ভাগ্যৰ অন্বেষণত এদিন এজন চফল ডেকাই বৰপেটা জিলাৰ সৰু ক্ষেত্ৰী মৌজাৰ ভকুৱাটেপা গাওঁ এৰি আহি নলবাৰী জিলাৰ টিহু নগৰৰ সমীপৱৰ্তী ২ নং নাথকুছি গাঁওত থিতাপি লৈছিলহি। তেওঁ তাত এৰি থৈ আহিছিল পিতৃ-মাতৃ সমন্বিতে সাতজন ভাই ককাইৰ এটি বিশাল পৰিয়াল। অভাৱত জৰ্জৰিত কৃষক পৰিয়ালটোৰ খেতিৰ উপযোগী মাটি ভকুৱাটেপাত বেছি নাছিল কিন্ত্ত ২ নং নাথকুঠিত আগৰে পৰাই মাজে সময়ে পৰিয়ালটোৰ সদস্য সকলে খেতি-বাতি কৰিছিল।
প্ৰাক্-স্নাতক (কলা) পৰীক্ষাত উত্তীৰ্ণ হোৱাৰ পিছত যেতিয়া তেওঁৰ বয়স মাত্ৰ ১৮-১৯ বছৰ, ২ নং নাথকুছিত পিতৃৰ নামত থকা ২৫ বিঘা মাটিত খেতি বাতি কৰা উদ্দেশ্যেৰে তেওঁ ঘৰ এৰি অকলে গুচি আহিলে। ঠিক অকলে নহয়- এটা সুন্দৰ সপোন লৈ। অংগীকাৰবদ্ধ হৈ। পিতৃৰ সংসাৰৰ বোজা কন্ধ পাতি লোৱাৰ এই সাহসী সিদ্ধান্তৰ আঁৰত আছিল কৃষি কাৰ্যৰ প্ৰতি তেওঁৰ আকৃত্ৰিম আগ্ৰহ আৰু শ্ৰদ্ধ। তেওঁৰ মনত অকণো দ্বিধা নাছিল আৰু সেয়েহে চাকৰি বিচাৰি সময় ব্যয় কৰাৰ সলনি নিজৰ ভৱিষ্যত পৰিকল্পনা যুগুতাই লক্ষ্যভেদী দৃষ্টি আৰু মনৰ স্বতঃস্ফুৰ্ত তাগিদাক সাৰথি কৰি সন্ত্তষ্টি আৰু সমৃদ্ধিৰ অন্বেষণত তেওঁ আৰম্ভ কৰিলে এক নতুন যাত্ৰা।
সেয়া আজিৰ পৰা ২৫ বছৰ আগৰ কথা। আজি সকলোৱে জানে বসন্ত বৰ্মন এজন সফল খেতিয়ক। শালি খেতিৰ বতৰত ২০ বিঘা মাটিত উন্নত জাত আৰু বৰ্ণসংকৰ জাতৰ ধানৰ খেতিৰ উপৰিও ৰবি শস্যৰ বতৰত পাঁচ বিঘা মাটিত সৰিয়হ আৰু পাঁচ বিঘা মাটিত শাক-পাচলিৰ খেতি কৰা বৰ্মন প্ৰকৃততে এজন কৰ্মযোগী। প্ৰতিদিনে ৰাতিপুৱা শুই উঠিয়েই ৫-৬ জনীৰ গাইৰ গাখীৰ খিৰাই আকৌ নিজেই চাইকেল চলাই গৈ বিক্ৰী কৰা বৰ্মনে প্ৰতিদিনে গড়ে ২৫ লিটাৰ গাখীৰ বিক্ৰী কৰে। এবিঘাৰ পুখুৰীটোত বিজ্ঞান সন্মত ভাবে মাছ পুহি তেওঁ বছৰেকত কমেও ২৫,০০০ টকা পায়। উন্নত জাতৰ ছাগলী পুহিও তেওঁ বেচ লাভৱান হ’ব পাৰিছে। বছৰেকত ৬-৮ টা ছাগলী বিক্ৰী কৰা বৰ্মনেম্ভৱিষ্যতে কেচুঁমতা সাৰ উৎপাদনৰ গোট এটা আৰম্ভ কৰাৰ পৰিকল্পনা যুগুতাইছে। তেওঁ পাৱাৰ টিলাৰ, অগভীৰ নলী নাদকে ধৰি উন্নত কৃষি কাৰ্যৰ বাবে প্ৰয়োজনীয় আহিলা সমূহ যতনাই লৈছে। ১৯৯৪-৯৫ চনতে কাঁহিকুছিস্থিত অসম কৃষি বিশ্ববিদ্যালয়ৰ উদ্যান শস্য গৱেষণা কেন্দ্ৰত পাম ব্যৱস্থাপনাৰ ছয়মহীয়া প্ৰশিক্ষণ প্ৰাপ্ত বৰ্মন নতুন কৃষি প্ৰযুক্তি ব্যৱহাৰৰ ক্ষেত্ৰত সদায়ে আগৰণুৱা।
এদিন খালীহাতে আহি ২ নং নাথকুছিত উপস্থিত হোৱা বসন্ত বৰ্মনে নিজৰ অক্লান্ত শ্ৰম আৰু অধ্যৱসায়ৰ ফলত আজি টিনপাত-ইটাৰ ঘৰ সাজিছে, ছোৱালীক ভাল বিদ্যালয়ত পঢ়ুৱাইছে আৰু দুজনী জী আৰু তেওঁৰ সমানে কৰ্মদক্ষ স্ত্ৰীৰ সৈতে প্ৰকৃতিৰ কোলাত নিৰ্মল সুখ আৰু প্ৰশান্তিৰ জীৱন-যাপন কৰিছে। তেওঁৰ দিনটোৰ ব্যস্ততা, ৰাতিৰ গভীৰ নিদ্ৰা আৰু সেই প্ৰাণচঞ্চল উৎসাহ-উদ্দীপনা- এই সকলো উৎসৰ্গিত সন্ত্তষ্টি আৰু সমৃদ্ধিৰ অন্বেষণত। ২৫ বছৰ আগৰ সেই একে তীব্ৰতা আৰু ব্যাপকতাৰে।
লেখক: জ্যোতিপ্ৰসাদ দাস, নলবাৰী জিলাৰ টিহু চক্ৰৰ কৃষি উন্নয়ন বিষয়া, কৃষি দাপোণ।
শেহতীয়া উন্নীতকৰণ: : 4/28/2020
ঋতুৰ পৰিৱৰ্তনত হোৱা ৰোগ বসন্তৰ কিছু কথাৰ বিষয়ে আলো...
অসমৰ বসন্ত উৎসৱ
বসন্ত ৰোগৰ আয়ুৰ্বেদিক চিকিৎসা