অসমীয়া   বাংলা   बोड़ो   डोगरी   ગુજરાતી   ಕನ್ನಡ   كأشُر   कोंकणी   संथाली   মনিপুরি   नेपाली   ଓରିୟା   ਪੰਜਾਬੀ   संस्कृत   தமிழ்  తెలుగు   ردو

আদৰ্শ দেখুৱাইছে জাগীগাঁৱৰ যুৱ কৃষকে

আদৰ্শ দেখুৱাইছে জাগীগাঁৱৰ যুৱ কৃষকে

পৰম্পৰাগতভাৱে কৃষিকৰ্মৰ পৰিৱৰ্তে নতুন চিন্তাৰে কম ভুমিতে কৃষি কৰি যে লাভৱান হ’ব পাৰি,তাৰে এক নিদৰ্শন দাঙি ধৰিছে মৰিগাওঁ জিলাৰ জাগী ভকতগাওঁ অঞ্চলৰ উৎপল শৰ্মা আৰু ভাতৃ দেৱজিৎ শৰ্মাই।ভালকৈ ধান খেতি নোহোৱা তেওঁলোকৰ তিনিবিঘা মাটিৰ এটা দাগত ধানৰ সলনি লাভজনক ভোট জলকীয়াৰ খেতি কৰাৰ পৰিকল্পনা কৰে জাগীগাঁৱৰ যুৱক দেৱজিৎ শৰ্মাই।প্ৰায় দহ বছৰ পুৰ্বে এম বি এ ডিগ্ৰী লৈ বৰ্তমান এটা বিত্তীয় কোম্পানীত বিষয়া পৰ্যায়ত কৰ্মৰত দেৱজিতৰ এই পৰিকল্পনাত সহযোগ কৰে সাংবাদিকতাৰে জড়িত উৎপল শৰ্মাই।এনে পৰিকল্পনাৰ আধাৰতে ২০১৪ চনত কুমৈৰ পথাৰত নিজা উদ্যোগতে ছটা গ্ৰীণ হাউছ নিৰ্মাণ কৰি সম্পুৰ্ণ জৈৱিক পদ্ধতিৰে দুয়ো আৰম্ভ কৰে ভোট জলকীয়াৰ খেতি।প্ৰথম বৰ্ষত অৱশ্যে নিৰ্মাণ ব্যয়কে ধৰি বিভিন্ন শিতানৰ খৰচৰ বাবে আৰু বতৰৰ প্ৰতিকুলতাৰ বাবে লাভৱান নহ’ল কৃষকদ্বয়।তথাপি হতাশ নহৈ পিছৰ বৰ্ষত পুনৰ কৃষিকৰ্মত মনোনিৱেশ কৰা উৎসাহী কৃষকদ্বয়ে লাভৰ মুখ দেখিবলৈ আৰম্ভ কৰিছে।বৰ্তমানে গ্ৰীণ হাউছৰ সংখ্যা দহটালৈ বৃদ্ধি কৰা কৃষকদ্বয়ে উৎকৃষ্টমানৰ জলকীয়া স্থানীয় বজাৰৰ লগতে গুৱাহাটীৰ বজাৰত আৰু কম পৰিমাণে ৰাজ্যৰ বাহিৰতো বিক্ৰী কৰিছে।বিঘাত পাঁচ মোনকৈ ধান উৎপাদন কৰা মাটি তিনি বিঘাত আঢ়ৈ হাজাৰ ভোট জলকীয়াৰ গছ ৰোপণ কৰি প্ৰতি কিলোগ্ৰামত পাঁচশ টকাতকৈও অধিক দৰত বিক্ৰী কৰিছে তেওঁলোকে।অৱশ্যে অত্যন্ত প্ৰতিপালন কৰিবলগীয়া হোৱা বাবে প্ৰায় ৬-৮ মাহ সময়ত শ্ৰমিকৰ মজুৰিৰ বাবদ আৰু জৈৱিক সাৰ আৰু ঔষধত যথেষ্ট ব্যয় হয় বুলি তেওঁলোকে জানিবলৈ দিছে।তাৰ মাজতো যোৱা বৰ্ষত সফলতাৰ মুখ দেখা কৃষকদ্বয় এইবাৰ অধিক পৰিসৰত ভোট জলকীয়া।ৰোপণৰ কাম আৰম্ভ কৰিছে।কৃষকদ্বয়ৰ আশা এইবাৰ তেওঁলোকে ভোট জলকীয়াৰ আচাৰ প্ৰস্তুত কৰিব।মৰিগাওঁ জিলাত বহলভিত্তিত ভোট জলকীয়াৰ খেতি কৰা উৎপল শৰ্মা আৰু দেৱজিৎ শৰ্মাৰ পদক্ষেপ আদৰণীয়।অৰ্থকৰী শস্যৰুপে পৰিচিত ভোট জলকীয়াৰ উপৰি এইবাৰ তেওঁলোকে পাঁচ বিঘা ভুমিত ক’লা ধানৰ খেতিও কৰিছে।জিলা কৃষি বিভাগৰ উদ্যান শস্য বিষয়া হৰেন তালুকদাৰ আৰু কৃষি বিভাগৰ দিৱজ্যোতি হাজৰিকাৰ দিহা-পৰামৰ্শ আৰু সহায়-সহযোগিতাৰ শলাগ লয় কৃষকদ্বয়ে।

লেখক: প্ৰণৱ কুমাৰ ভট্টাচাৰ্য (দৈনিক অসম)

শেহতীয়া উন্নীতকৰণ: : 2/6/2023



© C–DAC.All content appearing on the vikaspedia portal is through collaborative effort of vikaspedia and its partners.We encourage you to use and share the content in a respectful and fair manner. Please leave all source links intact and adhere to applicable copyright and intellectual property guidelines and laws.
English to Hindi Transliterate