মূল পৃষ্ঠা / পৰ্টেলৰ নীতিসমূহ
অংশিদাৰী

পৰ্টেলৰ নীতিসমূহ

পৰ্টেলৰ নীতিসমূহ

বিকাশপেডিয়ালৈ স্বাগতম!!

এই বহুভাষী পৰ্টেলটো ভাৰত চৰকাৰৰ বৈদ্যুতিন আৰু তথ্য প্ৰযুক্তি মন্ত্ৰালয় (MEIT)ৰ দ্বাৰা ভাৰতৰ জনসাধাৰণক স্থানীয় ভাষাত ই-জ্ঞান প্ৰদানৰ জৰিয়তে তথ্য যোগাযোগ প্ৰযুক্তিৰ সম্প্ৰসাৰণ কৰি যাতে গ্ৰাম্য ভাৰতক সৱলীকৰণৰ পথত অগ্ৰসৰ কৰিব পাৰে তাৰেই প্ৰয়াস কৰিছে।

অনুগ্ৰহ কৰি পৰ্টেল ব্যৱহাৰকাৰী আৰু অন্যান্য পৰ্টেল দৰ্শনকাৰীসকলে এই পৰ্টেলৰ নীতিসমূহ, ব্যৱহাৰ আৰু চৰ্তসমূহ যাতে পৰ্টেলত বিচাৰি জানি লয়। অনুগ্ৰহকৰি পৰ্টেল ব্যৱহাৰ কৰাৰ পূৰ্বে এই সকলোবোৰ ভালদৰে পঢ়ি লৈ আৰু পৰ্টেলে বিচৰা তথ্যসমূহ প্ৰদান কৰিহে পৰ্টেলটো ব্যৱহাৰ কৰে। এই নীতিসমূহ মাজে মাজে সলনি হৈ থাকিলেও ইয়াৰ স্ংশোধিত ৰুপটো পৰ্টেলত প্ৰকাশ কৰা হ’ব।

লিখনি প্ৰদান, সাম্যকৰণ আৰু অনুমোদনৰ নীতি

এই পৰ্টেলত কৃষি(বহলভিত্তিক), স্বাস্থ্য, শিক্ষা, সমাজ কল্যাণ, গ্ৰাম্য শক্তি আৰু ই-প্ৰশাসন এইকেইটা বিষয়ৰ লগত সংলগ্ন গ্ৰাম্য জীৱনৰ গুৰুত্বপূৰ্ণ বিষয়সমূহৰ তথ্য আৰু সেৱাসমূহৰ বিষয়ে আলোচনা কৰা হৈছে। বিকাশপেডিয়াই এই পৰ্টেলত লিখনি প্ৰদান কৰিবৰ বাবে অনুমোদিত লিখনি প্ৰদানকাৰী, ৰাজ্যিক মূল অভিকৰণ, বিশেষজ্ঞ আৰু বিশেষজ্ঞ সংগঠন সমূহকহে অনুমতি প্ৰদান কৰে। লিখনি প্ৰদান কৰিবৰ বাবে প্ৰয়োজনীয় আৰু লিখনিৰ সংগঠনৰ বাবে বিভিন্ন শ্ৰেণীত লিখনি প্ৰদানৰ পৰিচালনা পদ্ধতি ব্যৱহাৰ কৰে।

পৰ্টেলৰ লিখনিসমূহ তলত দিয়া ধৰণে পৰ্য্যায়ক্ৰমে যাব-

  • অনুমোদিত লিখনি প্ৰদানকাৰী, ৰাজ্যিক মূল অভিকৰণ, বিশেষজ্ঞ আৰু বিশেষজ্ঞ সংগঠন  সমূহেহে এই পৰ্টেলত লিখনি প্ৰদান কৰিব পাৰিব।
  • অনুমোদিত লিখনি প্ৰদানকাৰী, ৰাজ্যিক মূল অভিকৰণ, বিশেষজ্ঞ আৰু বিশেষজ্ঞ সংগঠন  সমূহেহে এই পৰ্টেলৰ লিখনিসমূহৰ সালসলনি কৰিব পাৰিব।
  • অনুমোদিত লিখনি প্ৰদানকাৰী, ৰাজ্যিক মূল অভিকৰণ, বিশেষজ্ঞ আৰু বিশেষজ্ঞ সংগঠন  সমূহেহে এই পৰ্টেলৰ লিখনিসমূহৰ পৰ্য্যালোচনা কৰিব পাৰিব।
  • প্ৰতিটো লিখনিৰ সময়সীমা থাকিব।
  • পুৰণি লিখনিৰ ৰাজহুৱা নথি থাকিব।

লিখনিটো পৰ্টেলত আপল’ড কৰাৰ পাছত লিখনিটো পৰ্য্যালোচনা আৰু পৰিৱৰ্তন কৰাৰ পাছতহে পৰ্টেলত প্ৰকাশ কৰা হ’ব।

এই পৰ্টেলত ভিন্ন প্ৰকাৰৰ লিখনি আছে-

  • তথ্যভিত্তিক লিখনি
  • জ্ঞান সম্পৰ্কীয় লিখনি।
  • বিভিন্ন সেৱাসমূহ
  • মতামতৰ ব্যৱহাৰ আৰু আলোচনা মঞ্চ

এই পৰ্টেলত আমাৰ লগত জড়িত বিভিন্ন দল-সংগঠন ৰ সহযোগত বিভিন্ন দিশৰ তথ্যৰ জ্ঞানৰ পৰ্টেল হিচাপে ব্যৱহাৰকাৰীসকলে বিচৰামতে জ্ঞান আহৰণ কৰিব পাৰিব।

  • বিশ্বাসযোগ্য
  • সঠিক
  • নৱতম
  • সৰ্বাংগীন
  • প্ৰাসংগিক
  • বুজিবলৈ সহজ
  • বিচাৰিবলৈ সহজ
  • ব্যৱহাৰ কৰিবলৈ সহজ
  • সহায়কাৰী আৰু তথ্য সমৃদ্ধ

লিখনি সাম্যকৰণ প্ৰক্ৰিয়া

পৰ্টেলৰ শব্দ, শৈলী, উপস্থাপন আদিৰ বাবে অনুমোদিত লিখনি প্ৰদানকাৰী সকল দায়বদ্ধ হ’ব।

লিখনিৰ সত্য-সত্যতা, কাৰীকৰী উপস্থাপন, স্ংগতি থকা-নথকা লিখনিৰ ধৰণ আৰু চৰকাৰী নীতিৰ লিখনিৰ লিখক আৰু লিখনি প্ৰকাশৰ ক্ষেত্ৰত ৰাজ্যিক মূল অভিকৰণ আৰু বিভাগীয় মূৰব্বী দায়বদ্ধ।

পৰ্টেলটো খোলৰ লগে লগে, প্ৰতিটো পৰ্য্যায় যিমান সম্ভৱ লিখনিসমূহ যাতে সাধাৰণ দৰ্শকে পঢ়িবলৈ পায় আৰু চাব পাৰে, বিশেষজ্ঞ আৰু বিশেষজ্ঞ সংগঠন সমূহে যাতে লিখনিসমূহ সলনি কৰিব পাৰে তাৰ বাবে মুকলি ৰাখিব লাগে।

লিখনি প্ৰদান আৰু অনুমোদিত নীতি

1) ৱেব প্ৰশাসক/পৰিচালক

  • ৱেব পৰ্টেলৰ সামগ্ৰীক উন্নয়ন আৰু ব্যৱস্থাপনা।
  • ৱেব পৰ্টেলৰ লিখনিসমূহৰ গঠনশৈলী নিৰাপত্তা আৰু প্ৰক্ৰিয়া সমূহ পৰিৱৰ্তনৰ নীতিবোৰৰ সহায়েৰে নিশ্চিত কৰাটো আৱশ্যক।
  • নিয়মীয়াকৈ পৰ্টেলৰ নিৰাপত্তা আৰু পৰ্য্যালোচনা কৰিব লাগিব।
  • প্ৰকল্প ব্যৱস্থাপনা গোটে ৱেবপৰ্টেলৰ মতামতসমূহৰ সম্পৰ্কে বিশ্লেষণ আৰু দৰ্শণ কৰে।

2) ৰাজ্যিক মূল অভিকৰণ/পৰিচালক, বিভাগীয় মূৰব্বী

  • এই পৰ্টেলত অসমীয়া ভাষাৰ প্ৰয়োজনীয়তাৰ লগত প্ৰাস্ংগিকতা থকা সত্য আৰু নৱতম তথ্য সম্বলিত লিখনি সমূহ হ’ব লাগিব।
  • উন্নয়নৰ লগত সংগতি থকা ধাৰণা সমূহ ৰুপায়ণত নীতিসমূহে পৰামৰ্শ দিয়ে।
  • এই পৰ্টেলত কৃষি(বহলভিত্তিক), স্বাস্থ্য, শিক্ষা, সমাজ কল্যাণ, গ্ৰাম্য শক্তি আৰু ই-প্ৰশাসন এই বিষয়ৰ লগত সম্পৰ্ক থকা নিৰ্দিষ্ট লিখনি স্থানীয় ভাষাত দৈনিক প্ৰদান কৰিব লাগিব।
  • পৰ্টেলৰ তথ্যৰ বিতৰণ, পৰ্টেলৰ ব্যৱহাৰ আদিৰ বাবে ৱেব প্ৰশাসক/পৰিচালকৰ সহযোগিতাত তত্ত্বাৱধান কৰে।
  • এই পৰ্টেলত লিখনি প্ৰ্দান কৰিবৰ বাবে বিশ্বাসযোগ্য লিখনি প্ৰদানকাৰী, শুদ্ধ ভাষা, লিখনি পৰ্য্যালোচনাৰ বাবে লিখনিৰ বিষয়ৰ বিশেষজ্ঞকহে এই পৰ্টেলত অনুমোদন জনাব লাগে।
  • নীতি, আঁচনি, আইন আদি বিষয়ক লিখনিসমূহৰ সময়মতে নৱীকৰণ কৰি থাকিব লাগে।

ৰাজ্যিক মূল অভিকৰণ আৰু বিভাগীয় মূৰব্বীসকলে নিৰ্দিষ্ট সময়ৰ অন্তৰে অন্তৰে পৰ্টেলৰ লিখনিসমূহৰ পৰ্য্যালোচনা কৰি থাকিব লাগে। সকলো লিখনি আপলোড কৰাৰ পাছত ৰাজ্যিক মূল অভিকৰণে সঠিক সাম্যকৰণ কৰাতো আৱশ্যক।

লিখনি পৰ্য্যলোচনা নীতি

বিকাশপেডিয়া নামৰ এই বহুভাষী পৰ্টেলটোৰ যোগেদি ভাৰতৰ গ্ৰামাঞ্চলক তথ্য যোগাযোগ প্ৰযুক্তিৰ দিশত সৱল কৰি তুলিবলৈ ভাৰত চৰকাৰৰ তথ্য প্ৰযুক্তি আৰু যোগাযোগ মন্ত্ৰালয়ৰ অধীনত ডিপাৰ্টমেণ্ট অব ইলেকট্ৰনিকচ এণ্ড ইনফৰমেচন টেকন্‌লজীৰ দ্বাৰা এই ৱেবচাইটৰ যোগেৰে এক প্ৰচেষ্টা চলাই থকা হৈছে। ইয়াৰ জৰিয়তে ৰাইজলৈ সুনিশ্চিত তথ্যৰ যোগান, ই-জ্ঞান, স্থানীয় ভাষাসমূহৰ যোগেদি সেৱা আৰু সামগ্ৰীৰ সুবিধাসমূহ আগবঢ়োৱাৰ চেষ্টা কৰা হৈছে।

পৰ্টেলৰ লিখনিসমূহ সত্য আৰু শেহতীয়া তথ্য সমূহ ভৰাই ৰাখিবৰ বাবে লিখনি পৰ্য্যলোচনা নীতিৰ প্ৰয়োজন। যিহেতু লিখনিৰ পৰিসৰ বৃহৎ, ভিন্ন পৰ্য্যালোচনা নীতিবোৰে বৈচিত্ৰপূৰ্ণ লিখনিৰ উপাদান।

এই পৰ্য্যলোচনা নীতিসমূহৰ ভিত্তি হৈছে ভিন্ন প্ৰকাৰৰ লিখনিৰ উপাদানসমূহ, ইয়াৰ ম্যাদ আৰু স্ংৰক্ষণৰ নীতিসমূহ। পৰ্টেলৰ লিখনীসমূহ প্ৰদান কৰে পঞ্জীকৃত আৰু প্ৰকৃত লিখনী প্ৰদানকাৰী, ৰাজ্যিক মূল অভিকৰণ, বিশেষজ্ঞ আৰু বিশেষজ্ঞ দলসমূহে।

এই পৰ্টেলত লিখনি প্ৰদানকাৰীসকলে লিখনি প্ৰদান কৰি লিখনিসমূহ সকলোৱে চাব পৰাকৈ জনসাধাৰণৰ বাবে মুকলি কৰি থোৱা আৰু অনুমোদনকাৰী লিখনিপ্ৰদানকাৰী, বিশেষজ্ঞ, বিশেষজ্ঞ দলসমূহ আৰু ৰাজ্যিক মূল অভিকৰণে সম্পাদনা আৰু পৰ্য্যালোচনা কৰিবৰ বাবে সম্পাদনাৰ বাবে মুকলি কৰি থোৱাৰ ব্যৱস্থা আছে।

পৰ্টেলৰ কিছুমান লিখনি সুৰক্ষিত লিখনি যিবোৰ সম্পাদনা বা পৰ্য্যালোচনা কেৱল কৰ্তৃত্বশীল ব্যক্তিয়েহে সম্পাদনা বা পৰ্য্যালোচনা কৰিব পাৰিব।

জনসাধাৰণে পৰ্টেলটোৰ বিষয়সমূহ দৰ্শন কৰি বিষয়ৰ লগত স্ংগতি থকা পৰামৰ্শ, মতামত আৰু আলোচনা মঞ্চত দিয়া মন্তব্য সমূহ প্ৰদান কৰাৰ পিছত ৰাজ্যিক মূল অভিকৰণে সাম্যকৰণ কৰাৰ পাছতহে পৰ্টেলত দৃশ্যমান হ’ব।

তলৰ তলিকাত লিখনি পৰ্য্যলোচনা নীতিৰ

ক্ৰমিক নংলিখনি আৰু সেৱাসমূহৰ প্ৰকাৰপৰ্য্যালোচনাৰ সঘনতাপৰ্য্যালোচক আৰু অনুমোদকসুৰক্ষিত লিখনি পৰ্য্যালোচক
1 পৰ্টেলৰ তথ্যসমূহ নিয়মিত বিকাশপেডিয়া ৱেবচাইটৰ ৰাজ্যিক মূল অভিকৰণ আৰু পৰ্য্যালোচক। বিকাশপেডিয়া ৱেবচাইটৰ ৰাজ্যিক মূল অভিকৰণ।
2 নীতি/আইন/আঁচনি/ভূমিকা তিনিমাহৰ অন্তত তৎকালে নতুন আইন আৰু নীতিসমূহ বিকাশপেডিয়া ৱেবচাইটৰ ৰাজ্যিক মূল অভিকৰণ আৰু পৰ্য্যালোচক।

-

3 তথ্য/প্ৰকাশন/প্ৰতিবেদন ত্ৰৈমাসিক বিকাশপেডিয়া ৱেবচাইটৰ ৰাজ্যিক মূল অভিকৰণ আৰু পৰ্য্যালোচক। -
4 বাতৰিৰ সম্ভাৰ ৰ্প্ৰতিদিনৰ বিকাশপেডিয়া ৱেবচাইটৰ ৰাজ্যিক মূল অভিকৰণ -
5 ছবি/ভিডিঅ’ গেলাৰী নিয়মিত বিকাশপেডিয়া ৱেবচাইটৰ ৰাজ্যিক মূল অভিকৰণৰ পৰিচালক। -
6 প্ৰযুক্তিবিদ্যাৰ নিয়মিত বিকাশপেডিয়া ৱেব পৰিচালক -
7

এই ৱেবচাইটৰ ৬ টা বিষয় কৃষি(বহলভিত্তিক), স্বাস্থ্য, শিক্ষা, সমাজ কল্যাণ, গ্ৰাম্য শক্তি আৰু ই-প্ৰশাসন লগত সন্নিৱিষ্ট লিখনি আপল’ড কৰিব পাৰে।

নিয়মিত বিকাশপেডিয়া ৱেবচাইটৰ ৰাজ্যিক মূল অভিকৰণ আৰু পৰ্য্যালোচক। বিকাশপেডিয়া ৱেবচাইটৰ ৰাজ্যিক মূল অভিকৰণ
8 অনলাইন সেৱাসমূহ যেনে-ই-বেপাৰ, ৰিকলৰ আৰু অনলাইন কুইজ। নিয়মিত মূল বিষয় আৰু বিকাশপেডিয়া বিকাশপেডিয়া ৱেব পৰিচালক।
9 বেনাৰ তিনিমাহৰ অন্তত তৎকালে নতুন ঘটনাৰ বিৱৰণ মূল বিষয় আৰু বিকাশপেডিয়া ৱেব পৰিচালক। -

লিখনিসমূহ অনুমোদিত লিখনিপ্ৰদানকাৰী/সম্পাদক ৰাজ্যিক মূল অভিকৰণৰ বিভাগীয় মূৰব্বী সকলে পৰ্য্যালোচনা কৰি অনুমোদন জনায়। পৰ্টেলৰ লিখনিসমূহৰ ভুল-ত্ৰুটি সমূহ নিয়মিতভাৱে পৰ্য্যালোচনা কৰা হয়।

লিখনি সংৰক্ষণৰ নীতি

বিকাশপেডিয়া পৰ্টেলৰ লিখনিৰ বিষয়বস্তুৰ তথ্যভাণ্ডাৰ, উৎস আৰু ম্যাদ থাকে। কিছুমান লিখনিৰ ম্যাদ কেতিয়ালৈকে আছে সেই কথা জনা নাযায় কাৰণ তেনেধৰণৰ লিখনিৰ ম্যাদ নাথাকে। এই লিখনিসমূহৰ ম্যাদ ১০ বছৰৰ বাবে। লিখনিৰ ম্যাদ ওকলাৰ লগে লগে পৰ্টেলত লিখনিসমূহ চাব নোৱাৰিব।

কিছুমান লিখনি যেনে- ঘোষণা, বাতৰিৰ উপাদান ইত্যাদিসমূহ চলিত তাৰিখৰ পৰা ম্যাদৰ তাৰিখলৈকেহে পৰ্টেলত দেখা পাব। কিছুমান বেলেগ লিখনি যেনে: নথি, আঁচনি, সেৱাসমূহ, আবেদন প্ৰ-পত্ৰ, প্ৰাস্ংগিক ৱেবচাইট আৰু ঠিকনা ডাইৰেক্টৰি আদিবোৰ লিখনি পৰ্য্যালোচনা নীতি অনুসৰি নিৰ্দিষ্ট সময়ৰ অন্তৰে অন্তৰে পৰ্য্যালোচনা কৰিব লাগে। লিখনিৰ ম্যাদ উকলি যোৱাৰ পূৰ্বে লিখনি প্ৰদানকাৰীলৈ প্ৰয়োজনীয় পৰিৱৰ্তন আৰু নৱীকৰণৰ বাবে ২ সপ্তাহৰ আগতে সতৰ্কবাণী কৰিব লাগে। যদি লিখনি প্ৰদানকাৰীয়ে কোনো সঁহাৰি নজনাই তেতিয়া ম্যাদ উকলি যোয়া এসপ্তাহ আগতে মনত পেলাই দিব লাগে আৰু ইয়াৰ পিছত লিখনি স্ংৰক্ষিত হ’ব আৰু পৰ্টেলত লিখনিসমূহ কেতিয়াও প্ৰকাশ কৰিব নোৱাৰিব আৰু উদ্ধাৰ কৰিব পৰা নাযাব।

এই পৰ্টেলত পৰ্য্যালোচনা কৰিবৰ বাবে বিশ্বাসযোগ্য লিখনি প্ৰদানকাৰী, পৰ্য্যালোচক, ৰাজ্যিক মূল অভিকৰণ আৰু বেলেগ বিশেষজ্ঞ, বিশেষজ্ঞৰ সংগঠনক অনুমোদন জনাব লাগে। পৰ্টেলৰ লিখনিসমূহৰ বিভিন্ন প্ৰৱেশ আৰু প্ৰস্থান নীতি আৰু স্ংৰক্ষিত নীতিবোৰ তলত উল্লেখ কৰা হ’ল।

লিখনি সংৰক্ষণৰ নীতি

ক্ৰমিক নংলিখনিৰ উপাদানসংৰক্ষণসমূহ চাবলৈ প্ৰৱেশ কৰকসংৰক্ষণসমূহৰ পৰা প্ৰস্থান
১। কাৰ্য্যসূচী/আঁচনি কাৰ্য্যসূচী/আঁচনিৰ স্থগিতকৰণ পাঁচ বছৰৰ কাৰণে স্ংৰক্ষণ কৰা হ’ব।
২। নীতি নীতিসমূহৰ স্থগিতকৰণ চিৰকাললৈ সংৰক্ষণ কৰা হ’ব।
৩। আইন/নিয়ম অধিসূচনা বাতিল চিৰকাললৈ সংৰক্ষণ কৰা হ’ব।
৪। কি নতুন বাতৰি/বাতৰিৰ উপাদান অপ্ৰাসংগিক হৈ পৰাৰ লগে লগে।

ম্যাদ উকলাৰ পাছত।

৫। এই ৱেবচাইটৰ ৬ টা বিষয় কৃষি(বহলভিত্তিক), স্বাস্থ্য, শিক্ষা, সমাজ কল্যাণ, গ্ৰাম্য শক্তি আৰু ই-প্ৰশাসন লগত সন্নিৱিষ্ট লিখনি আপল’ড কৰিব পাৰে। ম্যাদ উকলাৰ পিছত ব্যাহত হোৱাৰ পাচঁ বছৰ পিছলৈ
৬। প্ৰ-পত্ৰ/প্ৰকাশক/প্ৰতিবেদন ম্যাদকাল সম্পূৰ্ণ হোৱাৰ পিছত দস্তাবেজ আৰু প্ৰতিবেদনসমূহ স্ংৰক্ষণৰ ভাণ্ডাৰত উপলব্ধ হ’ব।
৭। আলোক চিত্ৰ বিথিকা অপ্ৰাসংগিক হৈ পৰাৰ লগে লগে ব্যাহত হোৱাৰ পাচঁ বছৰ পিছলৈ
৮। বেনাৰ অপ্ৰাসংগিক হৈ পৰাৰ লগে লগে ম্যাদ উকলাৰ পাছত।

 

স্বত্বাধিকাৰ নীতি

আমাৰ পৰা মেইলযোগে অনুমতি লৈ এই পৰ্টেলত প্ৰদৰ্শিত হোৱা তথ্য তথা লিখনিসমূহ বিনামূলীয়াকৈ পুনৰপ্ৰকাশ কৰিব পাৰিব যদিও, তাক কোনোধৰণৰ ৰুচি বিগৰ্হিত অথবা প্ৰৱঞ্চিত হ'ব পৰা বিষয়ত ব্যৱহাৰ কৰিব নোৱাৰিব। অন্যলোকৰ বাবে প্ৰদান কৰা অথবা প্ৰকাশ কৰাৰ ক্ষেত্ৰত উৎসৰ মান্যতা প্ৰদান কৰিব লাগিব। তৃতীয় পক্ষৰ প্ৰতিলিপি স্বত্ত্ব থকা বুলি জ্ঞাত হোৱাৰ পিচত তেনে কোনো বিষয়তে ইয়াৰ তথ্য পুনৰ ব্যৱহাৰৰ বাবে অনুমতি দিয়া নহব। তেনে বিষয় পুনৰ ব্যৱহাৰৰ কৰ্ত্তৃত্ব নিৰ্দিষ্ট অনুষ্ঠান অথবা কৰ্ত্তৃত্বশীল ব্যক্তিৰ পৰা ল'ব লাগিব।

 

 

গোপনীয়তাৰ নীতি

আপুনি আপোনাৰ বিষয়ে প্ৰদান কৰা তথ্যসমূহৰ আমি সুৰক্ষিত কৰি ৰাখিম। এই গোপনীয়তাৰ নীতিৰ জৰিয়তে আমাৰ পৰ্টেলত যি তথ্য আপুনি যোগান ধৰিব সেই তথ্যসমূহ আমি কেনেদৰে ব্যৱহাৰ অথবা প্ৰকাশ কৰিম সেই বিষয়ে আলোচনা কৰা হৈছে। আপুনি আমাৰ এই পৰ্টেলটো ব্যৱহাৰ অথবা কোনো তথ্য প্ৰদান কৰাৰ আগতে অনুগ্ৰহ কৰি এই গোপনীয়তাৰ নীতিৰ বিষয়ে পঢ়ি নিশ্চিত হৈ লওক। পৰ্টেলৰ স্বৰ্ত আৰু নিয়মসমূহৰ লগতে গোপনীয়তাৰ নীতিসমূহ আলোচনা কৰা হৈছে। আপোনাৰ যদি গোপনীয়তাৰ সম্পৰ্কে জানিবলগা কিবা প্ৰস্ন আছে তেন্তে আপুনি আমাৰ পৰ্টেলত যোগাযোগ কৰি সবিশেষ প্ৰদান কৰক। এই নীতিৰ বিষয়সমূহ হৈছে:

আপোনাৰ সন্মতি

এই পৰ্টেলটো ব্যৱহাৰ কৰিব বিচাৰে যদি গোপনীয়তাৰ নীতিৰ সকলো স্বৰ্ত মানিব লাগিব। আপুনি এই পৰ্টেলত তথ্য প্ৰদান কৰিব খোজে যদি সেই তথ্যৰ ব্যৱহাৰ আৰু প্ৰকাশৰ বাবে গোপনীয়তাৰ নীতি অনুসৰি সন্মতি জনাব লাগিব।

সক্ৰিয় তথ্য সংগ্ৰহ

এই পৰ্টেলটোত পোনপটীয়াকৈ ই-মেইল নাইবা মতামতৰ আবেদনত যোগাযোগ কৰা দৰ্শনকাৰীসকলৰ পৰা সক্ৰিয় তথ্য সংগ্ৰহ কৰা হয়। আপুনি প্ৰদান কৰা কিছুমান তথ্য ব্যক্তিগত পৰিচয়ৰ তথ্যও হ’ব পাৰে(আপোনাৰ পৰিচয়, সম্পূৰ্ণ নাম, ঠিকনা, ই-মেইল ঠিকনা, ফোন নম্বৰ, ইত্যাদি)।

এই পৰ্টেলত কিছুমান আপোনাৰ তথ্য প্ৰদান কৰিবৰ বাবে কিছুমান স্থান নিশ্চিত কৰি দিয়া আছে য’ত তথ্য প্ৰদান কৰিলে আপুনি পৰ্টেলৰ কিছুমান সুবিধা লাভ কৰিব পাৰিব।তথ্য সংগ্ৰহৰ বাবে যিবোৰ পইণ্ট দিয়া আছে তাত আপুনি তথ্য প্ৰদান কৰি থাকোতে জানিব পাৰিব কোনবোৰ তথ্য প্ৰয়োজনীয় আৰু কোনবোৰ প্ৰদান নকৰিলেও হয়।

পৰোক্ষ তথ্য স্ংগ্ৰ্হ

এই পৰ্টেলত আপোনাৰ সক্ৰিয় তথ্য স্ংগ্ৰ্হ নকৰাকৈ কিছুমান উন্নত প্ৰযুক্তি প্ৰয়োগ কৰি পৰোক্ষভাৱে তথ্য সংগ্ৰহ কৰা হয়।

এই পৰ্টেলত ইণ্টাৰনেট প্ৰট’কল ঠিকনা ব্যৱহাৰ হয়। আই-পি ঠিকনা হ’ল এটা সংখ্যা যিটো আপোনাৰ কম্পিউটাৰৰ বাবে ইণ্টাৰনেট সেৱা স্ংস্থাই প্ৰদান কৰে, কিয়নো সাধাৰণতে আই-পি ঠিকনাটো সলনি হৈ থাকে। আমি অপোনাৰ আই-পি ঠিকনা ব্যৱহাৰ কৰি চাৰভাৰৰ অসুবিধা, তথ্যৰ থুলমূল প্ৰতিবেদন, আপোনাৰ কম্পিউটাৰত আমাৰ পৰ্টেলৰ স্ংযোগ কৰি ব্যৱহাৰৰ উপযোগী আৰু প্ৰ্শাসনিক আৰু পৰ্টেলটোৰ উন্নীতকৰণ কৰিব পাৰি।

তথ্যৰ ব্যৱহাৰ আৰু প্ৰকাশ

আমাৰ পৰ্টেলৰ মানদণ্ড উন্নত কৰিবৰ বাবে পৰ্টেলত আপোনাৰ তথ্যসমূহ ব্যৱহাৰ, আপোনাৰ সৈতে তথ্যসমূহ যোগাযোগ কৰি, আমাৰ ব্যৱসায় আৰু গৱেষণা উদ্দেশ্যে আৰু আপোনাৰ পছন্দৰ উৎপাদনৰ সামগ্ৰী নাইবা সেৱাসমূহৰ ব্যৱসায়ৰ উদ্দেশ্যে একেবাৰে শেহতীয়া তথ্য লাভ কৰিব পাৰো। আমি আমাৰ পৰ্টেলৰ জৰিয়তে কিছুমাণ দৰকাৰী তথ্য আৰু কিছুমান তথ্য আইন আৰু মানদণ্ডৰ প্ৰযোৰ্জ্যকৈ প্ৰদান কৰিবলৈ চেষ্টা কৰিছো। আপোনাৰ পছন্দৰ অধিকাৰ আমাৰ বাবে অতিকে গুৰুত্বপূৰ্ণ, যদি আপুনি আমাৰ অন্যান্য সামগ্ৰী আৰু সেৱাসমূহৰ তথ্য লাভ কৰিব নিবিছাৰেও তথাপিও আপুনি আপোনাৰ যোগাযোগৰ ঠিকনা আমাৰ পৰ্টেলত দিব পাৰে।

যদিহে আপুনি আপোনাৰ ব্যক্তিগত তথ্যসমূহ আমাৰ পৰ্টেলত প্ৰকাশ কৰিব খোজে তেন্তে সক্ৰিয়ভাৱে সংগ্ৰহ কৰা তথ্যৰ লগত একগোট কৰি লম অন্যথা সংগ্ৰহৰ উৎসৰপৰা তথ্যসমূহ লোৱা হ’ব।

এই গোপনীয়তাৰ নীতি মানি চলি আমি বিশ্বৰ সকলো ঠাইৰে চি-ডেকৰ আন আন ৱেবচাইট সমূহত আপোনাৰ পৰা পোৱা তথ্যসমূহ বিতৰণ কৰিব পাৰো। ভাৰত আৰু ভাৰতৰ বাহিৰৰ তৃতীয় পক্ষক তলত দিয়া অনুসৰি বিতৰণ কৰিব পাৰো।

  • আমাৰ গোপনীয়তা তথ্য অনুসৰি তৃতীয় পক্ষই যদি তথ্যসমূহ যেনে-সেৱাসমূহ কেনেকৈ পূৰণ কৰিব, কাৰিকৰী সহায়, বিতৰণৰ সেৱাসমূহ, বৃত্তীয় প্ৰতিষ্ঠান ইত্যাদি সমূহ প্ৰদান কৰিব পাৰো যদিহে তেওঁলোকে এই গোপনীয়তাৰ তথ্যসমূহ মানি চলে।
  • বিক্ৰী আদি লেনদেনৰ ক্ষেত্ৰত যদি কাৰোবাক তথ্যসমূহ প্ৰদান কৰিবলগীয়া হয় তেন্তে তৃতীয় পক্ষই এই নীতি মানি ল’ব লাগিব।
  • চৰকাৰী নীতি, ন্যায়ালয়ৰ অদেশ আদিয়ে যদি তথ্য যোগান ধৰিবলৈ কয় তেন্তে তেওঁলোকৰ ব্যক্তিগত তথ্যসমূহ ব্যক্তিগত হিচাপে গোপন কৰি ৰখা নহয় তেনে ক্ষেত্ৰত আমি দিবলৈ বাধ্য হ’ম।

অন্যান্য ৱেবচাইটৰ লগত স্ংযোগ

আমাৰ পৰ্টেলত থকা বাহ্যিক ৱেবচাইটসমূহে আমাৰ পৰ্টেলৰ স্ংযোগত আপোনাৰ ব্যক্তিগত পৰিচয়ৰ তথ্য সংগ্ৰহ কৰিব পাৰে। এই ক্ষেত্ৰত আমি দায়বদ্ধ নহয়। গতিকে অনুগ্ৰহ কৰি এই বাহ্যিক ৱেবচাইটসমূহৰ ভালদৰে নিৰীক্ষণ নকৰাকৈ কোনো ধৰণৰ তথ্য দিয়াটো উচিত নহয়।

সুৰক্ষা

আমি আপোনাৰ ব্যক্তিগত পৰিচয়ৰৰ তথ্য আমাৰ পৰ্টেলত সুৰক্ষা প্ৰদান কৰিম আৰু আপোনাৰ ব্যক্তিগত পৰিচয়ৰৰ তথ্য আমি অপব্যৱহাৰ, ক্ষতি, প্ৰকাশ আদি হোৱাৰপৰা সুৰক্ষা প্ৰ্দান কৰিম।

আপোনাৰ অনুমতি নোলোৱাকে কোনো ধৰণৰ আপোনাৰ বৃত্তীয় তথ্য আমি পৰ্টেলত প্ৰকাশ নকৰো। আমি আপোনাৰ ই-মেইল ঠিকনা আমাৰ সহযোগী সকলৰ বাদে বেলেগৰ লগত বিনিময় নকৰো। কিন্তু আপুনি ইণ্টাৰনেটত প্ৰকাশ কৰা ব্যক্তিগত তথ্যৰ সুৰক্ষা আমি দিব নোৱাৰিম। তাৰ বাবে আপুনি নিজেই দায়বদ্ধ হ’ব।

শিশুসকলৰ নীতি

শিশুসকলৰ সুৰক্ষা সুৰক্ষিত কৰাটো আমাৰ বাবে অতিকে গুৰুত্বপূৰ্ণ। ১৮ বছৰৰ কম শিশুসকলে আমাৰ পৰ্টেল ব্যৱহাৰ কৰিব নোৱাৰিব আৰু তেওঁলোকে কোনো ধৰণৰ ব্যক্তিগত তথ্য আমাৰ পৰ্টেলত প্ৰদান কৰিব নোৱাৰিব। যদি শিশুসকলৰ অভিভাৱকে নিজৰ নামত পঞ্জীয়ন কৰি শিশুৰ উপযুক্ত বিষয়বোৰ আমাৰ পৰ্টেলত দেখুৱাব খোজে তেন্তে কোনো অসুবিধা নাই। কিন্তু ১৮ বছৰৰ তলৰ শিশুৱে আমাৰ পৰ্টেলত পঞ্জীয়ন কৰাত বাধানিষেধ আছে।

একাউণ্ট সুৰক্ষা

আপোনাৰ একাউণ্টৰ চাবিকাঠি হৈছে গুপ্তশব্দ। গুপ্তশব্দৰ বাবে একক স্ংখ্যা, বৰ্ণ আৰু বিশেষ চিহ্ন ব্যৱহাৰ কৰি গুপ্তশব্দটো দিয়ক আৰু যাতে কোনেও এই গুপ্তশব্দটো গম নাপায় তাৰ সেই কথা মনত ৰাখিব।যদি আপুনি পৰ্টেলত আপোনাৰ ব্যক্তিগত তথ্যৰ লগতে গুপ্তশব্দটো প্ৰকাশ কৰে তেন্তে আপোনাৰ একাউণ্ট অপব্যৱহাৰ হোৱাৰ সম্ভাৱনা থাকিব পাৰে আৰু তাৰ বাবে আপুনি জগৰীয়া হ’ব। যদি আপোনৰ গুপ্তশব্দটো ভুলবশত বা অন্য কিবা কাৰণত প্ৰকাশ হয় তেন্তে আপুনি লগে লগে “আপোনাৰ গুপ্তশব্দ পাহৰিলে নেকি?” সংযোগটোলৈ গৈ আপোনাৰ গুপ্তশব্দটো সলনি কৰা উচিত।

সুৰক্ষা নীতি

পৰ্টেলৰ সেৱাসমূহ উপলভ্যৰ ক্ষেত্ৰ্ত ‘সুৰক্ষা’ সকলো ব্যৱহাৰকাৰীয়ে লাভ কৰে। কৰ্তৃত্ব প্ৰদান নকৰা ব্যক্তিয়ে যদি কিবা কাৰণত পৰ্টেলৰ লিখনি আৰু তথ্যসমূহ নষ্ট কৰে তেন্তে সেই ব্যক্তিক চিনাক্ত কৰে নেটৱৰ্ক ট্ৰেফিকে।

অকৰ্তৃত্বশীল ব্যক্তিয়ে পৰ্টেলত কোনো ধৰণৰ তথ্যৰ আপলোড নাইবা তথ্যৰ সলনি কৰিব নোৱাৰে, এই ক্ষেত্ৰত কঠোৰভাৱে বাধা প্ৰদান কৰা হৈছে আৰু যদি এনে আইন উলংঘা কৰে তেন্তে ভাৰতৰ তথ্য প্ৰযুক্তি আইনৰ অধীনত শাস্তি  প্ৰদানৰো ব্যৱস্থা আছে।

এই পৰ্টেলটোৰ নিৰীক্ষণৰ দায়িত্ব কম্পিউটাৰ ইমাৰজেন্সি ৰেচপণ্ড গ্ৰুপক দিয়া হৈছে।

তৎকালীন ব্যৱস্থাপনা

www.vikaspedia.in নামৰ এই বহুভাষী পৰ্টেলৰ প্ৰকল্পটো ভাৰত চৰকাৰৰ বৈদ্যুতিন আৰু তথ্য প্ৰযুক্তি মন্ত্ৰালয় (MEIT)ৰ দ্বাৰা ভাৰতৰ জনসাধাৰণক স্থানীয় ভাষাত ই-জ্ঞান প্ৰদানৰ জৰিয়তে তথ্য যোগাযোগ প্ৰযুক্তিৰ সম্প্ৰসাৰণ কৰি যাতে গ্ৰাম্য ভাৰতক সৱলীকৰণৰ পথত অগ্ৰসৰ কৰিব পাৰে তাৰেই প্ৰয়াস কৰিছে।

এই পৰ্টেলটো আপুনি দৰ্শন কৰিবৰ বাবে পৰ্টেলটো যিকোনো সময়তে কাৰ্য্যকৰী আৰু উপলভ্য হোৱাটো অতিকে গুৰুত্বপূৰ্ণ। ২৪ ঘণ্টাই তথ্য আৰু সেৱাসমূহ উপলব্ধ হোৱাটো বাঞ্চনীয়। যিমান পাৰি কম সময়ত পৰ্টেলটো যাতে দৃশ্যমান হয় তাৰ চেষ্টা কৰিব লাগে।

কিবা কাৰণত যদিহে ৱেবচাইটৰ পৃষ্ঠাৰ অবয়ব বা সা-সজ্বা বিকৃত হয় আৰু তথ্যসমূহ নষ্ট হয় তেন্তে অতি সোনকালে মৰ্য্যদাপ্ৰাপ্ত কৰ্ত্তৃত্বশীল ব্যক্তিয়ে পৰ্টেলটো আকৌ আগৰ অৱস্থালৈ ঘূৰাই নিবৰ বাবে চেষ্টা কৰিব লাগে।

পৰ্টেল তত্বাৱধান নীতি

ৱেব হৈছে এটা গতিশীল মাধ্যম, বিভিন্ন প্ৰযুক্তিবিদ্যাৰ সলনি, ভিন্ন ভিন্ন সঁজুলিৰ প্ৰয়োগৰ অনুমতি, দৰ্শনকাৰীসকলৰ ঘনাই পৰিৱৰ্তন হৈ থকা ৰুচীবোধ আৰু আকাংক্ষাৰ বাবে ৱেববোৰ সদায় সলনি হৈ থাকে। সেইবাবে আমাৰ পৰ্টেল তত্বাৱধান নীতিৰ সহায়ত সময়ে সময়ে তত্বাৱধান কৰি থাকে

  • পৰ্টেল দৃশ্যমান হোৱা সময়ৰ দক্ষতা
  • কাৰ্য্যকাৰীতা
  • বিছিন্ন হোৱা সংযোগ
  • উপযোগিতা বুজিবৰ বাবে যাতায়তৰ বিশ্লেষণ
  • পৰ্টেলৰ সুবিধা আৰু সুৰক্ষাৰ ক্ষেত্ৰত দৰ্শনকাৰীসকলে দিয়া মতামতসমূহ

ৰ্ত আৰু ব্যৱহাৰ

www.vikaspedia.in নামৰ বহুভাষী পৰ্টেলটোৱে মুক্ত উৎসৰপৰা যিমানখিনি সম্ভৱ বিশ্বাসযোগ্য তথ্য আৰু ডাতা দিবলৈ চেষ্টা কৰিছে। বিভিন্ন উৎসৰপৰা, বিভিন্ন ৱেবচাইটৰ পৰা সংগ্ৰহ কৰা এই তথ্য আৰু ডাতা সমূহৰ লগতে আমাৰ পৰ্টেলৰ লিখনি সমূহ প্ৰকাশৰ পিছত যদি কোনোবা উৎসই অভিযোগ কৰে তেন্তে তাৰ বাবে চি-ডেক জগৰীয়া নহয়। লিখনিসমূহ যিমান সম্ভৱ সঠিক আৰু তথ্যভিত্তিক হ’ব লাগে। লিখনিসমূহ বিভিন্ন ৱেবচাইট, মতামত বা অভিজ্ঞতাৰ প্ৰকাশক লিখনি, বিভিন্ন লিখনি প্ৰদানকাৰীয়ে নীতি, আঁচনি ইত্যাদিৰ পৰা আহৰণ কৰে। এই লিখনিসমূহ চি-ডেকে আহৰণ নকৰে।

  • কিবা কাৰণত যদি পৰ্টেলৰ পৰিসীমা নোহোৱা হয়, তথ্যৰ ক্ষতি হয়, ব্যৱসায়ৰ প্ৰতিবন্ধকতাৰ সৃষ্টি হয় তেন্তে ইয়াৰ বাবে চি-ডেক জগৰীয়া নহয়।
  • পৰ্টেলৰ লিখনিসমূহ যে ভুলমুক্ত হ’ব আৰু ভুলবোৰো যে শুদ্ধ হ’ব আৰু চাৰভাৰ আৰু পৰ্টেলটো ভাইৰাচৰ পৰা যে মুক্ত হ’ব সেই বিষয়ে চি-ডেকে নিশ্চয়তা প্ৰদান কৰিব নোৱৰে।
  • আপুনি জনাটো উচিত যে পৰ্টেলত সামগ্ৰী ডাউনলোড কৰোতে যদি আপোনাৰ কম্পিউটাৰৰ কিবা ক্ষতি হয় বা তথ্য নোহোৱা হয় তেন্তে তাৰবাবে নিজে দায়বদ্ধ হ’ব।
  • পৰ্টেলৰ সামগ্ৰী আৰু সেৱাসমূহৰ বেচা-কিনাৰ লেন-দেনৰ ক্ষেত্ৰত চি-ডেক জগৰীয়া নহয়।
  • যিকোনো প্ৰত্যক্ষ, পৰোক্ষ বা কোনো দুৰ্ঘটনাবশত স্ংগঠিত যিকোনো ঘটনাৰ ক্ষতিৰ বাবে চি-ডেক জগৰীয়া নহয়।তলত উল্লেখ কৰা কাৰণসমূহৰ দ্বাৰা যিকোনো ক্ষতি হ’ব পাৰে-

১। পৰ্টেলৰ ব্যৱহাৰ বা ব্যৱহাৰৰ ক্ষেত্ৰত অক্ষমতা।

২। পৰ্টেলৰ সেৱা লাভ কৰিবলৈ কেতিয়াবা বেচা-কিনা লেনদেন কৰিব তেতিয়া সেই সেৱাৰ বিকল্প সেৱাৰ বাবে হোৱা খৰচ।

৩। পৰ্টেলৰ সামগ্ৰীসমূহ।

৪। চি-ডেকে ক্ষতিৰ সম্ভাৱনীতাৰ সন্দৰ্ভত আগতীয়া পৰামৰ্শ দিলেও পাছত চিডেক জগৰীয়া নহয়।

চি-ডেকে যে আন্তৰাষ্ট্ৰীয় তথ্য যোগান ধৰে এই সমূহৰ ভিতৰত চি-ডেকে বিভিন্ন সামগ্ৰী, কাৰ্য্যসূচী আৰু সেৱাসমূহৰ উল্লেখ থাকিব। এই সেৱাসমূহ কিন্তু আপোনাৰ দেশত এতিয়াও চি-ডেকে ঘোষণা কৰা নাই, কিন্তু ই এইটো নুবুজায় যে চি-ডেকে আপোনাৰ দেশত কাৰ্য্যসূচী আৰু সেৱাসমূহৰ প্ৰচাৰৰ পৰিকল্পনা কৰিছে।

সবিশেষ জানিবৰ বাবে অনুগ্ৰহ কৰি আমাৰ ‘যোগাযোগ পৃষ্ঠা’ দৰ্শন কৰক।

Has Vikaspedia helped you? Share your experiences with us !!!
To continue to home pagehttp://asvikaspedia.in/InDG
Back to top