অসমীয়া   বাংলা   बोड़ो   डोगरी   ગુજરાતી   ಕನ್ನಡ   كأشُر   कोंकणी   संथाली   মনিপুরি   नेपाली   ଓରିୟା   ਪੰਜਾਬੀ   संस्कृत   தமிழ்  తెలుగు   ردو

৭.১ গ্ৰাম্যবাসীসকলৰ বাবে সঞ্চয়, টাৰ্ম ডিপোজিট আৰু ঋণ সামগ্ৰীসমূহ

৭.১ গ্ৰাম্যবাসীসকলৰ বাবে সঞ্চয়, টাৰ্ম ডিপোজিট আৰু ঋণ সামগ্ৰীসমূহ

লক্ষ্য

পাঠ

গ্ৰাম্যবাসী লোকৰ বাবে বিত্তীয় সামগ্ৰীসমূহ

শিক্ষণৰ উদ্দেশ্যে

এই পাঠৰ অন্তত পঢ়ুৱৈয়ে তলত দিয়াসমূহ কৰিবলৈ সক্ষম হ’ব

  • গ্ৰাম্যবাসীসকলৰ বাবে থকা সঞ্চয়, টাৰ্ম ডিপোজিট  আৰু ঋণ সামগ্ৰীসমূহ চিনাক্ত কৰিব পাৰিব আৰু ইয়াৰ ধাৰণাসমূহ বৰ্ণনা কৰিব পাৰিব।
  • মহিলা, কৃষক, শিক্ষাৰ্থী আদি বিশেষ স্তৰৰ লোকৰ বাবে খাপ খোৱা উপযুক্ত সামগ্ৰীটো চিনাক্ত কৰিব পাৰিব।
  • স্বাস্থ্য, কৃষি, জীৱন, সম্পত্তি আদি বিভিন্ন বীমা সামগ্ৰীৰ বিষয়ে ভালদৰে বুজি পাব।
  • কৃষক, শিক্ষাৰ্থী, মহিলা আদিসকলৰ বাবে থকা বিভিন্ন বিনিয়োগ সামগ্ৰীসমূহৰ সম্পৰ্কে বুজি পাব আৰু বৰ্ণনা কৰিব পাৰিব।

পাতনি

এই পৰ্য্যন্ত আমি এটা কথাত সন্মত হ’লো যে, আমি সকলোৱে সঞ্চয় কৰিব লাগে। সঞ্চয় কৰাৰ প্ৰাথমিক কাৰণটোৱেই হ’ল, ভৱিষ্যতে বিভিন্ন কাৰণত আমি ধন প্ৰদান কৰিব লগা হ’ব-কেতিয়াবা আমি অসুস্থতাৰ দৰে জৰুৰীকালীন অৱস্থাৰ মুখামুখী হ’ব পাৰো; কেতিয়াবা আমি ভূমি বা সোণ কিনা বা ব্যৱসায় বিকাশ কৰাৰ ভাল সুযোগো পাব পাৰো আৰু কেতিয়াবা জীৱনৰ এটা অংশ হিচাপে আমাৰ সন্তানৰ শিক্ষা বা বিবাহৰ বাবে বৃহৎ পৰিমাণৰ ধন খৰছ কৰিব লগা হ’ব। এনে বহুবোৰ কাৰণত আমি ঋণ ল’ব লগাও হয়। ইয়াৰ প্ৰধান কাৰণ হ’ল আমাৰ সঞ্চয় নথকা বা আমাৰ সঞ্চয়ৰ পৰিমাণ আমাৰ প্ৰয়োজনীয়তা পূৰাব পৰাকৈ পৰ্য্যাপ্ত নহয়। সেয়েহে আমি সকলোৱে বিভিন্ন ধৰণৰ বিনিয়োগ কৰিব লাগে। আমি এই কথা ভাবিব লাগে যে আমি নাথাকিলেও যাতে আমাৰ পৰিয়াল আৰ্থিকভাৱে সুৰক্ষিত হৈ থাকে। আমি এইটো নিশ্চিত কৰিব লাগে যে যদিহে কিবা কাৰণত আমাৰ সম্পত্তি বা খেতি আদিৰ ক্ষতি হয় তেতিয়া যাতে আমি আৰ্থিকভাৱে ক্ষতিপূৰণ লাভ কৰিব পাৰো। এই ব্যৱস্থাটো বীমাই কৰি দিয়ে।

এতিয়া আমাৰ সঞ্চয়, ধাৰ আৰু বীমাৰ বাবে প্ৰয়োজনীয় ধন পাবলৈ পৰম্পৰাগত আৰ্থিক ব্যৱস্থা যেনে, চিত ফাণ্ড, মহাজন, বন্ধু-বান্ধৱ আৰু সম্পৰ্কীয় লোক আদিৰ ওচৰলৈ যাব পাৰো। নতুবা আমি আনুষ্ঠানিক বিত্তীয় সেৱাসমূহ যেনে, বেংক আৰু ক্ষুদ্ৰ বিত্তীয় প্ৰতিষ্ঠান আদিৰ ওচৰলৈ আমাৰ প্ৰয়োজনীয়তাৰ বাবে কাষ চাপিব পাৰো। আমি আগতেই বহুবোৰ ক্ষেত্ৰত বুজি পাইছো যে আমি আনুষ্ঠানিক বিত্তীয় সেৱাসমূহ ব্যৱহাৰ কৰাই উত্তম। এইবোৰ সুৰক্ষিত, অতি সুবিধাজনক, প্ৰয়োজন অনুসৰি নমনীয় আৰু সামৰ্থ্যযোগ্য।

তথাপিও আমি আনুষ্ঠানিক বিত্তীয় সেৱাসমূহ গ্ৰহণ কৰাৰ আগতে দুবাৰ ভাবি চাওঁ কিয়নো এইবোৰ আমি পূৰ্বে ব্যৱহাৰ কৰি পোৱা নাই। এইসমূহত অধিক জটিলতা থকা বুলি আমি ভয় খাওঁ, এইসমূহে কেনেদৰে কাম কৰে সেই সম্পৰ্কে যদি আমি বুজিবলৈ সক্ষম হওঁ তেন্তে আচৰিত হওঁ, আমি এইবোৰ সুৰক্ষিত বুলি ধৰি ল’লেও কিছুমান কাৰণত আমি আতংকিতও হৈ থাকো কিজানিবা শেষত আমাৰ লোকচানেই হয় আৰু এই সম্পৰ্কীয় বহুবোৰ কথাও আহি পৰে।

এই সকলোবোৰ নোহোৱা কৰিবলৈ আমি বিত্তীয় সাক্ষৰ হ’ব লাগিব। অৰ্থাৎ সমগ্ৰ পদ্ধতিটো আৰু সামগ্ৰীসমূহৰ বিষয়ে ভালদৰে বুজি পাব লাগিব। অতি গুৰুত্বপূৰ্ণ কথা হ’ল যে এই পদ্ধতিবোৰ আমি ঢুকি পোৱাৰ বাহিৰত বুলি আমাৰ মনত দৃঢ়ভাৱে থকা ধাৰণাৰ পৰা আমি প্ৰথমে মুক্ত হ’ব লাগিব। কিয়নো এইসমূহ বিশেষভাৱে আমাৰ বাবেই তৈয়াৰ কৰা হৈছে আৰু সেইবাবেই আমি যাতে এই পদ্ধতিসমূহত অসুবিধা নাপাওঁ তেনে ব্যৱস্থা তেওঁলোকে ৰাখিছে।

এই সূচাংকত গ্ৰামাঞ্চলৰ লোকসমূহৰ বাবে থকা বিভিন্ন সঞ্চয়, ঋণ আৰু বীমা সামগ্ৰীসমূহৰ ওপৰত আলোকপাত কৰা হৈছে। কৃষক, মহিলা, শিক্ষাৰ্থীৰ বিশেষ আৰ্থিক প্ৰয়োজনীয়তাসমূহো আলোকপাত কৰা হৈছে।

গ্ৰাম্যবাসীসকলৰ বাবে সঞ্চয়, টাৰ্ম ডিপোজিটআৰু ঋণ সামগ্ৰীসমূহ

পাতনি

আমাৰ বহুতৰে বাবেই নিয়মীয়াকৈ ধন সঞ্চয় কৰাত অসুবিধা হ’ব পাৰে। কেতিয়াবা আমাৰ কৰ্মসংস্থান এনেকুৱা হয় য’ৰ পৰা আমি নিয়মীয়াকৈ বিশেষ পৰিমাণৰ ধন উপাৰ্জন কৰিব নোৱাৰো। ফলস্বৰূপে আমি যি উপাৰ্জন কৰো সেইখিনি আমাৰ দৈনন্দিন আৰু এবাৰেই হোৱা প্ৰয়োজন পূৰণত খৰছ কৰি পেলাওঁ আৰু বিশ্বাস কৰো যে যিখিনি থাকে সেইখিনিৰ পৰিমাণ সঞ্চয়ৰ বাবে অতি তাকৰ। কিন্তু প্ৰকৃততে এইটো সত্য নহয়। অন্ধ্ৰ প্ৰদেশৰ বিজয়ৱাড়াৰ দুখীয়া অঞ্চলসমূহত জমা সংগ্ৰহকাৰীসকলে বিশেষকৈ মহিলা আদিৰ পৰা প্ৰতিদিনে মাত্ৰ ৫ টকাৰ দৰে ধন সংগ্ৰহ কৰিও সহায় আগবঢ়ায় আহিছে। তেওঁলোকে দিনটোৰ শেষত তেওঁলোকৰ গ্ৰাহকৰ ঘৰলৈ বা কৰ্মস্থানলৈ আহি প্ৰতিদিনে ধন সংগ্ৰহ কৰে। ২২০ দিনৰ পিছত (যদিহে গ্ৰাহকে প্ৰতিদিনেই ধন জমা কৰে) তেওঁলোকে প্ৰায় ১০০০ টকা গ্ৰাহকক ঘূৰাই দিয়ে আৰু বাকী থকা ১০০ টকা তেওঁলোকে সেৱা আগবঢ়োৱাৰ মাচুল হিচাপে ৰাখি থয়।

যিহেতু এনে পদ্ধতিটোৱে আমাক সঞ্চয় কৰাত সহায় আগবঢ়ায় সেইবাবেই আমি সঞ্চয় কৰিব পৰা ধনৰ বাবে সঞ্চয় সেৱা আগবঢ়োৱা মাচুল প্ৰদান কৰো।

এনে ক্ষুদ্ৰ সঞ্চয়ৰ উদাহৰণ আগত ৰাখি মহাত্মা গান্ধী ৰাষ্ট্ৰীয় গ্ৰাম্য নিয়োগ নিশ্চিত আইনৰ অধীনত কৰ্মসংস্থান পোৱা ব্যক্তি বিশেষৰ কথালৈ আহোঁহক। তেওঁ প্ৰতিদিনে ১০০ টকাকৈ কমেও ১০০ দিনৰ বাবে উপাৰ্জন কৰিব। যদিহে তেওঁ কৰ্মসংস্থান পোৱা দিনকেইটাত ৩০ টকাকৈ সঞ্চয় কৰিব পাৰে তেন্তে তেওঁ মুঠ ৩০০০ টকা সঞ্চয় কৰিবলৈ সক্ষম হ’ব। তেওঁৰ যেতিয়া কৰ্মসংস্থান নাথাকে তেতিয়া এই ধনখিনি ব্যৱহাৰ কৰিব পাৰিব বা আনুষ্ঠানিক বিত্তীয় আঁচনিত এই ধনখিনি সঞ্চয় কৰি ইয়াৰ পৰা সুত উপাৰ্জন কৰিব পাৰিব। কেতিয়াবা আমি নিয়মীয়াকৈ কম পৰিমাণৰ ধন সঞ্চয় কৰিব পাৰো৷ কিন্তু এই ধনখিনি থ’বলৈ আমাৰ সুৰক্ষিত স্থান নাথাকে। নিজৰ ঘৰৰ ভিতৰতে গোপন স্থানত, মাটিৰ তলত পুতি থোৱা, বাঁহৰ খুটাৰ ভিতৰত বা মাটিৰ পাত্ৰত বহুতেই ধন সঞ্চয় কৰা দেখা যায়। এনেদৰে সঞ্চয় কৰা ধনসমূহ নষ্ট হোৱা বা চুৰি হোৱা বা চিঙি যোৱা (আৰ্দ্ৰতাৰ বাবে কাগজৰ টকাৰ ক্ষেত্ৰত) আদি হ’ব পাৰে। ইয়াৰ উপৰিও মুদ্ৰাস্ফীতিৰ বাবে আপোনাৰ ধনৰ মূল্য কমি যায়। এই ক্ষেত্ৰত অন্যান্য আশংকাও থাকে। ওচৰ চুবুৰীয়া, সন্তান, মদাহী স্বামী আদি যিসকলে আপোনাৰ সঞ্চয়ৰ কথা জানে সেইসকলে আপুনি কষ্টৰে জমা কৰা ধনসমূহ তেওঁলোকৰ নিজৰ বাবে খৰছ কৰি পেলাব পাৰে।

পৰম্পৰাগত পদ্ধতিত সাধাৰণতে আমি তিনিধৰণে ঋণ লাভ কৰিব পাৰো। প্ৰথমটো হ’ল আমাৰ বৰ্তমানে থকা বা ভৱিষ্যতে হ’ব পৰা (যেনে খেতি ছপোৱাৰ পূৰ্বেই বিক্ৰী)সম্পত্তিৰ বিক্ৰী। দ্বিতীয়তে, আমাৰ নিজৰ বৰ্তমানে থকা বা ভৱিষ্যতে হ’ব পৰা সম্পত্তি বন্ধকত ৰখা। এই পদ্ধতিটো প্ৰথমটোৰ সৈতে একেই কেৱল পিছৰটোত নিৰ্দিষ্ট সময়ৰ ভিতৰত ধন আদায় দি সম্পত্তিটো পুনৰ কিনি লোৱাৰ সুযোগ থাকে। কিন্তু যেতিয়া আমি পুনৰ সম্পত্তিটো ওলোটাই কিনিবলৈ বিচাৰিম তেতিয়া আমি বিক্ৰী কৰা পৰিমাণতকৈ অধিক পৰিমাণৰ ধন ভৰিব লগা হয়। শেষৰ পদ্ধতিটো হ’ল মহাজন বা বন্ধু-বান্ধৱ আৰু সম্পৰ্কীয় লোকৰ পৰা ধন ধাৰে লোৱা। এই ক্ষেত্ৰত প্ৰধান সমস্যাটো হ’ল আমি ধাৰে দিওঁতাক অত্যাধিক পৰিমাণৰ সুত প্ৰদান কৰিব লগা হয়। আনহাতে কিবা কাৰণত সময়মতে ধন ঘূৰাই দিব নোৱাৰিলে বন্ধু-বান্ধৱ আৰু সম্পৰ্কীয় লোকৰ লগত সম্পৰ্ক বেয়া হোৱাৰ আশংকা থাকে।

অনানুষ্ঠানিক ব্যৱস্থাত বীমাৰ সুযোগ অতি কম। সেয়েহে যদিহে পৰিয়ালৰ উপাৰ্জন কৰা ব্যক্তিজনৰ অসময়ত মৃত্যু ঘটে বা ৰোগৰ বাবে অত্যাধিক খৰছ হয় বা গৃহ বা খেতি বা আন সম্পত্তিৰ ক্ষতি হয় তেতিয়া আমি আমাৰ সঞ্চয়সমূহ খৰছ কৰিব লগাত পৰো বা ঋণ ল’ব লগা হয়।

যিহেতু বেংক, ডাকঘৰৰ সঞ্চয় আৰু ক্ষুদ্ৰ বিত্তীয় প্ৰতিষ্ঠানৰ দৰে আনুষ্ঠানিক বিত্তীয় সেৱাসমূহ বিস্তাৰিত হৈ পৰিছে সেয়েহে আমি এনে অসুবিধাজনক, অন্যায্য বা অসুৰক্ষিত ব্যৱস্থাসমূহৰ মুখামুখী হোৱাৰ প্ৰয়োজন নাই।

বেংক, বীমা কোম্পানীসমূহ আৰু গ্ৰাম্য ক্ষুদ্ৰ বিত্তীয় প্ৰতিষ্ঠানসমূহে গ্ৰামাঞ্চলৰ লোকসকলৰ বাবে বিভিন্ন ধৰণৰ সামগ্ৰী আগবঢ়াইছে। এইবোৰত বহলভাৱে সন্নিৱিষ্ট হৈ আছে:

  • বিভিন্ন সময়কাল আৰু বিভিন্ন পৰিমাণৰ ঋণ: কৃষিকাৰ্য্য আৰু তাৰ পিছৰ কাম-কাজ, সম্পত্তি গঢ়া আৰু খৰছ আদি বিভিন্ন ধৰণৰ কামৰ বাবে এনে ঋণ প্ৰদান কৰে।
  • সম্পত্তিৰ বন্ধকী ব্যৱস্থা: ইয়াৰ জৰিয়তে আমাক প্ৰয়োজনীয় সম্পত্তি কম সুতৰ হাৰত ব্যৱহাৰ কৰাৰ সুযোগ প্ৰদান কৰে।
  • বিভিন্ন ধৰণৰ সঞ্চয় সেৱাসমূহ: আমাৰ দৈনন্দিন ঘৰুৱা খা-খৰছৰ পৰা কম পৰিমাণৰ ধন প্ৰতিদিনে সঞ্চয় কৰি দীৰ্ঘদিনৰ বাবে এক বুজন পৰিমাণৰ ধন সঞ্চয় কৰাত সহায়ক হোৱাকৈ এই সঞ্চয়ৰ সেৱাসমূহ আগবঢ়োৱা হৈছে।
  • পেন্সন: বৃদ্ধ অৱস্থাতো যাতে আমি আৰ্থিকভাৱে আৰামদায়ক জীৱন-যাপন কৰিবলৈ সক্ষম হ’ব পাৰো তাৰ বাবে বিভিন্ন ধৰণৰ সামগ্ৰী উপলব্ধ।
  • বীমা: সংকটকালত আমাৰ আশংকা কমাই ৰখাৰ লগতে আমাৰ বিত্তীয় ক্ষমতা উন্নত কৰাত সহায়ক হোৱাকৈ বিভিন্ন ধৰণৰ বিত্তীয় সামগ্ৰী আগবঢ়ায়।
  • ধন প্ৰেৰণ সেৱা: আঁতৰত থকা কোনো এজনলৈ ধন পঠিয়াওঁতে ধনখিনি যাতে হেৰাই নাযায় বা আনে পাব নোৱাৰে তেনে ভয়হীন ধন প্ৰেৰণৰ সুবিধা আগবঢ়ায়।

উপলব্ধ এই সকলো সুবিধাসমূহৰ বিষয়ে আমি জানিবলৈ চেষ্টা কৰিব লাগে আৰু এইসমূহ ব্যৱহাৰৰ ক্ষেত্ৰত দৃঢ় পদক্ষেপ ল’ব লাগিব।

কৃষক, মহিলা, ছাত্ৰ-ছাত্ৰীসকলৰ বাবে সঞ্চয়, টাৰ্ম ডিপোজিট

যেতিয়া আনুষ্ঠানিক সঞ্চয় সামগ্ৰীৰ কথা আহে তেতিয়া আমি সহজ আৰু সুবিধাজনক (সামগ্ৰীবিধ বুজি পোৱাত সহজ হ’ব লাগিব আৰু ব্যৱহাৰতো সহজ হ’ব লাগিব),নিৰাপদ (সামগ্ৰীবিধৰ পৰা যে আমি ভাল পৰিমাণৰ ধন ঘূৰাই পাম সেই সম্পৰ্কে দৃঢ় প্ৰত্যয় হ’ব লাগিব) আৰু আমাৰ বাবে লাভদায়ক (পৰম্পৰাগত সঞ্চয় পদ্ধতিতকৈ ইয়াৰ পৰা আমাৰ অধিক লাভ হ’ব লাগিব) হয় নে নহয় সেইটো বিচাৰ কৰিব লাগে।

ডাকঘৰত সঞ্চয়

ডাকঘৰৰ আঁচনিসমূহক ক্ষুদ্ৰ সঞ্চয় আঁচনি বুলিও কোৱা হয়। এই আঁচনিসমূহৰ যোগেৰে ৰাইজলৈ নিৰাপদ আৰু আকৰ্ষণীয় বিনিয়োগৰ সুযোগ প্ৰদানৰ লগতে ডাক বিভাগৰ বাবে বিত্তীয় সমলৰো ব্যৱস্থা কৰা হয়।

 

ডাকঘৰৰ সঞ্চয় হিচাপ

এই হিচাপ ভাৰতবৰ্ষৰ যিকোনো ডাকঘৰত নূন্যতম ২০ টকাৰে খুলিব পাৰি বাবেই ই অতি জনপ্ৰিয় হৈ পৰিছে। এজন ব্যক্তিয়ে এককভাৱে এই হিচাপত সৰ্বোচ্চ এক লাখ টকালৈকে জমা কৰিব পাৰে (তেওঁৰ নামত যিকোনো ডাকঘৰত থকা সকলোবোৰ হিচাপ যোগ কৰি)আৰু দুজনে পৰিচালনা কৰা হিচাপত সৰ্বোচ্চ ২ লাখ টকা জমা কৰিব পাৰে (আকৌ আগৰ দৰেই প্ৰতিজন ব্যক্তিৰ নামত যিকোনো ডাকঘৰত থকা সকলোবোৰ হিচাপ যোগ কৰি মুঠ ১ লাখকৈ)।

পূৰ্ণাংগপ্ৰাপ্তিৰ সময়: বেংকৰ সঞ্চয় হিচাপৰ দৰেই ইয়াত কোনো পূৰ্ণাংগপ্ৰাপ্তিৰ সময় নাই।

ধন উলিওৱা: যদিহে সাধাৰণ হিচাপ হয় তেন্তে নূন্যতম ৫০ টকা জমা ৰাখি আৰু যদিহে চেকৰ সুবিধা আছে তেন্তে নূন্যতম ৫০০ টকা জমা ৰাখি সমুদায় ধন গ্ৰাহকে উলিয়াব পাৰিব।

সুত প্ৰদান: কেন্দ্ৰীয় চৰকাৰৰ সময়ে সময়ে লোৱা সিদ্ধান্ত অনুসৰি সুত প্ৰদান কৰা হয়। ২০০১ চনৰ মাৰ্চ মাহৰ পৰা বাৰ্ষিক শতকৰা ৩.৫ শতাংশ হাৰত সুত প্ৰদান কৰি থকা হৈছে।

পাচবুক: বেংকৰ জমাৰ নিচিনাকৈয়ে জমাকাৰীক একোখন পাচবুক দিয়া হয় আৰু সকলো জমা আৰু ধন উলিওৱাৰ তথ্য ইয়াত ডাকঘৰৰ মোহৰসহ টুকি থোৱা হয়।

কৰ: আপুনি আপোনাৰ হিচাপৰ পৰা পোৱা সুত কৰমুক্ত হয়।

 

ডাকঘৰৰ সময় জমা হিচাপ

বেংকৰ ফিক্স ডিপোজিটৰ লগত ইয়াক তুলনা কৰিব পৰা যায়। আৰু ডাকঘৰ সঞ্চয় হিচাপৰ দৰে ভাৰতৰ যিকোনো ডাকঘৰত ইয়াত খুলিব পাৰি।

হিচাপৰ ধৰণ: পূৰ্ণতাপ্ৰাপ্তিৰ বিভিন্ন সময়ৰ হিচাপ উপলব্ধ। এবছৰ, দুবছৰ, তিনিবছৰ আৰু ৫ বছৰত পূৰ্ণতাপ্ৰাপ্তিৰ সুবিধা আছে।

জমাৰ পৰিমাণ: নূন্যতম ২০০ টকা জমাৰে খুলিব পৰা যায়। সৰ্বোচ্চৰ সীমা নাই।

পূৰ্ণতাপ্ৰাপ্তিৰ সময়: এবছৰ, দুবছৰ, তিনিবছৰ বা ৫ বছৰৰ অন্তত জমা থকা ধন ঘূৰাই দিয়া হয়। যদি অত্যাৱশ্যকীয় হয় তেন্তে কিছুমান চৰ্তসাপেক্ষে ধন জমা থোৱাৰ ছমাহৰ পিছত উলিয়াব পাৰি।

সুত প্ৰদান: সুত বছৰত প্ৰদান কৰা হয়। যোৱা ২০০৩ চনৰ মাৰ্চ মাহৰ পৰা বৰ্তমানলৈকে প্ৰদান কৰি থকা সুতৰ হাৰ এনেধৰণৰ:

এবছৰ জমা-৬.২৫

দুবছৰ জমা- ৬.৫০

তিনিবছৰ জমা-৭.২৫

পাচবছৰ জমা-৭.৫০

পাচবুক: জমাকাৰীক একোখন পাচবুক দিয়া হয় আৰু সকলো জমা আৰু ধন উলিওৱাৰ তথ্য ইয়াত ডাকঘৰৰ মোহৰসহ টুকি থোৱা হয়।

কৰ: আপুনি আপোনাৰ হিচাপৰ পৰা পোৱা সুত কৰমুক্ত হয়।

 

ডাকঘৰ মাহেকীয়া আয় হিচাপ:

এইটোও বেংকৰ ফিক্স ডিপোজিট হিচাপৰ দৰেই। কেৱল এবাৰহে জমা থব পাৰি।

পূৰ্ণতাপ্ৰাপ্তি: ৬ বছৰ চৰ্তসাপেক্ষে জমা থোৱাৰ এবছৰৰ পিছত ইয়াক বন্ধ কৰিব পাৰি।

জমাৰ সীমা: নূন্যতম জমা এহেজাৰ টকা। একক হিচাপৰ বাবে সৰ্বোচ্চ জমাৰ পৰিমাণ ৩ লাখ আৰু যুটীয়া হিচাপৰ ক্ষেত্ৰত সৰ্বোচ্চ ৬ লাখ টকা। একক হিচাপত সকলো জমা যোগ কৰি ৩ লাখতকৈ অধিক আৰু যুটীয়াভাৱে সকলো হিচাপৰ মুঠ ৬ লাখতকৈ অধিক হ’ব নোৱাৰিব।

সুত: বাৰ্ষিক ৮ শতাংশ সুত হিচাপত প্ৰতিমাহে প্ৰদান কৰা হয়। ইয়াৰ উপৰিও পূৰ্ণতাপ্ৰাপ্তিৰ সময়ত জমা থোৱা ধনৰ পৰিমাণৰ ওপৰত ১০ শতাংশ অতিৰিক্ত লাভ প্ৰদান কৰা হয়।

পাচবুক: জমাকাৰীক একোখন পাচবুক দিয়া হয় আৰু সকলো জমা আৰু ধন উলিওৱাৰ তথ্য ইয়াত ডাকঘৰৰ মোহৰসহ টুকি থোৱা হয়।

কৰ: আপুনি আপোনাৰ হিচাপৰ পৰা পোৱা সুত কৰমুক্ত হয়।

 

নেচনেল চেভিংছ চাৰ্টিফিকেট

নেচনেল চেভিংছ চাৰ্টিফিকেটসমূহ ডাকঘৰসমূহত কিনিবলৈ পোৱা যায়।

পূৰ্ণতাপ্ৰাপ্তি: এই চাৰ্টিফিকেটৰ পূৰ্ণতাপ্ৰাপ্তিৰ সময় ৬ বছৰ।

জমাৰ সীমা: এই চাৰ্টিফিকেটসমূহ ১০০ টকা, ৫০০ টকা, ১০০০ টকা, ৫০০০ টকা আৰু ১০,০০০ টকা মূল্যৰ পোৱা যায়। এই চাৰ্টিফিকেট কিনাৰ কোনো সৰ্বোচ্চ সীমা নাই।

সুত/পূৰ্ণতাৰ মূল্য: ১০০ টকা মূল্যৰ এখন চাৰ্টিফিকেটৰ পূৰ্ণতাপ্ৰাপ্তিৰ সময়ৰ মূল্য হয়গৈ ১৬০.১০ টকা। আন মূল্যৰ চাৰ্টিফিকেটসমূহৰ ক্ষেত্ৰতো সেই অনুপাতত পূৰ্ণতাপ্ৰাপ্তিৰ মূল্য প্ৰদান কৰা হয়। পূৰ্ণতাপ্ৰাপ্তিৰ পিছত এই চাৰ্টিফিকেটখন পঞ্জীয়ন থকা ডাকঘৰ বা আন যিকোনো ডাকঘৰত নগদ ধনলৈ পৰিৱৰ্তন কৰিব পাৰি।

কৰ: জমা কৰা ধন আৰু ইয়াৰ পৰা পোৱা সুতৰ বিপৰীতে প্ৰতিবছৰে আয়কৰ ৰেহাই পোৱা যায়।

 

কিষান বিকাশ পত্ৰ:

কিষান বিকাশ পত্ৰ ডাকঘৰসমূহত কিনিবলৈ পোৱা যায়।

পূৰ্ণতাপ্ৰাপ্তিৰ পৰিমাণ/সময়: ৮ বছৰ ৭ মাহত পূৰ্ণতাপ্ৰাপ্তি হোৱাৰ পিছত জমা থোৱা ধন দুগুণ হয়গৈ।

জমা: কিষান বিকাশ পত্ৰ যোগে আপুনি ১০০ টকা, ৫০০ টকা, ১০০০ টকা, ৫০০০ টকা, ১০০০০ টকা আৰু ৫০০০০ টকা মূল্য বিনিয়োগ কৰিব পাৰে। এই চাৰ্টিফিকেট কিনাৰ কোনো সৰ্বোচ্চ সীমা নাই।

কৰ: এই আঁচনিত কোনো ধৰণৰ আয়কৰ ৰেহাইৰ ব্যৱস্থা নাই।

 

ৰাজহুৱা ভৱিষ্যনিধি আঁচনি

সমগ্ৰ দেশৰ কিছুমান নিৰ্দিষ্ট ডাকঘৰ আৰু কিছুমান ৰাজহুৱা খণ্ডৰ বেংকৰ শাখাত ৰাজহুৱা ভৱিষ্যনিধি আঁচনি খুলিব পৰা যায়।

পূৰ্ণতাপ্ৰাপ্তিৰ সময়কাল: এই হিচাপ ১৫ বছৰৰ পিছত পূৰ্ণতাপ্ৰাপ্তি হয়। ৫ বছৰৰ সময়কাল ধৰি ইয়াক পুনৰ চলাই নিব পাৰি।

জমাৰ সীমা: বাৰ্ষিক নূন্যতম ৫০০ টকা জমা কৰিব লাগে। বাৰ্ষিক সৰ্বোচ্চ জমাৰ সীমা হ’ল ৭০ হাজাৰ টকা। এবছৰত সৰ্বোচ্চ মুঠ ১২ বাৰ জমা কৰিব পৰা যায়।

ধন উলিওৱা: এই হিচাপ খোলাৰ ৫ বছৰৰ পিছৰ পৰা প্ৰতি বছৰে ধন উলিয়াব পাৰি।

সুত প্ৰদান: সময়ে সময়ে কেন্দ্ৰীয় চৰকাৰে জাননী যোগে সুতৰ হাৰ নিৰ্দিষ্ট কৰে। বৰ্তমান বাৰ্ষিক সুতৰ হাৰ হ’ল শতকৰা ৮ শতাংশ।

কৰ: জমা থোৱা ধনৰ ওপৰত আয়কৰ ৰেহাই দিয়া হয় আৰু প্ৰতিবছৰে লাভ কৰা সুতৰ ওপৰত কৰ আৰোপ কৰা নহয়।

 

ক্ষুদ্ৰ অৰ্থসাহাৰ্য্য, আত্মনিৰ্ভৰ গোট আৰু কৃষক সংঘ

১৯৮০ ৰ আৰম্ভণিতে ক্ষুদ্ৰ অৰ্থ সাহাৰ্য্যৰ ধাৰণাটো ভাৰতত আৰম্ভ হৈছিল। সৰু আত্মনিৰ্ভৰ গোট আৰু বেচৰকাৰী সংগঠনসমূহ একেলগ হৈ বেংকৰ সুবিধাসমূহ উপভোগ কৰিব নোৱাৰা লোকসকললৈ ঋণ আৰু সঞ্চয়ৰ সেৱা আগবঢ়াইছিল। তেওঁলোকে এনে কাম-কাজসমূহ যিবোৰ অঞ্চলত বিকাশৰ প্ৰয়োজনীয়তা আছে সেইসমূহত প্ৰথমে আৰম্ভ কৰিছিল আৰু লাভ উপাৰ্জনৰ ধাৰণা প্ৰায় নাছিল। এনে সংগঠনসমূহত কেতিয়াবা কেতিয়াবা বৃহৎ চৰকাৰী সংস্থা যেনে, ভাৰতীয় ক্ষুদ্ৰ উদ্যোগ বিকাশ বেংক আৰু ৰাষ্ট্ৰীয় কৃষি আৰু গ্ৰাম্য উন্নয়ন বেংক আদিয়েও সাহাৰ্য্য আগবঢ়ায়। কেতিয়াবা কেতিয়াবা সমাজৰ নিম্ন শ্ৰেণীৰ লোকসকললৈ পুঁজি উপলব্ধ কৰা বিশেষ আঁচনিলৈ গঠন কৰা বৃহৎ ন্যাসেও অৰ্থ সাহাৰ্য্য আগবঢ়ায়।

আত্মনিৰ্ভৰ গোটসমূহ, পৰস্পৰ সহায়ক হিচাপে গঠিত সমবায় সমিতিসমূহ, কৃষক সংঘ আৰু ক্ষুদ্ৰ বিত্তীয় প্ৰতিষ্ঠানসমূহে সচৰাচৰ নথকা কিছুমান সঞ্চয়ৰ ধাৰণা যেনে, দলগত জমা আৰু অতি কম পৰিমাণৰ ধনেৰেও হিচাপ চলাই যাব পৰা ব্যৱস্থা গঢ়ি তুলিছিল। উদাহৰণস্বৰূপে, তেওঁলোকে মাহেকীয়া বা সাপ্তাহিক দলগত সভাত সঞ্চয়ৰ ব্যৱস্থা কৰিছিল। এনে ক্ষেত্ৰত কোনোবাটো দলৰ সদস্য এজনে সপ্তাহে সপ্তাহে বা মাহে মাহে সঞ্চয় কৰি যাব পাৰিছিল। এই ধনখিনি উক্ত দলৰেই কোনো সদস্যক প্ৰয়োজন সাপেক্ষে ধাৰলৈ দিয়া হৈছিল। কেতিয়াবা কেতিয়াবা বেচৰকাৰী সংগঠন আৰু চৰকাৰী সংগঠনসমূহেও এনে দললৈ অৰিহণা আগবঢ়ায়।

এনে সংগঠনসমূহে ব্যক্তিবিশেষৰ এটা গোটক তেওঁলোকৰ ব্যক্তিগত আৰ্থিক ব্যৱস্থাটো হিচাপ কৰি বিশেষভাৱে প্ৰস্তুত কৰা আৰ্হিত অৰ্থ সাহাৰ্য্য আগবঢ়ায়। কিছুমানে আকৌ সঞ্চয়, ঋণ আৰু বীমাক পৃথক সামগ্ৰী বুলি নলৈ একোজন ব্যক্তিৰ বিত্তীয় সমাধানৰ এটা অংশ বুলি ধৰে।

 

ৰাষ্ট্ৰীয়কৃত বেংক, সমবায় বেংক, আঞ্চলিক গ্ৰামীণ বেংক আৰু স্থানীয় বেংকসমূহ

গ্ৰামাঞ্চলত বিশেষভাৱে কৃষি আৰু আন কাম-কাজসমূহৰ বাবে কিছুমান বেংক গ্ৰামাঞ্চলত স্থাপন কৰা হৈছে। এই বেংকসমূহে ক্ষুদ্ৰ আৰু উপান্ত খেতিয়ক, কৃষি শ্ৰমিক আৰু গ্ৰামীণ শিপিণীলৈ ঋণ আগবঢ়ায়।

তেওঁলোকৰ সঞ্চয় হিচাপ আৰু আন সঞ্চয়ৰ সামগ্ৰীসমূহ তেওঁলোকৰ গ্ৰাহকৰ প্ৰয়োজনীয়তা পূৰণ কৰিব পৰা ধৰণে সজ্জিত। তেওঁলোকে তেওঁলোকৰ গ্ৰাহকলৈ সঞ্চয় হিচাব, “ন’ ফ্ৰীল” হিচাপ আৰু টাৰ্ম ডিপোজিটৰ যোগেৰে নিয়মীয়াকৈ সঞ্চয় কৰাৰ সুযোগ প্ৰদান কৰে।

 

বেংকসমূহে আগবঢ়োৱা ন’ ফ্ৰীল হিচাবসমূহ

আমাৰ দেশৰ প্ৰধান বেংক ভাৰতীয় ৰিজাৰ্ভ বেংকে বেংক সম্প্ৰদায়ক ন’ ফ্ৰীল হিচাব আৰম্ভ কৰিবলৈ আহ্বান জনাইছিল। বৰ্তমানলৈকে যি সকলৰ কাষলৈ বেংকৰ ব্যৱস্থাটো আগবঢ়াব পৰা হোৱা নাই তেওঁলোকৰ বাবে এই একাউন্টৰ আৰ্হি প্ৰস্তুত কৰা হৈছে। প্ৰতিটো বেংকে এনে হিচাবৰ আৰ্হি নিজাকৈ প্ৰস্তুত কৰাৰ অধিকাৰ আছে। তথাপিও সকলো বেংকৰে এই হিচাবৰ প্ৰাথমিক অভিব্যক্তিসমূহ একেই থাকিব লাগিব। যেনে, ন’ ফ্ৰীল হিচাবত এটকাও জমা নাথাকিব পাৰে বা সীমিত লেন-দেন সুযোগৰ লগতে অতি কম জমা থাকিব পাৰে। উদাহৰণস্বৰূপে, ষ্টেট বেংক অফ ইণ্ডিয়াৰ ন’ ফ্ৰীল হিচাপৰ কথা ধৰা হ’ল। ষ্টেট বেংক অফ ইণ্ডিয়াত এটা ন’ ফ্ৰীল হিচাব খুলিবলৈ হ’লে আপোনাৰ বয়স কমেও ১৮ বছৰ হ’ব লাগিব আৰু মাহত মুঠ উপাৰ্জন ৫ হাজাৰ টকা বা তাতোকৈ কম হ’ব লাগিব। প্ৰাৰম্ভিক জমা হিচাপে আপুনি ৫০ টকা দিব লাগিব আৰু যেতিয়া আপুনি এই হিচাপটোত লেন-দেন চলাই থাকিব তেতিয়া কোনো নূন্যতম জমাৰ প্ৰয়োজন নহয়। আপোনাৰ আন জমা হিচাবসহ আপুনি সৰ্বোচ্চ ১০,০০০ টকা এই হিচাবত জমা ৰাখিব পাৰিব। আপুনি বিনামূলীয়াকৈ এখন পাচবুক, এখন এটিএম তথা ডেবিট কাৰ্ডৰ লগতে চেকৰ সুবিধাও লাভ কৰিব।

কৃষক, মহিলা, শিক্ষাৰ্থীসকলৰ বাবে ঋণ সামগ্ৰীসমূহ

প্ৰতিজন ব্যক্তিৰ ঋণৰ প্ৰয়োজনীয়তা পৃথক। চেফচেভ নামৰ এটা ক্ষুদ্ৰ বিত্তীয় সংগঠনে চলোৱা এটা অধ্যয়নত এইটো দেখা গৈছে যে গৃহ সজোৱা, ভূমি ক্ৰয় কৰা আৰু মাটি বন্ধকত লোৱা আদিবোৰ কৰিবৰ বাবে নিজৰ নামতেই হওঁক বা আনৰ লগত যুটীয়াভাৱেই হওঁক মহিলাসকলক দীৰ্ঘম্যাদী ঋণৰ প্ৰয়োজন হয়। তেওঁলোকে গহণা কিনা বা ধন ধাৰে দিয়া বা মহাজানৰ হাতত বন্ধক হিচাপে থকা গহণাসমূহ মোকলাবৰ বাবেও ঋণৰ প্ৰয়োজন হয়। কৃষিকাৰ্য্যৰ লগত জড়িত নথকা আন সৰু সুৰা ব্যৱসায়ত বিনিয়োগ কৰিবলৈকো তেওঁলোকক ঋণৰ প্ৰয়োজন হয়। একেদৰেই অধ্যয়নটোত গম পোৱা গ’ল যে কৃষি শ্ৰমিক আৰু খেতিয়কসকলক আকালৰ সময়ত দৈনন্দিন খৰছৰ বাবে মহাজানৰ ওচৰত হাত পতাৰ পৰা বিৰত থাকিবলৈ ঋণৰ প্ৰয়োজন হয়। উৎপাদনৰ সময়ছোৱাতো খেতিয়কসকলক ঋণৰ প্ৰয়োজন হয়। যদিহে তেওঁলোকে আনুষ্ঠানিক সেৱাৰ পৰা ঋণ লাভ কৰে তেন্তে তেওঁলোকৰ বাবে কম ধনেই সহায়ক হয়। অন্যথা উৎপাদনত বিনিয়োগ কৰিবলৈ তেওঁলোকে মহাজানৰ পৰা ধন ধাৰে লৈ উচ্চ হাৰত সুত প্ৰদান কৰিব লগা হয়। কিছুমান বিশেষ প্ৰয়োজন যেনে, সন্তানৰ শিক্ষাৰ বাবে প্ৰদান কৰিব লগা ধনৰ বাবে ঋণ আৰু সমাজত স্থিতি বজাই ৰাখিবলৈ প্ৰয়োজন হোৱা অত্যাৱশ্যকীয় সামাজিক দ্বায়বদ্ধতাসমূহৰ বাবে, সন্তানৰ ভালৰ বাবে আমি বিশেষকৈ কন্যা সন্তানৰ বিয়াৰ পিছত প্ৰয়োজন হোৱা ধনৰ বাবেও ঋণৰ প্ৰয়োজন হয়।

বেংক আৰু ক্ষুদ্ৰ বিত্তীয় প্ৰতিষ্ঠানসমূহে ওপৰত উল্লেখ কৰাবোৰৰ উপৰিও আন বহুবোৰ কামৰ বাবে ঋণ আগবঢ়ায়। বেংকসমূহে কৃষি ঋণ, বন্ধকী ঋণ, বাহনৰ ঋণ, শিক্ষাৰ ঋণ, সোণৰ ঋণ, গৃহ আৰু ভূমি ক্ৰয়ৰ বাবে ঋণ, ব্যক্তিগত ঋণ, ব্যৱসায় বিকাশৰ ঋণ আৰু চৰকাৰী সাহাৰ্য্যৰ ৰেহাই/কম সুতৰ ঋণসমূহ আগবঢ়ায়। বেংকসমূহে গ্ৰামাঞ্চলত স্থানীয় লোকসকলৰ প্ৰয়োজনীয়তা পূৰাব পৰাকৈ কৰ্তৃত্বশীল ব্যৱসায়ীক যোগাযোগকাৰীক নিযুক্ত কৰিছে। আনবোৰৰ লগতে এইসমূহে কৃষি আৰু ব্যক্তিগত ঋণসমূহো আগবঢ়ায়। ক্ষুদ্ৰ বিত্তীয় প্ৰতিষ্ঠানসমূহ, আত্মনিৰ্ভৰশীল গোটসমূহ আৰু ইয়াৰ সংঘসমূহ, কৃষক সংঘসমূহ, সমবায় সমিতিসমূহ, সমবায় বেংকসমূহ, প্ৰাথমিক কৃষি সমবায় সমিতিসমূহ আৰু স্থানীয় অঞ্চলৰ বেংকসমূহেও বিশেষ প্ৰয়োজনীয়তাসমূহ, নিয়োগ সৃষ্টি আৰু ব্যৱসায়ৰ প্ৰয়োজনীয়তাৰ বাবে গ্ৰাম্যবাসী লোকসকললৈ ঋণ আগবঢ়ায়। ইয়াৰে অধিকাংশই চৰকাৰী অৰ্থ সাহাৰ্য্যত বিশেষ ৰেহাই আৰু কম সুতৰ হাৰত ঋণ আগবঢ়ায়।

নিৰ্দিষ্ট কাৰণত প্ৰদান কৰা ঋণৰ উদাহৰণ

  • চৰকাৰৰ পৰা আগবঢ়োৱা গৃহ ঋণ আৰু অৰ্থ সাহাৰ্য্য
১) ইন্দিৰা আৱাস যোজনা

ইন্দিৰা আৱাস যোজনা গ্ৰাম্য উন্নয়ন মন্ত্ৰালয়ৰ এটা মূখ্য কাৰ্য্যসূচী।  ইয়াৰ লক্ষ্য হ’ল গাওঁ অঞ্চলত দাৰিদ্ৰ সীমাৰেখাৰ তলত বসবাস কৰা লোকসকললৈ আৱাস গৃহ সাঁজি দিয়া। এই আঁচনিৰ অধীনত সমতল ভূমিত ৪৫,০০০ টকা আৰু অসুবিধাজনিত অঞ্চলত ৪৮,৫০০ টকাকৈ প্ৰতিটো আৱাস গৃহৰ বাবে আৰ্থিক সাহাৰ্য্য আগবঢ়োৱা হয়। ইয়াৰ উপৰিও ভাৰতীয় ৰিজাৰ্ভ বেংকে প্ৰতিটো আৱাস যোজনাৰ আৱাস গৃহৰ বাবে ৪ শতাংশ সুতৰ হাৰত ২০,০০০ টকাকৈ ঋণ দিবলৈ বেংকসমূহক পৰামৰ্শ দিছে। এই আৱাস গৃহটো মহিলাৰ নামত আৱন্টন দিয়া হয় বা যুটীয়াভাৱে স্বামী আৰু স্ত্ৰীক প্ৰদান কৰা হয়। আৱাস গৃহটো সঁজোৱাৰ সম্পূৰ্ণ দায়িত্ব হিতাধিকাৰীৰ আৰু এনে কাৰ্য্যত ঠিকাদাৰ নিয়োগ কৰাতো নিষেধ। প্ৰতিটো ইন্দিৰা আৱাস যোজনাৰ গৃহৰ সৈতে একোটাকৈ অনাময় শৌচালয় সাজিব লাগে আৰু ইয়াৰ বাবে প্ৰয়োজন হোৱা ধন সম্পূৰ্ণ অনাময় অভিযানৰ পৰা ব্যৱস্থা কৰা হয়। ইয়াত ধোৱাবিহীন চৌকা আদিৰো প্ৰয়োজন হয় আৰু এই ক্ষেত্ৰত প্ৰয়োজনীয় অৰ্থ সাহাৰ্য্য ৰাজীৱ গান্ধী গ্ৰামীণ বৈদ্যুতিকৰণ আঁচনিৰ যোগেৰে ব্যৱ্স্থা কৰা হয়।

    চৰকাৰৰ পৰা আগবঢ়োৱা নিয়োগ সৃষ্টি ঋণ আৰু অৰ্থ সাহাৰ্য্য

১) স্বৰ্ণজয়ন্তী গ্ৰাম স্ব-ৰোজগাৰ য়োজনা আঁচনি

ভাৰতৰ গ্ৰামাঞ্চলত স্বনিয়োজনৰ সুযোগ প্ৰদান কৰি দাৰিদ্ৰতা নিৰ্মূলৰ ই এক সামগ্ৰীক প্ৰয়াস। জিলা গ্ৰাম উন্নয়ন অভিকৰণৰ দ্বাৰা এই আঁচনিখন সমগ্ৰ ভাৰততে কাৰ্য্যকৰী কৰা হৈছে। এই আঁচনিৰ বাবে খৰছ কেন্দ্ৰ আৰু ৰাজ্য চৰকাৰৰ মাজত ৭৫:২৫ হিচাপে বহন কৰিব। এই আঁচনিখনে গ্ৰামীণ দৰিদ্ৰ পৰিয়ালসমূহক দৰিদ্ৰ সীমাৰেখাৰ ওপৰলৈ অহাত সহায় কৰিব। দৰিদ্ৰ লোকসকললৈ আয় সৃষ্টিৰ সম্পত্তি আৰু অৰ্থ সাহাৰ্য্য আৰু বেংকৰ ঋণ আগবঢ়াই এই লক্ষ্যত উপনীত হ’বলৈ চেষ্টা কৰা হৈছে।

সংহত গ্ৰাম্য উন্নয়ন কাৰ্য্যসূচী, স্বনিয়োজনৰ অধীনত গ্ৰাম্য যুৱসকলক প্ৰশিক্ষণ, গ্ৰামাঞ্চলৰ মহিলা আৰু শিশু উন্নয়ন আঁচনি আৰু গ্ৰামীণ শিপীনিৰ বাবে উন্নত আহিলা যোগান আদি পূৰ্বৰ আঁচনিসমূহ লগ লগাই ১৯৯৯-২০০০ বৰ্ষৰ পৰা এই আঁচনিখন আৰম্ভ কৰা হৈছে।

২) প্ৰধান মন্ত্ৰীৰ নিয়োগ সৃষ্টি কাৰ্য্যসূচী

এইটো ভাৰত চৰকাৰৰ এটা ঋণ সংলগ্ন অৰ্থ সাহাৰ্য্যৰ কাৰ্য্যসূচী। পূৰ্বৰ দুখন আঁচনি প্ৰধানমন্ত্ৰীৰ নিয়োগ আচনি আৰু গ্ৰাম্য নিয়োগ সৃষ্টি কাৰ্য্যসূচী একেলগ কৰি এই আঁচনিখন প্ৰস্তুত কৰা হৈছে। এই আঁচনিখনৰ উদ্দেশ্যসমূহ হ’ল:

  • নিয়োগ সৃষ্টিৰ সুযোগসমূহ গ্ৰামাঞ্চলৰ লগতে চহৰ অঞ্চলতো নতুন ক্ষুদ্ৰ উদ্যোগ/প্ৰকল্প আদিৰ দ্বাৰা আগবঢ়োৱা।
  • বিভিন্ন ঠাইত সিঁচৰিত হৈ থকা শিপিনী/গ্ৰাম্য আৰু নগৰ অঞ্চলৰ কৰ্মহীন যুৱসকলক একগোট কৰা আৰু সম্ভৱ ক্ষেত্ৰত নিজা নিজা অঞ্চলতে তেওঁলোকৰ বাবে স্বনিয়োজনৰ সুবিধা প্ৰদান কৰা।
  • গ্ৰাম্য যুৱসকলে যাতে নগৰলৈ কৰ্মসংস্থানৰ বাবে পৰিভ্ৰমণ কৰিব নালাগে আৰু বৃহৎ সংখ্যক পৰম্পৰাগত আৰু সাম্ভব্য শিপিনীক এক স্থায়ী আৰু অবিৰত কৰ্মসংস্থান প্ৰদান কৰা।
  • শিপিনীসকলৰ উপাৰ্জনৰ ক্ষমতা বৃদ্ধি কৰা আৰু গ্ৰাম্য আৰু নগৰ অঞ্চলৰ নিয়োগৰ হাৰ বৃদ্ধি কৰা।

) স্বৰ্ণ জয়ন্তী চহৰী ৰোজগাৰ যোজনা:

সংশোধিত এই আঁচনিত মূলতঃ তিনিটা উদ্দেশ্য আগত ৰখা হৈছে।

  • নগৰৰ কৰ্মহীন আৰু কৰ্মহীন দৰিদ্ৰসকলক ফলপ্ৰসূ নিয়োগৰ সুযোগ প্ৰদান কৰি দৰিদ্ৰতা নিম্নগামী কৰা।
  • নগৰৰ দুখীয়াসকলে কৰ্মসংস্থান পাব পৰাকৈ বা স্ব-নিয়োজিত হ’ব পৰাকৈ দক্ষতা বৃদ্ধি কৰা আৰু প্ৰশিক্ষণৰ সুবিধা প্ৰদান কৰা।
  • স্ব-পৰিচালিত সজ্জা আৰু দক্ষতা বৃদ্ধিৰ কাৰ্য্যসূচীৰে নগৰীয়া দাৰিদ্ৰতাৰ বাবে যুঁজিবলৈ সম্প্ৰদায়ক শক্তিশালী কৰি তোলা।

এই আঁচনিখন স্থানীয় নগৰ সমিতি আৰু ৰাজহুৱা সমিতিৰ দ্বাৰা পৰিচালিত হয়।

    সংখ্যালঘুসকলৰ বাবে থকা আঁচনিসমূহ:


১) ৰাষ্ট্ৰীয় অনুসূচীত জনজাতিৰ বিত্ত আৰু উন্নয়ন নিগম: এই আঁচনিৰ জৰিয়তে নিবনুৱা অনুসূচিত জাতিৰ  লোকলৈ স্ব-নিয়োজন প্ৰকল্প স্থাপন আৰু দক্ষতাৰ প্ৰশিক্ষণৰ বাবে অৰ্থ সাহাৰ্য্য আগবঢ়ায়।

২) ৰাষ্ট্ৰীয় সংখ্যালঘু উন্নয়ন আৰু বিত্ত নিগম: এই নিগমে সংখ্যালঘু বসতি অঞ্চলত কৃষি আৰু সেই সম্পৰ্কীয়, প্ৰযুক্তিগত ব্যৱসায়, ক্ষুদ্ৰ ব্যৱসায়, শিপিনী আৰু পৰম্পৰাগত জীৱিকা আৰু পৰিবহণ সেৱা খণ্ডত বিত্তীয় সাহাৰ্য্য আগবঢ়ায়।

  • কৃষিকাৰ্য্যৰ বাবে ভূমি ক্ৰয়ৰ ঋণ
কৃষিজ উৎপাদন বৃদ্ধি কৰাৰ লক্ষ্য আগত ৰাখি ভাৰত চৰকাৰৰ কৃষি নীতিয়ে কৃষকলৈ ঋণ প্ৰদানৰ ব্যৱস্থা ৰাখিছে। ভাৰত চৰকাৰৰ নিৰ্দেশ অনুসৰি বেংকসমূহে কৃষকলৈ বিকাশৰ বাবে সময় সাপেক্ষ অৰ্থ সাহাৰ্য্য আৰু উৎপাদনৰ বাবে হ্ৰস্বম্যাদী ঋণ প্ৰদান কৰে। যিসকল খেতিয়কে তেওঁলোকৰ উৎপাদন বৃদ্ধিৰ বাবে ভূমি ক্ৰয় কৰিব বিছাৰে বা বৰ্তমানে থকা ক্ষুদ্ৰ আৰু মধ্যমীয়া গোটটো অৰ্থনৈতিকভাৱে চলাই নিবলৈ বিছাৰে তেনে লোককো বেংকসমূহে অৰ্থসাহাৰ্য্য প্ৰদান কৰে।
  • আধি কৰা খেতিয়কলৈ ঋণ

আধিত খেতি কৰা খেতিয়ক আৰু মৌখিকভাৱে অংশিদাৰীত খেতি কৰাসকলক ঋণ প্ৰদান কৰাৰ ক্ষেত্ৰত তেওঁলোকৰ পৰিচয়ৰ প্ৰমাণ আৰু সত্যতাৰ প্ৰমান পত্ৰৰ বাবে স্থানীয় প্ৰশাসন/পঞ্চায়তীৰাজ প্ৰতিষ্ঠানসমূহৰ প্ৰমাণ পত্ৰ গ্ৰহণ কৰিবলৈ ভাৰতীয় ৰিজাৰ্ভ বেংকে সকলো বেংকলৈ পৰামৰ্শ প্ৰদান কৰিছে। আভ্যন্তৰীণ কৰ্ম দলে এনেদৰেও পৰামৰ্শ প্ৰদান কৰিছে যে ওপৰোক্ত প্ৰমাণ পত্ৰৰ অবিহনে এখন আইনগত প্ৰমাণ পত্ৰও গ্ৰহণযোগ্য হ’ব পাৰে য’ত তেওঁলোকৰ পৰিচয় আৰু ঋণৰ স্থিতি আৰু ভূমি ব্যৱহাৰৰ অধিকাৰৰ বৰ্ণনা থাকিব। এইবোৰ স্থানীয়ভাৱে ক্ষেত্ৰ পৰিদৰ্শন কৰি প্ৰমাণিত কৰিব পৰা যাব। এনে খেতিয়কসকলক একোটা আত্মনিৰ্ভৰ গোট গঠন কৰাত উৎসাহিত কৰিবলৈ বেংকসমূহক পৰামৰ্শ প্ৰদান কৰা হৈছে যাতে এটা সামাজিক পুঁজি তৈয়াৰ কৰিব পৰা যায় য’ৰ পৰা তৎক্ষণাত শস্য ঋণৰ ব্যৱস্থা কৰিব পাৰি।

বেংক আৰু আন বিত্তীয় প্ৰতিষ্ঠানসমূহে আধি খেতি কৰা খেতিয়কসকলক ঋণ দিয়াৰ পৰা বিৰত থকাৰ বাবে অন্ধ্ৰপ্ৰদেশ চৰকাৰে নিজাববীয়াকৈ এনে আধি খেতি কৰা যোগ্য খেতিয়কসকলক চিনাক্তকৰণ কৰি তালিকা প্ৰস্তুত কৰিছে আৰু ওচৰৰ বেংকসমূহক এই তালিকাৰ বিষয়ে জানিবলৈ দিছে। এনে ব্যৱস্থাৰে ঋণ পাবৰ যোগ্য প্ৰায় ৫.৫৫ লাখ খেতিয়কলৈ “খেতিয়কৰ অনুজ্ঞাপত্ৰ” প্ৰদান কৰাৰ পৰিকল্পনা লোৱা হৈছে। এনে অনুজ্ঞাপত্ৰ থকা খেতিয়কক ৫০ হাজাৰ টকালৈকে ঋণ প্ৰদানৰ সময়ত বেংকে কোনো জামিন বা নিশ্চয়তা নিবিচাৰে।

এই কাৰ্ডখনত ৫ টা উচ্চ সুৰক্ষামূলক অভিব্যক্তি (এনে ধৰণৰ চিহ্ন যিটোক কেৱল অতি বেগুণীয়া ৰশ্মিতহে দেখা যায়)আছে। এই কাৰ্ডখন এবছৰৰ বাবে বৈধ হ’ব আৰু আধি খেতি কৰা খেতিয়কৰ ভূমিৰ ওপৰত কোনো অধিকাৰ নাথাকিব। এবছৰৰ পিছত তেওঁলোকে কাৰ্ডখন পুনৰ নবীকৰণ কৰিব লাগিব বা নতুন কাৰ্ড এখন ল’ব লাগিব। এই কাৰ্ডখনে আধি খেতি কৰা কৃষকসকলক ঋণ লাভৰ যোগ্য কৰি তোলাৰ লগতে বিভিন্ন অৰ্থ সাহাৰ্য্য আৰু বীমা ক্ষতি পূৰণো লাভ কৰিব যিবোৰ সাধাৰণতে ভূমি স্বত্তাধিকাৰে লাভ কৰে।

ক্ষুদ্ৰ বিত্তীয় প্ৰতিষ্ঠানসমূহৰ নিৰ্দিষ্ট ঋণসমূহ

সমগ্ৰ দেশৰ বিভিন্ন ঠাইত থকা ক্ষুদ্ৰ বিত্তীয় প্ৰতিষ্ঠানসমূহৰ মানদণ্ড সম কৰি তোলা হোৱা নাযায় আৰু আপোনাৰ অঞ্চলত থকা কোনো ক্ষুদ্ৰ বিত্তীয় প্ৰতিষ্ঠানে আপোনাৰ অঞ্চলৰ বাবে এককভাৱে বিভিন্ন কাৰ্য্যৰ বাবে নিজাকৈ ঋণৰ ব্যৱস্থা ৰাখিব পাৰে। তলত ক্ষুদ্ৰ বিত্তীয় প্ৰতিষ্ঠানসমূহে আগবঢ়োৱা ঋণৰ কেইটামান উদাহৰণ দিয়া হ’ল: এইবোৰৰ পৰা এনে প্ৰতিষ্ঠানসমূহে বিশেষ কাৰণত কেনে একক ব্যৱস্থা গ্ৰহণ কৰে তাৰ এটা ধাৰণা কৰিব পাৰিব। তথাপিও আপোনাৰ বাবে এনে সংগঠনসমূহে কেনে ধৰণৰ সামগ্ৰী উপলব্ধ কৰিছে সেইটো আপোনাৰ অঞ্চলত থকা সংগঠনৰ কাষ চাপিলেহে জানিব পাৰিব।

মৎস্য ব্যৱসায়ৰ বাবে বৃহৎ ঋণসমূহ

দক্ষিণ ভাৰতীয় মৎস্যজীৱি সমিতিৰ সংঘই শুকান মাছ প্ৰস্তুত কৰিবৰ বাবে দূৰত্ব অতিক্ৰম কৰি বজাৰলৈ গৈ মাছ কিনিব লগা হোৱা মহিলাৰ গোটসমূহলৈ ঋণ আগবঢ়ায়। তেওঁলোকে এই শুকান মাছসমূহ আকালৰ সময়ত স্থানীয় বজাৰত বিক্ৰী কৰে। ফলস্বৰূপে, এনে উদ্যমীসকলক আৰম্ভণিতে এক বৃহৎ পৰিমাণৰ ধন বিনিয়োগৰ প্ৰয়োজন হয় আৰু বিক্ৰীৰ ধন চাৰিমাহৰ পিছতহে উভতাই পায়।

এই সংঘই একোটা ঋণত ১০,০০০-২০,০০০ টকা আগবঢ়ায়। মহিলাৰ দলটোৱে প্ৰতিমাহে এই ধনৰ বিপৰীতে সুত প্ৰদান কৰি থাকিব লাগিব। কিন্তু মূলধনখিনি তেওঁলোকৰ শুকান মাছ সম্পূৰ্ণৰূপে বিক্ৰী হৈ যোৱাৰ পিছত অৰ্থাৎ ৫ মাহৰ পিছত ঘূৰাই দিলেও হ’ব।

বয়সন্ধিৰ ছোৱালীৰ বাবে ঋণ আৰু যৌতুক প্ৰথাৰ পৰিৱৰ্তন

কিছুমান সংগঠন ঘৰুৱা উদ্যমীৰ ঋণ আৰু সঞ্চয়ত জড়িত হৈ থাকে আৰু এওঁলোকে বয়সন্ধিৰ ছোৱালীৰ বাবে ঋণ সামগ্ৰী আগবঢ়ায়। ছোৱালীৰ বাবে উৎপাদনশীল সম্পত্তি কিনাত সহায় কৰি তেওঁলোকক উপাৰ্জনৰ সুযোগ প্ৰদান কৰা, বিবাহৰ সময় পিছুৱাই নিয়া, সম্পত্তিসমূহ বিয়াৰ সময়ত স্বামী গৃহলৈ লৈ যোৱা আদি কাৰ্য্যৰ বাবে ঋণ আগবঢ়োৱা হয়। এনে ধৰণৰ ঋণৰ লক্ষ্য কেৱল গাভৰু এগৰাকীক সৱলীকৰণ কৰাই নহয় ইয়াৰ জৰিয়তে যৌতুকৰ ঘটনাও হ্ৰাস কৰিবলৈ চেষ্টা কৰা হৈছে।

পুৰুষ আৰু মহিলাৰ বাবে খৰছৰ ঋণ

এৰিয়া নেটৱৰ্কিঙ এণ্ড ডেভেলপমেন্ট ইনিচিয়েটিভ নামৰ সঞ্চয় আৰু ঋণ গোটটোৱে পুৰুষ আৰু মহিলাৰ বিভিন্ন খৰছৰ বাবে ঋণ উপলব্ধ কৰিছে। কোনো সম্পত্তি ক্ৰয় কৰা বা অউৎপাদনশীল কামত খৰছ কৰাৰ (কোনো উৎসৱ বা আন উপলক্ষত কৰা খৰছ ইত্যাদিত) বাবে পৰিয়ালটোক ঋণ আগবঢ়ায়। এনে গোটটোৱে পৰিয়ালটোৰ ঋণ পৰিশোধৰ সমৰ্থতাত নিজাকৈ নিশ্চিত হৈ লয়। ইয়াৰ ফলত পৰিয়ালটোৱে মহাজনৰ ওচৰত হাত পাতিব লগা নহয়।

বেংকৰ পৰা আগবঢ়োৱা ঋণসমূহ

সমগ্ৰ ভাৰতবৰ্ষতে বেংকৰ ঋণসমূহ প্ৰায় সম মানদণ্ডৰ। যদিহে এটা বিশেষ বেংকে বিহাৰৰ কোনো এখন গাঁৱত থকা এটা শাখাৰ জৰিয়তে বিশেষ ধৰণৰ ঋণ আগবঢ়াইছে তেনে ক্ষেত্ৰত সাধাৰণতে মহাৰাষ্ট্ৰ বা আন ৰাজ্যত থকা শাখাসমূহেও একে ধৰণৰ সুযোগ আগবঢ়ায়। ভাৰতীয় ৰিজাৰ্ভ বেংকৰ নিৰ্দেশনাৱলী মতে একোজন ব্যক্তিক ২৫,০০০ টকালৈকে ঋণ প্ৰদান কৰোতে কোনো ধৰণৰ মধ্যবৰ্ত্তী ধন বা জামিন বা তৃতীয় পক্ষৰ নিশ্চয়তা বেংকে বিচাৰিব নালাগে। কেৱল ঋণৰ দ্বাৰা গঢ়ি তোলা সম্পত্তিৰ কৰ্তৃত্ব বেংকে ৰাখিব পাৰিব। বেংকে হিতাধিকাৰীৰ ওপৰত দিয়া সুতৰ হাৰ সময়ে সময়ে ভাৰতীয় ৰিজাৰ্ভ বেংক/নাৱাৰ্ডে বিশেষভাৱে নিৰ্দিষ্ট কৰি দিব পাৰে। আঁচনিখনত থকা নগদ ধনৰ আবাগমনৰ ভিত্তিত ঋণ পৰিশোধ কৰাৰ সময়কাল ৩-১০ বছৰৰ ভিতৰত হ’ব পাৰে। ঋণ পৰিশোধৰ বিলম্বিত সময় ৬-১২ মাহ।

আগশাৰীৰ ৰাষ্ট্ৰীয়কৃত বেংকসমূহে আগবঢ়োৱা কিছুমান বিশেষভাৱে সজ্জিত ঋণ (বিশেষকৈ মহিলাৰ বাবে)তলত উল্লেখ কৰা হ’ল।

এই ক্ষেত্ৰতো কেনেধৰণৰ ঋণ আপোনাৰ বাবে উপলব্ধ তাৰ এটা ধাৰণা কৰিবলৈহে এইসমূহ উল্লেখ কৰা হৈছে। উল্লেখ কৰা প্ৰকৃত বিৱৰণ সময়ে সময়ে সলনিও হ’ব পাৰে আৰু ঋণসমূহ বন্ধও হৈ যাব পাৰে আৰু তাৰ ঠাইত নতুন ধৰণৰ ঋণো উপলব্ধ হ’ব পাৰে।

বেংক অফ ইণ্ডিয়া

ঋণৰ নাম: ষ্টাৰ মহিলা গোল্ড

ষ্টাৰ মহিলা গোল্ড ঋণ আঁচনিৰ মূল উদ্দেশ্য হ’ল বিশেষকৈ হলমাৰ্ক থকা সোণৰ অলংকাৰ বিশিষ্ট সোণাৰীৰ পৰা আৰু/বা বেংক অফ ইণ্ডিয়াৰ পৰা সোণৰ টকা কিনিবলৈ এই ঋণ প্ৰদান কৰা হয়। এই আঁচনিৰ মূল লক্ষ্য ১৮-৬০ বছৰ বয়সীয়া ভাৰতীয় মহিলা। তেওঁলোক কৰ্মজীৱি হ’বও পাৰে নহ’বও পাৰে।

চেন্ট্ৰেল বেংক অফ ইণ্ডিয়া

ঋণৰ নাম: চেন্ট কল্যাণী

উদ্যমী মহিলা আৰু মহিলা পেশাদাৰীসকলৰ লাভৰ বাবে এই আঁচনি আৰম্ভ কৰা হৈছে। যিসকল মহিলাই ব্যৱসায় আৰম্ভ কৰিব বিচাৰে বা উদ্যোগত নিজৰ পেশা আগবঢ়াই নিব বিচাৰে, কৃষি আৰু কৃষি সম্পৰ্কীয় কাম-কাজ বা যিকোনো পেশাগত কামৰ বাবে আৰ্থিক সাহাৰ্য্য প্ৰদান কৰা হয়। উদ্যমী মহিলাসকলে নিজৰ পছন্দৰ পেশাত আগবাঢ়ি যাবলৈ বিত্তীয় সাহাৰ্য্য আগবঢ়োৱা হয়।

কৰুৰ ভাস্যা বেংক

ঋণৰ নাম: কেভিবি মহিলা স্বৰ্ণ ঋণ

কৰুৰ ভাস্যা বেংকে ১৮-৫০ বছৰ বয়্সৰ কৰ্মজীৱি মহিলালৈ সোণ, হীৰা আৰু ৰূপৰ অলংকাৰ কিনিবৰ বাবে কিস্তিত ঋণ আগবঢ়ায়। এই মহিলাসকল কেন্দ্ৰীয়, ৰাজ্য চৰকাৰৰ কাৰ্য্যালয়, ৰাজহুৱা খণ্ড, খ্যাতিসম্পন্ন ব্যক্তিগত আৰু ৰাজহুৱা কোম্পানী, শিক্ষক, প্ৰবক্তা, অধ্যাপক আৰু বিদ্যালয়, মহাবিদ্যালয়, বিশ্ববিদ্যালয় আৰু আন খ্যাতিসম্পন্ন প্ৰতিষ্ঠানৰ স্থায়ী চাকৰিয়াল হ’ব লাগিব।

ঋণ লওঁতাৰ স্বামীয়ে এখন নিশ্চয়তাৰ পত্ৰ প্ৰদান কৰিব লাগিব। যদিহে স্বামী নাথাকে তেন্তে পিতৃ বা পৰিয়ালৰ আন উপাৰ্জনকাৰী সদস্য বা তৃতীয় পক্ষৰ নিশ্চয়তাও গ্ৰহণযোগ্য হ’ব পাৰে। যদিহে সম্পূৰ্ণভাৱে সুৰক্ষিত ঋণ হয় তেন্তে নিশ্চয়তাৰ প্ৰয়োজন নহ’বও পাৰে।

ইউকো বেংক

ঋণৰ নাম: নাৰী শক্তি

বেতনপ্ৰাপ্ত মহিলাসকলক বিত্তীয় সাহাৰ্য্য প্ৰদান কৰিবলৈ এই আঁচনি আৰম্ভ কৰা হৈছিল। সুতত ৰেহাই আগবঢ়োৱা হয় আৰু ৩ মহীয়া কিস্তিত  ৫ বছৰৰ ভিতৰতো ঋণ পৰিশোধ কৰাৰ সুবিধা আছে। অন্যান্য চৰ্তসমূহৰ লগতে মহিলাগৰাকী স্থায়ী কৰ্মচাৰী হ’ব লাগিব বা তেওঁৰ চাকৰিকাল ৩ বছৰ সম্পূৰ্ণ হ’ব লাগিব।

ইউনাইটেড বেংক অফ ইণ্ডিয়া

ঋণৰ নাম: ইউনাইটেড নাৰী সন্মান যোজনা

বেতনপ্ৰাপ্ত বা স্বনিয়োজিত/পেশাগত যেনেকুৱা মহিলাই নহওঁক কিয় ইউনাইটেড বেংক অফ ইণ্ডিয়াই তেওঁলোকৰ ব্যক্তিগত আৰ্থিক প্ৰয়োজনীয়তা পূৰণ কৰিব পৰাকৈ বিশেষ ঋণৰ আঁচনি আৰম্ভ কৰিছে। এই আঁচনিৰ যোগেৰে মূলতঃ সোণৰ অলংকাৰ, হীৰা, মূল্যৱান পাথৰ, বিভিন্ন ঘৰুৱা সামগ্ৰী আদি ক্ৰয় কৰাৰ বাবে ঋণ প্ৰদান কৰা হয়। বিয়াৰ খৰছ আৰু দেশৰ ভিতৰত ভ্ৰমণৰ খৰছৰ দৰে ব্যক্তিগত খৰছৰ বাবেও এই ঋণ ব্যৱহাৰ কৰিব পাৰে। এই ঋণৰ বাবে যোগ্য হ’বলৈ মহিলাগৰাকীৰ বয়স ১৮ বছৰ বা ততোধিক হ’ব লাগিব, উক্ত বেংকত সঞ্চয়/কাৰেন্ট ডিপোজিট/টাৰ্ম ডিপোজিট আদিৰ হিচাপ থাকিব লাগিব আৰু কৰ্ম সম্পৰ্কীয় আন প্ৰয়োজনীয় দিশসমূহ বেংকে বিচৰাৰ দৰে মিলিব লাগিব।

বিজয়া বেংক

ঋণৰ নাম: এচিছটেনছ টু ৰুৰেল ওমেন ইন নন-ফাৰ্ম ডেভেলপমেন্ট

এচিছটেনছ টু ৰুৰেল ওমেন ইন নন-ফাৰ্ম ডেভেলপমেন্ট নামৰ এই আঁচনিৰ জৰিয়তে গ্ৰাম্যবাসী মহিলাসকলক অকৃষি খণ্ডত অৰ্থনৈতিক কাম-কাজৰ বাবে দলগতভাৱে সহায় আগবঢ়োৱা ব্যৱস্থা আছে। এই আঁচনিত দুটা উপাদান আছে। এটা হ’ল ঋণ উপাদান (এই ক্ষেত্ৰত কোনো এটা স্বীকৃত আত্মনিৰ্ভৰ গোট বা স্বেচ্ছামূলক দলে মহিলাক সহায় কৰিবলৈ ঋণ ল’ব পাৰে) আৰু দ্বিতীয়টো হ’ল প্ৰবৰ্ধন উপাদান (এই ক্ষেত্ৰত মহিলা উদ্যমী বা পেশাগত মহিলাই নিজাকৈ ঋণ প্ৰদান কৰিব পাৰে)

ঋণৰ নাম: এচিছটেনছ ফৰ মাৰ্কেটিঙ অফ নন ফাৰ্ম প্ৰডাক্টছ অফ ৰুৰেল ওমেন

এই আঁচনিৰ অধীনত ঋণ প্ৰদান কৰাৰ উপৰিও গ্ৰামাঞ্চলৰ মহিলাসকলে প্ৰস্তুত কৰা সামগ্ৰীৰ বজাৰৰ লগত জড়িত পঞ্জীয়ণভূক্ত স্বেচ্ছাসেৱী অভিকৰণ, বেচৰকাৰী সংগঠন আৰু আন প্ৰবৰ্ধক সংগঠনসমূহক বিত্তীয় সাহাৰ্য্য দিয়াৰ ব্যৱস্থা আছে। এই সংগঠনসমূহৰ কমেও তিনিবছৰৰ গ্ৰামাঞ্চলত উৎপাদিত সামগ্ৰীৰ উৎপাদন আৰু বিক্ৰীৰ অভিজ্ঞতা থাকিব লাগিব। লগতে অৰ্থ সাহাৰ্য্য আগবঢ়োৱা বেংক আৰু নাৱাৰ্ডে সময়ে সময়ে আগবঢ়োৱা নীতি নিয়মসমূহ মানি চলিব লাগিব।

খেতিয়কৰ বাবে প্ৰয়োজনীয় ঋণসমূহ

কৃষকসকলৰ বাবে বিশেষভাবে বহুবোৰ ঋণৰ ব্যৱস্থা আছে। ইয়াৰ ভিতৰত অতি জনপ্ৰিয় হ’ল কিষান ক্ৰেডিট কাৰ্ড আৰু খেতিয়কৰ বাবে থকা বিভিন্ন শস্য ঋণ।

কিষান ক্ৰেডিট কাৰ্ড

 

পৰ্য্যাপ্ত আৰু সময়মতে খেতিয়কে যাতে নমনীয় আৰু সহজ প্ৰক্ৰিয়াৰ মাজেৰে ঋণ লাভ কৰে তাৰ বাবে এই কিষান ক্ৰেডিট কাৰ্ডখন এটা উদ্ভাৱনীমূলক ব্যৱস্থা। কৃষি আৰু কৄষি সম্পৰ্কীয় আৰু গ্ৰহণযোগ্য আন প্ৰয়োজনীয়তাৰ বাবে কৃষকে এই বহুমুখী কাৰ্ডৰ যোগেৰে হস্ৰম্যাদী, মধ্যমীয়া আৰু দীৰ্ঘম্যাদী ঋণ লাভ কৰিব পাৰে।

এই আঁচনিৰ অধীনত থকা কৃষকসকলক এখন ক্ৰেডিট কাৰ্ড আৰু এখন পাচবুক প্ৰদান কৰা হয়। পাচবুক খনত তেওঁলোকৰ নাম ঠিকনা, ভূমিৰ বিৱৰণ, ঋণৰ সীমা, ম্যাদ, এখন পাচপোৰ্ট জোখৰ আলোচচিত্ৰ আদি থাকে। এইখনে পৰিচয় পত্ৰ আৰু নিয়মীয়া লেনদেনৰ হিচাপ দুয়োটাই ৰাখে। বাৰ্ষিক পুনৰবিবেচনাৰ ভিত্তিত এই কাৰ্ডখনৰ ম্যাদ ৩-৫ বছৰলৈকে হব পাৰে। জামিন, অৰ্থ সাহাৰ্য্য, সুতৰ হাৰ আদিবোৰ ভাৰতীয় ৰিজাৰ্ভ বেংকৰ নিয়মমতে কৰা হয়।

যেতিয়া এজন কৃষকে তেওঁৰ হিচাপটো পৰিচালনা কৰিব তেতিয়া এই কাৰ্ডখন দেখুৱাব লাগিব যেনে, ধন উলিওৱা বা ঋণ পৰিশোধ কৰা। যদিহে সমবায় বেংক হয় তেন্তে এই কাৰ্ডখন জাৰি কৰা শাখাসমূহৰ যোগেৰে পৰিচালনা কৰিব পাৰিব বা বেংকে নিৰ্দিষ্ট কৰি দিয়া শাখাসমূহৰ যোগেৰে পৰিচালনা কৰিব পাৰিব।

কোনো এজন কৃষকে তেওঁৰ ঋণৰ সীমাৰ ভিতৰত থাকি এই কাৰ্ডৰ যোগেৰে বহুবাৰ ধন উলিয়াবও পাৰে আৰু ঋণ পৰিশোধো কৰিব পাৰে। কোনো এজন কৃষকৰ কিমান ভূমি আছে, খেতি কৰাৰ ধৰণ আৰু তেওঁক কিমান অৰ্থ সাহাৰ্য্যৰ প্ৰয়োজন হয় তাৰ ওপৰত ভিত্তি কৰি কৃষকজনৰ ঋণৰ সীমা নিৰ্দিষ্ট কৰা হয়। মুঠ ঋণৰ সীমাৰ ভিতৰত হস্বম্যাদী, মধ্যমীয়া আৰু সময়সাপেক্ষ ঋণৰ বাবে উপসীমা থাকে। এইবোৰ কাৰ্ড জাৰি কৰা বেংকসমূহে সিদ্ধান্ত লয়।

যদিহে কৃষকজনৰ কাৰ্য্য সম্পাদনৰ ধৰণ ভাল হয় তেন্তে খেতিৰ ধৰণ সলনি কৰিবলৈ আৰু উৎপাদন বৃদ্ধি কৰিবলৈ প্ৰয়োজন সাপেক্ষে ঋণৰ সীমা বঢ়ায় দিয়া হয়।

যদিহে প্ৰাকৃতিক দুৰ্যোগৰ বাবে খেতিৰ ক্ষতি হয় তেন্তে কৃষকক তেওঁলোকৰ ঋণসমূহৰ সূচী সলনি কৰিব পৰাকৈ নমনীয় ব্যৱস্থা থাকে। কিষান ক্ৰেডিট কাৰ্ড আঁচনিৰ অধীনত প্ৰদান কৰা শস্য ঋণসমূহ ৰাষ্ট্ৰীয় কৃষি বীমা আঁচনিৰ আবৰ্তত ৰখা হয়। প্ৰাকৃতিক দুৰ্যোগ, পোক-পতঙ্গৰ আক্ৰমণ আদিৰ পৰা হোৱা শস্যৰ সুৰক্ষা খেতিয়কক প্ৰদান কৰিবলৈ ভাৰত চৰকাৰে শস্য বীমা আঁচনি আৰম্ভ কৰিছে। খেতিয়কসকলক ব্যক্তিগত আৰু দূৰ্ঘটনা বীমাও প্ৰদান কৰা হয়। যিয়ে তেওঁলোকৰ মৃত্যু আৰু স্থায়ী বিকলাংগ হ’লে ক্ষতিপূৰণ প্ৰদান কৰে।

বেংকসমূহেও কিষান ক্ৰেডিট কাৰ্ড জাৰি কৰি লাভান্বিত হয় কাৰণ ই পূৰ্বৰ পৰাই মূল্যায়ন কৰা থাকে আৰু ঋণৰ নথিপত্ৰও সাঁজু থাকে। এই আঁচনিখনৰ যোগেৰে পুঁজিৰ পুনৰ ব্যৱহাৰ আৰু ঋণৰ পৰিশোধ উন্নত মানৰ হোৱা পৰিলক্ষিত হৈছে। ইয়াৰ উপৰিও এই কাৰ্ডৰ ফলত বেংকসমূহৰ লেনদেনৰ খৰছ কম হোৱাৰ লগতে বেংক আৰু গ্ৰাহকৰ সম্পৰ্কও উন্নত হৈছে।

কৃষকসকলৰ বাবে শস্য ঋণ

শস্য ঋণৰ যোগেৰে খেতিয়কক কম সময়ৰ বাবে ধাৰ দিয়া হয় আৰু এনে ঋণ সাধাৰণতে গাঁৱৰ প্ৰাথমিক ঋণ সমবায় সমিতিসমূহ বা ব্যৱসায়িক বেংকৰ পৰা প্ৰদান কৰা হয়। এই ঋণৰ ম্যাদ প্ৰায় এবছৰ। অৱশ্যে কুঁহিয়াৰ খেতিৰ বাবে ইয়াৰ ম্যাদ ১৮ মাহ। শস্যৰ মুঠ মূল্য বা খেতিৰ মুঠ খৰছৰ ওপৰত ভিত্তি কৰি কৃষকলৈ শস্য ঋণ প্ৰদান কৰা হয়। ঋণ লোৱাৰ বিপৰীতে কৃষকে নিজৰ কৃষি ভূমি জামিন হিচাপে দিয়া হয়।

সমবায় প্ৰতিষ্ঠানসমূহৰ যোগেৰে আগবঢ়োৱা শস্য ঋণ তিনিটা সজ্জাত প্ৰদান কৰা হয়। শীৰ্ষ বেংক বা ৰাজ্যিক সমবায় বেংকে এনে ঋণসমূহ জিলা পৰ্য্যায়ৰ কেন্দ্ৰীয় সমবায় বেংকলৈ পঠিয়ায়। জিলা সমবায় বেংকে এই ঋণ গাঁৱৰ সমবায় ঋণ সমিতিসমূহলৈ পঠিয়ায়। যদিহে এজন কৃষকে ব্যৱসায়িক বেংকৰ পৰা এনে ঋণ গ্ৰহণ কৰে তেন্তে তেওঁৰ বাবে ওচৰৰ শাখাত এনে ঋণ উপলব্ধ হ’ব। ফলস্বৰূপে, কৃষকে এনে ঋণসমূহ নিজৰ গাঁৱতে পাব।

যিহেতু শস্য ঋণ এটা খেতিৰ বাবে প্ৰদান কৰা হয় সেয়েহে ইয়াক এটা কিস্তিতে খেতি চপোৱাৰ পিছত পৰিশোধ কৰিব লাগে। শস্য ঋণ কৃষকৰ বাবে এটা বাৰ্ষিক প্ৰয়োজনীয়তা আৰু কৃষকে প্ৰতিবছৰে নতুন খেতিৰ সময়ত নতুনকৈ ঋণ ল’ব লাগে। সেইবাবেই খেতিয়কে নতুন ঋণ লোৱাৰ আগতেই নিৰ্ধাৰিত সময়ৰ ভিতৰত পূৰ্বৰ ঋণৰ ধন সুতসহ পৰিশোধ কৰিব লাগিব। যিহেতু এনে ঋণ প্ৰতিটো খেতিৰ বতৰত/প্ৰতিবছৰে কৃষকক প্ৰয়োজন হয় সেয়েহে ইয়াৰ প্ৰক্ৰিয়া সহজ আৰু সুবিধাজনক কৰি তোলা হৈছে।

 

কৃষকসকলৰ বাবে প্ৰয়োজনীয় দীৰ্ঘম্যাদী ঋণ

কৃষিকাৰ্য্য আৰু পথাৰ ৰক্ষণাবেক্ষণৰ উপৰিও কাম-কাজৰ মাত্ৰা বৃদ্ধি কৰাৰ বাবে কৃষকসকলক অতি দীৰ্ঘম্যাদী ঋণৰ প্ৰয়োজন হয়। কিছুমান বিশেষ ক্ষেত্ৰত এনে ঋণৰ ম্যাদ ৫-২০ বছৰলৈকো হ’ব পাৰে। খেতি পথাৰত নাদ সঁজোৱা, ভূমি সমান কৰা, জেওৰা দিয়া, ভূমিৰ স্থায়ী উন্নতকৰণ, টেইলৰ আদি সংলগ্নসহ ট্ৰেক্টৰৰ দৰে ডাঙৰ যন্ত্ৰ আদি কিনা বিভিন্ন ফল-মূলৰ বাগান স্থাপন কৰা আদিৰ বাবে দীৰ্ঘম্যাদী ঋণৰ প্ৰয়োজন হয়। এনেবোৰ কাম-কাজৰ বাবে অতি বৃহৎ পৰিমাণৰ বিনিয়োগৰ প্ৰয়োজন হয়। কমেও ৪-৫ বছৰৰ আগতে ইয়াৰ পৰা একো ঘূৰাই পোৱা নাযায়। সেয়েহে যদিহে কৃষকে তেওঁলোকৰ কাম-কাজ বৃদ্ধি কৰিব বিচাৰে তেন্তে এনে ঋণৰ প্ৰয়োজনীয়তা আহি পৰে।

 

কৃষিজ উদ্দেশ্যত প্ৰত্যক্ষ অৰ্থ সাহাৰ্য্য

কৃষিজ উদ্দেশ্যত প্ৰত্যক্ষ অগ্ৰীম ধনসমূহ কৃষি কাৰ্য্যৰ বাবে বেংকসমূহে প্ৰত্যক্ষভাৱে খেতিয়কক প্ৰদান কৰে। ইয়াত হ্ৰস্বম্যাদী ঋণো সন্নিৱিষ্ট হয়। যেনে, শস্য ঋণ। ইয়াৰ উপৰিও কৃষকক কৃষিজ সামগ্ৰীৰ ওপৰত কৰ্তৃত্ব প্ৰদানৰ বিপৰীতে ৫ লাখ টকালৈকে ১২ মাহৰ ভিতৰত উভতাই দিয়াকৈ অগ্ৰিম ধন প্ৰদান কৰে। ইয়াৰ চৰ্ত হ’ল, যদিহে কৃষকজনক খেতিৰ বাবে শস্য ঋণ প্ৰদান কৰা হৈছিল আৰু একেটা বেংকৰ পৰাই কৃষকজনে ঋণ লব লাগিব।

প্ৰত্যক্ষ অৰ্থ সাহাৰ্য্যৰ ভিতৰত মধ্যমীয়া আৰু দীৰ্ঘম্যাদী ঋণসমূহ সন্নিৱিষ্ট হয়। যেনে, কৃষিজ সঁজুলি আৰু যন্ত্ৰ ক্ৰয়, জলসিঞ্চনৰ ব্যৱস্থা উন্নত কৰা, ভূমি উন্নতকৰণ, পামত গৃহ আৰু আন্তঃগাঁঠনি নিৰ্মাণ ইত্যাদি। শস্য ৰোপণৰ বাবে ঋণ, মীন, হাঁহ-কুঁকুৰা আদিৰ দৰে সম্পৰ্কীয় কাম-কাজৰ বিকাশ আৰু জৈৱিক গেছ স্থাপন কৰা, ক্ষুদ্ৰ আৰু উপান্ত খেতিয়কক কৃষিৰ বাবে ভূমি ক্ৰয়, আৰু কৃষি চিকিৎসা কেন্দ্ৰ আৰু কৃষি ব্যৱসায় কেন্দ্ৰ স্থাপনৰ বাবেও প্ৰত্যক্ষ অৰ্থ সাহাৰ্য্যৰ অধীনত ঋণ প্ৰদান কৰা হয়।

কৃষিৰ বাবে পৰোক্ষ অৰ্থ সাহাৰ্য্য

 

এই ক্ষেত্ৰত কৃষকক বেংকসমূহে পৰোক্ষভাৱে অৰ্থ সাহাৰ্য্য প্ৰদান কৰে অৰ্থাৎ আন অভিকৰণৰ যোগেৰে অৰ্থ সাহাৰ্য্য আগবঢ়ায়। কৃষিৰ বাবে পৰোক্ষ অৰ্থ সাহাৰ্য্যৰ অন্তৰ্গত কেইটামান গুৰুত্বপূৰ্ণ সামগ্ৰী হ’ল:

১) সাৰ, কীটনাশক, বীজ আদি বিতৰণৰ বাবে অৰ্থ সাহাৰ্য্য।

২) গৰুৰ খাদ্য, হাঁহ-কুঁকুৰাৰ খাদ্য আদি ধৰণৰ সম্পৰ্কীয় কাম-কাজৰ বাবে প্ৰয়োজনীয় হোৱা সৰ্বোচ্চ ২৫ লাখ টকালৈকে ঋণ।

৩) ইতিমধ্যেই ব্যক্তিগত খেতিয়কে পানী তোলা আদিৰ বাবে খৰছ হোৱা বৈদ্যুতিক ধনৰ বাবে বিদ্যুত পৰিষদলৈ ঋণ।

৪) বিশেষ কৃষি প্ৰকল্পৰ অধীনত পদ্ধতি উন্নতকৰণ আঁচনিৰ বাবে ৰাজ্যিক বিদ্যুত পৰিষদলৈ ঋণ।

৫) নাৱাৰ্ডে পৰিচালিত কৰা গ্ৰাম্য আন্তঃগাঁঠনি উন্নয়ন পুঁজি বেংকত জমা ৰখা।

৬) বিশেষভাৱে জলসিঞ্চনৰ বাবে ব্যৱহৃত পাম্পসমূহৰ বাবে গ্ৰাম্য আৰু উপনগৰীয়া অঞ্চলত অৰ্থ সাহাৰ্য্য আগবঢ়োৱা গ্ৰাম্য বৈদ্যুতিকৰণ নিগমে জাৰি কৰা বণ্ডসমূহ ক্ৰয় কৰা।

৭) কৃষি আৰু সম্পৰ্কীয় কাম-কাজৰ উদ্দেশ্যে নাৱাৰ্ডে জাৰি কৰা বণ্ডসমূহ ক্ৰয় কৰা৷

৮) গভীৰ জলসিঞ্চনৰ যন্ত্ৰ/কৃষিজ যন্ত্ৰপাতি আদিৰ বিক্ৰেতালৈ নিম্নলিখিত চৰ্তসাপেক্ষে অৰ্থ সাহাৰ্য্য প্ৰদান।

ক) বিক্ৰেতাজন গাওঁ/উপনগৰীয়া অঞ্চলৰ হ’ব লাগিব।

খ) তেওঁ বিশেষভাৱে এনে ধৰণৰ সামগ্ৰীৰ ব্যৱসায় কৰিব লাগিব বা যদিহে অন্য সামগ্ৰীৰো ব্যৱসায় কৰে তেন্তে এনে সামগ্ৰীবিলাকৰ নথিপত্ৰসমূহ স্পষ্টভাৱে পৃথককৈ ৰাখিব লাগিব।

গ) প্ৰতিজন বিক্ৰেতালৈ ঋণ আগবঢ়োৱাৰ সৰ্বোচ্চ সীমা হ’ল ২০ লাখ।

৯) গাওঁ/উপনগৰীয়া অঞ্চলৰ নিযুক্ত প্ৰতিনিধিক কৃষকলৈ ঋণৰ সুবিধা আগবঢ়োৱাৰ বাবে প্ৰয়োজন হোৱা মূলধনৰ বাবে ঋণ।

১০) কৃষি ক্ষেত্ৰত ঋণ দিবলৈ অবেংকিং বিত্তীয় কোম্পানীসমূহলৈ ঋণ।

 

বেংক অফ ইণ্ডিয়া: কৃষি সাহাৰ্য্য-সাধাৰণ নথি/জমা দিব লগা কাগজসমূহ

হ্ৰস্ব/মধ্যমীয়া/দীৰ্ঘম্যাদত কৃষি সম্পৰ্কীয় বিভিন্ন কাম-কাজৰ বাবে কৃষি অৰ্থ সাহাৰ্য্য আগবঢ়োৱা হয়।

১) জামিনদাৰ আৰু ঋণ লওঁতাৰ আলোক ছবিসহ সম্পূৰ্ণভাৱে পূৰণ কৰা আৱেদন প্ৰ-পত্ৰ।

২) জামিনদাৰ আৰু ঋণ লওঁতাৰ ফটো চিনাক্তকৰণ পত্ৰ যেনে, ভোটদাতাৰ পৰিচয় পত্ৰ/পাৰপত্ৰ/চালকৰ অনুজ্ঞাপত্ৰ/চৰকাৰী বিষয়াই স্বাক্ষৰ কৰা ছবি।

৩) বাসিন্দাৰ প্ৰমাণ-পত্ৰ যেনে, পৰিয়াল পৰিচয় পত্ৰ/বিদ্যুতৰ বিল/টেলিফোনৰ বিল।

৪) ৰাজহ বিষয়াই জাৰি কৰা ভূমি সম্পৰ্কীয় তথ্য যেনে, মাটিৰ পট্টা ইত্যাদি।

৫) যন্ত্ৰ, পশু আদি কিনাৰ বাবে আনুমানিক দাম/যোগানৰ আৱেদন আদি।

৬) প্ৰয়োজন সাপেক্ষে য’ত প্ৰয়োজ্য হয় আৱশ্যকীয় অনুমতি/অনুজ্ঞাপত্ৰ।

৭) ঋণ ল’ব বিচৰা জনে যে আগৰ কোনো ধন কোনো বিত্তীয় প্ৰতিষ্ঠানক দিবলৈ বাকী নাই তাৰ প্ৰমাণ পত্ৰ।

৮) অন্যায়িক আৰু ৰাজহ টিকট।

৯) য’ত প্ৰযোজ্য হয় তেনে ক্ষেত্ৰত সঞ্চয় বেংক একাউন্ট খুলিবলৈ ইতিমধ্যেই সঞ্চয় একাউন্ট থকা ব্যক্তিৰ দ্বাৰা পৰিচয়।

বেংক অফ ইণ্ডিয়া: শস্য ঋণ-হ্ৰস্বকালীন কৃষিজ অগ্ৰীম-সাধাৰণ নথি/জমা দিব লগা কাগজসমূহ

এটা বিশেষ খেতিত বৃদ্ধি পোৱা খৰছসহ বিভিন্ন কৃষি সম্পৰ্কীয় কাম-কাজৰ বাবে প্ৰয়োজন হোৱা অগ্ৰীম ধনৰ ব্যৱস্থা।

১) জামিনদাৰ আৰু ঋণ লওঁতাৰ আলোক ছবিসহ সম্পূৰ্ণভাৱে পূৰণ কৰা আৱেদন প্ৰ-পত্ৰ।

২) জামিনদাৰ আৰু ঋণ লওঁতাৰ ফটো চিনাক্তকৰণ পত্ৰ যেনে, ভোটদাতাৰ পৰিচয় পত্ৰ/পাৰপত্ৰ/চালকৰ অনুজ্ঞাপত্ৰ/চৰকাৰী বিষয়াই স্বাক্ষৰ কৰা ছবি।

৩) বাসিন্দাৰ প্ৰমাণ-পত্ৰ যেনে, পৰিয়াল পৰিচয় পত্ৰ/বিদ্যুতৰ বিল/টেলিফোনৰ বিল।

৪) ৰাজহ বিষয়াই জাৰি কৰা ভূমি সম্পৰ্কীয় তথ্য যেনে, মাটিৰ পট্টা ইত্যাদি।

৫) সামগ্ৰী আদি কিনাৰ বাবে আনুমানিক দাম/যোগানৰ আৱেদন আদি।

৬) ঋণ ল’ব বিচৰা জনে যে আগৰ কোনো ধন কোনো বিত্তীয় প্ৰতিষ্ঠানক দিবলৈ বাকী নাই তাৰ প্ৰমাণ পত্ৰ।

৭) অন্যায়িক আৰু ৰাজহ টিকট।

৮) য’ত প্ৰযোজ্য হয় তেনে ক্ষেত্ৰত সঞ্চয় বেংক একাউন্ট খুলিবলৈ ইতিমধ্যেই সঞ্চয় একাউন্ট থকা ব্যক্তিৰ দ্বাৰা পৰিচয়।

সাৰাংশ

  • আমাৰ সঞ্চয়, ঋণ আৰু বীমাৰ প্ৰয়োজনীয়তা পূৰাবলৈ আমি পৰম্পৰাগত আৰ্থিক ব্যৱস্থা যেনে, চিট ফাণ্ড, মহাজন, বন্ধু-বান্ধৱ আৰু সম্বন্ধীয় লোকৰ ওচৰত হাত পাতিব পাৰো বা আমি আনুষ্ঠানিক বিত্তীয় সেৱা যেনে, বেংক আৰু ক্ষুদ্ৰ বিত্তীয় প্ৰতিষ্ঠানসমূহৰ কাষ চাপিব পাৰো। পিছৰ বিধ যথেষ্ট নিৰাপদ, অতি সুবিধাজনক, যথেষ্ট নমনীয়, বহন কৰিব পৰা।
  • বেংক, বীমা কোম্পানীসমূহ আৰু গ্ৰাম্য ক্ষুদ্ৰ অৰ্থ সাহাৰ্য্যৰ প্ৰতিষ্ঠানসমূহে গ্ৰাম্যবাসী লোকলৈ বিভিন্ন ধৰণৰ সামগ্ৰী আগবঢ়াইছে। এইবোৰত সন্নিৱিষ্ট হৈ থাকে:
    • বিভিন্ন সময়কাল আৰু বিভিন্ন পৰিমাণৰ ঋণ: কৃষিকাৰ্য্য আৰু তাৰ পিছৰ কাম-কাজ, সম্পত্তি গঢ়া আৰু খৰছ আদি বিভিন্ন ধৰণৰ কামৰ বাবে এনে ঋণ প্ৰদান কৰে।
    • সম্পত্তিৰ বন্ধকী ব্যৱস্থা: ইয়াৰ জৰিয়তে আমাক প্ৰয়োজনীয় সম্পত্তি কম সুতৰ হাৰত ব্যৱহাৰ কৰাত সুযোগ প্ৰদান কৰে।
    • বিভিন্ন ধৰণৰ সঞ্চয় সেৱাসমূহ: আমাৰ দৈনন্দিন ঘৰুৱা খা-খৰছৰ পৰা কম পৰিমাণৰ ধন প্ৰতিদিনে সঞ্চয় কৰি দীৰ্ঘদিনৰ বাবে এক বুজন পৰিমাণৰ ধন সঞ্চয় কৰাত সহায়ক হোৱাকৈ এই সঞ্চয়ৰ সেৱাসমূহ আগবঢ়োৱা হৈছে।
    • পেন্সন: বৃদ্ধ অৱস্থাতো যাতে আমি আৰ্থিকভাৱে আৰামদায়ক জীৱন-যাপন কৰিবলৈ সক্ষম হ’ব পাৰো তাৰ বাবে বিভিন্ন ধৰণৰ সামগ্ৰী উপলব্ধ।
    • বীমা: সংকটকালত আমাৰ আশংকা কমাই ৰখাৰ লগতে আমাৰ বিত্তীয় শক্তি উন্নত কৰাত সহায়ক হোৱাকৈ বিভিন্ন ধৰণৰ বিত্তীয় সামগ্ৰী আগবঢ়ায়।
    • ধন প্ৰেৰণ সেৱা: আঁতৰত থকা কোনো এজনলৈ ধন পঠিয়াওঁতে ধনখিনি যাতে হেৰাই নাযায় বা আনে পাব নোৱাৰে তেনে ভয়হীন ধন প্ৰেৰণৰ সুবিধা আগবঢ়ায়।
    • ডাকঘৰৰ সঞ্চয়সমূহ গ্ৰাহকৰ বাবে আকৰ্ষণীয় সঞ্চয় আৰু বিনিয়োগৰ সামগ্ৰী হোৱাৰ লগতে এইবোৰ যথেষ্ট নিৰাপদ। যিহেতু এইসমূহ সকলো ডাকঘৰতে (ৰাজহুৱা ভৱিষ্যনিধিৰ বাহিৰে)সহজলভ্য সেইবাবেই এইসমূহ সকলোৰে বাবে সুবিধাজনক।
    • আঞ্চলিক গ্ৰামীন বেংকসমূহ, স্থানীয় বেংকসমূহ আৰু ক্ষুদ্ৰ বিত্তীয় প্ৰতিষ্ঠানৰ মাধ্যমেৰেও আমি সঞ্চয় কৰিব পাৰো।
    • প্ৰতিজন ব্যক্তিৰ ঋণৰ প্ৰয়োজনীয়তা পৃথক পৃথক হয়। এনে বিশেষ প্ৰয়োজনীয়তাসমূহ ক্ষুদ্ৰ বিত্তীয় প্ৰতিষ্ঠান আৰু স্থানীয় বেংকসমূহে আগবঢ়োৱা ঋণৰ দ্বাৰাও পূৰণ কৰিব পৰা যায়।

 

বিত্তীয় প্ৰতিষ্ঠানসমূহ আৰু সঞ্চয় সামগ্ৰীসমূহ

বিত্তীয় প্ৰতিষ্ঠানসমূহ

সঞ্চয় সামগ্ৰীসমূহৰ ধৰণ

বেংকসমূহ

সঞ্চয় হিচাবসমূহ

ন’ ফ্ৰীল হিচাবসমূহ

টাৰ্ম ডিপোজিট

কৰ্তৃত্বশীল ব্যৱ্সায়িক যোগাযোগকাৰী বা কিয়স্ক বেংকসমূহ

সঞ্চয় হিচাবসমূহ

ক্ষুদ্ৰ বিত্তীয় প্ৰতিষ্ঠানসমূহ

দলীয় সভাত মাহেকীয়া আৰু সাপ্তাহিক সঞ্চয়

আত্মনিৰ্ভৰ গোট আৰু ইয়াৰ সংঘসমূহ

দলীয় সভাত মাহেকীয়া আৰু সাপ্তাহিক সঞ্চয়

কৃষকসকলৰ সংঘসমূহ

কৃষকসকলৰ দলীয় সভাত মাহেকীয়া আৰু সাপ্তাহিক সঞ্চয়

ডাকঘৰসমূহ

টাৰ্ম ডিপোজিট

সাহাৰ্য্যপ্ৰাপ্ত সমবায় সমিতিসমূহ

মাহেকীয়া আৰু সাপ্তাহিক সঞ্চয়সমূহ

সমবায় বেংকসমূহ

সঞ্চয় হিচাবসমূহ

ন’ ফ্ৰীল হিচাবসমূহ

টাৰ্ম ডিপোজিট

স্থানীয় বেংকসমূহ

সঞ্চয় হিচাবসমূহ

ন’ ফ্ৰীল হিচাবসমূহ

টাৰ্ম ডিপোজিট

উৎস: আইএনডিজি দল

শেহতীয়া উন্নীতকৰণ: : 3/27/2020



© C–DAC.All content appearing on the vikaspedia portal is through collaborative effort of vikaspedia and its partners.We encourage you to use and share the content in a respectful and fair manner. Please leave all source links intact and adhere to applicable copyright and intellectual property guidelines and laws.
English to Hindi Transliterate