অসমীয়া   বাংলা   बोड़ो   डोगरी   ગુજરાતી   ಕನ್ನಡ   كأشُر   कोंकणी   संथाली   মনিপুরি   नेपाली   ଓରିୟା   ਪੰਜਾਬੀ   संस्कृत   தமிழ்  తెలుగు   ردو

ইলেক্ট্রনিক কমার্চ

ইলেক্ট্রনিক কমার্চ

ই-কমার্চ (e-commerce) কি?

উত্তৰঃ ইলেকট্রনিক কমার্চ বোলোতে ডিজিটেল বা ইলেকট্রনিক নেটৱৰ্কৰ জৰিয়তে কৰা ডিজিটেল উৎপাদনকে ধৰি সামগ্ৰী অথবা সেৱা অথবা উভয়ৰে যোগান বুজোৱা হৈছে।

ই-কমার্চ অপাৰেটৰ কোন?

উত্তৰ : ই-কমার্চ অপাৰেটৰ বোলোতে এনে লোকক বুজোৱা হৈছে যি ইলেকট্রনিক কমাৰ্চৰ বাবে ডিজিটেল বা বৈদ্যুতিন ব্যৱস্থাপনাৰ স্বত্ত্বাধিকাৰী, পৰিচালক বা প্রবন্ধক।

পঞ্জীয়ন আহৰণ কৰাটো ই-কমার্চ অপাৰেটৰৰ বাবে বাধ্যতামূলক নেকি?

উত্তৰ ৪ হয়। ই-কমার্চ অপাৰেটৰৰ ক্ষেত্ৰত অন্তিম সীমা কর্তন (Threshold exemption) উপলব্ধ নহয় আৰু তেওঁলোকে কৰা যোগানৰ মূল্য নির্বিশেষে তেওঁলোক পঞ্জীভুক্ত হ’ব লাগিব।

ই-কমার্চ অপাৰেটৰৰ জৰিয়তে যোগান ধৰা সামগ্ৰী/সেৱাৰ যোগনীয়াৰ অন্তিম সীমা কর্তন (Threshold exemption)ৰ বাবে যোগ্য হ’বনে ?

উত্তৰ- নহয়। এনে যোগনীয়াৰৰ বাবে অন্তিম সীমা কর্তন উপলব্ধ নহয় আৰু তেওঁলোক তেওঁলোকে কৰা যোগানৰ মূল্য নির্বিশেষে পঞ্জীভুক্ত হ’ব লাগিব। এই ব্যৱস্থাপনা, অৱশ্যে, কেৱল তেতিয়াহে প্রযোজ্য হ’ব যেতিয়া এনেধৰণৰ ইলেকট্রনিক কমার্চ অপাৰেটৰে উৎসতে কৰ সংগ্ৰহ কৰিব লাগে।

প্রকৃত যোগনীয়াৰৰ পৰিৱৰ্তে, যাৰ জৰিয়তে সামগ্ৰী অথবা সেৱাৰ যোগান ধৰা হয়, তেনে একোজন ই-কমার্চ অপাৰেটৰে কৰি দিব লাগেনে ?

উত্তৰঃ হয়, কিন্তু কেতবোৰ নির্দিষ্ট জাননীকৃত সেৱাৰ ক্ষেত্ৰতহে। এই ক্ষেত্ৰবিলাকত ইলেকট্রনিক কমার্চ অপাৰেটৰে কৰ পৰিশোধ কৰিব লাগিব। যদিহে এনে সেৱাসমূহ তেওঁৰ জৰিয়তে যোগান ধৰা হয় আৰু এনে সেৱা যোগানৰ সৈতে জড়িত কৰপৰিশোধ কৰিবলৈ বাধ্য লোক হিচাপে এনে ইলেকট্রনিক কমার্চ অপাৰেটৰৰ ক্ষেত্ৰত আইনৰ ব্যৱস্থাৱলী প্রযোজ্য হ’ব।

জননীকৃত সেৱাৰ ওপৰত কৰ পৰিশোধ কৰিবলৈ দায়বদ্ধ ইলেকট্রনিক কমার্চ অপাৰেটৰৰ ক্ষেত্ৰত অন্তিম সীমা কর্তন প্রযোজ্য হ’বনে ?

উত্তৰ ৪ নহয়, ই-কমার্চ অপাৰেটৰৰ ক্ষেত্ৰত অন্তিম সীমা কর্তন প্রযোজ্য নহয়, যি তেওঁলোকৰ জৰিয়তে প্রদান কৰা জাননীকৃত সেৱাসমূহৰ ক্ষেত্ৰত কৰ পৰিশোধ কৰিব লাগে।

উৎসতে কৰ সংগ্ৰহ (TCS) কি ?

উত্তৰ : ই-কমার্চ অপাৰেটৰে তেওঁৰ জৰিয়তে কৰা সামগ্ৰী আৰু/অথবা সেৱাৰ যোগানৰ ক্ষেত্ৰত প্রকৃত যোগনীয়াৰক পৰিশোধ কৰা বা কৰিবলগীয়া বিবেচনাৰ পৰা এটা পৰিমাণ (amount) সংগ্ৰহ কৰিব লাগে, যি পৰিমাণ তেওঁৰ জৰিয়তে কৰা কৰযোগ্য যোগানৰ মুঠ মূল্যৰ এক শতাংশতকৈ অধিক নহয়, য’ত এনে যোগানৰক্ষেত্ৰত কৰা বিবেচনা অপাৰেটৰৰ দ্বাৰা সংগৃহীত হ’ব। এনেদৰে সংগ্ৰহ কৰা ধনৰাশিক উৎসতে কৰ সংগ্ৰহ (TCS) বোলা হয়।

এইটো খুবেই সাধাৰণ কথা যে ই-কমার্চ কোম্পানীৰ গ্ৰাহকসকলে সামগ্ৰী ওভতাই দিয়ে। এই ধৰণৰ ওভতাই দিয়া সামগ্ৰীসমূহৰ ক্ষেত্ৰত কি ব্যৱস্থা হয় ?

উত্তৰ : একোটা ই-কমার্চ কোম্পানীয়ে কৰযোগ্য যোগানৰ মুঠ মূল্যৰ ওপৰতহে কৰ সংগ্ৰহ কৰিব লাগে। আন কথাত ক’বলৈ গ’লে, ওভতাই দিয়া যোগানৰ মূল্য কৰযোগ্য যোগানৰ সৰ্বমুঠ মূল্যৰ সৈতে মিলাই লোৱা হয়।

‘কৰযোগ্য যোগানৰ মুঠ মূল্য’  " (net value of taxable supplies) মানে কি?

উত্তৰঃ ‘কৰযোগ্য যোগানৰ মুঠ মূল্য’ মানে হৈছে সামগ্ৰী অথবা সেৱা অথবা উভয়ৰে কৰযোগ্য যোগানৰ সৰ্বমুঠ মূল্য, ইয়াৰ ভিতৰত ই-কমার্চ অপাৰেটৰে সমস্ত কৰপৰিশোধ কৰিবলগীয়া অন্য সেৱাসমূহ অন্তৰ্ভুক্ত নহয়, যি সেৱা এনে অপাৰেটৰৰ সকলো পঞ্জীভুক্ত লোকে যিকোনো মাহত সম্পন্ন কৰে আৰু উল্লিখিত মাহত কৰযোগ্য যোগানৰ যি সর্বমুঠ মূল্যৰ পৰা হ্রাস কৰি যোগনীয়াৰক ওভতাই দিয়া হয়।

প্ৰতিজন ই-কমার্চ অপাৰেটৰে প্ৰকৃত যোগনীয়াৰৰ হৈ কৰ সংগ্ৰহ কৰিব লাগেনে ?

উত্তৰ ৪ হয়, প্ৰতিজনে ই-কমার্চ অপাৰেটৰে কৰ সংগ্ৰহ কৰিব লাগে, য’ত উক্ত যোগানৰ ক্ষেত্ৰত থকা বিবেচনা ই-কমার্চ অপাৰেটৰজনে সংগ্রহ কৰে।

ই-কমার্চ অপাৰেটৰজনে কোন সময়ত এনে সংগ্ৰহ কৰিব লাগে ?

উত্তৰ : ই-কমার্চ অপাৰেটৰজনে যোগান সম্পন্ন কৰা মাহতে এই সংগ্ৰহ কৰিব লাগে।

ই-কমার্চ অপাৰেটৰজনে এনে টি চি এছ চৰকাৰৰ একাউণ্টত জমা কৰাৰ সময় সীমা কি ?

উত্তৰ : অপাৰেটৰজনে সংগ্ৰহ কৰা ধনৰাশি সংগ্ৰহ কৰাৰ মাহটোৰ সমাপ্তিৰ ১০ দিনৰ ভিতৰত সংশ্লিষ্ট চৰকাৰক পৰিশোধ কৰিব লাগে।

এইটি চি এছৰ “ক্রেডিট’প্রকৃত যোগনীয়াৰে কেনেকৈ দাবী কৰিব পাৰে ?

উত্তৰ : সংশ্লিষ্ট চৰকাৰক অপাৰেটৰজনে জমা দিয়া টি চি এছ অপাৰেটৰজনে দাখিল কৰা বিৱৰণৰ ভিত্তিত প্রকৃত পঞ্জীভুক্ত যোগনীয়াৰৰ কেছ লেজাৰত প্রতিফলিত হ’ব (যাৰ একাউণ্টত এনে ধৰণৰ সংগ্রহ জমা হ'ব)। প্রকৃত যোগনীয়াৰজনে যোগান সম্পন্ন কৰোতে কৰৰ দায়বদ্ধতা পূৰণ কৰাৰ সময়ত ইয়াক প্রয়োগ কৰিব পাৰিব

ই-কমার্চ অপাৰেটৰে কোনো বিৱৰণ দাখিল কৰিব লাগেনে? মন্তব্যত দাখিল কৰবলগীয়া সবিশেষ কি কি ?

উত্তৰ : হয়, প্ৰতিজন অপাৰেটৰে তেওঁৰ জৰিয়তে কার্যকৰী হোৱা সামগ্ৰী অথবা সেৱাৰ বাহিৰা যোগানৰ সবিশেষসহ বৈদ্যুতিনভাৱে একোটা বিৱৰণ দাখিল কৰিবলাগে, এই বিৱৰণত সন্নিৱিষ্ট থাকিব লাগিব, অপাৰেটৰজনৰ জৰিয়তে ওভতাই দিয়া সামগ্ৰী আৰু/অথবা সেৱা, আৰু যি মাহত টি চি এছ হিচাপে তেওঁ ধনৰাশি সংগ্ৰহ কৰে সেই মাহৰ ১০দিনৰ ভিতৰত এনে বিৱৰণ দাখিল কৰিব লাগিব। অপাৰেটৰজনে লগতে যি বৰ্ষত কৰ সংগ্রহ কৰে সেইবিত্তীয় বৰ্ষৰ সমাপ্তিৰ পিছত ডিচেম্বৰৰ ৩১ দিনৰ ভিতৰত এক বার্ষিক বিৱৰণ দাখিল কৰিব লাগিব।

ই-কমার্চ ব্যৱস্থাৱলীত মিল থকা (matching)ৰ ধাৰণা কি আৰু ই কেনেকৈ কাম কৰে ?

উত্তৰঃ একোটা কেলেণ্ডাৰ মাহত সংগৃহীত ধন আৰু যোগানৰ সবিশেষ আৰু প্ৰতিজন অপাৰেটৰে তেওঁৰ বিৱৰণত দাখিল কৰা তথ্য একেটা কেলেণ্ডাৰ মাহ বা যিকোনো পৰৱতী কেলেণ্ডাৰ মাহত সংশ্লিষ্ট যোগনীয়াৰে তেওঁৰ বৈধ হিচাপ-নিকাচৰ বিৱৰণত (return) দাখিল কৰা তথ্যৰ সৈতে মিলি যাব। যদি অপাৰেটৰজনে তেওঁৰ মন্তব্যত ঘোষণা কৰাৰ দৰে বাহিৰা যোগান (outward supply)ৰ সবিশেষ, যাৰ ওপৰত কৰ সংগ্ৰহ কৰা হ’ল, যোগনীয়াৰৰ দ্বাৰা ঘোষিত সবিশেষ তথ্যৰ সৈতে নিমিলে তেতিয়া এনে অমিল দুয়োজন লোককে অৱগত কৰোৱা হ’ব।

যদি সবিশেষ নিমিলাকৈ থাকে তেতিয়া কি হ’ব ?

উত্তৰ : যিকোনো পৰিশোধৰে সম্পর্কযুক্ত একোটা যোগানৰ মূল্যৰ ক্ষেত্ৰত যদি কোনো বৈসাদৃশ্য পৰিলক্ষিত হয় আৰু এনে বৈসাদৃশ্য হোৱা মাহটোৰ বাবে যোগনীয়াৰে তেওঁৰ বৈধ হিচাপৰ বিৱৰণত শুধৰণি নকৰে, তেতিয়া যিটো কেলেণ্ডাৰ মাহত এনে বৈসাদৃশ্যৰ বিষয়ে অৱগত কৰা হৈছিল। তেনে মাহৰ পৰৱতী মাহত উল্লিখিত যোগনীয়াৰৰ মুঠ উৎপাদন দায়বদ্ধতা (output liability)ত সংযোজিত হ'ব। সংশ্লিষ্ট যোগনীয়াৰজনে যাৰ উৎপাদন কৰ দায়বদ্ধতাত যিকোনো পৰিমাণ সংযোজিত হ’ব, তেওঁ উক্ত কৰ আৰোপ কৰাৰ তাৰিখৰ পৰা পৰিশোধৰ তাৰিখলৈকে সুতসহ আদায় দিব লাগিব।

উৎস : চেন্ট্ৰেল ব’ৰ্ড অৱ এক্সাইজ এণ্ড কাষ্টমছ

শেহতীয়া উন্নীতকৰণ: : 1/24/2024



© C–DAC.All content appearing on the vikaspedia portal is through collaborative effort of vikaspedia and its partners.We encourage you to use and share the content in a respectful and fair manner. Please leave all source links intact and adhere to applicable copyright and intellectual property guidelines and laws.
English to Hindi Transliterate