অসমীয়া   বাংলা   बोड़ो   डोगरी   ગુજરાતી   ಕನ್ನಡ   كأشُر   कोंकणी   संथाली   মনিপুরি   नेपाली   ଓରିୟା   ਪੰਜਾਬੀ   संस्कृत   தமிழ்  తెలుగు   ردو

আখৰ বছা গামোচাৰে বজাৰ দখল বাইহাটাৰ গীতাৰাণীৰ

আখৰ বছা গামোচাৰে বজাৰ দখল বাইহাটাৰ গীতাৰাণীৰ

বছৰি লাখ টকা উপাৰ্জন

কামৰূপ জিলাৰ কমলপুৰ উন্নয়ন খণ্ডৰ অন্তৰ্গত বাইহাটা গাঁও পঞ্চায়ত এলেকাধীন বৰদৈপখিয়াৰ গীতাৰাণী নাথ। সৰুৰে পৰা ঘৰতে দেখি অহা তাঁতশালত উৎপাদিত কাপোৰত নতুন ৰূপ দি সজাই-পৰাই তোলাৰ প্ৰবল ইচ্ছা পুহি ৰখা গীতাৰাণীয়ে পঢ়ি থকা দিনতে ড্ৰবয় আৰু ডুবি মেচিনৰ প্ৰশিক্ষণ গ্ৰহণ কৰে। তাৰ পিছত কাটিং এম্ব্ৰইডাৰি, ফেব্ৰিকৰ প্ৰশিক্ষণ গ্ৰহণ কৰি নিজাববীয়াকৈ ন ন কাপোৰৰ উৎপাদন কৰি কম সময়তে কমলপুৰ অঞ্চলত জনপ্ৰিয়তা অৰ্জন কৰে। গীতাৰাণীৰ সুনিপুণ শিল্পীসুলভ লাহী হাতেৰে তাঁতশালত উৎপাদিত মেখেলা-চাদৰৰ বিভিন্ন যোৰা আৰু আখৰ বছ গামোছাই ইতিমধ্যে বৃহত্তৰ অঞ্চলটোত বজাৰ দখল কৰিছে। পকোৱা সূতাৰ মেখেলা-চাদৰৰ যোৰা ৮০০-১০০০ টকা, পলিষ্টাৰ ৬০০-৮০০ টকা, কেঁচা সূতা ২০০-২৫০ টকা, গুণা বছা গামোচা ১০০০ টকা, আঁচু ফুলৰ গামোচা ২০০-২৫০ টকা (ফুল নুসৰি), আখৰ বছা গামোচা ৪০০-৫০০ টকাকৈ বিক্ৰী হৈ আছে। হস্ততাঁত, খাদী বিভাগৰ উপৰি বিভিন্ন অনুষ্ঠান-প্ৰতিষ্ঠানৰ অৰ্ডাৰ অনুযায়ী গামোচা বৈ বছৰি লাখ টকা উপাৰ্জন কৰিছে গীতাৰাণীয়ে আৰু অঞ্চলটোত শিক্ষিত যুৱতীসকলৰ বাবে আদৰ্শ হৈ পৰিছে।

উৎস: অসমীয়া প্ৰতিদিন।

 

শেহতীয়া উন্নীতকৰণ: : 4/28/2020



© C–DAC.All content appearing on the vikaspedia portal is through collaborative effort of vikaspedia and its partners.We encourage you to use and share the content in a respectful and fair manner. Please leave all source links intact and adhere to applicable copyright and intellectual property guidelines and laws.
English to Hindi Transliterate