অসমীয়া   বাংলা   बोड़ो   डोगरी   ગુજરાતી   ಕನ್ನಡ   كأشُر   कोंकणी   संथाली   মনিপুরি   नेपाली   ଓରିୟା   ਪੰਜਾਬੀ   संस्कृत   தமிழ்  తెలుగు   ردو

প্ৰশ্নোত্তৰ

প্ৰশ্নোত্তৰ

২.৫     সূচাংক প্ৰশ্নত্তোৰ

১) তলত উল্লেখ কৰা কোনবিধ বিত্তীয় পৰিকল্পনাৰ অংগ নহয়?

ক) হ্ৰসম্যাদী আৰু দীৰ্ঘম্যাদী লক্ষ্যৰ মাজত পাৰ্থক্য নিৰূপন।

খ) অপৰিহাৰ্য্য আৰু বাঞ্চিত লক্ষ্যৰ মাজত পাৰ্থক্য নিৰূপন।

গ)  আপোনাৰ লক্ষ্য আৰু পৰিয়ালৰ আনসকলৰ লক্ষ্যৰ মাজত পাৰ্থক্য নিৰূপন।

২) দীৰ্ঘম্যাদী পৰিকল্পনা কৰোতে তলৰ কোনটোত আমি গুৰুত্ব দিব লাগিব।

ক) ভৱিষ্যতৰ লক্ষ্যৰ মূল্যতকৈ বৰ্তমানৰ মূল্য গ্ৰহণ কৰা।

খ) লক্ষ্যৰ বৰ্তমানৰ মূল্য গ্ৰহণ কৰি প্ৰতিবছৰে ইয়াৰ সুতৰ হাৰ যোগ কৰি লক্ষ্যৰ ভৱিষ্যতৰ মূল্য নিৰূপন কৰা।

গ)  লক্ষ্যৰ বৰ্তমানৰ মূল্য নিৰূপন কৰি প্ৰতিবছৰে মূল্যৰ উঠা নমাৰ হাৰত বৃদ্ধি কৰি ভৱিষ্যতৰ মূল্য নিৰূপন।

৩) আমাৰ বিত্তীয় পৰিকল্পনা হ’ব লাগে

ক)  আমাৰ প্ৰয়োজনীয়তা আৰু আমাৰ ব্যক্তিগত অৱস্থাৰ ভিত্তিত।

খ) লভ্য আটাইতকৈ ভাল পৰিকল্পনা।

গ) ওচৰ-চুবুৰীয়াৰ বিত্তীয় পৰিকল্পনাতকৈ ভাল।

৪) যদিহে আন সকলো ব্যক্তিগত কাৰক একে ধৰণৰ হয় তেন্তে অধিক সংখ্যক পৰিয়াল থকা লোক এজনে কম পৰিয়ালৰ লোক থকা এজনকৈ ----- বিত্তীয় আশংকা গ্ৰহণ কৰা উচিত।

ক) বৃহৎ

খ) কম

গ) একেই

৫) এটা বিত্তীয় পৰিকল্পনা কৰোতে তলত দিয়া কোনটো বিষয় মনত ৰাখিব লাগে?

ক) আমাৰ ব্যক্তিগত কাৰকসমূহ

খ) বাহ্যিক কাৰকসমূহ

গ) ওপৰৰ দুয়োটাই

৬) এটা আদৰ্শ ক্ষেত্ৰত আমি কৰিব লাগে

ক)  ৰাহি কৰি বিনিয়োগ কৰিব লাগে আৰু তাৰ পাছত আমাৰ উপাৰ্জন খৰছ কৰিব লাগে।

খ) প্ৰথমে খৰছ কৰিব লাগে আৰু তাৰ পিছত ৰাহি কৰি বিনিয়োগ কৰিব লাগে

গ) ওপৰৰ দুয়োটাই

৭) যেতিয়া এটা জৰুৰীকালীন পুঁজি তৈয়াৰ কৰা হয় তেতিয়া বাধ্যতামূলক যে

ক)সকলো ধৰণৰ হব পৰা জৰুৰী অৱস্থাৰ এখন তালিকা প্ৰস্তুত কৰিব লাগে আৰু সকলোৰে বাবে ব্যৱস্থা ৰাখিব লাগে।

খ) সকলো হ’ব পৰা অৱস্থাৰ তালিকা প্ৰস্তুত কৰিব লাগে আৰু তাৰ কিছুমানৰ বাবে ব্যৱস্থা ৰাখিব লাগে।

গ) হ’ব পৰা সকলো ধৰণৰ জৰুৰী অৱস্থাৰ  তালিকা প্ৰস্তুত কৰিব লাগে আৰু যিবোৰত জীৱন, স্বাস্থ্য আৰু সাধাৰণ বীমা নাই সেই সমূহৰ ব্যৱস্থা ৰাখিব লাগে।

৮) আমাৰ ঋণৰ অৱস্থা ভাল কৰিবলৈ

ক)  যেতিয়া আমি কিবা সামগ্ৰী কিনিব খুজো তেতিয়া ঋণ লব লাগে।

খ) অতি প্ৰয়োজন হ’লেহে ঋণ লব লাগে।

গ) কেতিয়াও ঋণ লব নালাগে।

৯) আমাৰ বিত্তীয় পৰিকল্পনা সলনি কৰিব লাগে যেতিয়া

ক)  আমি অভাৱনীয় জৰুৰী অৱস্থাৰ সন্মুখীন হওঁ।

খ) আনন্দদায়ক পৰিস্থিতিত আমাৰ জীৱনলৈ পৰিৱৰ্তন আহে।

গ) আনন্দদায়ক বা দুখদায়ক পৰিস্থিতিয়ে আমাৰ ব্যক্তিগত জীৱনলৈ পৰিৱৰ্তন আনে আৰু আমাৰ বিত্তীয় পৰিকল্পনাক প্ৰভাৱিত কৰে।

১০) বিত্তীয় পৰিকল্পনা পুনৰগঠণত সন্নিৱিষ্ট হয়

ক) লক্ষ্য যোগ আৰু/বা বিয়োগ হয়।

খ) বিত্তীয় সামগ্ৰীত বিনিয়োগ আৰু/বা বিনিয়োগৰ ধন উলিয়াই অনা।

গ)  ওপৰোক্ত দুয়োটাই বা যিকোনো এটা।

উৎস: আইএনডিজি দল

শেহতীয়া উন্নীতকৰণ: : 6/21/2020



© C–DAC.All content appearing on the vikaspedia portal is through collaborative effort of vikaspedia and its partners.We encourage you to use and share the content in a respectful and fair manner. Please leave all source links intact and adhere to applicable copyright and intellectual property guidelines and laws.
English to Hindi Transliterate