ৰাজ্যৰ গ্ৰাম্য অৰ্থনীতি সবল কৰাত ক্ষুত্ৰ চাহ বাগিচাসমূহে বিশেষ অৰিহণা যোগাই আহিছে। গ্ৰামাঞ্চলৰ পৰিয়ালসমূহত থকা ক্ষুদ্ৰ বাগিচাসমূহে কেঁচা চাহপাত উৎপাদন কৰি নিজে আৰ্থিকভাৱে লাভান্বিত হোৱাৰ লগতে ৰাজকোষলৈও কৰ দি আহিছে। গ্ৰাম্য চাহ খেতিয়কৰপৰা কেঁচা চাহপাত সংগ্ৰহ কৰি বহু শিক্ষিত নিবনুৱাই চাহ কোম্পানী আৰু বটলিফ কোম্পানীক কেঁচা চাহপাত যোগান ধৰিও অৰ্থনৈতিকভাৱে স্বাৱলম্বিতাৰ নিদৰ্শন দাঙি ধৰিবলৈ সক্ষম হৈছে।
শিৱসাগৰ জিলাৰ আমগুৰি সমষ্টিৰ লালিম চাপৰি গাঁও পঞ্চায়তৰ অন্তৰ্গত লংককীয়া গোহাঁই গাঁৱৰ এজন শিক্ষিত লোক দীপক গগৈ। এইজন লোকে ২০০৩ চনৰপৰা কেঁচা চাহপাতৰ ব্যৱসায়েৰে আৰ্থিকভাৱে টনকিয়াল হোৱাৰ লগতে চাহ খেতিয়কসকলৰ প্ৰিয়ভাজন হৈ পৰিছে। এটি দৰিদ্ৰ পৰিয়ালত জন্মগ্ৰহণ কৰা লোকজনে দৰিদ্ৰতাক নেওচি কেইটামান টকা হাতত লৈ কৰ্মবিশ্বাসেৰে ব্যৱসায়ত মনোনিৱেশ কৰিছিল। কেঁচা চাহপাতৰ মন্দাৱস্থাৰ সময়ত ব্যৱসায়ত হাত দিয়া লোকজনৰ ২০০৩ চনৰপৰা ২০০৫ লৈ একো লাভ হোৱা নাছিল। বৃহৎ পুঁজিপতি চাহ কোম্পানীসমূহে ক্ষুদ্ৰ চাহ ব্যৱসায়ীক কৰা শোষণৰ ফলত সেই সময়ত লোকজনে নিজৰ ৰূপিত মাটিৰ সাঁচিগছ বিক্ৰী কৰি ৩৫,০০০ টকা চাহ খেতিয়কক দিব লগা হৈছিল। অসীম ধৈৰ্য আৰু চাহ খেতিয়কে দিয়া উৎসাহৰ ফলত লোকজনে লোকচানৰ সন্মূখীন হৈও কিন্তু ব্যৱসায় এৰি দিয়া নাছিল। কোম্পানীৰ কলঘৰসমূহে কেঁচা চাহপাতৰ মানৰ কথা কৈ হাজাৰ হাজাৰ কুইণ্টল চাহপাত সেই সময়ত নষ্ট কৰি ক্ষুদ্ৰ ব্যৱসায়ীসকলক ভাতে মৰাৰ লগতে বহু ব্যৱসায়ীক চাহ কোম্পানীয়ে বিল নিদিয়াকৈ লোকচানৰ সন্মুখীন কৰাইছিল।
কেঁচা চাহপাত ব্যৱসায়ৰ এনে মন্দাৱস্থা অতিক্ৰম কৰি লোকজনে ২০০৬ চনৰপৰা লাভৰ মুখ দেখিবলৈ পালে। এইজন ব্যৱসায়ী দীপক গগৈয়ে সেই সময়ত কেঁচা চাহপাত যোৰহাট পানীচকুৱা, যোৰহাটৰ বৰদলৈ ফেক্টৰী, বৰছিলা, নিউ সোণোৱাল ইত্যাদিত যোগান ধৰিছিল। চাহ ব্যৱসায়েৰে কৃষক ৰাইজৰ আস্থাভাজন হোৱা ক্ষুদ্ৰ ব্যৱসায়ীজনৰ জীৱনলৈ কিন্তু ২০০৯ চনত কালসন্ধ্যা নামি আহে। ব্যৱসায়ীজন ২০০৯ চনত দুৰাৰোগ্য ৰোগত আক্ৰান্ত হৈ শাৰীৰিকভাৱে ভাগি পৰাৰ লগতে জীৱন-মৃত্যুৰ সৈতে যুঁজিব লগা হয়। ৰোগৰ চিকিৎসাৰ বাবে প্ৰচুৰ অৰ্থৰ প্ৰয়োজন আৰু এইক্ষেত্ৰত পৰিয়ালটোৰ ৰূপিত মাটি বিক্ৰী কৰি লাভ কৰা ধনো প্ৰয়োজন অনুপাতে হোৱা নাছিল। অৱশেষত জনসাধাৰণৰ আশিস লৈ ৰাইজৰ দান-বৰঙণিৰে তেওঁ নতুন দিল্লীৰ এইমছত হৃদযন্ত্ৰৰ অস্ত্ৰোপচাৰ কৰায়। সৰ্বস্বান্ত হৈ পৰা সত্ত্বেও অতি সৎ এই লোকজনক পুনৰ চাহ ব্যৱসায় কৰিবলৈ কৃষকসকলে অনুৰোধ জনায়। মানসিকভাৱে প্ৰচুৰ দৃঢ়তা আৰু সাহসৰ বলত সুস্থ হ’বলৈ ধৰা লোকজনে জীয়াই থাকিবৰ বাবে মূলধন নোহোৱাকৈয়ে ব্যৱসায়ত হাত দিয়ে। জীয়াই থাকিবৰ বাবে, পৰিয়ালক পোহপাল দিবৰ বাবেই তেওঁ পুনৰ সংগ্ৰামত আত্মনিয়োগ কৰে। চাহ খেতিয়কৰ আশিস শিৰত লৈ তেওঁ ব্যৱসায়ত লাগি পুনৰ আৰ্থিকভাৱে টনকিয়াল হ’বলৈ ধৰে আৰু সম্প্ৰতি এজন আত্মনিৰ্ভৰশীল লোকত পৰিণত হয়। এনেদৰে নিজৰ সততা আৰু কৃষকক বিশ্বাস দিব পৰা গুণৰ জৰিয়তে মূলধন নোহোৱাকৈয়ে সফল ক্ষুদ্ৰ চাহ ব্যৱসায়ীত পৰিণত হোৱা দীপক গগৈৰ জীৱন পৰিক্ৰমাই অন্য বহু ব্যৱসায়ীক উৎসাহ প্ৰদান কৰে।
লিখকঃ সমীৰণ দুৱৰা, দৈনিক অসম
শেহতীয়া উন্নীতকৰণ: : 3/28/2020