অংশিদাৰী
Views
  • স্থিতি: সম্পাদনাৰ বাবে মুকলি

আগতীয়া মীমাংস(Advance Ruling)

আগতীয়া মীমাংস(Advance Ruling)ৰ বিষয়ে লিখা হৈছে

আগতীয়া মীমাংসাৰ অৰ্থ কি ?

উত্তৰ : আহি চিজিএছাট/জি.এছটিৰ অনুচ্ছেদ ৯৪ অনুসৰি ‘আগতীয়া মীমাংসা’ (advance ruling) মানে হৈছে অনুচ্ছেদ ৯৭ত বর্ণিত বিভিন্ন বিষয় বা বিভিন্ন প্রশ্ন আৰু সেই সন্দৰ্ভত দাখিল কৰা আবেদনৰ (অনুচ্ছেদ ৯৯) ওপৰত কর্তৃপক্ষই একোজন আবেদনকাৰীক দিয়া একোটা লিখিত সিদ্ধান্ত।

অনুচ্ছেদ ৯৭ত বৰ্ণিত কোনবোৰ বিষয়ৰ বাবে আগতীয়া মীমাংসা বিচাৰিব পাৰি ?

উত্তৰ : তলত দিয়া বিষয়বোৰৰ বাবে আগতীয়া মীমাংসা বিচাৰিব পাৰি ?

(ক) এই আইনৰ অধীনত যিকোনো পণ্য-সামগ্ৰী অথবা সেৱাৰ শ্রেণী বিভাজন;

(খ) কৰাৰ নিৰিখৰ ওপৰত এক আৰোপনসহ এই আইনৰ ব্যৱস্থাৱলীৰ অধীনত জাৰি কৰা অধিসূচনাৰ প্রয়োগ;

(গ) এই আইনৰ ব্যৱস্থাৱলীৰ অধীনত পণ্য-সামগ্ৰী অথবা সেৱাৰ মূল্য নিৰূপণৰ উদ্দেশ্যে গ্রহণ কৰিবলগা নীতি;

(ঘ) পৰিশোধ কৰা বা কৰিবলগা কৰাৰ ইনপুট টেক্স ক্রেডিট’ৰ গ্ৰহণযোগ্যতা;

(ঙ) এই আইনৰ অধীনত যিকোনো পণ্য-সামগ্ৰী অথবা সেৱাৰ ওপৰত পৰিশোধ কৰিবলগা সেনাৰ নিৰ্ধাৰণ;

(চ) এই আইনৰ অধীনত আবেদনকাৰী পঞ্জীভুক্ত হ’ব লাগেনে নালাগে;

(ছ) যিকোনো পণ্য-সামগ্ৰী অথবা সেৱাৰ নিৰিখ অথবা একোটা পণ্য-সামগ্ৰী অথবা সেৱাৰ যোগানৰ পৰিণতিৰ ক্ষেত্ৰত আবেদনকাৰীয়ে কৰা কোনো নির্দিষ্ট কামৰ ক্ষেত্ৰত |

আগতীয়া মীমাংসাৰ এক ব্যৱস্থাপনা থকাৰ উদ্দেশ্য কি ?

উত্তৰ : এনে এক কর্তৃপক্ষ গঠন কৰাৰ বিস্তৃত উদ্দেশ্য হৈছে :

১। আবেদনকাৰীয়ে গ্রহণ কৰিবলগীয়া একোটা কামৰ সৈতে সংগতি ৰাখি আগতীয়াকৈ কৰৰ দায়বদ্ধতাৰ নিশ্চয়তা প্রদান কৰা;

২/বিদেশী প্ৰত্যক্ষ বিনিয়োগ আকৰ্ষন কৰা (Foreign Dirrect Investment)

৩। মোকৰ্দমা হ্রাস কৰা;

৪। স্বচ্ছ আৰু খৰচীবিহীনভাৱে খৰতকীয়াকৈ মীমাংসা দিয়া।

জিএছটিৰ অধীনত আগতীয়া মীমাংসাৰ কর্তৃপক্ষৰ (Authority for Advance Rulings) গঠন কি হব ?

উত্তৰ : আগতীয়া মীমাংসাৰ কর্তৃপক্ষ (এএআৰ)ত থাকিব। এজন চিজিএছাট সদস্য আৰু এজন। এছজিএছাট সদস্য। তেওঁলোকক কেন্দ্রীয় আৰু ৰাজ্যিক চৰকাৰে পর্যায়ক্রমে নিযুক্তি দিব। এই নিযুক্তিৰ বাবে তেওঁলোকৰ শিক্ষাগত অৰ্হতা আৰু সক্ষমতাৰ বিষয়ে আহি জিএছাট নিয়মাৱলীত উল্লেখ থাকিব। (অনুচ্ছেদ ৯৫)

আগতীয়া মীমাংসাৰ আবেদন-গ্ৰহণ কর্তৃপক্ষ (Appellate Authority for Advance Rulings) কি আৰু ইয়াৰ গঠন কেনেকৈ হ’ব ?

উত্তৰ : আগতীয়া মীমাংসাৰ আবেদন-গ্ৰহণ কর্তৃপক্ষ (এএএআৰ)ই এএআৰে দিয়া

আগতীয়া মীমাংসাৰ বিৰুদ্ধে কৰা আবেদনৰ শুনানি গ্রহণ কৰিব। ই গঠিত হ’ব দুজন সদস্য অর্থাৎ চেণ্টেল ব’ৰ্ড অফ এক্সাইজ এণ্ড কাষ্টমছ (চিবিইচি)ৰ দ্বাৰা নিয়োজিত চিজিএছটিৰ মুখ্য আয়ুক্ত আৰু আবেদনকাৰীৰ ওপৰত ন্যায়িক ক্ষমতা থকা এছজিএছাটিৰ আয়ুক্ত। (অনুচ্ছেদ ৯৬)

জিএছটিৰ অধীনত। এএআৰ আৰু এএএআৰ কেনেকৈ গঠিত হ’ব ?

উত্তৰঃ প্ৰতিখন ৰাজ্যৰ বাবে একোখনকৈ এএআৰ আৰু এএএআৰ থাকিব। (অনুচ্ছেদ ৯৫ আৰু ৯৬)

কাৰ ক্ষেত্ৰত আগতীয়া মীমাংসা প্রযোজ্য হ’ব ?

উত্তৰ : অনুচ্ছেদ ১০২ত কোৱা হৈছে যে এএআৰ অথবা এএএআৰে দিয়া একোটা আগতীয়া মীমাংসা কেৱল আবেদনকাৰীৰ ওপৰত আৰু আবেদনকাৰীৰ ন্যায়সংগত কৰ কর্তৃপক্ষৰ ওপৰত প্রযোজ্য হ’ব। ই স্পষ্টভাৱে এই অর্থ কৰিছে যে একোটা আগতীয়া মীমাংসা ৰাজ্যত একেদৰে সংস্থাপিত কৰযোগ্য লোকৰ ক্ষেত্ৰত প্রযোজ্য নহ’ব। ই কেৱল এটা আগতীয়া মীমাংসাৰ বাবে আবেদন কৰা লোকজনৰ ওপৰতহে প্রযোজ্য হ’ব।

আগতীয়া মীমাংসা প্রয়োগৰ সময়সীমা কি ?

উত্তৰ : আগতীয়া মীমাংসা প্রয়োগ কৰিবৰ বাবে আইনত নির্ধাৰিত সময়সীমা উল্লেখ কৰা নাই। তাৰ পৰিৱৰ্তে অনুচ্ছেদ ১০২ত, কোৱা হৈছে যে আগতীয়া মীমাংসা সেই সময়লৈকে প্রযোজ্য হ’ব যেতিয়া আগতীয়া মীমাংসাৰ সপক্ষে থকা আইন, কার্যকাৰণ অথবা পৰিস্থিতি সলনি হয়।

প্ৰদান কৰা একোটা আগতীয়া মীমাংসা বাতিল কৰিব পাৰিনে ?

উত্তৰ : অনুচ্ছেদ ১০৩ত কোৱা হৈছে যে যদি এএআৰ আৰু এএএআৰে গণ্য কৰে।

যে আবেদনকাৰীয়ে জালিয়াতি অথবা প্রকৃত কার্য-কাৰণ গোপন কৰি অথবা প্রকৃত কার্য-কাৰণৰ অপব্যাখ্যা কৰি আগতীয়া মীমাংসা আহৰণ কৰিছে তেনে ক্ষেত্ৰত ইয়াক স্থগিত বা বাতিল কৰিব পাৰিব। এনে এক পৰিস্থিতিত চিজিএছাট/এছজিএছাট আইনৰ সকলো ব্যৱস্থা আবেদনকাৰীৰ ওপৰত এনেদৰে প্রয়োগ কৰা হ’ব, যেন এনে আগতীয়া মীমাংসা কেতিয়াও কৰা হোৱা নাই (কিন্তু যি সময়ত আগতীয়া মীমাংসা দিয়া হয় সেই সময়ক বাদ দি আৰু সেই সময়লৈকে যি সময় পর্যন্ত উক্ত নির্দেশনা বাতিল কৰা বুলি ঘোষণা জাৰি কৰা হয়)। আগতীয়া মীমাংসা বাতিল কৰা বুলি কৰা একোটা ঘোষণা কেৱল আবেদনকাৰীৰ শুনানি গ্রহণ কৰাৰ পিছতহে কৰিব পাৰি।

আগতীয়া মীমাংসা আহৰণৰ প্রক্রিয়া কি ?

উত্তৰ : অনুচ্ছেদ ৯৭ আৰু ৯৮ত আগতীয়া মীমাংসা আহৰণৰ প্রক্রিয়া সম্পর্কে উল্লেখ আছে। অনুচ্ছেদ ৯৭ত কোৱা হৈছে যে আগতীয়া মীমাংসা আহৰণ কৰিব বিচৰা আবেদনকাৰীয়ে একোটা নির্ধাৰিত প্ৰ-পত্ৰত আৰু নির্ধাৰিত ধৰণে এএআৰলৈ আবেদন কৰিব লাগিব। প্র-পত্ৰৰ আহি আৰু আবেদন কৰাৰ সবিশেষ প্রক্রিয়াৰ বিষয়ে আহি জিএছটি নিয়মাৱলী উল্লেখ কৰা থাকিব।

অনুচ্ছেদ ৯৮ত আগতীয়া মীমাংসাৰ বাবে জনোৱা আবেদনৰ প্রক্রিয়া সম্পর্কে কোৱা হৈছে। এএআৰে আবেদনৰ এটা কপি সেই বিষয়াজনলৈ প্ৰেৰণ কৰিব যাৰ ন্যায়িক জিন্মাত আবেদনকাৰীজন পৰে আৰু সকলো যাৱতীয় তথ্য-পাতি প্ৰেৰণ কৰিব। তাৰ পিছত এএআৰে তথ্য পাতিৰ লগতে আবেদনখন পৰীক্ষা কৰি চাব পাৰে আৰু আবেদনকাৰীৰ শুনানিও গ্রহণ কৰিব পাৰে। তাৰ পিছত তেওঁ আবেদনখন স্বীকাৰ বা নাকচ কৰি এটা নির্দেশনা জাৰি কৰিব পাৰে।

কি পৰিস্থিতিৰ অধীনত আগতীয়া মীমাংসাৰ বাবে জনোৱা আবেদন নিশ্চিতভাৱে নাকচ কৰিব পাৰি ?

উত্তৰ : অনুচ্ছেদ ৯৮(২)ৰ অধীনত উল্লিখিত কেতবোৰ নির্দিষ্ট তত আবেদন নাকচ কৰিব পাৰি, সেইবিলাক তলত উল্লেখ কৰা হ’ল ?

(ক) যদি আবেদনত উত্থাপন কৰা প্রশ্ন যিকোনো এফএএ, এপীলেট ট্রিবিউনেল বা আদালতত আবেদনকাৰীৰ গোচৰত ইতিমধ্যে নিম্পত্তি নোহোৱাকৈ আছে;

(খ) যদি আবেদনত উত্থাপিত প্রশ্ন ইতিমধ্যে এফএএ, এপীলেট ট্রিবিউনেল বা যিকোনো আদালতে সিদ্ধান্ত গ্রহণ কৰা বিষয় সন্দৰ্ভত হয়;

(গ) আবেদনত উত্থাপিত প্রশ্ন যদি এই আইনৰ যিকোনো ব্যৱস্থাৱলীৰ অধীনত আবেদনকাৰীৰ গোচৰত যিকোনো পৰ্য্যায়ত ইতিমধ্যে নিম্পত্তি নোহোৱাকৈ  থকা বিষয়ৰ সৈতে একে হয়;

(ঘ) আবেদনত উত্থাপিত প্রশ্ন যদি ন্যায় বিচাৰকাৰী কর্তৃপক্ষ বা গণনাকাৰী কর্তৃপক্ষৰ দ্বাৰা,যিয়েই প্রযোজ্য হয়, আবেদনকাৰীৰ গােচৰৰ ক্ষেত্ৰত একোটা বিষয়ত ইতিমধ্যে সিদ্ধান্ত গ্রহণ কৰা বিষয়ৰ সৈতে একে হয়;

যদি আবেদন নাকচ কৰা হয় আবেদনৰ কাৰণবিলাক প্রদান কৰি এক মৌখিক নির্দেশনাৰ জৰিয়তে কৰিব লাগিব।

আবেদন গ্রহণ কৰিলে এএআৰে অনুসৰণ কৰিবলগীয়া প্রক্রিয়া কি ?

উত্তৰ : যদি আবেদন গ্রহণ কৰা হয়, এএআৰে আবেদন গ্ৰহণৰ ৯০ দিনৰ ভিতৰত এই কথা ঘোষণা কৰিব লাগিব। ইয়াৰ মীমাংসা প্ৰদান কৰাৰ আগতে ই আবেদন পৰীক্ষা কৰিব আৰু আবেদনকাৰীয়ে বা সংশ্লিষ্ট বিভাগীয় বিষয়াই দাখিল কৰা যিকোনো পৰৱতী বিষয় পৰীক্ষা কৰিব।

মীমাংসা প্ৰদান কৰাৰ আগতে এএআৰে নিশ্চিতভাৱে আবেদনকাৰী বা

চিজিএছাট/এছজিএছািটৰ ন্যায়সংগত বিষয়াৰ দৰে তেওঁৰ কর্তৃত্বপ্রাপ্তপ্রতিনিধিৰ শুনানি গ্রহণ কৰিব লাগিব।

এএআৰৰ সদস্যসকলৰ মাজত মতৰ পাৰ্থক্য থাকিলে কি হ’ব ?

উত্তৰঃ এএআৰৰ সদস্য দুজনৰ মাজত যদি মতৰ পাৰ্থক্য থাকে তেতিয়া তেওঁলোকে এএএআৰলৈ বিষয়টো সন্দৰ্ভত শুনানি গ্রহণ কৰিবৰ বাবে তেওঁলোকৰ মতৰ পাৰ্থক্য থকা বিষয় বা বিষয়বোৰ প্ৰেৰণ কৰিব। যদি এএআৰে তেওঁলোকলৈ প্ৰেৰণ কৰা বিষয় (বিলাক)ৰ ক্ষেত্ৰত এএএআৰৰ সদস্যসকলো এক মীমাংসাত আহিবলৈ অসমর্থ হয়, তেতিয়া এএএআৰৰ পৰ্য্যায়ত বৈসাদৃশ্য ৰৈ যোৱা প্রশ্নৰ ক্ষেত্ৰত কোনো আগতীয়া মীমাংসা দিব নোৱাৰিব।

এএআৰৰ নির্দেশনাৰ বিৰুদ্ধে আবেদন কৰাৰ বাবে কি ব্যৱস্থাৱলী আছে?

উত্তৰ : আহি জিএছাট আইনৰ অনুচ্ছেদ ৯৯ আৰু ১০০ত এএএআৰতি আবেদন কৰাৰ ব্যৱস্থাৱলীৰ বিষয়ে উল্লেখ আছে।

এএআৰৰ সিদ্ধান্তৰ ক্ষেত্ৰত আবেদনকাৰী যদি সন্তুষ্ট নহয় তেতিয়া তেওঁ এএএআৰতি আবেদন দাখিল কৰিব পাৰে। একেদৰে, চিজিএছাট/এছজিএছটিৰ নির্ধাৰিত বা ন্যায়সংগত বিষয়া এএআৰৰ সিদ্ধান্তৰ সৈতে একমত নহয়, তেতিয়াও তেওঁ এএএআৰতি আবেদন দাখিল কৰিব পাৰে। চিজঞিছটি/এছজিএছটিৰ নির্ধাৰিত বিষয় মানে হৈছে এজন বিষয়া, যাক আগতীয়া মীমাংসাৰ বাবে দাখিল কৰা একোখন আবেদনৰ ক্ষেত্ৰত চিজিএছটি/এছজিএছটি প্রশাসনে নিয়োগ কৰে। সাধাৰণ পৰিস্থিতিত, সংশ্লিষ্ট বিষয়াজনেই সেইজন বিষয়া হ’ব যাৰ ন্যায়িক জিম্মত আবেদনখন পৰে। এনে ক্ষেত্ৰসমূহত সংশ্লিষ্ট বিষয়াজনেই ন্যায়সংগত চিজিএছাট/এছজিএছাট বিষয়া হ’ব।যিকোনো আবেদন আগতীয়া মীমাংসা লাভ কৰাৰ তাৰিখৰ পৰা ৩০ দিনৰ ভিতৰত দাখিল কৰিব লাগিব। এই আবেদন নির্ধাৰিত প্ৰ-পত্ৰত দিব লাগিব আৰু নির্ধাৰিত পদ্ধতিৰে পৰীক্ষা কৰা হ’ব লাগিব। আহি জিএছাট নিয়মাৱলীত এই সন্দৰ্ভত উল্লেখ থাকিব।এপীলেট অথৰিটীয়ে একোখন আবেদন দাখিলৰ ৯০ দিনৰ ভিতৰত আবেদনৰ পক্ষসমূহৰ শুনানি গ্রহণ কৰাৰ পিছত নিশ্চিতভাৱে এটা নির্দেশনা জাৰি কৰিব লাগিব। যদি আবেদনত উল্লিখিত কোনো বিষয়া সন্দৰ্ভত এএএআৰৰ সদস্যসকলৰ মাজত মতৰ পাৰ্থক্য হয় তেতিয়া ধৰি লোৱা হ’ব যে আবেদনৰ অধীনত উত্থাপিত প্রশ্নৰ ক্ষেত্ৰত আগতীয়া মীমাংসা জাৰি কৰা হোৱা নাই।

এএআৰ আৰু এএএআৰে মীমাংসাত ভুল শুধৰণিৰ বাৰে নির্দেশ দিব পাৰেনে ?

উত্তৰ : হয়। আইনখনৰ অনুচ্ছেদ ১০১ত। এএআৰ আৰু এএএআৰক নির্দেশনা জৰি কৰাৰ পৰা ছমাহ সময়ৰ ভিতৰত উক্ত তথ্যৰ পৰা উদ্ভৱ হোৱা যিকোনো ভুল শুধৰাবলৈ তেওঁলোকৰ নির্দেশনাৰ সংশোধন কৰিবলৈ ক্ষমতা প্রদান কৰা হৈছে। এনেধৰণৰ ভুল কর্তৃপক্ষই ইয়াৰ নিজৰ তৎপৰতাত লক্ষ্য কৰিব পাৰে বা আবেদনকাৰীয়ে বা নির্ধাৰিত বা ন্যায়সংগত ছিজিএচটি/এছজিএছাট বিষয়াই দৃষ্টিগোচৰ কৰাব পাৰে। যদি এনেদৰে কৰা শুধৰণিৰ ফলত কৰাৰ দায়বদ্ধতা বৃদ্ধি কৰিবলগীয়া হয় বা ইনপুট টেক্স ক্রেডিট’ৰ পৰিমাণ হাস কৰিবলগীয়া হয়, নির্দেশনা জৰি কৰাৰ পূর্বে আবেদনকাৰীৰ শুনানি নিশ্চিতভাৱে গ্ৰহণ কৰিব লাগিব।

উৎস : চেন্ট্ৰেল ব’ৰ্ড অৱ এক্সাইজ এণ্ড কাষ্টমছ

2.91666666667
আপোনাৰ পৰামৰ্শ প্ৰদান কৰক

(এই লিখনি সম্পৰ্কে যদি আপোনাৰ কোনো মতামত নাইবা পৰামৰ্শ আছে তেন্তে ইয়াত প্ৰদান কৰক।)

Enter the word
দিক্‌ নিৰ্ণায়ক
Back to top