অসমীয়া   বাংলা   बोड़ो   डोगरी   ગુજરાતી   ಕನ್ನಡ   كأشُر   कोंकणी   संथाली   মনিপুরি   नेपाली   ଓରିୟା   ਪੰਜਾਬੀ   संस्कृत   தமிழ்  తెలుగు   ردو

৭.২ বীমা আৰু বিনিয়োগসমূহ

পাতনি

আমাৰ ব্যক্তিগত বিত্তীয় ব্যৱস্থা পৰিচালনা কৰাত সঞ্চয় মাত্ৰ এটা দিশহে। আনবোৰৰ উপৰিও জৰুৰীকালীন অৱস্থাৰ বাবে সঞ্চয় কৰাৰ লগতে আমি ভৱিষ্যতৰ লক্ষ্যসমূহত উপনীত হ’বলৈও সঞ্চয় কৰো। এইবোৰ আমাৰ সন্তানক লৈ দেখা সপোনো হ’ব পাৰে-ভাল শিক্ষা প্ৰদান কৰা বা এটা ভাল ঘৰ সজোৱা বা ব্যয় বহুল বিবাহ অনুষ্ঠান পতাও হব পাৰে। আমি আমাৰ নিজৰ বাবেও সঞ্চয় কৰো-সোণ বা আন আমি ভাল পোৱা সম্পত্তি বা নতুন ব্যৱসায় বা ব্যৱসায় বিস্তাৰ কৰিবলৈ এই ধনৰ প্ৰয়োজন হয়।

আমাৰ লক্ষ্যত উপনীত হ’বলৈ হ’লে যিমান সম্ভৱ হয় সিমান সোনকালে আমাৰ সঞ্চয়সমূহ বিনিয়োগ কৰিব লাগে। আমাৰ সঞ্চয়সমূহ বিনিয়োগ কৰিলে আমি বৰ্ধিত হাৰত ধন ঘূৰাই পাওঁ। উদাহৰণস্বৰূপে, যদিহে আমি প্ৰতিমাহে ১০০ টকাকৈ ১০ বছৰৰ বাবে জমা কৰো তেন্তে আমি ১২,০০০ টকা জমা কৰিব পাৰিম। কিন্তু যদিহে আমি একে পৰিমাণৰ ধন ওচৰৰ ডাকঘৰৰ এটা ৰেকাৰিং ডিপোজিটত জমা কৰি যাওঁ তেন্তে আমি ১৮,৭০০ টকাতকৈও অধিক ধন ঘূৰাই পাম। অৰ্থাৎ আমি ৫,৭০০ টকা বেছিকৈ পাম। ইয়ে আমাৰ লক্ষ্যত সোনকালে উপনীত হোৱাত সহায় কৰিব।

একে সময়তে আমাৰ সকলোবোৰ লক্ষ্যক আমি বীমাৰ দ্বাৰা সুৰক্ষিত কৰি ৰাখিব লাগে। অৰ্থাৎ যদিহে আমি আমাৰ পৰিয়ালৰ বাবে উপাৰ্জন কৰো আৰু লক্ষ্যত উপনীত হ’বলৈ অৰিহণা যোগাও তেন্তে আমাৰ নিজৰ বাবে জীৱন বীমা ক্ৰয় কৰিব লাগে। যদিহে কিবা কাৰণত আমাৰ অসময়ত মৃত্যু ঘটে তেন্তে আমাৰ পৰিয়ালে লক্ষ্যসমূহত উপনীত হোৱাত সহায়ক হোৱাকৈ কিছু পৰিমাণৰ ধন লাভ কৰিব। এতিয়া কথা হ’ল তেওঁলোকে কিমান ধন লাভ কৰিব সেইটো নিৰ্ভৰ কৰে আপুনি কিমান পৰিমাণৰ বীমা ক্ৰয় কৰিছে।

একেদৰেই যেতিয়া আমি কোনো এটা সম্পত্তি ক্ৰয় কৰো-ই গৃহই হওঁক বা মটৰ গাড়ীয়েই হওঁক বা আন কোনো বীমা কৰিব পৰা সম্পত্তি হওঁক আমি আৱশ্যকভাৱেই বীমা কৰিব লাগে। যদি আমি তেনে কৰো তেন্তে কোনো দূৰ্ঘটনা বা প্ৰাকৃতিক বা মানৱ সৃষ্ট দূৰ্যোগত যদি উক্ত সম্পত্তিৰ ক্ষতি হয় তেন্তে আমি সেই সম্পত্তি নতুনকৈ লাভ কৰিম বা আগৰ অৱস্থালৈ ঘূৰাই আনিব পৰাকৈ আমি বীমা কোম্পানীৰ পৰা ধন লাভ কৰাটো নিশ্চিত হৈ থাকে।

শেষত স্বাস্থ্য বীমা অত্যাৱশ্যকীয়। দিনক দিনে বৃদ্ধি পোৱা স্বাস্থ্য সেৱাৰ খৰছ আৰু অসুস্থতা আৰু ৰোগসমূহৰ বাবে যথেষ্ট ধনৰ খৰছ হয়। পৰিয়ালৰ যদি কাৰোবাৰ অসুখ হয় তেন্তে বাধ্যত পৰি আমি কোনো লক্ষ্যত উপনীত হ’বলৈ বহু বছৰৰ পৰা হেপাঁহেৰে সাঁচি অহা ধন খৰছ কৰিব লগা হয়।

বীমা (স্বাস্থ্য, শস্য, জীৱন, সম্পত্তি)  খেতিয়কসকল, মহিলা আৰু শিক্ষাৰ্থীসকলৰ বাবে:

ভাৰতত প্ৰায় ৪৭ টা জীৱন আৰু সাধাৰণ বীমা কোম্পানী আছে। এইসমূহে জীৱন বীমা, স্বাস্থ্য বীমা, দূৰ্ঘটনা বীমা, শস্য বীমা, সম্পত্তিৰ বীমা আদি বিভিন্ন ধৰণৰ বীমা সামগ্ৰী আগবঢ়ায়।

জীৱন বীমা আৰু সাধাৰণ বীমাৰ মাজৰ মৌলিক পাৰ্থক্য

জীৱন বীমাৰ অন্তৰ্গত যিবোৰ আঁচনি থাকে সেইবোৰ প্ৰত্যক্ষভাৱে ব্যক্তিজনৰ জীৱনৰ লগত সম্পৰ্ক থকা। আনহাতে সাধাৰণ বীমাই অন্তৰ্গত থকা আঁচনিবোৰ ব্যক্তিৰ জীৱনৰ লগত সম্পৰ্ক নাথাকে। সাধাৰণ বীমাই কোনো এজন ব্যক্তিৰ সম্পত্তি বা স্বাস্থ্যৰ সুৰক্ষা প্ৰদান কৰে আৰু তেওঁৰ জীৱনৰ কোনো সুৰক্ষা প্ৰদান নকৰে।

জীৱন বীমা: জীৱন বীমা বিভিন্ন ধৰণৰ পোৱা যায়। অতি সাধাৰণ বিধ টাৰ্ম বীমা। এই ক্ষেত্ৰত বীমাকৃত ব্যক্তিজনৰ মৃত্যু হ’লে কেৱল পূৰ্বে নিৰ্ধাৰিত পৰিমাণৰ ধনহে পৰিয়ালে লাভ কৰিব। অৱশ্যে সময়ৰ লগে লগে বীমা কোম্পানীসমূহে আমাৰ দীৰ্ঘম্যাদী লক্ষ্যসমূহত উপনীত হোৱাত সহায়ক হোৱাকৈ বীমা সামগ্ৰী প্ৰস্তুত কৰি উলিয়াইছে। মানিবেক আঁচনি, এণ্ডমেন্ট আঁচনি আৰু ইউনিট লিংক বীমা আঁচনিসমূহে আমাৰ দীৰ্ঘম্যাদী লক্ষ্যসমূহত উপনীত হ’ব পৰাকৈ দীৰ্ঘম্যাদী বিত্তীয় সামগ্ৰীৰ দৰে কাম কৰে আৰু এইসমূহে বীমাকাৰী ব্যক্তিৰ মৃত্যুৰ ক্ষেত্ৰতো অৰ্থনৈতিক সুৰক্ষা প্ৰদান কৰে। কিছুমান বীমা কোম্পানীয়ে মহিলাৰ বাবে কিছুমান বিশেষ সামগ্ৰী আগবঢ়ায়। যেনে, ভাৰতীয় জীৱন বীমা নিগমৰ মহিলাৰ বাবে মানিবেক আঁচনি।

সাধাৰণ বীমা

স্বাস্থ্য আৰু দূৰ্ঘটনা বীমা: যদিহে আপোনাৰ কিবা দূৰ্ঘটনা হয় বা অসুস্থ হয় আৰু চিকিৎসালয়ত ভৰ্ত্তি হ’ব লগা হয় তেনে ক্ষেত্ৰত বীমা কোম্পানীসমূহে এনে বিত্তীয় সামগ্ৰী আগবঢ়াইছে যে আপোনাৰ চিকিৎসাৰ খৰছ বীমা কোম্পানীয়ে প্ৰদান কৰিব। এনে ক্ষেত্ৰত আপুনি কিমান ধন লাভ কৰিব সেইটো এটা নিৰ্দিষ্ট পৰিমাণৰ হ’ব পাৰে বা আপোনাৰ প্ৰকৃততে কিমান খৰছ হৈছে তাৰ ওপৰত ভিত্তি কৰিও হ’ব পাৰে। চিকিৎসকে দিয়া ব্যৱস্থাপত্ৰ, চিকিৎসা পৰীক্ষাসমূহ আৰু আন সাধনী পত্ৰসমূহ ভালদৰে ৰাখিব লাগিব আৰু দাবী উত্থাপন কৰাৰ সময়ত সেই সমূহ প্ৰদান কৰিব লাগিব। মহিলাসকলৰ বাবে বিশেষ স্বাস্থ্য বীমা আঁচনিও আছে। এইসমূহে মহিলাৰ লগত জড়িত বিভিন্ন অসুস্থতাসমূহ আৱৰ্তত ৰাখে। যেনে, বিভিন্ন ধৰণৰ কেন্সাৰসমূহ।

দৰিদ্ৰ লোকৰ বাবে স্বাস্থ্য বীমা

প্ৰায়বোৰ উন্নয়নশীল দেশ বিশেষকৈ ভাৰতবৰ্ষৰ দৰে দেশত এশ কোটি লোকলৈ অৰ্থ সাহাৰ্য্য আৰু স্বাস্থ্য যত্ন সেৱা আগবঢ়োৱাটো বৃহৎ সমস্যা। স্বাস্থ্য যত্নৰ প্ৰয়োজনীয়তা থকা লোকৰ অধিকাংশই নিম্ন উপাৰ্জন গোটৰ লোক। বীমা অবিহনে দৰিদ্ৰ লোকসকলে তেওঁলোকৰ স্বাস্থ্য যত্নৰ খৰছ নিজৰ উপাৰ্জনৰ পৰা যোগান ধৰিব লগা হয় আৰু ইয়াৰ ফলত তেওঁলোক আৰু অধিক দৰিদ্ৰতাৰ ফালে গতি কৰে আৰু ধৰুৱা হৈ পৰে।

ৰাষ্ট্ৰীয় স্বাস্থ্য বীমা যোজনা

ৰাষ্ট্ৰীয় স্বাস্থ্য বীমা যোজনাৰ জৰিয়তে অসংগঠিত খণ্ডৰ দাৰিদ্ৰ সীমা ৰেখাৰ লোকসকল আৰু তেওঁলোকৰ পৰিয়ালক লক্ষ্য কৰি প্ৰস্তুত কৰা হৈছে।

এই আঁচনিৰ অধীনত যিহেতু সাধাৰণতে দৰিদ্ৰ, নিৰক্ষৰ আৰু পৰিভ্ৰমী জীৱনশৈলী লোকসকলক সাঁমৰি লোৱা হয় সেয়েহে এই আঁচনি বিনামূলীয়া। অৰ্থাৎ তেওঁলোকে তেওঁলোকৰ চিকিৎসাৰ বাবে প্ৰথমে নিজৰ ধন খৰছ কৰি চিকিৎসা কৰিব নালাগে। কামৰ তাড়নাত ঠাই সলাই ফুৰা পৰিয়ালসমূহ আৰু কোনোবাটো পৰিয়ালৰ ঠাই সলাই ফুৰা সদস্যৰ সুবিধাৰ বাবে এই আঁচনিত যথেষ্ট সুবিধা প্ৰদানৰ ব্যৱস্থা আছে।

ৰাষ্ট্ৰীয় স্বাস্থ্য বীমা যোজনাৰ লাভালাভসমূহ:

 

  • দাৰিদ্ৰ সীমাৰেখাৰ তলত থকা প্ৰতিটো পৰিয়ালেই প্ৰতিবছৰে মুঠ ৩০,০০০ টকাৰ বীমা ৰাশিৰ সুৰক্ষা পাব। ইয়াৰ অৰ্থ হ’ল এটা পৰিয়ালৰ যিকোনো এজনৰ প্ৰয়োজন হ’লেও এই ব্যৱস্থা ব্যৱহাৰ কৰিব পাৰিব। ইয়াত নিৰ্দিষ্ট লোকৰ সংখ্যাৰ কোনো সীমা নাই। কেৱল এটা পৰিয়ালত সীমিত থাকিব।
  • পূৰ্বে থকা ৰোগৰ অৱস্থাও ইয়াৰ আৱৰ্তলৈ আহিব। সাধাৰণতে বীমা কোম্পানীসমূহে কোনো এজন ব্যক্তিৰ পূৰ্বতে থকা কোনো অসুস্থতাৰ বাবে হোৱা খৰছসমূহ আৱৰ্তত সুমাবলৈ নিদিয়ে কিন্তু এই আঁচনিত কোনো এজন ব্যক্তিয়ে যদি পূৰ্বৰে পৰা কোনো বিশেষ ৰোগত ভুগি আছে তেন্তে সেই ৰোগো ইয়াৰ আৱৰ্তত আহি পৰে।
  • চিকিৎসালয়ত ভৰ্ত্তি হোৱা, প্ৰসৱকালীন লাভালাভসমূহ আৰু প্ৰয়োজন সাপেক্ষে অস্ত্ৰোপচাৰ আদিৰ লগত জড়িত সকলো স্বাস্থ্য সেৱা নগদ ধন অবিহনে পাব পৰাৰ ব্যৱস্থা আছে। (এই আঁচনিৰ অধীনত চিকিৎসালয়ৰ বহিঃবিভাগৰ সেৱাসমূহ উপলব্ধ নহয়)।
  • চিকিৎসালয়ত ভৰ্ত্তি হোৱাৰ এদিন আগৰ পৰা এৰাৰ ৫ দিন পিছলৈ হোৱা খৰছসমূহৰ ব্যৱস্থা আছে।
  • যাতায়তী খৰছৰ ব্যৱস্থা আছে।

শিক্ষাৰ্থী বীমা: শিক্ষাৰ্থী বীমাও স্বাস্থ্য বীমাৰ দৰেই আৰু ইয়াৰ যোগেৰে শিক্ষাৰ্থীয়ে বিদেশত শিক্ষা গ্ৰহণৰ বাবে ভ্ৰমণৰত অৱস্থাৰ প্ৰয়োজনীয়তাসমূহ পূৰণ কৰে। যেতিয়া বিদেশত থাকে তেতিয়া চিকিৎসা সুবিধাৰ বাবে খৰছসমূহ এজন ছাত্ৰৰ পক্ষে অত্যাধিক হয়। কিছুমান ক্ষেত্ৰত অতি কম পৰিমাণৰ খৰছেও শিক্ষাৰ্থীৰ আৰ্থিক অৱস্থাত হেঁচাৰ সৃষ্টি কৰে। শিক্ষাৰ্থী বীমাই দূৰ্ঘটনা, হঠাৎ ৰোগত পৰা বা পৃষ্ঠপোষক নোহোৱা হোৱাৰ আশংকাবোৰ আৱৰ্তত ৰাখে। চিকিৎসা আবৰ্তৰ লগতে এই বীমাই বিদেশত থকা কালত যদিহে গ্ৰেপ্তাৰ হয় বা পুলিচে অভিযুক্ত কৰে তেন্তে এই বীমাখনে জামিন বণ্ড হিচাপে শিক্ষাৰ্থীজনক সুৰক্ষা প্ৰদান কৰে।

শস্য বীমা: ভাৰতৰ ব্যক্তিগত আৰু ৰাজহুৱা খণ্ডৰ বীমা কোম্পানীসমূহে শস্য বীমা আগবঢ়ায়। খৰাং বতৰ, বানপানী আৰু আন প্ৰাকৃতিক বিপদ যেনে, কীট-পতঙ্গ আৰু শস্যৰ ৰোগৰ বাবে হ’ব পৰা খেতি নষ্ট হোৱাৰ ক্ষেত্ৰত এই শস্য বীমাই অৰ্থ সাহাৰ্য্য প্ৰদান কৰে। এবাৰ খেতি নষ্ট হোৱাৰ পিছৰ খেতিৰ বতৰত কৃষকজনে ঋণ লাভ কৰাটোও এই বীমাই নিশ্চিত কৰে। কিছুমান ৰাষ্ট্ৰীয় পৰ্য্যায়ৰ শস্য বীমা আঁচনি:

  • ৰাষ্ট্ৰীয় কৃষি বীমা যোজনা: ৰাষ্ট্ৰীয় কৃষি বীমা আঁচনিৰ অধীনত যোৱা ২৩ জুন ১৯৯৯, তাৰিখে  প্ৰধানমন্ত্ৰীয়ে ৰাষ্ট্ৰীয় কৃষি বীমা যোজনা নামৰ নতুন শস্য বীমা আঁচনিখন উদ্বোধন কৰে। বিশেষ কিছুমান শস্যৰ খেতি কৰা আৰু আনুষ্ঠানিক ঋণ প্ৰতিষ্ঠানসমূহৰ পৰা কৃষি ঋণ লাভ কৰিবলৈ হ’লে ৰাষ্ট্ৰীয় কৃষি বীমা যোজনাত কৃষকে অংশ লোৱাতো বাধ্যতামূলক। যদিহে কোনো কৃষকে ঋণ লয় তেন্তে বীমাকৃত মূল্যৰ পৰিমাণ ঋণ লোৱা ধনৰ সমান হ’ব। এই আঁচনিৰ উদ্দেশ্যসমূহ হ’ল:
    • প্ৰাকৃতিক দূৰ্যোগ, কীট-পতঙ্গৰ আক্ৰমণ আৰু ৰোগৰ বাবে খেতি নষ্ট হ’লে বীমাৰ আবৰ্ত আৰু আৰ্থিক সাহাৰ্য্য কৃষকলৈ আগবঢ়োৱা।
    • কৃষকসকলক অগ্ৰগামী খেতিৰ অভ্যাস গ্ৰহণ কৰা, উচ্চ মূল্যৰ সৰবৰাহ কৰা আৰু কৃষিকাৰ্য্যত উচ্চ প্ৰযুক্তি ব্যৱহাৰ কৰাত উৎসাহিত কৰা।
    • বিশেষকৈ দূৰ্যোগৰ সময়ত কৃষি আয় সুস্থিৰ কৰি ৰখাত কৃষকলৈ সহায় আগবঢ়োৱা।
    • খাদ্য শস্য আৰু তৈল বীজৰ উৎপাদনত সাহাৰ্য্য আৰু উদ্দিপীত কৰা।
    • ভাৰতীয় কৃষি বীমা কোম্পানী পৰিসীমিত: ই এটা ৰাজহুৱা খণ্ডৰ অধীকৃত কোম্পানী। বৰ্তমান অঞ্চলভিত্তিক আৰু বতৰভিত্তিক শস্যৰ কাৰ্য্যসূচী ভাৰতৰ প্ৰায় ৫০০ খন জিলাত ইয়াৰ দ্বাৰা চলাই থকা হৈছে। ইয়াৰ যোগেৰে প্ৰায় ২০ নিযুত খেতিয়কক সাঁমৰি লোৱা হৈছে।
    • কিষান ক্ৰেডিট কাৰ্ডৰ অধীনত ব্যক্তিগত দূৰ্ঘটনা বীমা আঁচনি: কিষান ক্ৰেডিট কাৰ্ডৰ যোগেৰে ভাৰত চৰকাৰে খেতিয়কলৈ নমনীয় আৰু সহজ প্ৰক্ৰিয়াৰে পৰ্য্যাপ্ত আৰু সময়মতে ঋণ প্ৰদানৰ ব্যৱস্থা কৰি আহিছে। ইয়াৰ উপৰিও যদিহে এনে কাৰ্ড থকা খেতিয়কজনৰ বাহ্যিক, হিংসাত্মক ঘটনা আদিৰ ফলত মৃত্যু ঘটে বা স্থায়ীভাৱে বিকলাংগ হয় সেয়াও বীমাৰ আৱৰ্তত পৰিব।

কৃষকজনৰ কিষান ক্ৰেডিট কাৰ্ড তথা পাচবুকখনত বীমাকৃত পৰিমাণৰ লগতে মনোনীত ব্যক্তিৰ নাম উল্লেখ থকাটো কাৰ্ড জাৰি কৰা বেংকসমূহে নিশ্চিত কৰিব লাগে। এই আঁচনিখনত সহজভাৱে দাবী নিষ্পত্তিকৰণৰ প্ৰক্ৰিয়া আছে। কাৰ্য্যকৰী কৰা বেংক, বেংকৰ মূল বিষয়া আৰু বীমা কোম্পানীৰ প্ৰতিনিধিৰে গঠিত অনুসন্ধান আৰু প্ৰমাণিকৰণ কমিটিয়ে মৃত্যু/বিকলাংগ কৰা দূৰ্ঘটনাৰ ধৰণ প্ৰমাণিত কৰি বীমা দাবী নিষ্পত্তিৰ বাবে অনুমোদন জনায়।

গৃহ বীমা: বেছিভাগ ক্ষেত্ৰতে গৃহ বীমাই গৃহৰ সজ্জা আৰু গৃহত থকা ব্যয়বহুল সামগ্ৰী দুয়োবিধৰে সুৰক্ষাৰ সুবিধা প্ৰদান কৰে। আন বীমা আঁচনিবোৰৰ দৰে এই ক্ষেত্ৰতো এক নিয়মীয়া বিৰতিৰ (বাৰ্ষিক, তিনিমহীয়া বা মাহেকীয়া) বীমাৰ সময়কালছোৱাত একোটা ক্ষুদ্ৰ পৰিমাণৰ ধন (প্ৰিমিয়াম) প্ৰদান কৰি থাকিব লাগে। যদিহে আঁচনিখনৰ আৰ্তত পৰা কোনো ঘটনাৰ বাবে আপোনাৰ গৃহ বা সম্পত্তিৰ ক্ষতি হয় বা হেৰাই তেন্তে আপুনি ধন দাবীৰ আবেদন জনাব পাৰে।

সম্পত্তিৰ বীমা: গৃহ বীমাৰ দৰেই সাধাৰণ বীমা কোম্পানীসমূহে আপোনাৰ মূল্যৱান সম্পত্তি যেনে ট্ৰেক্টৰ বা আন যিকোনো ব্যয়বহুল যন্ত্ৰ আদি সুৰক্ষা প্ৰদান কৰে। ইয়াতো আগৰ দৰেই এক নিয়মীয়া বিৰতিৰ (বাৰ্ষিক, তিনিমহীয়া বা মাহেকীয়া) বীমাৰ সময়কালছোৱাত একোটা ক্ষুদ্ৰ পৰিমাণৰ ধন (প্ৰিমিয়াম) প্ৰদান কৰি থাকিব লাগে। যদিহে আঁচনিখনৰ আৰ্তত পৰা কোনো ঘটনাৰ বাবে আপোনাৰ উক্ত  সম্পত্তিৰ ক্ষতি হয় বা হেৰাই তেন্তে আপুনি ধন দাবীৰ আবেদন জনাব পাৰে।

সম্পত্তিৰ নিৰাপত্তাৰ বাবে ঋণৰ সুৰক্ষা: যদিহে আপুনি গৃহ, ট্ৰেক্টৰ বা ট্ৰাক আদিৰ দৰে অধিক মূল্যৰ সম্পত্তি কিনিব খুজিছে আৰু ইয়াৰ বাবে কিস্তিত ধন প্ৰদান কৰাৰ পৰিকল্পনা প্ৰদান কৰিছে, এনে ক্ষেত্ৰত ঋণৰ ধন সম্পূৰ্ণৰূপে পৰিশোধ কৰাৰ আগতেই আপোনাৰ কিবা এটা হোৱাৰ সম্ভাৱনা থাকে। এনে ক্ষেত্ৰত যদিহে আপোনাৰ পৰিয়ালে বাকী থকা ঋণৰ ধনখিনি পৰিশোধ কৰিব নোৱাৰে তেন্তে ঋণৰ মূল্য ঘূৰাই পাবলৈ আপোনাৰ সম্পত্তি পুনৰ বিক্ৰী কৰিব লগা হব পাৰে। কিন্তু এনে অৱস্থা হোৱাৰ পৰা আতঁৰি থাকিবলৈ আপুনি ঋণ সুৰক্ষা বীমা ক্ৰয় কৰিব পাৰে। ই আপোনাৰ সম্পত্তি যাৰ বাবে ক্ৰয় কৰিছে তেওঁৰ লগতে থকাটোৰ নিশ্চয়তা প্ৰদান কৰে।

ক্ষুদ্ৰ-বীমা

২০০৫ চনত ভাৰতীয় বীমা নিয়ামক আৰু উন্নয়ন কৰ্তৃত্বই জাৰি কৰা ক্ষুদ্ৰ বীমা বিধি অনুসৰি ‘ক্ষুদ্ৰৰ অৰ্থ হ’ল প্ৰতিটো বীমা আঁচনিত কম পৰিমাণৰ আৰ্থিক লেনদেন কৰা’। এই বীমাত প্ৰিমিয়ামৰ পৰিমাণো কম হয় আৰু কম ধনৰ আৱৰ্তত থাকে। কিন্তু ই গ্ৰাম্যবাসী দৰিদ্ৰ লোকসকলৰ অৰ্থনৈতিক বিকাশত এক গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰে। যিবোৰ বিকাশশীল দেশত দূৰ্বল শ্ৰেণীৰ লোকসকলক প্ৰাকৃতিক দূৰ্যোগ, অসুস্থতা আৰু বেমাৰৰ আশংকা অধিক আৰু য’ত সামাজিক নিৰাপত্তা তিলমানো নাই। সেইসমূহত ক্ষুদ্ৰ বীমাই দেশৰ অৰ্থনীতিত গুৰুত্বপূৰ্ণ ভূমিকা লয়।

উদাহৰণ: ভাৰতীয় জীৱন বীমা নিগমৰ জনশ্ৰী বীমা যোজনা

এই আঁচনিখনৰ উদ্দেশ্য হ’ল গ্ৰাম্য আৰু নগৰ অঞ্চলৰ দাৰিদ্ৰ সীমা ৰেখাৰ তলত থকা আৰু সীমাৰেখাৰ কিঞ্চিত ওপৰত থকা দৰিদ্ৰলোকসকললৈ জীৱন বীমাৰ সুৰক্ষা আগবঢ়োৱা। জনকল্যাণৰ লগত জড়িত ৰাজ্য চৰকাৰৰ বিভাগ, কল্যাণমূলক পুঁজি/সমিতি,গাওঁ পঞ্চায়ত, বেচৰকাৰী সংগঠন, আত্মনিৰ্ভৰ গোট আদিবোৰ এই আঁচনিৰ মূল অভিকৰণ হ’ব পাৰে। ইয়াৰ অৰ্থ হ’ল প্ৰকৃততে যি সকলে এনে আঁচনিৰ যোগে লাভান্বিত হ’ব লাগে সেই সকললৈ এই সুবিধা আগবঢ়োৱাৰ এটা মাধ্যম হ’ব পাৰে।

১৮ বছৰৰ পৰা ৫৯ বছৰৰ ভিতৰত আৰু দাৰিদ্ৰ সীমাৰেখাৰ তলৰ আৰু কিঞ্চিত ওপৰৰ সকলো ব্যক্তিয়ে এই বীমাৰ সুযোগ পাব। উক্ত ব্যক্তিজন অনুমোদিত কোনো জীৱিকা/কৰ্ম গোটৰ সদস্য হ’ব লাগিব। মূখ্য অভিকৰণে এনে কমেও ২৫ জন ব্যক্তিৰ এটা গোট সংগ্ৰহ কৰি এই আঁচনিৰ অধীনলৈ আনিব পাৰিব।

ক্ষুদ্ৰ বিত্তীয় প্ৰতিষ্ঠানৰ দ্বাৰা বীমা

বহুবোৰ ক্ষুদ্ৰ বিত্তীয় প্ৰতিষ্ঠানে নিজা নিজা বিভিন্ন বীমা সামগ্ৰী আগবঢ়ায়। ক্ষুদ্ৰ বিত্তীয় প্ৰতিষ্ঠানসমূহৰ ঋণৰ দৰেই প্ৰতিটো প্ৰতিষ্ঠানৰ বীমাৰ ধৰণ পৃথক হয়। উদাহৰণস্বৰূপে:

এৰিয়া নেটৱৰ্কিং এণ্ড ডেভেলপমেণ্ট ইনিচিয়েটিভে ভাৰতৰ ৰাজ্যিক স্বাস্থ্য সেৱাক লৈ স্বাস্থ্য যত্নৰ জৰুৰীকালীন ঋণ আগবঢ়ায়: গাঁৱৰ আত্মনিৰ্ভৰ গোটসমূহে এটা পুঁজি গঠন কৰে আৰু ইয়াৰ পৰা এই গোটৰ সদস্যসকললৈ স্বাস্থ্য যত্ন সেৱাৰ বাবে জৰুৰীকালীন ঋণ প্ৰদান কৰে। সদস্যসকলে অতি কম বা কোনো সুত প্ৰদান কৰিব নালাগে। কিন্তু চৰ্ত হ’ল যে তেওঁলোকে স্বাস্থ্য সেৱা প্ৰশিক্ষিত ৰাজহুৱা চিকিৎসা কৰ্মী অথবা চিকিৎসকৰ পৰা গ্ৰহণ কৰিব লাগে। যিসকলে দৰিদ্ৰ লোকসকলৰ পৰা কোনো মাচুল নলৈ বা অতি কম পৰিমাণৰ মাচুল লয়। এইবোৰ সাধাৰণতে চৰকাৰী স্বাস্থ্য সেৱাৰ ব্যৱস্থা যিবোৰ সাধাৰণতে গাওঁখনৰ পৰা ৫০-৩০০ কিলোমিটাৰ দূৰত্বৰ ভিতৰত থাকে। এই ঋণে ৰোগী আৰু যত্ন লওঁতাৰ যাতায়তী, খাদ্য, ঔষধ আৰু থকাৰ খৰছত সহায় কৰে।

ক্ষুদ্ৰ বিত্তীয় প্ৰতিষ্ঠানসমূহে আগবঢ়োৱা একক ধৰণৰ বীমা সামগ্ৰীৰ এটা ধাৰণা দিবলৈহে এই উদাহৰণটো দাঙি ধৰা হ’ল। আপুনি আপোনাৰ বাবে উপযুক্ত সামগ্ৰীবিধৰ বিষয়ে জানিবলৈ হ’লে আপোনাৰ অঞ্চলৰ সংগঠনৰ কাষ চাপিব লাগে।

কৃষকসকল, মহিলা, ছাত্ৰ-ছাত্ৰীৰ বাবে বিনিয়োগ

বিত্তীয় সামগ্ৰীত বিনিয়োগ কৰাৰ বিষয়ত আদৰ্শগতভাৱে কোনো সীমা নাথাকে।উত্তম বিনিয়োগ সামগ্ৰী সেই সমূহ যিসমূহে ভাল পৰিমাণৰ ধন ঘূৰাই দিয়াৰ লগতে বিনিয়োগৰ সুৰক্ষা প্ৰদান কৰা আৰু ব্যৱহাৰত সহজ হ’ব লাগে।

তথাপিও আমি অবিত্তীয় সামগ্ৰীসমূহতো বিনিয়োগ কৰিব লগা হয়। যেতিয়া আমি এটা ব্যৱসায় আৰম্ভ কৰিম বা খেতিৰ বতৰত শস্যৰ বাবে কেঁচা সামগ্ৰীত বিনিয়োগ কৰিম-এইবোৰ অবিত্তীয় বিনিয়োগত পৰে। কেতিয়াবা শিক্ষাতো বিনিয়োগ হয়। যদিহে এই শিক্ষা আমি কৰ্মক্ষেত্ৰত কামত লগাব পাৰো তেন্তে ইয়াৰ পৰাও ভাল পৰিমাণৰ ধন ঘূৰাই পোৱা যায়।

বিভিন্ন চৰকাৰী সাহাৰ্য্যপ্ৰাপ্ত প্ৰকল্প, আত্ম নিৰ্ভৰ গোট আৰু ক্ষুদ্ৰ বিত্তীয় প্ৰতিষ্ঠানসমূহে এনেবোৰ বিনিয়োগত আমাক সহায় কৰে। বেংক, আত্মনিৰ্ভৰ গোট আৰু কিছুমান চৰকাৰী সংস্থাইও আমি বৃদ্ধাৱস্থাত পেন্সন পাব পৰা ধৰণৰ বিনিয়োগৰ সুবিধা আগবঢ়ায়।

এইসমূহৰ কৃষক, মহিলা আৰু শিক্ষাৰ্থীৰ বাবে লাভজনক বিশেষ বিনিয়োগৰ আঁচনিও আছে। তলত এনে কিছুমান বিশেষ আঁচনিৰ কথা উল্লেখ কৰা হ’ল-(অৱশ্যে এইসমূহ দেশৰ কোনোবাটো অংশতহে উপলব্ধ হ’ব পাৰে)

বয়োজেষ্ঠ নাগৰিক, বিধবা আৰু অক্ষম লোকসকলৰ বাবে পেন্সন

 

ৰাষ্ট্ৰীয় সামাজিক সাহাৰ্য্য কাৰ্য্যসূচী হ’ল এনে এটা কাৰ্য্যসূচী যাৰ যোগেৰে সামাজিক সাহাৰ্য্যৰ এটা নূন্যতম ৰাষ্ট্ৰীয় মান নিশ্চিতভাৱে প্ৰদান কৰে। ৰাজ্য চৰকাৰে বৰ্তমানে আগবঢ়োৱা বা ভৱিষ্যতে আগবঢ়াবলৈ বিচৰা সা-সুবিধাবোৰৰ উপৰিও এই ব্যৱস্থা বাহাল থাকিব। ৰাষ্ট্ৰীয় সামাজিক সাহাৰ্য্য কাৰ্য্যসূচীৰ অন্তৰ্গত ইন্দিৰা গান্ধী ৰাষ্ট্ৰীয় বৃদ্ধ বয়সৰ পেন্সন আঁচনি, ইন্দিৰা গান্ধী ৰাষ্ট্ৰীয় বিধবা পেন্সন আঁচনি, ইন্দিৰা গান্ধী ৰাষ্ট্ৰীয় অক্ষম লোকৰ পেন্সন আঁচনি, ৰাষ্ট্ৰীয় পৰিয়াল কল্যাণ আঁচনি আৰু অন্নপূৰ্ণা সন্নিৱিষ্ট হৈছে। তলত এই আঁচনিৰ পৰা লাভান্বিত হ’বলৈ প্ৰাৰ্থী থাকিব লগা মূল মাপকাঠিসমূহ উল্লেখ কৰা হ’ল:

ইন্দিৰা গান্ধী ৰাষ্ট্ৰীয় বৃদ্ধ বয়সৰ পেন্সন আঁচনি

এই আঁচনিৰ অধীনত ৬৫ বছৰ আৰু ইয়াতকৈ অধিক বয়সৰ লোকলৈ কেন্দ্ৰীয় সাহাৰ্য্য আগবঢ়োৱা হয়। প্ৰাৰ্থীজনৰ নিজা কোনো উপাৰ্জন বা পৰিয়ালৰ কোনো সদস্যৰ পৰা আৰ্থিক সাহাৰ্য্য বা আন উৎসৰ পৰা কোনো ধৰণৰ অৰ্থ সাহাৰ্য্য নোপোৱা নিঃস্বঃ লোক হ’ব লাগিব। এনে প্ৰাৰ্থীয়ে প্ৰতিমাহে কেন্দ্ৰীয় সাহাৰ্য্য হিচাপে বৃদ্ধ বয়সৰ পেন্সন ৭৫ টকাকৈ লাভ কৰিব।

ইণ্ডিৰা গান্ধী ৰাষ্ট্ৰীয় বিধবা পেন্সন আঁচনি

এই আঁচনিৰ দ্বাৰা ৪০-৫৯ বয়সৰ বিধৱাসকলক সহায় কৰিবলৈ পেন্সন আগবঢ়োৱা হয়। এই আঁচনিৰ দ্বাৰা লাভান্বিত হ’বলৈ বিধবা গৰাকী ভাৰত চৰকাৰে নিৰ্দিষ্ট কৰি দিয়া মাপকাঠি অনুসৰি দাৰিদ্ৰ সীমাৰেখাৰ তলৰ হ’ব লাগিব। এই আঁচনিৰ অধীনত বিধৱাসকলে প্ৰতিমাহে অতি কমেও ৪০০ টকাকৈ পেন্সন পাব। এই ধনৰ পৰিমাণৰ এটা অংশ ৰাজ্য চৰকাৰে আৰু এটা অংশ কেন্দ্ৰীয় চৰকাৰে আগবঢ়াব।

ইণ্ডিৰা গান্ধী ৰাষ্ট্ৰীয় অক্ষমতা পেন্সন আঁচনি

এই আঁচনিখন ১৮-৫৯ বয়সৰ সাংঘাটিকভাৱে বা বহুবোৰ অক্ষমতা থকা ব্যক্তিবিশেষৰ বাবে প্ৰযোজ্য। এই প্ৰাৰ্থীজন ভাৰত চৰকাৰে নিৰ্দিষ্ট কৰি দিয়া মাপকাঠি অনুসৰি দাৰিদ্ৰ সীমাৰেখাৰ তলৰ হ’ব লাগিব। এই আঁচনিৰ অধীনত অক্ষম লোকসকলে প্ৰতিমাহে অতি কমেও ৪০০ টকাকৈ পেন্সন পাব। এই ধনৰ পৰিমাণৰ এটা অংশ ৰাজ্য চৰকাৰে আৰু এটা অংশ কেন্দ্ৰীয় চৰকাৰে আগবঢ়াব।

সাৰাংশ

  • আমাৰ লক্ষ্যসমূহ আৰু আমাৰ সম্পত্তিসমূহৰ সুৰক্ষা প্ৰদানত বীমাই আমাক সহায় কৰে। দূৰ্ঘটনা বা গুৰুতৰ অসুস্থ হৈ চিকিৎসালয়ত ভৰ্ত্তি হ’ব লগা হ’লে বীমাই আমাৰ অৰ্থ ব্যৱস্থাকো সুৰক্ষা দিয়ে।
  • জীৱন বীমা, স্বাস্থ্য আৰু দূৰ্ঘটনা বীমা, শিক্ষাৰ্থীৰ বীমা, শস্য বীমা, সম্পত্তি বীমা আদি বিভিন্ন ধৰণৰ আনুষ্ঠানিক বীমা ৰাজহুৱা আৰু ব্যক্তিগত খণ্ডৰ বীমা কোম্পানীসমূহে আগবঢ়ায়।
  • ক্ষুদ্ৰ বিত্তীয় প্ৰতিষ্ঠানসমূহেও স্থানীয় প্ৰয়োজনীয়তা আৰু অৰ্থনৈতিক অৱস্থাৰ ওপৰত ভিত্তি কৰি নিজাকৈ একক ধৰণৰ বীমা আগবঢ়ায়।

ব্যৱসায়, খেতিৰ বাবে কেঁচা সামগ্ৰী বা শিক্ষা, যিয়ে আমাক কৰ্মক্ষেত্ৰত ভাল পৰিমাণৰ ধন ঘূৰাই দিয়ে তেনে অবিত্তীয় সামগ্ৰী বিনিয়োগ কৰাৰ আশা কৰো। বিভিন্ন চৰকাৰী সাহাৰ্য্যপ্ৰাপ্ত প্ৰকল্প, আত্মনিৰ্ভৰ গোট আৰু ক্ষুদ্ৰ বিত্তীয় প্ৰতিষ্ঠানসমূহে আমাক এনেধৰণৰ বিনিয়োগ কৰাত সহায় আগবঢ়ায়। এইসমূহে আমাৰ ব্যৱসায়ৰ কৌশল আৰু নগদ ধনৰ আৱাগমনৰ পৰিকল্পনা কৰাতো সহায় আগবঢ়ায়।

উৎস: আইএনডিজি দল

শেহতীয়া উন্নীতকৰণ: : 6/21/2020



© C–DAC.All content appearing on the vikaspedia portal is through collaborative effort of vikaspedia and its partners.We encourage you to use and share the content in a respectful and fair manner. Please leave all source links intact and adhere to applicable copyright and intellectual property guidelines and laws.
English to Hindi Transliterate