ অধিক সময় ভৰ্তি হৈ চিকিৎসা গ্ৰহণ কৰিবলগীয়া হলে দৈনিক ভিত্তিত পূৰ্বনিৰ্ধাৰিত হাৰত এক নিৰ্দিষ্ট পৰিমাণৰ ধনৰাশি এই সুবিধাৰ আধাৰত প্ৰদান কৰা হয়। উদাহৰণ স্বৰূপে ধৰাহ’ল কোনো এজন লোকৰ ২০০০ টকা HCB ৰ সুবিধা থকা স্বাস্থ্যবীমা যোজনাৰ অধীনত বীমা কৰোৱা আছে। এতিয়া যদি লোকজনে ৫ দিনৰ বাবে চিকিৎসালয়ত ভৰ্তি হবলগীয়া হয় তেন্তে লোকজনে প্ৰথম ২৪ ঘণ্টা বাদ দি চাৰি দিনৰ বাবে দৈনিক ২০০০ টকাকৈ মুঠ ৮০০০ টকা HCB Claim যোগে লাভ কৰিব। Intensive Care Unit (ICU) ত চিকিৎসাধীন হবলগীয়া হলেHCB ৰ পৰিমাণ দুগুণ বা তাতোধিক হব পাৰে। প্ৰথম ২৪ ঘণ্টা চিকিৎসালয়ত ভৰ্তি হৈ থকা সময়খিনি আঁচনিখনে সামৰি নলয় যদিও চিকিৎসালয়ত সাত দিন বা তাতোধিক সময় চিকিৎসাধীন হৈ থাকিলে এই ২৪ ঘণ্টাৰ বাবেও বীমাধাৰকে HCB ৰ ধনৰাশি লাভ কৰে। অৰ্থাৎ যদি বীমাধাৰক আঠ দিনৰ বাবে চিকিৎসাধীন হৈ থাকে তেন্তে HCB ৰ পৰিমাণ হব ২০০০X৮=১৬০০০ টকা। অৱশ্যে উল্লেখ কৰা প্ৰয়োজন যে কোম্পানী আৰু যোজনা অনুসৰি এই সময়খিনি(২৪ ঘণ্টা) বেলেগ বেলেগ হব পাৰে।( অৰ্থাৎ কিছুমান যোজনাত ২৮ ঘণ্টা, কিছুমানত ৪৮, কিছুমানত ৫২ আকৌ কিছুমান যোজনাত ৭২ ঘণ্টালৈকে হব পাৰে।)

২. Major Surgical Benefit (MSB): বীমাধাৰকে স্বাস্থ্যবীমা যোজনাখনৰ তালিকাভূক্ত কিছুমান নিৰ্দিষ্ট শৈল্যচিকিৎসা গ্ৰহণ কৰিবলগীয়া হলে এই সুবিধা লাভ কৰে। এই সুবিধাৰ অধীনত পাবপৰা ধনৰাশি HCB ৰ ২০ গুণৰ পৰা ১০০ গুণলৈকে হব পাৰে আৰু এই ধনৰাশি শৈল্যচিকিৎসাৰ প্ৰকাৰ অৰ্থাৎ Major, Semi Major বা Minor আদিৰ ওপৰত নিৰ্ভৰ কৰে। উদাহৰণস্বৰূপে ওপৰত দিয়া উদাহৰণৰ ব্যক্তিজনৰ ক্ষেত্ৰত যদি তালিকাভূক্ত কোনো এটা শৈল্যচিকিৎসা প্ৰদান কৰা হয় তেন্তে ব্যক্তিজনে যোজনাখনৰ অধীনত নিম্নতম ২০০০X২০= ৪০০০ টকা আৰু সৰ্বোচ্চ ২০০০X১০০= ২০০০০০ টকা MSB দাবী কৰিব পাৰে। এই MSB ৰ পৰিমাণ শৈল্যচিকিৎসাৰ জটিলতাৰ ওপৰত নিৰ্ভৰশীল বুলিব পাৰি।

৩. Day Care Procedure Benefit (DCPB): স্বাস্থ্যবীমা যোজনাখনৰ তালিকাভূক্ত কিছুমান নিৰ্দিষ্ট Day Care চিকিৎসাৰ বাবে এই সুবিধা প্ৰদান কৰা হয়। এই সুবিধাৰ অধীনত পাবপৰা ধনৰাশিও MSB ৰ দৰে HCB ৰ ওপৰত নিৰ্ভৰ কৰে।

৪. Other Surgical Benefit (OSB): MSB আৰু DCPB ৰ আওতাত নপৰা বা তালিকাভূক্ত নোহোৱা শৈল্যচিকিৎসাৰ বাবে এই সুবিধা প্ৰদান কৰা হয়। এই সুবিধাৰ অধীনত পাবপৰা ধনৰাশিও MSB ৰ দৰে HCB ৰ ওপৰত নিৰ্ভৰ কৰে।

৫. Critical Illness Benefit: কিছুমান নিৰ্দিষ্ট বেমাৰৰ ক্ষেত্ৰত এই সুবিধা প্ৰদান কৰা হয় আৰু এই সুবিধাৰ অধীনত এক নিৰ্দিষ্ট ধনৰাশি বীমাধাৰকক প্ৰদান কৰা হয়।

৬. Domiciliary Treatment Benefit (DTB): ঘৰতে লোৱা চিকিৎসাৰ ক্ষেত্ৰত এই সুবিধা প্ৰদান কৰা হয়। এই সুবিধাও সাধাৰণতে HCB ৰ ওপৰত নিৰ্ভৰ কৰে।

৭. Pre and Post Hospitalization Benefit: সাধাৰণতে চিকিৎসালযত ভৰ্তি হোৱাৰ নিৰ্দিষ্ট কিছু দিনৰ আগৰপৰা আৰু চিকিৎসালয়ৰ পৰা ঘূৰি অহাৰ কিছুদিনৰ পাছলৈকে হোৱা খৰচৰ ক্ষতিপূৰণ হিচাপে এই শিতানৰ দ্বাৰা কিছু ধন বীমাধাৰকক প্ৰদান কৰা হয়।

এই সুবিধাসমুহৰ ওপৰিও কিছুমান যোজনাই এম্বুলেঞ্চ, এনাস্থেচিয়া,ফিজিওথেৰাপি আদিৰ বাবে সুকীয়াকৈ ধনৰাশি প্ৰদান কৰে। ইয়াৰোপৰি প্ৰায় প্ৰতিটো কোম্পানীয়ে ন’ক্লেইম বোনাচ, বছৰি এক নিৰ্দিষ্ট পৰিমাণতHCB ৰ লগতে MSB, DCPT, DTB OSB আদিৰ জৰিয়তে পাবপৰা ধনৰাশিৰ পৰিমাণ বৃদ্ধি আদি সুবিধা প্ৰদান কৰে।

ওপৰৰ আলোচনাত স্বাস্থ্যবীমা যোজনাৰ অধীনত কেনেধৰণৰ আৰ্থিক ক্ষতিপূৰণ প্ৰদান কৰা হয় সেয়া সাধাৰণীকৰণ কৰি কেৱলমাত্ৰ উল্লেখহে কৰা হৈছে। এয়া কোনো কোম্পানীৰ এখন যোজনাৰ বৰ্ণনা নহয়। কোম্পানী অনুসৰি আৰু যোজনা অনুসৰি এই সুবিধাবিলাকৰ যোগ বিয়োগ হোৱাটো স্বাভাৱিক।

অন্যহাতে স্বাস্থ্যবীমা আঁচনিৰ আকৌ দুটা প্ৰকাৰ আছে- ব্যক্তিগত আৰু ফেমিলী ফ্ল’টাৰ। ব্যক্তিগত স্বাস্থ্যবীমা আঁচনিয়ে কেৱল মাত্ৰ এজন বীমাধাৰকক বীমা প্ৰদান কৰে। অন্যহাতে ফেমিলী ফ্ল’টাৰ আঁচনিয়ে গোটেই পৰিয়ালকে বীমা প্ৰদান কৰে। ফেমিলী ফ্ল’টাৰ আঁচনিৰ ক্ষেত্ৰত এজন মূখ্য বীমাধাৰক থাকে আৰু মূখ্য বীমাধাৰকৰ ওপৰত নিৰ্ভৰশীল ব্যক্তিসকলকো যেনে পিতৃ-মাতৃ, পত্নী, পুত্ৰ-জীয়ৰী আদি সকলোকে একেখন যোজনাৰ অধীনত স্বাস্থ্যবীমাৰ সুবিধা প্ৰদান কৰে।

দাবী নিস্পত্তি (Claim)- দাবী নিস্পত্তিৰ ক্ষেত্ৰত স্বাস্থ্যবীমা কোম্পানীসমুহে সাধাৰণতে তৃতীয় পক্ষৰ অনুসন্ধানৰ ওপৰওত নিৰ্ভৰ কৰে। বীমাধাৰকে দাবীকৃত ধনৰাশি যাতে কোনো আহুকাল নোহোৱাকৈ লাভ কৰে সেই উদ্দেশ্যে কোম্পানীসমুহে সাধাৰণতে দুইপ্ৰকাৰৰ সুবিধা প্ৰদান কৰে-

১. নগদৰহিত (Cashless Hospitalization) চিকিৎসাৰ সুবিধা- বীমা কোম্পানীৰ অনুমোদনপ্ৰাপ্ত কিছুমান চিকিৎসালয়ত (Network Hospital)বীমাধাৰকে চিকিৎসা গ্ৰহণ কৰিলে এই সুবিধা গ্ৰহণ কৰিব পাৰে।

২. চিকিৎসা ব্যয়ৰ ক্ষতিপূৰণ (Reimbursement)- অনুজ্ঞাপ্ৰাপ্ত যিকোনো চিকিৎসালয়ত চিকিৎসা গ্ৰহণ কৰাৰ পাছত বীমা প্ৰদাতাক (Insurer)যাবতীয় নথি পত্ৰ দাখিল কৰিলে চিকিৎসা ব্যয়ৰ ক্ষতিপূৰণ হিচাপে যোজনাখনৰ অধীনত দাবীকৃত ধনৰাশি বীমাধাৰকক প্ৰদান কৰা হয়।

উৎস: বৈদিক।

শেহতীয়া উন্নীতকৰণ: : 7/4/2020



© C–DAC.All content appearing on the vikaspedia portal is through collaborative effort of vikaspedia and its partners.We encourage you to use and share the content in a respectful and fair manner. Please leave all source links intact and adhere to applicable copyright and intellectual property guidelines and laws.
English to Hindi Transliterate