অসমীয়া   বাংলা   बोड़ो   डोगरी   ગુજરાતી   ಕನ್ನಡ   كأشُر   कोंकणी   संथाली   মনিপুরি   नेपाली   ଓରିୟା   ਪੰਜਾਬੀ   संस्कृत   தமிழ்  తెలుగు   ردو

আদৰ্শ কৃষক গেৰুৱাৰ শিক্ষক বীৰেন বৰা

আদৰ্শ কৃষক গেৰুৱাৰ শিক্ষক বীৰেন বৰা

পিতৃ-মাতৃৰ কৰ্মৰ দ্বাৰা বহুতো সন্তান অনুপ্ৰাণিত হয় আৰু তেনেকৈয়ে নিজ কৰ্মৰ দ্বাৰা তেওঁলোক সমাজৰ বাবে আদৰ্শ হৈ পৰে।তেনে এজন আদৰ্শৱান সু-সন্তান হৈছে মৰিগাঁও জিলাৰ ভূৰাগাঁও ৰাজহ চক্ৰৰ অন্তৰ্গত গেৰুৱা অঞ্চলৰ গেৰুৱাআটিৰ বীৰেণ বৰা। অঞ্চলটোৰ ৰজাবড়ি প্ৰাথমিক বিদ্যালয়ৰ এইজন সহকাৰী শিক্ষকে নিজৰ শিক্ষকতাৰ মাজেৰে দীৰ্ঘদিনে কৃষিকৰ্মত নিয়োজিত হৈ আহিছে।পিতৃ এগৰাকী আদৰ্শৱান কৃষক আছিল,গুণেই বীৰেণ বৰাই সৰুৰেপৰা পিতৃৰ কৃষিকৰ্মৰ দ্বাৰা অনুপ্ৰাণিত হৈ আহিছিল।কৃষিৰ প্ৰতি ধাউতি থকাৰ বাবেই শিক্ষকতাৰ মাজতো বীৰেন বৰাই কৃষিকাৰ্যত ওত:প্ৰোতভাৱে লাগি আহিছে আৰু পিতৃৰ দৰেই অঞ্চলটোত এগৰাকী আদৰ্শ কৃষক হিচাপে পৰিগণিত হৈছে। এইগৰাকী শিক্ষক তথা আদৰ্শৱান কৃষকে জনোৱা মতে, বৰ্তমান তেওঁ ঘৰ-দুৱাৰ সাজি বসবাস কৰা বাৰীখনত আছে ৭ বিঘা মাটি।ইয়াৰে ৩ বিঘা মাটিত আছে এখন তামোলবাৰী। এই বছৰ তামোল বিক্ৰী কৰি তেওঁ লাভ কৰিছে ৭০ হাজাৰ টকা।বাকী ৪ বিঘা মাটিৰ ডেৰ বিঘাত প্ৰতি বছৰে তেওঁ শীতকালীন আৰু গ্ৰীষ্মকালীন বিভিন্ন জাতৰ শাক-পাচলিৰ খেতি কৰি আহিছে।এইবেলি এইডৰা মাটিত ফুলকবি,বন্ধাকবি,আলু,মটৰমাহ আদিৰ খেতি কৰি বৰাই উপাৰ্জন কৰিছে প্ৰায় ৬০ হাজাৰ টকা।তদুপৰি তেওঁ বাৰীখনত থকা ১০০ জোপা নেমু গছৰ নেমু টেঙা বিক্ৰী কৰি ১০ হাজাৰ টকা,উন্নত জাতৰ ৩ জোপা মধুৰীআমৰ পৰা দুহাজাৰ টকা,এজোপা জলফাইৰ পৰা ৩ হাজাৰ টকা আৰু ৪ জোপা লেঙেৰা আমৰপৰা ৩ হাজাৰ টকা লাভ কৰিছে।বৰাৰ ৪ বিঘা মাটিৰ পুখুৰী এটাও আছে আৰু সেই পুখুৰীটোৰপৰা বছৰত মাছ বিক্ৰী কৰি তেওঁ কমেও ৮০ হাজাৰ টকা উপাৰ্জন কৰি আহিছে।ইফালে,তেওঁ এইবছৰ ৬ বিঘা মাটিত ৰঙা আৰু ৪ বিঘাত বগা সৰিয়হৰ খেতি কৰাৰ উপৰি ৭ বিঘা মাটিত ধনীয়াৰ খেতি কৰিছে।এগৰাকী চৰকাৰী চাকৰিয়াল হিচাপে দৈনিক নিজ কৰ্তব্য সুকলমে পালন কৰি অহাৰ উপৰি উদ্যান শস্যৰ লগতে কৃষিকাৰ্যত জড়িত হৈ যি আদৰ্শ দেখুৱাই আহিছে সেয়া সমগ্ৰ ৰাজ্যখনৰ নিবনুৱাসকলৰ বাবেই আদৰ্শ।এইক্ষেত্ৰত আদৰ্শ কৃষকজনে কয় –ৰাজ্যখনৰ বহুতো শিক্ষিত যুৱকে যথেষ্ট পৰিমাণে পৈত্ৰিক সম্পত্তি থকাৰ পিছতো চাকৰিৰ পিছত দৌৰি ধন-বিত হেৰুৱাই আহিছে।একাগ্ৰতাৰে কৃষিকৰ্মত নিয়োজিত হ’লে চাকৰি অবিহনেও তেওঁলোকে স্বাৱলম্বী হৈ আৰ্থিক ভেটি টনকিয়াল কৰিব পাৰিলেহেঁতেন বুলি তেওঁ মত প্ৰকাশ কৰে।

লেখক: বিষ্ণু ডেকা, দৈনিক অসম

শেহতীয়া উন্নীতকৰণ: : 3/13/2020



© C–DAC.All content appearing on the vikaspedia portal is through collaborative effort of vikaspedia and its partners.We encourage you to use and share the content in a respectful and fair manner. Please leave all source links intact and adhere to applicable copyright and intellectual property guidelines and laws.
English to Hindi Transliterate