অসমীয়া   বাংলা   बोड़ो   डोगरी   ગુજરાતી   ಕನ್ನಡ   كأشُر   कोंकणी   संथाली   মনিপুরি   नेपाली   ଓରିୟା   ਪੰਜਾਬੀ   संस्कृत   தமிழ்  తెలుగు   ردو

অট্টালিকাৰ ছাতত এখন ব্যতিক্ৰমী বাগিচা

অট্টালিকাৰ ছাতত এখন ব্যতিক্ৰমী বাগিচা

কৃষিকৰ্মৰে জীৱনৰ অনাবিল আনন্দ লভিছে ৰঙিয়াৰ ব্যৱসায়ী গৌতম পালে

ৰঙিয়া চহৰৰ মাজমজিয়াৰ ৬ নং ৱাৰ্ড সৰস্বতী কল’নীত অৱস্থিত এটা তিনিমহলীয়া বাসভৱন। চাৰিজন ভাই-ককাইসহ মুঠ ২৫ জন সদস্যৰ এটি যৌথ পৰিয়ালে এক অনুকৰণীয় মিলাপ্ৰীতি আৰু পাৰস্পৰিক বুজাবুজিৰে বাস কৰিছে এই ভবনটোত। এই তিনিমহলীয়া ভবনটোৰ ছাতত আছে এখন ব্যতিক্ৰমী বাগিচা। স্বাভাৱিকতকেই মনত প্ৰশ্ন উদয় হয়-অট্টালিকাৰ ছাতত বাগিচা? ই কেনেকৈ সম্ভৱ? এই প্ৰশ্নৰ উত্তৰত বাগিচাখনৰ আঁৰৰ মূল ব্যক্তিজনে কৈ গ’ল বহু কথা। অট্টালিকাৰ ছাতত এখন চালে চকুৰোৱা বাগিচা গঢ় দিবলৈ সক্ষম হোৱা ব্যক্তিজনৰ নাম গৌতম পাল। চাৰিজন ভাই-ককাইৰ মাজত গৌতম তৃতীয়। পত্নী পিংকী পাল আৰু প্ৰথম শ্ৰেণীত পঢ়ি থকা পুত্ৰ জ্যোতিষ্মান পালৰে সৈতে গৌতমৰ এটা সুখী পৰিয়াল। গৌতমৰ পেচা ব্যৱসায়। ৰঙিয়াৰ হাইৱে চ’কত গৌতমৰ আছে এখন পাণ-তামোল আৰু মিঠা পাণৰ বুলি ক’লে সকলোৱে জানে। দূৰ-দূৰণিৰ লোকেও কেৱল গৌতমৰ দোকানত পাণখন খাও বুলিয়েই ৰঙিয়ালৈ আহে। পিছে মিঠাপাণৰ মাজতে গৌতমে নিজৰ জীৱনটো শেষ কৰি দিব বিচৰা নাই। সৰুৰে পৰা গছ, ফুল ভালপোৱা গৌতমে সেউজীয়াৰ মাজত জীৱনৰ ৰং বিচৰাৰ প্ৰয়াস কৰিছে। গৌতমে সেয়ে বাচি লৈছে এক  ব্যতিক্ৰমী পন্থা। নিজৰ তিনিমহলীয়া বাসভৱনৰ ছাতত গৌতমে সৃষ্টি কৰিছে এখন অদ্ভুত বাগিচা। ছাতৰ ওপৰত বাগিচা সৃষ্টিৰে বাবে গৌতমে ব্যৱহাৰ কৰিছে মৎস্য ব্যৱসায়ীয়ে পেলাই দিয়ে থাৰ্ম’কলৰ বাকচসমূহ। এই থাৰ্ম’কলৰ বাকচ, বস্তা আৰু প্লাষ্টিকৰ ভিতৰত শুকান মাটি আৰু শুকান গোবৰৰ গুৰি ভৰাই তৈয়াৰ কৰা হৈছে বাগিচাখনৰ উৰ্বৰ পৃষ্ঠভূমি। এই উৰ্বৰ পৃষ্ঠভূমিতে গৌতমে সযতনে ৰোপণ কৰিছে মালভোগ কল, গোল নেমু, বগৰী, ভোট জলকীয়া, পানীলাউ, ৰঙালাউ, জিকা, ভেণ্ডী, তিয়ঁহ, ভাত কেৰেলা, মাকৈ, লেচু, কৰ্দৈ, সুমথিৰাৰ গছ। মালভোগ কল এতিয়াও লগা নাই। গৌতমে জনোৱা মতে, ছাতত থাৰ্মক’লৰ বাকচ আৰু বস্তাত ভোট জলকীয়াৰ খেতি কৰি তেওঁ ইতিমধ্যে প্ৰায় ৫ হাজাৰ টকা উপাৰ্জন কৰিছে। গৌতমৰ ব্যতিক্ৰমী বাগিচাখনত আছে ১১ বিধ জাতি জলকীয়াৰ গছ। এই গছসমূহৰ জলকীয়া নিজে খোৱাৰ উপৰি বজাৰত বিক্ৰী কৰিছে গৌতমে। পাচলি ব্যৱসায়ীয়ে নিজে ঘৰলৈ আহি জলকীয়া লৈ যায়হি। তদুপৰি নিজৰ অদ্ভুত বাগিচাখনত লগা গোল নেমুৰ আচাৰ পৰ্যন্ত বনাইছে গৌতমৰ পত্নী পিংকীয়ে। এইবেলি জিকা, ভেণ্ডী, ভাত কেৰেলা, পানীলাউ, ৰঙালাউ আদি গৌতমৰ পৰিয়ালটোৱে কাচিৎহে ক্ৰয় কৰিবলগীয়া হৈছে বজাৰৰ পৰা। গৌতমে জানিবলৈ দিয়া অনুসৰি যোৱা বাৰ থাৰ্ম’কলৰ বাকচত কৰা খেতিডৰা তেওঁৰ জীৱনৰ অন্য এক তৃপ্তিৰ উৎস। বাগিচাখনৰ একোটা ফুলকবি ডেৰ কিলোগ্ৰাম পৰ্যন্ত হৈছিল বুলি জনায় গৌতমে। ওলকবি একোটাৰ ওজনো আছিল ১৩০০ গ্ৰামৰ ওপৰত। আনহাতে, বাগিচাখনত কৰা বিলাহীৰ খেতিৰ পৰা ইমানেই বিলাহী পাইছিল যে উপায়বিহীন হৈ সেইবোৰ বিক্ৰী কৰিবলগীয়াত পৰিছিল। পালেং শাক, লাই শাক আদিৰতো কথাই নাই। বৰ্তমানেও গৌতমৰ অট্টালিকাটোৰ ছাতত আছে মৰিচা শাকৰ এডৰা খেতি। খাওঁ বুলিলেই পত্নী পিংকীয়ে বনায় মৰিচা শাকৰ পাত আৰু ঠাৰিৰ এখন সুস্বাদু ব্যঞ্জন। অতি আচৰিত যেন লাগিলেও ব্যতিক্ৰমী বাগিচাখনত লগা বগৰী যোৱাবাৰ পৰিয়ালটোৱে খোৱাৰ সৌভাগ্যও ঘটিছে।

গৌতমে বাগিচাখনত যে শাক-পাচলিৰ খেতিয়েই কৰিছে এনে নহয় কৰিছে বিভিন্ন ধৰণৰ ফুলৰ খেতিও। গৌতমৰ অট্টালিকাৰ ছাতত আছে নানা প্ৰজাতিৰ দেশী-বিদেশী ফুলৰ গছ। পাৰিজাত, গোলাপ, তগৰ, কামিনী কাঞ্চন, গুটি মালতীৰে ভৰি আছে। গৌতমৰ বাগিচা। বতৰত ডালিয়া, জিনিয়া আদি ফুলেও শোভা বঢ়াইছে বাগিচাখনৰ। নিজ চকুৰে নেদেখিলে বিশ্বাস নহয় যে চহৰৰ মাজমজিয়াত তিনিমহলীয়া ভৱন এটাৰ ওপৰত এনে এখন মনোমোহা বাগিচা থাকিব পাৰে।

আমি গৌতম পালক সুধিছিলো কিহে তেওঁক উদ্ধুদ্ধ কৰিলে এনে এখন অসাধাৰণ বাগিচা সৃষ্টি কৰিবলৈ। উত্তৰত তেওঁ জনাইছিল, ‘সৰুৰে পৰা মোৰ খেতি বাতিৰ প্ৰতি এক দুৰ্বাৰ আকৰ্ষণ আছিল। গতিকে খেতিৰ বাবে মাটি নাথাকিলেও মোৰ ঘৰৰ ওপৰতে বাগিচা এখন তৈয়াৰ কৰিব পাৰি নেকি তাৰ পৰীক্ষা আৰম্ভ কৰিছিলোঁ। এতিয়া এই বাগিচাখনেই মোৰ প্ৰাণ। ব্যৱসায়ৰ বাবে নহয়, নিজৰ মনৰ আনন্দৰ বাবেহে বাগিচাখন মই গঢ় দিছোঁ। পাণ দোকান দি জীৱিকাৰ নিৰ্বাহ কৰিলেও গৌতমে হেৰাই যাবলৈ দিয়া নাই মানুহৰ সৃষ্টিৰ দুৰ্বাৰ আকাংক্ষা। ব্যৱসায়তে সময় শেষ নকৰি অন্বেষণ কৰিছে জীৱনৰ সাতো বৰণীয়া ৰামধেনু অট্টালিকাৰ ওপৰতো যে নিত্য প্ৰয়োজনীয় পাচলিখিনিৰ জোখেৰে এখন বাগিচা গঢ় দিব পাৰি সেই পথৰ সন্ধান দিছে সংগীত প্ৰিয় গৌতমে। বাগিচাখন গঢ় দিয়াৰ আঁৰতো মুকেশৰ কণ্ঠৰ এটা হিন্দী গীতে গৌতমক প্ৰতি মূহুৰ্ততে উদ্ধুদ্ধ কৰি ৰাখিছিল বুলি আজি এই প্ৰতিবেদকক তেওঁ জানিবলৈ দিয়ে। ‘চোৰো কাল কী বাতে, কাল কী বাত পুৰানি, নয়ী দৌৰমে লিখেংগে মিলকৰ নয়ী কহানী, হম হিন্দুস্থানী….’ এই অমৰ গীতটোৰ কথাংশকে সাৰ্থক কৰিব বিচাৰে গৌতমে। পেছাগত দিশৰ পৰা সমাজত সৰু মানুহ বুলি বিবেচিত হ’লেও গৌতম যে মনৰ সদাগৰ সেই কথা তেওঁৰ কৰ্মই প্ৰমাণ পাইছে।

লিখক: মিৰাজুল ইছলাম, ৰঙিয়া, দৈনিক অসম।



© 2006–2019 C–DAC.All content appearing on the vikaspedia portal is through collaborative effort of vikaspedia and its partners.We encourage you to use and share the content in a respectful and fair manner. Please leave all source links intact and adhere to applicable copyright and intellectual property guidelines and laws.
English to Hindi Transliterate