অসমীয়া   বাংলা   बोड़ो   डोगरी   ગુજરાતી   ಕನ್ನಡ   كأشُر   कोंकणी   संथाली   মনিপুরি   नेपाली   ଓରିୟା   ਪੰਜਾਬੀ   संस्कृत   தமிழ்  తెలుగు   ردو

৫.৩ অৱসৰ

পাতনি

 

এদিন সন্ধিয়া আহাৰ গ্ৰহণ কৰাৰ পিছত ৰাজেন আৰু লীলাই চোতালত বহি বিয়াৰ পিছত নিজৰ ঘৰলৈ অহা আৰু তাৰ পিছৰ সময়বিলাক কেনেদৰে পাৰ হৈ গ’ল সেই সম্পৰ্কে আলোচনা কৰিছিল। লীলাই ঘৰখনৰ লগতে ব্যৱসায়টো পৰিচালনা কৰাত যি দক্ষতা দেখুৱালে তাৰ বাবে ৰাজেন অতিশয় গৰ্বিত বুলি জানিবলৈ দিলে। লীলাৰ উপাৰ্জনৰ বাবেই তেওঁলোকে বহুবোৰ লক্ষ্যৰ বাবে বিনিয়োগ কৰাত সুবিধা হৈছে।

তেওঁলোকে উপলব্ধি কৰিলে যে ৪০ বছৰীয়া এটা কম সময়ৰ ভিতৰতে তেওঁলোকে তেওঁলোকৰ দৈনন্দিন খৰছৰ উপৰিও জীৱনৰ সকলোবোৰ লক্ষ্যৰ বাবে তেওঁলোকে উপাৰ্জন আৰু সঞ্চয় কৰিব পাৰিছে। এই লক্ষ্যবোৰৰ ভিতৰত হ্ৰস্বম্যাদী আৰু দীৰ্ঘম্যাদী দুয়োবিধ লক্ষ্য সন্নিৱিষ্ট হৈ আছে। আৰু অতিশয় গুৰুত্বপূৰ্ণ কথাটো হ’ল, তেওঁলোকে অৱসৰকালীন সময়ৰ বাবেও লক্ষ্য স্থিৰ কৰিছে।

ৰাজেনে সদ্যহতে ব্যৱসায়িক টিভি চেনেলত শুনা এটি তথ্য লীলাক জানিবলৈ দিলে। এই তথ্যমতে অৱসৰৰ পিছত চিকিৎসাগত সা-সুবিধাসহ আৰু ২০ বছৰ অধিক কৰ্মদিন বৃদ্ধি কৰিব পৰা যায়। অৰ্থাৎ তোমাৰ উপাৰ্জন সময়কালৰ আধা সময়।

উক্ত দম্পত্তিয়ে অৱসৰৰ পিছৰ সময়ছোৱাৰ আৰামদায়ক হিচাপে থাকিবলৈ আৰু অধিক সঞ্চয় আৰু পৰ্য্যাপ্ত বিনিয়োগৰ প্ৰয়োজনীয়তা আছে বুলি সিদ্ধান্ত ল’লে। তেওঁলোকে তেওঁলোকৰ সন্তানৰ পৰা বা তেওঁলোকৰ পৈতৃক আয়ৰ ওপৰত নিৰ্ভৰ কৰিবলৈ নিবিচাৰে। তেওঁলোকে তেওঁলোকৰ বন্ধু আৰু বিত্তীয় পৰামৰ্শদাতা প্ৰকাশৰ লগত অৱসৰকালীন পৰিকল্পনাৰ বিষয়ে পুংখানুপুংখভাৱে আলোচনা কৰাৰ সিদ্ধান্ত ল’লে।

সামাজিক সুৰক্ষা

 

ব্যৱসায়িক টেলিভিছনত আন আন তথ্যসমূহৰ লগতে ৰাজেনে দেখা পোৱা আন কিছুমান তথ্য হ’ল:

ভাৰতৰ নগৰীয়া অঞ্চলত ক্ৰমান্বয়ে যৌথ পৰিয়ালসমূহ ভাঙি যাবলৈ ধৰিছে। আহল-বহল গৃহ নথকা, শিশুৰ শিক্ষা আৰু চাকৰিৰ বাবে দূৰৰ ঠাইলৈ যাব লগা হোৱা আদিবোৰৰ লগতে যৌথ পৰিয়াল ভাঙি যোৱাৰ আন বহুতো কাৰণ আছে। এই প্ৰৱণতা গাঁৱলৈ বিস্তাৰিত হ’বলৈ ধৰিছে। এই প্ৰৱণতাৰ ফলত বহুবোৰ ক্ষেত্ৰত বয়সস্থ লোকসকলে অকলশৰে থাকিব লগা হয় আৰু কেতিয়াবা নিজৰ বাবে বিত্ত ব্যৱস্থাও কৰি ল’ব লগা হয়। আমেৰিকাৰ দৰে উন্নত দেশবোৰত অৱসৰপ্ৰাপ্ত লোকসকলে তেওঁলোকৰ দৈনন্দিন প্ৰয়োজনীয়তা পূৰণ কৰাত সহায় হোৱাকৈ প্ৰতিমাহে চৰকাৰৰ পৰা কিছু পৰিমাণৰ ধন লাভ কৰে। ইয়াক সামাজিক সুৰক্ষা সুবিধা বোলা হয়। কোনো ব্যক্তিয়ে পূৰ্বতে কাম কৰা অনুষ্ঠান প্ৰতিষ্ঠানৰ পৰা পোৱা পেন্সন আৰু তেওঁ কৰা বিনিয়োগ আৰু সঞ্চয়ৰ ধন থাকিলেও এই সামাজিক সুৰক্ষাৰ সুবিধা লাভ কৰিব। ভাৰতবৰ্ষত বয়োজেষ্ঠ নাগৰিকৰ বাবে কোনো ধৰণৰ সামাজিক সুৰক্ষাৰ ব্যৱস্থা নাই। তেওঁলোকে যদিহে পূৰ্বৰ চাকৰিৰ পৰা পেন্সন লাভ কৰে বা যদিহে তেওঁলোকৰ জমা ধন বা বিনিয়োগ আছে তাৰ ওপৰতেই নিৰ্ভৰ কৰিব লগা হয়।

অধ্যয়নৰ পৰা এইটো দেখা গৈছে যে খুব কম সংখ্যক লোকেহে তেওঁলোকৰ সঞ্চয় আৰু পেন্সনৰ পৰা পোৱা ধনেৰে অৱসৰৰ পূৰ্বৰ জীৱনশৈলী বজাই ৰাখিব পাৰে। দূৰ্ভাগ্যজনকভাৱে অৱসৰকালীন সময়ৰ পিছতে সাধাৰণতে নানাবোৰ ৰোগ হ’বলৈ আৰম্ভ হয় আৰু ইয়াৰ বাবে প্ৰয়োজন হোৱা চিকিৎসাৰ খৰছ বছৰে বছৰে বৃদ্ধি পায় গৈ থাকে। এটা বা দুটা প্ৰজন্মৰ আগতে এই অৱসৰপ্ৰাপ্ত লোকসকলে বিশেষকৈ তেওঁলোকৰ পুত্ৰ সন্তানৰ ওপৰত নিৰ্ভৰ কৰিছিল৷ কিন্তু সামাজিক ব্যৱস্থাৰ পৰিৱৰ্তন হোৱাৰ লগে লগে সন্তানৰ ওপৰত নিৰ্ভৰ কৰা কথাতো লাহে লাহে অপ্ৰাসঙ্গিক হৈ পৰিছে।

এই সকলোবোৰৰ ফলশ্ৰুতিতেই অৱসৰকালীন পৰিকল্পনাক আপোনাৰ বিত্তীয় পৰিকল্পনাত সৰ্বাধিক অগ্ৰাধিকাৰ দিয়াটো বাধ্যতামূলক।

অৱসৰৰ বাবে পৰিকল্পনা

অৱসৰকালীন পৰিকল্পনাৰ বিষয়ে উক্ত দম্পতিৰ সৈতে আলোচনা কৰিবলৈ পায় প্ৰকাশ আনন্দিত হ’ল।

“অৱসৰৰ বাবে পৰিকল্পনা কৰাটো যিকোনো বিত্তীয় লক্ষ্যৰ বাবে কৰা পৰিকল্পনাৰ সৈতে একেই। আটাইতকৈ ডাঙৰ পাৰ্থক্যটো হ’ল এইটো তুমি স্থিৰ কৰা আটাইতকৈ দীঘলীয়া সময়ৰ লক্ষ্য”।

“মই বুজি পোৱা নাই” লীলাই ক’লে।

প্ৰকাশে বৰ্ণনা কৰিলে “মই এইটোৱে বুজাবলৈ বিচাৰিছো যে আমি যিমানবোৰ বৃহৎ দীৰ্ঘম্যাদী লক্ষ্য স্থিৰ কৰো সেইবোৰত আমাৰ অৱসৰৰ সময় অহাৰ আগতে উপনীত হওঁ। যেতিয়া আমাৰ অৱসৰৰ সময় আহে আমাৰ গতি মন্থৰ হোৱাৰ প্ৰৱণতাও হয়। আমি ভৱিষ্যতৰ বাবে সঞ্চয় আৰু বিনিয়োগ কৰাৰ পৰা বিৰত থাকো আৰু অতীতত কৰা সঞ্চয় আৰু বিনিয়োগসমূহ ব্যৱহাৰ কৰিবলৈ আৰম্ভ কৰো”।

“তুমি এনেদৰে কৈছা যেন অৱসৰৰ পিছত ভালদৰে জীৱন-যাপন কৰাটো সমাপ্ত হয়”। কৌতুকৰ সুৰত ৰাজেনে ক’লে।

“প্ৰকৃততে ভাল জীৱন-যাপনৰ সময় তেতিয়াৰ পৰাহে আৰম্ভ হয়। কাৰণ আনৰ বাবে কোনো ধৰণৰ আৰ্থিক দ্বায়বদ্ধতা আৰু কৰ্তব্য নাথাকে, কেৱল নিজৰ ইচ্ছামতে কামবোৰ কৰিব পাৰি, যিবোৰ সময়ৰ অভাৱৰ বাবে পূৰ্বতে কৰিব পৰা নগৈছিল”। লীলাই ক’লে।

“তেওঁ অতি শুদ্ধ কথা কৈছে, কিন্তু এইটো তেতিয়াহে সম্ভৱ যদিহে অৱসৰৰ পিছত কৰিব লগা কামবোৰৰ বাবে পৰ্য্যাপ্ত ধনৰ ব্যৱস্থাৰ বাবে তোমালোকে পূৰ্বৰে পৰা বিত্তীয় পৰিকল্পনা কৰা” প্ৰকাশে লীলাৰ কথাৰ সমৰ্থনত ক’লে।

“এইটো সম্ভৱনে?” ৰাজেনে সুধিলে।

“কি কাৰণে সম্ভৱ হ’ব নোৱাৰে? কিয়নো তোমালোকে সফলভাৱে বিত্তীয় পৰিকল্পনা কৰিছা আৰু তোমালোকৰ ধাৰৰ বোজাও নাই। তোমালোকে কৰিব লগা এইখিনিয়ে আছে যে অৱসৰৰ পিছত আনন্দময় জীৱনশৈলী এটাৰে পাৰ কৰিবলৈ তোমালোকক প্ৰতি বছৰে কিমান ধনৰ প্ৰয়োজন হ’ব সেইটো হিচাব কৰি উলিওৱা। ইয়াৰ পিছত এনেকৈ সঞ্চয় আৰু বিনিয়োগ কৰা যাতে অৱসৰৰ পিছত প্ৰতিবছৰে সেই পৰিমাণৰ ধন তোমালোকে ঘূৰাই পোৱা” প্ৰকাশে ক’লে।

“স্বভাৱগতভাৱে তুমি কথাবোৰ একেবাৰে সহজ কৰি পেলালা......” লীলাই ক’লে।

“ঠিক আছে এই অভ্যাসসমূহ তোমালোকৰ সন্মুখত মই ভগাই দিছো যাতে তোমালোকে অনুভৱ কৰিব পাৰা যে এইটো এটা সহজ কাম” তেওঁ উত্তৰ দিলে।

  • বৰ্তমানৰ খৰছৰ হিচাপত আৰামদায়ক জীৱনশৈলীৰে কটাবলৈ তোমালোকক কিমান ধনৰ প্ৰয়োজন হ’ব সেইটো সিদ্ধান্ত লোৱা। বিষয়টো সহজ কৰিবলৈ মই ধৰি ল’লো প্ৰতিমাহে ১২,৫০০ টকা বা প্ৰতি বছৰে ১.৫ লাখ টকাৰ প্ৰয়োজন হ’ব।
  • অৱসৰ ল’বলৈ কিমান বছৰ বাকী আছে সেইটো হিচাপ কৰি উলিওৱা। ধৰি ল’লো অৱসৰ ল’বলৈ তোমালোকৰ ১৫ বছৰ বাকী আছে। প্ৰতিমাহে মুদ্ৰাস্প্ৰীতিৰ হাৰ ৫ শতাংশ বুলি ধৰি ল’লে। প্ৰতিবছৰে তোমালোকক প্ৰায় ৩ লাখ টকাৰ প্ৰয়োজন হ’ব।
  • যদিহে তোমালোকে অৱসৰৰ পিছত ২০ বছৰলৈ জীৱিত থাকা তেন্তে সেই সময়ছোৱাৰ বাবে তোমালোকে প্ৰায় ১ কোটি টকা জমা কৰিব লাগিব। কাৰণ মই ধৰি লৈছো যে অৱসৰৰ পিছতো বস্তুৰ দাম ৫ শতাংশকৈ বৃদ্ধি পায় গৈ থাকিব আৰু আৰামদায়ক জীৱন-যাপনৰ বাবে তেতিয়াও তোমালোকৰ বাৰ্ষিক আয় বৃদ্ধি পাব লাগিব।
  • আতংকিত হ’ব নালাগে। মনত ৰাখিবা তোমালোকে যদি এতিয়াৰ পৰা বিনিয়োগ কৰি গৈ থাকা তেন্তে তোমালোকে যি সুত লাভ কৰিবা সিয়ে মুদ্ৰাস্প্ৰীতিৰ প্ৰভাৱক নোহোৱা কৰাৰ উপৰিও তোমালোকৰ বিনিয়োগৰ পৰিমাণো বৃদ্ধি কৰিব।
  • অৱসৰকালীন পৰিকল্পনাৰ সোনালী নিয়ম হ’ল: সোনকালে আৰম্ভ কৰাটোৱেই উত্তম।

অৱসৰৰ পৰিকল্পনাসমূহ

অৱসৰকালীন উপাৰ্জনৰ সাম্ভাৱ্য বিভিন্ন ধৰণৰ উৎসমূহৰ বিষয়ে প্ৰকাশে তেওঁলোকক জনালে আৰু কোনবোৰ তেওঁলোকৰ কাৰণে প্ৰাসঙ্গিক হ’ব আৰু কেনে ধৰণৰ উৎস তেওঁলোকৰ বাবে ভাল হ’ব সেই সিদ্ধান্ত তেওঁলোকৰ ওপৰত এৰিলে।

পেন্সন আৰু কৰ্মচাৰীৰ ভৱিষ্যনিধি পুঁজি

 

এনে উৎসসমূহ সেইসকল অৱসৰপ্ৰাপ্তই লাভ কৰে যিসকলে কাম কৰা কোম্পানীয়ে এনে ধৰণৰ দীৰ্ঘম্যাদী সুবিধা প্ৰদান কৰে। এনে ক্ষেত্ৰত অৱসৰৰ বয়স পাৰ হোৱাৰ পিছত, যিটো সাধাৰণতে ৬০ বছৰ বয়্স বুলি ধৰা হয় আৰু কিছুমান ক্ষেত্ৰত ৫৮ বছৰো হ’ব পাৰে; প্ৰতিমাহে তেওঁলোকে এক নিৰ্দিষ্ট পৰিমাণৰ ধন লাভ কৰি থাকে। মুদ্ৰাস্প্ৰীতিৰ প্ৰতি লক্ষ্য ৰাখি এই ধনৰ পৰিমাণ বছৰে প্ৰতি বৃদ্ধিও পাব পাৰে।

প্ৰতিমাহে কৰ্মচাৰীয়ে লাভ কৰা প্ৰাথমিক বেতনৰ পৰা ১০-১২ শতাংশ ধন কাটি ৰখা হয় আৰু সেইখিনিয়েই তেওঁৰ নামত কৰ্মচাৰীৰ ভৱিষ্যনিধিৰ হিচাপত সঞ্চয় কৰা হয়। তেওঁৰ নিয়োগকৰ্তাইও একে পৰিমাণৰ ধন তেওঁৰ হিচাপত জমা কৰে। প্ৰতিবছৰে এই জমা ধনৰ ওপৰত সুতো জমা হয়। অৱসৰৰ আগতে বিশেষ কিছুমান চৰ্তসাপেক্ষেহে এই সমুদায় ধন উলিয়াব পৰা যায়। ফলস্বৰূপে, চাকৰি কৰা সময়ছোৱাত কৰ্মচাৰীজনে জমা কৰি যোৱা ধন অৱসৰৰ সময়ত বৃহৎ পৰিমাণৰ হয়গৈ।

ৰাজহুৱা ভৱিষ্যনিধি পুঁজি

 

সমগ্ৰ দেশৰ কিছুমান নিৰ্দিষ্ট ডাকঘৰ আৰু কিছুমান ৰাজহুৱা খণ্ডৰ বেংকৰ শাখাত যিকোনো ব্যক্তিয়ে ৰাজহুৱা ভৱিষ্যনিধি আঁচনি খুলিব পাৰে। তেওঁলোকে প্ৰতিবছৰ সৰ্বোচ্চ ৭০ হাজাৰ টকা ইয়াত জমা কৰিব পাৰে। এই হিচাপত তেওঁলোকে ৮ শতাংশ সুত লাভ কৰিব। সাধাৰণ পৰিস্থিতিত বিনিয়োগকাৰীক ১৫ বছৰৰ আগতে ইয়াৰ পৰা ধন উলিয়াবলৈ দিয়া নহয়। দীৰ্ঘম্যাদী সঞ্চয়ৰ সুবিধা থকাৰ বাবে অৱসৰৰ সময়ছোৱাৰ বাবে সঞ্চয় কৰাৰ ক্ষেত্ৰত এই আঁচনিখন জনপ্ৰিয় হৈ পৰিছে।

বীমা পৰিকল্পনাসমূহ

 

বীমা কোম্পানীয়ে আগবঢ়োৱা অৱসৰ পৰিকল্পনাবোৰ সাধাৰণতে দীৰ্ঘম্যাদী ধৰণৰ হয়। যদিহে আপুনি এনে আঁচনিত কম বয়সৰ পৰা বিনিয়োগ কৰি যায় তেন্তে আগতেই নিৰ্দিষ্ট কৰি থোৱা অৱসৰৰ সময়ত (৫৮ বা ৬০ বছৰত) এক বৃহৎ পৰিমাণৰ ধন ঘূৰাই পাব। ইয়াৰে আপুনি বিশেষ অৱসৰকালীন সামগ্ৰী, যিয়ে নিৰ্দিষ্ট পৰিমাণৰ ধন প্ৰতিমাহে প্ৰদান কৰা জীৱন বীমা কোম্পানীসমূহে আগবঢ়োৱা সামগ্ৰীসমূহ ক্ৰয় কৰিব পাৰে। এনে ধৰণৰ সামগ্ৰীসমূহত সাধাৰণতে এবাৰেই ধন জমা দিব লাগে আৰু তাৰ বিনিময়ত অৱসৰৰ পিছত যিমান দিনলৈকে জীৱিত থাকে নিয়মীয়াকৈ ধন লাভ কৰি থাকিব-ঠিক পেন্সনৰ দৰে। যদিহে পূৰ্বে আপুনি ধনৰ পৰিমাণ নিৰ্দিষ্ট কৰি লয় আৰু তাৰ বাবে কাম কৰি যায় তেন্তে ইয়াৰ পৰাই অৱসৰোত্তৰ প্ৰয়োজনীয় সকলো অৰ্থ লাভ কৰিব।

আন আন বিনিয়োগৰ সুযোগসমূহ

 

যিহেতু ষ্টক আৰু ষ্টক জড়িত মিউচুৱেল ফাণ্ডসমূহে দীৰ্ঘম্যাদী সময়ৰ বাবে ভাল ফল দেখুৱায়। সেয়েহে পুনৰ এই বিষয়ে চিন্তা কৰিব পাৰি। বিনিয়োগকাৰীয়ে নিয়মীয়াকৈ কিছু পৰিমাণৰ ধন প্ৰত্যক্ষ বা পৰোক্ষভাৱে ষ্টকত বিনিয়োগ কৰিব পাৰে। যেতিয়াই অৱসৰৰ বয়স সমাগত হয় তেতিয়াই ক্ৰমান্বয়ে ষ্টকৰ পৰা আঁতৰি আহিব লাগে। এই ধনসমূহ নিয়মীয়া ধন প্ৰদান কৰা বীমা সামগ্ৰী বা ডাকঘৰৰ সঞ্চয় হিচাপত থ’ব পাৰে। ডাকঘৰৰ সঞ্চয় হিচাপে পেন্সনৰ দৰে নিয়মীয়াকৈ ধন ঘূৰাই দিয়ে।

সাৰাংশ

 

  • ভাৰতৰ নগৰীয়া অঞ্চলত ক্ৰমান্বয়ে যৌথ পৰিয়ালসমূহ বিভিন্ন কাৰণত ভাঙি যাবলৈ ধৰিছে। ইয়াৰ ফলত বহুবোৰ ক্ষেত্ৰত বয়সস্থ লোকসকলে অকলশৰে থাকিব লগা হয় আৰু কেতিয়াবা নিজৰ বাবে বিত্ত ব্যৱস্থাও কৰি ল’ব লগা হয়।
  • ভাৰতবৰ্ষত বয়োজ্যেষ্ঠ নাগৰিকৰ বাবে কোনো ধৰণৰ সামাজিক সুৰক্ষাৰ ব্যৱস্থা নাই। তেওঁলোকে যদিহে পূৰ্বৰ চাকৰিৰ পৰা পেন্সন লাভ কৰে বা যদিহে তেওঁলোকৰ জমা ধন বা বিনিয়োগ আছে তাৰ ওপৰতেই নিৰ্ভৰ কৰিব লগা হয়।
  • অৱসৰৰ সময়ছোৱাত আনৰ প্ৰতি কোনো ধৰণৰ আৰ্থিক কৰ্তব্য আৰু দায়বদ্ধতা থাকিব নালাগে। কেৱল নিজৰ ইচ্ছামতে কামবোৰ কৰিব পাৰি, যিবোৰ সময়ৰ অভাৱৰ বাবে পূৰ্বতে কৰিব পৰা নগৈছিল। কিন্তু এইটো তেতিয়াহে সম্ভৱ যদিহে অৱসৰৰ পিছত কৰিব লগা কামবোৰৰ বাবে পৰ্য্যাপ্ত ধনৰ ব্যৱস্থাৰ বাবে তোমালোকে পূৰ্বৰে পৰা বিত্তীয় পৰিকল্পনা কৰা।
  • অৱসৰৰ বাবে পৰিকল্পনা কৰাৰ পদক্ষেপসমূহ:
    • বৰ্তমানৰ খৰছৰ হিচাপত আৰামদায়ক জীৱনশৈলীৰে কটাবলৈ তোমালোকক কিমান ধনৰ প্ৰয়োজন হ’ব সেইটো সিদ্ধান্ত লোৱা।
    • অৱসৰ ল’বলৈ কিমান বছৰ বাকী আছে সেইটো হিচাপ কৰি উলিওৱা আৰু সাম্ভাব্য মুদ্ৰাস্প্ৰীতিৰ গঢ় ইয়াত যোগ দিয়া।
    • অৱসৰকালীন সময়ছোৱা ২০ বছৰ বুলি ধৰি লৈ মুঠ কিমান ধনৰ প্ৰয়োজন হ’ব সেইটো হিচাপ কৰি উলিওৱা।
    • অৱসৰকালীন সময়ছোৱাৰ বাবে যিমান সোনকালে সম্ভৱ হয় বিনিয়োগ কৰিব লাগে।

আপোনাৰ অৱসৰকালীন পৰিকল্পনাত সহায় হোৱাকৈ বিভিন্ন বিত্তীয় সামগ্ৰী আছে। পেন্সন আৰু কৰ্মচাৰীৰ ভৱিষ্যনিধি, ৰাজহুৱা ভৱিষ্যনিধি, বীমা কোম্পানীৰ অৱসৰকালীন আঁচনিসমূহ আৰু আন বিভিন্ন ধৰণৰ সুযোগো ইয়াৰ অন্তৰ্গত পৰে।

উৎস: আইএনডিজি দল

শেহতীয়া উন্নীতকৰণ: : 6/21/2020



© C–DAC.All content appearing on the vikaspedia portal is through collaborative effort of vikaspedia and its partners.We encourage you to use and share the content in a respectful and fair manner. Please leave all source links intact and adhere to applicable copyright and intellectual property guidelines and laws.
English to Hindi Transliterate