অসমীয়া   বাংলা   बोड़ो   डोगरी   ગુજરાતી   ಕನ್ನಡ   كأشُر   कोंकणी   संथाली   মনিপুরি   नेपाली   ଓରିୟା   ਪੰਜਾਬੀ   संस्कृत   தமிழ்  తెలుగు   ردو

২০১৬-১৭ বিত্তীয় বৰ্ষৰ বাজেট অধিৱেশনত ঘোষিত কৃষকলৈ সা-সুবিধা:

২০১৬-১৭ বিত্তীয় বৰ্ষৰ বাজেট অধিৱেশনত ঘোষিত কৃষকলৈ সা-সুবিধা:

  • আগন্তুক ২০১৭-১৮ বিত্তীয় বৰ্ষত ৰাজ্যৰ সকলো কৃষকক পৰিচয় পত্ৰ প্ৰদানৰ লক্ষ্য।
  • মাজুলীক জৈৱিক কৃষিৰ কেন্দ্ৰত পৰিণত কৰাৰ লক্ষ্য। এই উদ্দেশ্যে ‘অ’ মাজুলী’ নামেৰে জৈৱিক শস্য উৎপাদন কৰা হ’ব।
  • সম্প্ৰতি নিৰ্মীয়মান অৱস্থাত থকা দুশ ক্ষুদ্ৰ জলসিঞ্চল আচঁনি সম্পূৰ্ণ কৰাৰ লক্ষ্য।
  • ২০১৭-১৮ত ২৮,৬৪০ হেক্টৰ ভূমিত জলসিঞ্চনৰ সুবিধা প্ৰদানৰ লক্ষ্য। এই উদ্দেশ্যে চি এ ডি আৰু ডব্লিউ এম কৰ্মসূচীৰ অধীনত চাৰিখন আচঁনি গ্ৰহণ কৰা হ’ব।
  • ছিগনেচাৰ প্ৰকল্পৰ অধীনত সৌৰশক্তিচালিত গভীৰ নলীনাদ(ডি টি)ৰ জৰিয়তে জলসিঞ্চনৰ বাবে এহেজাৰ লাখ কোটি টকাৰ আবন্টন জনোৱা হ’ব।
  • কৃষকৰ আয় বৃদ্ধিৰ লক্ষ্যৰে দুগ্ধ সমবায় সমিতিৰ সংখ্যা বৃদ্ধিৰ লক্ষ্য। এইদৰে সংগঠিত ভিত্তিত দুগ্ধ উৎপাদনত গুৰুত্ব দিয়া হৈছে। সংগঠিত আৰু অসংগঠিত দুয়োটা খণ্ডৰ সকলো কৃষকৰ বাবে বিশ্ববেংকৰ সাহায্যপ্ৰাপ্ত ‘এপাৰ্ট প্ৰকল্প’ মুকলি কৰা হ’ব।
  • ৰাজ্যৰ সকলো দুগ্ধ আৰু পশু চিকিৎসা বিজ্ঞান প্ৰতিষ্ঠানক সামৰি এখন নতুন পশু চিকিৎসা বিজ্ঞান আৰু জীৱন বিজ্ঞান বিশ্ববিদ্যালয়ৰ স্থাপনৰ লক্ষ্য।
  • বৰপেটাৰ সৰভোগত এখন দুগ্ধ বিজ্ঞান মহাবিদ্যালয় স্থাপনৰ লক্ষ্য।
  • গৰু-ম’হৰ জীৱন বীমাকৰণক সৰ্বাধিক অগ্ৰাধিকাৰ প্ৰদান কৰা হ’ব।

 

উৎস: অসমীয়া প্ৰ্তিদিন



© 2006–2019 C–DAC.All content appearing on the vikaspedia portal is through collaborative effort of vikaspedia and its partners.We encourage you to use and share the content in a respectful and fair manner. Please leave all source links intact and adhere to applicable copyright and intellectual property guidelines and laws.
English to Hindi Transliterate