অসমীয়া   বাংলা   बोड़ो   डोगरी   ગુજરાતી   ಕನ್ನಡ   كأشُر   कोंकणी   संथाली   মনিপুরি   नेपाली   ଓରିୟା   ਪੰਜਾਬੀ   संस्कृत   தமிழ்  తెలుగు   ردو

৬.১ জ্ঞাত হৈ থকা

লক্ষ্য

পাঠ ৬

পৰামৰ্শ আৰু সহায় বিচৰা

শিক্ষণৰ সমলসমূ

এই পাঠৰ অন্তত পঢ়ুৱৈয়ে তলত উল্লেখ কৰা সমূহত সক্ষমতা লাভ কৰিব।

  • বিনিয়োগসমূহৰ সম্পৰ্কে ভালদৰে তথ্য সহকাৰে জ্ঞাত হৈ থকাৰ গুৰুত্বতা বুজি পাব।
  • কোনবোৰ বিষয়ত শেহতীয়া তথ্যসমূহ ৰাখিব লাগিব আৰু বিভিন্ন তথ্যৰ উৎসমূহৰ তালিকা প্ৰস্তুত কৰাৰ প্ৰয়োজনীয়তা বুজি পাব।
  • সম্ভাব্য বিত্তীয় সমস্যাসমূহৰ পৰা নিজকে কেনেকৈ সুৰক্ষিত ৰাখিব পাৰি তাৰ বিভিন্ন উপায়ৰ তালিকা প্ৰস্তত কৰিব পৰা।
  • অভিযোগ কেনেদৰে পঞ্জীয়ন কৰিব লাগে তাৰ প্ৰক্ৰিয়াসমূহ আৰু যদি কিবা অন্যায়জনক কাৰ্য্যকলাপ হয় তাৰ বাবে সেৱা প্ৰদানকাৰীক অভিযোগ দাখিল কৰাৰ প্ৰক্ৰিয়াসমূহ বুজি ল’ব পাৰিব।

পাতনি

 

ৰঘুৱে গাঁৱৰ ৰেলষ্টেচনটোৰ বাহিৰত থকা হোটেলখনত কাম কৰে। কামত সি বৰ ভাল আৰু মাৰ্জিত৷ সি গ্ৰাহকৰ প্ৰয়োজনীয়তা সোনকালে বুজি পায়। তাৰ কথা-বতৰাও বৰ ভাল হোৱাৰ উপৰিও কেইবাটাও ভাষা সি জনাৰ ফলত গ্ৰাহকে তাৰ লগত কথা পাতি ভাল পায়।   ৰঘু থকা গাওঁখনৰ মাজেৰে যোৱা পথটোৰে অতি জনপ্ৰিয় ধৰ্মীয় স্থান এটালৈ যাব পাৰি। সেইবাবেই মন্দিৰ ভ্ৰমণ কৰিবলৈ যোৱা ভক্ত আৰু পৰ্য্যটকসকলে সেই ৰেলষ্টেচনতে ৰেলৰ পৰা নামে আৰু পথেৰে যাব লগা হয়। ফলস্বৰূপে, দেশৰ বিভিন্ন নগৰৰ লোকৰ লগতে বিদেশী পৰ্য্যটকেও উক্ত হোটেলখনত উপস্থিত হয়।

ৰঘুৰ দৰমহা মাত্ৰ ৪০০০ টকা হ’লেও প্ৰতিমাহে ইয়াৰ দুগুণ আৰু কেতিয়াবা তিনিগুণ পৰ্য্যন্ত গ্ৰাহকৰ পৰা বকচিছ হিচাপে লাভ কৰে। সি বিয়া কৰোৱা নাই আৰু বৃদ্ধা মাক আৰু সৰু ভনীয়েকৰ সৈতে বাস কৰে। যিহেতু সি বিভিন্ন সংস্কৃতি আৰু বিভিন্ন ঠাইৰ মানুহ লগ পায় থাকে আৰু তাৰ নিজৰ আৰু পৰিয়ালৰ বাবে বহুতো সপোন পুহি ৰাখিছে। সি নিজাকৈ এখন হোটেল খুলিবলৈ বিচাৰে আৰু হোটেল খুলি মাকক গৌৰৱান্বিত কৰাৰ লগতে ভনীয়েকৰ বিয়াখনো ধুম-ধামেৰে পাতিবলৈ বিচাৰে। সিও কেতিয়াবা কেতিয়াবা নিজৰ বিয়া পাতি পৰিয়াল আৰম্ভ কৰাৰ কথা ভাবে। 

জ্ঞাত হৈ থকা

 

পাতনি

 

ৰঘুৱে বৰ বেছি পঢ়িব নোৱাৰিলে। অষ্টম শ্ৰেণীৰ পৰীক্ষা দিয়াৰ পিছতে দেউতাক ঢুকাল আৰু সি উপাৰ্জনৰ বাবে কাম কৰিব লগা হ’ল। তথাপিও বিদ্যালয়ত পঢ়া-লিখাবোৰ আৰু গণিত আদিৰ লগত এতিয়াও জড়িত হৈ থাকি ভাল পায়।

সি নিয়মীয়াকৈ টেলিভিছনৰ ব্যৱসায়িক ছেনেলৰ কাৰ্য্যসূচী চায়। সি বিভিন্ন ব্যৱসায়িক আলোচনী আৰু বাতৰি কাকতো আদিৰ পৰা অন্তলৈকে পঢ়ে। টেলিভিছনত প্ৰদৰ্শিত বহুবোৰ কাৰ্য্যসূচী যেন কেৱল তাৰ বাবেই সম্প্ৰচাৰ কৰা হয়! কোনো এটা বিষয়ৰ প্ৰাথমিক কথাখিনি বুজি উঠাৰ পিছত সি তাৰ পৰৱৰ্তী প্ৰৱন্ধসমূহ পঢ়াৰ লগতে সময়ে সময়ে সম্প্ৰচাৰ হৈ থকা কাৰ্য্যসূচীসমূহো চায়। সি টেলিভিছন, আলোচনী আৰু বাতৰি কাকতৰ লগতে সি লগ পোৱা ব্যক্তিসমূহৰ উক্ত বিষয়ক কথা-বতৰাবোৰ হোটেলত সেৱা আগবঢ়ায় থকা সময়তে শুনিবলৈ চেষ্টা কৰে আৰু নিজাকৈ এটা ধাৰণাত উপনীত হয়।

সি আহৰণ কৰা জ্ঞানসমূহ লগে লগেই ব্যৱহাৰ কৰিবলৈ চেষ্টা কৰে। যিহেতু মাকে ঘৰখন চলায়, গতিকে সি লাভ কৰা সম্পূৰ্ণ দৰমহা মাকৰ হাতত দিয়ে আৰু গ্ৰাহকে মৰমতে দিয়া বকচিছখিনি নিজৰ হাতত ৰাখে। ইয়াৰে কিছু অংশ সি গাঁৱৰ ডাকঘৰত কিষান বিকাশ পত্ৰ, নেচনেল চেভিঙ চাৰ্টিফিকেট আদি ধৰণৰ নিৰাপদ বিত্তীয় সামগ্ৰীত বিনিয়োগ কৰে। সি ডাকঘৰত এটা সঞ্চয় হিচাপো খুলিছে। তাৰ হাতত থকা বাকীখিনি ধন ষ্টেচন পথত কাষত থকা কাৰ্য্যালয়ৰ উপ-দালাল শ্ৰীকলিতাৰ যোগেৰে শ্বেয়াৰত বিনিয়োগ কৰাৰ সিদ্ধান্ত লৈছে। দীৰ্ঘম্যাদী ক্ষেত্ৰত ভাল পৰিমাণৰ ধন ঘূৰাই পাবলৈ শ্বেয়াৰত বিনিয়োগ কৰাতো যে উত্তম পথ সেইটো সি জানিব পাৰিছে। শ্বেয়াৰ সম্পৰ্কীয় কিবা তথ্যৰ উৎস পালেই সি আগ্ৰহী হৈ পৰে আৰু সেই সম্পৰ্কে অধিক জানিবলৈ পুথিভঁৰাললৈ ঢাপলি মেলে। যদিহে তাত পৰ্য্যাপ্ত পৰিমাণৰ তথ্য নাপায়, তেন্তে কামৰ সময়ছোৱাৰ পিছত দালালৰ কাৰ্য্যালয়লৈ যায় আৰু ষ্টক সম্পৰ্কীয় তথ্যসমূহৰ এটা ছপা কপি দিবলৈ অনুৰোধ কৰে। শ্ৰীকলিতাই ৰঘুৱে জানিব বিচৰা বিভিন্ন ধৰণৰ কথাবোৰৰ উত্তৰ দিবলৈ চেষ্টা কৰে। যিহেতু তেওঁৰ কাৰ্য্যালয়ত ইন্টাৰনেটৰ সংযোগ আছে সেয়েহে ৰঘুৰ কোনোবাটো প্ৰশ্নৰ উত্তৰ সঠিকভাৱে নাজানিলে সেইসমূহ ইন্টাৰনেটত বিচাৰি সম্পূৰ্ণ পটভূমিৰ তথ্যসমূহ ৰঘুক প্ৰদান কৰে। যেতিয়া ৰঘুৱে পতিয়ন যায় যে কোনোবাটো বিশেষ কোম্পানীৰহে ভৱিষ্যতত ভাল ফল দেখুওঁৱাৰ সম্ভাৱনা আছে (উদ্যোগ, অৰ্থনৈতিক ব্যৱস্থা আৰু সামগ্ৰিকভাৱে বিশ্ব বজাৰৰ কথা মনত ৰাখি) আৰু অৰ্থনৈতিক ব্যৱস্থাটোও ভাল তেতিয়াহে সি উক্ত কোম্পানীটোত বিনিয়োগ কৰে। 

ৰঘুৰ প্ৰচেষ্টা সফল হয়। সি সাধাৰণতে অতি ভাল কোম্পানীসমূহতহে বিনিয়োগ কৰে। সি বিনিয়োগ কৰা কোম্পানীৰ ষ্টকৰ মূল্য কেইটামান বছৰৰ ভিতৰতে কেইবাগুণো বৃদ্ধি হয়। একে সময়তে সি ডাকঘৰত সঞ্চয় কৰা ধনৰ পৰিমাণো বৃদ্ধি হয়। এই দুয়োটা তথ্যৰ উৎসৰ ফলত সি এটাৰ পিছত এটাকৈ তাৰ লক্ষ্যসমূহত উপনীত হ’ব পাৰিব।

পটভূমিৰ তথ্যৰ ধৰণসমূহ

ৰঘুৱে কেনেধৰণৰ তথ্যসমূহৰ গতিবিধিৰ প্ৰতি চকু ৰাখে তলত সেইসমূহ উল্লেখ কৰা হ’ল:

পুংখানুপুংখ তথ্য:

দেখাত এই তথ্যসমূহ প্ৰত্যক্ষভাৱে আপোনাৰ বিনিয়োগ আৰু বাজেট প্ৰস্তুতিৰ সিদ্ধান্তৰ লগত জড়িত নথকা যেন লাগে। কিয়নো ইয়াত বিশাল আৰু পুংখানুপুংখ তথ্য সন্নিৱিষ্ট হৈ থাকে। তথাপিও এই তথ্যৰ গতিবিধি লক্ষ্য ৰখাটো এই কাৰণেই গুৰুত্বপূৰ্ণ যে দীৰ্ঘম্যাদী ক্ষেত্ৰত আপোনাৰ বিনিয়োগৰ ওপৰত ই ডাঙৰ প্ৰভাৱ পেলায়।

  • দেশৰ আৰ্থিক বিকাশ: দেশখনে এটা অৰ্থনৈতিক বৃত্তৰ মাজেৰে গতি কৰে। অৰ্থাৎ কেইটামান বছৰ দেশত আৰ্থিক বিকাশৰ হাৰ উন্নত হয় আৰু পিছৰ কেইটামান বছৰ আৰ্থিক বিকাশৰ গতি লেহেমীয়া হয়। যদিহে দেশখনত এই দিশত ভাল বৃদ্ধি হয় তেন্তে ব্যৱসায়ো ভাল হয় ফলত অংশিদাৰী বজাৰৰ মূল্যও বৃদ্ধি পায়। আনহাতে সুতৰ হাৰ আৰু মুদ্ৰাস্ফীতিৰ বৃদ্ধিও নিয়ন্ত্ৰণত থাকে। আনহাতে দেশৰ আৰ্থিক অৱস্থা যেতিয়া তলৰ ফালে গতি কৰে তেতিয়া অংশিদাৰী বজাৰৰ মূল্যও কমি আহে আৰু সুতৰ হাৰ আৰু মুদ্ৰাস্ফীতিও বৃদ্ধি হয়। অৱশ্যেই ষ্টকৰ মূল্য, মুদ্ৰাস্ফীতি আৰু সুতৰ হাৰক আন বিভিন্ন কাৰকে প্ৰভাৱিত কৰে। কিন্তু দেশৰ আৰ্থিক বিকাশৰ গতি পথত চকু ৰাখিলে ই কোনটো বিত্তীয় সামগ্ৰীত বিনিয়োগ কৰিব লাগিব সেইটো সিদ্ধান্ত লোৱাত সহায়ক হ’ব।
  • ৰাজনৈতিক অৱস্থা: যেতিয়া এখন দেশত ৰাজনৈতিক অৱস্থা সুস্থিৰ হৈ থাকে। তেতিয়া আৰ্থিক স্থিতিৰো উন্নতি হয়। যদিও বিকাশ আৰু সামাজিক বিষয়সমূহ সমানে গুৰুত্বপূৰ্ণ তথাপিও কিছুমান ৰাজনৈতিক দলে বিকাশক সামাজিক বিষয়সমূহতকৈ বেছি গুৰুত্ব প্ৰদান কৰে। ফলস্বৰূপে তেনে ৰাজনৈতিক দল ক্ষমতালৈ আহিলে অংশিদাৰী ব্যৱসায় আৰু আন বিত্তীয় সামগ্ৰীৰ কৃতকাৰ্য্যতাৰ ওপৰত প্ৰভাৱ পেলায়।
  • সুতৰ হাৰ: ভাৰতবৰ্ষত এতিয়াও ভাৰতীয় ৰিজাৰ্ভ বেংকে সুতৰ হাৰ অধিকাংশই নিয়ন্ত্ৰণ কৰে। ইয়াৰ ফলতেই বেংক খণ্ডত সুতৰ হাৰ বৃদ্ধি বা হ্ৰাস পাব পাৰে। বেংক আৰু আন ধন ধাৰে দিয়া প্ৰতিষ্ঠানসমূহে ব্যৱসায়ৰ বাবে ধন ধাৰে দিয়ে বা লোৱাত এই সুতৰ হাৰ প্ৰযোজ্য হয়। যেতিয়া কোনো ব্যৱসায় কৰা লোকে তেওঁলোকৰ ব্যৱসায় বৃদ্ধি কৰিবলৈ অধিক ধন ধাৰে লয় তেতিয়া বজাৰত সুতৰ হাৰ সাধাৰণতে বৃদ্ধি পায়। মুদ্ৰাস্ফীতিয়েও সুতৰ হাৰক প্ৰভাৱিত কৰে। যেতিয়া মুদ্ৰাস্ফীতি বৃদ্ধি পায় তেতিয়া মুদ্ৰাস্ফীতি নিম্নতৰ কৰিবলৈ ভাৰতীয় ৰিজাৰ্ভ বেংকে সুতৰ হাৰ বৃদ্ধি কৰিব পাৰে। আন কিছুমান কাৰকেও সুতৰ হাৰক প্ৰভাৱিত কৰে।
  • মুদ্ৰাস্ফীতি: বহলভাৱে মূল্যবৃদ্ধিকে মুদ্ৰাস্ফীতি বুলি ক’ব পাৰি। ভাৰতবৰ্ষত পাইকাৰী মূল্যৰ সূচাংকৰ ভিত্তিত মুদ্ৰাস্ফীতিৰ পৰিমাণ জোখা হয়। কোনো এটা সামগ্ৰীৰ মূল্য বৃদ্ধি হোৱা বা হ্ৰাস পোৱাৰ গঢ় সূচাংকই আমাক অৰ্থনীতিত মূল্য কেনেদৰে সলনি কৰিছে তাক জানিবলৈ দিয়ে। পূৰ্বতে উল্লেখ কৰা হৈছে যে মুদ্ৰাস্ফীতিয়ে সুতৰ হাৰত প্ৰভাৱ পেলায়। ই ষ্টকৰ মূল্যৰ ওপৰতো প্ৰভাৱ পেলায়। যেতিয়া মুদ্ৰাস্ফীতি আৰু সুতৰ হাৰ দুয়োটাই বৃদ্ধি পায় তেতিয়া ব্যৱসায়ত লাভৰ পৰিমাণ কম হয় আৰু ফলশ্ৰুতিত ষ্টক এক্সচেঞ্জত মূল্য নিম্নগামী হয়। ইয়াৰ ওলোটাও হ’বগৈ পাৰে। 
  • বিশ্বজনীন অৱস্থা: বহুবোৰ বিশ্বজনীন কাৰকে আমাৰ অৰ্থনীতিক প্ৰভাৱিত কৰে। যদিহে আন্তঃৰাষ্ট্ৰীয় বজাৰত তেলৰ দাম বৃদ্ধি পায় আমিও তেলৰ মূল্য বেছিকৈ ভৰিব লগা হয়। ই প্ৰত্যক্ষ আৰু পৰোক্ষভাৱে মুদ্ৰাস্ফীতি উৰ্ধগামী কৰি তোলে। যিহেতু ভাৰত আৰু বিশ্বৰ আন দেশৰ মাজত বিনিয়োগৰ যোগেৰে ধন প্ৰবাহিত হয়, সেয়েহে যদি কোনোবাখন দেশে সমস্যাৰ সন্মুখীন হয় তেতিয়া ভাৰতত তেওঁলোকৰ বিনিয়োগত প্ৰভাৱ পৰে। ফলস্বৰূপে, বিশ্বৰ অৰ্থনীতিত আমাৰ ষ্টক মাৰ্কেটৰ মূল্য উঠা-নমা কৰে শেষত ব্যৱসায়ত ইয়াৰ প্ৰভাৱ পৰে। সাধাৰণতে যিহেতু ভাৰতে বিশ্বৰ বিভিন্ন দেশৰ লগত ব্যৱসায় কৰে। গতিকে সেই দেশবোৰৰ অৰ্থনৈতিক কাম-কাজে ভাৰতৰ অৰ্থনীতিত প্ৰভাৱ পেলায়। এই প্ৰভাৱসমূহ মূল্য আৰু ব্যৱসায় সামগ্ৰীৰ পৰিমাণৰ ওপৰত পৰে।

ঔদ্যোগিক তথ্য

যেতিয়া আমি শ্বেয়াৰত বিনিয়োগৰ পৰিকল্পনা হাতত লম তাৰ আগতে বিনিয়োগ কৰিব বিচৰা কোম্পানীটোৰ যে বিকাশৰ ভাল সুযোগ আছে সেই সম্পৰ্কে আমি প্ৰত্যয় যাব লাগে। কোম্পানীটোৱে কি পৰিৱেশত (ঔদ্যোগিক আৰু অৰ্থনৈতিক) কাম কৰি আছে সেইটো বুজিবলৈ চেষ্টা কৰিলেই আমি সকলোখিনি জানিব পাৰিম।

  • বিকাশৰ হাৰ: অতীতত দ্যোগটোৱে কেনেদৰে বিকশিত হৈছে সেইটো আমি আৱশ্যকভাৱে জনা উচিত। ইয়ে আমাক দ্যোগটো কিমান বিকশিত হ’ব পাৰিব আৰু ইয়াৰ পৰা কিমান আশা কৰিব পাৰি তাৰ এটা ধাৰণা কৰাত সহায় কৰিব।
  • সম্ভাৱনা: যদিহে কোনো এটা কোম্পানীৰ বিকাশ ভাল হোৱাৰ সম্ভাৱনা থাকে-সাধাৰণতে ইয়াৰ অৰ্থ হ’ল যিটো দ্যোগৰ পৰা এই কোম্পানীটো হৈছে তাৰো বিকাশ আশা কৰিব পাৰি। দ্যোগ এটাৰ সম্ভাৱনীয়তা সম্পৰ্কে বুজি পাবলৈ হ’লে আমি ইয়াৰ সামগ্ৰীসমূহৰ বাবে ভালদৰে বুজি পাব লাগিব। আমি এই কথাত প্ৰত্যয় যাব লাগিব যে ভৱিষ্যতে উক্ত সামগ্ৰীৰ চাহিদা বৃদ্ধি পাব। এই সকলোবোৰ আৰু দ্যোগৰ আন বিষয়বোৰে উক্ত দ্যোগৰ অধীনত থকা কোম্পানীসমূহত বিনিয়োগ কৰাতো যথাৰ্থ হ’ব নে নাই সেইটো কৈ দিব। আমি কোম্পানীটোৰ বিশ্বজনীন বিকাশৰ সম্ভাৱনীয়তাও লক্ষ্যত ৰাখিব লাগে। বিশেষকৈ যদিহে ই কোনো কেঁচা সামগ্ৰী হয়, যিটো আমদানি বা ৰপ্তানি কৰা হয়।
  • আকাৰ আৰু গতিশীলতা: আমি বিশ্বৰ বিভিন্ন ঠাইৰ দ্যোগসমূহৰ লগত ইয়াৰ আকাৰ তুলনামূলকভাৱে জুখি চাব লাগে আৰু অতীতৰ লগত বৰ্তমানৰ আকাৰো চাব লাগে। এই দ্যোগত কিমান কোম্পানী কাৰ্য্যকৰীভাৱে চলি আছে সেইটোৰ প্ৰতিও লক্ষ্য ৰাখিব লাগে। দ্যোগটোৰ ভিতৰত কেনেকুৱা ধৰণৰ প্ৰতিযোগিতা চলি আছে সেইটোৰ এটা ধাৰণা কৰাত ই আমাক সহায় কৰিব।

ষ্টকৰ সুনিৰ্দিষ্ট তথ্য

  • পৰিচালনাৰ গতিবিধিৰ তথ্য: এটা কোম্পানীৰ সফলতাৰ গুৰুত্বপূৰ্ণ কাৰক হ’ল পৰিচালনাৰ ব্যৱস্থা। আমি এই কথাত প্ৰত্যয় যাব লাগিব যে কোম্পানীটোৰ ভালৰ কাৰণে পৰিকল্পনা কৰিব পৰাকৈ আৰু নেতৃত্ব ল’ব পৰাকৈ পৰিচালকসকল দক্ষ। আমি এই কথাটো প্ৰত্যয় যাব লাগিব যে তেওঁলোক অতি সত্যবাদী আৰু সঁচাকৈয়ে কোম্পানীটোৰ বিকাশ বিচাৰে।
  • বিকাশৰ কৌশল: কোম্পানীটোৱে বিকাশৰ বাবে কি পৰিকল্পনা কৰিছে সেয়া আমি আৱশ্যকীয়ভাৱে জানিব লাগিব। কোম্পানীটোৱে নতুন সামগ্ৰী বজাৰলৈ উলিয়াইছে নেকি? কোম্পানীটোৰ সামগ্ৰীৰ বিক্ৰীৰ বাবে নতুন বজাৰ লৈছে নেকি? কোম্পানীটোৱে তেওঁলোকৰ সামগ্ৰীৰ মূল্য হ্ৰাস কৰিছে নেকি বা অধিক বিজ্ঞাপন দিছে নেকি? কোম্পানীটোৰ বিকাশৰ বাবে এটা ভাল পৰিকল্পনা থকা বিষয়টোত আমি প্ৰত্যয় যাব লাগিব।
  • বিত্তীয় অনুপাত আৰু সংখ্যা: বিত্তীয় অনুপাত আৰু বিত্তীয় সংখ্যাৰ ওপৰত লিখা বহুবোৰ প্ৰৱন্ধ আৰু কিতাপ পোৱা যায়। কোনটো বিষয় গুৰুত্বপূৰ্ণ আৰু কোম্পানীটো আৰু ইয়াৰ ভৱিষ্যতৰ বিষয়ে কেনে বক্তব্য সেইসমূহে ব্যক্ত কৰিছে সেই বিষয়ে ভালদৰে বুজা উচিত। ইয়ে আমাক কোম্পানীটোত বিনিয়োগ কৰিবলৈ দৃঢ়তা জন্মাব আৰু ইয়াৰ কৃতকাৰ্য্যতা জোখাত সহায় কৰিব।

 

সাৰাংশ

 

  • বিত্তীয় সামগ্ৰীটোৰ সম্পূৰ্ণ জ্ঞান আৰু ইয়াৰ পৰিৱেশৰ অধ্যয়নৰ ভিত্তিত কৰা বিনিয়োগসমূহৰ ফলাফল সাধাৰণতে ভাল হোৱা দেখা যায়।
  • বিনিয়োগ কৰাৰ আগতে আমি বিভিন্ন সামগ্ৰিক কাৰকসমূহ যেনে, দেশৰ বিত্তীয় গতিবিধি, ৰাজনৈতিক অৱস্থা, সুতৰ হাৰ, মুদ্ৰাস্প্ৰীতি, বিশ্বজনীন অৱস্থাৰ বিষয়ে ভালদৰে বুজি লোৱা উচিত।
  • শ্বেয়াৰত বিনিয়োগ কৰাৰ কিছুমান সামগ্ৰিক বিষয় যেনে, উদ্যোগ নিৰ্দিষ্ট বিষয়সমূহ আৰু কোম্পানী নিৰ্দিষ্ট তথ্যসমূহ, সংখ্যাসমূহৰ বিষয়ে ভালদৰে বুজি লোৱা উচিত। এই তিনিওটা দিশ যোগাত্মক বুলি আমি প্ৰত্যয় যোৱাৰ পিছতহে ষ্টকত বিনিয়োগ কৰিব লাগে।

উৎস: আইএনডিজি দল

শেহতীয়া উন্নীতকৰণ: : 6/21/2020



© C–DAC.All content appearing on the vikaspedia portal is through collaborative effort of vikaspedia and its partners.We encourage you to use and share the content in a respectful and fair manner. Please leave all source links intact and adhere to applicable copyright and intellectual property guidelines and laws.
English to Hindi Transliterate