অসমীয়া   বাংলা   बोड़ो   डोगरी   ગુજરાતી   ಕನ್ನಡ   كأشُر   कोंकणी   संथाली   মনিপুরি   नेपाली   ଓରିୟା   ਪੰਜਾਬੀ   संस्कृत   தமிழ்  తెలుగు   ردو

আলংকৰিক মাছৰ ব্যৱসায়েৰে স্বাৱলম্বী পাৰ্থৰথি হাজৰিকা

আলংকৰিক মাছৰ ব্যৱসায়েৰে স্বাৱলম্বী পাৰ্থৰথি হাজৰিকা

নগাঁৱৰ এজন যুৱকে দেখুৱাইছে স্বাৱলম্বিতাৰ নিদৰ্শন। এই যুৱকজন হৈছে নগাঁও চহৰৰ হয়বৰগাঁৱৰ পাৰ্থৰথি হাজৰিকা। পাৰ্থৰথিয়ে আলংকৰিক মাছৰ ব্যৱসায়ৰ জৰিয়তে স্বাৱলম্বী হোৱাৰ লগতে আনৰ বাবেও আদৰ্শ দাঙি ধৰিছে। ১৯৯৯ চনত নগাঁও মহাবিদ্যালয়ৰ পৰা ‘ইণ্ডাষ্ট্ৰিয়েল ফিছ এণ্ড ফিছাৰিজ’ বিষয়ত স্নাতক ডিগ্ৰী লাভ কৰাৰ পিছত তেওঁ আলংকৰিক মাছ পালন প্ৰজনন আৰু ব্যৱসায়ৰ কথা চিন্তা-চৰ্চা কৰে। মহাবিদ্যালয়ত পঢ়ি থকা অৱস্থাতে কেৰালালৈ যাওঁতে পাৰ্থ উপস্থিত হৈছিলগৈ পানাগাডৰ মীন মহাবিদ্যালত। তাত আলংকৰিক মাছৰ ব্যৱসায়ৰ বিষয়ে কিছু কথা জানি আহি ২০০০ চনত ‘একুৱাৰিয়াম মিৰাকল’ নামৰ এটা প্ৰকল্প আৰম্ভ কৰে। প্ৰথম অৱস্থাত কিছু প্ৰত্যাহ্বান আহিছিল যদিও পাৰ্থই একুৱাৰিয়াম সাজি আলংকৰিক মাছেৰে সমৃদ্ধ কৰি ব্যৱসায় আৰম্ভ কৰে। কম সময়ৰ ভিতৰতে একুৱাৰিয়াম মিৰাকলে প্ৰতিষ্ঠা লাভ কৰে। ২০০৯ চনত মৎস্য বিশেষজ্ঞ ড০ সঞ্জয় শৰ্মাৰ নেতৃত্বত নাৰ্বাডৰ সহযোগত পাৰ্থই পশ্চিমবংগৰ বিষ্ণুপুৰ, উদিয়ামপুৰ আদিত থকা আলংকৰিক মাছ উৎপাদন আৰু পালনৰ কেন্দ্ৰসমূহ আৰু গালিফ ষ্ট্ৰীটত থকা আলংকাৰিক মাছৰ বজাৰলৈ শিক্ষামূলক ভ্ৰমণৰ বাবে যায়। সেই ভ্ৰমণে পাৰ্থৰ আলংকৰিক মাছৰ পালন, প্ৰজনন সম্পৰ্কীয় জ্ঞানক অধিক সমৃদ্ধ কৰে। একেটা বৰ্ষতে হায়দৰাবাদত ৰাষ্ট্ৰীয় মীন উন্নয়ন নিগমে আয়োজন কৰা আন্ত:ৰাষ্ট্ৰীয় পৰ্য্যায়ৰ প্ৰথম আলংকৰিক মৎস্য বিপণন আৰু প্ৰদৰ্শন শাখাত পাৰ্থই অংশগ্ৰহণ কৰে। খলিহনা, ডঁৰিকনা, চেঙেলী আদিক একুৱাৰিয়ামত ৰাখি পাৰ্থই আন্ত:ৰাষ্ট্ৰীয় পৰ্য্যায়ৰ আলংকৰিক মৎস্য ব্যৱসায়ীক আকৰ্ষিত কৰিবলৈ সক্ষম হয়। পৰৱৰ্তী সময়ত তেওঁ প্ৰথম পৰ্য্যায়ত নগাঁও চহৰৰ হৰবৰগাঁৱৰে আলংকাৰিক মাছৰ পোনা উৎপাদন কেন্দ্ৰ আৰম্ভ কৰে। পাৰ্থক এই কামত উৎসাহিত কৰে ড০ বিনোদ কলিতা, ড০ সঞ্জয় শৰ্মা, কামেশ্বৰ কলিতা আদিয়ে। সম্প্ৰতি নগাঁও চহৰৰ নতুন বজাৰত পাৰ্থই আলংকৰিক মাছ, একুৱাৰিয়ামৰ বিক্ৰয় আৰু প্ৰদৰ্শন কেন্দ্ৰ আৰম্ভ কৰিছে। তদুপৰি তেওঁ ধিং শান্তিপুৰ চাৰিআলিৰ ভকতগাঁৱত একুৱাৰিয়াম মাছৰ এটা প্ৰকল্প স্থাপন কৰিছে। ৩ কঠা মাটিত স্থাপন কৰা এই প্ৰকল্পটোত ৪০ টা পকী টেংকী আছে। পাৰ্থৰথি হাজৰিকাই জনোৱা মতে, আলংকৰিক মাছৰ এই কেন্দ্ৰটোত ১৩ বিধ বিভিন্ন আলংকৰিক মাছ আছে। সেই মাছকেইবিধ হৈছে গ’লড ফিছ, কৈকাৰক, টিকলিড, এঞ্জেল, ৰেডকাপ, ব্লেক গ’লড, চোৱান কিং, মিল্কি কাপ, হোৱাইট মল্লিক, গ’লডেন মল্লিক, ব্লেক মল্লিক, প্লেটি আৰু গাপি। ইয়াৰ ভিতৰত হোৱাইট মল্লিক, ব্লেক মল্লিক, গ’লডেন মল্লিক, প্লেটি, গাপি আদিয়ে পোনপটীয়াকৈ পোৱালি জন্ম দিয়ে। গ’লড ফিছ, ৰেডকেপ, চোৱান কি, ব্লেক গ’লড আদি মাছে কণী পাৰি পোৱালি জন্ম দিয়ে, কিন্তু প্ৰতিপালন নকৰে। এঞ্জেল, চিকলিড আদি মাছে কণী পাৰি পোৱালি জন্ম দিয়ে আৰু ডাঙৰ দীঘলো কৰে। পাৰ্থই জনোৱা মতে, এই বৃহৎ প্ৰকল্পটোত তেওঁৰ ৩০ লক্ষাধিক টকা ব্যয় হৈছে। ইয়াৰে কিছু অংশ ধন তেওঁ ৰাজসাহাৰ্য্যৰ বাবদ মেৰাইন প্ৰডাক্ট এক্সপ’ৰ্ট ডেভেলপমেন্ট অথ’ৰিটীৰ পৰা লাভ কৰিছে।  এই প্ৰকল্পটোত স্থানীয় একাংশ যুৱকক প্ৰশিক্ষণ দিয়াৰ ব্যৱস্থাও কৰিছে তেওঁ। পাৰ্থৰ সপোন নগাঁও জিলাত এখন আলংকৰিক মাছৰ গাঁও স্থাপন কৰাৰ। পাৰ্থই জনোৱা মতে, অসমতো প্ৰতিমাহে কেইবা লাখ টকাৰ আলংকাৰিক মাছৰ বিপণন হয়। এই ব্যৱসায়টোৱে প্ৰতি বছৰে প্ৰসাৰতা লাভ কৰিয়েই আছে। একেদৰে আলংকৰিক মাছৰ খাদ্যৰ বাবে জলজ উদ্ভিদৰ খেতি কৰিও ব্যৱসায় কৰিব পাৰি। একুৱাৰিয়াম নিৰ্মাণো আন এক লাভজনক ব্যৱসায় বুলি তেওঁ কয়। প্ৰতি দেওবাৰে পাৰ্থৰথি হাজৰিকাৰ ধিঙত থকা প্ৰকল্পত প্ৰশিক্ষণ দি থকা যুৱকসকলৰ লগত তেওঁ আলোচনাত বহে। পাৰ্থৰ দৰে যুৱক-যুৱতীসকল এই দিশলৈ আগবাঢ়ি আহি প্ৰথমে কম পুঁজিৰে এই ব্যৱসায় আৰম্ভ কৰিব পাৰে। তদুপৰি একুৱাৰিয়াম নিৰ্মাণৰ জৰিয়তে তেওঁলোকে স্বাৱলম্বী হ’ব পাৰিব। পাৰ্থৰ ‘একুৱাৰিয়াম মিৰাকল’ এ আৰু অধিক সফলতা প্ৰসাৰতা লাভ কৰক; তাকেই কামনা কৰিলো।

লিখক: চন্দনজ্যোতি বৰা।

শেহতীয়া উন্নীতকৰণ: : 4/28/2020



© C–DAC.All content appearing on the vikaspedia portal is through collaborative effort of vikaspedia and its partners.We encourage you to use and share the content in a respectful and fair manner. Please leave all source links intact and adhere to applicable copyright and intellectual property guidelines and laws.
English to Hindi Transliterate