তামুলপুৰ মহকুমাৰ গেৰুৱা গাঁৱৰ এজন স্নাতক ডিগ্ৰীধাৰী যুৱক সুৰজিৎ ৰাভাই উন্নত জাতৰ আহুধানৰ খেতি কৰি সেউজ বিপ্লৱৰ সূচনা কৰিছে। এটি কৃষক পৰিয়ালত জন্ম গ্ৰহণ কৰা যুৱকজনে ২০০১ চনতে কলা শাখাৰ স্নাতক ডিগ্ৰী লোৱাৰ পিছত চৰকাৰী চাকৰিৰ প্ৰতি ইচ্ছা প্ৰকাশ নকৰি ঘৰতে খেতি-বাতিক লৈ ব্যস্ত হৈ পৰে। তামুলপুৰৰ পথাৰত পৰম্পৰাগতভাৱে বছৰত এটা মাত্ৰ ধান খেতি কৰি অহাৰ বিপৰীতে সুৰজিৎ ৰাভাই নিজৰ চিন্তা-চৰ্চাৰে ব্যতিক্ৰমীভাৱে উন্নত জাতৰ আহু
ধানৰ বীজ সংগ্ৰহ কৰি খেতি কৰিবলৈ আৰম্ভ কৰে। সুৰজিৎ ৰাভাই পৰিয়ালৰ ৪০ বিঘা মাটিত বিশ বিঘা মাটিত মাৰ্চ আৰু এপ্ৰিল মাহৰ মাজভাগত আহু ধানবিধৰ কঠীয়া ৰোপণ কৰে। অতি কষ্টেৰে ৰোপণ কৰা বিশ বিঘা আহুধানৰ খেতি প্ৰতিপালন কৰাৰ পিছত এতিয়া ধাননিডৰা চালে চকু ৰোৱা হৈ পৰিছে। ধানৰ থোকবোৰে পথাৰত নাচি-বাগি আছে। ৰাভাই নিজে খেতিৰ আয়স ধনেৰে পানীৰ পাম্প বহুৱাই জলসিঞ্চনৰ ব্যৱস্থা কৰি, পাৱাৰ টিলাৰ কিনি ককায়েকসকলৰ সৈতে খেতি আহিছে। সুৰজিৎ ৰাভাৰ খেতিৰ কথা শুনি অলপতে তামুলপুৰ মহকুমা কৃষি উন্নয়ন বিষয়া মৃগেন স্বৰ্গীয়াৰীয়ে আন কৃষি বিষয়াৰ সৈতে গৈ তেওঁৰ আহুধানৰ খেতিডৰা পৰিদৰ্শন কৰে আৰু সহায়ৰ হাত আগবঢ়োৱাৰ আশ্বাস দিয়ে। সুৰজিৎ ৰাভাই বাকী থকা মাটিত শালিধানৰ বীজ ৰোপণ কৰিছে।
ইপিনে, তিনি বিঘা মাটিত আমোল আৰু মোচাম্বি ফলত গছ ৰোপণ কৰিছে। কৃষিকাৰ্যত নিমগ্ন সুৰজিৎ ৰাভাই সমান্তৰালভাৱে ৰামেচুবুৰি, ডোংপাৰ আৰু নিজ গাঁও গেৰুৱাক সামৰি এটি বেচৰকাৰী সংস্থাৰ জন্ম দি অঞ্চলটোৰ লোকসকলক বাঁহ শিল্প, কাৰিকৰী শিল্পৰ সৈতে চিনাকি কৰি দিয়াৰ লক্ষ্যৰে কেইবাটাও প্ৰশিক্ষণ দিয়াৰ উপৰি আন সামাজিক কাম-কাজ চলাই আছে।
ইপিনে, এছটেকৰ তৰফৰপৰা ৰাভাক কিছু বিজ্ঞানভিত্তিক কাম-কাজেৰে স্কুলীয়া ছাত্ৰ-ছাত্ৰীৰ মাজত বিজ্ঞানৰ প্ৰচাৰ আৰু প্ৰসাৰ কৰাৰ উপৰি বিজ্ঞানক জনমুখী কৰিবলৈ দায়িত্ব দিয়া হয়। এছটেকৰ এই দায়িত্ব সুৰজিৎ ৰাভাই তেওঁৰ শিক্ষক বন্ধু উমেশ দাস, হেমন্ত দাস, উত্তম দাস আৰু নবীন ৰাভাৰ সহযোগত চলাই আহিছে।
লেখক:উৎপল ডেকা(দৈনিক অসম)
ৰাজ্যৰ বহু ভিতৰুৱা অঞ্চল আছে, য’ত সহজ-সৰল মহিলাসকলে কৰ্মক্ষেত্ৰত পুৰুষৰ সৈতে সমানে সমানে আগবাঢ়ি যাবলৈ সক্ষম হৈছে। গ্ৰামাঞ্চলৰ একাংশ মহিলাই ঘৰুৱা কামতে ব্যস্ত নাথাকি এখোজ আগবাঢ়ি আহি স্বনিয়োজনৰ বাট মুকলি কৰাই নহয়, অন্যৰ বাবে আদৰ্শস্বৰূপো হ’বলৈ হৈছে।
শোণিতপুৰ জিলাৰ বৰছলা বিধানসভা সমষ্টিৰ অন্তৰ্গত ভঙা মন্দিৰ গাঁৱৰ ৩৫ গৰাকী মহিলাই এনে এক আদৰ্শ স্থাপন কৰিবলৈ সমৰ্থ হৈছে। এই মহিলা কেইগৰাকীয়ে ‘সমৃদ্ধি’ নামেৰে এটা গোট খুলি ৫ বিঘা মাটি লীজত লৈ সেই মাটিত নাৰ্জি ফুলৰ খেতি কৰিছে। অসমত যথেষ্ট চাহিদা থকা নাৰ্জি ফুলৰ বীজ মহিলাসকলে পশ্চিমবংগৰপৰা আনি ৫ বিঘা মাটিত ১৫ হাজাৰ পুলি লগাইছে। মহিলাসকলৰ খেতিৰ নাৰ্জি ফুল এতিয়া লহপহকৈ বাঢ়িবলৈ ধৰিছে। প্ৰায় এমাহৰ পিছত নাৰ্জি ফুলবোৰ মহিলাসকলে বজাৰত বিক্ৰী কৰিব পাৰিব বুলি জানিবলৈ দিয়ে। উল্লেখ্য যে ভঙা মন্দিৰ গাঁওখনৰ এই ৩৫ গৰাকী মহিলাই পুৱা ৪ বজাৰপৰা ৬ বজালৈকে আৰু বিয়লি ৪ বজাৰপৰা সন্ধিয়া ৬ বজালৈ খেতিৰ নামত শ্ৰমদান কৰি বাকী সময়খিনি ঘৰুৱা কামত ব্যস্ত হৈ পৰে। তেওঁলোকে জানিবলৈ দিয়া মতে ৫ বিঘা মাটিত নাৰ্জি ফুলৰ খেতি কৰোতে প্ৰায় ১ লাখ টকা খৰচ হৈছে। মহিলা গোটটোৰ খেতি কৰাৰ আগ্ৰহ দেখি বৰছ্লা উন্নয়ন খণ্ডত কৃষি বিভাগৰ তত্ত্বৱধানত তেওঁলোকক প্ৰশিক্ষণো দিয়া হৈছে। নিৰ্মলা দেৱী, ৰীমা ডুংগেল, কুমাৰী দেৱী, জগমায়া দেৱী, দীপা দেৱী, কমলা দেৱী, ৰুক্মণী দেৱী, মঞ্জু দেৱী, কলাৱতী দেৱী, হীৰা দেৱী, অম্বিকা দেৱী, সবিতা পৌড়েল, মেনেকা দেৱী, গংগা গৌতম, বিকমায়া দেৱী, পূজা দেৱী, ইন্দিৰা গজুৰেল, লিনা অধিকাৰী, সুমিতা অধিকাৰী, জানুকা গজুৱেল, মেনকা বহুৰা, সীতা নেৱাৰ, উষা দেৱী, মমুনা দেৱী, শোভা দেৱী, অলকা অধিকাৰী, ৰশ্মিতা গৌতম, ৰীতা সিতকে, সুমিত্ৰা জুৱেৰি, ৰীতা গঞ্জু আদিকে ধৰি এইসকল মহিলাৰ এনেধৰণৰ ব্যতিক্ৰমী পদক্ষেপ প্ৰত্যেক্ষ কৰি বৰছলা সমষ্টিৰ বিধায়ক গণেশ লিম্বুয়ে তেওঁলোকক প্ৰয়োজনীয় সহায় কৰাৰ আশ্বাস দিছে। ইফালে মহিলা গোটটোয়ে নাৰ্জি ফুলৰ পিছত পেপছিকামৰ খেতি কৰাৰ পৰিকল্পনা হাতত লোৱা বুলি সদৰী কৰিছে। এনেদৰে মহিলাসকলে নাৰ্জি ফুলৰ খেতি কৰি অঞ্চলটোৰ শিক্ষিত নিবনুৱা যুৱক-যুৱতীসকলৰ বাবে সংস্থাপনৰ এক সুন্দৰ নিদৰ্শন দাঙি ধৰিবলৈ সক্ষম হৈছে।
লেখক: পংকজ নাথ(দৈনিক অসম)
ওদালগুৰি জিলাৰ ভেৰগাঁও মহকুমাৰ অন্তৰ্গত মাধৱ চলিহা আৰু ৰেণুবালা চলিহাৰ পুত্ৰ তপন চলিহা আৰু চাওতাল বড়ো আৰু ফেলেপ বড়োৰ পত্ৰ মেমৰা বড়োৱে মালভোগ কলৰ খেতিৰে আত্মসংস্থাপনৰ পথ বাছি লৈছে। টংলা আৰক্ষী থানাৰ অন্তৰ্গত লতাখাট গাঁৱৰ এই দুজন লোকে যোৱা বছৰত আঠ বিঘা মাটিত মালভোগ কলৰ খেতি কৰিবলৈ আৰম্ভ কৰে। ১,৬০০টা কল পুলিৰে আৰম্ভ ককা মালভোগ কলৰ খেতিডৰা সম্পত্তি ৪ হাজাৰ জোপা গছেৰে পৰিপূৰ্ণ হৈ পৰিছে। ইয়াৰে দুহেজাৰজোপা কলত থোক হৈছে। তেওঁলোকে প্ৰতি আখী কলত ৪০-৫০ টকাত বিক্ৰী কৰাৰ বিপৰীতে থোক হিচাপে পাঁচশ টকাৰপৰা সাতশ টকালৈ বিক্ৰী কৰিছে। এক লাখ দুহাজাৰ টকা মূলধনেৰে আৰম্ভ কৰা মালভোগ কলৰ খেতিৰপৰা তেওঁলোকে চলিত বৰ্ষত পাঁচ লাখ টকাৰ কল বিক্ৰী কৰিব পাৰিব বুলি জানিবলৈ দিছে। উল্লেখ্য যে কোনো চৰকাৰী সাহায্য আৰু কৃষি বিভাগৰ দিহা-পৰামৰ্শ অবিহনে কৃষকদ্বয়ে গড়ি তুলিছে বিশাল কল খেতিৰ বাগিচা। মালভোগ কলৰ খেতিতেই জীৱন উচৰ্গা কৰা লতাখাট কলৰ খেতিতেই জীৱন উচৰ্গা কৰা লতাখাট গাঁৱৰ মেমৰা বড়ো আৰু দাৰগা খাট তৰাবাৰী গাঁৱৰ তপন চলিহাই নতুনকৈ পুনৰ দহ বিঘা মাটিত ২,২০০ জোপা কলপুলি ৰোপণ কৰিছে। এনেদৰে মুঠ ১৮ বিঘা মাটিত মালভোগ কলৰ খেতিৰ জৰিয়তে সোণালী সপোন ৰচিছে এই দুজন উদ্যমী তথা পৰিশ্ৰমী ০কৃষকে ইফালে পশ্চিম নামজলাহ(বৰাখাট) গাঁৱৰ গোপাল হাজৰিকায়ো তিনি বিঘা মাটিত গঢ়ি তুলিছে মালভোগ কলৰ খেতি। ওচৰা-উচৰিকৈ তিনিজন লোক গঢ়ি তোলা মালভোগ কলৰ বাগিচাই ওচৰ-চুবুৰীয়াকো প্ৰেৰণা যোগাইছে। উচ্চ শিক্ষাৰে শিক্ষিত নহ’লেও এই তিনিজন লোকে আত্মসংস্থাপনৰ যি পথ বাছি লৈছে সেয়া সকলোৰে আদৰণীয় হিচাপেই চিহ্নিত হৈছে।
লেখক: বাপন শৰ্মা(দৈনিক অসম)
তামুলপুৰ মহকুমাৰ গেৰুৱা গাঁৱৰ এজন স্নাতক ডিগ্ৰীধাৰী যুৱক সুৰজিৎ ৰাভাই উন্নত জাতৰ আহুধানৰ খেতি কৰি সেউজ বিপ্লৱৰ সূচনা কৰিছে। এটি কৃষক পৰিয়ালত জন্ম গ্ৰহণ কৰা যুৱকজনে ২০০১ চনতে কলা শাখাৰ স্নাতক ডিগ্ৰী লোৱাৰ পিছত চৰকাৰী চাকৰিৰ প্ৰতি ইচ্ছা প্ৰকাশ নকৰি ঘৰতে খেতি-বাতিক লৈ ব্যস্ত হৈ পৰে। তামুলপুৰৰ পথাৰত পৰম্পৰাগতভাৱে বছৰত এটা মাত্ৰ ধান খেতি কৰি অহাৰ বিপৰীতে সুৰজিৎ ৰাভাই নিজৰ চিন্তা-চৰ্চাৰে ব্যতিক্ৰমীভাৱে উন্নত জাতৰ আহু
ধানৰ বীজ সংগ্ৰহ কৰি খেতি কৰিবলৈ আৰম্ভ কৰে। সুৰজিৎ ৰাভাই পৰিয়ালৰ ৪০ বিঘা মাটিত বিশ বিঘা মাটিত মাৰ্চ আৰু এপ্ৰিল মাহৰ মাজভাগত আহু ধানবিধৰ কঠীয়া ৰোপণ কৰে। অতি কষ্টেৰে ৰোপণ কৰা বিশ বিঘা আহুধানৰ খেতি প্ৰতিপালন কৰাৰ পিছত এতিয়া ধাননিডৰা চালে চকু ৰোৱা হৈ পৰিছে। ধানৰ থোকবোৰে পথাৰত নাচি-বাগি আছে। ৰাভাই নিজে খেতিৰ আয়স ধনেৰে পানীৰ পাম্প বহুৱাই জলসিঞ্চনৰ ব্যৱস্থা কৰি, পাৱাৰ টিলাৰ কিনি ককায়েকসকলৰ সৈতে খেতি আহিছে। সুৰজিৎ ৰাভাৰ খেতিৰ কথা শুনি অলপতে তামুলপুৰ মহকুমা কৃষি উন্নয়ন বিষয়া মৃগেন স্বৰ্গীয়াৰীয়ে আন কৃষি বিষয়াৰ সৈতে গৈ তেওঁৰ আহুধানৰ খেতিডৰা পৰিদৰ্শন কৰে আৰু সহায়ৰ হাত আগবঢ়োৱাৰ আশ্বাস দিয়ে। সুৰজিৎ ৰাভাই বাকী থকা মাটিত শালিধানৰ বীজ ৰোপণ কৰিছে।
ইপিনে, তিনি বিঘা মাটিত আমোল আৰু মোচাম্বি ফলত গছ ৰোপণ কৰিছে। কৃষিকাৰ্যত নিমগ্ন সুৰজিৎ ৰাভাই সমান্তৰালভাৱে ৰামেচুবুৰি, ডোংপাৰ আৰু নিজ গাঁও গেৰুৱাক সামৰি এটি বেচৰকাৰী সংস্থাৰ জন্ম দি অঞ্চলটোৰ লোকসকলক বাঁহ শিল্প, কাৰিকৰী শিল্পৰ সৈতে চিনাকি কৰি দিয়াৰ লক্ষ্যৰে কেইবাটাও প্ৰশিক্ষণ দিয়াৰ উপৰি আন সামাজিক কাম-কাজ চলাই আছে।
ইপিনে, এছটেকৰ তৰফৰপৰা ৰাভাক কিছু বিজ্ঞানভিত্তিক কাম-কাজেৰে স্কুলীয়া ছাত্ৰ-ছাত্ৰীৰ মাজত বিজ্ঞানৰ প্ৰচাৰ আৰু প্ৰসাৰ কৰাৰ উপৰি বিজ্ঞানক জনমুখী কৰিবলৈ দায়িত্ব দিয়া হয়। এছটেকৰ এই দায়িত্ব সুৰজিৎ ৰাভাই তেওঁৰ শিক্ষক বন্ধু উমেশ দাস, হেমন্ত দাস, উত্তম দাস আৰু নবীন ৰাভাৰ সহযোগত চলাই আহিছে।
লেখক:উৎপল ডেকা(দৈনিক অসম)
শেহতীয়া উন্নীতকৰণ: : 3/14/2020