অসম কৃষিপ্ৰধান ৰাজ্য। ৰাজ্যখনৰ গৰিষ্ঠসংখ্যক লোকেই কৃষিকাৰ্যত নিয়োজিত হৈ আত্মনিৰ্ভৰশীল হোৱাৰ লগতে দেশৰ অৰ্থনীতিও টনকিয়াল কৰি আহিছে। স্বাধীনতাৰ ৭১ বছৰৰ পিছতো আমাৰ ৰাজ্যখনত কোনো বৃহৎ উদ্যোগৰ পৰিকাঠামো গঢ়ি নুঠাত বহুসংখ্যক লোকৰ কৃষিপথাৰেই একমাত্ৰ স্বনিয়োজনৰ অৱলম্বন হিচাপে চিহ্নিত হৈ আহিছে।
কিন্তু শেহতীয়াভাৱে বানপানী আৰু সঘন জলবায়ু পৰিৱৰ্তনে ৰাজ্যখনৰ কৃষিক্ষেত্ৰত ব্যাপক প্ৰভাৱ পেলাইছে। একেদৰে আওপুৰণি কৃষি পদ্ধতি আৰু গুণগত শস্যৰ বীজ আদিৰ অভাৱত বহু কৃষকে কৃষিপথাৰ এৰি আহিবলগীয়া হৈছে।
সাৰ আৰু কীটনাশকৰ অত্যধিক মূল্যবৃদ্ধিৰ বিপৰীতে ফচলৰ উচিত মূল্য নোপোৱাত খেতিয়কসকলে বহু কৃষিভূষি অব্যৱহৃত কৰি পেলাই থোৱাৰ দৰে পৰিৱেশৰো সৃষ্টি হৈছে।
তৎসত্ত্বেও কৃষিখণ্ডৰ লগত জড়িত সমল ব্যক্তি তথা বিজ্ঞানীসকলে কৃষিক্ষেত্ৰৰ উন্নয়ন আৰু উৎপাদন বৃদ্ধিৰ বাবে নিৰন্তৰ প্ৰচেষ্টা অব্যাহত ৰাখিছে।
শেহতীয়াকৈ অসম কৃষি বিশ্ববিদ্যালৰ অধীনস্থ তিতাবৰস্থিত আঞ্চলিক কৃষি গৱেষণাগাৰে তথ্য-প্ৰযুক্তিৰ উত্তৰব ঘটাই ৰাজ্যখনৰ কৃষিক্ষেত্ৰত এক নতুন দিগন্তৰ সূচনা কৰিছে।
আহোম ৰাজত্বৰ সময়ত ৰংপুৰৰপৰা ৰাজধানী যোৰহাটলৈ তুলি অনাৰ সময়ত স্বৰ্গদেউ কমলেশ্বৰ সিংহই তিতাবৰ বচা পথাৰক আহোমৰ ৰাজভৰাঁলৰূপে বাছি উলিয়াইছিল।
এইখন পথাৰতে বৃটিছৰ আমোলত ১৯২৩ চনত ব্ৰহ্মপুত্ৰ উপত্যকাৰ প্ৰথম আৰু ৰাজ্যখনৰ দ্বিতীয়টো ধান গৱেষণা কেন্দ্ৰ স্থাপন কৰা হৈছিল। পৰৱৰ্তী সময়ত এই কেন্দ্ৰটো আঞ্চলিক কৃষি গৱেষণাগাৰকৈ উন্নীত হৈ ৰাজ্যখনৰ কৃষিপথাৰৰ উপযোগী আৰু বিভিন্ন ঋতু তথা পৰিৱেশত খাপ খাব পৰাকৈ বিভিন্ন প্ৰজাতিৰ ধানৰ সঁচ উদ্ভাৱন কৰি কৃষকসকলক সকাহ দিয়াৰ পদক্ষেপ লৈ আহিছিল।
এনেবোৰ কাম-কাজেৰে আঞ্চলিক কৃষি গৱেষণাগাৰটোৱে আন্তঃৰাষ্ট্ৰীয় পৰ্যায়তো সুনাম বুটলিবলৈ সক্ষম হৈছে। শেহতীয়াকৈ গৱেষণাগাৰটোৱে ফিলিপাইনছ বিশ্ববিদ্যালয়ৰ সহযোগত তথ্য-প্ৰযুক্তিৰ প্ৰয়োগৰ জৰিয়তে কৃষিপথাৰত অত্যাধুনিক ড্ৰ’নৰ পৰীক্ষামূলক সংযোজন ঘটাই নিবনুৱাসকলৰ বাবে আশাৰ বতৰা কঢ়িয়াই আনিছে।
ড্ৰ’নৰ জৰিয়তে খেতিয়সকলে ঘৰতে বহি পথাৰত হোৱা অপতৃণ, কৃষি অনিষ্টকাৰী কীট-পতংগ, জনসিঞ্চন ব্যৱস্থা আৰু সাৰ প্ৰয়োগৰ বিষয়ে তথ্য লাভ কৰিব পাৰে।
ড্ৰ’নৰ সহায়ত লাভ কৰা তথ্যৰ জৰিয়তে খেতিয়কসকলে নিজৰ কৃষিভূমিডৰা অপতৃণ, কীট-পতংগৰ সম্ভাৱ্য আক্ৰমণৰপৰা ৰক্ষা কৰাৰ লগতে কৃষিডৰা নিয়ন্ত্ৰণৰ ব্যৱস্থা কৰিব পাৰিব।
এই প্ৰযুক্তি অসমৰ খেতিপথাৰত প্ৰয়োগ কৰিলে কৃষকসকলে পথাৰৰ বোকা-পানী নগচকাকৈ ঘৰতে বহি প্ৰযুক্তিৰ ব্যৱহাৰৰ জৰিয়তে কৃষি উৎপাদন বৃদ্ধি কৰিব পাৰিব। যোৱা ১০ নৱেম্বৰত আঞ্চলিক কৃষি গৱেষণাগাৰত আয়োজন কৰা এখন কৃষক সমাৰোহত ড্ৰ’ন প্ৰযুক্তিৰ আনুষ্ঠিক শুভাৰম্ভ কৰে অসম কৃষি বিশ্ববিদ্যালয়ৰ উপাচাৰ্য ড° কমলমল্ল বুজৰবৰুৱাই।
তেওঁ চৰকাৰী পৰ্যায়ত ড্ৰ’ন পদ্ধতিৰ প্ৰয়োগৰ জৰিয়তে অসমৰ ২৪৮ টা উন্নয়ন খণ্ডৰ কৃষকসকল উপকৃত হ’ব পাৰিব বুলি জানিবলৈ দিয়ে।
তিতাবৰৰ আঞ্চলিক কৃষি গৱেষণাগাৰে বৰ্তমানলৈ ৩৮৪ বিধ নতুন জাতৰ ধানৰ সঁচ উদ্ভাৱন কৰি সমগ্ৰ দেশৰ লগতে ভূটান, নেপাল, বাংলাদেশ আদি দেশতো সমাদৰ বুটলিবলৈ সক্ষম হৈছে বুলি উপাচাৰ্যগৰাকীয়ে জানিবলৈ দিয়ে।
তদুপৰি পথাৰত কৃষকৰ শ্ৰম লাঘৱ কৰাৰ উদ্দেশ্যে অহা দুবছৰৰ ভিতৰত কৃষিক্ষেত্ৰত ৰবট ব্যৱহাৰ কৰা হ’ব বুলিও তেওঁ ব্যক্ত কৰি নতুন প্ৰজন্মক জৰিয়তে কম মাটিত অধিক উৎপাদন কৰাত মনোনিৱেশ কৰিবলৈ আহ্বান জনায়।
লেখক: দুলাল কলিতা(দৈনিক অসম)
নহৰু এবিধ মছলাজাতীয় শস্য। আমিষ-নিৰামিষ ভোজন- উভয়তে এইবিধ মছলাৰ স্থান প্ৰথম শাৰীত থাকে। কেইবাটাও ঔষধ গুণবিশিষ্ট আৰু সুগন্ধিযুক্ত এইবিধ শস্য দেখিবলৈ পৰিচ্ছন্ন আৰু কোমল।
আমাৰ দৈনিক খাদ্যৰ তালিকাত থকা দাইল, ভাজিৰ উপৰি মাছ, মাংসৰ ব্যঞ্জন ৰুচিকৰ কৰাত নহৰুৰ ব্যৱহাৰ অপৰিহাৰ্য।
শীতকালত হোৱা এইবিধ মূল্যৱান শস্য ভালদৰে ৰ’দত শুকাই গোটেই বছৰ ব্যৱহাৰৰ উপযোগী কৰি ৰাখিব পাৰি।
অবতৰত ইয়াৰ বজাৰ মূল্যও দুগুণ হয়। আজি এইবিধ অত্যাৱশ্যকীয় মছলাৰ কৃষি পদ্ধতি সম্পৰ্কে চমুকৈ আলোচনা কৰিবলৈ লোৱা হ’ল-
মাটি:
মাটিত অম্লতাৰ পৰিমাণ ৫.৫-৬.৫ লৈ থকা হ’ব লাগে।
সময়:
অসমৰ মাটিত বীজ সিঁচাৰ সময় ছেপ্টেম্বৰৰ মাজভাগৰপৰা নৱেম্বৰ মাহলৈ।
জাত:
অনুমোদিন জাতসমূহ হৈছে-
মাটি প্ৰস্তুতকৰণ:
মাটিডৰা ৩-৪ বাৰ হাল বাই মৈয়াই মিহিকৈ চাহ কৰি সমান কৰি পচন সাৰ বা গোবৰ সাৰ প্ৰয়োগ কৰিব লাগে।
সাৰ প্ৰয়োগ:
ইয়াৰে ইউৰিয়া সাৰৰ আধা অংশ আৰু বাকী সমুদায় সাৰ প্ৰাথমিক সাৰ হিচাপে মাটি চাহ কৰাৰ সময়ত প্ৰয়োগ কৰি ইউৰিয়াৰ বাকী থকা অংশ ৰোৱাৰ ৩০ দিন পিছত টপড্ৰেছ হিচাপে প্ৰয়োগ কৰিব লাগে।
ৰোৱা পদ্ধতি:
নহৰুৰ খেতিৰ বাবে কঠীয়া হিচাপে সৰু সৰু নহৰু বাচি লোৱা হয়। এই নিৰ্বাচিত কঠীয়া নহৰুবোৰ নতুবা ডাঙৰ নহৰুৰ কোঁহবোৰ এৰুৱাই লৈ ১৫-২০ ছেন্টিমিটাৰ অন্তৰত নাঙলৰ শিৰলুৰে খোল কৰি লৈ ৫-৭ ছেন্টিমিটাৰ দূৰত্বত ৰুব লাগে।
ৰোৱাৰ পিছতে কাঠৰ মৈৰে মাটিৰে ঢাকি দিব লাগে। সাধাৰণতে শুকান মাটিত নহৰুৰ কঠীয়া ৰুব লাগে।
যদি মাটিত প্ৰয়োজনীয় জীপ নাথাকে, তেতিয়া ৰোৱাৰ পিছতে এবাৰ আৰু ৩-৪ দিন পিছত এবাৰ পানী যোগান ধৰিব লাগে।
প্ৰতিপালন:
নহৰু খেতিত প্ৰথম অৱস্থাত ৭ দিনৰ মূৰে মূৰে আৰু শস্য পূৰঠ হৈ অহাৰ সময়ত ১৫ দিনৰ মূৰে মূৰে পানী যোগান ধৰিব লাগে। মন কৰিবলগীয়া যে চপোৱাৰ ১৫ দিনৰ আগেয়ে জনসিঞ্চন বন্ধ কৰিব লাগে।
শস্য ৰক্ষা:
থ্ৰিপচ বা মোৱা পোকৰ আক্ৰমণ নিয়ন্ত্ৰণৰ বাবে ১.৫ মিলিলিটাৰ ঔষধ*এক লিটাৰ পানী- এই অনুপাতত মালাথিয়ন ৫০ ই চি ঔষধ স্প্ৰে কৰিব লাগে।
আনহাতে চাঁহি আৰু চবকা ৰোগ প্ৰতিৰোধ কৰাৰ বাবে দুই গ্ৰাম ডাইথেন এম- ৪৫*এক লিটাৰ পানী- এই অনুপাতত মিশ্ৰণ কৰি বিঘাই প্ৰতি ৬০ লিটাৰ মিশ্ৰণ স্প্ৰে কৰিব লাগে।
খেতি চপোৱা:
নহৰুৰ কৃষিকাল ৪-৫ মাহ। খেতিৰ পাতবোৰ শুকাই হালধীয়া বা মুগা বৰণীয়া হ’লে ফচল চপাব পৰা হয়।
চপোৱাৰ পিছত নহৰুবোৰ ৭-১০ দিন ৰ’দত শুকুৱাই ল’ব লাগে। বৰষুণ দি থাকিলে খেতি চপাব নালাগে।
উৎপাদন:
বিঘাই প্ৰতি ১০-১২ কুইন্টল কেঁচা নহৰু উৎপাদন হয়।
লেখক: প্ৰবোধ চন্দ্ৰ শৰ্মা(দৈনিক অসম)
শেহতীয়া উন্নীতকৰণ: : 4/28/2020