অসমীয়া   বাংলা   बोड़ो   डोगरी   ગુજરાતી   ಕನ್ನಡ   كأشُر   कोंकणी   संथाली   মনিপুরি   नेपाली   ଓରିୟା   ਪੰਜਾਬੀ   संस्कृत   தமிழ்  తెలుగు   ردو

সমাজ কল্যাণ

সমাজ কল্যাণ

  1. দুৰ্বল সম্প্ৰদায়ক যোগাযোগ প্ৰযুক্তিৰ জৰিয়তে সবল কৰা
  2. সমাজৰ দৰিদ্ৰ আৰু দুৰ্বল শ্ৰেণীৰ লোকসকলৰ জীৱনৰ মানদণ্ড তথ্য আৰু যোগাযোগ প্ৰযুক্তিৰে উন্নত কৰি তোলা
  3. দুৰ্বল সম্প্ৰদায়ক যোগাযোগ প্ৰযুক্তিৰ জৰিয়তে সবল কৰা
  4. ভাৰত এখন কল্যাণকামী ৰাষ্ট্ৰ
  5. Video on ভাৰত এখন কল্যাণকামী ৰাষ্ট্ৰ
    1. অনুসূচীত জাতিৰ কল্যাণ
    2. জনজাতি কল্যাণ
    3. পিছপৰা জাতিৰ কল্যাণ
    4. অসংগঠিত খণ্ড/অনানুষ্ঠানিক খণ্ড
    5. বিত্তীয় অন্তৰ্ভুক্তি
    6. অক্ষমসকলৰ কল্যাণ
    7. গ্ৰাম্য দাৰিদ্ৰতা উপশম কৰা
    8. নগৰৰ দাৰিদ্ৰতা উপশম কৰা
    9. বেচৰকাৰী/স্বেচ্ছাসেৱী খণ্ড
    10. দুৰ্বল গোটসমূহ
    11. আইনী সাহাৰ্য্য
    12. দুর্যোগ ব্যৱস্থাপনা
    13. সংখ্যালঘু কল্যাণ
    14. সামাজিক সুৰক্ষা
    15. সামাজিক সজাগতা
    16. নীতি আৰু আঁচনিসমূহ
    17. বয়োজ্যেষ্ঠ সকলৰ কল্যাণ
  • sw301214-slider1

    দুৰ্বল সম্প্ৰদায়ক যোগাযোগ প্ৰযুক্তিৰ জৰিয়তে সবল কৰা

    কেন্দ্ৰীয় চৰকাৰ দেশৰ দৰিদ্ৰতা নিবাৰণৰ বাবে অনুসূচীত জাতি, অনুসূচীত জনজাতি, অন্যান্য পিছপৰা শ্ৰেণীৰ লগতে সমাজৰ পিছপৰা মহিলা আৰু অন্যান্য সম্প্ৰদায়ৰ কল্যাণৰ অৰ্থে নানা ধৰণৰ নীতি, আঁচনি আৰু কাৰ্য্যসূচী হাতত লৈছে। এই আঁচনি আৰু কাৰ্য্যসূচীসমূহৰ বিষয়ে বিষদভাৱে এই শিঁতানত আলোচনা কৰা হৈছে।

  • sw301214-slider2

    সমাজৰ দৰিদ্ৰ আৰু দুৰ্বল শ্ৰেণীৰ লোকসকলৰ জীৱনৰ মানদণ্ড তথ্য আৰু যোগাযোগ প্ৰযুক্তিৰে উন্নত কৰি তোলা

    দেশৰ প্ৰতিজন নাগৰিকে দৰিদ্ৰতা দূৰীকৰণৰ উদ্দেশ্যে কেন্দ্ৰীয় আৰু ৰাজ্য চৰকাৰে ৰূপায়ন কৰা বিভিন্ন নীতি, আঁচনি আৰু কাৰ্য্যসূচীসমূহৰ বিষয়ে সজাগ হোৱাটো উচিত। সকলোৱে সজাগ হ’লেহে আমাৰ দেশৰ পৰা দৰিদ্ৰতা সমূলি উচ্ছেদ হ’ব।

  • sw301214-slider3

    দুৰ্বল সম্প্ৰদায়ক যোগাযোগ প্ৰযুক্তিৰ জৰিয়তে সবল কৰা

    কেন্দ্ৰীয় চৰকাৰ দেশৰ দৰিদ্ৰতা নিবাৰণৰ বাবে অনুসূচীত জাতি, অনুসূচীত জনজাতি, অন্যান্য পিছপৰা শ্ৰেণীৰ লগতে সমাজৰ পিছপৰা মহিলা আৰু অন্যান্য সম্প্ৰদায়ৰ কল্যাণৰ অৰ্থে নানা ধৰণৰ নীতি, আঁচনি আৰু কাৰ্য্যসূচী হাতত লৈছে। এই আঁচনি আৰু কাৰ্য্যসূচীসমূহৰ বিষয়ে বিষদভাৱে এই শিঁতানত আলোচনা কৰা হৈছে।

ভাৰত এখন কল্যাণকামী ৰাষ্ট্ৰ

Video on ভাৰত এখন কল্যাণকামী ৰাষ্ট্ৰ

Double click on film to view full screen

ভাৰতীয় সংবিধানৰ প্ৰধান বৈশিষ্ট্য হৈছে কল্যাণকামী ৰাষ্ট্ৰ হিচাপে ভাৰতক প্ৰতিষ্ঠা কৰা। সংবিধানৰ প্ৰস্তাৱনা আৰু নিৰ্দেশনাত্মক নীতিবোৰ এই জনকল্যাণৰ দিশটোক সূচায়। দেশৰ জনসাধাৰণৰ প্ৰস্তাৱনাই ন্যায়, সামাজিক, অৰ্থনৈতিক আৰু ৰাজনৈতিক নিৰাপত্তা সুনিশ্চিত কৰে।

ভাৰতীয় সংবিধানৰ দেশৰ কল্যাণৰ সৈতে জড়িত কেইটামান ধাৰা তলত উল্লেখ কৰা হৈছে:

১) সংবিধানৰ ৩৮ নম্বৰ ধাৰা অনুসৰি সমাজৰ সকলো শ্ৰেণীৰ লোকে ন্যায়, সামাজিক, অৰ্থনৈতিক আৰু ৰাজনৈতিক ক্ষেত্ৰত সকলো সংস্থাৰ আগত অৱগত কৰিব পাৰিব।

২) সংবিধানৰ ৩৯ নম্বৰ ধাৰা অনুসৰি দেশৰ পুৰুষ আৰু নাৰী সকলো সম অধিকাৰে বাস কৰিব পাৰিব।

৩) ৪৩ নম্বৰ ধাৰা অনুসৰি দেশৰ অৰ্থনৈতিক সংগঠনৰ, কৃষিখণ্ড, উদ্যোগখণ্ড আদিৰ শ্ৰমিকসকলে যাতে এটা উন্নত জীৱন-যাপন কৰাৰ লগতে জিৰণি সময় ভালদৰে উপভোগ কৰাৰ লগতে সমাজৰ আৰু সাংস্কৃতিক দিশৰ সকলোবোৰ সুবিধা লাভ কৰিব পাৰে।

৪) ৪১ নম্বৰ ধাৰা অনুসৰি কাম কৰাৰ অধিকাৰ, শিক্ষাৰ অধিকাৰ, বৃদ্ধ আদি অধিকাৰসমূহ প্ৰদান কৰা হৈছে।

৫) সংবিধানৰ ৪৬ নম্বৰ ধাৰা অনুসৰি সমাজৰ অনুসূচিত জাতি, অনুসূচিত জনজাতি, দুৰ্বল, পিছপৰা লোকসকলৰ উন্নয়নৰ বাবে তেওঁলোকক সকলো প্ৰকাৰৰ সামাজিক ন্যায় প্ৰদান কৰি শোষণৰ পৰা মুক্ত কৰি শৈক্ষিক আৰু অৰ্থনৈতিক ক্ষেত্ৰকে ধৰি সম্পূৰ্ণ সুবিধা প্ৰদান কৰা।.

আমাৰ ‘ভাৰত বিকাশ প্ৰৱেশদ্বাৰ’ ৱেবচাইটত মহিলা, শিশু, অনুসূচীত জাতি, জনজাতি, অন্যান্য পিছপৰা শ্ৰেণী, জ্যেষ্ঠ নাগৰিক ইত্যাদি সমাজৰ লোকসকলৰ বাবে কেন্দ্ৰীয় আৰু ভাৰত চৰকাৰ, বিভিন্ন সংস্থা আদিৰ নীতি, আঁচনি, কাৰ্য্যসূচীসমূহৰ বিষয়ে স্থানীয় ভাষাত সম্পূৰ্ণ ‘শেহতীয়া’ তথ্য প্ৰদান কৰা হৈছে।

অনুসূচীত জাতিৰ কল্যাণ

অনুসূচীত জাতি, অনুসূচীত জনজাতি আৰু সমাজৰ বিভিন্ন দুৰ্বল গোটসমূহৰ উন্নয়নৰ বাবে ভাৰত চৰকাৰে বিভিন্ন নীতি আৰু আঁচনিকে ধৰি বিভিন্ন কাৰ্য্যসূচী ৰূপায়ন কৰিছে। এই নীতি, আঁচনি আৰু কাৰ্য্যসূচীসমূহৰ বিষয়ে লগতে অনুসূচীত জাতি, জনজাতি আৰু দুৰ্বল গোটসমূহে পাব লগা সুবিধাসমূহৰ বিষয়ে তলত আলোচনা কৰা হৈছে।

জনজাতি কল্যাণ

ট্রাইবেল কোঅপাৰেটিভ মার্কেটং ডেভেলপমেন্ট ফেডাৰেচন অফ্‌ ইণ্ডিয়া লিমিটেডে (টিআৰআইএফইডি) ০৬-০৮-১৯৮৭ তাৰিখত কাম আৰম্ভ কৰে আৰু মাল্টি স্টেট কো অপাৰেটিভ ছ'চাইটিজ এক্ট ১৯৮৪ ৰ (বর্তমানে মাল্টি স্টেট কো অপাৰেটিভ ছ'চাইটিজ এক্ট, ২০০২) পঞ্জীকৰণ কৰা হয়। ভাৰত চৰকাৰৰ কল্যাণ মন্ত্রালয়ৰ প্রশাসনিক নিয়ন্ত্রণৰ অধীনত ১৯৮৮ চনত (বর্তমানে ভাৰত চৰকাৰৰ উপজাতি কল্যাণ মন্ত্রালয়) এই বিভাগটোৱে কাম কৰা আৰম্ভ কৰে।

পিছপৰা জাতিৰ কল্যাণ

ভাৰতৰ কেন্দ্ৰীয় চৰকাৰে সামাজিক আৰু অৰ্থনৈতিক অৱস্থাৰ ওঅপৰত ভিত্তি কৰি নাগৰিক সকলক তিনিটা ভাগত ভাগ কৰিছে। অনুসূচীত জাতি, অনুসূচীত জনজাতি আৰু অন্যান্য পিছপৰা শ্ৰেণী। এই লোকসকলৰ সামাজিক শিক্ষাগত আৰু অৰ্থনৈতিক দিশৰ উন্নয়নৰ বাবে ভাৰতৰ কেন্দ্ৰীয় আৰু ৰাজ্য চৰকাৰকে ধৰি বিভিন্ন মন্ত্ৰালয়সমূহে নীতি, আঁচনি আৰু কাৰ্য্যসূচী ৰূপায়ন কৰিছে। এই সকলোবোৰ বিষয় এই শিঁতানত আলোচনা কৰা হৈছে।

অসংগঠিত খণ্ড/অনানুষ্ঠানিক খণ্ড

এই শিতানত অসংগঠিত খণ্ড আৰু অনানুষ্ঠানিক খণ্ড শ্ৰমিক, মাছমৰীয়া বৃদ্ধ আদি লোকসকলৰ উন্নয়নৰ বাবে চৰকাৰে গ্ৰহণ কৰা আঁচনি কাৰ্য্যসূচীসমূহৰ বিষয়ে আলোচনা কৰা হৈছে।

বিত্তীয় অন্তৰ্ভুক্তি

এই শিতানত বিত্তীয় বুনিয়াদ, ক্ষুদ্ৰ বিত্তীয় সাহাৰ্য্য, ডেবিড কাৰ্ড, বিত্তীয় সাক্ষৰতা আদি বিষয়সমূহৰ বিষয়ে আলোচনা কৰা হৈছে।

অক্ষমসকলৰ কল্যাণ

শাৰীৰিক আৰু মানসিকভাৱে অক্ষমলোকসকল যেনে, কলা, বোবা, অন্ধ, মানসিকভাৱে বিকাৰগ্ৰস্থ লোকসকলৰ বাবে প্ৰণয়ন কৰা আঁচনিসমূহৰ বিষয়ে আলোচনা কৰা হৈছে।

গ্ৰাম্য দাৰিদ্ৰতা উপশম কৰা

গ্ৰাম্য উন্নয়ন মন্ত্ৰালয়ে দৰিদ্ৰতা দূৰীকৰণৰ বাবে এক বিশেষ ভূমিকা গ্ৰহণ কৰি আহিছে। গ্ৰাম্য দৰিদ্ৰ লোকসকলৰ বাসস্থান, জীৱনৰ মানদণ্ড উন্নীতকৰণ, শিক্ষা, স্বাস্থ্য ইত্যাদিৰ ক্ষেত্ৰত চৰকাৰী আঁচনিসমূহ বা আন আন সংস্থাসমূহে গ্ৰহণ কৰা কাৰ্য্যসূচীসমূহৰ বিষয়ে এই শিঁতানত আলোচনা কৰা হৈছে।

নগৰৰ দাৰিদ্ৰতা উপশম কৰা

নগৰৰ দৰিদ্ৰ লোকসকলৰ বাসস্থান, জীৱনৰ মানদণ্ড উন্নীতকৰণ, স্বাস্থ্যৰ, শিক্ষা ইত্যাদিৰ ক্ষেত্ৰত চৰকাৰী আঁচনিসমূহৰ বা আন আন সংস্থাসমূহে গ্ৰহণ কৰা কাৰ্য্যসূচীসমূহৰ বিষয়ে এই শিতানত আলোচনা কৰা হৈছে।

বেচৰকাৰী/স্বেচ্ছাসেৱী খণ্ড

বেচৰকাৰী সংস্থা আৰু স্বেচ্ছাসেৱী খণ্ডসমূহে দৰিদ্ৰ, পিছপৰা লোকসকলৰ বাবে, সজাগতামূলক প্ৰশিক্ষণ, কৰ্মশালা ইত্যাদিবোৰ অনুষ্ঠিত কৰি গাঁও, চহৰ, ব্যক্তিগত খণ্ড, স্থানীয় লোকসকলৰ উন্নয়নৰ বাবে বিভিন্ন কাৰ্য্যসূচী গ্ৰহণ কৰে। বেচৰকাৰী সংস্থা আৰু স্বেচ্ছাসেৱী খণ্ড কাৰ্য্যসূচীসমূহৰ বিষয়ে এই শিঁতানত আলোচনা কৰা হৈছে।

দুৰ্বল গোটসমূহ

ৰাস্তাৰ শিশু বুলিলে আমি চহৰৰ পদপথ বা ৰাস্তাত যিসকল শিশু থাকে তেওঁলোককে বুজো। এনে শিশু, পৰিয়ালৰ যত্ন আৰু সুৰক্ষাৰপৰা বঞ্চিত হয়। বেছিভাল পথৰ শিশুৰ বয়স ৫-১৭ বছৰৰ হয়। বেলেগে বেলেগে চহৰত ইয়াৰ সংখ্যা বেলেগ হয়। এই শিশুবোৰে সাধাৰণতে পৰিতক্ত ঘৰ, দোকানৰ বাৰাণ্ডা, ডাঠ কাগজৰ বাকচ, ৰাজহুৱা ঠাই আৰু ফুটপাথতে থাকে। পথৰ শিশুৰ ওপৰত যথেষ্ট আলোচনা হৈছে; কিন্তু ইয়াৰ মূল অসুবিধা হৈছে-এওঁলোকৰ কোনো নিৰ্দিষ্ট শ্ৰেণী বিভাগ নাই। কিছুমান শিশু আছে- গোটেই দিনটো ৰাষ্টাতে থাকে, কিন্তু নিশা অসংবদ্ধ এটি ঘৰত ডাঙৰ লোকৰ সৈতে শোঁৱে। কিছুমানে দিন-ৰাতি সকলো সময় পথতেই থাকে। ডাঙৰৰ যত্ন নাপায়।

আইনী সাহাৰ্য্য

দুৰ্বল শ্ৰেণীৰ বাবে বিনামূলীয়া আইনী সাহাৰ্য্য ভাৰতৰ সংবিধানত উল্লেখ থকা অন্যতম মৌলিক অধিকাৰ হৈছে সমতাৰ অধিকাৰ। তাৰ ভিতৰত উল্লেখনীয় হ’ল- “Equality before law” আৰু “Equal protection of law” অৰ্থাৎ আইনৰ চকুত সকলো সমান, ৰজা-প্ৰজা, ধনী-দুখীয়া, উচ্চ-নীচৰ ভেদাভেদ কৰিবলৈ আইনে অনুমতি নিদিয়ে আৰু আইনে সকলোকে সমানে ৰক্ষণাবেক্ষণ দিয়ে।

দুর্যোগ ব্যৱস্থাপনা

ৰাষ্ট্ৰীয় দুৰ্যোগ ব্যৱস্থাপনা হৈছে স্বাধীন, স্বায়ত্বশাসিত আৰু সাংবিধানিকভাৱে স্বীকৃতিপ্ৰাপ্ত এটা সংস্থা। দেশৰ দুৰ্যোগ ব্যৱস্থাপনাত ই গুৰুত্ব সহকাৰে দায়িত্ব পালন কৰি আহিছে।

সংখ্যালঘু কল্যাণ

ভাৰত চৰকাৰ (ব্যৱসায়ৰ আবন্টন) বিধি, ১৯৬১ ৰ দ্বিতীয় সূচী অনুসৰি এই মন্ত্ৰালয়ৰ ব্যৱসায়িক আবন্টনৰ বিধিসমূহ হ’ল:

ক) সংখ্যালঘু সম্প্ৰদায়ৰ সকলোবোৰ নীতি, পৰিকল্পনা, সমন্বয় আৰু মূল্যায়ন আৰু পৰ্য্যালোচনাৰ নিয়ামক আৰু উন্নয়ন কাৰ্য্যসূচীসমূহ।

খ) আইন শৃংখলাজনিত বিষয়ৰ বাহিৰে সংখ্যালঘু সম্প্ৰদায়ৰ লগত সম্পৰ্ক থকা সকলোবোৰ বিষয়।

সামাজিক সুৰক্ষা

খাদ্য আৰু পৰিপুষ্টিৰ সুৰক্ষা খাদ্য আৰু পৰিপুষ্টিৰ সুৰক্ষাৰ প্ৰশ্নটো ৰাষ্ট্ৰীয় মিড-ডে মিল কাৰ্য্যসূচী, আইচিডিএছ, কিশোৰী শক্তি যোজনা, কিশোৰীৰ বাবে পৰিপুষ্টি আৰু প্ৰধানমন্ত্ৰী গ্ৰামোদয় যোজনাৰ দৰে আঁচনিসমূহৰ মাজেৰে দাঙি ধৰা হৈছে। ৰাষ্ট্ৰীয় মিড-ডে মিল কাৰ্য্যসূচী প্ৰায় সাৰ্বজনীন হৈ পৰিছে আৰু আইচিডিএছ ৰ সাৰ্বজনীনকৰণো ঢাপে ঢাপে আগবাঢ়িছে। চৰকাৰে পৰিপুষ্টি আৰু ১১-১৮ বছৰ বয়সৰ ছোৱালীৰ স্বাস্থ্যৰ মান উন্নত কৰাৰ বাবে কিশোৰী শক্তি যোজনাকো সাৰ্বজনীন কৰিছে।

সামাজিক সজাগতা

নাৰী সৱলীকৰন নাৰী সৱলীকৰণ মানে মহিলাৰ আত্মিক, ৰাজনৈতিক, সামাজিক বা অৰ্থনৈতিক শক্তি বৃদ্ধি কৰা। প্ৰায়বোৰ ক্ষেত্ৰতে নাৰীসকলৰ নিজা সামৰ্থ্য সম্পৰ্কত আত্মবিশ্বাস বঢ়াই তোলাৰ প্ৰয়োজন। সম্ভৱতঃ সৱলীকৰণ নিম্নোক্ত বা তেনেধৰণৰ সামৰ্থ্য সমূহৰ সমষ্টি-

নীতি আৰু আঁচনিসমূহ

খাদ্য সুৰক্ষা বিধেয়ক শাসনাধিষ্ঠিত কংগ্ৰেছ নেতৃত্বাধীন ইউ.পি.এ চৰকাৰে অলপতে গ্ৰহণ কৰা খাদ্য সুৰক্ষা আঁচনিখনে সম্প্ৰতি সমগ্ৰ দেশতে ভিন্ন প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছে। দেশৰ মুঠ জনসংখ্যাৰ ৬৭ শতাংশকে অৰ্থাৎ ৮৫ কোটি লোককে সামৰি ল’ব লগা এই আঁচনিৰ জৰিয়তে খাদ্যৰ নিৰাপত্তা সুনিশ্চিত কৰিব খোজা হৈছে। আঁচনিখনৰ বাবে প্ৰয়োজন হোৱা খাদ্য শস্যৰ বাবদ প্ৰতি বছৰে বহু হাজাৰ কোটি টকা চৰকাৰী ৰাজকোষৰ পৰা ওলাই যাব।

বয়োজ্যেষ্ঠ সকলৰ কল্যাণ

বয়োজ্যেষ্ঠ নাগৰিকসকলৰ জীৱন-ধাৰণ প্ৰণালী সুনিশ্চিত কৰাৰ লগতে তেওঁলোকে যাতে কাৰোৰে পৰা শোষণ, অৱহেলাৰ বলি হ’ব লগা নহয় তাৰ বাবে চৰকাৰ, বেচৰকাৰী খণ্ড আদিবোৰে জ্যেষ্ঠ নাগৰিকৰ কল্যাণৰ উদ্দেশ্যে লোৱা ব্যৱস্থাবোৰৰ বিষয়ে এই শিঁতানত আলোচনা কৰা হৈছে।

শেহতীয়া উন্নীতকৰণ: : 12/4/2020



© C–DAC.All content appearing on the vikaspedia portal is through collaborative effort of vikaspedia and its partners.We encourage you to use and share the content in a respectful and fair manner. Please leave all source links intact and adhere to applicable copyright and intellectual property guidelines and laws.
English to Hindi Transliterate