অসমীয়া   বাংলা   बोड़ो   डोगरी   ગુજરાતી   ಕನ್ನಡ   كأشُر   कोंकणी   संथाली   মনিপুরি   नेपाली   ଓରିୟା   ਪੰਜਾਬੀ   संस्कृत   தமிழ்  తెలుగు   ردو

অভিনৱ পদ্ধতিৰে মৌ সংগ্ৰহ

অভিনৱ পদ্ধতিৰে মৌ সংগ্ৰহ

এচাম লোকে অসমৰ বিভিন্ন স্থানত বাহৰ পাতি নিজৰ পোহনীয়া মৌ-মাখিৰ জৰিয়তে সৰিয়হ ফুলৰ পৰা কুইণ্টলে কুইণ্টলে মৌ সংগ্ৰহ কৰি এক লাভজনক ব্যৱসায়ত লিপ্ত হৈছে। পশ্চিমবংগৰ মালদাহ অঞ্চলৰ ছ’চাইটী এছ’চিয়েচন নামৰ এটা বেচৰকাৰী প্ৰতিষ্ঠানৰ পৰা গৌতম মণ্ডল, তপন সিং আৰু প্ৰতাপ মণ্ডলকে ধৰি এটা আঠজনীয়া দলৰ উপৰি আন বহুকেইজন লোকে প্ৰতি বছৰে ধুবুৰী জিলাৰ বিভিন্ন ঠাইত থিতাপি লৈ মৌ সংগ্ৰহৰ এই লাভজনক ব্যৱসায়টো চলাই আহিছে। পশ্চিমবংগৰ এই লোকসকলে প্ৰতি বছৰৰ শীতকালত ৰবি শস্যৰ খেতি কৰাৰ সময়ত পোহনীয়া মৌ-মাখি লৈ উপস্থিত হয়। ধুবুৰী জিলাৰ বিভিন্ন অঞ্চলত। সেই অনুসৰি এই বেলিও কিছুদিন পূৰ্বে ধুবুৰীৰ ভাৰত-বাংলাদেশ সীমান্তৰ দুৰাহাটী পঞ্চায়তৰ শিঙিমাৰী অঞ্চলত এই লোকসকল আহি উপস্থিত হৈছে। এক আধুনিক পদ্ধতিৰে মৌ সংৰক্ষণ কৰিবলৈ অহা দলটোৱে উল্লেখ কৰা মতে, তেওঁলোকে মুঠ ২৫০ টা কাঠৰ বাকচৰ ভিতৰত কমেও ৩০ ৰ পৰা ৪০ কুইন্টল মৌ সংৰক্ষণ কৰিবলৈ সক্ষম হয়। আনহাতে, অসমৰ পৰা সংগৃহীত এই বৃহৎ পৰিমাণৰ মৌ তেওঁলোকে পশ্চিমবংগৰ ছ’চাইটী এছ’চিয়েন নামৰ বেচৰকাৰী সংস্থাটোৰ জৰিয়তে বিভিন্ন কোম্পানীক যোগান ধৰে। জানিব পৰা মতে, প্ৰতি কিলোগ্ৰাম মৌৰ বিনিময়ত তেওঁলোকে ৮০ ৰ পৰা ১০০ টকালৈ লাভ কৰে। সেই হিচাপে ডেৰ-দুই মাহত এই দলটোৱে প্ৰায় চাৰে তিনি লাখ টকা উপাৰ্জন কৰিবলৈ সক্ষম হয়। ইপিনে, সৰিয়হৰ ফুলৰ পৰা মৌ সংৰক্ষণ কৰিলে সৰিয়হৰ খেতিত কোনো ধৰণৰ ৰোগ নহয় বুলি দলটোৱে উল্লেখ কৰে।

লিখক: পাৰভেজুৰ ৰহমান, ৰূপসী, দৈনিক অসম।

 

শেহতীয়া উন্নীতকৰণ: : 3/8/2020



© C–DAC.All content appearing on the vikaspedia portal is through collaborative effort of vikaspedia and its partners.We encourage you to use and share the content in a respectful and fair manner. Please leave all source links intact and adhere to applicable copyright and intellectual property guidelines and laws.
English to Hindi Transliterate