অসমীয়া   বাংলা   बोड़ो   डोगरी   ગુજરાતી   ಕನ್ನಡ   كأشُر   कोंकणी   संथाली   মনিপুরি   नेपाली   ଓରିୟା   ਪੰਜਾਬੀ   संस्कृत   தமிழ்  తెలుగు   ردو

আত্মনিৰ্ভৰশীল নিদৰ্শন গোৱালপাৰাৰ নিবনুৱা যুৱকৰ

আত্মনিৰ্ভৰশীল নিদৰ্শন গোৱালপাৰাৰ নিবনুৱা যুৱকৰ

বাঁহ খেতিয়েও দেখুৱাব পাৰে স্বাৱলম্বিতাৰ পথ

গোৱালপাৰা জিলাখনত আজিও কোনোধৰণৰ ঔদ্যোগিক প্ৰতিষ্ঠান গঢ়ি নুঠাৰ বাবে জিলাখনৰ বহু যুৱকে বিগত কেইটামান বছৰৰ ভিতৰত ৰবৰ খেতিৰেই নিজকে স্বাৱলম্বী কৰি তোলাৰ উদ্দেশ্যে  জিলাখনৰ বিস্তীৰ্ণ অঞ্চলত ব্যক্তিগত আৰু সমূহীয়াভাৱেও ৰবৰ খেতিৰে সমগ্ৰ গোৱালপাৰা জিলাখনকে ওপচায় পেলালে। ই এক আদৰ্শৰ বতৰা যদিও শেহতীয়াভাৱেও জিলাখনত পৰ্য্যাপ্ত পৰিমাণৰ ৰবৰ উৎপাদন হ’বলৈ ধৰাৰ লগে লগে ব্যৱসায়িক গোষ্ঠীবোৰে ইয়াৰ বজাৰমূল্য পূৰ্বৰ মূল্যৰ আধাতকৈও তললৈ নমাই দিয়াৰ ফলত ৰবৰৰ খেতিয়কসকলৰ মনতো হতাশাই দেখা দিছে। কিন্তু তেনে পৰিস্থিতিৰ মাজতে জিলাখনৰ দুধনৈ আৰু ৰংজুলিৰ নিকটৱৰ্তী টিপলাইত গঢ়ি উঠা বৃহৎ বাঁহৰ বজাৰ আৰু নিজৰ ঘৰতে নিজহাতে তৈয়াৰ কৰা বাঁহৰ ঝাড়ু আৰু ধূপকাঠীৰ বজাৰে নিবনুৱা যুৱকসকলক বাঁহ খেতিতো নিয়োজিত হ’ব পৰাৰ যথেষ্ট সুবিধা দিছে। উল্লেখ্য যে গোৱালপাৰা জিলাৰ ৰংজুলি আৰু দুধনৈত গঢ়ি উঠা বাঁহৰ ঝাড়ুৰ বজাৰখনকে আশ্ৰয় কৰি লেলা, দুধনৈ, আমজোঙা, দৰংগিৰি, ৰংজুলি, ধনুভাঙা আদিকে ধৰি বিভিন্ন অঞ্চলৰ দুখীয়া পৰিয়ালৰ পুৰুষ মহিলাই নিজৰ ঘৰত বাঁহ নাথাকিলেও দুধনৈ আৰু দৰংগিৰিৰ বাঁহৰ বজাৰৰ পৰা ডালেপতি এশৰ পৰা ডেৰ-দুশ টকাত ক্ৰয় কৰি আনি ঘৰতে ঝাড়ু তৈয়াৰ কৰি দুধনৈ আৰু ৰংজুলিত কিলোৱেপতি পাঁচ টকাৰ পৰা সাত টকা দৰত বিক্ৰী কৰি নিজৰ পৰিয়াল ভৰণ-পোষণ দি আহিছে। দুধনৈ আৰু ৰংজুলিত উৎপাদিত ঝাড়ু প্ৰতিদিনে ট্ৰাকে ট্ৰাকে ৰাজস্থান, বিহাৰ, দিল্লী, পশ্চিমবংগলৈ ৰপ্তানি হৈ আছে।

উৎস: অসমীয়া প্ৰতিদিন।

শেহতীয়া উন্নীতকৰণ: : 3/15/2020



© C–DAC.All content appearing on the vikaspedia portal is through collaborative effort of vikaspedia and its partners.We encourage you to use and share the content in a respectful and fair manner. Please leave all source links intact and adhere to applicable copyright and intellectual property guidelines and laws.
English to Hindi Transliterate