অসমীয়া   বাংলা   बोड़ो   डोगरी   ગુજરાતી   ಕನ್ನಡ   كأشُر   कोंकणी   संथाली   মনিপুরি   नेपाली   ଓରିୟା   ਪੰਜਾਬੀ   संस्कृत   தமிழ்  తెలుగు   ردو

৩.২ কৰ আৰোপ আৰু চৰকাৰৰ লাভসমূহ

পাতনি


গণেশে এটা বেংকত কাম কৰে। তেওঁ তেওঁৰ কৰ্মৰ পটভূমিত আনন্দিত। তেওঁৰ যথেষ্ট সংখ্যক বন্ধু বান্ধবো গঢ় লৈ উঠিছে। জানুৱাৰী মাহ অহাৰ লগে লগে তেওঁৰ কিছুমান বন্ধু বিশেষকৈ তেওঁতকৈ প্ৰবীণ কিছু সংখ্যকৰ মুখত আয়কৰ প্ৰদানৰ কথা শুনিবলৈ পালে। তেওঁলোকে কৰ পৰিকল্পনাৰ কথা আলোচনা কৰিছিল। কিছুমানে কিমান পৰিমাণৰ কৰ ইতিমধ্যে প্ৰদান কৰিলে সেই বিষয়েও কৈছে। আন কিছুমানে আকৌ তেওঁলোকৰ কৰ প্ৰদান কৰিবলৈ আনন্দিত হ’ল কাৰণ তেওঁলোকে আশা কৰিছে যে এই কৰসমূহ ঘূৰাই পাব।

গণেশে পূৰ্বে যিহেতু ক’তো কাম কৰা নাই বা কৰ প্ৰদান কৰা নাই সেয়েহে বিষয়টোত উৎসুক হৈ পৰিল। তেওঁ আচৰিত হ’ল, ময়ো কৰ প্ৰদান কৰিব লাগিব নেকি? যদি প্ৰদান কৰিব লাগে তেন্তে কিমান? আৰু আটাইতকৈ গুৰুত্বপূৰ্ণ কথাটো হ’ল কেনেকৈ প্ৰদান কৰিব লাগিব?

বেংকৰ মানৱ সম্পদ বিভাগৰ কৰ্মচাৰী ৰবি গণেশৰ বন্ধু। গণেশে ইতিমধ্যে বুজি পাইছে যে কৰ্মচাৰীৰ যিকোনো সমস্যা সমাধান কৰা আৰু কৰ্ম সম্পৰ্কীয় বিষয়সমূহত পৰামৰ্শ আগবঢ়োৱাত মানৱ সম্পদ বিভাগৰ মূখ্য ভূমিকা আছে। যিহেতু সেইদিনা আবেলি গণেশৰ বিশেষ কাম নাছিল সেয়েহে সি ৰবিক লগ পাবলৈ গ’ল। ৰবিয়ে তেওঁক এইটো একো ভয় খাব লগা কথা নহয় বুলি ক’লে। “মই নিশ্চয় তোমাৰ সকলো প্ৰশ্নৰ উত্তৰ দিবলৈ চেষ্টা কৰিম কিন্তু মই তোমাক এনে এজন ব্যক্তিৰ কাষলৈ লৈ যাব বিচাৰিছো যিয়ে কথাখিনি ভালদৰে বৰ্ণনা কৰিব পাৰিব”। বেংকৰ আইন আৰু কৰ বিশেষজ্ঞ শ্ৰীচেতীয়াৰ লগত ৰবিয়ে গণেশৰ চিনাকী কৰাই দিলে।

৩.২.১ কৰ আৰোপ


শ্ৰীচেতীয়াই আৰম্ভণিতে বৰ্ণনা কৰিলে যে দেশৰ সকলো লোকক বিভিন্ন বিষয়ত সুবিধা প্ৰদান কৰিবলৈ চৰকাৰে কৰ সংগ্ৰহ কৰাৰ প্ৰয়োজন হয়। উদাহৰণস্বৰূপে, যদিহে চৰকাৰে জোৱানসকলক বেতন প্ৰদান নকৰে তেন্তে কোনে কৰিব। যদিহে চৰকাৰে পথ নিৰ্মাণ নকৰে, চহৰত পথৰ দাঁতিত পোহৰৰ ব্যৱস্থা নকৰে তেন্তে কোনে কৰিব। আৰু কিছুমান বিষয় আছে যিবোৰৰ যোগেৰে দেশৰ দুখীয়া লোকসকলক যত্ন লোৱাটো নিশ্চিত কৰিবলৈ চৰকাৰে যথেষ্ট পৰিমাণৰ ধন খৰছ কৰিব লগা হয়। আৰু যেতিয়া আমি চৰকাৰক কৰ প্ৰদান কৰো, এনেবোৰ কাম কৰাৰ বাবে চৰকাৰলৈ আমি সহায় প্ৰদান কৰা হয়।

চৰকাৰে বিভিন্ন ধৰণৰ কৰ সংগ্ৰহ কৰে। কোম্পানীসমূহে কৰা লাভৰ ওপৰত কৰ আৰোপ কৰা হয়। আমি ব্যৱহাৰ কৰা বহুবোৰ সামগ্ৰীৰ যোগেৰে আমাৰ ওপৰত পৰোক্ষভাৱে কৰ আৰোপ কৰে। উদাহৰণস্বৰূপে, দেশত প্ৰস্তত কৰা সামগ্ৰীসমূহৰ ওপৰত কৰ আৰোপ কৰা হয়, চাবোন আৰু চেম্পুৰ পৰা আৰম্ভ কৰি বাইক আৰু মটৰ গাড়ীলৈকে সকলো সামগ্ৰীতে কৰ আৰোপ কৰা থাকে। ইয়াক শুল্ক বোলা হয়। দেশৰ বাহিৰৰ পৰা কিনা, ভাৰতবৰ্ষত বিক্ৰী কৰা সামগ্ৰীৰ ওপৰতো চৰকাৰে কৰ আৰোপ কৰে। ইয়াক আমদানি শুল্ক বোলা হয়। বিভিন্ন ধৰণৰ হোটেল, বিউটি পাৰ্লাৰ আদি বিভিন্ন সেৱাৰ ওপৰত চৰকাৰে সেৱা কৰ আৰোপ কৰে। চেনী, ঘি, বিভিন্ন বস্ত্ৰৰ পৰা আৰম্ভ কৰি প্লাষ্টিক, ৰাসায়নিক সাৰ, কেৰাচিন ষ্টোভ, লেম্প আদি আমি ব্যৱহাৰ কৰা বিভিন্ন ধৰণৰ সামগ্ৰীৰ বাবেও চৰকাৰে কৰ আৰোপ কৰে। এইবোৰক মূল্য সংযোজিত কৰ বা ভেট বোলা হয়। ব্যক্তিবিশেষৰ ওপৰতো চৰকাৰে প্ৰত্যক্ষভাৱে কৰ আৰোপ কৰে। অতি কম সংখ্যক উৎসৰ পৰা কৰা আয়ৰ ওপৰতহে চৰকাৰে কৰ আৰোপ নকৰে। কৃষিজ আয় আৰু অংশিদাৰী বজাৰৰ পৰা পোৱা ডিভিডেন্ট বা লাভাংশ আৰু মিউচুৱেল ফাণ্ড আদিৰ পৰা কৰা উপাৰ্জনৰ ওপৰত কোনো ধৰণৰ কৰ আৰোপ কৰা নহয়।

এপ্ৰিল মাহৰ পৰা পিছৰ বছৰৰ মাৰ্চ মাহলৈকে কৰা উপাৰ্জনৰ ওপৰত আমি আয়কৰ প্ৰদান কৰিব লাগে। এই সময়ছোৱাক এটা বিত্তীয় বৰ্ষ বোলা হয়। যদিও বিত্তীয় বৰ্ষ প্ৰতি বছৰৰ মাৰ্চ মাহত শেষ হয় তথাপিও চৰকাৰে আমাক কৰ প্ৰদানৰ বাবে (আমি বিভিন্ন উৎসৰ পৰা কিমান আয় কৰিলো সেই কথা এখন প-পত্ৰ পূৰণ কৰি চৰকাৰক জনাব লাগে) জুলাই মাহৰ শেষলৈকে সময় প্ৰদান কৰে।

সমগ্ৰ দেশতে চৰকাৰে বিভিন্ন প্ৰকাৰে ব্যক্তিৰ ওপৰত কৰ আৰোপ কৰিবলৈ চেষ্টা কৰিছে। সমগ্ৰ বিশ্বতে প্ৰগেছিভ টেক্সছেচন নামৰ কৰ আৰোপ কৰা ব্যৱস্থাটো বৰ্তমান অতি জনপ্ৰিয় হৈ পৰিছে। এই ব্যৱস্থাত ধনীলোকে দুখীয়া লোকতকৈ অধিক পৰিমাণৰ কৰ প্ৰদান কৰিব লাগে। উদাহৰণস্বৰূপে, আমাৰ দেশত যিসকলৰ বাৰ্ষিক মুঠ বেতন ১,৮০,০০০ টকাতকৈ কম হয় তেওঁলোকৰ পৰা চৰকাৰে কৰৰ আশা নকৰে। এই নূন্যতম কৰ ৰেহাইৰ সীমা মহিলা আৰু বৃদ্ধ লোকসকলৰ বাবে অধিক হয়। মহিলাসকলে বছৰি ১,৯০,০০০ টকাতকৈ কম আয় কৰিলে কোনো ধৰণৰ আয়কৰ প্ৰদান কৰিব নালাগে। বয়োজেষ্ঠ নাগৰিক (৬০ আৰু ৮০ বছৰৰ ভিতৰত)সকলে বাৰ্ষিক আয় ২,৫০,০০০ টকাৰ অধিক নহ’লে আয়কৰ প্ৰদান কৰিব নালাগে। চৰকাৰে “অতি বয়োজেষ্ঠ নাগৰিক” নামৰ এটা নতুন শ্ৰেণী প্ৰস্তত কৰিছে। ইয়াৰ অন্তৰ্গত ৮০ বছৰ বয়সৰ ওপৰৰ লোকসকলক সন্নিৱিষ্ট কৰা হৈছে। এই শ্ৰেণীৰ লোকসকলে বাৰ্ষিক আয় ৫,০০,০০০ টকা পৰ্য্যন্ত কোনো ধৰণৰ আয়কৰ প্ৰদান কৰিব নালাগে।

এই কৰ নূন্যতম আয়তকৈ সৰ্বাধিক আয় কৰা লোকসকলৰ ওপৰত চৰকাৰে ১০ শতাংশ, ২০ শতাংশ আৰু ৩০ শতাংশ এই তিনিটা পৃথক হাৰত কৰ আৰোপ কৰে।

“মই বুজি নাপালো চাৰ” শ্ৰীচেতিয়াৰ সকলোবোৰ কথা মনোযোগেৰে শুনি থকাৰ মাজতে গণেশে মাত লগালে।

“মোক বুজাই ক’বলৈ দিয়া। যদি এজন মানুহে বছৰত ১,৮০,০০০ টকাতকৈ কম ধন আয় কৰে তেন্তে তেওঁ কৰ প্ৰদান কৰিব নালাগে। যদি তেওঁৰ আয় ১,৮০,০০১ টকা আৰু ৫,০০,০০০ টকাৰ ভিতৰত হয় তেন্তে ১,৮০,০০০ টকাতকৈ যিমান অধিক ধন আয় কৰিছে তাৰ ১০ শতাংশ ধন কৰ হিচাপে প্ৰদান কৰিব লাগিব। যদি ব্যক্তিজনে ২,৮০,০০০ টকা আয় কৰে তেন্তে কিমান টকা কৰ হিচাপে প্ৰদান কৰিব লাগিব?”

“ক্ষমা কৰিব চাৰ, মই আপোনাৰ কথাবোৰ সঁচাকৈয়ে বুজি পোৱা নাই.....” গণেশে বিনম্ৰভাৱে ক’লে।

“অ, তোমাৰ বাবে এতিয়া জটিল যেন লাগিছে। কিন্ত মই যেতিয়া উদাহৰণেৰে সৈতে বুজাই দিম তেতিয়া গোটেই বিষয়টো পৰিস্কাৰ পানীৰ দৰে ফটফটীয়া হৈ পৰিব” সহযোগীতাৰ ভাৱেৰে শ্ৰীচেতীয়াই ক’লে।

৩.২.২ কৰৰ হিচাপ


শ্ৰীচেতীয়াই তেওঁৰ চকীৰ পৰা থিয় তেওঁৰ কোঠাৰ বেৰত ওলমাই থোৱা এখন বগা বৰ্ডৰ কাষলৈ গ’ল। তাত বহুবোৰ কিবা হিচাপ আৰু যোগ বিয়োগ লিখা আছিল। তেওঁ সেইবোৰ মোহাৰি পেলালে। তেওঁ তাত কৰৰ স্তৰসমূহ স্পষ্টকৈ লেখি পেলালে।

 

আয়কৰৰ স্তৰসমূহ ২০১১-২০১২ সাধাৰণ কৰ দাতাৰ বাবে

আয়কৰৰ স্তৰ (টকাত)

কৰ

০ ৰ পৰা ১,৮০,০০০

কৰ নাই

১,৮০,০০১ ৰ পৰা ৫,০০,০০০

১০ শতাংশ

৫,০০,০০১ ৰ পৰা  ৮,০০,০০০

২০ শতাংশ

৮,০০,০০০ তকৈ অধিক

৩০ শতাংশ

 

“এতিয়া, এইবোৰৰ অৰ্থ কি? ইয়াৰ অৰ্থ হ’ল যদি আমাৰ বন্ধু ৰবিয়ে প্ৰতিবছৰে ২,৮০,০০০ টকা উপাৰ্জন কৰে তেন্তে তাৰে ১,৮০,০০০ টকা সম্পূৰ্ণৰূপে কৰমুক্ত, গতিকে বাকী থাকিল কিমান?”

“এক লাখ টকা”- গণেশে উত্তৰ দিলে।

“ঠিক কথা, যিহেতু ৰবিয়ে ১,৮০,০০০ আৰু ৫,০০,০০০ ৰ ভিতৰত আয় কৰে তেওঁ ১ লাখ টকাৰ ১০ শতাংশ কৰ প্ৰদান কৰিব লাগিব।”- গণেশে হিচাপ কৰি ক’লে।

“ঠিকেই কৈছা, তেওঁ ২০১১-২০১২ বৰ্ষৰ বাবে ১০,০০০ টকা আয় কৰ প্ৰদান কৰিব লাগিব। এতিয়া আমি আৰু অধিক জতিলভাৱে হিচাপ কৰো। ধৰাহওঁক, এজন ব্যক্তিয়ে যথেষ্ট পৰিমাণৰ ধন আয় কৰে। ধৰাহওঁক, শ্ৰীচেতীয়াৰ আয় ৯ লাখ টকা। এতিয়া তুমি মোক হিচাপ কৰি ক’ব পাৰিবানে তেওঁ আয়কৰ হিচাপে কিমান ধন প্ৰদান কৰিব লাগিব?”

“মই চেষ্টা কৰি চাওঁ!”-গণেশে কিছু অপ্ৰস্তত হৈ কৈ উঠিল। সি বগা বৰ্ডখনৰ ফালে আগবাঢ়ি গৈ লিখিবলৈ ধৰিলে।

“প্ৰথমতে তেখেতৰ আয়খিনি স্তৰ হিচাপে ভাগ কৰি ল’ব লাগিব।”

শ্ৰীচেতিয়াৰ আয়

কৰৰ হাৰ

প্ৰদান কৰিব লগা ধন

১,৮০,০০০

কৰ শূণ্য

৩,২০,০০০ (১,৮০,০০১ আৰু ৫,০০,০০০ ভিতৰত)

১০ শতাংশ

৩২,০০০

৩,০০,০০০ (৫,০০,০০১ টকা আৰু ৮,০০,০০০ ৰ ভিতৰত)

২০ শতাংশ

৬০,০০০

১,০০,০০০ (৮,০০,০০০ তকৈ অধিক)

৩০ শতাংশ

৩০,০০০

মুঠ

 

১,২২,০০০

“চাৰ, তেওঁ ১,২২,০০০ টকা আয় কৰ হিচাপে প্ৰদান কৰিব লাগিব। শুদ্ধনে?”

“শুদ্ধ! তোমাৰ চিন্তাটো অতি উত্তম। তুমি যি ধৰণে হিচাপটো কৰিলা মই দেখি বৰ সুখী হ’লো। হিচাপটো বৰ পৰিষ্কাৰ হৈ পৰিছে।” – শ্ৰীচেতীয়াই ক’লে।

গণেশক বুজাবলৈকে শ্ৰীচেতীয়াই মহিলা, বয়োজেষ্ঠ নাগৰিক আৰু, অতি বয়োজেষ্ঠ নাগৰিকৰ তিনিখন কৰৰ তালিকা লিখি দিলে-

মহিলাৰ বাবে ২০১১-২০১২ ৰ আয়কৰৰ স্তৰসমূহ

আয়কৰৰ স্তৰ (টকাত)

কৰ

০-১,৯০,০০০

শূণ্য

১,৯০,০০১-৫,০০,০০০

১০ শতাংশ

৫,০০,০০১-৮,০০,০০০

২০ শতাংশ

৮,০০,০০০ তকৈ অধিক

৩০ শতাংশ

Income tax slabs 2011-2012 for Senior citizen (between age 60 and 80 years)

বয়োজেষ্ঠ নাগৰিক (৬০ ৰ পৰা ৮০ বছৰ বয়সৰ ভিতৰৰ)ৰ বাবে ২০১১-২০১২ ৰ আয়কৰৰ স্তৰসমূহ

আয়কৰৰ স্তৰ (টকাত)

কৰ

০-২,৫০,০০০

শূণ্য

২,৫০,০০১-৫,০০,০০০

১০ শতাংশ

৫,০০,০০১-৮,০০,০০০

২০ শতাংশ

৮,০০,০০০ তকৈ অধিক

৩০ শতাংশ

অতি বয়োজেষ্ঠ নাগৰিক(৮০ বছৰৰ অধিক)ৰ বাবে ২০১১-২০১২ ৰ আয়কৰৰ স্তৰসমূহ

আয়কৰৰ স্তৰ (টকাত)

কৰ

০-৫,০০,০০০

০ শতাংশ

৫,০০,০০১-৮,০০,০০০

২০ শতাংশ

৮,০০,০০০ তকৈ অধিক

৩০ শতাংশ

“গণেশ এতিয়া তুমি নিজৰ আসনলৈ ঘূৰি যোৱা আৰু মোক বহলাই কোৱা তুমি কিয় আয়কৰৰ বিষয়ে জানিবলৈ বিছাৰিছিলা? তুমি কিমান কৰ পৰিশোধ কৰিব লাগিব সেই বিষয়ে জানিবলৈ বিচৰা নেকি?”

“হয় চাৰ, সেই কথা জানিবৰ বাবেই মই ইয়ালৈ আহিছো। পিছে এতিয়া মই মোৰ উত্তৰ পালো। মই এই বৰ্ষত কোনো ধৰণৰ কৰ প্ৰদান কৰিব নালাগে। কিন্তু মই আশা কৰো ভৱিষ্যতে কেতিয়াবা নিশ্চয় মই কৰ প্ৰদান কৰিব লগা হ’বগৈ। চৰকাৰে কৰি থকা ভাল কামবোৰৰ বাবে মই কিবা অৰিহণা যোগাবলৈ পাৰিলে নিজে গৰ্বিত হ’ম।”

“এইটো ভাল ইচ্ছা ডেকা ল’ৰা। ৰবি তুমিও কৰ প্ৰদান কৰা ধাৰণাটো ভাল পোৱানে?”-শ্ৰীচেতীয়াই সুধিলে। “মই প্ৰকৃততে ভাল পোৱা নাই চাৰ।” অকমান অপ্ৰস্তত হৈ ৰবিয়ে কৈ উঠিল। “যদি মই কৰ প্ৰদান কৰিব লাগে তেন্তে নিশ্চয় কৰিম। কিন্তু আইনগতভাৱে মই যদি মোৰ কৰ প্ৰদান কৰিব লগা পৰিমাণ হ্ৰাস কৰিব পাৰো, তেন্তে অধিক আনন্দিত হ’ম।”

“নিশ্চয়, চৰকাৰে কৰ দাতাসকললৈ আগবঢ়োৱা সকলোবোৰ মূল কৰ ৰেহাই ব্যৱস্থাৰ বিষয়ে পুংখানুপুংখভাৱে কম।”

 

৩.২.৩ চৰকাৰৰ লাভসমূহ

চৰকাৰে যে কৰদাতাসকললৈ কিছু ৰেহাই আগবঢ়াইছে সেই কথা শ্ৰীচেতীয়াই বৰ্ণনা কৰিবলৈ ধৰিলে। আয়কৰ আইনৰ ৮০চি ধাৰাৰ অন্তৰ্গত আপুনি যদি বিশেষ কিছুমান সঞ্চয় সামগ্ৰীত বিনিয়োগ কৰে, বীমা ক্ৰয় কৰে, বা গৃহ ক্ৰয়ত খৰছ কৰে আৰু আন কাৰ্য্যত (সম্পূৰ্ণ তালিকা পিছলৈ দিয়া হৈছে) খৰছ কৰে তেন্তে সেই সম্পূৰ্ণ পৰিমাণৰ ধন কৰযোগ্য আয়ৰ পৰা বিয়োগ হৈ যায়। তথাপিও বাৰ্ষিক কৰদেয় মুঠ ধনৰ পৰা সৰ্বোচ্চ এক লাখ টকাৰহে এনে ৰেহাই পোৱা যায়। ৮০ চি ৰ অধীনত কৰ মুক্ত যিকোনো বিনিয়োগ আৰু খা-খৰছ এক লাখৰ অধিক হ’লে আন কামত আপোনাৰ সুবিধা হ’লেও আয়কৰ প্ৰদান কৰিবই লাগিব।

কৰবিহীন (কৰ প্ৰদান কৰা ধনৰ পৰা বিয়োগ কৰা)ৰ ব্যৱস্থা সকলো স্তৰৰ কৰ দাতাৰ বাবে উপলব্ধ। ধৰাহ’ল, তুমি প্ৰতিবছৰে ৫ লাখ টকা আয় কৰা। তুমি কৰ প্ৰদান কৰিব লগা ধনৰ পৰিমাণ হ’ব ৫ লাখ বিয়োগ ১,৮০,০০০ (যদিহে তুমি পুৰুষ)। অৰ্থাৎ ৩,২০,০০০ টকাৰ ওপৰত কৰ প্ৰদান কৰিব লাগিব। যদি তুমি ১০ শতাংশৰ স্তৰত পৰা তেন্তে তুমি ৩২,০০০ টকা কৰ প্ৰদান কৰিব লাগিব। ধৰা, ৮০ চিৰ অধীনত তুমি ১ লাখ টকা বিনিয়োগ কৰিছা তেন্তে তুমি ৫ লাখ বিয়োগ ১,৮০,০০০(যদি তুমি পুৰুষ) বিয়োগ-১ লাখ। অৰ্থাৎ ২,২০,০০০ টকাৰ ওপৰত ১০ শতাংশ কৰ বা ২২,০০০ টকা কৰ প্ৰদান কৰিব লাগিব। তুমি ৮০চি ৰ অধীনত বিনিয়োগ বা আন কৰমুক্ত সমল ব্যৱহাৰৰ ফলত কৰ প্ৰদানৰ ক্ষেত্ৰত ১০,০০০ টকা ৰেহাই পালা।

৮০চি ধাৰাৰ অধীনত কৰ ৰেহাই বিনিয়োগৰ তালিকা*

(উৎস: http://www.finance-trading-times.com/2011/06/2249-section-80c-tax-savings-complete.html)

 

কৰ্মচাৰী ভৱিষ্য নিধি আৰু স্বেচ্ছামূলক ভৱিষ্য নিধি

আজিকালি প্ৰায় সকলো কোম্পানীয়ে আইনসংগতভাৱে তেওঁলোকৰ কৰ্মচাৰীৰ বেতনৰ পৰা ভৱিষ্য নিধিৰ ধন কৰ্তন কৰিব লাগে। সকলো বেতন প্ৰাপ্ত কৰ্মচাৰীৰ বাবে ৮০চি ৰ অধীনত ই এটা বিনিয়োগ। কৰ্মচাৰী ভৱিষ্য নিধিৰ বাহিৰেও আপুনি নিজাকৈ স্বেচ্ছামূলক ভৱিষ্য নিধিত বিনিয়োগ কৰিব পাৰে। এইসমূহো ৮০চি ৰ অধীনত কৰ ৰেহাই যোগ্য হয়।

 

ৰাজহুৱা ভৱিষ্য নিধি

উপৰোক্ত দুটা ভৱিষ্য নিধিৰ উপৰিও ১৫ বছৰীয়া  ৰাজহুৱা ভৱিষ্যনিধি আঁচনিত বিনিয়োগ কৰা ধনো ৮০চি ৰ অধীনত কৰমুক্ত হয়।

 

জীৱন বীমাৰ প্ৰিমিয়ামসমূহ

আপোনাৰ নিজৰ আৰু আপোনাৰ স্বামী/স্ত্ৰী, সন্তান আদিৰ জীৱন বীমাৰ বাবে প্ৰদান কৰা প্ৰিমিয়ামৰ ধনখিনিও ৮০চি ৰ অধীনত কৰদেয় আয়ৰ পৰা বিয়োগ হয়। এটা কথা মনত ৰখা উচিত যে আপোনাৰ মা/দেউতাৰ জীৱন বীমাৰ বাবে প্ৰদান কৰা প্ৰিমিয়ামৰ ধন ৮০চি ৰ অধীনত নপৰে।

যদিহে আপোনাৰ বহুবোৰ আঁচনি আছে তেন্তে সকলোবোৰৰ প্ৰিমিয়ামৰ পৰিমাণ একেলগ কৰি কৰ ৰেহাইৰ বাবে আবেদন কৰিব পাৰে। বহুলোকে ভাৱে যে কেৱল ভাৰতীয় জীৱন বীমা নিগমৰ আঁচনিৰ প্ৰিমিয়ামহে আয়কৰ ৰেহাইৰ যোগ্য। এইটো সঁচা নহয়। ব্যক্তিগত কোম্পানীৰ সকলো জীৱন বীমা আঁচনিৰ প্ৰিমিয়ামৰ ধনো আয়কৰ ৰেহাই হয়।

 

ইকুইটি লিংক সঞ্চয় আঁচনি

নিম্নতম ৩ বছৰৰ বাবে ইকুইটি মিউচুৱেল ফাণ্ডত কৰা বিনিয়োগৰ ধনো কৰমুক্ত হয়।

 

গৃহ ঋণৰ মূলধন পৰিশোধ

যদিহে আপুনি গৃহ ঋণ লয় তেন্তে আপুনি বেংকক দুটা উপাদান পৰিশোধ কৰিব লাগে। প্ৰথমটো আপুনি লোৱা ঋণৰ ধনৰ ওপৰত হোৱা সুত আৰু দ্বিতীয়টো মূলধন। ৮০চি ৰ অধীনত আপুনি বেংকক পৰিশোধ কৰা মূলধনৰ অংশৰ ওপৰত কৰ ৰেহাই লাভ কৰিব।

 

নেচনেল ছেভিংছ চাৰ্টিফিকেট

যদি আপুনি ৬ বছৰীয়া ৰাষ্ট্ৰীয় ছেভিংছ চাৰ্টিফিকেট ক্ৰয় কৰে উক্ত পৰিমাণৰ ধন ৮০চি ৰ অধীনত কৰৰ পৰা ৰেহাই পাব।

 

আন্তঃগাঁঠনি বণ্ড

সদ্যহতে চৰকাৰে কৰমুক্ত আন্তঃগাঁঠনি বণ্ডত বিনিয়োগৰ বাবে নতুন খণ্ড আৰম্ভ কৰিছে। ইয়াত ৪ লাখ বা ততোধিক বিনিয়োগৰ ক্ষেত্ৰত ২০,০০০ টকা কৰ ৰেহাই লাভ কৰিব।

 

৮০চিচিচি ৰ অধীনত পেন্সন পুঁজি

এইটো ৮০চি ৰ এটা বিশেষ উপধাৰা যাক নাম দিয়া হৈছে ৮০চিচিচি। ই ৮০চি ধাৰাৰ এটা অংশ আৰু ইয়াত কেৱল মাত্ৰ পেন্সন পুঁজিৰ বাবেই বিনিয়োগ হয়। সেয়ে যদিহে আপুনি চৰকাৰ বা আন কোম্পানীৰ পেন্সন নিধিত বিনিয়োগ কৰে তেন্তে উক্ত ধন কৰমুক্ত হ’ব।

 

কৰ সঞ্চয় বেংকৰ ফিক্সড ডিপ’জিট (৫ বছৰৰ ফিক্স ডিপ’জিট)

বেংকে আগবঢ়োৱা বিশেষ ৫ বছৰীয়া ফিক্সড ডিপ’জিটত জমা ৰখা ধনৰ পৰিমাণো কৰদেয় ধনৰ পৰা ৰেহাই পোৱা যায়।

 

বয়োজেষ্ঠ নাগৰিকৰ জমা আঁচনি ২০০৪

এই আঁচনিত কেৱল বয়োজেষ্ঠ নাগৰিকেই বিনিয়োগ কৰিব পাৰে আৰু বাৰ্ষিক ৯ শতাংশ সুত প্ৰদান কৰা হয়। এই আঁচনিত জমা কৰা ধন ৮০চি ৰ অধীনত কৰমুক্ত হয়।

 

৫ বছৰীয়া ডাকঘৰৰ টাইম ডিপ’জিট আঁচনি

ডাকঘৰত বিভিন্ন সময়সীমাৰ জমা আঁচনি আছে। এইবোৰৰ ভিতৰত কেৱল ৫ বছৰীয়া টাইম  ডিপ’জিটত ৭.৫ শতাংশ সুত প্ৰদান কৰে আৰু ইয়াত বিনিয়োগ কৰা ধনত কৰ ৰেহাই পোৱা যায়।

 

নাৱাৰ্ডৰ গ্ৰাম্য বণ্ড

ৰাষ্ট্ৰীয় কৃষি আৰু গ্ৰাম্য উন্নয়ন বেংক বা নাৱাৰ্ডে নাৱাৰ্ড গ্ৰাম্য বণ্ড নামৰ এটা বিশেষ বণ্ড জাৰি কৰিছে। এই বণ্ডত বিনিয়োগ কৰা ধন ৮০চি ৰ অধীনত কৰমুক্ত হয়।

 

ইউনিট লিংক বীমাত বিনিয়োগ, ইউলিপ

বিনিয়োগ আৰু বীমা দুয়োটাই থকা যিকোনো ইউলিপ বিনিয়োগত ৮০চি ৰ অধীনত কৰ ৰেহাই পোৱা যায়। এই ক্ষেত্ৰত সকলোৱে মনত ৰখা উচিত যে দীৰ্ঘম্যাদী এনে ইউলিপ আঁচনি আৰু আঁচনিৰ মাচুল আদি আঁচনিয়েপ্ৰতি বেলেগ হয়।

ওপৰত উল্লেখিত সকলোবোৰ আঁচনিতে ৮০চি ৰ অধীনত কৰ ৰেহাই (কেৱল আন্তঃগাঁঠনি বণ্ডৰ বাহিৰে)ৰ সুবিধা আছে। অৱশ্যে কৰ ৰেহাই পাবলৈ হ’লে এনেবোৰ বিনিয়োগত কিছু পৰিমাণৰ ধন বিশেষ সময়ৰ বাবে জমা থ’ব লাগিব।

উক্ত বিনিয়োগ আৰু সঞ্চয়ৰ বাহিৰেও ৮০চি ৰ অধীনত আন কিছুমান কৰ ৰেহাই পোৱাৰ ব্যৱস্থা আছে।

 

সন্তানৰ শিক্ষাৰ খৰছ

যদি আপুনি আপোনাৰ নিজৰ সন্তানক পঢ়ুৱাবৰ বাবে খৰছ কৰিছে, তেন্তে বিদ্যালয় বা শিক্ষানুষ্ঠানক প্ৰদান কৰা ধনখিনি কৰ ৰেহাইৰ বাবে দাবী কৰিব পাৰে। ৮০চি ৰ অধীনত এই ৰেহাই পাবলৈ হ’লে বিদ্যালয় বা শিক্ষানুষ্ঠানৰ ৰচিদসমূহ ভালদৰে জমা কৰি থ’ব লাগিব।

 

গৃহৰ ষ্টাম্প ডিউটি আৰু পঞ্জীয়নৰ ধন

যদি আপুনি এটা গৃহ ক্ৰয় কৰিছে (আপোনাৰ নিজা ধনেৰে বা গৃহ ঋণেৰে)তেন্তে ৮০চি ৰ অধীনত পঞ্জীয়ন আৰু ষ্টাম্প ডিউটিৰ বাবে হোৱা খৰছৰ পৰিমাণৰ ধনত কৰ ৰেহাই পাব।

 

৩.২.৪ সাৰাংশ

 

  • চৰকাৰে নিজৰ কৰ্তব্য পালন কৰিবলৈ ব্যক্তি আৰু কোম্পানীৰ পৰা কৰ সংগ্ৰহ কৰে।
  • যদি আমি এক নিৰ্দিষ্ট পৰিমাণ (কৰ ৰেহাইৰ নূন্যতম পৰিমাণ)তকৈ অধিক উপাৰ্জন কৰো তেন্তে উক্ত পৰিমাণতকৈ অধিক আয় কৰা ধনখিনিৰ ওপৰত কৰ প্ৰদান কৰিব লাগিব।
  • আমি প্ৰদান কৰিব লগা কৰসমূহ ক্ৰমবৰ্দ্ধমান। অৰ্থাৎ আমাৰ উপাৰ্জন বৃদ্ধি হোৱাৰ লগে লগে প্ৰদান কৰিব লগা কৰৰ পৰিমাণো বৃদ্ধি পায় গৈ থাকে।
  •  

    চৰকাৰে কিছুমান বিনিয়োগ সামগ্ৰী আৰু কিছুমান বিষয়ত খৰছ কৰা ধনৰ ওপৰত কম পৰিমাণৰ কৰ প্ৰদানৰ ব্যৱস্থা ৰাখিছে। অৱশ্যে বৰ্তমানে এনে বিনিয়োগ আৰু খৰছৰ সৰ্বোচ্চ সীমা ১,০০,০০০ টকা ধাৰ্য্য কৰি থোৱা হৈছে।

    উৎস: আইএনডিজি দল

    শেহতীয়া উন্নীতকৰণ: : 6/21/2020



    © C–DAC.All content appearing on the vikaspedia portal is through collaborative effort of vikaspedia and its partners.We encourage you to use and share the content in a respectful and fair manner. Please leave all source links intact and adhere to applicable copyright and intellectual property guidelines and laws.
    English to Hindi Transliterate