অসমীয়া   বাংলা   बोड़ो   डोगरी   ગુજરાતી   ಕನ್ನಡ   كأشُر   कोंकणी   संथाली   মনিপুরি   नेपाली   ଓରିୟା   ਪੰਜਾਬੀ   संस्कृत   தமிழ்  తెలుగు   ردو

১.৩ বাজেট প্ৰস্ততি

পাতনি

পৰেশ মাস্টৰ যোৱাৰ পিছত বীৰেণ আৰু বিমলাই বিষয়টো ক’ৰ পৰা আৰম্ভ কৰিলে ভাল হ’ব সেয়া ঠিক কৰিবলৈ বহি ল’লে।

“আমি প্ৰথমেই বেংকলৈ যোৱা ভাল আৰু বেংক একাউন্ট এটা খুলো আৰু আমি কেনেকৈ ঋণ পাম আৰু কেনেকৈ পইছা জমা থ’ম সেই সম্পৰ্কে সুধি আহো” বীৰেণে ধৰমপালৰ পৰা ধাৰ লোৱাতকৈ বেংকৰ পৰা ঋণ ল’লে কিছু ধন সঞ্চয় কৰিব পাৰিব বুলি ধাৰণা কৰিলে।

তেওঁৰ পত্নী বিমলাই তেওঁক মনত পেলাই দিলে যে তেওঁলোকৰ বাজেট প্ৰস্তুত কৰাটোও সমানে গুৰুত্বপূৰ্ণ।

“পৰেশ মাস্টৰে কোৱা ৰাম আৰু তেওঁৰ পৰিবাৰৰ সাধুটোৰ পৰা মই এইটো উপলব্ধি কৰিছো যে, প্ৰথমেই আমি কেনেকৈ আমাৰ ধনসমূহ খৰছ কৰিছো সেইটো বুজি লোৱা উচিত, নহ’লে আমি কেতিয়াও গম নাপাম যে আমি কিমান সঞ্চয় কৰিব পাৰো.... আমি সুযোগ পালেহে জমা কৰিব পাৰিম। সেইটোৱেই আমাৰ সমস্যা”।

“সঁচা কথা। প্ৰথমে আমি এই সমস্যাটো ঠিক কৰি লওঁ। মই টিভিত শুনিছিলো যে টকা পৰিচালনা কৰিবৰ বাবে বাজেট প্ৰস্তুত কৰাটো কিমান গুৰুত্বপূৰ্ণ কথা..... চৰকাৰৰ পৰা আৰম্ভ কৰি বিভিন্ন কোম্পানী আৰু পৰিয়াল আনকি প্ৰতিজন ব্যক্তিৰ বাবেও বাজেট প্ৰস্তুত কৰাতো অতি গুৰুত্বপূৰ্ণ কথা। স্বাভাৱিকভাৱেই প্ৰতিটো স্তৰৰ বাজেট বনোৱাৰ ধৰণ বেলেগ বেলেগ হ’ব”।

“সেইকাৰণেই আমিনো কিয় প্ৰথমেই বাজেট বনোৱাটো আৰম্ভ নকৰো?” কথাষাৰ কৈ বিমলাই দৌৰা দৌৰিকৈ কলম আৰু কাকত আনিবলৈ গ’ল।

বাজেট প্ৰস্তুতি

এখন বাজেটত মূলতঃ চাৰিটা মূখ্য বিষয় থাকে।

আয়

ই আপোনাৰ বিভিন্ন উৎসৰ পৰা প্ৰকৃততে কিমান ধন আহিছে সেইটো বুজি পোৱাত সহায় কৰে। আগতে উল্লেখ কৰা সৰু সাধুটোৰ ক্ষেত্ৰত ৰামেই হ’ল পৰিয়ালটোৰ একমাত্ৰ উপাৰ্জন কৰা সদস্য আৰু তেওঁৰ আন কোনো উপাৰ্জনৰ উৎস নাই। আপোনাৰ নিজৰ ক্ষেত্ৰত উপাৰ্জনৰ সকলো উৎসসমূহ সন্নিৱিষ্ট কৰক আৰু আপোনাৰ পৰিয়ালত কেইজন লোকে উপাৰ্জন কৰে সেইটোও সন্নিৱিষ্ট কৰক। ঘৰ ভাৰা, ফিক্স ডিপজিটৰ সুত বা আন বিত্তীয় সামগ্ৰী, শ্বেয়াৰ আদিৰ পৰা পোৱা লাভ আদি ধৰণৰ আন নিয়মীয়া ধনৰ উৎস আপোনাৰ আছেনে? আপুনি কেতিয়াবা কিবা ব্যৱসায়ৰ লাভাংশ লাভ কৰেনে? আৰু এনে লাভাংশৰ ধন পোৱাটো কিমান নিশ্চিত? সেই সকলোবোৰ প্ৰশ্নই আপোনাৰ আয় হিচাপ কৰি উলিওৱাত সহায় কৰিব।

ব্যয়

আপোনাৰ খৰছৰ আনুমানিক হিচাপ কৰাত ই সহায় কৰে। কেৱল এটা মাহৰ খৰছৰ হিচাপ উলিয়ালে ইয়াৰ পৰা সঠিক খৰছৰ সিদ্ধান্তত উপনীত নহবও পাৰে। অতি কমেও ৩-৬ মাহলৈ আপুনি আপোনাৰ খৰছৰ হিচাপ ৰাখিব লাগে। কিয়নো কিছুমান এনে ধৰণৰ সৰু-বৰ খৰছ ওলায় যিবোৰ কেতিয়াবাহে কৰিবলগা হয়। যেনে, কোনোবাটো সামগ্ৰী মেৰামতি কৰা, উৎসৱ পাৰ্ৱনৰ খৰছ ইত্যাদি। এইবোৰ এটা মাহৰ খৰছৰ হিচাপত ধৰিলে নহব।

সম্পত্তি

বছৰটোত বিভিন্ন সম্পত্তিত সোমাই থকা ধনৰ পৰিমাণে যদিও আপোনাৰ বাজেট প্ৰস্ততিত বিশেষ সক্ৰিয় ভূমিকা পালন নকৰে তথাপিও আপোনাৰনো কিমান ধন আছে সেই সম্পৰ্কে এটা ভাল ধাৰণা প্ৰদান কৰে। যেতিয়া আপুনি আপোনাৰ লক্ষ্যত উপনীত হ’বলৈ পৰিকল্পনা কৰিব তেতিয়া এইবোৰে আপোনাক সহায় কৰিব। উদাহৰণস্বৰূপে, যদিহে আপুনি আপোনাৰ লক্ষ্যত উপনীত হ’বৰ বাবে পৰ্য্যাপ্ত পৰিমাণৰ ধন জমা কৰিছে তেন্তে আপোনাক ঋণ সহায়ৰ প্ৰয়োজন নাই। যদিহে আপোনাৰ লক্ষ্যত উপনীত হ’বলৈ ধন আছে তেন্তে আপুনি আপোনাৰ উপাৰ্জনৰ পৰা কম পৰিমাণৰ ধন জমা কৰিলেও লক্ষ্যত উপনীত হ’ব পাৰিব।

ঋণ

বাজেট বনাওঁতে ঋণেও এক গুৰুত্বপূৰ্ণ ভূমিকা লয় কিয়নো ই আপোনাক জনাই দিয়ে যে আপুনি কিমান ধন ঋণ লওঁতাক পৰিশোধ কৰিবলৈ বাকী আছে। আদৰ্শগতভাৱে আপুনি ঋণ পৰিশোধ কৰাৰ এটা স্পষ্ট পৰিকল্পনা আপোনাৰ থকা উচিত। অৰ্থাৎ আপুনি কিমান পৰিমাণৰ ধন কিমান সময়সীমাৰ ভিতৰত ঘূৰাই দিব বিচাৰিছে তাৰে স্পষ্ট পৰিকল্পনা থকাটো অত্যাৱশ্যকীয়।

বাজেটৰ এই চাৰিটা বিষয়ে আপোনাৰ খৰছ পৰীক্ষা কৰাত সহায় কৰিব আৰু আৱশ্যক হ’লে নিয়ন্ত্ৰণ কৰাতো সহায় কৰিব। আটাইতকৈ গুৰুত্বপূৰ্ণ কথাতো হ’ল এইবোৰে আপোনাৰ লক্ষ্যত উপনীত হ’বলৈ কেনেদৰে সঞ্চয় আৰু বিনিয়োগ কৰিব লাগিব তাৰ পৰিকল্পনা কৰাত আপোনাক সুযোগ দিব।

বাজেট কেনেকৈ কৰা হয়

 

সময় যোৱাৰ লগে লগে এইটো বিশ্বাস কৰা হৈছে যে তলত দিয়া ধৰণেৰে বাজেট প্ৰস্তুত কৰা হয়।

সাধাৰণতে আমি বিভিন্ন ঘৰুৱা সামগ্ৰী আৰু আন প্ৰয়োজনীয়তাসমূহৰ বাবে ধন খৰছ কৰো আৰু তাৰ পিছত যিখিনি থাকে সেইখিনি জমা কৰো। তাৰ পিছত এই জমা ধনৰ পৰিমাণ যথেষ্ট বৃদ্ধি নোহোৱালৈকে প্ৰতিমাহে জমা কৰি যাওঁ। আৰু শেষত সেই জমা সমুদায় ধন সেই সময়ত উপলব্ধ অতি আকৰ্ষণীয় বিনিয়োগ সামগ্ৰীত বিনিয়োগ কৰো। কিন্তু আজিকালি বিত্তীয় বিশেষজ্ঞসকলে এটা সিদ্ধান্ত লৈছে যে প্ৰথমেই আমি এটা নিৰ্দিষ্ট পৰিমাণ ধন সঞ্চয় কৰিব লাগে। এই সঞ্চয়সমূহ তৎকালে পৰিকল্পনা অনুসৰি বিনিয়োগ কৰিব লাগে। আমাৰ হ্ৰস্বম্যাদী আৰু দীৰ্ঘম্যাদী লক্ষ্যসমূহৰ ভিত্তিত এই পৰিকল্পনা প্ৰস্তুত কৰিব লাগে। তাৰ পিছত যিখিনি থাকে সেইখিনি আমি খৰছ কৰিব লাগে। সাধাৰণতে ইয়াৰ পৰিমাণ আমাৰ নিয়মীয়া উপাৰ্জনৰ ৭০-৮০ শতাংশ হয়। ই আপোনাৰ লক্ষ্যসমূহ অগ্ৰাধিকাৰ ভিত্তিত আগবঢ়ায় নিয়ে আৰু খৰছৰ ক্ষেত্ৰত নিয়মানুবৰ্ত্তিতা বৰ্তি থকাটো নিশ্চিত কৰে।

জৰুৰীকালীন অৱস্থাৰ সন্মুখীন

জীৱনটোৰ ভৱিষ্যতবাণী কেতিয়াও কৰিব নোৱাৰি। আজি যদি সকলো পৰিকল্পনা মতে হৈ আছে কালি হঠাতে অভাৱনীয়ভাৱে কিবা ঘটি যাব পাৰে, যাৰ ফলত আপোনাৰ পৰিকল্পনাৰ ভেটিও সলনি হৈ যাব পাৰে। যদি এনে অৱস্থা হয় তেন্তে বাজেটৰ ওপৰত কি প্ৰভাৱ পৰিব? আটাইতকৈ গুৰুত্বপূৰ্ণ কথা হ’ল আপোনাৰ লক্ষ্যত উপনীত হোৱাৰ সক্ষমতাৰ ওপৰত ই কেনে প্ৰভাৱ পেলাব?

উদাহৰণস্বৰূপে, দীনেশ আৰু মীৰাৰ ঘটনা এটা লোৱা হ’ল। এই যুৱ দম্পত্তিয়ে তেওঁলোকৰ নিজা ঘৰৰ পৰা দূৰৈৰ এখন সৰু চহৰত অকলশৰে বাস কৰে। দীনেশে এটা কোম্পানীত হিচাপ পৰীক্ষক হিচাপে কাম কৰে আৰু মীৰা গৃহিণী। তেওঁলোকৰ এতিয়ালৈকে সন্তান হোৱা নাই। দীনেশৰ মাক-দেউতাক তেওঁলোকৰ গৃহ নগৰত থাকে। তেওঁৰ দেউতাক অৱসৰপ্ৰাপ্ত চৰকাৰী বিষয়া। তেওঁলোকে এক বিনম্ৰ জীৱন যাপন কৰে। তেওঁলোকৰ কোনো ধৰণৰ জটিল বিত্তীয় অৱস্থাৰ সৃষ্টি হোৱা নাই আৰু সদায় আৰামদায়ক জীৱন পাৰ কৰিছে। কিন্তু তেওঁলোকৰ কোনো ধৰণৰ গাড়ী-মটৰ নাই বা ব্যয়বহুল ভ্ৰমণ বা ডাঙৰ উৎসৱত খৰছ কৰিব পৰা ধনো নাই।

তেওঁলোকৰ ২৫ বছৰীয়া বিবাহ উৎসৱ সমাগত। দীনেশ আৰু মীৰাই মাক-দেউতাকক এখন নেন’ গাড়ী উপহাৰ দি চমকিত কৰিব বুলি ভাবিছে। এই যুৱ দম্পত্তি তেওঁলোকৰ বিত্তীয় পৰিকল্পনা সম্পৰ্কে সচেতন আৰু কেনেকৈ সোনকালে তেওঁলোকে লক্ষ্যত উপনীত হ’ব পাৰে সেইটোও জানে। সেইবাবেই তেওঁলোকে যোৱা ৩ বছৰৰ পৰা ধন সাঁচিছে আৰু নিয়মীয়াকৈ এটা ৰেকাৰিং জমাত বিনিয়োগ কৰি আহিছে। দীনেশৰ মাক দেউতাকৰ বিবাহ বাৰ্ষিকীৰ ৬ মাহৰ পূৰ্বে এই ৰেকাৰিং জমাৰ ম্যাদ সম্পূৰ্ণ হ’ব আৰু তেওঁলোকে মুঠ ১ লাখ ৫০ হাজাৰ টকা ঘূৰাই পাব।

এদিন হঠাতে তেওঁলোকে দীনেশৰ মাকৰ পৰা এটা ফোন পালে যে দেউতাকৰ ষ্ট্ৰোক হৈছিল আৰু বৰ্তমানে ঠিকে আছে যদিও চিকিৎসকে তেওঁৰ কিবা ৰক্তবাহী নলী বন্ধ হৈ আছে নেকি সেইটো পৰীক্ষা কৰিবৰ বাবে এনজিঅ’গ্ৰাফী কৰিবলৈ পৰামৰ্শ দিছে। দীনেশ আৰু মীৰাই মাক দেউতাকক তেওঁলোকৰ নগৰলৈ আহি তাতে পৰীক্ষাবোৰ কৰাবলৈ জোৰ কৰিলে। ইয়াৰ পিছত দীনেশৰ দেউতাকৰ ৰক্তবাহী নলী বন্ধ থকাটো পৰীক্ষাত ধৰা পৰিল আৰু চিকিৎসকে সফলতাৰে এনজিঅ’প্লাষ্টি কৰি সেই বন্ধ পথ মুকলি কৰিলে।

দীনেশৰ দেউতাকৰ স্বাস্থ্য বীমা আছিল। তথাপিও ইয়াৰ পৰা পোৱা ধন চিকিৎসাৰ সকলো খৰছৰ বাবে পৰ্য্যাপ্ত নহয়। দীনেশে মাক দেউতাকক উপহাৰ হিচাপে দিব খোজা গাড়ীৰ বাবে জমা কৰা ধনৰ পৰা চিকিৎসাৰ বাবে খৰছ হোৱা বাকী অংশ ধন প্ৰদান কৰিলে। মীৰা আৰু দীনেশে ইমান দিন পইছা জমা কৰা কথাটোৰ বাবে নিজকে ভাগ্যৱান বুলি ভাবিলে। কিয়নো এনে নকৰা হ’লে চিকিৎসাৰ খৰছৰ বাবে তেওঁলোকে ঋণ ল’ব লগা হ’লহেতেন। তেওঁলোকে গাড়ী এখন কিনি মাক দেউতাকক উপহাৰ দিবলৈ পুনৰ ধন জমা কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিলে।

এই সৰু ঘটনাৰ পৰা লাভ কৰা পাঠটো হ’ল:

১) বিত্তীয় পৰিকল্পনা জৰুৰীকালীন অৱস্থাতো ব্যাহত হ’বলৈ দিব নালাগে। ইয়াক যত্ন সহকাৰে পৰিস্থিতিৰ লগত খাপ খোৱাকৈ সলনি কৰি লব লাগে। পিছত ইয়াক পুনৰ পূৰ্বৰ লক্ষ্যৰ দিশত লৈ আনিব পৰা যাব পাৰে।

২) সদায়ে জৰুৰীকালীন অৱস্থাৰ বাবে কিছু পৰিমাণৰ ধন আচুতীয়াকৈ জমা কৰি ৰাখিব লাগে। কিয়নো এনে পৰিস্থিতি কেতিয়া সৃষ্টি হয় কোনেও ক’ব নোৱাৰে। জৰুৰী অৱস্থাৰ বাবে মুখামুখী হোৱাৰ উত্তম উপায় হ’ল পৰিয়ালৰ সকলোৰে বাবে পৰ্য্যাপ্ত স্বাস্থ্য বীমা কৰা আৰু উপাৰ্জন কৰা মূল ব্যক্তিজনৰ যথেষ্ট পৰিমাণৰ জীৱন বীমা কৰোৱা।

বিশেষকৈ স্বাস্থ্য আৰু দূৰ্ঘটনা বীমাৰ লগতে সদায় পৰ্য্যাপ্ত বীমা ক্ৰয় কৰিব লাগে। প্ৰতিবছৰে সামান্য ধন খৰছ কৰি আপুনি নিজকে সুৰক্ষা প্ৰদান কৰাৰ ফলত আপুনি যত্ন সহকাৰে কৰা বিত্তীয় পৰিকল্পনাত আপোনাৰ চিকিৎসালয়ৰ খৰছে কোনো ধৰণৰ প্ৰভাৱ পেলাব নোৱাৰে।

ধনৰ লেনদেন/ঋণৰ সমস্যা বা বিত্তীয় জৰুৰী অৱস্থা

প্ৰায় সকলো পৰিয়ালৰে ঋণ লোৱা ধন বছৰৰ পিছত বছৰ অনাদায় হোৱাৰ সমস্যা থাকে। এনে ঋণসমূহৰ সুতো দিনক দিনে বৃদ্ধি পায় গৈ থাকে আৰু এটা সময়ত পৰিয়ালৰ বাজেটত এই ঋণটোৱে মূল বিষয়বস্তু হৈ পৰে। তলত গ্ৰহণ কৰিব পৰা কেইটামান পদক্ষেপ উল্লেখ কৰা হ’ল-

১) কম সুতত ঋণ লৈ পূৰ্বৰ ঋণ পৰিশোধ কৰক: বীৰেণৰ দৰে ক্ষেত্ৰত কিছুমান লোকে অতি উচ্চ হাৰত ঋণৰ সুত লয়। যেতিয়া তেওঁলোকে ঋণ এটা নিৰ্দিষ্ট সময়ৰ ভিতৰত সুতে-মূলে ঘূৰাই দিব নোৱাৰে তেতিয়া সেই সময়সীমা বৃদ্ধি কৰা হয়। কিন্তু সময়সীমা বৃদ্ধি কৰাৰ লগে লগে আপুনিও শেষত অতি বেছি পৰিমাণৰ সুত প্ৰদান কৰিব লগা হয়। বহু কষ্ট কৰি পৰিয়ালসমূহে সুতখিনিৰ প্ৰদান কৰিব পাৰিলেও মূলধন ঘূৰাই দিব নোৱাৰে। এনে ধৰণৰ ক্ষেত্ৰত ঋণ দিওঁতা লোকজনৰ পৰা লোৱা সম পৰিমাণৰ ধন আপোনাৰ অঞ্চলৰ কোনো বেংক বা ক্ষুদ্ৰ অৰ্থসাহাৰ্য্য প্ৰদান কৰা প্ৰতিষ্ঠানে ঋণ দিব পাৰে নেকি সেইটো বিচাৰ কৰক। যদি তেওঁলোকে আপুনি বিচৰা পৰিমাণৰ এটা অংশহে প্ৰদান কৰিব পাৰে তেন্তে আপুনি ঋণ দিয়া ব্যক্তিৰ ঋণৰ পৰা আংশিকভাৱে মুক্ত হ’ব পাৰিব।

২) উচ্চ হাৰৰ সুত থকা ঋণ প্ৰথমতে ঘূৰাই দিয়ক: যদি আপুনি সকলোবোৰ ঋণ একেসময়তে ঘূৰাই দিব নোৱাৰে তেন্তে যিবোৰ ঋণৰ বিপৰীতে আপুনি অধিক সুত প্ৰদান কৰি আছে তেনে ঋণবোৰ প্ৰথমে পৰিশোধ কৰক। ইয়ে আপোনাৰ ঋণৰ বোজা বহু পৰিমাণে পাতল কৰিব।

৩) আপোনাৰ নিজৰ আৰু পৰিয়ালৰ বাবে সঠিক আৰু কঠোৰ বাজেট প্ৰস্তুত কৰক: কোনো লোকেই ঋণসহ জীৱন কটাব নিবিচাৰে। আপোনাৰ উপাৰ্জনৰ অতি কমেও ৩০ শতাংশ আৰু ততোধিক ধন আপুনি আপোনাৰ ঋণ পৰিশোধত খৰছ কৰক। তাৰ পিছতহে বাকী থকা ধনখিনি ঘৰুৱা খৰছৰ বাবে ব্যৱহাৰ কৰক। ঘৰুৱা খৰছৰ ভিতৰতো অত্যাৱশ্যকীয় (খাদ্য, বিদ্যালয়ৰ মাচুল, ঔষধ) খৰছসমূহ ক্ৰম অনুসৰি তালিকাভুক্ত কৰক আৰু যিমান সম্ভৱ হয় আপুনি আৰু আপোনাৰ পৰিয়ালক বিনোদন, উৎসৱ আৰু আলহীৰ খৰছ আদিৰ পৰা আতঁৰাই ৰাখক নতুবা নূন্যতম কৰক। ঋণ সম্পূৰ্ণৰূপে পৰিশোধ নকৰালৈকে এনেদৰেই চলিবলৈ চেষ্টা কৰক।

আপোনাৰ বাজেট সঠিকভাৱে ৰখাৰ নিয়মটো হ’ল আপোনাৰ এবছৰ আৰু ছমাহৰ উপাৰ্জনতকৈ ঋণ যাতে কেতিয়াও অধিক নহয় সেই বিষয়টো নিশ্চিত কৰা। লগত এইটোও নিশ্চিত কৰিব লাগে যে আপোনাৰ ঋণ আৰু সুতৰ বাবে প্ৰতিমাহে পৰিশোধ কৰিব লগা ধনৰ পৰিমাণ যাতে আপোনাৰ মাহিলী উপাৰ্জনতকৈ শতকৰা ৪০ শতাংশতকৈ অধিক নহয়। এইটো সৰ্বোচ্চ সীমা আৰু আপুনি সেই সীমাৰ ভিতৰত থাকিবলৈ চেষ্টা কৰা উচিত। সকলোতকৈ উত্তম সতৰ্কতামূলক ব্যৱস্থা হ’ল আপুনি ঋণ লৈ আপোনাৰ লক্ষ্যত উপনীত হোৱাতকৈ জমা কৰাটো ভাল।

সাৰাংশ

 

  • চাৰিটা মূল অভ্যাসৰ যোগেৰে বাজেট প্ৰস্তুত হয়।
  • বিভিন্ন উৎসৰ পৰা কিমান ধন উপাৰ্জন হৈছে। সেইটো বিচাৰ কৰা।
  • গড় হিচাপে প্ৰতিমাহে আপুনি কিমান খৰছ কৰে সেইটো হিচাপ কৰি উলিওৱা।
  • প্ৰতি বছৰে আপুনি কিমান পৰিমাণৰ সম্পত্তি সংগ্ৰহ কৰিলে সেইটো হিচাপ কৰি উলিয়াওক।
  • আপোনাৰ পৰিশোধ কৰিব লগা ধন কিমান আছে আৰু কিমান পৰিমাণৰ ধন আপোনাক প্ৰয়োজন হ’ব সেইটো নিৰ্ণয় কৰক।
  • বছৰেপ্ৰতি বাজেটৰ মূল নীতি সলনি হ’ব পাৰে। আগতে মানুহে উপাৰ্জনৰ পৰা প্ৰথমে খৰছ কৰিছিল। তাৰ পিছত যিখিনি থাকে সেইখিনি জমা কৰিছিল। এতিয়া বিষয়টো ওলোটা হৈ পৰিছে। এতিয়া সঞ্চয়েই হ’ল উপাৰ্জনৰ প্ৰথম খৰছ।
  • কোনো ধৰণৰ জৰুৰীকালীন অৱস্থাত বিত্তীয় পৰিকল্পনা যাতে ব্যাহত নহয় তাৰ ব্যৱস্থা ৰাখিব লাগে, এনে অৱস্থাৰ লগত খাপ খোৱাকৈ আন ব্যৱস্থা কৰিব লাগে। পিছলৈ ইয়াক লক্ষ্যৰ পিনে ধাল খুৱাব পৰা যাব পাৰে।
  • জৰুৰীকালীন অৱস্থাৰ বাবে সদায় কিছু পৰিমাণৰ ধন আচুতীয়াকৈ থ’ব লাগে। কেতিয়া এনে অৱস্থাৰ সৃষ্টি হয় কোনেও নাজানে। জৰুৰী অৱস্থাৰ বাবে মুখামুখী হোৱাৰ উত্তম উপায় হ’ল পৰিয়ালৰ সকলোৰে বাবে পৰ্য্যাপ্ত স্বাস্থ্যবীমা কৰোৱা আৰু উপাৰ্জন কৰা ব্যক্তিজনৰ বাবে যথেষ্ট পৰিমাণৰ জীৱন বীমা কৰোৱা।
  • যেতিয়া এটা পৰিয়াল ঋণ পৰিশোধৰ সমস্যাৰ সন্মুখীন হয়। তেতিয়া কিছুমান ব্যৱস্থা ল’ব লগা হব পাৰে:
  • বৰ্তমানে থকা সুততকৈ কম সুতত ঋণ লৈ পূৰ্বৰ ঋণ পৰিশোধ কৰিব পাৰি নেকি সেই বিষয়ে বিচাৰ কৰিব লাগে।
  • উচ্চ হাৰৰ সুত থকা ঋণ প্ৰথমেই পৰিশোধ কৰিব লাগে।
  • আপোনাৰ আৰু পৰিয়ালৰ বাবে এখন অতি কঠোৰ বাজেট প্ৰস্তুত কৰিব লাগে।

অগ্ৰাধিকাৰ খণ্ডত (বেংকে আৱশ্যকীয়ভাৱে সহায় কৰিব লগা, ভাৰতীয় ৰিজাৰ্ভ বেংকে নিৰ্দিষ্ট কৰি দিয়া বিশেষ কাম-কাজসমূহ) তুলনামূলকভাৱে কম।

উৎস: আইএনডিজি দল

শেহতীয়া উন্নীতকৰণ: : 6/21/2020



© C–DAC.All content appearing on the vikaspedia portal is through collaborative effort of vikaspedia and its partners.We encourage you to use and share the content in a respectful and fair manner. Please leave all source links intact and adhere to applicable copyright and intellectual property guidelines and laws.
English to Hindi Transliterate