অসমৰ বানপানী সমস্যাই কৃষকক প্ৰতিবছৰে হাৰাশাস্তি কৰে। আমাৰ বুজনসংখ্যক কৃষক ৰাইজে এতিয়াও আধুনিক আৰু বৈজ্ঞানিক কৃষি পদ্ধতিৰ উপযুক্ত ব্যৱহাৰ কৰা নাই আৰু এই কাৰণবোৰৰ বাবে কৃষি এতিয়াও এক লাভজনক ব্যৱসায়লৈ পৰিণত হোৱা নাই। অসমৰ কৃষিত প্ৰযুক্তিৰ বিস্তৃতি এতিয়াও আশা কৰা ৰূপত হোৱা নাই। কৃষিত ব্যৱহৃত উপাদানৰ অভাৱে বিশেষকৈ প্ৰয়োজনীয় সময়ত উন্নত বীজৰ অভাৱে কৃষি উৎপাদনত যথেষ্ট প্ৰভাৱ পেলাইছ, যাৰ ফলত কৃষি এতিয়াও জীৱন ধাৰণৰ আহিলা হিচাপে ব্যৱহৃত হৈছে।
আশাৰ বতৰাঃ যুৱ প্ৰজন্মৰ যোগদানে কৃষি-ক্ষেত্ৰত আমূল পৰিৱৰ্তন আনিবলৈ সক্ষম হ’ব আৰু এই যোগদানে আমাক দ্বিতীয় সেউজ বিপ্লৱৰ সূচনা কৰাৰ ক্ষেত্ৰত বলিষ্ঠ পদক্ষেপ আগবঢ়াব। কিয়নো অসমত আছে প্ৰচুৰ প্ৰাকৃতিক সম্পদ, উপযুক্ত জলবায়ু, ভূমি আৰু যথেষ্টসংখ্যক শিক্ষিত যুৱক।
‘কৃষিক্ষেত্ৰত উদ্ভাৱিত নতুন কৃষি প্ৰযুক্তি আঁকোৱালি ললেহে আমাৰ দেশৰ কৃষক ৰাইজৰ প্ৰকৃত উন্নতি হ’ব’। কেন্দ্ৰীয় কৃষি মন্ত্ৰী শ্ৰীৰাধামোহন সিং।
- অসমৰ মুঠ জনসংখ্যাৰ প্ৰায় আধা যুৱক শ্ৰেণীৰ (১৫ বছৰৰ পৰা ৩৫ বছৰৰ ভিতৰত) অন্তৰ্ভুক্ত। উত্তৰ-পূৱৰ ৰাজ্যকেইখনৰ ভিতৰত মেঘালয়ত যুৱক-যুৱতীৰ সংখ্যা আটাইতকৈ বেছি আৰু মণিপুৰত আটাইতকৈ কম।
- অসমৰ যুৱ প্ৰজন্ম শিক্ষিত, কৰ্মঠ আৰু সৎ চৰিত্ৰৰ অধিকাৰী।
- যুৱ প্ৰজন্মৰ ভৱিষ্যৎ উপযুক্ত সংস্থানে দেশৰ ভৱিষ্যৎ গঢ়াত সহায় কৰে।
তদুপৰি অসমৰ কৃষি বৰ্তমানেও বৰষুণৰ ওপৰত নিৰ্ভৰশীল, জলসিঞ্চিত ভূমিৰ পৰিমাণ অতি সীমিত। অসমৰ বানপানী সমস্যাই কৃষকক প্ৰতি বছৰে হাৰাশাস্তি কৰে। আমাৰ বুজনসংখ্যক কৃষক ৰাইজে এতিয়াও আধুনিক আৰু বৈজ্ঞানিক কৃষি পদ্ধতিৰ উপযুক্ত ব্যৱহাৰ কৰা নাই আৰু এই কাৰণবোৰৰ বাবে কৃষি এতিয়াও এক লাভজনক ব্যৱসায়লৈ পৰিণত হোৱা নাই। অসমৰ কৃষিত প্ৰযুক্তিৰ বিস্তৃতি এতিয়াও আশা কৰা ৰূপত হোৱা নাই। কৃষিত ব্যৱহৃত উপাদানৰ অভাৱে বিশেষকৈ প্ৰয়োজনীয় সময়ত উন্নত বীজৰ অভাৱে কৃষি উৎপাদনত যথেষ্ট প্ৰভাৱ পেলাইছে, যাৰ ফলত কৃষি এতিয়াও জীৱন ধাৰণৰ আহিলা হিচাপে ব্যৱহৃত হৈছে।
- বহুতৰে ধাৰণা কৃষি জীৱন ধাৰণৰ এক আহিলা মাত্ৰ।
- কৃষিৰ উন্নতিৰ ক্ষেত্ৰত চৰকাৰ, কৃষি বিশ্ববিদ্যালয়, বেংক আৰু এই ধৰণৰ অনুষ্ঠানৰ পৰা আগবঢ়োৱা বহুতো উপযোগী আৰু লাভৱান আঁচনিৰ ক্ষেত্ৰত আমাৰ বেছিভাগ কৃষকেই অজ্ঞ।
- কৃষকৰ সজাগতা, জ্ঞান আৰু শিক্ষাৰ অভাৱ।
- কৃষিত অপেক্ষাৰ সময় দীঘলীয়া। তদুপৰি কৃষিক্ষেত্ৰই সঘনাই কিছুমান আহিব নলগীয়া পৰিস্থিতিৰ সন্মুখীন হোৱা বাবে আন ব্যৱসায়ৰ তুলনাত কৃষি ক্ষেত্ৰত বিপদৰ মাত্ৰা অধিক।
- বজাৰৰ অভাৱ, উপযুক্ত সংৰক্ষণৰ অভাৱ, মধ্যভোগীৰ দপদপনি এইবোৰ সমস্যাই বহু ক্ষেত্ৰত আমাৰ যুৱ প্ৰজন্মক কৃষিক্ষেত্ৰত প্ৰত্যক্ষভাৱে যোগদানৰ পৰা বিৰত কৰা দেখা যায়।
- উপযুক্ত অনুষ্ঠানৰ দ্বাৰা এনে কিছুমান সভা আয়োজন কৰা যাওক, যিয়ে যুৱ প্ৰজন্মক কৃষি ক্ষেত্ৰত উদ্ভাৱিত ন ন আৱিষ্কাৰৰ বিষয়ে সম্ভেদ দিয়ে।
- আমাৰ যুৱ প্ৰজন্মক এনে সুযোগ দিব লাগে যাতে তেওঁলোকে কৃষিক মূল বৃত্তি হিচাপে লৈ আৰ্থিক স্বচ্ছলতা আৰু সমাজত এক বিশেষ মৰ্যাদাপূৰ্ণ ব্যক্তিৰ স্থান পোৱা কৃষকক লগ পাই তেওঁলোকক আদৰ্শ হিচাপে ল’ব পাৰে।
- যুৱ প্ৰজন্মৰ মাজত গঢ়ি উঠা কম সময়ৰ ভিতৰতে যৎকিঞ্চিত কষ্ট কৰি যথেষ্ট ধন অৰ্জাৰ প্ৰৱণতা বিসৰ্জন দিব পাৰিলে এইক্ষেত্ৰত অধিক সহায়ক হয়।
- মদ, ভাং আৰু সকলো নিচাযুক্ত দ্ৰব্য, বাইক, মোবাইল আদিৰ অনুপযুক্ত ব্যৱহাৰ ৰোধ কৰিব লাগে।
- দূৰদৰ্শন, ৰেডিঅ’ আৰু অন্যান্য বাতৰি কাকত আদিত প্ৰগতিশীল কৃষকৰ সাক্ষাৎকাৰ লোৱাৰ উপৰিও তেওঁলোকক উপযুক্ত স্বীকৃতি আৰু সন্মান প্ৰদৰ্শন কৰিব পাৰিলে আমাৰ এক বুজনসংখ্যক যুৱক কৃষিক্ষেত্ৰত যোগদান কৰিব।
- কৃষিক এক লাভজনক আৰু আকৰ্ষণীয়া বৃত্তিলৈ ৰূপান্তৰিতকৰণ।
অসমৰ পৰিস্থিতিত যুৱ প্ৰজন্মই সহজে আকৰ্ষিত হোৱা কৃষিৰ লগত জড়িত ব্যৱসায়ঃ
- তৰমুজৰ খেতি, জৈৱিক কৃষি, ফুলৰ খেতি, পচন সাৰ আৰু কেঁচুসাৰৰ প্ৰস্তুতি, মৌ-পালন, মীন পালন, গাহৰি পালন, হাঁহ-কুকুৰা পালন আদি।
- উদ্যানশস্য, পাত-মুগা আৰু এৰী পালন, বস্ত্ৰ উদ্যোগ, বাঁহ-বেতৰ সামগ্ৰী প্ৰস্তুতকৰণ, জাম-জেলী প্ৰস্তুত, ক্ষুদ্ৰ ধানবনা মিল আদি।
আহকচোন এনেবোৰ আঁচনিৰ অংশীদাৰ হৈ প্ৰত্যক্ষভাৱে লাভৱান হওঁ-
বীজগাঁও আঁচনি।
আত্মসহায়ক গোটৰ দ্বাৰা স্বনিৰ্ভৰশীল।
প্ৰযুক্তি কৌশল প্ৰদৰ্শন।
আগশাৰীৰ প্ৰদৰ্শনমূলক খেতি।
ARYA- Attracting and Retaining Youth in Agriculture.
অসম কৃষি বিশ্ববিদ্যালয়ৰ কেন্দ্ৰীয় আৰু ৰাজ্যিক চৰকাৰৰ দ্বাৰা কৃষি উন্নয়নৰ বাবে হাতত লোৱা বিভিন্ন আঁচনি।
(উৎসঃ অসমীয়া খবৰ, ড০ ৰত্ন কিংকৰ গোস্বামী, ৰূপম বৰা)।