অসমীয়া   বাংলা   बोड़ो   डोगरी   ગુજરાતી   ಕನ್ನಡ   كأشُر   कोंकणी   संथाली   মনিপুরি   नेपाली   ଓରିୟା   ਪੰਜਾਬੀ   संस्कृत   தமிழ்  తెలుగు   ردو

৭.৩ প্ৰশ্নমালা

৭.৩ প্ৰশ্নমালা

১) সঞ্চয়, ধাৰ আৰু বীমাৰ দৰে প্ৰয়োজনসমূহ পূৰাবলৈ অনানুষ্ঠানিক বিত্তীয় ব্যৱস্থা যেনে, মহাজন আৰু চিত ফাণ্ডতকৈ আনুষ্ঠানিক বিত্তীয় প্ৰতিষ্ঠান যেনে, বেংক আৰু ক্ষুদ্ৰ বিত্তীয় প্ৰতিষ্ঠানসমূহ অধিক নিৰাপদ, সুবিধাজনক আৰু সামৰ্থ্যযোগ্য

ক) সঁচা।

খ) মিছা।

গ) সঠিককৈ ক’ব নোৱাৰো।

২) তলত উল্লেখ কৰা কোনবিধৰ অৰ্থ পৰম্পৰাগতভাৱে কিছু পৰিমাণৰ ধন পোৱাতো নুবুজায়।

ক) ইতিমধ্যেই থকা সম্পত্তি বা হ’ব পৰা সম্পত্তি (যেনে, খেতি চপোৱাৰ আগতীয়া বিক্ৰী) ৰ বিক্ৰী।

খ) বন্ধকত থোৱা সম্পত্তি বা ঘূৰাই পোৱাৰ আশা থকা সম্পত্তি

গ)  বেংকৰ পৰা লোৱা ঋণ

৩) বেংক, বীমা কোম্পানী আৰু গ্ৰাম্য ক্ষুদ্ৰ বিত্তীয় প্ৰতিষ্ঠানসমূহে গ্ৰামাঞ্চলৰ লোকসকলৰ বাবে বিভিন্ন ধৰণৰ সামগ্ৰী আগবঢ়াইছে। এইবোৰৰ ভিতৰত পৰে:

ক) বিভিন্ন সময়কালৰ বাবে বিভিন্ন পৰিমাণৰ ঋণ

খ) বিভিন্ন ধৰণৰ সঞ্চয় সেৱা

গ) ওপৰত উল্লেখিত দুয়োটাই।

৪) ডাকঘৰৰ সঞ্চয় আৰু বিনিয়োগ সামগ্ৰীসমূহ এনেদৰে প্ৰস্তুত কৰা হৈছে যাতে

ক) এটা স্থানৰ পৰা আন স্থানত থকা ব্যক্তিলৈ ধন প্ৰদান কৰিবলৈ

খ) ৰাইজৰ বাবে সুৰক্ষিত আৰু আকৰ্ষণীয় বিনিয়োগৰ সুযোগ আগবঢ়াবলৈ।

গ) ডাকসেৱাৰ কৰ্মচাৰীসকলক সঞ্চয় কৰাত সহায় আগবঢ়াবলৈ

৫) প্ৰতিজন ব্যক্তিৰে ঋণ লোৱাৰ প্ৰয়োজনীয়তা পৃথক। এনে বিশেষ প্ৰয়োজনীয়তাসমূহ পূৰ কৰিব পৰা যায়

ক) ক্ষুদ্ৰ অৰ্থ সাহাৰ্য্যৰ প্ৰতিষ্ঠানসমূহে প্ৰস্তুত কৰা ঋণৰ আঁচনিসমূহৰ জৰিয়তে৷

খ) স্থানীয় বেংকসমূহে আগবঢ়োৱা ঋণৰ আঁচনিসমূহৰ জৰিয়তে

গ) ওপৰত উল্লেখিত দুয়োটাই।

৬) জীৱন বীমাত অন্তৰ্ভূক্ত থাকে:

ক) ব্যক্তিৰ জীৱনৰ সৈতে প্ৰত্যক্ষভাৱে জড়িত আঁচনি৷

খ) ব্যক্তিৰ জীৱনৰ সৈতে জড়িত নথকা আঁচনি৷

গ) কোনো ব্যক্তিৰ সম্পত্তি বা স্বাস্থ্যৰ হানি হোৱাৰ বিপৰীতে সুৰক্ষা প্ৰদান কৰা আঁচনি৷

৭) শস্য বীমাই তলত দিয়া আশংকাসমূহ আবৰ্তত লয়

ক) খেতিত পাৰমাণৱিক আক্ৰমণৰ ফলত হোৱা ক্ষতি৷

খ) খৰাং, বানপানী আৰু আন প্ৰাকৃতিক বিপদসমূহৰ ফলত হোৱা খেতিৰ লোকচান৷

গ) ওপৰত উল্লেখিত দুয়োটাই।

৮) শিক্ষাৰ্থীৰ বীমাই তলত দিয়া আশংকাসমূহ আৰ্তত লয়

ক) পৰীক্ষাত উত্তীৰ্ণ নোহোৱা।

খ) স্নাতক পৰ্যায্য়ৰ শিক্ষা সম্পূৰ্ণ কৰাৰ পিছত চাকৰি নোপোৱা।

গ) বিদেশত পঢ়ি থকা অৱস্থাত হঠাতে হোৱা দূৰ্ঘটনা, ৰুগীয়া হৈ পৰা বা ব্যয় বহনকাৰী হেৰুওঁৱা।

৯) বিনিয়োগ কৰিব পৰা অবিত্তীয় সামগ্ৰীসমূহ হ’ল

ক) ব্যৱসায়ত বিনিয়োগত৷

খ) শিক্ষাত বিনিয়োগ৷

গ) ওপৰত উল্লেখিত দুয়োটাই।

উৎস: আইএনডিজি দল

শেহতীয়া উন্নীতকৰণ: : 6/21/2020



© C–DAC.All content appearing on the vikaspedia portal is through collaborative effort of vikaspedia and its partners.We encourage you to use and share the content in a respectful and fair manner. Please leave all source links intact and adhere to applicable copyright and intellectual property guidelines and laws.
English to Hindi Transliterate