অংশিদাৰী
Views
  • স্থিতি: সম্পাদনাৰ বাবে মুকলি

পৰিদৰ্শন,খানাতালাচ,জব্দ আৰু গ্রেপ্তাৰ

পৰিদৰ্শন, খানাতালাচ, জব্দ আৰু গ্রেপ্তাৰৰ বিসয়ে লিখা হৈছে

‘খানাতালাচ’ (Search)ৰ অৰ্থ কি ?

উত্তৰঃ আইনৰ অভিধানমতে আৰু বিভিন্ন ন্যায়িক উদ্ধৃতিত “খানাতালাচ’ শব্দটােৱে, সাধাৰণ ভাষাত, কিবা লুকুৱাই ৰখা বস্তু বা একোটা অপৰাধৰ প্রমাণ আৱিষ্কাৰ কৰাৰ উদ্দেশ্যে একোটা চৰকাৰী ব্যৱস্থাপনা একোখন ঠাই, অঞ্চল, ব্যক্তি, বস্তু ইত্যাদিলৈ যোৱা, তন্ন-তন্নকৈ চোৱা বা সতর্কতাৰে পৰীক্ষা কৰা বুজায়। আইনৰ সঠিক আৰু বৈধ কর্তৃপক্ষৰ অধীনতহে কেৱল একোজন লোক বা বাহন বা চৌহদ ইত্যাদিত খানাতালাচ কৰিব পাৰে।

পৰিদৰ্শন’ (Inspection) শব্দটোৰ অৰ্থ কি ?

উত্তৰঃ এমজিএলৰ অধীনত ‘পৰিদৰ্শন’ এটা নতুন ব্যৱস্থা। কোনো কৰযোগ্য লোকৰ ব্যৱসায়ৰ স্থানত বা কোনো লোকৰ, যিজন পণ্য-সামগ্ৰী পৰিবহনত জড়িত বা যিজন একোটা ভড়াল বা গুদাম ঘৰৰ স্বত্বাধিকাৰী বা পৰিচালক আদিৰ ব্যৱসায়ৰ যিকোনো স্থানত প্ৰৱেশ কৰিবলৈ বিষয়াসকলক ক্ষমতা প্রদান কৰিবলৈ ই খানাতালাচীতকৈ তুলনামূলকভাৱে এটা সহজ ব্যৱস্থা।

পৰিদৰ্শন’কৰিবলৈ কোনেনির্দেশ দিব পাৰে আৰু কি পৰিস্থিতিৰ অধীনত?

উত্তৰঃ এমজিএলৰ অনুচ্ছেদ ৬০ অনুসৰি কেৱল তেতিয়াহে চিজিএছাট/এছজিএছটিৰ একোজন বিষয়াই পৰিদৰ্শন কৰিব পাৰে যেতিয়া যুটীয়া আয়ুক্ত তাতোকৈ ওপৰৰ পর্যায়ৰ এজন বিষয়াইলিখিত কর্তৃত্ব প্রদান কৰে। একোজন যুটীয়া আয়ুক্ত বা তাতোকৈ ওপৰৰ পৰ্যায়ৰ একোজন বিষয়াই কেৱল তেতিয়াহে এনে কর্তৃত্ব প্রদান কৰিব পাৰে যদি সংশ্লিষ্ট লোকজনে নিম্নোল্লিখিতবিলাকৰ এটা কৰিছে বুলি বিশ্বাস কৰিবলৈ তেওঁৰ

ওচৰত যুক্তি থাকে :

১। যোগানৰ যিকোনো লেনদেন গোপন কৰা;

২। হাতত থকা পণ্য-সামগ্ৰীৰ জমা গোপন কৰা;

৩। ইনপুট টেক্স ক্রেডিট’ৰ অতিৰিক্ত দাবী কৰা;

৪। কৰ এৰাই চলিবলৈ চিজিএছাট/এছজিএছটিৰ যিকোনো ব্যৱস্থা অৱমাননা কৰা;

৫ । একোজন পৰিবহনকাৰী বা ভড়ালঘৰৰ স্বত্বাধিকাৰীয়ে কৰ পৰিশোধৰ পৰা গোপনে পণ্য-সামগ্ৰী ৰখা বা তেওঁৰ হিচাপ-নিকাচ বা পণ্য-সামগ্ৰী এনেধৰণে ৰখা যি কৰ ফাঁকি দিব।

এই অনুচ্ছেদৰ অধীনত যিকোনো লোকৰ যিকোনো সম্পত্তি/চৌহদৰ পৰিদৰ্শন কৰিবলৈ ন্যায্য বিষয়াজনে কর্তৃত্ব প্রদান কৰিব পাৰেনে ?

উত্তৰ : নোৱাৰে। নিম্নোল্লিখিতবিলাকৰ যিকোনোতে পৰিদৰ্শন কৰিবলৈ চিজিএছাট/এছজিএছাটিৰ একোজন বিষয়াক কর্তৃত্ব দিব পাৰে ?

১ । এজন কৰযোগ্য লোকৰ ব্যৱসায়ৰ যিকোনো স্থান;

২। পণ্য-সামগ্ৰীৰ পৰিবহনত জড়িত যিকোনো লোকৰ ব্যৱসায়ৰ স্থান, তেওঁ এজন পঞ্জীভুক্ত লোক হওক বা নহওক;

৩। একোটা গুদাম বা ভড়ালৰ স্বত্বাধিকাৰী বা পৰিচালকৰ ব্যৱসায়ৰ যিকোনো স্থান।

এমজিএলৰ ব্যৱস্থা অনুসৰি খানাতালাচী আৰু জব্দ কৰিবলৈ কোনে নির্দেশ দিব পাৰে ?

উত্তৰঃ যুটীয়া আয়ুক্ত বা তাতোকৈ ওপৰৰ পর্যায়ৰ একোজন বিষয়াই এজন বিষয়াক লিখিত ৰূপত পণ্য-সামগ্ৰী, নথি-পত্র বা বয়-বস্তুৰ খানাতালাচী আৰু জব্দ কৰিবলৈ কর্তৃত্ব প্রদান কৰিব পাৰে। কেৱল তেতিয়াহে এনে কর্তৃত্ব প্রদান কৰিব পাৰে যেতিয়া এনেদৰে বিশ্বাস কৰিবলৈ যুটীয়া আয়ুক্তজনৰ ওচৰত যুক্তি আছে যে ক্ৰোক কৰিবৰ (Confiscation) বাবে বিধিসংগত কোনো পণ্য-সামগ্ৰী বা কোনো বিৱৰণৰ সৈতে সংগত কোনো নথি-পত্র বা বহী-পত্র বা বয়-বস্তু কোনো ঠাইত লুকুৱাই ৰখা আছে।

“বিশ্বাস কৰিবলৈ যুক্তিৰ (reasons to believe) অৰ্থ কি?

উত্তৰ : বিশ্বাস কৰিবলৈ যুক্তি বা কাৰণ মানে হৈছে প্রকৃত সত্যৰ জ্ঞান, যি প্রত্যক্ষ জ্ঞান নহবও পাৰে, তেতিয়াই তাৰ আধাৰত এজন কর্তৃত্বশীল লোকে, সেই সত্যবোৰৰ বিষয়ে অৱগত হৈ একেটা বিষয় যুক্তিসংগতভাৱে সমাপ্ত কৰিব পাৰে। আইপিচি ১৮৬০ৰ অনুচ্ছেদ ২৬ অনুসৰি, “এজন লোকৰ একোটা কথা বিশ্বাস কৰিবলৈ যুক্তি’ থকা বুলি ধৰা হয়, যদি তেওঁ সেইদৰে বিশ্বাস কৰিবলৈ কিন্তু অন্য ধৰণৰ নহয় বুলি কাৰণ থাকে।” বিশ্বাস কৰিবলৈ যুক্তি'ৰ জৰিয়তে এক বস্তুগত নির্ণয় (objective determination)ৰ কথা ভবা হয় যাৰ ভিত্তি হৈছে এক বিশুদ্ধ বিষয়গত বিবেচনাৰ (purely subjective consideration)  পৰা পৃথক বুদ্ধিমান তৎপৰতা আৰ মূল্যায়ন। ই প্রাসংগিক উপাদান আৰু পৰিস্থিতিৰ ওপৰত আধাৰিত এজন সৎ আৰু যুক্তিনিষ্ঠ লোকৰ কাম হ’ব লাগিব।

পৰিদৰ্শন বা খানাতালাচী আৰু জব্দ কৰিবৰ বাবে কর্তৃত্ব প্রদান কৰাৰ পূর্বে ন্যায্য বিষয়াজনে এনে ‘বিশ্বাস কৰিবলৈ যুক্তিবিলাক লিখিতভাৱে নথিভুক্ত কৰাটো বাধ্যতামূলকনে ?

উত্তৰ : খানাতালাচীৰ বাবে কর্তৃত্ব প্রদান কৰাৰ পূর্বে ন্যায্য বিষয়াজনে এনে বিশ্বাসৰ কাৰণবোৰ যদিও উল্লেখ কৰিব নালাগে, তেওঁ সেই উপাদান বা বিষয়বোৰ প্ৰকাশ

কৰিব লাগে যিবিলাকৰ ওপৰত তেওঁৰ বিশ্বাস গঢ় লৈছিল। “বিশ্বাস কৰিবলৈ যুক্তি’ প্ৰতিটো ঘটনাৰ ক্ষেত্ৰতে একেৰাহে নথিভুক্ত কৰাৰ দৰকাৰ নাই। অৱশ্যে, যদি বিষয়বিলাক্য/তথ্যবিলাক খানাতালাচীৰ চমন জাৰি কৰাৰ পূর্বে বা খানাতালাচী কৰাৰ পূর্বে নথিভুক্ত কৰা হয়, তেতিয়া ভাল হয়।

খানাতালাচীৰ চমন   (Search Warrant) কি আৰু ইয়াৰ সূচীবোৰ কি?

উত্তৰঃ খানাতালাচী বা অনুসন্ধান কৰিবৰ বাবে লাভ কৰা লিখিত কর্তৃত্বক সাধাৰণতে খানাতালাচীৰ চমন বোলা হয়। খানাতালাচীৰ চমন জাৰি কৰিবলৈ ক্ষমতাপ্রাপ্ত কর্তৃপক্ষ হৈছে যুটীয়া আয়ুক্ত বা ওপৰৰ পৰ্যায়ৰ কোনো বিষয়া। এনে খানাতালাচীয়ে খানাতালাচী কৰিবৰ বাবে যোগ্য বুলি কোনো যুক্তিসংগত কাৰণ থকাৰ কথা সূচাব লাগিব। খানাতালাচীৰ চমনত তলৰ সবিশেষ থাকিব লাগে :

১। আইনৰ অধীনত উলংঘা;

২। খানাতালাচী কৰিবলগীয়া চৌহদ;

৩। খানাতালাচীৰ বাবে কর্তৃত্বপ্রাপ্ত লোকৰ নাম আৰু পদবী;

৪। জাৰি কৰা বিষয়াৰ নামৰ লগতে তেওঁৰ 'ৰাউণ্ড হীলসহ সম্পূর্ণ পদবীৰ বিৱৰণ;

৫। জাৰি কৰাৰ তাৰিখ আৰু স্থান;

৬। তালাচীৰ চমনৰ ক্ৰমিক নম্বৰ,

৭। বৈধতাৰ সময়সীমা অর্থাৎ এদিন নে দুদিন ইত্যাদি।

এমজিএলৰ ব্যৱস্থাৱলীৰ অধীনত কেতিয়া পণ্য-সামগ্ৰী ক্রয় কৰিবৰ যোগ্য ?

উত্তৰ : আহি জিএছাট আইনৰ অনুচ্ছেদ ৭০ অনুসৰি, যেতিয়া কোনো লোকে নিম্নোল্লিখিত কাম কৰে তেতিয়া পণ্য-সামগ্রী ক্ৰোক কৰাৰ যোগ্য :

(১) এই আইনৰ যিকোনো ব্যৱস্থাৱলী বা নিয়মাৱলীৰ বিপৰীতে কৰ ফাঁকি দিয়াৰ উদ্দেশ্যে কৰা যিকোনো পণ্য-সামগ্ৰীৰ যোগান;

(২) এই আইনৰ অধীনত কৰ পৰিশোধ কৰিবলৈ দায়বদ্ধ যিকোনো পণ্যসামগ্ৰীৰ হিচাপে দাখিল নকৰা;

(৩) পঞ্জীয়নৰ বাবে আবেদন নকৰাকৈ এই আইনৰ অধীনত কৰাৰ বাবে দায়বদ্ধ যিকোনো পণ্য-সামগ্ৰীৰ যোগান;

(৪) চিজিএছাট/এছজিএছাট আইনৰ যিকোনো ব্যৱস্থাৱলী বা তাৰ অধীনস্থ যিকোনো নিয়মাৱলী ভংগ কৰি কৰ ফাঁকি দিয়াৰ প্ৰৱণতা।

আইনসংগত খানাতালাচীৰ সময়ত এজন বিষয়াই কি ক্ষমতা প্রয়োগ কৰিব পাৰে ?

উত্তৰ : খানাতালাচী বা অনুসন্ধান চলোৱা একোজন বিষয়াৰ হাতত তালাচী চলোৱা চৌহদৰ পৰা তালাচী চলাই পণ্য-সামগ্ৰী জব্দ কৰাৰ (যিবিলাক জব্দ কৰাৰ যোগ্য) আৰু নথি-পত্ৰ, কিতাপ-বাঁহী বা বস্তু-বাহানি (এমজিএলৰ যিকোনো পদক্ষেপৰ সৈতে সংগত) জব্দ কৰাৰ ক্ষমতা থাকে। খানাতালাচীৰ সময়ত চৌহদটোত সোমাবলৈ নিদিলে তালাচী চলাবলৈ কর্তৃত্বপ্রাপ্ত বিষয়াজনৰ তাৰ দুৱাৰ ভাঙি খোলাৰ ক্ষমতা আছে। একেদৰে, চৌহদটোৰ ভিতৰত খানাতালাচী চলাই থকাৰ সময়ত, যিকোনো আলমাৰী বা বাকচত কিবা পণ্য-সমাগ্রী, হিচাপ, পঞ্জীয়ন বা নথি-পত্ৰ লুকুৱাই ৰখা বুলি সন্দেহ হ’লে আৰু তেনে আলমাৰী বা বাকচ খুলিবলৈ নিদিলে তেওঁ সেইবোৰ

ভাঙি খুলিব পাৰে। চৌহদটোত প্ৰৱেশত যদি বাধা দিয়া হয় তেওঁ সেইটো ছীল কৰিবও পাৰে।

খানাতালাচ চলাবৰ বাবে কি প্রক্রিয়া আছে?

উত্তৰ : এমজিএলৰ অনুচ্ছেদ ৬০(৮)ত কোৱা হৈছে যে খানাতালাচীত নিশ্চিতভাৱে ‘ক’ড অফ ক্রিমিনেল প্ৰচিডিউৰ, ১৯৭৩’ অনুসৰি চলাব লাগে। ক’ড অফ ক্রিমিনেল প্রচিডিউৰীৰ অনুচ্ছেদ ১০০ত খানাতালাচীৰ প্রক্রিয়া বর্ণনা কৰা হৈছে।

খানাতালাচীৰ সময়ত মানি চলিবলগীয়া প্রাথমিক আৱশ্যকতাবোৰ কি ?

উত্তৰ : খানাতালাচীৰ সময়ত নিম্নোল্লিখিত নীতি সমূহ মানি চলিব লাগে ?

  • ন্যায্য বিষয়াই জাৰি কৰা এক বৈধ খানােতালাচীৰ চমন (search Warrant) নোহোৱাকৈ চৌহদৰ খানাতালাচী চলাব নালাগে।
  • আৱাসস্থলীলৈ যোৱা খানাতলাচীকৰী দলটোৰ সৈতে অনবৰ্তে এগৰাকী মহিলা বিষয়া থাকিব লাগিব।
  • খানাতালাচী আৰম্ভ কৰাৰ পূৰ্বে চৌহদটোৰ দায়িত্বত থকা লোকজনক তেওঁলোকৰ পৰিচয়-পত্ৰ দেখুৱাই তেওঁলোকৰ পৰিচয় প্রকাশ কৰিব লাগে।
  • খানাতালাচী আৰম্ভ কৰাৰ আগতে খানাতালাচীৰ চমনখন চৌহদটোৰ দায়িত্বত থকা লোকজনক দেখুৱাই তালাচী কার্যকৰী কৰিব লাগে আৰু চমনখন তেওঁ চোৱা বুলি প্রতিপন্ন কৰি তাৰ ওপৰত চৌহদৰ দায়িত্বত থকা লোকজনৰ চহী ল’ব লাগে। তালাচীৰ চমনখনৰ ওপৰত কমেও দুজন সাক্ষীৰ চহী লব লাগে।
  • কমেও দুজন স্থানীয় নিৰপেক্ষ সাক্ষীৰ উপস্থিতিত খানাতালাচী

চলাব লাগে। যদি এনে কোনো স্থানীয় বাসিন্দা নাথাকে/অনিচ্ছক হয়, তেতিয়া অন্য কোনো স্থানৰ বাসিন্দাক উক্ত খানাতালাচীৰ সাক্ষী হ’বলৈ ক’ব লাগে। সাক্ষীসকলক উক্ত খানাতালাচীৰ বিষয়ে বর্ণনা কৰিব লাগে।

  • তালাচী প্রক্রিয়া আৰম্ভ কৰাৰ পূর্বে উক্ত তালাচী চলোৱা বিষয়াৰ দলটো আৰু লগত থকা সাক্ষীসকলে তালাচী চলোৱা চৌহদটোৰ দায়িত্বত থকা লোকজনক  তেওঁলোকৰ ব্যক্তিগত তালাচীৰ বাবে নিজকে সমর্পন কৰিব লাগে। একেদৰে, খানাতালাচী সম্পূর্ণ হোৱাৰ পিছত সকলো বিষয়া আৰু সাক্ষীসকলে আকৌ ত তালাচীৰ বাবে নিজকে সমৰ্পন কৰিব লাগে।
  • উক্ত খানাতালাচীৰ বিৱৰণৰ পাঁচনামা/মহাজাৰ ঘটনাস্থলীতে আৱশ্যকীয়ভাৱে প্ৰস্তুত কৰিব লাগে। অন্তত উদ্ধাৰ কৰা আৰু জব্দ/আটক কৰা সকলো সামগ্ৰী, নথিপত্র প্রস্তুত কৰিব আৰু পাঁচনামা/মহাজাৰত তালিকাভুক্ত হ’ব লাগে। পাঁচনামা/মহাজাৰ আৰু জব্দ/আটক কৰা সামগ্ৰী/নথিপত্ৰৰ তালিকাত সাক্ষী, দায়িত্বত থকা লোক/চৌহদৰ স্বত্বাধিকাৰীয়ে, যাৰ আগত এই খানাতালাচী চলোৱা হয়, একেলগে চহী কৰিব লাগে আৰু উক্ত খানাতালাচী চলাবলৈ বিধিগতভাৱে কর্তৃত্বপ্রাপ্ত বিষয়াজনে চহী কৰিব লাগে।
  • খানাতালাচী হৈ যোৱাৰ পিছত, বিধিগতভাৱে কাৰ্যকৰী কৰা খানাতালাচীৰ চমনখন এই তালাচীৰ পৰিণতিসম্বলিত এটা প্রতিবেদনসহ জাৰি কৰা বিষয়াজনলৈ মূল ৰূপত ঘূৰাই দিব লাগে। তালাচীত ভাগ লোৱা বিষয়াসকলৰ নামো |লাচীৰ চমানখনৰ ওলোটাফালে লিখিব পাৰি।
  • তালাচীৰ চমন জাৰি কৰা কর্তৃপক্ষই তালাচীৰ চমন জাৰি কৰা আৰু ঘূৰাই দিয়াৰ তথ্য আৰু ব্যৱহৃত তালাচীৰ চমনখন অভিলেখ হিচাপে ৰাখিব লাগে।
  • পাঁচনামা/মহাজাৰৰ তালিকাসহ ইয়াৰ কপি যাৰ সন্মতিত তালাচী চলোৱা হ’ল চৌহদৰ সেই দায়িত্বত থকা লোক/স্বত্বাধিকাৰীক দিব লাগে।

অন্য যিকোনো পৰিস্থিতিৰ অধীনত একোজন চিজিএছাট/এছজিএছাটিৰ বিষয়াই ব্যাৱসায়িক চৌহদত প্ৰৱেশ কৰিব পাৰেনে ?

উত্তৰ : হয়। এমজিএলৰ অনুচ্ছেদ ৬৪ অনুসৰিও প্রৱেশ কৰিব পাৰে। আইনৰ এই ব্যৱস্থাৰ অৰ্থ হৈছে চিজিএছাট/এছজিএছাট আইনৰ অনুচ্ছেদ ৫০ৰ অধীনত মনোনীত চিজিএছাট/এছজিএছটিৰ একোটা হিচাপ-নিকাচ কৰা দল বা চি এণ্ড এজি বা এজন ব্যায়ৰ হিচাপ পৰীক্ষক বা চার্টার্ড একাউণ্টেণ্টক ৰাজহৰ স্বাৰ্থ ৰক্ষা কৰিবৰ বাবে প্রয়োজন হ’ব পৰা যিকোনো হিচাপ-নিকাচ, পৰীক্ষা, সংশোধন আৰু তালাচীৰ উদ্দেশ্যে একোটা তালাচীৰ চমন জাৰী নকৰাকৈ যিকোনো ব্যাৱসায়িক চৌহদত প্ৰৱেশ কৰিবলৈ দিয়া। অৱশ্যে, চিজিএছাট বা এছজিএছাটিৰ অতিৰিক্ত/যুটীয়া আয়ুক্তৰ পৰ্যায়ৰ এজন বিষয়াৰ দ্বাৰা এক লিখিত কর্তৃত্ব জাৰি কৰিব লাগিব। এই ব্যৱস্থাই একোটা ব্যাৱসায়িক চৌহদত প্ৰৱেশৰ দিহা কৰিছে যিটো এজন কৰযোগ্য লোকৰ দ্বাৰা ব্যৱসায়ৰ এটা প্রধান বা অতিৰিক্ত স্থান হিচাপে পঞ্জীভুক্ত নহয়। অথচ য’ত হিচাপ-নিকাচৰ বহী পত্র, নথিপত্র, কম্পিউটাৰ ইত্যাদি আছে যিবিলাক এজন কৰযোগ্য লোকৰ হিচাপনিকাচ বা হিচাপ-নিকাচৰ পৰীক্ষাৰ বাবে প্রয়োজনীয়।

কেতিয়া খানাতালাচীক অবৈধ বুলি কোৱা হ’ব ? একোটা অবৈধ খানাতালাচীৰ সময়ত সংগৃহীত সাক্ষ্য প্রমাণ বিচাৰ প্রক্রিয়াত গ্রহণযোগ্য হ’বনে ?

উত্তৰ : এটা বৈধ খানাতালাচীৰ চমন নোহোৱাকৈ কৰা খানাতালাচী (অর্থাৎ এক ক্ষমতাপ্রাপ্ত কর্তৃপক্ষৰ বাহিৰে আনে জাৰি কৰা বা তালাচীৰ চমন নোহোৱাকৈ) আইনৰ কর্তৃত্ব নথকা অবৈধ খানাতালাচী হিচাপে গণ্য। অৱশ্যে, এই যুক্তিৰ বাবে, অভিযুক্তই মুনাফা পাব নোৱাৰে। সেইমতে, একোটা অবৈধ তালাচীৰ সময়ত সংগৃহীত সাক্ষ্য

প্রমাণ আৰু জব্দ বিচাৰ আৰু ন্যায়িক ব্যৱস্থাৰ প্রক্রিয়াত গ্রহণযোগ্য বুলি বিবেচিত।

“জব্দ” (Seizure) শব্দৰ অৰ্থ কি ?

উত্তৰ : আহি জিএছাটি আইনত “জব্দ” শব্দটোৰ বিশেষ সংজ্ঞা দিয়া নাই। Law Lexicon Dictionary. জব্দ বা seizure ক  একোজন বিষয়াৰ দ্বাৰা সম্পত্তি বাজেয়াপ্ত কৰা (possession) বুলি সংজ্ঞায়িত কৰা হৈছে। ই সাধাৰণতে ব্যৱহাৰ হয়— সম্পত্তিৰ গৰাকী বা যাৰ দখলত আছে তেওঁ আৰু যি এই বাজেয়াপ্তকৰণ বা দখলৰ বিৰোধিতা কৰিছে তেওঁৰ ইচ্ছাৰ বিৰুদ্ধে বলপূর্বক দখল কৰা।

পণ্য-সামগ্ৰী আৰু বাহন (conveyances) আটক কৰাৰ কিবা ক্ষমতা এমজিএলৰ আছেনে ?

উত্তৰঃ হয়। এমজিএলৰ অনুচ্ছেদ ৬৯ৰ অধীনত পণ্য-সামগ্ৰীৰ লগতে সেয়া কঢ়িওৱা বাহন (যেনে ট্রাক বা অন্য ধৰণৰ বাহন)। আটক কৰাৰ ক্ষমতা একোজন বিষয়াৰ আছে। এমজিএলৰ ব্যৱস্থাৱলী উলংঘা কৰি পৰিবহন কৰি থকা বা পৰিবহনৰ কালত জমা কৰি ৰখা এনে পণ্য-সামগ্ৰীৰ ক্ষেত্ৰত এয়া কৰিব পাৰে। যিবিলাক পণ্য-সামগ্ৰী ৰাখি থোৱা হৈছে বা ভড়ালত জমা আছে। অথচ হিচাপত অন্তৰ্ভুক্ত কৰা নাই সেইবিলাকো জব্দ কৰিব পাৰে। এনেধৰণৰ পণ্য-সামগ্ৰী আৰু বাহন প্রযোজ্য কৰ পৰিশোধ কৰাৰ পিছত বা সমপৰিমানৰ বন্ধক (security)ৰ ওপৰত মোকলাই দিব পাৰে।

“জব্দ” (Seizure) আৰু আটক' (Detention)ৰ মাজত আইনত কি পার্থক্য ?

উত্তৰঃ সম্পত্তিৰ গৰাকীক বা উক্ত সম্পত্তি দখল কৰি থকা লোকজনক লগ ধৰিবলৈ

বিচাৰিলে কৰা অস্বীকাৰত এক নির্দিষ্ট সময়ত এক আইনী নির্দেশনা/জাননীৰ জৰিয়তে আয়ত্বাধীন কৰাই হৈছে আটক। জব্দ হৈছে বিভাগৰ দ্বাৰা পণ্য-সামগ্ৰীৰ প্রকৃত দখল হস্তগত কৰা। পণ্য-সামগ্ৰী ক্রোক কৰাৰ (confiscation) যোগ্য বুলি সন্দেহ ওপজিলে আটক কৰাৰ বা detantionৰ নির্দেশ জাৰি কৰা হয়। জব্দ কেৱল তেতিয়াহে কৰিব পাৰি যেতিয়া তদন্ত/খানাতালাচীৰ পিছত যুক্তিসংগত বিশ্বাস ওপজে। যে পণ্য-সামগ্রী ক্ৰোক কৰাৰ যোগ্য।

খানাতালাচী বা জব্দ কৰাৰ ক্ষেত্ৰত এমজিএলত কি সুৰক্ষা (safeguard)  দিয়া হৈছে ?

উত্তৰ : খানাতালাচী বা জব্দ কৰাৰ ক্ষেত্ৰত আহিছিজিএছাট/এছজিএছটিৰ অনুচ্ছেদ ৬০ত কেতবোৰ নির্দিষ্ট সুৰক্ষা দিয়া হৈছে। সেইবিলাক তলত দিয়া ধৰণৰ :

১। জব্দ কৰা পণ্য-সামগ্ৰী বা নথি-পত্র সিবিলাকৰ পৰীক্ষা কৰাৰ বাবে আৱশ্যকীয় সময়ছোৱাৰ বাহিৰত ৰাখি থব নালাগিব;

২। যাৰ জিন্মাৰ পৰা নথিপত্ৰ জব্দ কৰা হয়। সেই লোকজনে নথি-পত্ৰৰ ফটোকপি  ল’ব পাৰে;

৩। জব্দ কৰা পণ্য-সমাগ্রীৰ বাবে ইয়াৰ জব্দ কৰণৰ ৬০দিনৰ ভিতৰত যদি এখন জাননী জাৰি কৰা নহয়, যাৰ দখলৰ পৰা ইয়াক জব্দ কৰা হৈছিল সেইজন লোকক পণ্য-সামগ্ৰী ঘূৰাই দিব লাগিব। ন্যায়সংগত ভিত্তিত সর্বাধিক ছমাহৰ বাবে এই ৬০ দিনৰ সময় বৃদ্ধি কৰিব পাৰি;

৪। জব্দ কৰা বিষয়াজনে জব্দ কৰা পণ্য-সামগ্ৰীৰ এখন তালিকা প্রস্তুত কৰিব লাগিব;

৫। আহি জি.এছটি নিয়মাৱলীৰ অধীনত নির্দিষ্ট কৰা কেতবোৰ শাখাৰ পণ্য

সামগ্ৰী (যেনে নষ্ট হ’ব পৰা, অনিশ্চিত ইত্যাদি) জব্দ কৰাৰ পিছতে তৎক্ষণাত দিহা কৰিব (dispose) পাৰিব;

৬। খানাতালাচী আৰু জব্দৰ সৈতে সম্পর্কযুক্ত ‘ক’ড অফ ক্রিমিনেল প্রচিডিউৰ ১৯৭৩’ৰ ব্যৱস্থাৱলী প্রযোজ্য হ’ব। অৱশ্যে ক'ড অফ ক্রিমিনেল প্ৰচিডিডৰৰ অনুচ্ছেদ ১৬৫ৰ উপ-অনুচ্ছেদ (৫)ৰ সৈতে সংগতি ৰাখি এটা গুৰুত্বপূর্ণ পৰিৱৰ্তন— খানাতালাচীৰ সময়ত প্রস্তুত কৰা যিকোনো তথ্য উক্ত অপৰাধৰ বিচৰাধীন এলেকাৰ ক্ষমতাপ্রাপ্ত নিকটৱতী দণ্ডাধীশৰ ওচৰলৈ প্ৰেৰণ কৰাৰ পৰিৱতে ইয়াক প্রধান আয়ুক্ত/চিজিএছটিৰ আয়ুক্ত/এছজিএছটিৰ আয়ুক্তলৈ প্ৰেৰণ কৰিব লাগিব।

কৰযোগ্য পণ্য-সামগ্ৰী পৰবিহনৰ সময়ত লগত কিবা বিশেষ নথি-পত্ৰ নিব লাগেনে ?

উত্তৰ : এমজিএলৰ অনুচ্ছেদ ৬১ৰ অধীনত, এখন বাহন পৰিবহন কৰিবৰ বাবে দায়িত্বত থকা একোজন লোকে ৫০ হাজাৰ টকাৰ অধিক মূল্যৰ এনে সামগ্ৰী পৰিবহনৰ ক্ষেত্ৰত নির্ধাৰিত নথি-পত্ৰ লগত নিব লাগিব।

“গ্রেপ্তাৰ’ (arrest) শব্দটোৰ কি বুজোৱা হয় ?

উত্তৰ : আহি জিএছাট আইনত ‘গ্রেপ্তাৰ” শব্দটিৰ সংজ্ঞা দিয়া নাই। অৱশ্যে ন্যায়িক উচ্চাৰণ অনুসৰি ই— “কেতবোৰ আনিসংগত নির্দেশনা বা কর্তৃপক্ষৰ অধীনত একোজন লোকক জিম্মলৈ অনা” বুজায়। আন কথাত ক’বলৈ গ’লে আইনসংগত চমনৰ ক্ষমতা বা বৰণেৰে (power and colour) যেতিয়া এজন লোকক লোৱা হয় আৰু তেওঁৰ স্বাধীনতা বাতিল কৰা হয় (restrain) তেতিয়াই তেওঁক গ্রেপ্তাৰ কৰা বুলি কোৱা হয়।

এমজিএলৰ অধীনত কেতিয়া এজন ন্যায্য বিষয়াই একোজন লোকৰ গ্রেপ্তাৰৰ কর্তৃত্ব প্রদান কৰিব পাৰে?

উত্তৰ : চিজিএছাট/এছজিএছটিৰ আয়ুক্তই এজন চিজিএছাট/এছজিএছাট বিষয়াক কোনো লোকক গ্রেপ্তাৰ কৰিবলৈ কর্তৃত্ব প্রদান কৰিব পাৰে যদি তেওঁৰ ওচৰত এই বিশ্বাস কৰিবলৈ যুক্তি থাকে যে চিজিএছাট/এছজিএছাট আইনৰ অনুচ্ছেদ ৭৩(১) (i), ৭৩(১)(ii) আৰু ৭৩(২)ৰ অধীনত নির্ধাৰিত এটা শাস্তি পাবৰ জোখাৰে লোকজনে এটা অপৰাধ সংঘটিত কৰিছে। ইয়াৰ আৱশ্যকীয় অর্থ হৈছে এয়ে যে যি ক্ষেত্ৰত কৰ ফাঁকি ৫০ লাখ টকাৰ অধিক বা যি ক্ষেত্ৰত এজন লোকক পূৰ্বতে আহি চিজিএছাট/এছজিএছাট আইনৰ অনুচ্ছেদ ৭৩ৰ অধীনত এটা অপৰাধৰ বাবে দোষী সাব্যস্ত কৰা হয়, কেৱল তেতিয়াহে এজন লোকক গ্রেপ্তাৰ কৰিব পাৰে।

একোজন গ্রেপ্তাৰ হোৱা লোকক এমজিএলৰ অধীনত কি সুৰক্ষা প্রদান কৰা হৈছে?

উত্তৰ : একোজন গ্রেপ্তাৰ হোৱা লোকক এমজিএলৰ অধীনত কিছুমান নির্দিষ্ট সুৰক্ষা প্রদান কৰা হৈছে। সেইবিলাক হৈছে

১। যদি কোনো লোকক কোনো অপৰাধ সংক্রান্তত গ্রেপ্তাৰ কৰা হয় তেওঁক গ্রেপ্তাৰৰ পটভূমি সম্পর্কে লিখিতভাৱে অৱগত কৰিব লাগিব আৰু গ্রেপ্তাৰ কৰাৰ পৰা ২৪ ঘণ্টাৰ ভিতৰত এজন দণ্ডাধীশৰ ওচৰত হাজিৰ কৰাব লাগিব;

২। যদি এজন লোকক আদালতৰ অনুমতি নোহোৱাকৈ আৰক্ষীয়ে আইনৰ আওতালৈ আনিব নোৱৰা (non-cognizable) আৰু জামিনযোগ্য অভিযোগত চিজিএছাট/এছজিএছটিৰ উপ/সহকাৰী আয়ুক্তই তেওঁক জামিনত মুক্তি দিব পাৰে আৰু তেওঁ ক’ড অফ ক্রিমিনেল প্রচিডিউৰ, ১৯৭৩ৰ অনুচ্ছেদ ৪৩৬ৰ অধীনত থকা ব্যৱস্থাৱলী অনুসৰি একোটা আৰক্ষী চকীৰ ভাৰপ্রাপ্ত বিষয়াৰ দৰে আইনৰ আওতাত থাকিব;

 

৩। সকলো গ্রেপ্তাৰ ক’ড অফ ক্রিমিলে প্ৰচিডিউৰ ১৯৭৩ৰ ব্যৱস্থাৱলী অনুসৰি হ’ব।

গ্রেপ্তাৰৰ সময়ত ল’বলগীয়া আগতীয়া ব্যৱস্থা কি ?

উত্তৰ : ক’ড অফ ক্রিমিনেল প্ৰচিডিউৰ, ১৯৭৩ (১৯৭৪ৰ ২)ৰ গ্রেপ্তাৰ সম্পৰ্কীয় ব্যৱস্থাৱলী আৰু তাৰ পৰৱর্তী প্রক্রিয়া নিশ্চিতভাৱে প্রযোজ্য হ’ব। সেয়ে চিজিএছাট/এছজিএছটিৰ সকলো ক্ষেত্ৰ বিষয়াই ক’ড অফ ক্রিমিনেল প্ৰচিডিউৰ, ১৯৭৩ (চিআৰপিচ)ৰ বিষয়ে সম্পূৰ্ণৰূপে সতর্ক থাকিব লাগিব।

এটা মন কৰিবলগীয়া ব্যৱস্থা হৈছে চিআৰপিাচি, ১৯৭৩ৰ অনুচ্ছেদ ৫৭, য’ত কোৱা হৈছে যে বিনা চমনে গ্রেপ্তাৰ হোৱা একোজন লোকক উক্ত গোচৰৰ পৰিস্থিতিৰ অধীনতা যুক্তিসংগত সময়তকৈ অধিক দীঘলীয়া সময়ৰ বাবে আটক কৰি ৰাখিব নোৱাৰিব আৰু এই সময় ২৪ ঘণ্টাৰ বেছি হ’ব নালাগিব (গ্রেপ্তাৰ কৰা ঠাইৰ পৰা দণ্ডাধীশৰ আদালতলৈ যোৱাৰ সময়খিনি বাদ দি)। এই সময়ছোৱাৰ ভিতৰত চিআৰপিচৰ অনুচ্ছেদ ৫৬ত কোৱামতে, গ্রেপ্তাৰ সম্পন্ন কৰা লোকজনে বিনা চমনে গ্রেপ্তাৰ হোৱা লোকজনক উক্ত গোচৰত থকা ন্যায়িক দায়িত্বসম্পন্ন দণ্ডাধীশৰ ওচৰত হাজিৰ কৰাব লাগিব।

ডি কে বসু বনাম পশ্চিমবংগ চৰকাৰৰ মাজত ১৯৯৭ (১) এছচিচি ৪ ১৬ত হোৱা এটা গোচৰৰ উল্লেখযোগ্য ৰায়ত মাননীয় উচ্চতম ন্যায়ালয়ে গ্রেপ্তাৰ কৰাৰ সময়ত অনুসৰণ কৰিবলগীয়া নির্দিষ্ট নিয়মাৱলী নির্ধাৰণ কৰি দিয়ে। যিহেতু বিষয়টো আৰক্ষীৰ সৈতে সম্পর্কযুক্ত, সেয়ে গ্রেপ্তাৰ কৰাৰ ক্ষমতা থকা সকলো বিভাগে ইয়াক অনুসৰণ কৰা দৰকাৰ। এইবিলাক তলত দিয়া ধৰণৰ :

১। গ্রেপ্তাৰ সম্পন্ন কৰা আৰু গ্রেপ্তাৰ কৰা লোকজনক জোৰা কৰা আৰক্ষীৰ লোকে তেওঁলোকৰ পদবীসহ প্ৰকৃত ,দৃষ্টিযোগ্য আৰু স্পষ্ট পৰিচয় বহন কৰিব

লাগে। গ্রেপ্তাৰ কৰা লোকজনক জেৰা কৰা এনেধৰণৰ সকলো আৰক্ষীৰ লোকৰ তথ্য-পাতি এখন পঞ্জীয়ন বহীত নিশ্চিত বহী নথিভুক্ত কৰিব লাগে।

২। গ্রেপ্তাৰ সম্পন্ন কৰা আৰক্ষী বিষয়াই গ্রেপ্তাৰ কৰাৰ সময়ত গ্রেপ্তাৰৰ এক বিৱৰণ (memo) প্রস্তুত কৰিব লাগে আৰু এনে বিৱৰণ কমেও এজন সাক্ষীৰ দ্বাৰা প্রত্যায়িত (attested) কৰাব লাগিব, যিজন গ্রেপ্তাৰ কৰা লোকজনৰ পৰিয়ালৰ সদস্য হ’ব পাৰে বা যি ঠাইৰ পৰা লোকজনক গ্রেপ্তাৰ কৰা হৈছে সেই ঠাইৰ এজন সন্মানীয় ব্যক্তি হ’ব লাগিব।ইয়াত গ্রেপ্তাৰ কৰা লোকজনৰ উপৰোৱা চহী (counter sign.) আৰু গ্রেপ্তাৰৰ সময় আৰু তাৰিখ থাকিব লাগিব।

৩। যিজন লোকক গ্রেপ্তাৰ বা আটক কৰা হৈছে আৰু এখন আৰক্ষী চকীত বা জেৰা কেন্দ্ৰত বা অন্য লক-আপত ৰখা হৈছে, তেওঁ এজন বন্ধু বা সম্পৰ্কীয় বা তেওঁ জনা অন্য কোনো লোকক বা তেওঁৰ ভালৰ বাবে চিন্তা কৰা কোনো লোকক তেওঁক গ্রেপ্তাৰ কৰাৰ কথা আৰু যি নির্দষ্ট ঠাইত আটক কৰি ৰখা হৈছে, সেই সম্পর্কে যিমান সোনকালে পাৰি কাৰ্যকৰী হোৱাকৈ অৱগত কৰিব লাগিব, অন্যথা গ্রেপ্তাৰৰ বিৱৰণৰ প্ৰত্যায়ণ সাক্ষীজনেই (attesting witness) এনেকুৱা এজন বন্ধু বা গ্রেপ্তাৰ হোৱা লোকজনৰ সম্পৰ্কীয় বুলি গণ্য হ’ব।

৪। গ্রেপ্তাৰৰ সময়, স্থান আৰু গ্রেপ্তাৰ কৰা লোকজনক জিম্মত ৰখা ঠাইৰ বিষয়ে আৰক্ষীয়ে জনাব লাগিব আৰু সেই অনুসৰি গ্রেপ্তাৰ হোৱা লোকজনৰ বন্ধু বা সম্পৰ্কীয় যদি জিলা নগৰৰ বাহিৰত থাকে তেতিয়া তেওঁলোকক উক্ত জিলাৰ ‘লীগেল এইড অৰ্গেনাইজেচন’ আৰু সেই ঠাইৰ সংশ্লিষ্ট আৰক্ষী চকীয়ে গ্রেপ্তাৰ হোৱাৰ পিছত ৮-১২ ঘণ্টাৰ ভিতৰত “টেলিগ্রাফিক’ ব্যৱস্থাৰে যোগাযোগ কৰিব লাগিব

৫। লোকজনক গ্রেপ্তাৰ কৰা সন্দৰ্ভত আটক কৰাৰ ঠাইত ‘ডায়েৰী’ত এটা অন্তৰ্ভুক্তি কৰিব লাগিব য’ত লোকজনৰ পৰৱতী বন্ধু, যাক এই গ্রেপ্তাৰৰ বিষয়ে

অৱগত কৰা হৈছে আৰু যাৰ জিন্মাত গ্রেপ্তাৰ হোৱা লোকজন আছে সেই আৰক্ষী বিষয়াৰ নাম আৰু তথ্য-পাতি সন্নিৱিষ্ট হ’ব লাগিব।

৬। গ্রেপ্তাৰ হোৱা লোকজনে যদি অনুৰোধ কৰে, তেতিয়া তেওঁক গ্রেপ্তাৰ কৰাৰ সময়ত স্বাস্থ্য পৰীক্ষা কৰাব লাগিব আৰু যদি তেওঁৰ শৰীৰত গুৰুতৰ বাদ সামান্য কিবা আঘাত প্রতিপন্ন হয়, সেইসময়ত সেয়া নথিভুক্ত হ’ব লাগিব। এনেদৰে কৰা পৰীক্ষাৰ বিৱৰণ (Inspection Memo)ত গ্রেপ্তাৰ হোৱা লোকজন আৰু গ্রেপ্তাৰ কাৰ্যকৰী কৰা আৰক্ষী বিষয়া উভয়ে চহী কৰিব লাগিব আৰু ইয়াৰ কপি গ্রেপ্তাৰ হোৱা লোকজনক দিব লাগিব।

৭ । গ্রেপ্তাৰ হোৱা লোকজনক তেওঁ জিন্মাত থকাৰ সময়ছোৱাত প্রতি ৪৮ ঘণ্টাৰ মূৰে-মূৰে প্রশিক্ষিত চিকিৎসকৰ দ্বাৰা স্বাস্থ্য পৰীক্ষা কৰাব লাগিব, যিজন চিকিৎসক সংশ্লিষ্ট ৰাজ্য বা কেন্দ্রীয় শাসিত অঞ্চলৰ স্বাস্থ্য সেৱাৰ সঞ্চালকৰ দ্বাৰ অনুমোদিত হ’ব লাগিব বা স্বাস্থ্য সেৱাৰ সঞ্চালকে সকলো খণ্ড বা জিলাৰ বাবে গঠন কৰি দিয়া পৃথক ‘পেনেলৰ অন্তর্ভুক্ত হ’ব লাগিব।

৮। গ্রেপ্তাৰৰ বিৱৰণকে ধৰি ওপৰত উল্লেখ কৰা সকলো নথি-পত্ৰৰ কপি দণ্ডাধীশলৈ তেওঁৰ অভিলেখৰ বাবে প্ৰেৰণ কৰিব লাগিব।

৯। জেৰাৰ সময়ত গ্রেপ্তাৰ হোৱা লোকজনক তেওঁৰ অধিবক্তাৰ সৈতে লগ হোৱাৰ অনুমতি দিব পাৰি, যদিও জেৰা চলি থাকোঁতে নহয়।

১০। সকলো জিলা আৰু ৰাজ্যিক মুখ্য কার্যালয়ত একোটা আৰক্ষী নিয়ন্ত্রণ কক্ষ থাকিব লাগে যাক গ্রেপ্তাৰ আৰু গ্রেপ্তাৰ হোৱা লোকৰ জিন্মা সম্পর্কীয় তথ্য গ্রেপ্তাৰ সম্পন্ন কৰা বিষয়াজনে গ্রেপ্তাৰ কাৰ্যকৰী কৰাৰ পৰা ১২ ঘণ্টাৰ ভিতৰত অৱগত কৰিব লাগে আৰু আৰক্ষী নিয়ন্ত্রণ কক্ষত এই কথা সকলোৱে দেখাকৈ এখন জাননী ফলকত আৰি দিব লাগিব।

চিবিইচিৰ অধীনত অনুসৰণ কৰিবলগীয়া গ্রেপ্তাৰৰ বিস্তাৰিত নির্দেশনা কি ?

উত্তৰ : গ্রেপ্তাৰ কৰাৰ সিদ্ধান্ত গোচৰৰ পৰা গোচৰ (case-to-case)ৰ ভিত্তিত হ’ব লাগে, এই ক্ষেত্ৰত বিভিন্ন কাৰক বিবেচনা কৰিব লাগে, যেনে অপৰাধৰ প্রকৃতি আৰু গভীৰতা, ফাঁকি দিয়া কৰাৰ পৰিমান বা জালিয়াতিৰে আহৰণ কৰা “ক্রেডিট’, সাক্ষ্য-প্রমাণৰ প্ৰকৃতি আৰু মানদণ্ড, মিছা সাক্ষ্য-প্রমাণ দাঙি ধৰাৰ সম্ভাৱনীয়তা বা প্রভাৱিত হোৱা সাক্ষী, তদন্ত প্রক্রিয়াৰ সৈতে সহযোগ ইত্যাদি। গোচৰৰ প্রকৃত সত্যতা সতর্কতাৰে বিবেচনা কৰাৰ পিছত গ্রেপ্তাৰ কৰাৰ ক্ষমতা কার্যকৰী কৰিব লাগে, এনে বিবেচনাৰ ভিতৰত আছে :

১/ অভিযোগৰ সঠিক তদন্ত নিশ্চিত কৰা;দিয়া;

২/এনে লোক পলাই যোৱাত বাধা দিয়া;

৩/পণ্য-সামগ্ৰীৰ সংগঠিত চোৰাং বেহা বা গোপন কৰি বহিঃশুল্ক ফাঁকি দিয়া

৪/মিছা/ বেনামী, ভুৱা নাম ব্যৱহাৰ কৰিবা নথকা লোকৰ নামেৰে/আইইচিৰে আমদানি/ৰপ্তানিৰ মূল পৰিকল্পনাকাৰী ইত্যাদি;

৫/ কৰ ফাঁকি দিবলৈ কৰা পৰিকল্পনাৰ যদি সাক্ষ্য থাকে আৰু বেয়া মনৰ/জালিয়াতি যদি স্পষ্ট হয়;

৬/ সাক্ষ্য-প্রমাণ বিকৃত কৰাৰ সম্ভাৱনীয়তা প্ৰতিৰোধ;

৭/ সাক্ষীক পক্ষপাতী কৰা বা প্ৰভাৱান্বিত কৰা; আৰু

৮। কমেও এক কোটি টকাৰ অধিক তথা বৃহৎ পৰিমাণৰ কৰ বা সেৱা কৰ

ফাকি ।

আদালতৰ অনুমতি নোহোৱাকৈ  আৰক্ষীয়ে আইনৰ আওতালৈ আনিব পৰা (cognizable) অপৰাধ কি ?

উত্তৰ : সাধাৰণতে আদালতৰ অনুমতি নোহোৱাকৈ আৰক্ষীয়ে আইনৰ আওতালৈ আনিব পৰা অপৰাধ বুলিলে গুৰুতৰ অপৰাধবিলাকক বুজায়, যিবিলাকৰ ক্ষেত্ৰত চমন নোহোৱাকৈ আৰক্ষী বিষয়াই গ্রেপ্তাৰ কৰিব পাৰে আৰু একোখন আদালতৰ নির্দেশনা লৈ বা নোলোৱাকৈ তদন্ত আৰম্ভ কৰিব পাৰে।

আদালতৰ অনুমতি নোহোৱাকৈ আৰক্ষীয়ে আইনৰ আওতালৈ আনিব নোৱাৰা (non-Cognizable) অপৰাধ কি ?

উত্তৰঃ আদালতৰ অনুমতি নোহোৱাকৈ আৰক্ষীয়ে আইনৰ আওতালৈ আনিব নোৱাৰাো অপৰাধ বুলিলে তুলনামূলকভাৱে কম গুৰুত্বপূর্ণ অপৰাধবিলাকক বুজায়, যিবিলাকৰ ক্ষেত্ৰত চমন নোহোৱাকৈ আৰক্ষী বিষয়াই গ্রেপ্তাৰ কৰিব নোৱাৰে আৰু একে আদালতৰ নির্দেশনা নোলোৱাকৈ তদন্ত আৰম্ভ কৰিব নোৱাৰে।

এমজিএলৰ অধীনত কগনিজেবল আৰু নন-কগনিজেবল অপৰাধ কি ?

উত্তৰ : এমজিএলৰ অনুচ্ছেদ ৭৩(৪)ত কোৱা হৈছে যে কৰযোগ্য পণ্য-সামগ্ৰী আৰু/অথবা সেৱা ক্ষেত্ৰত সংঘটিত অপৰাধ, য’ত ফাকি দিয়া কৰাৰ পৰিমাণ ২,৫কোটি টকাৰো অধিক, সেইবিলাক “কগনিজেবল” আৰু “নন-কগনিজেবল’ অপৰাধ । আইনখনৰ অধীনৰ অন্য অপৰাধবিলাক নন-কগনিজেবল আৰু জামিনযোগ্য।

এমজিএলৰ অধীনত এজন ন্যায্য বিষয়াই কেতিয়া চমন জাৰি কৰিব পাৰে ?

উত্তৰ : এমজিএলৰ অনুচ্ছেদ ৬৩ত একোজন বিধিগতভাৱে কৰ্তৃত্বপ্ৰাপ্ত

চিজিএছাট/এছজিএছাট বিষয়াক চমন জাৰি কৰি বিষয়াজনৰ সন্মুখত হাজিৰ হ’ব কোনো লোকক নির্দেশ দিয়াৰ ক্ষমতা প্ৰদা কৰা হৈছে, এনেদৰে চমন জাৰি কা প্রমাণ দিবলৈ বা একোটা নথি দাখিল কৰিবলৈ বা বিষয়াজনে কৰি থকা যিকে তদন্তত আৱশ্যকীয় আন যিকোনো বস্তু দাখিল কৰিবলৈ নির্দেশ দিব পাৰে। নথি-পত্ৰ বা অন্য বস্তু দাখিল কৰিবলৈ জাৰি কৰা একোখন চমনৰ জৰিয়তে যালৈ চমন জাৰি কৰা হয়। সেই লোকজনৰ দখলত বা নিয়ন্ত্ৰণত থকা কেতবোৰ নির্দিষ্ট নথি-পত্র বা বয়-বস্তুবা এক নির্দিষ্ট বিৱৰণৰ সকলো নথি-পত্র বা সকলো বয়-বস্তু দাখিল কৰিবলৈ নির্দেশ দিব পাৰে।

এনেদৰে চমন জাৰি কৰা লোকজনৰ দায়বদ্ধতা কি ?

উত্তৰ : যিজন লোকক চমন জাৰি কৰা হয় তেওঁ নিজে উপস্থিত হ’বলৈ বা এজন কর্তৃত্বপ্রাপ্ত প্রতিনিধি উপস্থিত হ’বলৈ ন্যায়সংগতভাৱে বাধ্য আৰু তেওঁ চমন জাৰি কৰা বিষয়াজনৰ সন্মুখত যিকোনো বিষয়ৰ সত্যতা উপস্থাপন কৰিবলৈ বাধ্য আৰু আৱশ্যকীয় তথা পৰীক্ষাৰ বাবে প্রয়োজনীয় বিষয়বস্তু, নথিপত্ৰ আৰু অন্যান্য বয়বস্তু দাখিল কৰিবলৈ বাধ্য।

চমন অনুসৰি হাজিৰ নহ’লে কি পৰিণতি হ’ব ?

উত্তৰ : যিজন বিষয়াই চমন জাৰি কৰিছে তেওঁৰ সন্মুখত হাজিৰ হোৱাটো এক ন্যায়িক প্রক্রিয়া। যদি কোনো লোকে কোনো যুক্তিসংগত ন্যায় অবিহনে চমনত উল্লেখ কৰা তাৰিখত হাজিৰ নহয়, তেতিয়া ভাৰতীয় দণ্ডবিধি (আইপিচি)ৰ অনুচ্ছেদ ১৭৪ৰ অধীনত তেওঁৰ বিৰুদ্ধে আইনী ব্যৱস্থা গ্রহণ কৰিব পাৰি। যদি তেওঁ চমনৰ নির্দেশনা এৰাই চলি পলায়ন কৰে তেতিয়া আইপিচিৰ ১৭২ অনুচ্ছেদৰ অধীনত তেওঁৰ বিৰুদ্ধে আইনী ব্যৱস্থা গ্রহণ কৰিব পাৰি আৰু যদি তেওঁ দাখিল কৰিবলগীয়া নথিপত্র বা বৈদ্যুতিন তথ্য-পাতি দাখিল নকৰে, তেতিয়া তেওঁৰ বিৰুদ্ধে আইপিচিৰ

অনুচ্ছেদ ১৭৫ৰ অধীনত ব্যৱস্থা গ্রহণ কৰিব পাৰি। যদি তেওঁ মিছা সাক্ষী দিয়ে তেতিয়া তেওঁৰ বিৰুদ্ধে আইপিচিৰ অনুচ্ছেদ ১৯৩ৰ অধীনত ব্যৱস্থা গ্রহণ কৰিব পাৰি। তদুপৰি যাৰ বিৰুদ্ধে চমন জাৰি কৰা হৈছে তেনে লোক যদি চিজিএছটি/এছজিএছটি বিষয়াৰ আগত হাজিৰ নহয়, তেতিয়া তেওঁৰ বিৰুদ্ধে এমজিএলৰ অনুচ্ছেদ ৬৬(৩)(ডি)ৰ অধীনত ২৫ হাজাৰ টকা পর্যন্ত অর্থদণ্ড প্রযোজ্য হ’ব।

চমন জাৰি কৰাৰ পৰামৰ্শাৱলী কি কি ?

উত্তৰ : বিত্ত মন্ত্ৰালয়, ৰাজহ বিভাগৰ চেণ্টেল ব’ৰ্ড অফ এক্সাইজ এণ্ড কষ্টমছ (চিবিইছি)য়ে এই কথা নিশ্চিত কৰিবলৈ সময়ে সময়ে পৰামৰ্শাৱলী জাৰি কৰি আহিছে। যে কর্মক্ষেত্ৰত চমনৰ ব্যৱস্থাৱলীৰ ভুল প্রয়োগ হ’ব নালাগে। এই পৰামৰ্শাৱলীৰ কেতবোৰ গুৰুত্বপূর্ণ আলোকপাত তলত দিয়া হ’ল

১। কৰ দিবলগীয়া লোকে সহযোগ নকৰিলে শেষ উপায় হিচাপে চিমন জাৰি কৰিব লাগে আৰু শীর্ষ পৰিচালন বিভাগৰ বাবে এই অনুচ্ছেদ ব্যৱহৃত হ নালাগে;

২। চমনৰ ভাষা খহটা আৰু আইনী হ’ব নালাগে যি গ্রহণ কৰোতাৰ অপ্রয়োজনীয় মানসিক দুঃচিন্তা আৰু ব্যাকুলতা বৃদ্ধি কৰে;

سمبر

৩। সহকাৰী আয়ুক্তৰ পৰ্যায়তকৈ নিম্নখাপৰ নোহোৱা একোজন বিষয়াৰ পৰা আগতীয়া লিখিত অনুমতি লাভ কৰাৰ পিছতহে অধীক্ষকসকলে চমন জাৰি কৰিব লাগে আৰু চমন জাৰি কৰাৰ কাৰণবিলাক লিখিতভাৱে নথিভুক্ত হ’ব লাগে;

৪। যেতিয়া কার্যকৰী কৰাৰ ভিত্তিত, এনে আগতীয়া অনুমতি লোৱাটো সম্ভৱপৰ নহয়, তেতিয়া এনে বিষয়াৰ পৰা মৌখিক/টেলিফোনিক অনুমতি নিশ্চিতভাৱে ল’ব লাগিব আৰু ইয়াক লিখি ৰাখিব লাগিব আৰু যিমান পাৰি সোনকালে

উক্ত বিষয়াজনক এনে অনুমতি সন্দৰ্ভত লগ ধৰিব লাগিব;

৫। চমন জাৰি কৰা সকলো গোচৰতে, চমন জাৰি কৰা বিষয়াজনে গোচৰৰ ফাইলত এটা প্রতিবেদন বা সংক্ষিপ্ত বিৱৰণ দাখিল কৰিব লাগিব আৰু ইয়াক চমন বিষয়াজনৰ ওচৰত দাখিল কৰিব লাগিব;

৬। একোটা বৃহৎ কোম্পানী বা একোটা ৰাজহুৱা খণ্ডৰ চৰকাৰৰ অধীনস্থ। প্রতিষ্ঠানৰ জ্যেষ্ঠ পৰিচালন বিষয়া যেনে চিইঅ’, চি.এফঅ’, মহাপ্ৰৱন্ধকক সাধাৰণতে প্রথম পদক্ষেপতে চমন জাৰি কৰিব নালাগে। তেওঁলোকক তেতিয়াহে চমন জাৰি কৰিব লাগে যেতিয়া ৰাজহৰ ক্ষতি হ’ব পৰা সিদ্ধান্ত গ্রহণ প্রক্রিয়াত তেওঁলোক জড়িত হৈ থকা বুলি তদন্তত তথ্য পোৱা যায়।

চমন জাৰি কৰোতে মানিবলগীয়া আগতীয়া ব্যৱস্থাসমূহ কি কি ?

উত্তৰ :এজন লোকৰ বিৰুদ্ধে চমন জাৰি কৰোতে সাধাৰণতে তলত দিয়া ব্যৱস্থাসমূহ মানি চলিব লাগে :

১। ন্যায়গতভাৱে নিশ্চিত নোহোৱাকৈ হাজিৰ হ’বৰ বাবে একোখন চমন জাৰি কৰিব নালাগে। কেৱল তেতিয়াহে চমন জাৰি কৰাৰ ক্ষমতা কার্যকৰী কৰিব লাগে যেতিয়া একোটা তদন্ত চলি থাকে আৰু উক্ত লোকজনৰ উপস্থিতি আৱশ্যকীয় বুলি গণ্য হয়;

২। সাধাৰণতে বাৰে বাৰে চমন জাৰি কৰিব নালাগে। যিমান দূৰ কাৰ্যকৰী কৰিব পাৰি, অভিযুক্ত বা সাক্ষীৰ স্বীকাৰোক্তি কম সংখ্যক লোকৰ উপস্থিতিত নথিভুক্ত কৰিব লাগে;

৩।চমনত দিয়া উপিস্থিতিৰ সময় মানি চলিব লাগে। কোনো লোকক তেওঁৰ স্বীকাৰোক্তি নথিভুক্ত কৰিবৰ বাবে দীঘলীয়া সময় অপেক্ষা কৰাই ৰাখিব নালাগে,

যদিহে এক নীতিগত কৌশল হিচাপে এই সন্দৰ্ভত অত্যন্ত সতর্কতাৰে সিদ্ধান্ত গ্রহণ কৰা হয়, কেৱল তেতিয়াহে তেনে কৰিব লাগে;

৪ । অগ্রাধিকাৰভিত্তিত, কার্যালয়ৰ কৰ্মসময়ত স্বীকাৰোক্তি নথিভুক্ত কৰিব লাগে; অৱশ্যে একোটা ব্যতিক্রম ক্ষেত্ৰত গোচৰৰ প্রকৃত সত্য অনুসৰি সময় আৰু স্থান নির্বিশেষে স্বীকাৰোক্তি নথিভুক্ত কৰিব পাৰিব।

চিজিএছাট/এছজিএছাট বিষয়াসকলক সহায় কৰিবৰ বাবে কোনো বিষয়াৰ শ্রেণী আছেনে ?

উত্তৰ : এমজিএলৰ অনুচ্ছেদ ৬৫ৰ অধীনত চিজিএছাট/এছজিএছাট বিষয়াসকলক এমজিএল কার্যকৰী কৰাত নিম্নোল্লিখিত বিষয়াসকলক সহায় কৰিবলৈ ক্ষমতা প্রদান কৰা হৈছে। এমজিএলত নির্দিষ্ট কৰি দিয়া শ্রেণীবিলাক তলত দিয়া ধৰণৰ :

১। আৰক্ষী;

২/ সীমাশুল্ক (customs);

৩। জিএছাট সংগ্ৰহত জড়িত ৰাজ্যিক/ কেন্দ্রীয় চৰকাৰৰ বিষয়াবৰ্গ,

৪। ভূমি-ৰাজহ সংগ্ৰহত জড়িত ৰাজ্যিক/ কেন্দ্রীয় চৰকাৰৰ বিষয়াবর্গ

৫। সকলো গাঁও বিষয়া;

৬। কেন্দ্রীয়/ৰাজ্যিক চৰকাৰে জাননী দিব পৰা আন যিকোনো বিষয়াৰ শ্ৰেনী।

উৎস : চেন্ট্ৰেল ব’ৰ্ড অৱ এক্সাইজ এণ্ড কাষ্টমছ

2.88888888889
আপোনাৰ পৰামৰ্শ প্ৰদান কৰক

(এই লিখনি সম্পৰ্কে যদি আপোনাৰ কোনো মতামত নাইবা পৰামৰ্শ আছে তেন্তে ইয়াত প্ৰদান কৰক।)

Enter the word
দিক্‌ নিৰ্ণায়ক
Back to top