অসমীয়া   বাংলা   बोड़ो   डोगरी   ગુજરાતી   ಕನ್ನಡ   كأشُر   कोंकणी   संथाली   মনিপুরি   नेपाली   ଓରିୟା   ਪੰਜਾਬੀ   संस्कृत   தமிழ்  తెలుగు   ردو

৬.৪ প্ৰশ্নমালা

৬.৪ প্ৰশ্নমালা

১) বিনিয়োগসমূহৰ বিষয়ে সদায় নতুন তথ্যসমূহ জ্ঞাত হৈ থাকিবলৈ আমি যত্নপৰ হ’ব লাগে কিয়নো

 

ক) আমি যাতে বন্ধুসকলক ক’ত বিনিয়োগ কৰিব লাগিব সেই সম্পৰ্কে পৰামৰ্শ দিব পাৰো।

খ) ক’ত বিনিয়োগ কৰিব লাগিব সেই সম্পৰ্কে ভাল সিদ্ধান্ত এটা ল’ব পাৰো।

গ) যাতে পেশাদাৰী বিনিয়োগকাৰী হ’ব পাৰো।

২) যদিহে আমি শ্বেয়াৰত বিনিয়োগ কৰো তেন্তে আমি সতৰ্কতা অৱলম্বন কৰিব লাগে.....

ক) কোম্পানীটো যি উদ্যোগৰ ভিতৰত পৰে তাৰ স্থিতি সম্পৰ্কে

খ) কোম্পানীটোৰ আৰ্থিক অৱস্থা সম্পৰ্কে

গ) ওপৰত উল্লেখিত দুয়োটাই।

৩) বিনিয়োগ কৰোঁতে কিয় সুতৰ হাৰ আৰু মুদ্ৰাস্ফীতিৰ গতি লক্ষ্য ৰখাটো গুৰুত্বপূৰ্ণ?

ক) এই কাৰকসমূহ সদায় পৰিৱৰ্তন হৈ থাকে।

খ) এই কাৰকসমূহে চৰকাৰক সিদ্ধান্ত লোৱাত দিক্‌ নিৰ্ণয় কৰে।

গ) এই কাৰকসমূহে বহুবোৰ বিনিয়োগ সমলৰ ওপৰত প্ৰভাৱ পেলায়।

৪) বিনিয়োগ কৰাৰ সিদ্ধান্ত তলত দিয়া ভেটিৰ ওপৰত হ’ব লাগে

ক) টেলিভিছনত পোৱা ব্যৱসায়িক অনুষ্ঠানৰ তথ্যৰ ভিত্তিত

খ) বিভিন্ন উৎসৰ পৰা পোৱা তথ্যৰ ভিত্তিত

গ) আমাৰ দালালৰ পৰা পোৱা কিটিপৰ ভিত্তিত

৫) বিনিয়োগৰ ক্ষেত্ৰত সম্ভৱনাপূৰ্ণ সমস্যাসমূহৰ পৰা আমি নিজকে সুৰক্ষিত কৰিব পাৰো.....

ক) বিনিয়োগৰ আগতে যথেষ্ট অধ্যয়ন কৰি

খ) আমাৰ বিনিয়োগসমূহৰ সম্পূৰ্ণ তথ্য ভালদৰে ৰাখি

গ) ওপৰত উল্লেখিত দুয়োটা

৬) আমি কৰা বিনিয়োগসমূহ যদি কিবা কাৰণে বেয়াৰ ফাললৈ গতি কৰে তেন্তে

ক) আমি তৎক্ষণাত নিয়ামক কৰ্তৃত্ব লৈ অভিযোগসহ উপস্থিত হ’ব লাগে।

খ) আমি প্ৰথমে কোম্পানীৰ দালালৰ ওচৰলৈ যাব লাগে আৰু যদিহে আমি কোনো  সন্তোষজনক উত্তৰ নাপাওঁ তেতিয়া আমাৰ অভিযোগ নিয়ামক কৰ্তৃত্ব লৈ প্ৰেৰণ কৰিব লাগে।

গ) সকলো যাতে ভাল হয় তাৰ বাবে আমি প্ৰাৰ্থনা কৰিব লাগে।

উৎস: আইএনডিজি দল

শেহতীয়া উন্নীতকৰণ: : 6/21/2020



© C–DAC.All content appearing on the vikaspedia portal is through collaborative effort of vikaspedia and its partners.We encourage you to use and share the content in a respectful and fair manner. Please leave all source links intact and adhere to applicable copyright and intellectual property guidelines and laws.
English to Hindi Transliterate