অসমীয়া   বাংলা   बोड़ो   डोगरी   ગુજરાતી   ಕನ್ನಡ   كأشُر   कोंकणी   संथाली   মনিপুরি   नेपाली   ଓରିୟା   ਪੰਜਾਬੀ   संस्कृत   தமிழ்  తెలుగు   ردو

কৰ নিৰ্ধাৰণ আৰু হিচাপ-নিকাচ

এই আইনৰ অধীনত পৰিশোধ কৰিবলগীয়া কৰ নিৰ্ধাৰণৰ বাবে কোন দায়বদ্ধ?

উত্তৰ: এই আইনৰ অধীনত পঞ্জীভুক্ত প্ৰতিজন লোকে একোটা কৰ সময়সীমাৰ বাবে তেওঁ পৰিশোধ কৰিবলগীয়া কৰ নিজেই নির্ধাৰণ কৰিব আৰু এনে নির্ধাৰণৰ পিছত তেওঁ অনুসূচী ২৭ৰ অধীনত প্রয়োজনীয় হিচাপ-নিকাচৰ বিৱৰণ দাখিল কৰিব।

গ্ৰহণ কৰোতাই ওভতাই দিয়া পণ্য-সামগ্ৰীৰ কৰ ব্যৱস্থাৰ বাবে এম জি এলত কিবা বিধি আছেনে ?

উত্তৰ: হয়, এম জি এলত অনুসূচী ৪৪ত সন্নিৱিষ্ট ব্যাখ্যাত এনে ব্যৱস্থাৰ কথা উল্লেখ আছে। ইয়াত কোৱা হৈছে যে প্রাসংগিক চালানৰ তাৰিখৰ পৰা ছমাহৰ ভিতৰত গ্রহণ কৰোতাই যোগনীয়াৰক ওভতাই দিয়া ভিতৰুৱা যোগান হিচাপে গৃহীত পণ্যসামগ্ৰীৰ ক্ষেত্ৰত, এনে যোগানৰ বাবে পৰিশোধ কৰিবলগীয়া কৰাৰ পৰিমাণ পূৰ্বতে এনে ভিতৰুৱা যোগানৰ ক্ষেত্ৰত লাভ কৰা ‘ইনপুট টেক্স ক্রেডিট’ৰ সমান হ’ব। এই বিধিত প্রয়োজন অনুসৰি নিশ্চিত কৰা হৈছে যে যদি গ্রহণ কৰোতাই যোগনীয়াৰক ইয়াৰ যোগানৰ প্রকৃত তাৰিখৰ পৰা ছমাহৰ ভিতৰত পণ্য-সামগ্ৰী ওভতাই দিয়ে, এনেদৰে ওভতাই দিয়া পণ্য-সামগ্ৰীৰ ওপৰত তেওঁৰ কৰৰ দায়বদ্ধতা পূৰ্বৰ দৰে একে থাকিব যিটো পূৰ্বৰ যোগানৰ সময়ত আছিল। চালানৰ প্রকৃত যোগানৰ তাৰিখৰ পৰা যদি ছমাহৰ পিছত পণ্য-সামগ্ৰী ওভতাই দিয়া হয়, প্রযোজ্য হ’বলগীয়া কৰাৰ নিৰিখ হ’ব, এনেদৰে ওভতাই দিয়াৰ তাৰিখত বর্তি থকা নিৰিখৰ সমান।

২০১৭ৰ এপ্রিল মাহত ‘এ’য়ে ‘বি’ক পণ্য-সামগ্ৰী যোগান ধৰিছিল, এই পণ্য-সামগ্ৰী ২০১৭ৰ জুন মাহত ‘এ’য়ে ‘বি’ক ওভতাই দিলে। এই পণ্য-সামগ্ৰীৰ ওপৰত ‘এ’য়ে আৰোপ কৰা কৰাৰ নিৰিখ আছিল ১৮ শতাংশ। ২০১৭ৰ মে’ মাহত এই নিৰিখ ১৮.৫ শতাংশলৈ সংশোধিত হয়। ‘বি’য়ে ‘এ’ক ওভতাই দিয়ভিতৰুৱা যোগানৰ ওপৰত পৰিশোধ কৰিবলগীয়া কৰাৰ পৰিমাণ কি হ’ব ?

উত্তৰ: ১৮ শতাংশ।

একোটা ব্যৱস্থাৰ ভিত্তিত(provisional basis) এজন কৰযোগ্য লোকে কেতিয়া কৰ পৰিশোধ কৰিব পাৰে ?

উত্তৰ: যিহেতু এজন কৰযোগ্য লোকে স্ব-নিৰ্ধাৰণৰ ভিত্তিত কৰ পৰিশোধ কৰিব লাগে, গতিকে ব্যৱস্থাৰ ভিত্তিত কৰ পৰিশোধ কৰাৰ অনুৰোধ কৰদাতাজনৰ পৰা আহিব লাগিব, তাৰ পিছতহে ন্যায্য বিষয়াই অনুমতি প্রদান কৰিব। আন কথাত ক’বলৈ গ’লে কৰ বিষয়াই ব্যৱস্থাৰ ভিত্তিত কৰ পৰিশোধৰ বাবে নিজাববীয়াকৈ নির্দেশ দিব নোৱাৰে। ইয়াক এম জি এলৰ অনুচ্ছেদ ৪৪এত নির্ধাৰণ কৰা আছে। ন্যায্য বিষয়াই এক নির্দেশনা জাৰী কৰাৰ পিছতহে ব্যৱস্থাৰ ভিত্তিত কৰ পৰিশোধ কৰিব পাৰিব। এই উদ্দেশ্যে কৰযোগ্য লোকজনে ন্যায্য বিষয়াক এটা লিখিত অনুৰোধ দাখিল কৰিব লাগিব, য’ত এটা ব্যৱস্থাৰ ভিত্তিত কৰ পৰিশোধৰ কাৰণ সন্নিবিষ্ট থাকিব লাগিব। এনেধৰণৰ অনুৰোধ কৰযোগ্য লোকজনে কেৱল তেতিয়াহে কৰিব পাৰিব যেতিয়া তেওঁ নিৰ্ধাৰণ কৰিবলৈ সক্ষম নহয় ?

ক) তেওঁ যোগান ধৰিবলগীয়া পণ্য-সামগ্ৰী অথবা সেৱাৰ মূল্য, বা খ) তেওঁ যোগান ধৰিবলগীয়া পণ্য-সামগ্ৰী অথবা সেৱাৰ কৰ নিৰিখ নিৰ্ধাৰিণ ।

এনে ক্ষেত্ৰসমূহত কৰযোগ্য লোকজনে নির্ধাৰিত প্ৰ-পত্ৰত এটা ‘ব’ণ্ড’ (bond) কার্যকৰী কৰিব লাগিব, আৰু ইয়াৰ নিশ্চয়তা বা নিৰাপত্তা ন্যায্য বিষয়াজনে উপযুক্ত বুলি গণ্য কৰিব লাগিব।

চূড়ান্ত কৰ নিৰ্ধাৰণ কৰিবলগীয়া শেহতীয়া সময় কি ?

উত্তৰ: ন্যায্য বিষয়াৰ দ্বাৰা ব্যৱস্থাগত নিৰ্ধাৰণৰ নির্দেশনা জাৰি কৰাৰ পৰা ছমাহৰ ভিতৰত বিষয়াজনে চূড়ান্ত কৰ নিৰ্ধাৰণ নির্দেশনা অনুমোদন কৰিব লাগে। অৱশ্যে, উত্থাপন কৰা উপযুক্ত কাৰণৰ ভিত্তিত আৰু লিখিতভাৱে নথিভুক্ত কৰিবলগীয়া

যুক্তিসমূহৰ ভিত্তিত ওপৰত উল্লিখিত ছমাহ বৃদ্ধি কৰিব পাৰি:

ক) ছমাহ অতিক্ৰম কৰি পৰৱতী সময়ৰ বাবে যুটীয়া/অতিৰিক্ত আয়ুক্তৰ দ্বাৰা, আৰু

খ) এনেধৰণৰ পৰৱৰ্তী সময়ৰ বাবে আয়ুক্তই উপযুক্ত বুলি ভাবিলে।

যদি কৰৰ দায়বদ্ধতা চূড়ান্ত নিৰ্ধাৰণত ব্যৱস্থাগত নির্ধাৰণতকৈ বেছি হয়, তেতিয়া কৰযোগ্য লোকজনে সুত ভৰিব লাগেনে?

উত্তৰঃ হয়। মূলতে কৰ পৰিশোধ কৰিবলগীয়া তাৰিখৰ পৰা তেওঁ প্ৰকৃতাৰ্থত পৰিশোধ কৰা তাৰিখলৈকে তেওঁ সুত দিবলৈ দায়বদ্ধ।

এম জি এলৰ অনুচ্ছেদ ৪৫ৰ অধীনত হিচাপৰ বিৱৰণত ধৰা পৰা বৈসাদৃশ্যৰ বাবে সঠিক ব্যাখ্যা দাখিল নকৰিলে বিষয়াই কি পদক্ষেপ গ্ৰহণ কৰিব পাৰে ?

উত্তৰ : যদি কৰযোগ্য লোকজনে তেওঁক অৱগত কৰোৱাৰ পৰা ৩০ দিনৰ ভিতৰত (সংশ্লিষ্ট বিষয়াৰ দ্বাৰা বঢ়াব পাৰি) এটা সন্তোষজনক ব্যাখ্যা আগনবঢ়ায় বা উক্ত বৈসাদৃশ্য মানি লোৱাৰ পিছত এক যুক্তিসংগত সময়ৰ ভিতৰত সংশোধনৰ পদক্ষেপগ্ৰহণ নকৰে, ন্যায্য বিষয়াজনে নিম্নোল্লিখিত যিকোনো ব্যৱস্থাৱলীৰ ক্ষেত্ৰত পদক্ষেপ গ্রহণ কৰিব পাৰে

ক) আইনখনৰ অনুচ্ছেদ ৪৯ৰ অধীনত হিচাপ-নিকাচ কৰাৰ ব্যৱস্থা কৰিব পাৰে;

খ) অনুচ্ছেদ ৫০ৰ অধীনত এক বিশেষ হিচাপ-নিকাচৰ নির্দেশ দিব পাৰে, যিটো আয়ুক্তই এই উদ্দেশ্যে মনোনীত কৰা এজন চার্টার্ড একাউণ্টেণ্টৰ দ্বাৰা বা এজন কষ্ট একাউণ্টেণ্টৰ দ্বাৰা কৰাব লাগিব; বা

গ) আইনখনৰ অনুচ্ছেদ ৬০ৰ অধীনত পৰিদৰ্শন, অনুসন্ধান আৰু জব্দ কৰাৰ পদক্ষেপ গ্রহণ কৰিব পাৰে; বা

ঘ) আইনখনৰ অনুচ্ছেদ ৫১ৰ অধীনত কৰ নিৰ্ণয়ৰ পদক্ষেপ গ্রহণ কৰিব

পাৰে।

অনুচ্ছেদ ৪৬ৰ অধীনত কৰ নিৰ্ধাৰণ সম্পূর্ণ কৰাৰ পূর্বে ন্যায্য বিষয়াই কৰযোগ্য লোকলৈ কোনো জাননী দিব লাগেনে ?

উত্তৰ: যিহেতু এই ব্যৱস্থা ‘উত্তম বিচাৰ কৰ নিৰ্ধাৰণ’ (best judgment assessment)ৰ সৈতে সম্পর্কযুক্ত গতিকে কৰযোগ্য লোকজনলৈ এখন জাননী প্ৰেৰণ কৰাৰ আৱশ্যক নহয়।

আইনৰ (অনুচ্ছেদ ২৭ বা ৩১ৰ অধীনত) হিচাপৰ বিৱৰণ দাখিল কৰা এজন কৰযোগ্য লোক ব্যর্থ হ’লে কৰ বিষয়াই কি আইনী পদক্ষেপ গ্ৰহণ কৰিব ?

উত্তৰঃ ন্যায্য বিষয়াজনে প্রথমে এম জি এলৰ অনুচ্ছেদ ৩২ৰ অধীনত ব্যর্থ কৰযোগ্য লোকজনলৈ এখন জাননী জাৰি কৰিব, য’ত তেওঁক এক নির্ধাৰিত সময়ৰ ভিতৰত হিচাপৰ বিৱৰণ দাখিল কৰিবলৈ কোৱা হ’ব, যি সময় এম জি এলৰ অনুচ্ছেদ ৪৬ অনুসৰি কমেও পোন্ধৰ দিন হ’ব। যদি কৰযোগ্য লোকজনে এই নির্ধাৰিত সময়ৰ ভিতৰত হিচাপৰ বিৱৰণ দাখিল কৰাত ব্যর্থ হয় ন্যায্য বিষয়াজনে তেওঁৰ ওচৰত থকা সকলো প্ৰাসংগিক তথ্য-পাতিৰ আধাৰত নিজা সৰ্বোত্তম বিচাৰৰ ভিত্তিত ব্যর্থ লোকজনৰ কৰৰ দায়বদ্ধতা নির্ধাৰণ কৰাৰ পদক্ষেপ গ্রহণ কৰিব। এই ক্ষমতা এম জি এলৰ অনুচ্ছেদ ৪৬ৰ অধীনত প্রদান কৰা হৈছে।

অনুচ্ছেদ ৪৬ৰ অধীনত জাৰি কৰা একোটা উত্তম বিচাৰ নিৰ্ধাৰণ (best judgment assessment)ৰ নির্দেশ কি পৰিস্থিতিত বাতিল কৰিব পাৰি?

উত্তৰ: এম জি এলৰ অনুচ্ছেদ ৪৬ৰ অধীনত ন্যায্য বিষয়াই জাৰি কৰা উত্তম বিচাৰ নির্দেশনা স্বয়ংক্রিয়ভাৱে বাতিল হ’ব, যদিহে কৰযোগ্য লোকজনে ব্যর্থ হোৱা সময়খিনিৰ বাবে (অর্থাৎ তেওঁ নিৰ্ধাৰণ কৰা মতে হিচাপৰ বিৱৰণ যদি দাখিল কৰে। আৰু কৰ পৰিশোধ কৰে), উত্তম বিচাৰ নিৰ্ধাৰণৰ নির্দেশ লাভ কৰাৰ ৩০ দিনৰ ভিতৰত এটা বৈধ হিচাপৰ বিৱৰণ দাখিল কৰে।

অনুচ্ছেদ ৪৬ আৰু ৪৭ৰ অধীনত নির্দেশনা জাৰি কৰাৰ সময়সীমা কি ?

উত্তৰঃ অনুচ্ছেদ ৪৬ বা ৪৭ৰ অধীনত এটা নির্ধাৰণ নির্দেশনা জাৰি কৰাৰ সময়সীমা হৈছে বার্ষিক হিচাপৰ বিৱৰণ দাখিলৰ তাৰিখৰ পৰা তিনি বা পাঁচ বছৰ।

কৰ পৰিশোধ কৰিবলৈ দাযবদ্ধ কিন্তু পঞ্জীয়ন আহৰণত ব্যর্থ এজন লোকৰ ক্ষেত্ৰত ল’বলগীয়া আইনগত পদক্ষেপ কি ?

উত্তৰ: এম জি এলৰ অনুচ্ছেদ ৪৭ত কোৱা হৈছে যে এনে ক্ষেত্ৰত, ন্যায্য বিষয়াজনে কৰৰ দাযবদ্ধতা নির্ধাৰণ কৰিব পাৰে আৰু প্ৰাসংগিক কৰ সময়ৰ বাবে তেওঁৰ উত্তম বিচাৰৰ এক নির্দেশনা জাৰি কৰিব পাৰে। অৱশ্যে এনে নির্দেশনা যাৱতীয় কৰ পৰিশোধ নকৰা বিত্তীয় বৰ্ষৰ বাবে দাখিল কৰা বার্ষিক হিচাপৰ বিৱৰণৰ তাৰিখৰ পৰা পাঁচ বছৰৰ ভিতৰত জাৰি কৰিব লাগিব।

কি পৰিস্থিতিত এজন কৰ বিষয়াই সাৰাংশ নির্ধাৰণ (Summary Assessment)ৰ ব্যৱস্থা কৰিব পাৰে ?

উত্তৰ: এম জি এলৰ অনুচ্ছেদ ৪৮ অনুসৰি ৰাজহৰ স্বাৰ্থ সুৰক্ষিত কৰিবৰ বাবে তেতিয়াই সাৰাংশ নির্ধাৰণৰ ব্যৱস্থা কৰিব পাৰে:

ক) ন্যায্য বিষয়াজনৰ ওচৰত এই প্রমাণ যেতিয়া থাকে যে আইনখনৰ অধীনত এজন কৰযোগ্য লোকে কৰ পৰিশোধৰ দায়বদ্ধতা অস্বীকাৰ কৰে, আৰু

খ) ন্যায্য বিষয়াজনে যেতিয়া বিশ্বাস কৰে যে এটা কৰ নিৰ্ধাৰণৰ নির্দেশ জাৰি কৰাত বিলম্ব হ’লে ৰাজহৰ স্বাৰ্থত ওলোটা প্ৰভাৱ পৰিব।

অতিৰিক্ত আয়ুক্ত/যুটীয়া আয়ুক্তৰ পৰা অনুমতি বিচৰাৰ পিছত এনে নির্দেশনা জাৰি কৰিব পাৰে।

আবেদনৰ দ্বাৰা শুধৰণি কৰাৰ বাহিৰে একোটা সাৰাংশ নিৰ্ধাৰণ নির্দেশনাৰ বিপৰীতে পদক্ষেপ গ্ৰহণ কৰাৰ বাবে কৰযোগ্য লোকৰ হাতত অন্য পদক্ষেপ আছেনে ?

উত্তৰ: এজন কৰযোগ্য লোক যাৰ বিৰুদ্ধে এটা সাৰাংশ নির্ধাৰণ নির্দেশনা জাৰি হৈছে, তেওঁ এই নির্দেশনা লাভ কৰাৰ পৰা ত্রিশ দিনৰ ভিতৰত ন্যায়িক অতিৰিক্ত/যুটীয়া আয়ুক্তৰ ওচৰত ইয়াৰ বাতিলৰ বাবে আবেদন জনাব পাৰে। যদি উক্ত বিষয়াজনে নির্দেশনাটো অসংগত বুলি বিবেচনা কৰে তেতিয়া তেওঁ ইয়াক বাতিল কৰিব পাৰে আৰু এম জি এলৰ অনুচ্ছেদ ৫১অনুসৰি ন্যায্য বিষয়াজনক কৰ দায়বদ্ধতা নির্ণয় কৰিবলৈ নির্দেশ দিব পাৰে। অতিৰিক্ত/যুটীয়া আয়ুক্তই সাৰাংশ নিধাৰণ নির্দেশনাটো অসংগত বুলি বিবেচনা কৰিলে নিজাববীয়াকৈ একেধৰণৰ এক পদক্ষেপ গ্রহণ কৰিব পাৰে। (এম জি এলৰ অনুচ্ছেদ ৪৮)

কৰযোগ্য লোকজনৰ বিৰুদ্ধে সাৰাংশ নিৰ্ধাৰণ নির্দেশনা জাৰি কৰাটো প্রয়োজনীয় নেকি ?

উত্তৰ: নহয়, যেতিয়া পণ্য-সামগ্ৰী পৰিৱহনৰ অৱস্থাত থাকে বা একোটা গুদামঘৰত জমা থাকে, আৰু কৰযোগ্য লোকজনে এনে পণ্য-সামগ্ৰীৰ ক্ষেত্ৰত নিশ্চিত হ’ব নোৱাৰে, এনেকুৱা কিছুমান বিশেষ ক্ষেত্ৰত এনে পণ্য-সামগ্ৰীৰ দায়িত্বত থকা লোকজন কৰযোগ্য লোক হ’ব আৰু কৰৰ ক্ষেত্ৰত নির্ধাৰিত হ'ব (এম জি এলৰ অনুচ্ছেদ ৪৮ ) |

কৰযোগ্য লোকজনৰ হিচাপ-নিকাচ কোনে কৰিব ?

উত্তৰ : এম জি এলৰ অনুচ্ছেদ ৪৯ অনুসৰি এটা সাধাৰণ বা বিশেষ নির্দেশনাৰ দ্বাৰা তেওঁৰ আয়ুক্তই কর্তৃত্ব প্রদান কৰা এজন চি জি এছ টি বা এছ জি এছ টিৰ বিষয়াই এই

কাম কৰিব পাৰে।উল্লিখিত সময়ছোৱাত সুচলতা আৰু হিচাপ-নিকাচৰ ধৰণ নির্দেশিত হ’ব।

এই হিচাপ-নিকাচ কৰাৰ পূর্বে কোনো আগতীয়া যোগাযোগৰ প্রয়োজন আছেনে ?

উত্তৰ: হয়। আগতীয়া যোগাযোগৰ প্রয়োজন আছে আৰু কৰযোগ্য লোকজনক হিচাপ-নিকাচ কৰাৰ কমেও পোন্ধৰ দিনৰ আগত জনাব লাগে।

হিচাপ-নিকাচ সম্পূর্ণ কৰিবলগীয়া সময়সীমা কি ?

উত্তৰঃ হিচাপ-নিকাচ ব্যৱস্থাপনা কৰাৰ তাৰিখৰ পৰা তিনি মাহৰ ভিতৰত বা আয়ুক্তই অনুমোদন জনোৱা অনুসৰি অতিৰিক্ত সর্বাধিক ছমাহৰ ভিতৰত সম্পূর্ণ কৰিব লাগে।

হিচাপ-নিকাচ ব্যৱস্থাপনা কৰা(commencement ofaudit) মানে কি ?

উত্তৰ: ‘হিচাপ-নিকাচ ব্যৱস্থাপনা কৰা’ যথেষ্ট গুৰুত্বপূর্ণ। কিয়নো এই আৰম্ভ কৰা তাৰিখৰ সৈতে সংগতি ৰাখি এক নির্ধাৰিত সময়ৰ ভিতৰত হিচাপ-নিকাচ সম্পূর্ণ কৰিব লাগে। হিচাপ-নিকাচ আৰম্ভ কৰা বুলিলে তলত লিখা কথাখিনি বুজায়:

ক) হিচাপ-নিকাচ কর্তৃপক্ষই বিচৰা তথ্য-পাতি/হিচাপ-নিকাচ তেওঁলোকক দিয়াৰ তাৰিখ, বা

খ) কৰযোগ্য লোকজনৰ ব্যৱসায়ৰ স্থানত হিচাপ-নিকাচৰ প্রকৃত প্রতিষ্ঠান।

হিচাপ-নিকাচৰ জাননী লাভ কৰোতে কৰযোগ্য লোকজনৰ কৰিবলগীয়া কি ?

উত্তৰ : কৰযোগ্য লোকজনে কৰিব লাগে :

ক) কর্তৃপক্ষই জব্দ কৰা বা লাভ কৰা হিচাপ-নিকাচ/তথ্য-পাতিৰ সংশোধন কৰা,

খ) হিচাপ-নিকাচ কৰিবৰ বাবে কর্তৃপক্ষক আৱশ্যক হ’ব পৰা এনে তথ্য যোগান ধৰা, আৰু

গ) হিচাপ-নিকাচ সময় মতে সম্পূর্ণ কৰিবলৈ সহায় আগবঢ়োৱা।

হিচাপ-নিকাচৰ সমাপ্তিত ন্যায্য বিষয়াজনে কি কৰিব লাগে ?

উত্তৰ: বিলম্ব নকৰাকৈ কৰযোগ্য লোকজনক ন্যায্য বিষয়াজনে তেওঁ পোৱা তথ্য, এনে তথ্যৰ কাৰণবিলাক আৰু এইবিলাকৰ ক্ষেত্ৰত কৰযোগ্য লোকজনৰ অধিকাৰ আৰু দায়ৱদ্ধতা অৱগত কৰিব লাগে।

কি পৰিস্থিতিত একোটা বিশেষ হিচাপ-নিকাচ কৰিব পাৰি?

উত্তৰ: কিছুমান সীমিত পৰিস্থিতিত একোটা বিশেষ হিচাপ-নিকাচ কৰিব পাৰি য’ত পৰীক্ষা-নিৰীক্ষা বা অনুসন্ধান কৰাৰ সময়ত এই কথা পৰিলক্ষিত হয় যে একোটা জটিল পৰিস্থিতি আছে বা ৰাজহৰ পৰিমাণ অধিক। এম জি এলৰ অনুচ্ছেদ ৫০ত ক্ষমতা প্ৰদান কৰা হৈছে।

বিশেষ হিচাপ-নিকাচৰ বাবে কোনে জাননী জাৰি কৰিব পাৰে ?

উত্তৰ: সহকাৰী/উপ-আয়ুক্তই বিশেষ হিচাপ-নিকাচৰ জাননী জাৰি কৰিব পাৰে। যদিহে আয়ুক্তই আগতীয়াকৈ অনুমোদন জনায়।

বিশেষ হিচাপ-নিকাচ কোনে কৰিব ?

উত্তৰ: আয়ুক্তৰ দ্বাৰা মনোনীত একোজন চার্টার্ড একাউন্টেন্ট বা কষ্ট একাউন্টেন্টে হিচাপ-নিকাচ কৰিব পাৰে।

হিচাপ-নিকাচৰ প্ৰতিবেদন দাখিল কৰিবলৈ সময়সীমা কি?

উত্তৰ : ৯০ দিনৰ ভিতৰত বা পৰৱৰ্তী সময়ত ৯০ দিনতকৈ প্ৰসাৰিত সময়ৰ ভিতৰত হিচাপ পৰীক্ষকে (auditor) প্রতিবেদন দাখিল কৰিব লাগে।

বিশেষ হিচাপ-নিকাচৰ ব্যয় কোনে বহন কৰিব ?

উত্তৰ: হিচাপে পৰীক্ষকক দিবলগীয়া মাননীকে ধৰি পৰীক্ষা আৰু হিচাপ-নিকাচৰ বাবে হোৱা ব্যয় আয়ুক্তই নির্ধাৰণ আৰু বহন কৰিব।

বিশেষ হিচাপ-নিকাচৰ পিছত কৰ কর্তৃপক্ষসমূহে কি পদক্ষেপ ল’ব ?

উত্তৰঃ এম.জি এ লৰ অনুচ্ছেদ ৫১ৰ অধীনত বিশেষ হিচাপ-নিকাচৰ তথ্য/পৰীক্ষানিৰীক্ষাৰ ভিত্তিত পদক্ষেপ গ্রহণ কৰিব পাৰি।

উৎস : চেন্ট্ৰেল ব’ৰ্ড অৱ এক্সাইজ এণ্ড কাষ্টমছ

শেহতীয়া উন্নীতকৰণ: : 1/24/2024



© C–DAC.All content appearing on the vikaspedia portal is through collaborative effort of vikaspedia and its partners.We encourage you to use and share the content in a respectful and fair manner. Please leave all source links intact and adhere to applicable copyright and intellectual property guidelines and laws.
English to Hindi Transliterate