অসমীয়া   বাংলা   बोड़ो   डोगरी   ગુજરાતી   ಕನ್ನಡ   كأشُر   कोंकणी   संथाली   মনিপুরি   नेपाली   ଓରିୟା   ਪੰਜਾਬੀ   संस्कृत   தமிழ்  తెలుగు   ردو

অপৰাধ আৰু অর্থদণ্ড,আইনগত ব্যৱস্থা আৰু মাতমিট

এমজিএলৰ অধীনত নির্ধাৰিত অপৰাধবিলাক কি কি ?

উত্তৰ : আহি জিএছাট আইনৰ অধ্যায় ১৬ত অপৰাধ আৰু অর্থদণ্ডবিলাকৰ বিষয়ে উল্লেখ আছে। আইনখনত অনুচ্ছেদ ৬৬ত ২১টা অপৰাধ, ইয়াৰ লগতে অনুচ্ছেদ ৮ৰ অধীনত একোজন কৰযোগ্য লোকে মাতমিট বা নিম্পত্তি লাভ কৰিবৰ হেতু অর্থদণ্ডৰ বিষয়েও উল্লেখ আছে। উল্লিখিত অপৰাধবিলাক এনেধৰণৰ ?

১। চালান নোহোৱাকৈ বা মিছা/অশুদ্ধ চালানেৰে যোগান সম্পন্ন কৰা;

২। যোগান সম্পন্ন নকৰাকৈ চালান দিয়া;

৩। তিনিমাহতকৈ অধিক সময়ৰ বাবে সংগৃহীত কৰ পৰিশোধ নকৰা;

৪ । এমজিএলৰ নীতি অৱমাননা কৰি তিনিমাহতকৈ অধিক সময়ৰ বাবে সংগৃহীত কৰ পৰিশোধ নকৰা;

৫। উৎসতে কর্তন কৰিবলগীয়া কৰ কর্তন নকৰা বা কমকৈ কর্তন কৰা বা অনুচ্ছেদ ৩৭ৰ অধীনত উৎসতে কর্তন কৰা কৰ জমা নিদিয়া;

৬। অনুচ্ছেদ ৪৩ চিৰ অধীনত উৎসতে সংগ্ৰহ কৰিবলগীয়া কৰ সংগ্ৰহ নকৰা বা কমকৈ সংগ্ৰহ কৰা বা পৰিশোধ নকৰা;

৭। পণ্য-সামগ্ৰী আৰু/অথবা সেৱাৰ প্রকৃত ৰচিদ নোহোৱাকৈ ইনপুট টেক্স ক্রেডিট’ আহৰণ/ব্যৱহাৰ কৰা;

৮। যিকোনো “ৰিফাণ্ড’ জালিয়াতিৰে আহৰণ কৰা;

৯/অনুচ্ছেদ ১৭ অৱমাননা কৰি ইনপুট ছাৰ্ভিচ ডিস্ট্রিবিউটৰৰ দ্বাৰা ইনপুট

টেক্স ক্রেডিট’ আহৰণ/বিতৰণ কৰা;

১০। কৰ ফাঁকি দিয়াৰ উদ্দেশ্যে মিছা তথ্য দাখিল কৰা বা বিত্তীয় তথ্যপতিৰ জালিয়াতি কৰা বা ভুৱা হিচাপ-নিকাচ/নথিপত্র দাখিল কৰা;

১১। কৰ পৰিশোধৰ বাবে দায়বদ্ধ হৈয়ে পঞ্জীয়ন কৰাত ব্যর্থতা;

১২। পঞ্জীয়নৰ বাবে বাধ্যতামূলক হোৱাৰ ক্ষেত্ৰত মিছা তথ্য দাখিল কৰা;

১৩। কোনো বিষয়াক তেওঁৰ কর্তব্য পালনত বাধা দিয়া বা প্ৰভাৱিত কৰা;

১৪। নির্ধাৰিত নথিপত্র নোহোৱাকৈ পণ্য-সামগ্ৰী পৰবিহন কৰা;

১৫। কৰ ফাঁকি দিয়াৰ উদ্দেশ্যে উপার্জন লুকুৱাই ৰখা;

১৬। আইনত নির্দিষ্ট কৰি দিয়া ধৰণে হিচাপ-নিকাচ/নথিপত্ৰৰ ব্যৱস্থা কৰাত ব্যর্থতা বা আইনত নির্দিষ্ট কৰি দিয়া সময়ৰ বাবে হিচাপ-নিকাচ/নথিপত্ৰ ৰখাত ব্যর্থতা;

১৭। আইন/নীতি-নিয়ম অনুসৰি একোজন বিষয়াই বিচৰা তথ্য পাতি/নথিপত্র দাখিল কৰাত ব্যর্থতা বা যিকোনো ধৰণৰ কাৰ্যপন্থা চলি থকাৰ সময়ত মিছা তথ্য-পাতি/নথিপত্র দাখিল কৰা;

১৮। ক্ৰোক কৰিবৰ বাবে যোগ্য যিকোনো পণ্য-সামগ্ৰীৰ যোগান/পৰিবহন/জমাকৰণ;

১৯। অন্য লোকৰ জি.এছটিআইএন ব্যৱহাৰ কৰি চালান বা নথি-পত্ৰ দিয়া;

২০। যিকোনো বস্তুগত সাক্ষ্য বিকৃত/ ধ্বংস কৰা;

২১। আইনৰ অধীনত আটক/জব্দ/সাঙুৰি লোৱা পণ্য-সামগ্ৰী নষ্ট/বিকৃত কৰা |

অর্থদণ্ড শব্দৰ অৰ্থ কি ?

উত্তৰঃ এমজিএলত ‘অর্থদণ্ড” শব্দটোৰ সংজ্ঞা দিয়া হোৱা নাই যদিও ন্যায়িক উচ্চাৰণ আৰু আইনগত নীতি-নিয়মত একোটা অর্থদণ্ডৰ প্ৰকৃতি এনেদৰে দিয়া আছে :

  • একোটা নির্দিষ্ট অপৰাধৰ বাবে বিধিগতভাৱে ধার্য কৰা একোটা অস্থায়ী অর্থদণ্ড বা এক নির্দিষ্ট ধনৰাশি আয়োগক পৰিশোধ কৰিব লাগে;
  • আইনে দিয়া একোটা অর্থদণ্ড বা কৰিবলৈ দিয়া কাম বা কিবা কাম কৰিবলৈ ব্যর্থ হ’লে একোটা পক্ষৰ সেয়াই হৈছে কর্তব্য।

অর্থদণ্ড আৰোপ কৰোতে অনুসৰণ কৰিবলগীয়া সাধাৰণ শৃংখলাবোৰ কি কি ?

উত্তৰ : অর্থদণ্ড আৰোপ কৰাৰ প্রক্রিয়া কেতবোৰ নির্দিষ্ট শৃংখলাবদ্ধতাৰ মাজেৰে সম্পন্ন হয়, যিবিলাক বিধি-ব্যৱস্থা, প্রাকৃতিক ন্যায়ৰ নীতি আৰু আন্তঃজাতিক বাণিজ্য আৰু চুক্তিসমূহক নিয়ন্ত্ৰণ কৰা নীতিসমূহৰ আধাৰত সম্পন্ন হয়। আইনখনৰ অনুচ্ছেদ ৬৮ত এই সাধাৰণ শৃংখলাসমূহ আলোকপাত কৰা হৈছে—

  • বিষয়টো সন্দৰ্ভত যিজন লোকৰ বিৰুদ্ধে অভিযোগ উত্থাপন হয়, সেই লোকজনক এটা সুযোগ প্রদান কৰি সঠিক শুনানি গ্রহণ নকৰাকৈ আৰু এখন কাৰণ দৰ্শোৱাৰ জাননী জাৰি নকৰাকৈ অর্থদণ্ড আৰোপ কৰিব নালাগে;
  • প্রকৃত সত্যাসত্যৰ সম্পূর্ণতা আৰু গোচৰৰ পৰিস্থিতিৰ ওপৰত অর্থদণ্ড নিৰ্ভৰ কৰিব লাগে;
  • আৰোপিত অর্থদণ্ড অভিযোগত উল্লিখিত আইনৰ ব্যৱস্থাৱলী বা নিয়মাৱলী ভংগ কৰাৰ পর্যায় আৰু গভীৰতা অনুসৰি কাৰ্যকৰী হ’ব লাগে
  • অর্থদণ্ড আৰোপ কৰি দিয়া নির্দেশনাত ব্যৱস্থাৱলী বা নিয়মাৱলী ভংগৰ প্ৰকৃতি নির্দিষ্ট কৰিব লাগে;
  • যি আইনৰ ব্যৱস্থাৱলীৰ অধীনত অর্থদণ্ড আৰোপ কৰা হয় সেয়া নির্ধাৰিত হ’ব লাগে।

অনুচ্ছেদ ৬৮ত লগতে কোৱা হৈছে যে, কিছুমান বিশেষ ক্ষেত্ৰত কোনো পৰিপূৰক অর্থদণ্ড আৰোপ কৰিব নালাগে—

  • যিকোনো সাধাৰণ উলংঘা (সাধাৰণ উলংঘাক এনেদৰে সংজ্ঞাবদ্ধ কৰা হৈছে য’ত ৫০০০ টকাতকৈ কম কৰ জড়িত হৈ থকা ব্যৱস্থাৱলী ভংগ কৰা হয়); বা
  • আইনৰ বিধি অনুসৰি আৱশ্যকতা; বা
  • নথিপত্ৰত সহজে শুধৰণি কৰিব পৰা ভুল/থাকি যোৱা (আইনখনত ইয়াক নথিভুক্ত কৰােতে ৰৈ যোৱা ভুল বুলি ব্যাখ্যা কৰা হৈছে), যিটো কোনোধৰণৰ জালিয়াতিৰ উদ্দেশ্যে বা ইচ্ছাকৃত অৱহেলাৰে কৰা হোৱা নাই।

তদুপৰি, এমজিএলত য’ত একোটা নির্দিষ্ট ধনৰাশিৰ বা একোটা নির্ধাৰিত শতাংশৰ অর্থদণ্ডৰ কথা উল্লেখ আছে, তেনে ক্ষেত্ৰত সেয়া প্রযোজ্য হ’ব।

এমজিএলত আগবঢ়োৱা অর্থদণ্ডৰ পৰিমাণ কি ?

উত্তৰ : অনুচ্ছেদ ৬৬। (১)ত কোৱা হৈছে যে যিকোনো কৰযোগ্য লোকে অনুচ্ছেদ ৬৬ত উল্লিখিত যিকোনো অপৰাধ কৰিলে নিম্নোল্লিখিত পৰিমানতকৈ অধিক পৰিমানৰ অর্থদণ্ড প্রদান কৰিব পাৰিব ?

  • ফাঁকি দিয়া, “ৰিফাণ্ড” বা “ক্রেডিট’ হিচাপে জালিয়াতিৰে আহৰণ

কৰা, কর্তন নকৰা বা সংগ্ৰহ নকৰা বা কমকৈ কর্তন কৰা বা কমকৈ সংগ্ৰহ কৰা কৰাৰ পৰিমাণ; বা

  • ১০,δο০/- পৰিমাণৰ টকা;

তদুপৰি, অনুচ্ছেদ ৬৬ (২)ত কোৱা হৈছে যে যিকোনো পঞ্জীভুক্ত কৰযোগ্য লোকে যদি বাৰে বাৰে কৰ কমকৈ পৰিশোধ কৰে তেতিয়া তেওঁ অর্থদণ্ড পাবৰ যোগ্য হ’ব যাৰ পৰিমাণ তলত দিয়াবিলাকৰ দৰে হ’ব ?

  • কমকৈ দিয়া কৰাৰ ১০% বা
  • ১০,০০০ টকা

‘বাৰে বাৰে কমকৈ পৰিশোধ কৰাৰ ক্ষেত্ৰত অর্থদণ্ডৰ বিবেচনা কি হ’ব ?

উত্তৰ : অনুচ্ছেদ ৬৬ (২)ত ব্যাখ্যা কৰা হৈছে যে যিকোনো ধাৰাবাহিক ছয়টা কৰ সময়ত দিবলগীয়া (tax period) তিনিটা 'ৰিটাৰ্ণৰ ক্ষেত্ৰত কমকৈ পৰিশোধ কৰিলে অর্থদণ্ড আৰোপ কৰিবৰ জোখাৰে বাৰে বাৰে কমকৈ কৰা পৰিশোধ হিচাপে গণ্য কৰা হ’ব।

কৰযোগ্য লোকৰ বাহিৰে আন কোনো লোকক অর্থদণ্ড বিহাৰ বিধান আছেনে ?

উত্তৰ : হয়। অনুচ্ছেদ ৬৬ (৩)ত কোৱা হৈছে যে এনে কোনো লোকক ২৫,০০০/- টকা পর্যন্ত অর্থদণ্ড বিহিব পাৰে ?

  • ২১টা অপৰাধৰ যিকোনো এটা সংঘটিত কৰা বা সহযোগ কৰা;
  • ক্ৰয় কৰিবৰ বাবে যোগ্য যিকোনো পণ্য-সামগ্ৰীৰ যিকোনো ধৰণৰ লেনদেন;
  • আইন উলংঘা কৰি সম্পন্ন কৰা যোগান গ্রহণ কৰা বা লেনদেন কৰা;
  • চমন জাৰি কৰা একোট কর্তৃপক্ষৰ ওচৰত হাজিৰ হোৱাত ব্যর্থতা;
  • আইনৰ অধীনত দিবলগীয়া যিকোনো যোগানৰ চালান, চালানৰ হিচাপ-নিকাচ দিয়াত ব্যর্থতা।

আইন ভংগ কৰাৰ বাবে প্ৰদান কৰা অর্থদণ্ড কি যাৰ বাবে এমজিএলৰ অধীনত পৃথক অর্থদণ্ডৰ বিধান দিয়া নাই?

উত্তৰঃ এমজিএলৰ অনুচ্ছেদ ৬৭ত কোৱা হৈছে যে এই আইনৰ অধীনত আগবঢ়োৱা আইনৰ যিকোনো বিধান বা নিয়মাৱলী ভংগ কৰা যিকোনো লোকৰ ক্ষেত্ৰত যদিহে কোনো পৃথক অর্থদণ্ডৰ বিধান দিয়া নাই তেতিয়া তেওঁৰ ক্ষেত্ৰত বিহিবলগীয়া অর্থদণ্ডৰ পৰিমান ২৫,০০০/= টকা পর্যন্ত হ’ব পাৰে।

বৈধ নথিপত্র নোহোৱাকৈ পণ্য-সামগ্ৰী পৰিবহন কৰা বা বহীপত্ৰত সঠিক তথ্য নাৰাখি কৰা এৰাই চলিব বিচাৰিলে কি পদক্ষেপ গ্ৰহণ কৰিব পাৰে ?

উত্তৰ : যদি কোনো লোকে এই আইনৰ অধীনত নির্দিষ্ট কৰি দিয়া নথিপত্র (যেনে চালান আৰু ঘোষণা) নোহোৱাকৈয়ে পৰিবহনকালত কোনো পণ্য-সামগ্ৰী জমা ৰাখে বা পৰিবহন কৰে বা এনে সামগ্ৰী যোগান ধৰে বা তেওঁ চোৱা-চিতা কৰা বহীপত্ৰত নথিভুক্ত নকৰাকৈ জমা ৰাখে, তেতিয়া এনেধৰণৰ পণ্য-সামগ্ৰী আৰু সেয়া কঢ়িওৱা যিকোনো বাহনসহ আটক কৰিব পাৰে। এনেধৰণৰ পণ্য-সামগ্ৰী কেৱল তেতিয়াহে মোকলাই দিব পাৰে যেতিয়া প্রযোজ্য হ’বলগীয়া কৰ সুত আৰু অর্থদণ্ড পৰিশোধ কৰে বা উক্ত পৰিমাণৰ বন্ধক বা আমানত (security) দাখিল কৰে।

কোনো এজন লোকে সংযোগ আচনি (composition scheme)ৰ বাবে যোগ্য নোহোৱাকৈ সেই আঁচনি আহৰণ কৰিলে তেওঁৰ ক্ষেত্ৰত অর্থদণ্ডৰ বিধান কি ?

উত্তৰঃ অনুচ্ছেদ ৮(৩)ত কোৱা হৈছে যে যদি কোনো লোক তেওঁৰ কৰৰ দায়বদ্ধতাৰ বাবে সংযোজন আহৰণ কৰিছে আৰু তাৰ বাবে তেওঁ যোগ্য নহয় বুলি যদি প্রতিপন্ন হয় তেতিয়া সেই লোকজনে এই আইনৰ ব্যৱস্থাৱলীৰ অধীনত পৰিশোধ কৰিবলগীয়াকৰৰ সমপৰিমানৰ এক অর্থদণ্ড ভৰিব লাগিব, এয়া তেওঁৰ ওপৰত এজন সাধাৰণ কৰযোগ্য লোক হিচাপে আৰোপিত হ’ব আৰু এই অর্থদণ্ড তেওঁ পৰিশোধ কৰিবলগীয়া কৰৰ অতিৰিক্ত হ’ব।

ক্রোক কৰা (confiscation) মানে কি ?

উত্তৰ : “ক্রোক’ শব্দৰ সংজ্ঞা আইনখনত দিয়া নাই। এই শব্দটো ৰোমান আইনৰ পৰা উদ্ভৱ হৈছে য’ত সম্রাটৰ হাতলৈ কাঢ়ি অনা বা লৈ অহা বুজায় আৰু সাম্রাজ্যৰ ৰাজহ বা ৰাজকোষলৈ স্থানান্তৰ কৰা বুজায়। “ক্রোক’ কৰা শব্দৰ সংজ্ঞা ‘আয়াৰ্ছল লেক্সিকন'ত এনেদৰে দিয়া আছে — ‘অর্থদণ্ড হিচাপে চৰকাৰী ৰাজকোষলৈ অনাৰ উপযোগী (বেচৰকাৰী সম্পত্তি), ৰাষ্ট্ৰৰ বাবে ক্ষতিকৰ বুলি বিবেচিত সম্পত্তিৰ পৰা বঞ্চিত কৰা ।”

এমজিএলৰ অধীনত কি পৰিস্থিতিত পণ্য-সামগ্ৰী ক্রোক কৰিব পাৰি ?

উত্তৰ : এমজিএলৰ অনুচ্ছেদ ৭০ৰ অধীনত, তেতিয়াই পণ্য-সামগ্ৰী ক্রোক কৰাৰ যোগ্য যেতিয়া কোনো লোকে

  • এই আইনৰ যিকোনো বিধান ভংগ কৰি যিকোনো পণ্য-সামগ্ৰী যোগান ধৰে আৰু এনেধৰণৰ আইন উলংঘাই এই আইনৰ অধীনত পৰিশোধ কৰিবলগীয়া কৰৰ ফাঁকিৰ পথ মুকলি কৰে; বা
  • এই আইনৰ অধীনত আৱশ্যকীয় ধৰণে যিকোনো পণ্য-সামগ্ৰীৰ

হিচাপ-নিকাচ নাৰাখে; বা

  • এই আইনৰ অধীনত কৰ পৰিশোধ কৰিবলৈ বাধ্য অথচ পঞ্জীয়নৰ বাবে আবেদন নকৰাকৈ কৰা পণ্য-সামগ্ৰীৰ যিকোনো যোগান ধৰে; বা
  • কৰ ফাঁকি দিয়াৰ উদ্দেশ্যে এই আইনৰ যিকোনো ব্যৱস্থা/নীতি-নিয়ম উলংঘা কৰে।

ন্যায্য বিষয়াই ক্ৰোক কৰা পণ্য-সামগ্ৰীৰ কি হয় ?

উত্তৰ : ক্ৰোক কৰিলে, ক্ৰোক কৰা সামগ্ৰীৰ চত চৰকাৰৰ ওপৰত ন্যস্ত হয়, আৰু যি আৰক্ষী বিষয়াৰ প্ৰতি অনুৰোধ কৰা হয় তেনে প্ৰতিজন ন্যায্য আৰক্ষী বিষয়াই উক্ত পণ্য-সামগ্রী হস্তগত কৰাত সহায় কৰিব।

ক্ৰোক কৰাৰ পিছত উক্ত পণ্য-সামগ্ৰী মোকলাই নিবৰ বাবে সুযোগ দিয়া হ’বনে ?

উত্তৰ : হয়। অনুচ্ছেদ ৭০ (৬) অনুসৰি, ক্রোক কৰা পণ্য-সামগ্ৰীৰ গৰাকী বা তাৰ দায়িত্বত থকা লোকক ক্রোক অনুসৰি জৰিমনা ভৰিবলৈ সুযোগ দিয়া হয় (ক্রোক কৰা সামগ্ৰীৰ বজাৰ মূল্যতকৈ অধিক পৰিমানৰ নহয়)। এই জৰিমনা এনে সামগ্ৰীৰ কৰ আৰু অন্য পৰিশোধ কৰিবলগীয়া মাচুলৰ অতিৰিক্ত হ’ব।

নির্ধাৰিত নথিপত্র নোহোৱাকৈ পণ্য-সামগ্ৰী কঢ়িওৱা কোনো বাহন ক্রোক কৰিব পাৰেনে ?

উত্তৰ : হয়। অনুচ্ছেদ ৭১ত কোৱা হৈছে যে এই আইনৰ অধীনত নির্ধাৰিত নথিপত্র বা ঘোষণা নোহোৱাকৈ পণ্য-সামগ্ৰী কঢ়িওৱা যিকোনো বাহন ক্রোক কৰাৰ যোগ্য। অৱশ্যে, যদি বাহনখনৰ গৰাকীয়ে এই কথা প্রতিপন্ন কৰিব পাৰে যে নির্দিষ্ট নথিপত্র নোহোৱাকৈ পৰিবহন কৰা উক্ত পণ্য-সামগ্ৰীৰ বিষয়ে তেওঁ অৱগত নহয় বা তেওঁৰ

প্রতিনিধিয়ে সেই বিষয়ে নাজানে তেতিয়া পূৰ্বতে কৈ অহাৰ দৰে বাহনখন ক্রোক কৰাৰ যোগ্য নহ’ব। যদি বাহনখন পণ্য-সামগ্ৰী বা যাত্রী কঢ়িয়াবৰ বাবে ভাড়াত ব্যৱহৃত হয় তেতিয়া এনে বাহনৰ গৰাকীয়ে উক্ত পণ্য-সামগ্ৰীৰ ক্ষেত্ৰত পৰিশোধ কৰিবলগীয়া কৰাৰ সমপৰিমানৰ এক জৰিমনা আদায় দিয়াৰ সুযোগ লাভ কৰিব। অনুচ্ছেদ ৭২ত কোৱা হৈছে যে অনুচ্ছেদ ৭০ বা ৭১ৰ অধীনত সম্পন্ন কৰা ক্রোক বা অর্থদণ্ডৰ সমান্তৰালকৈ এই আইনৰ অধীনত বিধান দিয়া আৱশ্যকীয় নথিপত্র/ঘোষণা নোহোৱাকৈ পণ্য-সামগ্ৰী কঢ়িওৱা অপৰাধৰ বাবে থকা আন কোনো শাস্তি/পদক্ষেপ প্রযোজ্য হ’ব।

আইনগত ব্যৱস্থা (Prosecution) কি ?

উত্তৰ : আইনগত ব্যৱস্থা মানে হৈছে আইনগত প্রক্রিয়া সম্পন্ন কৰা বা তেনে কৰা প্রতিষ্ঠান; অপৰাধীৰ বিৰুদ্ধে আনুষ্ঠানিক দণ্ড কার্যকৰী কৰাৰ প্রক্রিয়া। ‘ক্রিমিনেল প্ৰচিডিউৰ ক’ড’ৰ অনুচ্ছেদ ১৯৮ত ‘আইনগত ব্যৱস্থাক এটা প্রতিষ্ঠান বুজাইছে আৰু একোজন লোকৰ বিৰুদ্ধে বিধিগত প্রক্রিয়া সম্পন্ন কৰা বুজাইছে।

এমজিএলৰ অধীনত আইনগত ব্যৱস্থাৰ বাবে চমন জাৰি কৰিবলগীয়া অপৰাধবোৰ কি কি ?

উত্তৰ : এমজিএলৰ অনুচ্ছেদ ৭৩ত এই আইনৰ অধীনস্থ গুৰুতৰ অপৰাধবিলাকৰ কথা উল্লেখ আছে যিবিলাকৰ বিৰুদ্ধে অপৰাধমূলক (criminal) আইনী ব্যৱস্থা গ্রহণ কৰিব পাৰি। এনেধৰণৰ ১২টা গুৰুতৰ অপৰাধৰ বিষয়ে তলত উল্লেখ কৰা হ’ল ?

১। একোখন চালান জাৰি নকৰাকৈ বা একোখন ভুৱা/অশুদ্ধ চালান জাৰি কৰি কৰা যোগান;

২। যোগান নকৰাকৈ চালান জাৰি কৰা;

৩। তিনি মাহতকৈ অধিক সময়ৰ বাবে সংগৃহীত কৰ পৰিশোধ কৰা;

৪ । তিনি মাহতকৈ অধিক সময়ৰ বাবে এই আইন উলংঘা কৰি সংগ্ৰহ কৰা কোনো কৰ জমা নিদিয়া;

৫। পণ্য-সামগ্ৰী আৰু/অথবা সেৱাৰ প্রকৃত ৰচিদ নোহোৱাকৈ ইনপুটৰ ক্রেডিট’ আহৰণ বা ব্যৱহাৰ কৰা;

৬। যিকোনো জালিয়াতিৰে “ৰিফাণ্ড’ আহৰণ কৰা;

৭।কৰ ফাঁকি দিয়াৰ উদ্দেশ্যে মিছা তথ্য দাখিল কৰা বা বিত্তীয় তথ্যপতিৰ জালিয়াতি কৰা বা ভুৱা হিচাপ-নিকাচ/নথিপত্র দাখিল কৰা;

৮। কোনো বিষয়াক তেওঁৰ কর্তব্য পালনত বাধা দিয়া বা প্ৰভাৱিত কৰা;

৯ । ক্ৰোক কৰিবৰ বাবে যোগ্য যিকোনো পণ্য-সামগ্ৰীৰ যোগান/পৰিবহন/জমাকৰণ;

১০। এই আইন উলংঘা কৰি কৰা যোগান গ্রহণ/লেনদেন কৰা;

১১। আইন/নীতি-নিয়ম অনুসৰি একোজন বিষয়াই বিচৰা তথ্যপাতি/নথিপত্র দাখিল কৰাত ব্যর্থতা বা যিকোনো ধৰণৰ কাৰ্যপন্থা চলি থকাৰ সময়ত মিছা তথ্য-পাতি/নথিপত্র দাখিল কৰা;

১২। ওপৰৰ ১১টা অপৰাধৰ যিকোনো এটা সংঘটিত কৰিবলৈ চেষ্টা কৰা বা এই ক্ষেত্ৰত আয়োগক বিপথে পৰিচালিত কৰিব বিচৰা।

এমজিএলৰ অধীনস্থ যিকোনো অপৰাধৰ শাস্তিৰ বিধান কি আছে?

উত্তৰ: অনুচ্ছেদ ৭৩ (১)ত আগবঢ়োৱা শাস্তিৰ বিধান এনেধৰণৰ:

জড়িত অপৰাধ শাস্তি (...লৈ প্ৰসাৰিত কাৰাবাস)

২৫০ লাখ টকাৰ অধিক কৰ ফাঁকি              ৫ বছৰ আৰু জৰিমনা

৫০ লাখ টকাৰ পৰা ২৫০ লাখ টকাৰ কৰ ফাঁকি     ৩ বছৰ আৰু জৰিমনা

২৫ লাখ টকাৰ পৰা ৫০ লাখ টকাৰ কৰ ফাঁকি      ১ বছৰ আৰু জৰিমনা

অনুচ্ছেদ ৭৩ (২)ত কোৱা হৈছে যে এই অনুচ্ছেদত যিকোনো দ্বিতীয় বা পৰৱৰ্তী অপৰাধ কাৰাবাসৰ শাস্তিৰ বাবে যোগ্য হ’ব, যি কাৰাবাসৰ পৰিমাণ ৫ বছৰকৈ প্ৰসাৰিত হ’ব পাৰে আৰু এক অর্থদণ্ড প্রযোজ্য হ’ব। অৱশ্যে, কোনো অপৰাধৰ বাবে ছমাহৰ কম সময়ৰ বাবে কাৰাবাস নহ’ব।

এমজিএলৰ অধীনত কোনবিলাক আদালতৰ সন্মতি নোহোৱাকৈ আৰক্ষীয়ে মাতমিট কৰিব পৰা (cognizable) আৰু নোৱৰা (non-cognizable) অপৰাধ?

উত্তৰ: এমজিএলৰ অনুচ্ছেদ ৭৩ (৩) আৰু ৭৩ (৪) অনুসৰি:

  • ২৫০ লাখতকৈ কম টকাৰ কৰ ফাঁকি দিয়া সকলো গোচৰ ‘ননকগনিজেবল’ আৰু জামিনযোগ্য;
  • ২৫০ লাখতকৈ অধিক টকাৰ কৰ ফাঁকি দিয়া সকলো গোচৰ ‘কগনিজেবল’ আৰু জামিন অযোগ্য;

প্রশ্ন ১৯: আইনী ব্যৱস্থা গ্ৰহণ কৰিবৰ বাবে কর্তৃত্বশীল কর্তৃপক্ষৰ আগতীয়া অনুমোদনৰ প্রয়োজন আছেনে ?

উত্তৰঃ হয়, ন্যায় সংগত কর্তৃপক্ষৰ আগতীয়া অনুমোদন নোহোৱাকৈ কোনো লোকৰ

বিৰুদ্ধে কোনো অপৰাধৰ বাবে আইনগত ব্যৱস্থা গ্রহণ কৰিব নোৱাৰে।

এম জি এলৰ অধীনত অপৰাধ সংঘটিত কৰাৰ মানসিকতাসম্পন্ন লোকক (Mensrea) আইনগত ব্যৱস্থা গ্ৰহণ কৰিব পাৰেনে ?

উত্তৰ: হয়, অৱশ্যে, অনুচ্ছেদ ৭৫ ত এনে মানসিকতাৰ (অর্থাৎ অপৰাধ সংঘটিত(Culpable Mental State) বিষয়ে উল্লেখ আছে যদিও অপৰাধ সংঘটিত নকৰা পর্যন্ত তেওঁৰ বিৰুদ্ধে আইনগত ব্যৱস্থা গ্রহণ কৰিব নোৱাৰি; কিন্তু অপৰাধ সংঘটিত যাতে কৰিব নোৱাৰে আইনগতভাৱে তাৰ দিহা কৰিব পাৰে।

অপৰাধ সংঘটিত কৰিব পৰা মানসিকতা (Culpable Mental State) কি?

উত্তৰ: অপৰাধ সংঘটিত কৰিব পৰা মানসিকতা বুলিলে তেনে কার্য সম্পন্ন কৰা বুজায়:

  • যি কাম ইচ্ছাকৃত;
  • এনে কাম আৰু ইয়াৰ সংঘটন আগতীয়াকৈ বুজিব পাৰি আৰু নিয়ন্ত্রণযোগ্য;
  • এনে কার্য সম্পন্ন কৰা লোকক তেনে নকৰিবৰ বাবে জটিলতাবোৰ অতিক্ৰম কৰাব পাৰি;
  • এনে লোকে এই কথা বিশ্বাস কৰে বা বিশ্বাস কৰিবলৈ যুক্তি থাকে যে উক্ত কাম আইনবিৰুদ্ধ।

এম জি এলৰ অধীনত যিকোনো অপৰাধৰ বাবে একোটা কোম্পানীৰ বিৰুদ্ধে আইনগত ব্যৱস্থা গ্রহণ কৰিব পাৰিনে ?

উত্তৰ: হয়, এম জি এলৰ অনুচ্ছেদ ৭৭ত কোৱা হৈছে যে একোটা কোম্পানীৰ ব্যৱসায় পৰিচালনা কৰাৰ দায়িত্বত থকা প্ৰতিজন লোকৰ লগতে কোম্পানীটো নিজে ইয়াৰ দ্বাৰা সংঘটিত কৰা একোটা অপৰাধৰ বাবে আইনগত প্রক্রিয়া আৰু শাস্তি লাভৰ বাবে দায়বদ্ধ যদিহে এনে লোক কোম্পানীৰ উক্ত কামৰ দায়িত্বত থাকে। যদি কোম্পানীটোৱে এনে কোনো অপৰাধ সংঘটিত কৰে—

  • সন্মতি/সহযোগিতাৰে সংঘটিত হ’লে, বা
  • নিজৰ অৱহেলাৰ বাবে যদি সংঘটিত হয়—

কোম্পানীটোৰ যিকোনো বিষয়াৰ দ্বাৰা ওপৰত উল্লিখিত কার্য সম্পন্ন হ’লে তেনে বিষয়াক উল্লিখিত অপৰাধৰ বাবে দোষী সাব্যস্ত কৰিব পাৰে আৰু তেওঁৰ বিৰুদ্ধে আইনগত ব্যৱস্থা গ্রহণ কৰাৰ লগতে সেই অনুসৰি শাস্তিও বিহিব পাৰে।

অপৰাধৰ মাতমিট (Compounding) কি ?

উত্তৰ: ‘ক’ড অৱ ক্রিমিনেল প্রচিডিঅ’ৰ’ৰ অনুচ্ছেদ ৩২০ত ‘মাতমিট’ৰ সংজ্ঞা এনেদৰে দিছে— বিবেচনাৰ বাবে যিকোনো ব্যক্তিগত মনোভাবৰ বাবে আইনগত ব্যৱস্থাৰ পৰা আঁতৰাই ৰখা।

এম জি এলৰ অধীনত যিকোনো অপৰাধ মাতমিট কৰিব পাৰিনে ?

উত্তৰ: হয়, এম জি এলৰ অনুচ্ছেদ ৭৮ অনুসৰি তলত দিয়াবিলাকৰ বাহিৰে আন যিকোনো অপৰাধ নির্ধাৰিত পৰিমাণৰ ধনৰাশি (Compounding Amount) পৰিশোধ কৰাৰ পিছত আইনগত প্রক্রিয়া আৰম্ভ হোৱাৰ আগতে বা পিছত মাতমিট কৰিব পাৰি ?

  • ১২ টা প্রধান অপৰাধৰ ১ ৰ পৰা ৭ লৈ (ওপৰৰ প্রশ্ন ১৬ ত উল্লেখ

কৰা হৈছে), উল্লিখিত অপৰাধবিলাকৰ ক্ষেত্ৰত যদিহে কোনো লোকক পূৰ্বতে ৰেহাই দিয়া হৈছিল;

  • ১২ টা প্রধান অপৰাধৰ ১ ৰ পৰা ৭ লৈ, যদি লোকজনৰ বিৰুদ্ধে উত্থাপিত অপৰাধ সংক্রান্তত পূৰ্বতে ৰেহাই দিয়া হৈছিল আৰু তেওঁ পুনৰ তেনে অপৰাধত লিপ্ত হয়;
  • এছ জি এছ টি আইন বা আই জি এছ টি আইনৰ অধীনত এক কোটি টকাৰ অধিক মূল্যৰ কোনো যোগান সম্পন্ন কৰোতে সংঘটিত কৰা যিকোনো অপৰাধ (ওপৰত উল্লেখ কৰা অপৰাধবিলাকৰ বাহিৰে)ৰ বাবে কোনো লোকক যদি দোষী সাব্যস্ত কৰা হয় আৰু উল্লিখিত অপৰাধৰ ক্ষেত্ৰত যদি পূর্বতে তেওঁক ৰেহাই দিয়া হৈছিল;
  • চি জি এছ টি/ এছ জি এছ টিৰ বাহিৰে এন ডি পি এছ এ বা এফ ই এম এ বা আন যিকোনো আইনৰ অধীনত সংঘটিত যিকোনো অপৰাধ;
  • এই ক্ষেত্ৰত আন যিকোনো শাখাৰ অপৰাধ বা লোকক আইনৰ আওতালৈ আনিব পাৰে।

কেৱল কৰ, সুত পৰিশোধ কৰাৰ পিছতহে ৰেহাই অনুমোদিত হ’ব পাৰে আৰু অন্য যিকোনো আইনৰ অধীনত ইতিমধ্যে চলি থকা কোনো প্রক্রিয়াতে এই ৰেহায়ে প্ৰভাৱ নেপেলায় |

অপৰাধৰ ক্ষেত্ৰত ৰেহাই দিওঁতে কোনো ধৰণৰ আর্থিক সীমাবদ্ধতা আছেনে ?

উত্তৰ: হয়, আইনগত প্রক্রিয়াৰ পৰা ৰেহাইৰ ধনৰাশি (Compounding Amount)ৰ নিম্নতম সীমা তলত দিয়া পৰিমাণবিলাকতকৈ অধিক হ’ব লাগিব:

  • জড়িত হৈ থকা কৰৰ ৫০ শতাংশ, বা
  • ১০,০০০ টকা।

আইনগত প্ৰক্ৰিয়াৰ পৰা ৰেহাইৰ ধনৰাশিৰ উচ্চতম সীমা তলত দিয়া পৰিমাণবিলাকতকৈ অধিক হ’ব লাগিব:

  • জড়িত হৈ থকা কৰৰ ১৫০ শতাংশ, বা
  • ৩০,০০০ টকা।

এম জি এলৰ অধীনত যিকোনো অপৰাধৰ ৰেহাইৰ পৰিণতি কি ?

উত্তৰ: অনুচ্ছেদ ৭৭ ৰ উপ-অনুচ্ছেদ (৩)ত কোৱা হৈছে যে ৰেহাইৰ ধনৰাশি পৰিশোধ কৰাৰ পিছত এই আইনৰ অধীনত আৰম্ভ কৰিবলগীয়া প্রক্রিয়া আৰু ইতিমধ্যে আৰম্ভ কৰা অপৰাধমূলক গোচৰৰ প্রক্রিয়া পৰিহাৰ কৰা হ’ব।

উৎস : চেন্ট্ৰেল ব’ৰ্ড অৱ এক্সাইজ এণ্ড কাষ্টমছ

শেহতীয়া উন্নীতকৰণ: : 1/10/2023



© C–DAC.All content appearing on the vikaspedia portal is through collaborative effort of vikaspedia and its partners.We encourage you to use and share the content in a respectful and fair manner. Please leave all source links intact and adhere to applicable copyright and intellectual property guidelines and laws.
English to Hindi Transliterate