অসমীয়া   বাংলা   बोड़ो   डोगरी   ગુજરાતી   ಕನ್ನಡ   كأشُر   कोंकणी   संथाली   মনিপুরি   नेपाली   ଓରିୟା   ਪੰਜਾਬੀ   संस्कृत   தமிழ்  తెలుగు   ردو

৪.২ গৃহ সম্পৰ্কীয় বীমা আৰু খৰছসমূহ

আপোনাৰ নিজৰ বাবে এটা গৃহ সাঁজি লোৱা বা কিনা

এটা ভাড়া ঘৰতে থাকিব নে নিজৰ বাবে এটা ঘৰ সাঁজি ল’ব বা কিনি ল’ব এই সিদ্ধান্ত লোৱাৰ ক্ষেত্ৰত অৰ্থনৈতিক, সামাজিক আদি বিষয়ক বহুবোৰ কাৰকৰ প্ৰভাৱ মনত ৰাখিব লাগে। ওপৰত উল্লেখিত পৰিয়ালটোৱে আগত লৈ গ্ৰহণ কৰা সকলো কাৰকৰ সাৰাংশ আমি এই অধ্যায়ত আলোচনা কৰিম। তেওঁলোকে সিদ্ধান্ত গ্ৰহণ কৰাৰ আগে প্ৰভাৱ পেলোৱা কাৰকবোৰৰ কথাও আলোচনা কৰিম।

কেতিয়া এটা গৃহ সঁজোৱা বা কিনাৰ সিদ্ধান্ত লোৱাটো উত্তম?

অৰ্থনৈতিক কাৰকসমূহ

১) মূলধন সাঁজু: যদিহে আপোনাৰ সকলো দীৰ্ঘম্যাদী লক্ষ্য পূৰণ কৰিব পৰাকৈ পৰ্য্যাপ্ত ধন আছে আৰু তাৰ পাছতো খৰছ কৰিবলৈ পৰ্য্যাপ্ত ধন থকাৰ উপৰিও আচুতীয়াকৈও ধন আছে, তেন্তে আপুনি এটা গৃহ ক্ৰয় কৰা বা সঁজোৱাৰ সিদ্ধান্ত ল’ব পাৰে। গৃহ এটা এনে সামগ্ৰী যাৰ সদায় মূল্য অটুট থাকে বা বৃদ্ধি পায়-যেনে, সোন। কেইটামান বছৰৰ ভিতৰত গৃহৰ মূল্য কম বেছি হ’বও পাৰে, কিন্তু দীৰ্ঘম্যাদৰ বাবে ইয়াৰ মূল্য সদায় বৃদ্ধি হোৱা দেখা যায়। আৰ্থিক দন্যতা (যেতিয়া আপোনাক জৰুৰীভাৱে ধনৰ প্ৰয়োজন হয়)ৰ সময়ত বিক্ৰী কৰাৰ বাহিৰে দীৰ্ঘম্যাদী সময়ত এটা ভালদৰে ৰক্ষণাবেক্ষণত ৰখা আৰু ভাল স্থানত স্থিত গৃহৰ মূল্য সদাই বৃদ্ধি পোৱা দেখা যায়।

২) গৃহ ক্ৰয়/সঁজোৱাৰ বাবে ঋণৰ উপলব্ধতা: এটা গৃহ ক্ৰয়/সঁজোৱাৰ বাবে প্ৰয়োজনীয় সম্পূৰ্ণ ধন সকলো ব্যক্তিৰ হাতত নাথাকিবও পাৰে। বৰ্তমান প্ৰায় সকলোবোৰ বেংক আৰু বিত্তীয় প্ৰতিষ্ঠানে গৃহ সাঁজিবলৈ বা গৃহ কিনিবলৈ কম সুতত ঋণ প্ৰদান কৰে। তেওঁলোকে আপোনাৰ ঋণৰ ধন পৰিশোধ কৰাৰ  সক্ষমতা বিচাৰ কৰি চাব আৰু আপোনাৰ ভৱিষ্যতৰ আয়ৰ সম্ভাৱনা বিচাৰ কৰিব। আপুনি আগতে লোৱা কিবা ঋণ অনাদেয় হৈ আছে নেকি সেয়াও পৰীক্ষা কৰিব। যদি এনে হয়, তেন্তে ঋণ পোৱাৰ সম্ভাৱনা কম থাকে। এই সকলোবোৰ কাৰকৰ ভিত্তিত তেওঁলোকে আপোনাক কিমান পৰিমাণৰ ঋণ প্ৰদান কৰিব সেই সিদ্ধান্ত ল’ব। কিছুমান বেংক আৰু বিত্তীয় প্ৰতিষ্ঠানে ওচৰ সম্পৰ্কীয় কিন্তু আয়ৰ উৎস পৃথক হোৱা ২-৩ জন লোককো ঋণ প্ৰদান কৰে (স্বামী আৰু স্ত্ৰী বা মাক-দেউতাক আৰু সন্তান)। এনে ক্ষেত্ৰত এজন ব্যক্তিতকৈ এক বৃহৎ পৰিমাণৰ ধন ঋণ হিচাপে লাভ কৰাত সুবিধা হয় আৰু পৰিশোধৰ নিশ্চয়তাও থাকে।

কৰ ৰেহাই: যেতিয়া আপুনি এটা গৃহ ক্ৰয় কৰিব, তেনে ক্ষেত্ৰত আপুনি দুই ধৰণে লাভান্বিত হ’ব।

  • যদিহে আপুনি আন গৃহ বিক্ৰী কৰি পোৱা ধনেৰে এবছৰৰ ভিতৰত নতুন গৃহ ক্ৰয় কৰে তেন্তে আপুনি পূৰ্বৰ গৃহৰ পৰা পোৱা লাভৰ বাবে অতি নূন্যতম কৰ প্ৰদান কৰিব লাগিব বা কৰ শূণ্য হ’ব।
  • যদিহে পুৰণি ঘৰ বিক্ৰী কৰাৰ তিনি বছৰৰ ভিতৰত নতুন ঘৰ কিনে তেন্তে পূৰ্বৰ ঘৰটো বিক্ৰী কৰি পোৱা ধনৰ ওপৰত কোনো ধৰণৰ কৰ প্ৰদান কৰিব নালাগে বা অতি কম পৰিমাণৰ কৰ প্ৰদান কৰিব লাগিব।
  • যদিহে আপুনি গৃহ ঋণ লৈ ঘৰ ক্ৰয় কৰে বা সাঁজে তেন্তে আপোনাৰ আয়ৰ ওপৰত আপুনি ৮০চি ৰ অধীনত আয়কৰ ৰেহাই পাব।

ভূমিৰ উপলব্ধতা

যদি আপোনাৰ নিজাকৈ ঘৰ সাঁজিব পৰা মাটি আছে, তেন্তে আপোনাৰ সামৰ্থ্যৰ ভিতৰত তাত ঘৰ সঁজাটো এটা উপায় হ’ব পাৰে। ইয়াৰ অৰ্থ হ’ল আপুনি কিছুদিনৰ বাবে ভাড়া ঘৰত থাকি আপোনাৰ ঘৰ সঁজা কাম তত্বাৱধান কৰিব পাৰিব।

৪) গৃহৰ আনুমানিক মূল্য বৃদ্ধি: যদিহে বাজেট মিলে আৰু আপুনি গৃহ ঋণ লাভ কৰাৰ সুযোগ থাকে তেন্তে গৃহ নিৰ্মাণ কৰাৰ সিদ্ধান্ত ল’ব পাৰে কাৰণ গৃহ মূল বৃদ্ধি পোৱাৰ আশা কৰিব পাৰি। সাধাৰণতে হ্ৰস্বম্যাদী লক্ষ্যত উপনীত হ’বলৈ লৰা-লৰি কৰাৰ ফলত চকুৰ আগৰ পৰা বৃহৎ লক্ষ্যবোৰ আতঁৰি যায়। যদি আপুনি উপলব্ধি কৰে যে ভৱিষ্যতে এটা নিজৰ ঘৰ হ’বই লাগিব আৰু আপোনাৰ আৰ্থিক অৱস্থাই ইয়াৰ বাবে সুযোগ প্ৰদান কৰে তেন্তে পলম কৰাতকৈ যিমান সম্ভৱ সোনকালে গৃহ ক্ৰয় কৰা উচিত।

অ-অৰ্থনৈতিক কাৰকসমূহ

 

১) ভৱিষ্যতে আৱাস সলনি কৰাৰ কোনো পৰিকল্পনা নাই: যদি আপুনি আগত দিনবোৰত আন এটা অঞ্চললৈ যোৱাৰ কোনো পৰিকল্পনা নাই তেন্তে ভাড়া ঘৰত থকাতকৈ নিজাকৈ এটা গৃহ ক্ৰয় কৰাটো উত্তম সিদ্ধান্ত। আপুনি ঘৰ ভাড়াৰ বাবদ প্ৰদান কৰি থকা ধন গৃহ ক্ৰয়ৰ বাবে লোৱা ঋণ পৰিশোধত ব্যৱহাৰ কৰিব পাৰিব। যদিহে ঋণ নোলোৱাকৈ আপুনি নিজৰ জমা ধনেৰে গৃহ ক্ৰয় কৰিব পাৰে তেতিয়াও আপুনি সুখী হ’ব কিয়নো ঘৰ ভাড়াৰ বাবদ প্ৰদান কৰি থকা ধন প্ৰতিমাহে সঞ্চয় কৰিব পাৰিব।

২) ভাড়া ঘৰৰ কম সময়ৰ চুক্তি: সাধাৰণতে কমেও ১১ মাহৰ পৰা তিনি বছৰলৈ মালিক আৰু ভাড়াতীয়াৰ মাজত ভাড়া ঘৰৰ চুক্তি হয়। এই ম্যাদ পুণঃনৱীকৰণ কৰিব পাৰিলেতো ভালেই! যদিহে নবীকৰণ নহয় আৰু একেটা অঞ্চলতে ঘনাই ভাড়া ঘৰ সলনি কৰি থাকিব লগাত পৰে তেন্তে আপুনি নিশ্চিতভাৱে এটা নিজৰ ঘৰ ক্ৰয়/সঁজোৱাৰ সিদ্ধান্ত ল’ব পাৰে। এনে ক্ষেত্ৰত আপোনাৰ নিজা ধনেৰে ঘৰ ক্ৰয়/সঁজোৱাৰ বাবে পৰিকল্পনা কৰাটো উত্তম ধাৰণা।

৩) আপোনাৰ নিজৰ/পৰিয়ালৰ সুবিধাৰ সৈতে খাপ খোৱা আন্তঃগাঁথনি আৰু সাঁজ-সজ্জাৰ ঘৰ: আমি যি ঘৰতেই নাথাকো কিয় নিজৰ মতে থান ঠিক লগাই ল’ব লগাত পৰো। কিন্তু যেতিয়া আমি নিজৰ ঘৰ এটাত থাকিবলৈ লওঁ তেতিয়া সকলোবোৰ নিজৰ সুবিধা আৰু পছন্দৰ মতে গঢ়ি ল’ব পাৰো। ইয়াত সকলো ধৰণৰ পৰিৱৰ্তন আৰু সজ্জাৰ অধিকাৰ আমাৰ থাকে। সেইবাবেই নিজৰ ঘৰ এটাৰ বাবে আমি উৎসাহিত হওঁ।

কেতিয়া ভাড়া ঘৰ লোৱাটো বেছি সুবিধাজনক?

 

আৰ্থিক কাৰকসমূহ

 

১) উপাৰ্জনৰ অনিশ্চয়তা

যদিহে আপোনাৰ মুখ্য উপাৰ্জন সুস্থিৰ নহয়, তেনে ক্ষেত্ৰত আপুনি নিজৰ বাবে এটা ঘৰ ক্ৰয়/সাঁজিবৰ বাবে প্ৰয়োজনীয় ঋণ নাপাবও পাৰে। আনহাতে ঘৰ কিনি এক বৃহৎ পৰিমাণৰ ধন সুমুৱাই ৰখাটোও ভাল চিন্তা নহয়। কিয়নো কোনো জৰুৰীকালীন অৱস্থাত বা দীৰ্ঘসময়ৰ বাবে ভাল আয় নোহোৱালৈকে এই ধনৰ প্ৰয়োজন হ’ব পাৰে।

২) অৱসৰৰ পাছত থাকিবলৈ আপোনাৰ আন ঠাইত নিজা ঘৰ আছে: যদি আপুনি চাকৰিসূত্ৰে কোনো ঠাইত থাকিব লগা হয় বা এঠাইৰ পৰা আন ঠাইলৈ বদলি হৈ থাকিব লগা হয় আৰু অৱসৰ গ্ৰহণৰ পাছত থাকিবলৈ আপোনাৰ নিজ ঘৰ আছে তেন্তে চাকৰিৰ কালছোৱাত ভাড়া ঘৰত থকাটোৱেই ভাল সিদ্ধান্ত।

৩) কৰ ৰেহাই: সকলো আনুষ্ঠানিক ব্যৱস্থাত কৰ্মচাৰীক বেতনৰ লগতে যদিহে কৰ্মচাৰীজন ভাড়া ঘৰত থাকে তেন্তে তেওঁক আংশিক ঘৰৰ ভাড়া বা ঘৰ ভাড়াৰ ভাট্টা প্ৰদান কৰে। এই ধনখিনি কৰমুক্ত হয়। এই সুবিধাটো গ্ৰহণ কৰিবলৈকে কেতিয়াবা নিজৰ ঘৰ থকা লোকেও ভাড়া ঘৰত থাকে। তেওঁলোকে দুই ধৰণে লাভান্বিত হয়-তেওঁলোকে নিজৰ ঘৰটো ভাড়ালৈ দি তাৰ পৰা উপাৰ্জন কৰে আৰু তেওঁলোকে কৰ জমা কৰে।

৪) জীৱনৰ শেষৰ ফালে বা কেইবছৰ মানৰ ভিতৰত আৰ্থিক অৱস্থা অধিক উন্নত হ’ব বুলি আশা কৰা: কেতিয়াবা আপুনি নিশ্চিত হ’ব পাৰে যে কেইবছৰ মানৰ ভিতৰত আপোনাৰ আৰ্থিক অৱস্থা উন্নত হ’ব। হয়তু এনে হ’ব পাৰে যে, আপুনি ব্যৱসায় আৰম্ভ কৰিছেহে বা চাকৰিত সোমাইছেহে আৰু আপোনাৰ পেশাত আপুনি স্থিৰ হোৱালৈ সময় লাগিব। এনে ক্ষেত্ৰত আপুনি ঘৰ ভাড়ালৈ লোৱাটো ভাল বুলি বিবেচিত হ’ব পাৰে। কিয়নো কম ধনেৰে তৎকালে সৰু ঘৰ এটা ক্ৰয় কৰাতকৈ পাছলৈ ডাঙৰ ঘৰ ক্ৰয় কৰাটো ভাল হ’ব।

৫) বৰ্তমানৰ বিভিন্ন আৰ্থিক দায়বদ্ধতা: আপুনি আপোনাৰ চহৰত থকা সন্তানক থকা-পঢ়াৰ খৰছ দিব লাগে বা অসুস্থ পৰিয়ালৰ লোকক চিকিৎসাৰ বাবে খৰছ কৰিব লগা হ’ব পাৰে। এনে সময়ত আৰ্থিক নাটনিৰ বাবে গৃহ ঋণ লৈয়ো সময়ত নিশ্চিতভাৱে পৰিশোধ কৰিব পাৰিব যে তাৰ নিশ্চয়তা নাই বুলি আপুনি ভাবিব পাৰে। যিহেতু আন আৰ্থিক দ্বায়বদ্ধতাবোৰৰ বাবে হঠাৎ ধনৰ প্ৰয়োজন হ’ব পাৰে গতিকে আপোনাৰ নিজা ধন থাকিলেও গৃহ কিনি সেইবোৰ সুমুৱাই ৰখাটোও উচিত নহয় বুলি ভাবিব পাৰে। এনে অৱ্স্থাত দ্বায়বদ্ধতাসমূহৰ পৰা মুক্ত নোহোৱা পৰ্য্যন্ত ভাড়া ঘৰত থকাটো এটা উপযুক্ত সমাধান হ’ব পাৰে।

অ-অৰ্থনৈতিক কাৰকসমূহ

 

১) কৰ্মক্ষেত্ৰ সলনি হৈ থকা: ধৰা হওঁক আপুনি কৰ্মসূত্ৰে ঘনাই বেলেগ বেলেগ চহৰলৈ যাব লাগে আৰু আপুনি আপোনাৰ পৰিয়ালক আপোনাৰ সৈতে লৈ ফুৰিবলৈ বিচাৰে। এনে ক্ষেত্ৰত যেতিয়ালৈকে আপুনি কোনো এঠাইত স্থায়ীভাৱে থকাৰ সিদ্ধান্ত নলয় তেতিয়ালৈকে ঘৰ ক্ৰয় কৰাৰ কথা আহিব নোৱাৰে।

সাৰাংশ

 

নিজাকৈ এটা ঘৰ ক্ৰয়/সঁজোৱাৰ আৰু ভাড়া ঘৰত থকাটো বহুবোৰ কাৰকৰ কথা আগত ৰাখি সিদ্ধান্ত ল’ব লগা হয়। এইবোৰৰ ভিতৰত কেইটামান হ’ল-

  • নিজৰ ধন আৰু ভূমিৰ উপলব্ধতা।
  • ঋণৰ লভ্যতা।
  • উক্ত অঞ্চলত বৰ্তমান আৰু ভৱিষ্যতৰ ঘৰৰ মূল্য।
  • সিদ্ধান্তত কৰৰ বিষয়টো।
  • আন ঘৰৰ মালিকীস্বত্ব।
  • আয়ৰ নিশ্চয়তা।
  • সময়ে সময়ে ঘৰৰ স্থান সলনি কৰিব লগা হোৱা।
  • আন বৃহৎ আৰ্থিক দ্বায়বদ্ধতা।
  • ভাড়া ঘৰৰ সময়কালৰ চৰ্ত।

গৃহ সম্পৰ্কীয় বীমা আৰু দেয়সমূহ

পাতনি

ৰাজেন আৰু লীলাই নতুন গৃহত সোমাল। তেওঁলোকে দুয়ো ঘৰটো সুবিধাজনক কৰা আৰু তেওঁলোকৰ নতুন ঘৰ চাবলৈ অহা আলহীক শুশ্ৰুষা কৰাতেই ব্যস্ত থাকিব লগা হ’ল। যিহেতু ৰাজেনে তেওঁলোকৰ পৰিয়ালৰ গেলামালৰ দোকানখনত  কাম কৰে সেয়ে তেওঁলোকৰ ঘৰ চলাবলৈ পৰিয়ালৰ পৰা এক নিদিষ্ট পৰিমাণৰ ধন প্ৰদান কৰিলে। তেওঁলোকৰ বাবে প্ৰয়োজন হোৱা নগদ ধনৰ পৰা আমোদ-প্ৰমোদৰ লগতে সঁতেজ শাক-পাচলি, ফল-মূল, গাখীৰ আদি কিনাৰ লগতে বিদ্যুতৰ বিল আদি পৰিশোধ কৰিব লাগে।

প্ৰথম মাহৰ শেষত তেওঁলোকে উপলব্ধি কৰিলে যে তেওঁলোকে ক’ব নোৱাৰাকৈয়ে মাহটোত বহুত টকা খৰছ হৈ গ’ল। ইয়াৰ কিমান ধন মাত্ৰ এবাৰেই খৰছ হৈছে আৰু কিমান পৰিমাণৰ ধন প্ৰতিমাহে খৰছ হৈ থাকিব সেই সম্পৰ্কে তেওঁলোক নিশ্চিত নহ’ল।

শক্তিৰ সঞ্চয়, ধন সঞ্চয়

ৰাজেন আৰু লীলাই তেওঁলোকৰ কেইটামান মাহত হোৱা খৰছসমূহ তালিকাভূক্ত কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিলে। তিনিমাহৰ পাছত তেওঁলোকে গম পালে যে, প্ৰয়োজনত বহুবোৰ খৰছ কমাব পৰা যায়। তথাপিও বিদ্যুতৰ বিল দিনক দিনে বৃদ্ধি পাই গৈছে। আনহাতে নতুন ঘৰটো পৰিচালনাত ব্যস্ত থকাৰ বাবে তেওঁলোকে সময়মতে বিলৰ ধন প্ৰদান কৰিবলৈকো পাহৰি গৈছে। ফলত পলমকৈ পৰিশোধ কৰাৰ জৰিমনাও ভৰিব লগা হৈছে।

তেওঁলোকৰ বিদ্যুতৰ খৰছ কমাবলৈ তিনিটা ব্যৱস্থা হাতত লোৱাৰ সিদ্ধান্ত গ্ৰহণ কৰিলে।

১) তেওঁলোকে বাৰান্দাত সৌৰ কাঁহি লগোৱাৰ পৰিকল্পনা ল’লে। তেওঁলোকৰ ওচৰ-চুবুৰীয়াই এনে সৌৰ কাঁহি ব্যৱহাৰ কৰি পানী গৰম কৰাৰ লগতে সৰু-সুৰা বৈদ্যুতিক আহিলাও চলাবলৈ সক্ষম হৈছে। তেওঁলোকে লগতে জানিব পাৰিলে যে, এনে সৌৰ শক্তিৰ বাবে প্ৰয়োজনীয় ধন নগন্য সুতত চৰকাৰে যোগান ধৰে। তেওঁলোকে ইতিমধ্যে প্ৰতিৱেশীৰ পৰা এনে সৌৰ কাঁহি আৰু আহিলাসমূহ স্থাপন কৰোঁতে কিমান খৰছ হয় আৰু কেনেদৰে আগবাঢ়িব লাগে সেইবিষয়ে ভালদৰে জানি ল’লে। এনে এবাৰেই ধন খৰছ কৰি তেওঁলোকে জীৱনটোলৈ বিদ্যুতৰ মাচুলৰ খৰছ কমাব পাৰিব।

২) যিমান সম্ভৱ হয় তেওঁলোকে বিজুলী বাতি, বিজুলী পাংখা আৰু আন বৈদ্যুতিক সামগ্ৰীৰ বৈদ্যুতিক সংযোগ বন্ধ কৰি থোৱাৰ সিদ্ধান্ত ল’লে: তেওঁলোকৰ বাৰীত থকা ডাঙৰ আম গছডালৰ তলতে পাছলি কটা আৰু চাউল বছা আদি কামবোৰ কৰিবলৈ লীলাই সিদ্ধান্ত ল’লে। ইয়াৰ যোগেৰে তেওঁ প্ৰাকৃতিক উজ্জ্বল পোহৰত কাম কৰি আনন্দিত হোৱাৰ লগতে বিজুলীও সঞ্চয় কৰিব পাৰিব। তেওঁলোকে চোতালতে আলহী বহিব পৰাকৈ ভাল ব্যৱস্থা কৰি ল’লে। ইয়াৰ ফলতো বিজুলীৰ ব্যৱহাৰ কমি গ’ল।

৩) তেওঁলোকে সময়মতে বিজুলীৰ বিল পৰিশোধ কৰাৰ সিদ্ধান্ত ল’লে। এইটো নিশ্চিত কৰিবলৈ তেওঁলোকে বিল প্ৰদানৰ তাৰিখটো পাকঘৰত থকা ডাঙৰ কেলেণ্ডাৰত চিহ্নিত কৰাৰ সিদ্ধান্ত ল’লে। ৰাজেনৰ ককায়েক দৰ্শনৰ মোবাইল ফোনটোত মনত পেলাই দিয়াৰ সুবিধা আছে। যিহেতু তেওঁলোকে সদাই নিজৰ দোকানত লগ পায় সেয়ে ৰাজেনে দৰ্শনক বিল পৰিশোধ তাৰিখটো মনত পেলাই দিবলৈ অনুৰোধ কৰিলে।

ঘৰৰ স্বত্বাধিকাৰৰ বীমা

 

এদিন ৰাজেনৰ বন্ধু প্ৰকাশ সিহঁতৰ দোকানলৈ সামগ্ৰী কিনিবলৈ আহিল। প্ৰকাশ এটা বীমা প্ৰতিষ্ঠানৰ এজেন্ট৷

তেওঁ ক’লে “ৰাজেন মই শুনিবলৈ পালোঁ তোমালোক হেনো নিজৰ নতুন ঘৰলৈ গ’লা?”

“অ’ তুমি আহিবাচোন এদিন চাই যাবাহি.....” ৰাজেনে উত্তৰ দিলে। “নিশ্চয় যাম, তুমি বেয়া নাপাবা এটা কথা শোধো- তুমি বাৰু তোমাৰ ঘৰটোৰ বীমা কৰাইছেনে” “নাই আমি কৰোৱা নাই! আমি আমাৰ ঘৰটো কেতিয়াও বীমা কৰোৱাম বুলি ভবা নাই। সঁচা ক’বলৈ হ’লে মই ঘৰৰ বীমাৰ কথাটো শুনিছো কিন্তু প্ৰকৃততে সেইটোনো কি মই ভালদৰে নাজানো।” ৰাজেনে উত্তৰ দিলে।

ৰাজেনে উপলব্ধি কৰিলে যিহেতু তাৰ এতিয়া নিজা ঘৰ এটা আছে সেয়ে পৈতিৃক গৃহখনত থকা সকলো বোৰ তাৰ ঘৰখনতো থকা উচিত। লীলাৰ গহনাখিনিৰ বাহিৰে লীলা আৰু তাৰ সম্পত্তি বুলিবলৈ কেৱল নিজৰ ঘৰটোহে আছে। স্বাভাৱিকতেই যিহেতু ঘৰটোৰ লগত তেওঁলোকৰ অৰ্থনৈতিক আৰু আৱেগ জড়িত হৈ আছে। সেয়েহে যেনেকৈ নহওঁক তেওঁলোকে ঘৰটো সুৰক্ষাৰ বাবে যত্নপৰ হ’ব। তেওঁলোকে গৃহ বীমাৰ বিষয়ে শুনিছে আৰু কেনেকৈ এই বিত্তীয় সমলবিধেৰে ইয়াক সুৰক্ষা প্ৰদান কৰে সেই কথা জানিবলৈ বেগ্ৰ হৈ আছিল। সেই সময়তে প্ৰকাশ দোকানলৈ আহিছিল.....

“তুমি যদি সময় উলিয়াব পাৰা তেন্তে মই তোমাক এতিয়াই গৃহ বীমাৰ বিষয়ে ক’ব পাৰো” প্ৰকাশে ক’লে।

আবেলি সময়ত দোকানত এনেয়ে কম গ্ৰাহক থাকে। সেইবাবেই ৰাজেনে দুপিয়লা চাহ আনিবলৈ দি দুই বন্ধুৱে গৃহ বীমাৰ বিষয়ে আলোচনা কৰিবলৈ বহিল।

বহু সময় ধৰি প্ৰকাশৰ লগত কথা পতাৰ পাছত ৰাজেনে বুজি পোৱা কথাখিনি তলত দিয়া হ’ল:

গৃহ বীমা কি ?

 

বহুবোৰ ক্ষেত্ৰত ঘৰটো আৰু ঘৰত থকা ব্যয় বহুল সামগ্ৰী দুয়োবিধেই গৃহ বীমাৰ অধীনত সামৰি লোৱা হয়। যিকোনো বীমাৰ দৰেই এটা কম পৰিমাণৰ ধন (প্ৰিমিয়াম) এটা নিৰ্দিষ্ট নিয়মীয়া বিৰতিৰ (বছৰেকীয়া তিনিমহীয়া বা মাহেকীয়া) মূৰে মূৰে বীমা আঁচনিখনৰ সময়সীমাৰ ভিতৰত প্ৰদান কৰি থাকিব লাগে। ইয়াৰ পিছত যদি বীমাখনে সামৰি লোৱা কোনোবাটো ঘটনাত আপোনাৰ গৃহ বা সম্পত্তিৰ ক্ষতি হয় তেন্তে তাৰ বাবে আপুনি বীমা কোম্পানীৰ ওচৰত ধনৰ দাবী কৰিব পাৰে।

গৃহ বীমাই কি কি সামৰি লয়?

 

ঘৰ ভঙা বা সম্পত্তিত জুই, বজ্ৰপাত, বিস্ফোৰণ, সংঘৰ্ষ, সন্ত্ৰাসবাদ, বোমা-বিস্ফোৰণ আৰু পানী পৰিবাহী নলী ফাটি হোৱা, ধুমুহা, ঘূৰ্ণী বতাহ, হাৰিকেন, বানপানী, ভূমিকম্প, আগ্নেয়গিৰি আদিৰ দ্বাৰা যদি ক্ষতিগ্ৰস্থ হয় তেন্তে ইয়াৰ বাবে আপুনি ক্ষতিপূৰণ দাবী কৰিব পাৰে। ৰেল-গাড়ী/পথৰ গাড়ী আৰু পশু, মাটি খহা, শিল বাগৰি অহা, মিচাইল পৰীক্ষণ আৰু আন বহু ধৰণৰ কাৰ্য্যৰ পৰা হোৱা ক্ষতিসমূহো সামৰি লয়। কিছুমান গৃহ বীমাই ঘৰৰ পৰা চুৰি কৰি নিয়া সামগ্ৰীও সামৰি লয় আৰু কিছুমানে ঘৰৰ ভিতৰত নিৰাপদভাৱে থোৱা গহনা পাতিও সামৰি লয়।

দাবীৰ মূল্য কিমান হ’ব?

ক্ষতি হোৱা সম্পত্তিৰ বিপৰীতে আপুনি বীমা কোম্পানীৰ পৰা যি ধন পাব সেইটো সাধাৰণতে মেৰামতিৰ খৰছৰ সমান মূল্য হয়। সহজভাৱে কবলৈ গ’লে ঘৰটোৰ মেৰামতি বা ক্ষতি হোৱা সামগ্ৰীটো মেৰামতিৰ বাবে যিমান ধন লাগে সিমান ধন বীমা কোম্পানীয়ে আপোনাক প্ৰদান কৰিব।

আমি যদি দাবী উত্থাপন কৰিব বিচাৰো তেন্তে কি কৰিব লাগিব?

 

যদিহে আপোনাৰ গৃহ বা সম্পত্তিৰ ক্ষতি হোৱাৰ বাবে বীমা কোম্পানীৰ ওচৰত দাবী উত্থাপন কৰিব বিচাৰে তেন্তে আপুনি প্ৰথমে বীমা কোম্পানীলৈ ফোন কৰি আপোনাৰ দাবী পঞ্জীয়ন কৰক। যিমান সোনকালে সম্ভৱ হয় সিমান সোনকালে পঞ্জীয়ন কৰিব লাগে। আপুনি তেওঁলোকক ক্ষতি হোৱা সামগ্ৰীৰ বিৱৰণ বা ক্ষতি হোৱা স্থানৰ বিৱৰণ জনাৱ লাগিব। লগতে কিমান মূল্যৰ ক্ষতি হৈছে সেইটো অনুমান কৰি জনাব লাগিব। আটাইতকৈ প্ৰয়োজনীয় আৰু গুৰুত্বপূৰ্ণ কথাটো হ’ল আপুনি আপোনাৰ পলিচিৰ নম্বৰটো জনাব লাগিব যাতে তেওঁলোকে দাবী উত্থাপনৰ কাম-কাজ আৰম্ভ কৰিব পাৰে।

এবাৰ যেতিয়া আপোনাৰ দাবী পঞ্জীয়ন কৰিব তেতিয়া এজন জৰীপকাৰী (ক্ষতি/চুৰি হোৱা স্থানলৈ আহি পৰীক্ষা কৰোঁতা) আহিব আৰু ক্ষতিৰ পৰিমাণৰ অনুমান কৰিব।

যেতিয়া কোম্পানীয়ে আপোনাৰ সম্পত্তিৰ ক্ষতি হোৱাতো দৃঢ় প্ৰত্যয় হ’ব (জৰীপকাৰীয়ে নিশ্চিত কৰা মতে) আৰু প্ৰয়োজনীয় সকলো নথিপত্ৰ (আৰক্ষীক দিয়া এজাহাৰ আৰু আৰক্ষীৰ প্ৰতিৱেদন, অগ্নিনিৰ্বাহক বাহিনীৰ প্ৰতিৱেদন, জৰীপকাৰীৰ জৰিয়তে পোৱা মেৰামতিৰ বিল, হেৰুৱা বা চুৰি হোৱা সামগ্ৰী কিনাৰ বিল ইত্যাদি) পাব তেতিয়াই আপোনাৰ দাবী অনুসৰি ধনখিনি আপোনাক প্ৰদান কৰিব।

সাৰাংশ

  • বিদ্যু সঞ্চয় ধনৰ সঞ্চয়: যেতিয়া প্ৰয়োজন নহয় তেতিয়া বৈদ্যুতিক সামগ্ৰীৰ চাবি বন্ধ কৰি থৈ বিদ্যুতৰ বিলৰ পৰিমাণ কমাই ৰাখিব পৰা যায়। নিজাকৈ সৌৰ কাঁহী লগোৱা আৰু সম্ভৱ ক্ষেত্ৰত জৰিমনা নোহোৱাকৈ সময়মতে বিদ্যুতৰ বিল পৰিশোধ কৰিও বিদ্যুতৰ খৰছ কমাই ৰাখিব পৰা যায়।

যদি আপোনাৰ এটা নিজা ঘৰ আছে তেনেহ’লে গৃহ বীমা কৰাৰ কথা ভাবিব লাগে। ঘৰৰ ক্ষতিৰ উপৰিও আপোনাৰ গৃহৰ ভিতৰত থকা সকলো সামগ্ৰীয়েই এই বীমাই সামৰি লয়। যদিহে বীমা আঁচনিত তালিকাভুক্ত থকা জুই, ধুমুহা, সাম্প্ৰদায়িক সংঘৰ্ষ বা বিভিন্ন আন প্ৰাকৃতিক বা মানৱ সৃষ্ট বিভিন্ন কাৰ্য্যৰ দ্বাৰা আপোনাৰ সম্পত্তিৰ ক্ষতি হয় বা হেৰাই তেন্তে আপুনি এটা পৰিমাণৰ ধন বীমা কোম্পানীৰ পৰা লাভ কৰিব। সাধাৰণতে এই ধনৰ পৰিমাণ ক্ষতি মেৰামতি কৰা বা নতুন সম্পত্তি কিনিবলৈ প্ৰয়োজন হোৱা ধনৰ সমান হয়।

উৎস: আইএনডিজি দল

শেহতীয়া উন্নীতকৰণ: : 6/21/2020



© C–DAC.All content appearing on the vikaspedia portal is through collaborative effort of vikaspedia and its partners.We encourage you to use and share the content in a respectful and fair manner. Please leave all source links intact and adhere to applicable copyright and intellectual property guidelines and laws.
English to Hindi Transliterate