অসমীয়া   বাংলা   बोड़ो   डोगरी   ગુજરાતી   ಕನ್ನಡ   كأشُر   कोंकणी   संथाली   মনিপুরি   नेपाली   ଓରିୟା   ਪੰਜਾਬੀ   संस्कृत   தமிழ்  తెలుగు   ردو

আনাৰস বাগিচাৰে স্বাৱলমিতাৰ নিদৰ্শন

আনাৰস বাগিচাৰে স্বাৱলমিতাৰ নিদৰ্শন

অতীজৰে পৰা অসমত প্ৰচুৰ চাহিদা থকা এবিধ ফল হ’ল মাটিকঁঠাল বা আনাৰস। অসমত প্ৰচুৰ চাহিদা থকা সত্ত্বেও কিন্তু এইবিধ বহুল জনপ্ৰিয় ফলৰ খেতি অসমত ব্যৱসায়িক ভিত্তিত আজিও আৰম্ভ হোৱা নাই। অথচ আনাৰস খেতিৰ বাবে অসমৰ জলবায়ু অতি উত্তম। এনে পৰিস্থিতিত আনাৰসৰ খেতিৰে অসমতো ভাল উপাৰ্জন কৰিব পাৰি, তাকে প্ৰমাণ কৰি দেখুৱাইছে বাক্সাৰ উত্তৰাঞ্চলৰ কেইজনমান যুৱ কৃষকে। ‘মন কৰিলে ছন, বাকৰি মাটিতে ধন’- এই আপ্তবাক্যশাৰী সাৰোগত কৰি বাক্সা জিলাৰ দিহিৰাৰ ফাৰ্মাৰ এগ্ৰ’ ক্লাব নামৰ স্বনিয়োজন গোটৰ সদস্য ৰবীন দৈমাৰী, নিৰঞ্জন ব্ৰহ্ম, তিলক ব্ৰহ্ম, দৈমালু বড়ো আৰু সঞ্জীৱ বড়োৱে ২০০৮ চনত স্থানীয়ভাৱে ৰিজাৰ্ভ হিচাপে পৰি থকা নৈপৰীয়া তিনি বিঘা মাটি মোকলাই লৈ আনাৰসৰ খেতি আৰম্ভ কৰে। এইক্ষেত্ৰত প্ৰথম অৱস্থাত তেওঁলোকে প্ৰায় ২০ হেজাৰ টকা মাত্ৰ মূলধন খটুৱাই এই খেতি আৰম্ভ কৰে। ইয়াৰ পিছত যোৱা বছৰ তেওঁলোকে বজাৰত প্ৰায় ৯০ হেজাৰ টকাৰ আনাৰস বিক্ৰী কৰিছে আৰু ৩০ হেজাৰমান টকাৰ আনাৰস এতিয়াও বিক্ৰী কৰিবলৈ আছে। তেওঁলোকে জানিবলৈ দিয়া অনুসৰি আনাৰস খেতিত খটোৱা মূলধনৰ পৰিমাণ অতি কম। প্ৰথম বছৰ মাটি চহ কৰা, আনাৰসৰ কলম সংগ্ৰহ আদিত কিছু ধন খৰচ হয় যদিও চাৰি বছৰ পিচৰ পৰাই উপাৰ্জন আৰম্ভ হয়। এই খেতিত সাৰ, কীটনাশকৰ খৰচ কম তথা গৰু-ছাগলীৰ পৰাও নিৰাপদ। ইতিমধ্যে স্বনিয়োজন গোটটোৱে আনাৰস আগ ৰোপণ কৰিছে আৰু সমন্বিত কৃষি পদ্ধতি অনুসৰণ কৰি সমগ্ৰ আনাৰসৰ বাগিচাত পাচঁশ গমাৰি গছৰ পুলি ৰোপণ কৰিছে। একেদৰে বাক্সাৰ আমবাৰীৰ যুৱ কৃষক নিবাৰণ বড়োৱেও আনাৰসৰ খেতিৰে ভাল উপাৰ্জন কৰিবলৈ সক্ষম হৈছে। বড়োৱে নিজৰ ডেৰ বিঘা মাটি আৱৰি থকা তামোলৰ বাগানত সমন্বিত কৃষি হিচাপে ছিংগাপুৰী আনাৰসৰ খেতি ২০০৭ চনৰ পৰা আৰম্ভ কৰাৰ উপৰি ২০০৮ চনত অতিৰিক্ত আন এবিঘা মাটিত আনাৰসৰ খেতি আৰম্ভ কৰে। সম্প্ৰতি নিজৰ বাৰীত উৎপাদিত আনাৰস বজাৰত বিক্ৰী কৰি যথেষ্ট উপাৰ্জন কৰিবলৈ সক্ষম হৈছে নিবাৰণ বড়োৱে। বিগত বৰ্ষত আনাৰস বিক্ৰীৰ জৰিয়তে ২৭ হেজাৰ টকা লাভ কৰা বড়োৱে ইতিমধ্যে এই বছৰ ২১ হেজাৰ টকাৰ আনাৰস বজাৰত বিক্ৰী কৰিছে আৰু দহ হেজাৰমান টকাৰ আনাৰস বিক্ৰী কৰাৰ আশা কৰিছে। বড়োৱে প্ৰকাশ কৰা মতে আনাৰসৰ খেতিত কম খৰচ, কম শ্ৰমত অধিক লাভ পাব পাৰি।

লিখক: উৎপল কুমাৰ কলিতা।

শেহতীয়া উন্নীতকৰণ: : 3/16/2020



© C–DAC.All content appearing on the vikaspedia portal is through collaborative effort of vikaspedia and its partners.We encourage you to use and share the content in a respectful and fair manner. Please leave all source links intact and adhere to applicable copyright and intellectual property guidelines and laws.
English to Hindi Transliterate