অসমীয়া   বাংলা   बोड़ो   डोगरी   ગુજરાતી   ಕನ್ನಡ   كأشُر   कोंकणी   संथाली   মনিপুরি   नेपाली   ଓରିୟା   ਪੰਜਾਬੀ   संस्कृत   தமிழ்  తెలుగు   ردو

চইল হেলথ কাৰ্ড

চইল হেলথ কাৰ্ড

 

চইল হেলথ কাৰ্ড (Soil Health Card)কি?-

 

চইল হেলথ কাৰ্ড (SHC)হৈছে মাটিৰ সাধৰণ গুণাগুণ সমুহ যেনে পানী,পুষ্টিকৰ উপাদান,ৰাসায়নিক গঠন আৰু জৈৱিক উপাদান সমুহ অধ্যয়ন আৰু পৰীক্ষা কৰা এক প্ৰক্ৰিয়া।চইল হেলথ কাৰ্ডে কৃষক সকলক উৎপাদন বৃদ্ধিৰ বাবে শস্য ভিত্তিক ৰাসায়নিক সাৰ ব্যৱহাৰৰ পৰামৰ্শ প্ৰদান কৰে।ইয়াৰ বাবে মাটিৰ নমুনা দেশৰ বিভিন্ন পৰীক্ষাগাৰত  পৰীক্ষা কৰা হয়।

SHC ৰ প্ৰয়োজনীয়তা-

 

এই কাৰ্ডৰ জৰিয়তে কৃষকসকলে খেতিৰ বাবে নিৰ্বাচন মাটিৰ গুণাগুণ সম্পৰ্কে বিস্তৃত প্ৰতিবেদন লাভ কৰে।বিশেষজ্ঞৰ পৰামৰ্শক্ৰমে শস্য ৰোপণ কৰিব অথবা কি ধৰণৰ সাৰৰ প্ৰয়োগ কৰিব,এই সম্পৰ্কে কৃষকসকল জ্ঞাত হ’ব।মাটিৰ নিয়মীয়া পৰীক্ষণৰ দ্বাৰা কৃষকসকলে উপযুক্ত ৰবি আৰু খাৰিফ শস্যৰ যোগেদি কৃষিৰ লাভজনক উৎপাদনৰ সুবিধা ল’ব পাৰিব।

SHC কেনেদৰে লাভ কৰিব?-

 

*চইল হেলথ কাৰ্ড দেশৰ কৃষিখণ্ডৰ এক অগ্ৰণী কাৰ্য্যসুচী।

*কাৰ্ডসমুহ কৃষকসকলক চৰকাৰৰ দ্বাৰা প্ৰদান কৰা হ’ব।

*নেচনেল ইনফৰমেটিকচ চেণ্টাৰে চইল হেলথ কাৰ্ড প্ৰদান আৰু সাৰ প্ৰয়োগৰ পৰামৰ্শাৱলীৰ বাবে এটা ৱেব পৰ্টেল www.soilhealth.dac.gov. আৰম্ভ কৰিছে।

*কৃষকসকলে পঞ্জীয়ন আৰু চইল হেলথ কাৰ্ডৰ বাবে প্ৰতিটো ব্লকত থকা নাগৰিক সেৱা কেন্দ্ৰ সমুহত যোগাযোগ কৰিব পাৰে।

উৎস:ৰাইজৰ বাতৰি

শেহতীয়া উন্নীতকৰণ: : 3/16/2020



© C–DAC.All content appearing on the vikaspedia portal is through collaborative effort of vikaspedia and its partners.We encourage you to use and share the content in a respectful and fair manner. Please leave all source links intact and adhere to applicable copyright and intellectual property guidelines and laws.
English to Hindi Transliterate